এনেকৈয়ো জীৱন

লেখক- মৌচুমী হাজৰিকা

মাকে হৰেন অহাৰ উমান পায় আগতেই ভৰাই থোৱা পানীৰ টিংটো আনি দি জপনাখন খুলি তাৰ ওচৰত থৈ খেৰৰ মুঠিটোত জুই লগাই দিলে। সি হৰ হৰকৈ পানী টিং গাত ঢালিলে।
জুইৰ পোহৰত তাৰ মুখখন দেখি মাকৰ কলিজাটো তেনেই মোচৰ খালে। শৰীৰৰ নামত জঁকাটোহে আছেগৈ। চাৰিটাকৈ ল’ৰাৰ মাজত সিহে বাচিছিল। বাকি তিনিজনী ছোৱালী। ল’ৰা বুলি আদৰটো অলপ বেছিকৈয়ে পাইছিল। দেউতাক জীয়াই থকালৈকে সি আৰামতেই আছিল। দেউতাক ঢুকুৱাৰ পাছৰে পৰা তাৰ বাঢ়ি অহা সংসাৰ খনৰ বোজাটো ব’বলে তাৰ বৰ কষ্ট হৈছে।
অলপ দিনৰ আগলৈকে সি গাঁৱৰ চহকী মানুহ কেইঘৰৰ বৰ দৰকাৰী মানুহেই আছিল। হৰেন চিলিণ্ডাৰটো আনি দে…. মৰণাটো ঘূৰাই দিবি….. খৰিকেইডাল ফালি দিবি ইত্যাদি কামবোৰৰ নামত দহ -বিশ টকা হাতত গুজি দিছিল। সেইকেইটা টকাৰে তাৰ মদৰ যোগাৰটো হয় যেনে তেনে। লাহে লাহে তাৰ শৰীৰৰটো দুৰ্বল হৈ আহিল। গাঁৱৰ মানুহেও মদাহী বুলি তাক ওচৰকে চাপিবলৈ নিদিয়া হ’ল। কিন্তু অলপ দিনৰ পৰা আকৌ এই এলাগী মদাহী মানুহটো বৰ দৰকাৰী হৈ পৰিছে।
আজিও তাক মাতি নিছিল। আজিকালি সিয়ো বুজি পোৱা হৈছে কথাবোৰ। আজি তাক মাতিবলৈ আহোঁতে সি আগতে তাক লগা টকাৰ পৰিমাণটো কৈ দিছিল। দিম বুলি তাক লৈগৈছিল। উপায় যে নাই। আজি কালি সিহঁতৰ গাঁৱত এইবোৰ কামকৰা মানুহ নোহোৱা হৈছে। আগতে দেউতাকৰ দিনত সকলো মানুহে মিলি ঘৰখন উদ্ধাৰ কৰিছিল। কিন্তু এতিয়া নতুন চামে এই কামৰ পৰা গা এৰা দিবলৈ লৈছে। যাত্ৰাত লগ দিয়ে কিন্তু শেষলৈকে কোনো নাথাকে। এতিয়া কৰ’ণা বেমাৰটো ওলোৱাৰ পৰাটো আৰু বেছি হৈছে। অকলে অকলে এই কাম কৰিবলৈ তাৰ বেয়া লাগে কিন্তু উপায় নাই। মানুহজনীয়েনো অত ত’ত কাম কৰি ঘৰখন কিমান চলাব!
মাকে ক’লে …..
: সেক সেক ভালকৈ ভৰিদুখন সেকি শিলটোত লগায় দে।
সি গাটো ভালকৈ সেকি ভিতৰলৈ সোমাই যায়। আজি সি একো নাখায়। এটা বটল শেষ কৰি শুই থাকিব। দুকোঠলিয়া ঘৰটো একেবাৰে উৱঁলি গৈছে। এনেকুৱা কেইটামান কাম পালে সি ঘৰটোৰ কথা ভাবিব পৰা হ’ব। উস্ কাৰোবাৰ দুখে তালৈ সুখ আনিব। কি যে দিন আহিল!
ঘৈণীয়েকে পাকঘৰ সামৰি আহি তাৰ ওচৰত ৰ’ল। সি তাই অহালৈ ৰৈ আছিল। টকাখিনি তাইৰ হাতত দি ক’লে ….
: পুৰা পাচঁ হাজাৰ আছে। থৈ দিবি ঘৰটো মেৰামতি কৰিব লাগিব যদি আৰু কেইটামান কাম পাওঁ।

: আৰু নালাগে দে যাব এইবোৰ কৰিবলৈ। আমি এনেকৈয়ে চলিম।
: কিয়? মই জানো কিবা বেয়া কাম কৰিছোঁ! ঘৰখন উদ্ধাৰহে কৰিছোঁ। তই দেখোন নিজে দেখিছিলি চলিহা খুৰা ঢুকাওতে ঘৰখনৰ কি অবস্থা হৈছিল। মই নকৰিলে কোনে কৰিলেহেঁতেন। অৱশ্যে মই পইচা কেইটা ল’ব নালাগিছিল। কিন্তু চলিহা খুৰাৰ ল’ৰাটোৱে হাতত পইচা কেইটা গুজি দিয়াৰ পাছৰ পৰাই আৰম্ভ হ’ল। তহঁতৰ পেটৰ জুইবোৰতকৈ চিতাৰ জুইকে সহিব পাৰোঁ দেখোন। একো নহয় দে।
অকণমান ৰৈ সি আকৌ ক’লে…..

: কিয় তোক মানুহে চণ্ডালৰ ঘৈণীয়েক বুলি ক’লে লাজ লাগিব নেকি? আজি কালি চহৰতে ভাল। কিবা বোলে মেচিন ওলাইছে …..

তাই একো উত্তৰ নিদিলে। তাৰ কথাবোৰ অস্পষ্ট হৈ আহিল। সি তেনেকৈয়ে ভোৰভোৰাই ভোৰভোৰাই শুই পৰিল।
তাই তাৰ ফালে চাই থাকিল। মনত অযুত কথাই গুজৰি গুমৰি থাকিল। শুই থকা মানুহটোলৈ চাই তাই ভাবি থাকিল এই অদৰকাৰী মানুহটো বা আকৌ কেতিয়া কাৰ দৰকাৰী হৈ পৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments