সমগ্ৰ অৰণ্যই তোমাক মাতিছে, সমগ্ৰ চৰায়ে আজি কান্দিছে, তুমি এবাৰ উঠা সুন্দৰলাল

লেখক- মানস প্ৰতিম দত্ত

১৯২৭ চনৰ ৯ জানুৱাৰী তাৰিখে উত্তৰাখণ্ডৰ মৰোডাত জন্মলাভ কৰা পৰিৱেশ কৰ্মী সুন্দৰলাল বহুগুণাই ২১ মে’ ২০২১ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি শোক প্ৰকাশ কৰিছোঁ। চিপকো আন্দোলন আৰু তেহৰী বান্ধ বিৰোধী আন্দোলনৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আন্দোলনক এক নতুন গতি দিয়া পৰিৱেশ কৰ্মীজনৰ মৃত্যু সমগ্ৰ বিশ্বৰ বাবে অপূৰণীয় ক্ষতি।
বিমলা বহুগুণাৰ সৈতে সুন্দৰলাল বহুগুণাই এটা চৰ্তত বিবাহপাশত আৱদ্ধ হৈছিল। সেই চৰ্ত আছিল যে তেওঁ গাঁৱতে বাস কৰিব আৰু তাত এখন আশ্ৰম খুলিব। মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত সুন্দৰলাল বহুগুণাই খোজ কাঢ়ি, পদযাত্ৰা কৰি ভাল পাইছিল।
১৯৮৬ চনত জম্নলাল বাজাজ বঁটা, ১৯৮৭ চনত ৰাইট লাইভলিহোড বঁটা, ১৯৮৯ চনত আই আই টি ৰুৰকিৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু ২০০৯ চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত হৈছিল পৰিৱেশকৰ্মীগৰাকী। ১৯৮১ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল যদিও তেওঁ সেই সন্মান প্ৰত্যাখান কৰিছিল।
প্ৰকৃতি প্ৰেমৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমে আহে চিপকো আন্দোলনৰ কথা। চিপকো শব্দৰ অৰ্থ হ’ল সাৱটি ধৰা। সত্তৰ দশকত আৰম্ভ হোৱা এই আন্দোলন কেৱল এক আন্দোলন নহয়, ই ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক শিকাই যোৱা প্ৰকৃতি প্ৰেমৰ আদিপাঠ। সেই সময়ৰ অবিভক্ত উত্তৰ প্ৰদেশৰ তথা বৰ্তমানৰ উত্তৰাঞ্চলৰ এখন ৰেণী গাঁৱৰ গাঁওবাসীয়ে ওচৰৰ অৰণ্যৰপৰা খৰি, ফলমূল আদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছিল। এবাৰ এজন ঠিকাদাৰে সেই অৰণ্যৰপৰা গছ কাটিবলৈ আহোঁতে গাঁৱৰ মহিলামণ্ডলে গৌৰা দেৱীৰ নেতৃত্বত গছবোৰ সাৱটি ধৰি থাকিল আৰু গছবোৰ কটাত বাধা দিলে। ফলত ঠিকাদাৰ উভতি যাবলৈ বাধ্য হ’ল। চিপকো আন্দোলনৰ দৰেই অন্য এক আন্দোলন হৈছিল ১৮শতিকাত, ৰাজস্থানৰ প্ৰসন্ন খামকাৰ গাঁৱত। ৰজাই এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হোৱাত বিষ্ণৈ সম্প্ৰদায় বাস কৰা গাঁওখনৰ কাষৰ অৰণ্যৰপৰা গছ কাটিবলৈ নিৰ্দেশ দিছিল। কিন্তু গাঁৱৰ মানুহে অমৃতা দেৱীৰ নেতৃত্বত গছবোৰ বচাবলৈ গছবোৰ সাৱটি ধৰি আছিল। ফলত গছ কাটিবলৈ অহা সৈন্য-সামান্ত সেই ঠাইৰপৰা উভতি যাবলগীয়া হৈছিল। এই কাৰ্যত ৰজাৰ খং উঠিল আৰু তেওঁ যেনেকৈ নহ’লেও গছ কাটি কাঠ আনিবলৈ নিৰ্দেশ দিয়ে। উপায়হীন সৈন্য বাহিনীয়ে গাঁওবাসীক আক্ৰমণ কৰে আৰু প্ৰায় ৩৬৩ গৰাকী বিষ্ণৈ সম্প্ৰদায়ৰ আবাসীয়ে খেজৰী গছ ৰক্ষা কৰি প্ৰাণ দিবলগীয়া হৈছিল।
১৯৭৩ চনত সুন্দৰলাল বহুগুণাৰ নেতৃত্বত চিপকো আন্দোলনে নতুন ৰূপ লাভ কৰে। হিমালয়ত অবাধ বনধ্বংসৰ প্ৰতিবাদত সুন্দৰলাল বহুগুণাই পদযাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাই সমগ্ৰ দেশতে পৰিৱেশ সুৰক্ষাৰ এক নৱজাগৰণ আনে। সেই যাত্ৰাত লোক কবি ঘনশ্যাম মইলানিৰ বিখ্যাত ‘বননিক ৰক্ষা কৰা, নতুনকৈ গছ ৰোৱা, নতুন বননি সৃষ্টি কৰা’ গীতটো গোৱা হৈছিল।
ইয়াৰ উপৰি তেখেতে তেহৰী বান্ধৰ বিপক্ষে এক প্ৰবল গণ আন্দোলন গঢ়ি তুলিছিল। তেওঁ স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ৰ সত্যাগ্ৰহীসকলৰ এজন অন্যতম নেতা আছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!