অভাৱ

লেখক- ৰূপালীম মহন্ত

প্ৰফাইল ফটোখনৰ ছোৱালীজনী অতিপাত ধুনীয়া নহ’লেও সুস্বাস্থ্যৰ অধিকাৰী। হালধীয়াৰ ওপৰত সেউজীয়া অকণি অকণি ফুল থকা দীঘল ফ্ৰক এটা পিন্ধি, ষ্ট্ৰিক্ কৰা পোন চুলিখিনি মেলি হাঁহি আছে তাই। তিৰবিৰাই থকা চকুযুৰিত যেন অফুৰন্ত স্পৃহা।
একেথৰে তাইলৈ বহুপৰ চাই থাকি নিলাঞ্জনাই মোবাইলটো বন্ধ কৰি দিলে। অলপ আগতে তাইৰ একালৰ সহপাঠী মূৰ্ছনাৰ গোটেই টাইম লাইনটো তাই চাই পেলাইছিল, আৰু চাই লৈ প্ৰথমে অবাক, তাৰ পিছত চূড়ান্তভাৱে হতাশ হৈ পৰিছিল।
এসময়ৰ পঢ়া শুনাত মধ্যমীয়া, মোটামুটি চেহেৰাৰ মূৰ্ছনা এতিয়া এটা ষ্টাৰ্ট-আপ কোম্পানীৰ স্বত্বাধিকাৰী। তেত্ৰিশ বছৰীয়া ছোৱালীজনী এজনৰ বাকদত্তা, কিন্তু সেয়াই তাইৰ পৰিচয় নহয়। কৰ্মজীৱনৰ কৃতিত্বৰ উপৰিও ভৰপূৰ এক জীৱন। বন্ধু-বান্ধৱ, পৰিয়াল বা ভাবি স্বামীৰ লগত সময় পালেই গোটেই দুনীয়া ভ্ৰমি ফুৰে। বিভিন্ন ফটো, কেপশ্যন, ষ্টেটাছ আপডেট। কোনো হিমশীতল হিল-ষ্টেশ্যন বা উত্তাল সমুদ্ৰ তীৰত তাইৰ অকলশৰীয়াকৈ কৰা ভ্ৰমণৰ ফটোও নিলাই দেখিবলৈ পালে।
”দেখিতো সুখী যেনেই লাগিছে। ভিতৰি কি অৱশ্যে কোৱা নাযায়।” নিলাই স্বগতোক্তি কৰিলে।
”পিছে এইবোৰ নকৰিও মই নিজেনো ক’ৰ সুখৰ পাহাৰত বহি আছোঁ। তাই যে অন্তত কিবা কিবি এটা কৰিছেই।” পিছমুহূৰ্ততে নিলাই হুমুনিয়াহ কাঢ়িলে।
মূৰ্ছনাৰ জীৱনত আন একো নহ’লেও নিজস্বতাখিনিতো আছে।
ৰক্ষণশীল পৰিয়ালৰ ছোৱালী নিলাই যথেষ্ট ভাল ফলাফল দেখুৱাই মেট্ৰিকৰ দেওনা পাৰ কৰি যেতিয়া বিজ্ঞান শাখাত পঢ়িব বিচাৰিছিল দেউতাকে একে আষাৰে না কৰিছিল।
”চায়েন্স পঢ়ি কিহৰ ডাক্তৰ ইঞ্জিনিয়াৰ হ’বি? ছোৱালী কলেজত আৰ্টছ পঢ়িবি, থ।”
আৰ্টছ পঢ়ি ভাল ফলাফল দেখুৱাইছিল তাই। উচ্চ-শিক্ষাৰ কথা কওঁতে মাকে কৈছিল, “সেইবোৰ হৈ থাকিব বাৰু। আমি এতিয়া বেলেগ চিন্তাহে কৰিছোঁ তোক লৈ। পঢ়িলে বিয়াৰ পিছত পঢ়িবি।”
কেৱল পঢ়া বুলিয়েই নহয়, চাকৰি কৰোঁ বুলি অ’ত ত’ত দৰ্খাস্ত পঠিওৱা নিলাক ঘৰত স্পষ্টকৈ কৈ দিয়া হৈছিল,
”চাকৰি কৰ, পৰীক্ষা দিয়, মাষ্টৰণী হৱ, যি মন শহুৰৰ ঘৰত গৈ হ’বিগৈ। তেওঁলোকে তোক অনুমতি দিলে যি ইচ্ছা কৰি থাকিবি। কিন্তু গাভৰু ছোৱালী গলত বান্ধি চাকৰি কৰোৱাৰ ৰিস্ক আমি অন্তত ল’ব নোৱাৰো।”
লোৱাও নাছিল সঁচা। সম্ভ্ৰান্ত পৰিয়ালৰ সুযোগ্য সন্তান স্বপ্নাভৰ প্ৰস্তাৱ অহাৰ পিছত ঘৰখনে নিলাৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব দিয়াৰ অনাড়ম্বৰ কৰি যথেষ্ট আড়ম্বৰপূৰ্ণ ভাবে কন্যাদান কৰিছিল।
নিলাৰ ক’বলগীয়া বিশেষ নাছিল। চিৰকাল কঠোৰ অনুশাসনৰ মাজত থকা নিলাই কোনোদিনে মুকলি মনেৰে বন্ধু-বান্ধৱৰ লগত মিলা মিছা কৰিবলৈ অনুমতি পোৱা নাছিল, ফুৰা চকা কৰা দূৰৰে কথা।
কলেজ এস্কাৰশ্যনেই হওক বা বন্ধুৰ আউটিং, পৰিয়ালৰ অনুষ্ঠানৰ বাহিৰে এইবোৰলৈ যোৱাৰ প্ৰশ্নই উঠা নাছিল নিলাৰ ক্ষেত্ৰত। কেতিয়াবা তাই আফচোচ কৰিলেও মাকে এটা কথাই কৈছিল,
”য’ত ফুৰ, যেনেকৈ ফুৰ গিৰীয়েৰৰ লগত ফুৰিবি। বিয়াৰ পিছত।”
মনৰ আশাবোৰ মুচৰি তেনেকৈয়ে বিয়া হৈছিল নিলা। স্বপ্নাভক লগ পাই বেছ ভাল লাগিছিল তাইৰ। উচ্চ শিক্ষিত, যথেষ্ট আধুনিক চিন্তাধাৰাৰ স্বপ্নাভক পাই তাইৰ মনত কিঞ্চিত আশাৰ সঞ্চাৰ হৈছিল, “বিয়াৰ পিছত হ’লেও এই বাধা নিষেধৰ পৃথিৱীখনৰ পৰা মুক্তি পাম।”
কথাই বতৰাই স্মাৰ্ট, ব্যক্তিত্বসম্পন্ন স্বপ্নাভে তাই কৈছিল,
”আমাৰ ঘৰত আহি তুমি বোৱাৰী নহয়, ছোৱালীৰ মৰম পাবা মা-দেউতাৰ পৰা। আমাৰ পৰিয়াল যথেষ্ট শিক্ষিত, টকা পইচা একোৰেই অভাৱ নাই। চাবাচোন কিমান মৰম, কিমান আদৰ পাবা। তোমাক আৰু জীৱনত একো বস্তুৰেই প্ৰয়োজন নহ’ব।”
বুকুত অশেষ সপোন বান্ধি তাই স্বপ্নাভৰ ঘৰৰ দুৱাৰ-দলি গচকিছিল। মনত অলেখ আকাংক্ষা ঘৰখনৰ মৰম বুটলি আধৰুৱা পঢ়া-শুনাখিনি শেষ কৰিব, নিজৰ জীৱনটো গঢ়ি তুলিব। মনৰ পছন্দৰ ঠাইত ফুৰিব, নিজৰ ভাল লগা কাপোৰ সাজ পিন্ধিব। অতদিনে বান্ধি থোৱা পাখি দুখন স্বপ্নাভৰ ঘৰত খোল খাব।
বিয়াৰ প্ৰথম কেইদিন তাইৰ বহুত ভাল লাগিছিল। শাহু-শহুৰ, স্বপ্নাভে তাইক মৰমেৰে উপচাই ৰাখিছিল। বোৱাৰী বুলি তাইৰ ওপৰত কোনো কামৰ বোজা জাপি দিয়া নাছিল, বৰঞ্চ হাঁহি ফুৰ্তিৰে তাইৰ মন ভৰাই ৰাখিছিল। তাই যথেষ্ট মুকলি অনুভৱ কৰিছিল।
কিন্ত লাহে লাহে এই সুখবোৰৰ মাজেৰে আন এখন ছবি স্পষ্ট হৈ উঠিছিল। অদৃশ্য এক বান্ধোনৰ কবলত তাই সাঙোৰ খাই পৰিছিল। প্ৰথমেই মিঠা মুখীয়া শাহুৱেকে নিষেধাজ্ঞা জাৰি কৰিছিল তাইৰ পিন্ধন উৰণৰ চখ কণত। স্বপ্নাভে কৈছিল,
”একো নহয় দিয়া। হাজাৰ হ’লেও মাহঁত আগৰ যুগৰ মানুহ। মোৰ একো আপত্তি নাই তুমি যিয়েই পিন্ধা। কিন্তু মাহঁতৰ মন যোগাই চলিব পাৰিলে আমাৰ দুয়োৰেই ভাল লাগিব নহয় জানো? আচলতে ঘৰৰ বোৱাৰীজনীক কোনোবাই কিবা কৈ দিব বুলি মাহঁতে ভয় কৰে জানা? দেখিছা কিমান চিন্তা তোমাক লৈ?”
স্বপ্নাভৰ মৰম সনা আব্দাৰখিনিত গলি গৈছিল নিলা।
”কাপোৰ-কানিনো কি বস্তু? আচল কথা মৰমখিনিহে।” মনটোক বুজনি দি তাই লাহে লাহে ঘৰখনৰ ইচ্ছা অনুযায়ী নিজকে ঢাল খুৱাই লৈছিল।
লাহে লাহে স্বপ্নাভৰ ব্যস্ততা বাঢ়িছিল। নতুন বোৱাৰী পুৰণি হৈছিল। ইয়াৰ মাজত নিলাই নিজৰ প্ৰয়োজনতো ঘৰখনৰ পৰা অকলে ওলাই সোমাই ফুৰা কথাটোলৈ জাৰী কৰা হৈছিল আন এক নিষেধাজ্ঞা।
”বাহিৰত দিন কাল ভাল নহয়। অকলে ক’লৈকো নালাগে যাব। য’লৈ যোৱা বাবাক ক’বা, সি লৈ যাব। আন কথা নহয়, তোমাৰ নিজৰ সুৰক্ষাৰ কাৰণেই কৈছোঁ। আৰু ঘৰখনত নো তোমাৰ কি অভাৱ বাহীৰখন ভ্ৰমি ফুৰিবলৈ?” শাহুৱেকৰ কথাখিনিৰ মৃদুভাষী নিলাই উত্তৰ দিব পৰা নাছিল।
স্বপ্নাভ বা শাহুৱেক অবিহনে তাই ক’তো এখোজো দিব পৰাৰ সুবিধা হেৰুৱাইছিল।
অন্তৰংগ মুহূৰ্তবোৰত অভিযোগ কৰিলে স্বপ্নাভে একেটা কথাই কৈছিল,
”বেবী, মই আছোঁ নহয়। তুমি অকলে কিয় ঘূৰি ফুৰিব লাগিছে? মোক ক’বা, যি লাগে তোমাৰ সমুখত আনি হাজিৰ কৰি দিম। কি অভাৱ আছে ইয়াত? আৰু ঘৰলৈ যাবলৈ মন গ’লে বা ফুৰিবলৈ ইচ্ছা হ’লে লগত যাম নহয় আমি, তোমাৰ কাৰণে সকলো বাদ।” বাকপটু স্বপ্নাভৰ কথা আৰু মৰমৰ চুমাবোৰে নিলাক জব্দ কৰি পেলাইছিল।
সঁচাই একোৰেই অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ ৰাখিছিল স্বপ্নাভে তাইক।
গহনা-গাঁঠৰি, দামী কাপোৰৰে ঠাহ খাই থাকে তাইৰ আলমাৰী। প্ৰসাধন, দামী পাৰ্ফিউম পলকতে আনি দিয়ে। চৌখিন ৰেষ্টুৰেণ্টত খুৱায়, দামী গাড়ীত ফুৰায়। কোনোদিনে গালি-শপনি বা কটু কথা এষাৰ কৈ পোৱা নাই। সকলো প্ৰয়োজন পুৰায়।
শাহুৱেক-শহুৰেকেও মৰমৰে উপচাই ৰাখে তাইক। বিয়াৰ পিছতে, তাইৰ প্ৰথমটো জন্মদিনত ডাঙৰকৈ পাৰ্টি পাতি মানুহ মাতি খুৱাইছিল। কেক আনি ফুৰ্তি কৰিছিল। শাহুৱেকে সকলোৰে সমুখত উপহাৰ দি তাইক অভিভূত কৰিছিল।
তাইৰ জন্মদাত্ৰী মাকহঁতেও গৌৰৱ আৰু আনন্দত তাইক কৈছিল,
”ভাল কপাল তোৰ। এনেকুৱা উদাৰ পৰিয়াল পাইছ। আৰু কি লাগে?”
অলপ দিন পিছত লাহেকৈ নিলাই চাকৰিৰ কথাটো উলিয়াইছিল। শাহুৱেকে হাঁহিৰে উৰাই দিছিল তাইৰ অনুৰোধ,
”চাকৰি? তোমাক আকৌ কিহ’লৈ চাকৰি লাগে? আমাৰ ঘৰখনত খাই ঢুকুৱাব নোৱাৰাকৈ সমল আছে। তুমি লটি-ঘটিখন খাই মিছাই কষ্ট কৰিব নালাগে দেই।”
স্বপ্নাভেও কৈছিল,
”কিয় লাগে নো চাকৰি কৰিব নিলা? তোমাৰ কিহৰ অভাৱ? চব দেখোন মই দিওঁৱেই। আৰু যদি আমনি লাগিছে বুলি কৈছা, তেন্তে আজৰি সময়বোৰত ৰন্ধা-বঢ়া শিকা, চিলাই কৰা, মাহঁতক সময় দিয়াচোন। দুদিন পিছত আমাৰ সংসাৰ বাঢ়িব। ক’ত সময়বোৰ পাৰ হৈ যাব গমেই নাপাবা। “
মাকহঁতেও তাইক বুজাইছিল,
”কিনো চাকৰি চাকৰি কৰি থাক অ? সেইখন ঘৰত কি নিদিয়াকৈ আছে তোক তেওঁলোকে? জোঁৱাইক ৰুষ্ট নকৰিবি।”
কষ্ট পালেও নিলাই একো ক’ব পৰা নাছিল। স্বপ্নাভেও তাইক সুৰুঙা দিয়া নাছিল। মন ভাল লগাবলৈ তাইক কুলু-মনালীৰ পৰা এপাক ফুৰায়ো আনিছিল।
ফুৰি চাকি আহি নিলা প্ৰেগনেণ্ট হৈছিল। প্ৰথমে মুগ্ধা আৰু তাৰ পিছত মৌচুম আহিছিল সিহঁতৰ জীৱনলৈ। তাই ব্যস্ত হৈ পৰিছিল সংসাৰৰ মেৰ-পাকত। চাকৰি বা নিজৰ চখৰ কথা ভাবিবলৈ তাই বাদ দিছিল। ইচ্ছা অনিচ্ছা, নিজক লৈ দেখা সপোনবোৰক চাৰ্টিফিকেটৰ লগত এচুকৰ পেটাৰীটোত যেন বন্ধ কৰি থৈ দিছিল।
মাজতে দেউতাকৰ অসুখৰ সময়ত স্বপ্নাভ ঘৰত নথকা বাবেই তাই ঘৰলৈ যাব নোৱাৰিলে। শহুৰেকে কৈছিল, “পিছত যাবা দিয়া। আমাৰ বাবাই তোমালোকৰ ঘৰলৈ পইচা পঠিয়াই দিছে নহয়।”
তাইৰ পৰিয়াল বৰ্গও স্বপ্নাভৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰিছিল। এনেকুৱা মুকুতা হেন জোঁৱাই। নিলাৰ ঘৰলৈ যাবলৈ নোপোৱাৰ দুখখিনি, দেউতাকক গৈ শুশ্ৰূষা কৰিবলৈ নোপোৱাৰ ক্ষোভখিনি কোনেও দেখা পোৱা নাছিল। স্বপ্নাভৰ তুলনাত নিজৰ মাক দেউতাকৰ চকুত তাইৰ অনুপস্থিতি মূল্যহীন হৈ পৰিছিল।
তথাপিও নিলাই আজি বাৰ বছৰে সংসাৰখনৰ খাতিৰত সকলো মানি চলি আছে। পোৱাখিনিকেই সাৱটি জীৱনটো পৰিপূৰ্ণ বুলি মানি সুখী থকাৰ প্ৰয়াস কৰিছে। মাজে মাজে কিছু হাবিয়াসে উকমুকনি দিয়ে সঁচা, কিন্ত সকলোৰে শান্তিৰ খাতিৰত তাই সেইখিনি চেপি খুন্দি ৰাখি থৈ দিয়ে।
মূৰ্ছনাৰ লগত ফেচবুকৰ জৰিয়তে যোগাযোগ আৰম্ভ হোৱাৰ পিছত তাইৰ বিষয়ে জানিবলৈ পাই নিলাৰ যথেষ্ট ভাল লাগিছিল। সঁচাকৈয়ে সুখত আছে মূৰ্ছনা। নিজৰ পৰিচয়, নিজৰ গৌৰৱত। কোনো “মিছেছ স্বপ্নাভ দুৱৰা” হৈ নহয়।
এদিন মূৰ্ছনা তাইৰ ঘৰ ওলাইছিলহি। আহিয়েই বকিছিল,
”তোক লগ ধৰিবলৈ মাতি মাতিও নোৱাৰিলোঁ। ভিনদেৱে তোক ধুনীয়া দেখি দুৰ্গত বন্দী কৰি থৈছে যেন পাওঁ।”
মূৰ্ছনাই হাঁহি হাঁহি কোৱা কথাবোৰ নিলাৰ গাত লাগিছিল। কেইবাদিনো তাই স্বপ্নাভক খাতিৰ কৰিছিল মূৰ্ছনাৰ ওচৰলৈ লৈ যাবলৈ। প্ৰতিবাৰেই স্বপ্নাভৰ ব্যস্ততাৰ অজুহাত, “লৈ যাম ৰ’বা, তোমাৰ বান্ধবীনো ক’ত পলাই যাব?”
মূৰ্ছনা অহাৰ দিনা মুকলিমূৰীয়াকৈ বহুত সময় কটালে নিলাই। স্বপ্নাভেও একে আষাৰে নিলাক কৈ পেলাইছিল, “বাঃ তোমাৰ যে ইমান স্মাৰ্ট, টেলেণ্টেড বন্ধুও আছে, ক’তা আমাক গমেই নিদিয়াচোন।”
কেৱল মূৰ্ছনা কিয়, বিয়াৰ বাৰ বছৰে নিলাৰ কোনো বন্ধুৰ লগত যোগাযোগ নাছিল। থাকিবলৈ সুৰুঙাই পোৱা নাছিল। শেহতীয়াকৈ চচিয়েল মিডিয়াৰ জৰিয়তে দুই একৰ লগত পুনৰ কথা হৈছে যদিও, সেয়া নিতান্তই উপৰুৱা ভাবত। কাৰোবাক লগ ধৰা, ঘৰলৈ মতাৰ প্ৰশ্নই বা ক’ত?
মূৰ্ছনা অহাৰ দিনা প্ৰাণখুলি তাই কথা পাতিছিল।
”তোক লৈ গৌৰৱ অনুভৱ কৰিছো। নিজক লৈ তো কৰাৰ কেতিয়াও সুবিধাই নাপালোঁ।”
প্ৰস্তাৱটো তাইক মূৰ্ছনায়েই দিছিল।
”মোৰ ষ্টাৰ্ট-আপ জইন কৰ। তইতো বহুত চোকা ছোৱালী, তোৰ পিপল্ মেনেজমেণ্ট ভাল। এডমিনৰ কামখিনি চাই দিবি। ক? কৰিবি?”
মূৰ্ছনাৰ কথাখিনিয়ে আকৌ এবাৰ নিলাৰ মনত আশাৰ ফিৰিঙতি এটা জ্বলাইছিল। মুগ্ধা-মৌচুম ডাঙৰ হৈছে। ঘৰখনত আলধৰা মানুহৰ অভাৱ নাই। এতিয়া তাই চাকৰি এটা কৰাত বাধা কিহৰ?
ৰাতি লাহেকৈ কথাটো উলায়াওঁতেই স্বপ্নাভ জকি উঠিল,
”কি হে নিলা? তোমাৰ আকৌ একেখন বাজনা আৰম্ভ হ’ল নে? কিহৰ ইমান দাহ তোমাৰ চাকৰিৰ? এখন ঘৰৰ বোৱাৰী তুমি, ল’ৰা-ছোৱালীৰ মাক, মোৰ পত্নী। তথাপিও কিহৰ অভাৱ তোমাৰ? বেপৰোৱা বান্ধৱীৰ লাইফ-ষ্টাইল দেখি তোমাৰ গাৰ পোৰণি উঠিছে নহয়? তাইৰ নিচিনাকৈ কাপোৰ পিন্ধি দং-দংকৈ গোটেইখন ঘূৰি ফুৰিবলৈ ইনস্পিৰেশ্যন পাইছা, নহয় নে?”
”ইনস্পিৰেশ্যন পাইছোঁ, কিন্ত এইবোৰ কৰিবলৈ নহয়, নিজকে নিজা পৰিচয় এটা দি গঢ়ি তুলিবলৈ প্ৰেৰণা পাইছোঁ স্বপ্নাভ।” নিলাই লাহেকৈ উত্তৰ দিলে।
”নিজা পৰিচয়? সেইটো আকৌ কি? তোমাৰ ইমানখিনিৰে অটা নাই নিলা? কিহৰ অশান্তি এইবোৰ? কিহৰ অভাৱ তোমাৰ নিলা? কি দিয়া নাই আমি তোমাক কোৱা?” বাৰে বাৰে তাইৰ গাটো জোকাৰি স্বপ্নাভে তাইক প্ৰশ্ন কৰিলে।
আধুনিক, শিক্ষিত পুৰুষৰ আৱৰণৰ তলৰ এলান্ধুকলীয়া মনৰ স্বপ্নাভক নিলাই বহুত আগতেই চিনি থৈছিল। বুজি পাইছিল যে পছন্দৰ কাপোৰ বাদ দিওঁতে তাই কেৱল সামান্য কাপোৰ এযোৰৰ চখ বাদ দিয়া নাছিল, আহুতি দিছিল নিজৰ ইচ্ছা অনিচ্ছাক, আঁকোৱালি লৈছিল বোৱাৰী হোৱাৰ বাবেই মানি ল’ব লগীয়া সমস্ত বাধা। বুজি পাইছিল যে মুকলিমুৰীয়াকৈ ফুৰা চকা বাদ দিওঁতে তাই নিজৰ ভাললগা বাদ দিয়া নাছিল, নিজকে মেৰিয়াই তুলিছিল পুৰুষতন্ত্ৰৰ অদৃশ্য এক শিকলীৰে। বুজিছিল যে শিক্ষা-দীক্ষা, নিজকে প্ৰতিষ্ঠিত কৰাৰ হাবিয়াস বাদ দিওঁতে তাই দৰাচলতে জুইত জাহ দিছিল নিজৰ অধিকাৰ। নিজৰ মূল্যখিনিক। সৰুৰে পৰা বাদ দিওঁতে দিওঁতে তাই নিজৰ মানৱ অধিকাৰখিনিকে বাদ দি পেলাইছিল।
এই কথাখিনিয়ে বাৰে বাৰে তাইৰ মগজুত আস্ফালন কৰি উঠিছে, অথচ তাই একো ক’ব পৰা নাই। দুচকুৰে চকুপানীৰ ধল বৈ থকা নিলাৰ বাহু দুটা জোকাৰি স্বপ্নাভে তাইক সুধি আছে,
”কোৱা, কিহৰ অভাৱ তোমাৰ?”
কিহৰ অভাৱ?
কিহৰ অভাৱ?
এই কথাষাৰ যে তাইৰ কৰ্ণ কুঁহৰত জ্ঞান অহাৰ পৰাই বাজি আছে।
এৰা, কিহৰ অভাৱ?
”স্বাধীনতাৰ অভাৱ স্বপ্নাভ।” অস্ফুট কণ্ঠৰে নিলাই বিৰবিৰালে।
”কি? কি ক’লা তুমি?”
গোটেই জীৱন ভাৰ বৈ ফুৰা অদৃশ্য শিকলীডাল চিঙিবলৈকে যেন নিলাই এইবাৰ চিঞৰি উঠিল,
”মোৰ জীৱনত মানুহ হৈ জীয়াই থকাৰ অধিকাৰৰ অভাৱ স্বপ্নাভ। নিজৰ জীৱনটোত নিজে সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ অভাৱ। স্বকীয় পৰিচয় সৃষ্টি কৰিবলৈ বিচৰা সুবিধাকণৰ অভাৱ। তোমাৰ আৰু ঘৰখনৰ মোৰ ওপৰত খটুৱা মালিকস্বত্বৰ পৰা পৰিত্ৰাণ পোৱাৰ অভাৱ। মৰমৰ নামত তোমালোকে মোক পিন্ধোৱা তলাটোৰ চাবি কোচাৰ অভাৱ। পৃথিৱীৰ সকলো ধন ঐশ্বৰ্য আনি তুমি মোৰ ভৰিত ঢালি দিলেও এই নথকাখিনিৰ ক্ষতিপূৰণ নহয়। তুমি কাহিনীও পূৰণ কৰিব নোৱাৰা এনেকুৱা এই অভাৱ।”
নিলাৰ মুখৰ পৰা ওলোৱা এটা এটা শব্দই স্বপ্নাভক বিন্ধি পেলাইছিল। সি মূৰ তুলিব পৰা নাছিল। এই স্বাধীনতা অবিহনে নিলাৰ আচলতে অস্তিত্ব কি? কেৱল নিলাই নহয়, কোনো মানুহৰেই আচলতে অস্তিত্ব কি?
”মোৰ জীৱনত মোৰ নিজৰেই স্বাধীনতাৰ অভাৱ।” নিলাৰ এই শেষৰ কথাষাৰে তাক জোকাৰি গ’ল। হুকহুকাই কান্দি মজিয়াত বহি পৰা নিলাক সি এইবাৰ সজোৰে সাৱটি ধৰিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments