সুখৰ সমীকৰণ

লেখক- জ্যোৎস্না হাজৰিকা

এদিন লগ হোৱাৰ কথা আছিল আমি। চিৰদিনৰ বাবে নহ’লেও কোনোবা এটা কেঁকুৰিত এখন্তেক ৰৈ সুখৰ-দুখৰ ভাৱনাৰ এহালিচা অনৰ্থক আলাপ কৰাৰ সম্ভাৱনা আছিল আমাৰ সম্পৰ্কটোত। ক’লীয়া ডাৱৰবোৰ আঁতৰি যোৱাৰ পাছত কথা পতাৰ কথা আছিল অভিমানবোৰ জাৰি-জোকাৰি থৈ।
হাঁহি হাঁহি তোমাৰ কান্ধত হালি পৰাৰ সপোন এটা মোৰো আছিল।
কিন্তু তুমি কান্ধ প্ৰশস্ত হোৱাৰ অহংকাৰত গুচি গ’লা নহাৰ বাটেৰে মোৰ বুকুত আধাফুটা সপোন এটা গুঁজি দি। কথাবোৰ মোৰো কোৱা নহ’ল কাকো।
সেই সুখৰ বাটেৰে বাট বুলি কেনে লাগে মই নাজানিলো।
তুমি সুখী হোৱা যেনেই লাগিছিল!
তোমাৰ ওচৰতে দীঘল বেণীৰে শাৰীখন কোচাই ৰৈ থকা তোমাৰ মানুহজনী আৰু কাষতে তোমাৰ কণমানিটো দেখি সুখৰ সংজ্ঞা আৰু বেলেগ কিবা থাকিব পাৰে বুলি মোৰ ভাবিবলৈ মনেই নাযায়।
কি কৰিম কোৱা?
মোৰ যে ভাবিবলৈও এলাহ!
সুখৰ সংজ্ঞা সকলোৰে বাবে সেয়াই দিয়াচোন! ভিতৰত জুই, বাহিৰত হাঁহিৰ ফোৱাৰা! মইযে তেনেকৈ শাৰীখন কোঁচাই লৰা ঢপৰা কৰি কাৰো আশে পাশে ফুৰিবই নোৱাৰিলো!
কথাটোত মোতকৈ মোৰ চৌপাশ বেছি ম্ৰিয়মাণ! ঠেঁহ-পেচবোৰো তাহানিতে তোমাৰ ওচৰতে পতা! কিমানদিনৰনো কথা!
প্ৰতিটো আবেলিয়েইচোন আমাৰ আছিল। হাফপ্লেট চাওমিন আগত লৈ উদযাপন কৰা আবেলিটোৰনো এনে কি ৰং আছিল যে মই পাহৰিবই পৰা নাই আৰু তুমি মূৰত টঙনিয়াইও মনত পেলাব পৰা নাই! সমীৰণলৈ এনেকৈয়ে প্ৰায়ে চিঠি এখন লিখে অনুৰাধাই লগতে তাৰ ফেচবুক প্ৰফাইলটোতো এপাক মাৰি আহে!
সিয়েই এবছৰ মান আগতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল তাইলৈ। তায়ো একো নভবাকৈয়ে এচেপ্ত কৰি থৈছিল। কথা পতা হোৱা নাই কাহিনীও সেউজীয়া লাইটটো দুয়োফালে জ্বলি থকাৰ পিছতো। ক’বলগীয়াবোৰ মাজে মাজে এনেকৈ লিখি ডায়েৰীৰ পাতবোৰ তাই ভৰাই থয় তাই।
ঠিকনাৰ প্ৰয়োজন নথকা এখন চিঠি! তাইৰ মনৰ মাজত তাৰ যে সহস্ৰ ঠিকনা!
পানবজাৰ, ব্ৰহ্মপুত্ৰৰ পাৰ আৰু কত কি! সেই স্মৃতিখিনি মোহাৰি পেলাবও মন যায় অনুৰাধাৰ কেতিয়াবা।
পিছে কথাবোৰ দেখোন তাক উদ্দেশ্য কৰি ব্যক্ত কৰিহে তাইৰ ভাল লাগে আজিকালি। তাই হালি নপৰাৰ কথা.. শূন্যৰ পৰা শীৰ্ষতম নহ’লেও ঊৰ্ধমুখী খোজ দিয়াটোও কি কম কথা!
হালি-জালি ফুলি থকা লেহুকা মনটো সামৰি- সুতৰি তাই কেকটাচ হোৱাৰ কথা… ঢেৰ কথা..লতাগছে মূৰ তুলি বৰগছ হোৱাৰ কথা।
অফিচৰ পৰা আহি মাকৰ লগত তাইৰ সোনকালেই ভাত খোৱা হয়।
মাকে দৰৱ খাই সোনকালেই শুই যায়। ৰাতিটো গভীৰ হ’ব খোজোতেই তাইৰ দেওলগা অতীতটোৱে তাইক এবাৰ হ’লেও জোকাৰি থৈ যায়। কলেজত ভৰি দিওঁতেই ক’ৰবাৰ পৰা এচাটি বতাহ হৈ সমীৰণ তাইৰ জীৱনলৈ আহিছিল। বৰ মায়ালগা সময় আছিল সেই সময়। সেই বতাহচাটিয়ে ক্ৰমাৎ ধুমুহাৰ ৰূপ লৈ তচনছ কৰি থৈ গৈছিল তাইৰ জীৱনটো। নাই নাই তাই বিধস্ত হোৱা নাছিল সি আশা কৰাৰ দৰে! তাইৰ পুনৰজনমহে হৈছিল ফিনিক্স পখীৰ দৰে।
”তুমি চুলিখিনি নাকাটিবাচোন। দীঘল কৰা অলপ চুলিখিনি।” —সমীৰণৰ আব্দাৰ।
তাইৰ পঢ়াতকৈ চুলিৰ যতন বাঢ়ি গৈছিল! জিনচটো পিন্ধি ওলাই যাবলৈ এশবাৰমান চিন্তা কৰিছিল।
শেষত লং চুৰিদাৰযোৰ পিন্ধি দোপাত্তাত পিন মাৰি ওলাই গৈছিল জিনছ আৰু হুদি এটা পিন্ধি ঘূৰি ভাল পোৱা ছোৱালীজনী।
সমীৰণ এটা সুৰ আছিল তাইৰ বাবে। কোনোবা এটা এজাৰৰঙী দুপৰীয়া সমীৰণে তাইক কৈছিল তোমাক মই মোৰ নিজৰ বুলি ভাবো।
তাইৰ ভাৱনাৰ জখলাই আঁত যে তাতেই হেৰাইছিল! নিজকে তাৰ মতে সজোৱাৰ হেঁপাহ এটাই অনবৰতে উত্ৰাৱল কৰি ৰাখিছিল তাইক। দিনবোৰ যেন ক্ৰমাৎ সেউজীয়াবোৰ আবৰি পেলাইছিল। আবেলিবোৰত তাৰ কাষে কাষে ঘূৰি ফুৰি তাই এক অনন্য মাদকতা পাইছিল। চিটিবাছত উঠি তাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তটোত যেন বিষণ্ণ আছিল আবেলিটো। সি তেতিয়া তাৰ অভাৱী বৰ্তমানটোৰ লগত যুঁজি আছিল আৰু তাই তাৰ সহযাত্ৰী হৈছিল। তাইৰ অভাৱ নাছিল। চাকৰিয়াল দেউতাকৰ আটোলটোল জীয়ৰী আছিল তাই। আকাশলৈ মূৰ তুলি চাবলৈ শিকোৱা এখন ঘৰ আছিল তাইৰ। সুউচ্চ ব্যক্তিত্বৰ এজন ককায়েক আছিল। কম্পিটিটিভ পৰীক্ষাৰ কিতাপবোৰ আনি ককায়েকে নিজেও পঢ়িছিল তাইকো দিছিল। পোষ্টেলৰ চাকৰিটো সি অনায়াসে পাইছিল। তাইকহে কিয় জানো লতা হৈ বগোৱাৰ হেঁপাহ এটাই অনবৰতে খুন্দিয়াই থকা হৈছিল। ঘৰ ধৰা মানুহ এজনী হোৱাৰ সপোন দেখিছিল তাই। লতা হৈ মেৰিয়াই ধৰাৰ সপোন দেখিছিল সেই বটবৃক্ষক। লেতুসেতু হৈ থাকি ভাল পোৱা হৈছিল তাই। তাইৰ প্ৰতিটো কামতে সমীৰণ এচাটি মৃদু বতাহ হৈ বৈ আছিল তাইৰ চৌপাশে। পৰীক্ষাৰ নম্বৰৰ গ্ৰাফডাল নিম্নগামী হৈছিল তাইৰ। কল্পনাৰ পৃথিৱীখনত বাস্তৱৰ বাবে যেন অৱকাশেই নাছিল!
ঘৰ ধৰা ভাল ছোৱালী এজনী হোৱাৰ হেঁপাহ এটা গুঁজি দিছিল সমীৰণে তাইৰ বুকুত। কথা দিয়া নাছিল সমীৰণে তাইক। সমীৰণে কেতিয়াও নোকোৱা অথচ ক’ব ক’ব যেন লাগি থকা এসোপামান কথাৰে বুকু যে ভৰি আছিল তাইৰ। বন্ধু-বান্ধৱীৰ সংখ্যা কমি আহিছিল তাইৰ সমীৰণৰ মৰমৰ দাবীত। ফাইনেল পৰীক্ষা কাষ চাপি অহাৰ সময়তে সমীৰণৰ ফোনবোৰ সঘনাই অহা হৈছিল। তাৰ মৰমৰ দাবীবোৰ পূৰাওতে তাইৰ পঢ়াৰ ছিলেবাছখন আধৰুৱা হৈছিল। সি ডিগ্ৰী কমপ্লিট কৰি চাকৰি বিচাৰি ফুৰিছিল। আৰ্থিক অৱস্থাও বৰ টনকিয়াল নাছিল তাৰ ঘৰখনৰ। জীৱনশৈলীও বৰ উন্নত নাছিল। তথাপি তাই বেলেগ সপোন দেখিব নোৱাৰাকৈ বান্ধি পেলাইছিল সি তাইক মৰমৰ আব্দাৰত। তাইৰ পৃথিৱীখন সমীৰণৰ মৰমত দোঁ খাই পৰিছিল। মূৰ তুলি চৌপাশ চোৱাৰ প্ৰয়োজনবোধ কৰা নাছিল অনুৰাধাই। প্ৰিয়তম পুৰুষে দি থকা নিৰাপত্তাত হিয়া যে উপচি আছিল তাইৰ।
কি নাম আছিল সেই আবেগৰ..কি সময় আছিল সেয়া..যি সময় কাহিনীও শেষ নোহোৱাৰ কামনা কৰিছিল তাই…জিৰিপ জিৰিপকৈ সৰি থকা ভাৱনাৰ বৰষুণত আজীৱন তিতি থকাৰ বাসনাত ডুবি আছিল তাই।
হঠাৎ এজাক ধুমুহা আহিছিল তাইৰ জীৱনলৈ। দেউতাকৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ পথত পথ দুৰ্ঘটনা এটাত ককায়েক আৰু দেউতাক দুয়োজনৰে একেদিনাই মৃত্যু হৈছিল। দিকবিদিক হেৰুৱাই পেলাইছিল তাই। মাকে মনৰ ভাৰসাম্য হেৰুৱাই পেলাইছিল বহুদিনলৈ। ফাইনেল পৰীক্ষা সমাগত আছিল তাইৰ। হঠাৎ নোহোৱা হৈ গৈছিল সমীৰণ। ফোনৰ উপৰি ফোন কৰি তাই ভাগৰি পৰিছিল। আলফুল ছোৱালীজনীয়ে দিক্‌বিদিক্ হেৰুৱাই কোনোমতে নিজেক চম্ভালি লৈছিল চকুপানীবোৰৰ শেষত। এমাহৰ মূৰত হঠাৎ আৱিৰ্ভাব হৈছিল সি সুখৰ খবৰ এটা লৈ।
সমীৰণৰ চৰকাৰী চাকৰি এটা হৈছিল পিছ দুৱাৰেদি। ঘৰৰ মাটি বিক্ৰী কৰি চৰকাৰী চাকৰিয়াল হৈছিল সি। কথাবোৰ যেন কিছু সলনি হৈছিল তাৰ। তাৰ প্ৰতিটো কথাতে অহংকাৰ এসোপাই ভূমুকি মাৰিছিল।
হঠাৎ শূন্য হৈ পৰা জীৱনটোত তাই যেন ঢেৰ কিবাকিবি আশা কৰিছিল তাৰ পৰা নিজে নজনাকৈয়ে। দূৰণিত পোষ্টিং হোৱাৰ অজুহাতত সি আঁতৰি গৈছিল ক্ৰমাৎ তাইৰ পৰা। কোনোমতে ডিগ্ৰীটো কমপ্লিট হৈছিলগৈ তাইৰ।
দেউতাকৰ পেঞ্চনৰ পইছা আৰু টিউছন দুটামানেৰে সিহঁতৰ দুজনীয়া পৰিয়ালটো কোনোমতে চলিব পাৰিছিল। মাকৰ দৰৱ কিনোতেই মাহটোৰ টকাকেইটা শেষ হৈছিল। বিলাসিতাবোৰে বিদায় মাগিছিল সিহঁতৰ জীৱনৰ পৰা। অভাৱৰ লগত তাই প্ৰথম চিনাকি হৈছিল। সমীৰণে বিয়া কৰাইছিল। মানুহৰ মুখে মুখে খবৰবোৰ বাগৰি আহিছিল। তাইৰ দৰে কোনো নথকা ছোৱালী এজনী হেনো তাৰ ঘৰৰ মানুহে মানি লোৱা নাছিল! চাকৰি এটালৈ তাইৰো দুৰ্বাৰ হাবিয়াস হৈছিল তাইৰ। যিটো চাকৰিৰ বাবে তাই সমীৰণৰ আচল ৰূপটো চিনি পাইছিল। যিটো চাকৰিৰ বাবে তাইতকৈ সমীৰণৰ ওজন বাঢ়িছিল! জীৱনৰ জোঁটনিবোৰ শিকাই থৈ গৈছিল সমীৰণে তাইক। মূৰ তুলি থিয় হোৱাৰ বাদে তাইৰ উপায় নাছিল। কষ্ট হৈছিল। বহুত কষ্ট। লেউসেউ হৈ থাকি ভালপোৱা মনটোক পোনাবলগীয়া হৈছিল। তাই পৰা নাছিল কঠোৰ হ’ব। ৰাতিবোৰত চকুপানীৰে বাট নেদেখা হৈছিল তাই। দুৰ্বল মনটোৱে বাৰে বাৰে সমীৰণ নোহোৱাৰ কথা মানি লোৱা নাছিল। চকুপানী সামৰি পোন হওঁতে তাইৰ এবছৰ লাগিছিল। খেলিমেলি মনটো সামৰি তাই আকৌ জীৱনৰ পৰীক্ষাৰ বাবে সাজু হৈছিল। এদিন অন্তৰাক লগ পাইছিল তাই।
স্কুলৰ বান্ধৱী অন্তৰা। সৰুৰে পৰা সামাজিক কামত জড়িত থাকি ভালপোৱা অন্তৰাই এন জি অ’ এটা খুলিছিল। নাম দিছিল ‘হেঁপাহ’। লাহে লাহে অনুৰাধাও ‘হেঁপাহ’ৰ সদস্য হৈছিল। এজাক ঠিকনা নোহোৱা ল’ৰা ছোৱালী ঠিকনা আছিল ‘হেঁপাহ’। ব্যস্ততা বাঢ়িছিল তাইৰ। লগতে দমি যোৱা মনটোও আকৌ এবাৰ জী উঠিছিল। লগৰ দীপ, সীমাহঁতৰ লগত তাইৰ সময়বোৰ জীপাল হৈছিল। এদিন সমাজ-কল্যাণ বিভাগৰ ইণ্টাৰভিউত উত্তীৰ্ণ হৈ চাকৰিতো যোগদান কৰিছিল। ‘হেঁপাহ’ক তাই এৰিব পৰা নাছিল। সপ্তাহত এবাৰ হ’লেও তাই প্ৰিয় মানুহবোৰক লগ কৰিছিল। মাক ক্ৰমাৎ সুস্থ হৈছিল। তাই জোৰ কৰি মাককো ‘হেঁপাহ’ৰ লগত জড়িত কৰাই দিছিল। উঠি অহা ল’ৰা-ছোৱালীজাকৰ মাজত মাকে হাঁহিবলৈ শিকিছিল লাহে লাহে। পৃথিৱীখনলৈ যেন তাই মূৰ তুলি চাবলৈ শিকিছিল লাহে লাহে। এখন সঁচা পৃথিৱী। য’ত মৰম, দয়া ভালপোৱাৰ লগতে মিছলীয়া ঠগবাজিৰ দৰে অপশক্তিও আছে। অপশক্তিবোৰ চিনি পোৱাতহে থাকে জীৱনৰ আচল ৰং। জীৱনৰ ৰংবোৰ চিনি পোৱাৰ পিছতো তাইৰ কথাবোৰ কাৰোবাক ক’বলৈ মন যায়। সঁচা পৃথিৱীখন চিনাকি কৰাই দিয়া সমীৰণৰ নামতেই কথাবোৰ লিখি যায় তাই। নতুনৰ সপোন দেখে তাই …কিন্তু পুৰণিখিনিও সাঁচি ৰাখে মনৰ এচুকত নজহা-নপমাকৈ!
সি নজনাকৈয়ে সুখৰ সমীকৰণটোৰ একপক্ষত তাই তাক বহুৱাই থয় আৰু বিপৰীত পক্ষত তাই উদ্‌যাপন কৰে জীৱন আক্ষেপবোৰ বুকুতে সামৰি পোহৰমুখী বাটেৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments