বৰঙনি

লেখক- গুণীন চৌধুৰী

( ৰচনা কাল -১৯৭৪)

বাঁওফালৰ আলিবাটটো আৰু মূলপথৰ সংযোগস্থলিত এখন বিৰাট তোৰণ। নামকৰণ কৰা হৈছে “হিৰণ কলিতা তোৰণ।” বিজুলী বাতিৰে সজোৱা তোৰণৰ আখৰকেইটা এবাৰ জ্বলিছে এবাৰ নুমাইছে। স্কুলৰ প্ৰধান পদূলিত চাইকেলৰ পঁচিশটা ৰিঙেৰে সজোৱা আন এখনি তোৰণ। তাত লিখা হৈছে– “ৰূপালী জয়ন্তী, অৰুণোদয় ছোৱালী স্কুল।” পঁচিশটা ৰিং স্কুলৰ পঁচিশ বছৰ পূৰ্ণ হোৱাৰ প্ৰতীক। গোটেই স্কুলঘৰখনকেই চাকি-বন্তিৰে উজ্জ্বলাই তুলিছে স্কুলৰ ছাত্ৰীসকলে।
স্কুল-চৌহদৰ ভিতৰত স্কুলৰ নিজা খেল-পথাৰ। তাতেই সজা হৈছে ৰূপালী জয়ন্তী উৎসৱৰ ৰভাতলি। পশ্চিমমূৱাকৈ সজা ৰভাতলিৰ সম্মুখত মঞ্চ। মঞ্চৰ সোঁফালে নামনিত সভাপতি, বিশিষ্ট অতিথি আৰু প্ৰধান শিক্ষকৰ বিশেষ আসন। সভাপতিৰ আসন শুৱনি কৰিছে স্কুলৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী সকলৰ আটাইতকৈ বয়সিয়াল অৱসৰপ্ৰাপ্ত শিক্ষক ‘নীলাম্বৰ বৰাই’।
ৰভাতলিক কেইবাটাও ভাগত ভাগ কৰি প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, নিমন্ত্ৰিত অতিথি, প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰীৰ স্থান-বিশেষে বহাৰ ব্যৱস্থা। বিনীতাও গৈ প্ৰাক্তন ছাত্ৰীৰ স্থানৰ ‘বেঞ্চত’ বহিলগৈ। কোনোবা এগৰাকী স্বেচ্ছাসেৱিকাই আগবঢ়াই নিলে। বিনীতাই এনেয়ে হাঁহিৰে প্ৰতি-সম্ভাষণ জনালে ছাত্ৰীজনীক। ছাত্ৰীজনী আঁতৰি যোৱাৰ পিচতো বিনীতাৰ মুখৰ হাঁহি মাৰ নগ’ল। আৰু হাঁহিৰ অৰ্থ ক্ৰমে সলনি হৈ এটা বিকৃত হাঁহিলৈ ৰূপান্তৰিত হ’ল। তাইৰ মুখৰ তেনে অভিব্যক্তি দেখি ওচৰতে বহি থকা অঞ্জনাই মাত লগালে – “কি বিনীতা! হাঁহিছা দেখোন?” বিনীতাই গমেই পোৱা নাছিল যে ওচৰতে সিহঁতৰ চুবুৰীয়া অঞ্জনাও আছে।
“নাই অ’, এনেয়ে। কেতিয়া আহিলি?”
“এই অলপ আগতে। তই দেখোন নাহিম বুলি কৈছিলি? সেই কাৰণে তোক লগ ধৰিবলৈ নগ’লোঁ।”
“কৈছিলোঁ। পিচে পৰহিৰ ‘এনাউন্সমেণ্টটো’ শুনি আহিলোঁ।
“এনাউন্সমেণ্ট’ৰ কথা কি ক’লি বুজি নাপালোঁ।”
“এনাউন্সমেণ্ট’টোত কোৱা হৈছিল যে সকলো প্ৰাক্তন ছাত্ৰীৰো উপস্থিতি কামনা কৰিছে সভাত। সকলোৰে কথা কৈছে যেতিয়া অনুমতি পাই গ’লোঁ।“
অঞ্জনাই অলপ অস্বস্তিবোধ কৰি পাতল কৰিবলৈয়ে ক’লে– “তই দৈখিছোঁ এতিয়াও সেই কথাটোতে লাগি আছ! সাধাৰণ কথা এটাকে তেনেকৈ ধৰি থাকিব লাগেনে? আমাৰেই স্কুল, দুই এটা সৰু-সুৰা ভুল হ’ব পাৰে। স্কুল এখনৰ ৰূপালী জয়ন্তী; কিমান ফালে চকু দিব লাগে। ভুলতে ক’ৰবাত ৰৈ গ’ল আকৌ তোৰ নামটো।“
“ক্লাচ টেনত তোৰ ৰোলনম্বৰ কিমান আছিল অ’ অঞ্জনা?”
“ষোল্ল”- অঞ্জনাৰ অস্বাভাৱিক উত্তৰ
“আৰু মোৰ কিমান আছিল?”
“পোন্ধৰ“
“বাৰু এতিয়া মিটিং শুন“- বিনীতাই ক’লে। “পিচত বুজাই ক’ম।”
অঞ্জনা মনে মনে থাকিল যদিও বিনীতাৰ কথাখিনি মুৰত পাকঘুৰণি খাই থকিল। তাই যদিও সাধাৰণ কথা বুলি বিনীতাক কৈছিল তথাপি তায়ো বুজিব পাৰিছিল যে দেখাত যদিও সাধাৰণ, কিন্তু আচলতে তেনে নহয়। নিজে পঢ়ি যোৱা স্কুল এখনে তেনেকুৱা কৰাটো জানো কোনোবাই সহজভৱে ল’ব পাৰে?
এটাৰ পিচত এটাকৈ সভাৰ কাৰ্যসুচী আগবাঢ়ি গৈ থাকিল। সভাপতিৰ ভাষণেই সভাৰ শেষ কাৰ্যসুচী। তাৰ আগৰ কাৰ্যসুচী প্ৰাক্তন ছাত্ৰীৰ দু-আষাৰ।
“এইবাৰ প্ৰাক্তন ছাত্ৰীৰ দু-আষাৰ “- সভাপতিৰ গম্ভীৰ ঘোষণা। অঞ্জনাই ক’ম বুলি ভাবি আছিল যদিও বিনীতাক লগ পোৱাৰ পিচৰে পৰা তাইৰ ক’বলৈ মন নোযোৱা হ’ল। মনতে জুকিয়াই লৈ অহা সকলো কথা যেন পাহৰি গ’ল। তদুপৰি তাইৰ কিবা এটা আশঙ্কা হ’ল। বিনীতাৰ প্ৰতি এটা ভয় ভাৱ হ’ল। ইতিমধ্যে এজনী বয়সস্থ মহিলা আগবাঢ়ি গ’ল। তেখেত কোনোবা স্কুলৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী আৰু অৰুণোদয় ছোৱালী স্কুলৰ প্ৰাক্তন ছাত্ৰী। তেখেতে স্কুলখনৰ বহুতো গুণানুকীৰ্তন কৰিলে।
“বিনীতা, তই দেখোন কিবা ক’ম বুলি কৈছিলি“- অঞ্জনাই সুধিলে।
“ক’ম, সকলোৰে শেষত।”
“শেষত কিয়?”
“কাৰণ আছে, পিচত বুজিবি।”
“বুজিছোঁ, তই কি ক’বলৈ খুজিছ। যদি কিবা অথন্তৰ ঘটি যায়।“
“মই সভাপতিৰ অনুমতি ল’ম। “ইতিমধ্যে আন এগৰাকী প্ৰাক্তনছাত্ৰীয়ে তেওঁৰ ছাত্ৰী জীৱনৰ মধুৰ দিনবোৰৰ কথা ক’বলৈ আৰম্ভ কৰিছে। “
তাৰ পিচত প্ৰায় পোন্ধৰ-বিশগৰাকী প্ৰাক্তন ছাত্ৰীয়ে বক্তৃতা দিলে। কোনোগৰাকী বৃদ্ধা, কোনোগৰাকী কম বয়সীয়া, বিবাহিতা, অবিবাহিতা, চাকৰিয়াল বা গৃহিণী। প্ৰতিগৰাকীয়ে স্কুলৰ গুণানুকীৰ্তন কৰি স্মৃতি ৰোমন্থন কৰিলে। কোনোগৰাকীয়ে চকুপানী টুকিলে। কোনো গৰাকীয়ে ছাত্ৰীজীৱনৰ বিশেষ ঘটনা সুঁৱৰিছে। তেওঁলোকে কৰা আন্দোলনৰ কথা বৰ্ণনা কৰিছে। বৰ্তমানৰ ছাত্ৰীসকলক উপদেশ দিছে।
শেষৰগৰাকী ছাত্ৰীৰ বক্তৃতাৰ শেষ হোৱাৰ পিচত বিনীতাই লক্ষ্য কৰিলে আৰু কোনোবা ছাত্ৰী উঠি গৈছে নে নাই। প্ৰায় এক মিনিটমান সময় অপেক্ষা কৰি বুজিলে নাই আৰু কোনো নাই। ইতিমধ্যে সভাপতিয়ে দুবাৰমান মাইকত ঘোষণা কৰিলে –“আৰু কোনোবা আছে নেকি?” তৃতীয়বাৰ ঘোষণাৰ পিচত বিনীতা উঠি থিয় হ’ল। সভাপতিয়ে তেওঁৰ আসনৰ পৰাই লাইটৰ পোহৰত দেখা পালে– এগৰাকী আহি আছে। ইপিনে অঞ্জনা আচৰিত ভয় এটাত কঁপি থাকিল। ভাবিছিল বিনীতাক বাধা দিব। কিন্তু তাইৰ সাহস নহ’ল। কাৰণ তাই জানে বিনীতা কেনে ধৰণৰ ছোৱালী। অঞ্জনাই এইটোও জানে বিনীতাই কি ক’ব। অঞ্জনাৰ ভয়- একো অঘটন নঘটেতো?
বিনীতা অস্বভাৱিভাৱে লাহে লাহে আগবাঢ়ি গৈছে ‘মাইকষ্টেণ্ড’ৰ ওচৰলৈ। বৰ্তমানৰ ছাত্ৰীসকলৰ মাজত অসন্তুষ্টিৰ গুঞ্জন ধ্বনি – “এহ: আৰু এজনী ওলালহি। কিনো ক’বা জনা আছে দিয়া। অলপমান কান্দিবা। আমাক উপদেশ দিবা। আমি তোমালোকৰ ভাষণ শুনিবলৈ অহা নাই নহয়। বিচিত্ৰানুষ্ঠান চাবলৈহে আহিছোঁ।“ এইবুলি কোনো মহলত হাঁহিৰ ৰোল উঠিল। কোনো এগৰাকী স্বেচ্ছাসেৱিকাই বিৰাট অভিজ্ঞৰ দৰে কৈ উঠিল– “এই ইহঁতৰ অলপমানো ‘চেন্স’ নাই নে? ইমান কেইজনীয়ে কোৱাৰ পিচত একেই কথাবিলাক ক’বলৈ ইজনীৰ পিচত সিজনী আহিয়েই আছে। প্ৰথমখিনি কি কয় শুনি গুচি যাম।”
বিনীতা স্কুলৰ শিক্ষকসকলৰ আসনৰ ওচৰেৰে মাইকৰ ওচৰলৈ গৈ থাকোঁতে তেওঁলোকৰ মাজত কিবা আলোচনা চলিল। কিন্তু বুজিব পৰা নগ’ল। এগৰাকী প্ৰাক্তন শিক্ষয়েত্ৰীয়ে বিনীতাক চিনি পাই ক’লে- “বিনীতা, আমাৰেই ছাত্ৰী আছিল। বৰ ভাল ছোৱালী আছিল। সেই যে জীৱন শৰ্মা, আদৰ্শ শিক্ষকৰ পুৰস্কাৰ পাইছিল, তেওঁৰেই ছোৱালী।”
বিনীতা মাইকৰ ওচৰত থিয় হল। বিনীতা ওলপ চুটি-চাপৰ। বিনীতাৰ আগৰ বক্তাগৰাকী ওখ আছিল। গতিকে মাইক্ৰফোনৰ ষ্টেণ্ডডাল অলপ নমাই দিবৰ আৱশ্যক হ’ল। মাইকৰ বেটাৰীৰ ওচৰত বহি থকা মানুহজনে বিনীতাৰ ওঠৰ সম্মখুত পৰাকৈ মাইক্ৰোফোনৰ ষ্টেণ্ডডাল নমাই দিলে। বিনীতাই মাইক্ৰোফোনটোত টুকুৰাই চালে আৰু দুবাৰমান ‘ফু ফু’ কৰিলে। সিপিনে হৰ্ণটোত বাজি উঠিল –“টক্ টক্, ফু ফু।” বুজা গ’ল ঠিক আছে।
বিনীতাই সভাপতিক ফুচফুচাই কিবা ক’লে। সভাপতিয়ে “ঠিক আছে“ এনে এটা ভাৱেৰে মূৰ জোকাৰিলে। বিনীতাই আৰম্ভ কৰিলে – “মাননীয় সভাপতি আৰু ৰাইজসকল।“ তাই মুঠতে ৰাইজসকল বুলিহে সম্বোধন কৰিলে।
“মোৰ নাম বিনীতা দেবী।” সভাথলিত হাঁহিৰ ৰোল উঠিল। “মই যে এই স্কুলত পঢ়িছিলোঁ তাৰ চিনাকি দিবৰ বাবেই মোৰ নামটো ক’লোঁ। উনৈছশ আঠষষ্ঠি চনৰ এই স্কুলৰ দশম শ্ৰেণীৰ হাজিৰা বহীত ৰোল নম্বৰ পোন্ধৰৰ বিপৰীতে মোৰ নামটো লিখা আছে। শিক্ষকসকলে যদি বিচাৰে পাব। সভাথলিত আকৌ হাঁহিৰ ৰোল। সভাপতিয়েও মুখ টিপি হাঁহিব ধৰিলে। কোনোৱে ভাবিলে ছোৱালীজনী পাগলী। অঞ্জনাই নিৰ্বিকাৰ হৈ থৰ লাগি চাই আছে বিনীতাৰ মুখলৈ। মাজে মাজে তাই ভয় খাইছে– যদি বিনীতাৰ কিবা অপকাৰ হয়।
মোৰ দেউতাৰ নাম জীৱন শৰ্মা। সভাথলিত ‘জীৱন শৰ্মা’ নামৰ অস্ফুট উচ্চাৰণ এটাৰে সৈতে নিজম পৰিল। সেই ছাত্ৰীকেইজনী্যেও নিমাত হৈ পৰিল যি কেইজনীয়েই অলপ আগতে প্ৰাক্তন ছাত্ৰীবিলাকৰ মাজত ‘চেন্স’ বিচাৰিছিল। বিনীতাই ভাবিলে এয়াই ঔষধ। এইখিনি সময়তেই বিনীতাই সভাপতিক কিবা সুধিলে। সভাপতিয়ে যেন কৈ যোৱা বুলি অনুমতি দিলে।
মই আজি মোৰ ব্যক্তিগত কথাহে ইয়াত ক’ম বুলি আহিছোঁ। আৰু এই ব্যাক্তিগত কথাখিনি ক’বৰ বাবে মই সভাপতিৰ অনুমতি লৈছোঁ। আপোনালোকক এতিয়া অলপ মন দি শুনিবলৈ অনুৰোধ কৰিলোঁ।
নুশুনিলেও অৱশ্যে আপত্তি নাই। মানুহ আজি কালি নিজক লৈয়ে ব্যস্ত, গতিকে আপোনালোকেও নিজৰ নিজৰ কথা ভাবি থাকিব পাৰে। আনৰ দুখত দুখী হোৱাৰ প্ৰয়োজন নাই। সেই সূত্ৰকেই মানি লৈ ময়ো কেৱল মোৰ কথাকেই ক’ম। অৰুণোদয় স্কুলৰ গুণানুকীৰ্তন কৰিবলৈ মই ইয়ালৈ অহা নাই।” সভাথলিত আৰু এক গুঞ্জণ উঠিল। বিনীতাই বুজিছিল যে যিমানে গণ্ডগোল নহওক কিয় তাইৰ পিছৰ কথাবিলাক শুনাৰ লগে লগে ৰাইজ নীৰৱ হ’বই লাগিব। সেই সময়ত অঞ্জনাইও সেই একেখিনি কথাকেই ভাবি মনে মনে তৃপ্তি লভিছিল।
মোৰ দেউতাৰ নাম আছিল জীৱন শৰ্মা। আজি চাৰি বছৰ আগতে মোৰ দেউতাৰ মৃ্ত্যু হয়। মৃত্যু হয় খুব সাধৰাণ অসুখ এটাত। সাধাৰণ জ্বৰ। ভালমতে চিকিৎসা কৰাব নোৱাৰিলোঁ পইচাৰ অভাৱত। স্কুলৰ সাহায্য বিচাৰিছিলোঁ। শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীকে ধৰি মুঠ পাঁচশ টকাৰ সাহায্য পাইছিলোঁ। অৰুণোদয় স্কুলৰ শিক্ষকতা কৰি আদৰ্শ শিক্ষকৰ পুৰস্কাৰ পোৱা জীৱন মা‌ষ্টৰে সাহায্য পাইছিল মাত্ৰ পাঁচশ টকা! স্কুলৰ নিজা ফাণ্ডৰ পৰা অলপো নাপালে। ইপিনে ঘৰৰ পৰিয়ালৰ বাকী তিনিজনৰ খাবলৈতো নায়েই, ৰোগীক পুষ্টিকৰ আহাৰ দিবলৈও পইচা নাই। স্কুলৰ পৰা পোৱা পাঁচশ টকাৰে ঔষধেই কিনিব নে পুষ্টিকৰ আহাৰ খুৱাব; অথচ দুয়োটাৰেই সমানেই প্ৰয়োজন। শক্তিশালী দৰৱ খাই দুৰ্বল হৈ পৰা মানুহজনৰ ভাল খাদ্যৰ প্ৰয়োজন। গতিকে ঠিকমতে চিকিৎসা নহ’ল। দহদিনৰ মূৰত আদৰ্শ শিক্ষকৰ মৃত্যু হ’ল। স্কুলত শোকসভা বহিল। শোকসভাত শোক প্ৰস্তাৱ গ্ৰহণ কৰি আত্মাৰ সদগতি আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনোৱা হ’ল। প্ৰস্তাৱৰ দুটা কপিৰ এটা বাতৰি কাকতলৈ আৰু আনটো শোকসন্তপ্ত পৰিয়াললৈ পঠাব বুলি সভাত প্ৰস্তাৱ লোৱা হ’ল। পিচদিনাই বাতৰি কাকতত জীৱন শৰ্মাৰ মৃত্যুৰ বাতৰি প্ৰকাশ হ’ল অৰুণোদয় স্কুলত হোৱা শোকসভাৰ বাতৰিৰ সৈতে। কিন্তু কোনো সমবেদনা জনোৱা চিঠি জীৱন শৰ্মাৰ পৰিয়ালে নাপালে। তাৰ দুদিন পিচতেই এটা খবৰ পালোঁ জীৱন মাষ্টৰৰ চুটিত অস্থায়ীভাৱে নিযুক্ত হোৱা শিক্ষকজনে স্থায়ী হোৱা উপলক্ষে এটা বিৰাট পাৰ্টি দিছে। জীৱন মাষ্টৰৰ মৃত্যুত এজন নিবনুৱা উচ্চ শিক্ষিত ল’ৰা বনুৱা হ’ল। তাত আপত্তি কৰিব লগা নিশ্চয় একো নাই। কিন্তু সেইজন নিবনুৱাৰ খোৱা-পিন্ধাৰ কোনো চিন্তা নাছিল। যদি সেইজন নিবনুৱাক বনুৱা নকৰি জীৱন মাষ্টৰৰ একমাত্ৰ উচ্চ শিক্ষিত ল’ৰাটোক সংস্থাপন দিলেহেঁতেন তেতিয়াহ’লে জীৱন মা্ষ্টৰক সন্মান দেখুৱা হ’লহেঁতেন। জীৱন মাষ্টৰৰ মৃত্যুত তেতিয়া শোকসভা নাপাতিলেও জীৱন মাষ্টৰৰ আত্মাই শান্তি পালেহেঁতেন।
বিনীতাই লক্ষ্য কৰিলে দুই এজন শিক্ষক ইতিমধ্যে উঠি গৈ শিক্ষকৰ কমন ৰুমত বহিল গৈ। আন দুই চাৰিজনে উচপিচাইছে। প্ৰধান শিক্ষকে তেওঁৰ সম্মুখত থকা পানী গিলাচ খাই শেষ কৰিলে। ছাত্ৰীসকল নিস্তব্ধ হৈ বহি আছে। অঞ্জনাই মনৰ ভিতৰতে হাঁহি হাঁহি চাৰিওফালে চাই আছে। বিনীতাই ভাবিলে এইখিনি ইয়াতেই শেষ কৰা ভাল।
“জীৱন মাষ্টৰৰ মৃত্যু পৰ্ব ইয়াতেই শেষ কৰিলোঁ।“ এইবুলি কৈ বিনীতাই পুনৰ সভাপতিৰ পৰা কিবা অনুমতি ল’লে। সভাপতিয়ে অলপ ভাবি অনুমতি দিলে। প্ৰধান শিক্ষকৰ লগত গভীৰভাৱে কিবা আলোচনা কৰা দেখা গ’ল। আলোচনাৰ পিচত দুয়োজন যেন খুব সন্তুষ্ট এনে ভাৱত হাঁহিলে।
“মই উন্নৈশ পয়ষষ্ঠি চনত এই স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা প্ৰথম বিভাগত পাছ কৰিছিলোঁ। প্ৰথম বিভাগত পাছ কৰাটো একো ডাঙৰ কথা নহয়। কিন্তু সেই বছৰ অকল ময়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ। গতিকে সেই বছৰৰ বাবে মই অৰুণোদয় স্কুলৰ ‘গৌৰৱ’ আছিলোঁ। অৰুণোদয় স্কুলে মোৰ পিনে চাই গৌৰৱৰ হাঁহি মাৰিছিল। কিন্তু আজি?”
মই এইখন স্কুলৰ সমালোচনা কৰিব ধৰিছোঁ। কিন্তু এসময়ত অৰুণোদয় স্কুলৰ সম্পৰ্কে কোনোবাই কিবা সমালোচনা কৰিলে আৰু সেই কথা সত্য হ’লেও বিনীতা দেবীয়ে যুক্তি তৰ্কেৰে তাক মিছা বুলি প্ৰতিপন্ন কৰিছিলোঁ। আৰুণোদয় স্কুলে বিনীত দেবীক ধন্য ধন্য দিছিল। কিন্ত আজি?”
মই বহু তৰ্ক প্ৰতিযোগিতাত স্কুলক প্ৰতিনিধিত্ব কৰি কেইবাবাৰো পুৰষ্কৃত হৈছিলোঁ। সেই পুৰস্কাৰ সমূহ হয়তো আজিও স্কুলত থাকিব পায়। মোকলৈ স্কুলে গৌৰৱ কৰিছিল। কিন্তু আজি? “
“মই নৱম শ্ৰেণীত থাকোঁতে এইখন স্কুলৰ সঙ্গীত সম্পাদিকা আছিলোঁ। সঙ্গীত সম্পাদিকা হোৱাৰ দুবছৰ আগৰ পৰই অৰ্থাৎ সপ্তম শ্ৰেণীৰ পৰাই স্কুলৰ বাহিৰৰ প্ৰতিযোগিতাৰ বাহিৰেও আন্ত: মহকুমা, আন্ত: জিলাকে ধৰি সদৌ অসম ভিত্তিত অনুষ্ঠিত বিভিন্ন সঙ্গীত প্ৰতিযোগিতাত স্কুলক প্ৰতিনিধিত্ব কৰি পুৰষ্কৃত হৈ অৰুণোদয় স্কুলৰ হৈ গৌৰৱ কঢ়িয়াইছিলোঁ। সেয়ে অসমৰ আন আন স্কুল সমূহে অৰুণোদয় স্কুলক সমীহ কৰিছিল। কোনো প্ৰতিযোগিতা আহি পালেই স্কুলৰ শিক্ষয়িত্ৰীয়ে মোক কৈছিল –“ বিনীতা, সাজু হ’।” কিন্তু আজি?”
“আজি স্কুলৰ পৰা বাহিৰ হৈ যোৱা দুখীয়া জীৱন শৰ্মাৰ ছোৱালী বিনীতাক পাহৰি গ’ল। অৰুণোদয় স্কুলৰ এসময়ৰ গৌৰৱ আজি অপমানিত হ.ল। অৰুণোদয় স্কুলৰ পৰা মই যেন অপমান পালোঁ। অৰুণোদয় স্কুলে যেন মোক ক্ষমা কৰে। মই যি ক’ম এনেকুৱা সৰুসুৰা কিছুমান কথা অথচ দৰ্কাৰী ঘটনাৰ বিৰুদ্ধে বৰ্তমানৰ ছাত্ৰীসকলে বৈপ্লৱিক দৃষ্টিপাত কৰে তাৰ বাবে প্ৰথমতে মোৰ অনুৰোধ থাকিল। দশমমান শ্ৰেণীত মোৰ ৰোল নম্বৰ আছিল পোন্ধৰ। মোৰ আন এজনী বান্ধৱীৰ ৰোল নম্বৰ আছিল ষোল্ল। মোৰ বান্ধৱীৰ ঠিক ওপৰতে থকা মোৰ নামটোও বান্ধৱীৰ সৈতে একেলগে হাজিৰা বহীত বিচাৰি উলিয়ালে আৰু সেইমতে বৰঙনি বিচাৰি পঠোৱা পত্ৰ যথাসময়ত মই পালোঁ। কিন্তু স্কুলে বিচৰামতে মই বৰঙনি দিব নোৱাৰিলোঁ। আৰ্থিক অনাটনে দিব নিদিলে নিজৰ স্কুলখনৰ ৰূপালী জয়ন্তীত সহায়ৰ হাত অগবঢ়াবলৈ। আৰু মই বৰঙনি দিব নোৱৰাৰ বাবেই ৰূপালী জয়ন্তীৰ নিমন্ত্ৰণী পত্ৰখন মোৰ নামত পঠিয়াবৰ বাবে হাজিৰা বহীত প্ৰাক্তন ছাত্ৰীৰ মাজৰ পৰা মোৰ নামটো বিচাৰি উলিয়াব নোৱাৰিলে। অথচ মোৰ পিচৰ নামৰ অঞ্জনা দাসৰ নামটো ঠিকেই বিচাৰি পালে হাজিৰা বহীত কাৰণ তাই বৰঙনি দিছিল। বৰ্তমান মই অনিমন্ত্ৰিত প্ৰাক্তন ছাত্ৰী হিচাপেহে ভাষণ দি আছোঁ। গতিকে স্কুলৰ বৰঙনিৰ বাবে মোৰ এইমাহৰ শেষত ৰৈ যোৱা এই এশ টকাকেই মই আগবঢ়ালোঁ। আৰু মোৰ অনিমন্ত্ৰিত আখ্যাটো নোহোৱা হৈ নিমন্ত্ৰিত হৈ পৰিলোঁ। নমস্কাৰ।” এইবুলি বিনীতাই টকা এশ প্ৰধান শিক্ষকৰ টেবুলত থৈ তৎক্ষণাত মাইক্ৰোফোনৰ ওচৰৰ পৰা আঁতৰি আহিল। সভাথলি নিজম পৰি আছিল।
পিচদিনা ৰাতিপুৱা বাতৰি কাকতত আৰুণোদয় স্কুলৰ ৰূপালী জয়ন্তী পালনৰ বাতৰি পঢ়িবলৈ পালে। বাতৰিত প্ৰাক্তন ছাত্ৰীৰ ভাষণৰ চমূকৈ বিৱৰণ দি শেষত বিনীতাৰ ভাষণ সম্পৰ্কেও দুশাৰী লিখিছে –“প্ৰাক্তন ছাত্ৰীৰ শেষৰগৰাকী বক্তা বিনীতা দেবীয়ে বৰ্তমান সমাজত ঘটি থকা স্কুল-কলেজৰ ভিতৰ চ’ৰাৰ খাম-খেয়ালীৰ তীব্ৰ সমালোচনা কৰি ছাত্ৰীসকলক অন্যায়ৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনায়।“ পঢ়ি উঠি বিনীতাই বাতৰি কাকতখন অঞ্জনাহঁতৰ ঘৰলৈ গৈ অঞ্জনাক দেখুৱালে –“দেখিলি অঞ্জনা, ভাষণৰ সাৰাংশ সিহঁতে এয়াহে বুজিলে।” অঞ্জনাই বাতৰিটো পঢ়ি উঠি ক’লে- “নহয় বুজিছে ঠিকেই, কিন্তু বুজাইছে বেলেগ।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!