শ্ৰীধৰ চিল্লালৰ অভিলেখ

লেখক- অভিজিত দত্ত

বিদ্যালয়ৰ শিক্ষকজনৰ দীঘল নখটো শ্ৰীধৰৰ সমনীয়া এজনে ভাঙি দিলে। শিক্ষকজন খঙত ফাটি পৰিল। সমনীয়াজন আৰু শ্ৰীধৰক এই অপৰাধৰ বাবে কঠোৰ শাস্তি দিয়া হ’ল। শ্ৰীধৰ আচৰিত হ’ল। শিক্ষকজনৰ নখ এটাৰ বাবেই ইমান খং উঠিব লাগে নে? আচলতে কথাটোনো কি? শিক্ষকজনৰ নখটোৰ সতে আন কিবা ৰহস্য জড়িত হৈ আছে নেকি? শ্ৰীধৰে শিক্ষকক কথাটো সুধিবলৈ মন মেলিলে।
কথামতেই কাম। শ্ৰীধৰে ভঙা নখটোৰ কথা তেওঁক সুধিলে। তেওঁৰ নখ এটা ভাঙি যোৱা বাবে তেওঁনো কিয় শ্ৰীধৰ আৰু তেওঁৰ লগৰীয়াৰ ওপৰত খৰ্গহস্ত হৈ পৰিল, সেইয়া শ্ৰীধৰে জানিব বিচাৰিলে। শিক্ষকজনে শ্ৰীধৰক কলে যে নখ এটা দীঘল কৰিবলৈ কেনেধৰণৰ যতন লবলগীয়া হয়, সেইয়া শ্ৰীধৰহঁতে অনুমান কৰিব নোৱাৰে আৰু সেইবাবেই নখটো নোহোৱা বাবে তেওঁ কেনে কষ্ট পাইছে, সেইয়া তেওঁলোকে নুবুজিব। শ্ৰীধৰে কথাটো সঁচাকৈ নুবুজিলে। শ্ৰীধৰৰ মুখলৈ চাই শিক্ষকজনে আকৌ ক’লে যে যিহেতু শ্ৰীধৰে আজিলৈকে কোনো কাম গুৰুত্বসহকাৰে কৰা নাই, গতিকে এনেধৰণৰ কামৰ গুৰুত্ব তেওঁ কোনো কালেই অনুভৱ কৰিব নোৱাৰিব।
শ্ৰীধৰ আচৰিত হ’ল। এটা নখৰ বাবেও তেওঁ এনেকৈ কব পাৰেনে? শিক্ষকজনৰ কথাই তেওঁক জেদী কৰি তুলিলে। শ্ৰীধৰে সেই সময়তেই এক ডাঙৰ সিদ্ধান্ত ললে। শিক্ষকজনৰ দৰেই সেই তেতিয়াৰ পৰাই শ্ৰীধৰেও বাওঁহাতখনৰ নখ কটা সমূলি বাদ দিলে।
লাহে লাহে সময় বাগৰিল। শ্ৰীধৰে কিন্তু নখ নাকাটিলে। পৰিয়ালৰ লোকসকলে শ্ৰীধৰক নখ নকটা বাবে তিৰস্কাৰ কৰিলে। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰাও তেওঁ তিৰস্কৃত হ’ল। পৰিয়াল-পৰিজন তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁৰ নখৰ প্ৰতি থকা এই মোহক এক ঘৃণা লগা কাৰবাৰ বুলি অভিহিত কৰিলে।
লাহে লাহে নখকেইটাৰ বাবে শ্ৰীধৰৰ সমস্যা বাঢ়ি আহিল। শিক্ষা সমাপ্ত কৰি জীৱিকাৰ সন্ধানত তেওঁ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত তাঁতবাতি কাঢ়িও জীৱিকাৰ একো সন্ধান নাপালে। বিভিন্ন প্ৰতিষ্ঠানত তেওঁৰ নখকেইটাৰ বাবে তেওঁক নিযুক্তি দিয়া নহ’ল। ইফালে পৰিয়ালৰ মানুহবোৰেও তেওঁক লেতেৰা বুলি সম্পূৰ্ণৰূপে উপেক্ষা কৰিলে। তেওঁৰ চোলা-কাপোৰ আদিও পৰিয়ালৰ মানুহে ধুই নিদিয়া হ’ল। দীঘল নখকেইটা লৈ তেওঁ অসম্ভৱ যন্ত্ৰণা সহি নিজৰ কাম কৰি গ’ল।
শ্ৰীধৰৰ নখৰ বাবে হাজাৰটা সমস্যাৰ সৃষ্টি হ’ল। শ্ৰীধৰ কিন্তু নাচোৰবান্দা। যিয়েই নহওক, তেওঁ নখ নাকাটে। শ্ৰীধৰৰ বিয়াৰ বয়স হৈ আহিল। এইবাৰ তেওঁৰ বাবে আন এক সমস্যাই দেখা দিলে। ক’ৰবাত কোনো এগৰাকী ছোৱালী পছন্দ হ’লেও তেওঁৰ নখ কেইটি বিয়া পতাৰ ক্ষেত্ৰত অন্তৰায় হৈ পৰিল। ক’ৰবাত যদি ছোৱালীজনী তেওঁৰ সতে বিয়াত বহাৰ সন্মতি দিয়ে, ছোৱালীৰ পৰিয়ালৰ লোকে তেওঁৰ নখকেইটা দেখি সেই বিয়া নাকচ কৰে। ক’ৰবাত আকৌ পৰিয়ালে সন্মতি প্ৰদান কৰিলেও ছোৱালী বিয়াত বহিবলৈ ৰাজী নহয়। অৱশেষত তেওঁ জ্যেষ্ঠ ভাতৃৰ খুলশালী এজনীৰ সতে বিয়াত বহিল। সেই সময়ত শ্ৰীধৰৰ বয়স উনত্ৰিশ বছৰ।
এইবোৰ মানুহজন মানে শ্ৰীধৰ চিল্লালে নিজে কোৱা কথা। মহাৰাষ্ট্ৰৰ পুনা চহৰত বাস কৰা বিৰাশী বছৰীয়া তেওঁ শ্ৰীধৰ চিল্লাল।
শ্ৰীধৰ চিল্লালৰ বয়স বাঢ়ি আহিল। কালক্ৰমত তেওঁ দুই সন্তানৰ পিতৃ হ’ল। জীৱিকা হিচাপে তেওঁ বাচি ললে ফটোগ্ৰাফী। নখকেইটাৰ ভৰত তেওঁৰ বাওঁহাতখন প্ৰায় অকামিলা হৈ পৰিল। হয়তো নখ কটাৰ কথা ভাৱিলেই শ্ৰীধৰ চিল্লালৰ মনত শিক্ষকজনৰ কথাই ৰেখাপাত কৰি থাকিল আৰু সেই কথাই তেওঁক নখ কটাৰ পৰা বাৰণ কৰিলে।
চিল্লালৰ নখবোৰ বাঢ়ি আহিল। তেওঁৰ নখবোৰৰ দৈৰ্ঘ্য হ’ল প্ৰায় ৯০৯.৬ ছেণ্টিমিটাৰ। ১৯৫১ চনত তেওঁৰ বয়স আছিল প্ৰায় পোন্ধৰ বছৰ। সেই তেতিয়াই তেওঁ শেষবাৰৰ বাবে নখ কাটিছিল। এতিয়া সেই নখবোৰ তিনিমহলীয়া অট্টালিকা এটাৰ সমান হৈছেগৈ। পৃথিৱীৰ সবাতোকৈ দীঘল নখৰ অধিকাৰী বুলি ‘গিনিজ বুক’ত শ্ৰীধৰ চিল্লালৰ নামটো অন্তৰ্ভুক্ত কৰা হ’ল। শ্ৰীধৰ চিল্লালৰ কষ্ট সাৰ্থক হ’ল। তেওঁ নিজৰ অভিব্যক্তি এনেদৰে প্ৰকাশ কৰিলে,

: গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে স্বীকৃতি দিয়াৰ পিছত মই জীৱনৰ সৰ্বোত্তম লক্ষ্যত উপনীত হোৱা যেন অনুভৱ কৰিলোঁ।

পিছে বয়স বঢ়াৰ লগে লগে নখবোৰ ৰাখিবলৈ শ্ৰীধৰ চিল্লালৰ দেহাটোৱে লাহে লাহে সক্ষমতা হেৰুৱালে। বিৰাশী বছৰীয়া দেহাটোৰ নখবোৰ থকা তেওঁৰ বাওঁহাতখন এই নখৰ ভৰতেই প্ৰায় অকামিলা হৈ পৰিছিল। এইবাৰ তেওঁৰ দেহাটোৱে এই নখৰ বোজা কঢ়িয়াবলৈ অক্ষম হৈ পৰিল।
অৱশেষত ষাঠি বছৰতকৈও অধিক কালৰ পিছত শ্ৰীধৰ চিল্লালে তেওঁৰ নখকেইটা কাটিবলৈ মন মেলিলে। অৰ্থাৎ প্ৰায় পোন্ধৰ বছৰৰ পৰাই নখ কাটিবলৈ এৰা চিল্লালে এইবাৰ নখবোৰ কাটিব। পিছে এই নখৰ বাবেই জীৱনটোত তেওঁৰ কম নগুৰ-নাকটি হৈছে নে? নখবোৰ যদি সংৰক্ষণ কৰিবই নোৱাৰি, তেওঁনো কিয় নখবোৰ ৰাখিলে? সেয়েহে তেওঁ নখ কটাৰ আগেয়ে তেওঁৰ নখবোৰ সংৰক্ষণ কৰাৰ কথা ভাবিলে।
পৃথিৱীৰ বিভিন্ন আশ্চৰ্যকৰ বস্তু সংৰক্ষণ কৰি থোৱা ৰবাৰ্ট ৰিপলি নামৰ মানুহ এজনে প্ৰতিষ্ঠা কৰা ‘ৰিপলি’জ বিলিভ অৰ নট!’ Ripley’s Believe or Not! ) নামৰ প্ৰতিষ্ঠানটোৰ সতে শ্ৰীধৰ চিল্লালে যোগাযোগ কৰিলে। প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাসকলেও কথাটো শুনি বৰ ৰস পালে। এইয়া তেওঁলোকৰ বাবে এক সংৰক্ষণ কৰিবলগীয়া সম্পদ। শ্ৰীধৰ চিল্লালৰ অনুৰোধক সঁহাৰি জনাই ‘ৰিপলি’জ বিলিভ অৰ নট!’ -এ তেওঁৰ নখবোৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰিব বুলি তেওঁক প্ৰতিশ্ৰুতি দিলে।
২০১৮ চনত শ্ৰীধৰ চিল্লাল আমেৰিকাত উপস্থিত হ’লগৈ। শ্ৰীধৰ চিল্লালৰ নখ কটাৰ বাবে প্ৰতিষ্ঠানটোৱে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিলে। এই অনুষ্ঠানটিতেই শ্ৰীধৰ চিল্লালৰ নখবোৰ কটা হ’ল।
পৰবৰ্তী পৰ্যায়ত শ্ৰীধৰ চিল্লালৰ নখবোৰ আমেৰিকাৰ নিউয়ৰ্ক আৰু আৰ্মষ্টাৰডামৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰা হ’ল।
এনেদৰে জেদ এটাৰ বশবৰ্তী হৈয়েই সৌ সিদিনা অৰ্থাৎ ২০১৮ চনত শ্ৰীধৰ চিল্লাল আৰু তেওঁৰ নখবোৰে বিশ্ববাসীৰ আগত স্বীকৃতি লাভ কৰিলে।
বাওঁহাত অৰ্থাৎ এখন হাতত থকা সবাতোকৈ দীঘল নখৰ গৰাকী হিচাপে চিহ্নিত হৈ ৰ’ল ভাৰতবৰ্ষৰ পুনা চহৰৰ শ্ৰীধৰ চিল্লাল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments