একুৰিয়ামৰ মাছ

লেখক- নয়নমনি হালৈ

তাপস ওলাই যোৱাৰ পিচত গোটেই ঘৰখন একধৰণৰ নৈপৰীয়া নিৰ্জনতাই গিলি পেলালে।
যেন কোনো এটা থিয় গৰাত তাই বহিছে আৰু তাইৰ সন্মুখত নৈঃশব্দ্যৰ সংগীত জুৰি বৈ আছে পাগলাদিয়া। ৰু-ৰু শব্দ এটাৰে এজাক বতাহ বলি থাকে আৰু তাই কাণৰ পিচফালে ঠেলি পঠিওৱা চুলিখিনি অবাধ্য হৈ বাৰেবাৰে সন্মুখলৈ গুচি আহে। চি-চিয়াই পানীকাউৰী এটা নৈৰ বুকুৰ পৰা উৰি গুচি যায়, হুইট-টিট-টিট শব্দ কৰি বালিঘোৰা চৰাই এটি আকাশৰ নীলাত মিলি যায়। দুপৰীয়াটো ইমান নিৰ্জন অথচ ইমান শব্দময়। এই নিৰ্জনতাই গান গায়, এই নিৰ্জনতাই তাইক বাউলী কৰি থৈ যায়। অথচ কাষৰ জোপোহা এটাৰ পৰা হঠাত্‍ কুককুককৈ ওলাই অহা ডাউক এটাৰ শব্দতে তাই উচপ খায় উঠে আৰু কাষত বহি থকা নীলৰ হাতখনত তাই খামোচ মাৰি ধৰিব খোজে। কিন্তু নীল ক’ত! নীল! নীল নাই। তাই ব্যগ্ৰ হৈ উঠে। তাইৰ ভয়াৰ্ত চাৱনি নদীৰ গভীৰ তলিলৈ গুচি যাব খোজে। তাই চিঞৰি উঠে নীল.. নীল..। মানুহ এজনক গোটেগোটে গিলি থব পৰা মাদুৰীবনৰ আঁৰৰ পৰা হাঁহি হাঁহি নীল ওলাই আহে। সি হাঁহিত বাগৰি পৰিব খোজে। তাইৰ চকুৰে দুটা সৰু পাগলাদিয়া নামি আহে। তাইৰ নাকৰ পাহি দুটা ফুলি আহে। বহুসময়লৈ তাই সিপাৰৰ ঝাওবনৰ হাবিখনলৈ একেথৰে চাই থাকে। সি আহি কাষত বহে তাইৰ। তাই নাচায় তালৈ। সি তাইৰ হাতত মুঠি মাৰি ধৰে। যেন এটা যুগ পাৰ হৈ যায়। এটা সময়ত অভিমানৰ মেঘ আঁতৰি যায়। তাই কয়: আৰু নাযাবা এনেকৈ মোক এৰি। অনুচ্চ স্বৰ অথচ গভীৰ প্ৰত্যয়েৰে সি কয়: নাযাও।
ক’ব নোৱাৰাকৈয়ে বাসবীৰ হাতখন চকুলৈ গুচি গ’ল। লুণীয়া পানীৰ দুটা সোঁত তাইৰ হাতত লাগি আহিল। তাই উঠি গ’ল আৰু বেচিনত গৈ চকুদুটাত পানী মাৰি দিলে। এতিয়া আৰু এই চকুপানীৰ কোনো মানে নাই। তাতে যিকোনো মুহূৰ্ততে তাইৰ কোঠালৈ ভানুমাহী সোমাই আইব পাৰে। ভানু তাপসৰ দূৰ সম্পৰ্কীয় মাহীয়েক। এটা ঠেৰু ছিঙা জীৱন কটোৱা, আলৈ-আথানি অৱস্থাৰ এইগৰাকী মাহীয়েকক তাপসৰ দেউতাকে লৈ আহিছিল এসময়ত। ঘৰুৱা কামবনত সহায় কৰিবলৈ গুচি অহা মাহীৰ এসময়ত এইখনে নিগাজি ঘৰ হৈ পৰিল। সেইগৰাকী মাহী যেতিয়াই তেতিয়াই বাসবীৰ কোঠালৈ সোমাই আহিব পাৰে। সেয়া ভানুমাহীৰ কেৱল অধিকাৰেই নহয়, দায়িত্বৰ ভিতৰতো পৰে বুলি তাপসে বাসবীক বিয়াৰ পিচতেই কৈছিল। এই ভানুমাহীৰ সন্মুখত এই চকুপানী টুকা নাযায়। ভানুমাহীক এই চকুপানীয়ে ৰহস্যময় কোনো এটা গৰালৈ ঠেলি দিব পাৰে। অবান্তৰ প্ৰশ্ন এসোপা লৈ তাই উচপিচ আৰম্ভ কৰি দিব পাৰে। কি হব পাৰে এই চকুপানীৰ অৰ্থ! তাই বিচৰা সকলোখিনিয়েতো পাইছে। তাপসৰ নিচিনা এজন উচ্চপদস্থ চাকৰিয়াল স্বামী, এই বিশাল ঘৰ, খোজকাঢ়িবলৈ এখন বহল লন, তাত ওলমি থকা কেইবাটাও জাতৰ ৱাগোনভিলিয়া ফুলবোৰ, সেউজীয়া ঘাঁহবোৰ, এটা সুদৃশ্য বাথৰুম .. সকলোবোৰেইতো পাইছে। নিজান দুপৰীয়া চকুপানী টুকি মনত পেলাবলৈ তাইৰ কোনো আত্মীয় স্বজন তাইৰ পৰা আঁতৰি যোৱা নাই। সুস্থ শৰীৰেৰেই আছে তাইৰ দেউতাক, মাক, দুজনী ভনীয়েক। এখন আড়ম্বৰপূৰ্ণ বিবাহ উত্‍সৱৰ গোন্ধ এতিয়াও সিহঁতৰ চোতালৰ চুকেকোণে লাগি আছে। বিয়াঘৰৰ পদূলিৰ কলপুলি দুটা এতিয়াও কিজানি পিচফালৰ মাটিত পচি সাৰ হৈ যোৱা নাই। অথচ এই চকুপানী..! নাই, এই চকুপানীক তাই এইখন ঘৰলৈ কঢ়িয়াই আনিব নোৱাৰে। অনা উচিত নহয়।
অথচ এই নিৰ্জনতা! তাপস অফিচলৈ ওলাই যোৱাৰ পিচৰ এই নিৰ্জনতা! নৈৰ গৰাটো, কিচিৰ-মিচিৰ কৰি উঠা চৰাইবোৰ আৰু বনৰীয়া ফুলবোৰ কিয় এই দুপৰীয়াবোৰত তাইৰ কোঠালৈ সোমাই আহে! কিয় নিৰ্জনতাৰ সুযোগত দিনটো কথা পাতিও শেষ নহোৱা কথা কিছুমান মৌ মাখিৰ দৰে এই কোঠাটোলৈ গুণগুণাই সোমাই আহিব খোজে! যিবোৰ কথা শেষ হৈ গ’ল, সেইবোৰ শেষ হৈ নাযাও বুলি কিয় জেদ ধৰে এই সময়ত! এই নিৰ্জনতা বুজি নপোৱা অচিন কোনো গানৰ কৰুণ সুৰৰ দৰে তাইৰ বুকুৰ কোনোবাখিনিলৈ কুৰুকি-কুৰুকি সোমাই আহিব খোজে। বৰ কৰুণ সেই সুৰ। তাই আৰু শুনিব নোৱাৰা হৈ যায়। আৰু তাই চিঞৰি উঠে: ভানুমাহী ভানুমাহী।
ভানুমাহী দৌৰি আহে। তাই চিঞৰি উঠে: ক’ত মৰিছানো মাহী, ইমান সময় অকলে আছো।
ভানুৱে মূৰে কপালে হাত দি মজিয়াত বহে আৰু কয়: অ আই, তোৰ মহিমা মই কেনেকৈ বুজিম! কেতিয়াবা অকলে অকলে কিবা ভাবি থাক, মাতি মৰিলেও দেখোন মাত এষাৰ নিদিয়। ভাবো কিবা লিখিবলৈ তই কিজানি কিবা ভাবিয়ে আছ। সেইদিনা কোৱা নাছিলি জানো মই কিবা ভাবি থাকো মানে জানিবা মই কিবা কাম কৰি আছো। গতিকে নাহো আৰু তোৰ কামত ব্যাঘাত দিব।
হয়, তাই তেনেকে কোৱাটো সঁচা। বাসবীয়ে এইবাৰ হাঁহে। হাঁহি এটা ওঠত ওলোমাই লৈয়ে তাই সোধে: মাহী তুমি বিয়া নহ’লানো কিয়!
ভানুৱে হুমুনিয়াহ এটা কাঢ়ি কয়: এইবোৰ বহুত কথা আই।
: কোৱাচোন মাহী।
: গাঁৱৰে এজন আছিল বুজিছ। মোক বিয়া পাতিব নোৱাৰিলে সি বোলে ভৰা ব্ৰহ্মপুত্ৰত জাঁপ দি মৰিব। এনেকুৱা কথা কিমান যে কৈছিল মোক সি। যাদুকৰবিলাকে যে যাদুমন্ত্ৰ মাতি মানুহক ভেড়া বনাই দিয়ে, চৰাই বনাই দিয়ে, তেনেকে সি মোক ভেড়া বনাই দিছিল কিজানি। তাৰ সৱ কথা সঁচা সঁচা যেন লাগিছিল। কথাবোৰ কিবা ঘোষা পদৰ নিচিনা লাগিছিল, যেন শুনিয়ে থাকিম শুনিয়ে থাকিম। কিন্তু এদিন সি গুচি গ’ল। গ’ল যে গ’লেই, আৰু নাহিল। মই তাক সৱ সপি দিছিলো। তাৰপিচত আয়ে মোৰ বিয়াৰ কথা বহুতৰ আগত উলিয়ালে। দুজনমান আহিছিলো। কিন্তু এজনক মনত ৰাখি থৈ মই আন এটাৰ লগত কেনেকৈ গুচি যাও, তয়ে কচোন। নোৱাৰিলো দেখোন।
: ভানুমাহী, এতিয়া বাৰু সি ক’ত থাকে?
: উজনিৰ কৰবাত থাকে বুলি শুনিছো। তাতে বিয়াবাৰু কৰালে হেনো। হওক, সি ভালে থাকক। মই তাক বিচাৰি কেতিয়াও নগলো। গুচি যোৱা মানুহ এজনক ওভোটাই আনিব নোৱাৰি বুজিছ। আৰু অনিলোৱে যেনিবা, সিতো আৰু আগৰ মানুহটো হৈ থকা নাই।
নীল আগৰ মানুহটো হৈ আছেনে? সিয়ো তাইক যাদুকৰৰ দৰে চৰাই বনাই দিছিল নেকি! ইমানবোৰ গছগছনি, তৰুলতাৰ অৰণ্য এখনৰ মাজতো তাই যে তাৰ হাততে উমলিছিল! তাৰ বুকুতে বাহ এটা বান্ধি পেলাইছিল! কি আছিল তাৰ মাজত! ক্ষীণ, মিঠা বৰনীয়া, মূৰৰ চুলিবোৰ কোনোদিনে চিজিল হৈ নথকা, কিবা এটা সুধিলে জুখিমাখি এটা বা দুটা শব্দহে কোৱা ল’ৰাটোৰ ভিতৰত যে এখন কথাৰ সাগৰ সোমাই থাকিব পাৰে, সেই কথা বাসবীয়ে তাক লগ পোৱাৰ বেচ কিছুদিন পিচতহে উপলব্ধি কৰিব পাৰিছিল। আৰু সেই কথা তাই তাৰ পৰা লুকুৱাই ৰাখিব পৰা নাছিল। যি মনলৈ আহে তাকে বকবককৈ মুখেৰে উলিয়াই দিয়াটো বাসবীৰ স্বভাৱ আছিল। নীলে কেৱল হাঁহিছিল আৰু কৈছিল-
: আৰু কোৱাচোন, মোৰ বিষয়ে কি কি ভাবিছিলা?
বাসবীয়ে সলসলাই কৈ গৈছিল: কি ভাবিম আৰু! প্ৰথম দেখাৰ লগেলগে ভাল লাগিবলৈ তোমাৰ ইমান ভাল চেহেৰাও নাছিল। চেহেৰা বাদ দিয়া, মইতো ভাবিছিলো তুমি কিজানি মস্ত বিৰক্তিকৰ এটা প্ৰাণী হবা বুলি।
নীলে এইবাৰ জোৰে হাঁহিছিল। সি বৰ ৰস পাইছিল আৰু সুধিছিল: আৰু এতিয়া?
বাসবীয়ে তাৰ চকুৰ পিনে চাইছিল আৰু কৈছিল, অস্বীকাৰ নকৰোঁ, এতিয়া তোমাৰ নিচিনা ধুনীয়া মই কাকোৱে নাপাওঁ। এতিয়া একোৱে ভাল নালাগে তোমাত বাহিৰে। কিতাপ, চিনেমা, লগসংগ একোৱে ভাল নলগা হৈ গ’লচোন। কিবা যাদু কৰিলা ন! বাসবীয়ে তাৰ চকুৰ পিনে চায়েই ৰৈছিল। সি কেৱল তাইৰ হাতখনত মুঠি মাৰি ধৰিছিল।
সেই মুঠিত, সেই স্পৰ্ষত এনে কি আছিল, যি তাপসৰ ওচৰত বিচাৰি তাই হাবাথুৰি খায় কেতিয়াবা! আনকি একান্তই ঘনিষ্ঠ মুহূৰ্তত যেতিয়া তাপসৰ হাতখন তাইৰ দেহত বগুৱা বায় থাকে, তেতিয়া তাই মাজে মাজে হাতখনত ধৰি চায়। সেই উত্তাপ, সেই বিমুগ্ধ সন্মোহন কিয় নাই এইখন হাতত! চকামকাকৈ নীল আহি তাইৰ চকুত পতাত চুমা খায় গুচি যাব খোজে। একধৰণৰ অনামী উত্তেজনাত তাই তাপসৰ হাতখন খামোচ মাৰি ধৰে। তাপস এইবাৰ অধিক শক্তিশালী হৈ উঠে। সি অক্টোপাছৰ দৰে মেৰিয়াই ধৰে তাইৰ সৰ্বশৰীৰ। আৰু চলচলীয়া চকু এহালিৰে নীল তাইৰ ওচৰতে থিয় হৈ থাকে। বাসবী উচপ খায় উঠে, নিজকে কয়.. এয়া অনুচিত এয়া অনুচিত। এইখিনি সময়ত নীলক তাইৰ শোৱনি কোঠালৈ লৈ অনাটো অনুচিত। এয়া অনুচিত। তাইৰ চকুৰ পৰা দুটা মৰাসুঁতি বৈ আহিব খোজে। ধুমুহাৰ শেষত এটা সময়ত সমুদ্ৰ শান্ত হয়। উত্তাল ঢৌবোৰ যেন এটা মৰাসুতিৰ নিচিনা বৈ থাকে। চেপা কান্দোন এটা তাইৰ মুখেৰে ওলাই আহিব খোজে.. ক্ষমা কৰা নীল, ক্ষমা কৰা..
: কি অ এইজনী, মাতবোল বন্ধ কৰি কোনখন দুনীয়াত গুচি গ’লি- নিচেই ওচৰতে থিয় হৈ ভানুমাহীয়ে ধমক মাৰি উঠে। বাসবী জাঁপ মাৰি উঠি বহে এইবাৰ। ধৰা পৰাৰ ভয়ত তাই চিঞৰি উঠে: মাহী ব’লা ব’লা, কিবা এটা খাওঁ, মোৰ ভোক লাগিছে।
কিছু সময়লৈ চঞ্চল হৈ পৰে নিৰ্জন দ্বীপটো। পাকঘৰৰ পৰা খাটাং খুটুং শব্দবোৰ বাসবীৰ হাতৰ খাৰুৰ লগত মিহলি হৈ যায়। বিয়াৰ মাত্ৰ ছমাহ। এই ছমাহতে বাসবীয়ে আৱিষ্কাৰ কৰিছে, এই নিৰ্জনতা তাইৰ ভালৰ কাৰণে নহয়। শেষ বুলি এৰি অহা অধ্যায়টোৱে নিৰ্জনতা পালেই পুনৰ আৰম্ভণি কৰাৰ দৰে বিপদজনক ঘটনা এটা ঘটায় দিব পাৰে। সেয়া এটা নিচা আছিল। কিছু ভ্ৰান্তি কিছু সঁচাৰ মাজৰ সেয়া এটা চাকনৈয়া আছিল। সেয়া শেষ। যিবোৰ অস্থিৰতা, যিবোৰ আকাংক্ষা, যিবোৰ দোমোজা শেষ হৈ গ’ল, তাক পুনৰ আমন্ত্ৰণ জনোৱাৰ নিচিনা বুৰ্বকামী তাই আৰু কৰিব নোখোজে। এৰা সকলো শেষ হৈ যাওক। আজিয়ে।
বাসবীয়ে খোৱাৰ নামত এটা ব্ৰেডটোষ্টৰ একামোৰহে মুখত ভৰালে। চাহকাপো সম্পূৰ্ণকৈ শেষ নহল। ভানুমাহীয়ে টেলেকা চকুৰে তাইলৈ এবাৰ চাইছিল। কিন্তু তাই সেইফালে ভ্ৰূক্ষেপ নকৰি পুনৰ শোৱনিকোঠা পালে। এৰা, আজিৰ পৰা আৰু এই নিৰ্জনতাক আমন্ত্ৰণ জনাব নোৱাৰি। চকুপানী দুধাৰ আৰু কেতিয়াও তাইৰ বুকুৰে বৈ যাব দিব নোৱাৰি। তাই এইবাৰ গডৰেজটো খুলি পেলালে। কাপোৰকাণিৰ ঠাকটো খুলি সোণৰ অলংকাৰবোৰ থকা ইনাৰবাকচটো তাই খুলি পেলালে। এইবাৰ তাইৰ হাতত কেইজাপমান কাগজ লাগি আহিল। নাই, আজিয়ে শেষবাৰৰ বাবে এই কাগজবোৰ চুই চাব তাই। আৰু তাৰপাছত? সকলো শেষ। জ্বলাই ছাই কৰি পেলাব তাই সকলোবোৰ।

তাই চিঠিবোৰ মেলি ল’লে। লগে লগে তাইৰ বুকুখন মোচৰ খায় উঠিল। আঃ এইবোৰক জ্বলাম কেনেকৈ! এয়া চিঠিবোৰত প্ৰথম দেখা, ক’ৰবাত নৈৰ গৰা, ক’ৰবাত কবিতা, ক’ৰবাত বহাগৰ প্ৰথমজাক বৰষুণ, ক’ৰবাত আঘোনৰ থোক মেলা ধান, কৰবাত টোপনি নহা দীঘল নিশাৰ অনন্ত অপেক্ষা আৰু ক’ৰবাত উদং বুকুত মুখ গুজি দিয়া সমৰ্পণৰ ৰাতি এটা..।
সমৰ্পনৰ ৰাতি! এৰা, এৰা। বাসবীয়ে চিঠিবোৰৰ মাজৰ পৰা বিশেষ এখন চিঠি উলিয়াই ল’লে। বাকীবোৰ চিঠি তাই মেৰিয়াই ভাজ কৰি সোমাই থলে। বুকুত গাৰু এটা লৈ তাই এইবাৰ চিঠিখন মেলি ললে। আখৰবোৰ হঠাত্‍ যেন এটা এটা জোনাকী পৰুৱা হৈ পৰিল। খিৰিকিৰে মৃদূ বতাহ এজাক সোমাই আহি তাইৰ চুলিবোৰ বাউলি কৰি থৈ গল আৰু যাদুকৰৰ চৰাইটোৰ দৰে হঠাৎ‍ যেন তাইৰ বুকুত কিহবাই পাখি কোবাবলৈ আৰম্ভ কৰিলে। শব্দবোৰত সেয়া প্ৰসাৰিত কৰি দিয়া দুহাত, শব্দবোৰত সেয়া এহাল চকু, যি চকুৰ ফালে চায় থকা নাযায় সৰহকাল। শব্দবোৰ এইবাৰ বুকু হ’ল, য’ত তাই কেঁচুৱা এটাৰ দৰে সোমাই পৰিল, শব্দবোৰ এইবাৰ কপি থকা এহালি ওঁঠ হ’ল আৰু সেই ওঁঠত সোমাই পৰিল কঁপি থকা আন এযোৰ ওঁঠ। শব্দবোৰ এইবাৰ নদী হ’ল, সাগৰ হ’ল আৰু তাৰ উত্তাল ঢৌবোৰৰ খুন্দাত বাসবীৰ বুকু তেনেই উদং হৈ পৰিল। উঃ এয়া কেনেকৈ পাহৰা যায়! প্ৰিয় পুৰুষৰ সেই স্পৰ্ষ, গোন্ধ আৰু শব্দবোৰ ফালিচিৰি পেলোৱা যায় কেনেকৈ! বাসবীয়ে চিঠিখন বুকুত সোমাই ললে আৰু তাই তাতেই ঢলি পৰিল।

বাসবীয়ে যেতিয়া চকু মেলিলে তেতিয়া দুপৰৰ ৰ’দ পশ্চিমৰ আকাশত সিচৰতি হৈ পৰিছিল। যেন কোনোবাই সোণালী চাদৰ এখন ফালি টুকুৰা-টুকুৰ কৰি আকাশত ছটিয়াই দিছিল। সৰু চৰাইকেইটামানে খিৰিকিৰ গ্ৰীলত কিচিৰমিচিৰ কৰিবলৈ আৰম্ভ কৰিছিল। তাপস আহি পাবৰ সময় হৈছে। ভানুমাহীয়ে পৰ্দাবোৰ টানি খিৰিকিৰ পাতবোৰ জপাবলৈ আৰম্ভ কৰিছিল। বাসবীয়ে তন্দ্ৰালসভাৱে বাথৰুমৰ ফালে আগবাঢ়িল। শ্বাৱাৰটো এৰি দি চেম্পুৰ ফেনীল সমুদ্ৰত নিজকে এইবাৰ এৰি দিলে তাই। ঠিক তেনেতেই ভূমিকম্প আহিল। এৰা, ভূমিকম্প। এয়া বাথৰুমৰ বেৰবোৰ কপি উঠিছে। শ্বাৱাৰৰ পানীবোৰ যেনিতেনি ছিটিকি পৰিছে। ধুমুহাত কপা গছৰ দৰে বাসবীৰ সৰ্বশৰীৰ কপি উঠিছে।
চিঠিখন!
এৰা নীলৰ চিঠিখন বিছনাতে থাকি আহিল। আৰু ঠিক এইখিনি সময়ত যদি তাপস আহি বিছনাত বহিছে, এইখন কি কাগজ বুলি যদি চিঠিখন হাতত তুলি লৈছে, তেতিয়া! আজিয়ে শেষ বুলি উলিয়াই লোৱা চিঠিখনে যদি নতুন এটা অধ্যায়ৰহে আৰম্ভ কৰি দিয়ে! বিশ্বাস আৰু ভালপোৱাৰ এই নতুন অট্টালিকাটোত যদি চিঠিখনেই অবিশ্বাসৰ সৰু এটা সুৰুঙা মুকলি কৰি দিয়ে! অদূৰ ভৱিষ্যতে যদি সেই সুৰুঙাটোৰে সদায় এজাক বিষণ্ণ বতাহ সোমাই আহিবলৈ আৰম্ভ কৰে! আৰু এদিন এই বতাহেই যদি বিষাক্ত বিজানু কঢ়িয়াই তাইক উশাহ লব নোৱাৰা অৱস্থা কৰি তোলে! হাজাৰ মেৰামতিৰ পিচতো যদি সেই বাট বন্ধ হোৱাৰ নাম নলয়! তেতিয়া! এক অজান আশংকাত বাসবী কপি উঠিল।
চেম্পুৰ ফেন কাণৰ ভিতৰত কেনেবাকে লাগি থাকিল নেকি সেইখিনি চাবলৈয়ো তাইৰ আৰু ধৈৰ্য নহ’ল। তাই যিমান পাৰে সোনকালে গাটো তিয়াই তাৱেলখন মেৰিয়াই ললে আৰু প্ৰায় দৌৰি অহাদি বেডৰুমৰ দুৱাৰমুখ পালে। অৱশেষত তাই যি ভাবিছিল সেয়াই হ’ল। বিছনাত সেয়া তাপস।
সেইদিনা ৰাতি তাপস ঘৰলৈ উভতি নাহিল। বাসবীক হোৱাটছএপত মেচেজ এটা দি থলে। ভয় লাগিলে ভানুক তাইৰ কাষতে ফোল্ডিং বিছনাখন পাৰি শুবলৈ দিলে। তাৰ পিচদিনা তাপস একেবাৰে সন্ধিয়াহে আহিল। তাক বহুত ক্লান্ত যেন দেখা গ’ল। বাসবীয়ে তাৰ চকুলৈ চোৱা নাই। নাটকৰ শেষ দৃশ্যটো চাব খোজাৰ দৰে তাই কেৱল অপেক্ষা কৰি আছে। কিন্তু তাপসে এতিয়ালৈ এবাৰো মুখ খোলা নাই। ৰাতিৰ সাজৰ সময়ত ডাইনিং টেবুলতো সি এটাও শব্দ উচ্চাৰণ নকৰিলে। বাসবী আচৰিত হৈছে সি এতিয়ালৈ একো কোৱা নাই কিয়। যিখন চিঠিত এহাল প্ৰেমাস্পদৰ সঘন উশাহ, চুমা আৰু স্পৰ্শৰ কথা লিখা আছে, সেইখন চিঠি পঢ়ি সি এবাৰো কিয় উত্তেজিত হোৱা নাই! এবাৰো কিয় বাসবীলৈ তীক্ষ্ণ অথচ পূতৌৰ দৃষ্টি নিক্ষেপ কৰা নাই! এটা এটা পল বাসবীৰ এটা এটা যুগ যেন লাগিব ধৰিলে।
এই নিৰ্জনতা আৰু উপভোগ কৰা নাযায়। ঘড়ীৰ কাটাই বাৰ বাজি যোৱাৰ ইংগীত দিছিল।
বাগৰ সলাই বাসবীয়ে কোনোমতে মাত উলিয়ালে-: শুনাচোন। এৰা, এই মৌনতা ভাঙিবই লাগিব। লাগিলে ইয়াৰ পিচত যিয়েই নহওক।
: কোৱা – তাপসে আনফালে মুখ কৰিয়ে সুধিলে।
: তুমি মোক গালি দিয়া, মাৰা, যি কৰা কৰা, কিন্তু এনেকৈ ইমান মনেমনে নাথাকিবা। মনত যি আছে কৈ দিয়া মোক।
: কি বকিছা তুমি? তোমাক আকৌ মই গালি দিম কিয়!
: কিয় মানে, তুমি চিঠিখন..
: কি চিঠি? তাপসৰ কথাত বাসবীয়ে এইবাৰ বিছনাত বহি ললে।
: তুমি একো চিঠি পঢ়া নাই?
: পাগল হ’লা নেকি তুমি! এই ৰাতি মই কি চিঠি পঢ়িব লাগে? বাসবীয়ে এইবাৰ বিছনাত বহি ললে।
: তেন্তে তুমি ইমান মন মাৰি আছা কিয়? কালি ঘৰতো নাহিলা!
: কিয় তুমি গম পোৱা নাই? এইবাৰ বাসবীয়ে যেন তাপসৰ বুকুত উবুৰি খায় পৰিবলৈ সাজু হ’ল।
: আমাৰ অফিচত বিৰাট ডাঙৰ স্কেম এটা পোহৰলৈ আহিছে। মই একো নাজানো এই বিষয়ে, কিন্তু কেনেবাকৈ ময়ো সাঙোৰ খায় যাব পাৰো, সেইটো চিন্তাতহে..। বাসবীৰ কাণেৰে আৰু একো নোসোমাল। তাই তাপসৰ বুকুত লেতুসেতু হৈ পৰিল।

তাৰ পিচদিনা তাপস ওলাই যোৱাৰ পিচতে বাসবীয়ে ভানুক চিঞৰি চিঞৰি মাতিলে আৰু কেঁকোজেঁকোকৈ বিছনাখন ইফালৰ পৰা সিফাললৈ টানি আনিলে। আৰু যেতিয়া বিছনাৰ তলত সোতমোচ খায় পৰি থকা নীলৰ চিঠিখন তাই হাতত তুলি ল’লে, তেতিয়া আৰু তাইৰ ভিতৰৰ যাদুকৰী চৰাইটো কৰবালৈ উৰি গৈছিল। নিৰাপত্তা আৰু প্ৰেম একেখন ঘৰতে থাকিব পাৰে জানো! মোক ক্ষমা কৰিবা নীল, তুমি মোৰ বুকুৰ কোনোবা এটা কোঠালিত সদায়ে থাকি যাবা। কিন্তু চিঠিখন.. তাই আৰু নৰ’ল। চিঠিখনৰ অসংখ্য টুকুৰাবোৰ মুহূৰ্ততে ড্ৰেইনৰ অন্ধকাৰ সুৰঙ্গৰে বাহিৰৰ মেইনহোলত বিলীন হৈ গ’ল।
ৰ’ব, এইখিনিতে গল্পটো শেষ হোৱা নাই।
তাপসে চিগাৰেট বাদ দিছিল। কিন্তু সেইদিনা তাৰ চিগাৰেট এটা খাবলৈ মন গ’ল। বাসবীৰ চিঠিখন পঢ়ি তাৰ বুকুখন ধহমহাই উঠিছিল; আগ্নেয়গিৰিৰ দৰে জ্বলন্ত জুই একুৰা তাৰ চকুৰে বাহিৰ হৈ আহিব খুজিছিল। কিন্তু সেইখিনি সি সম্বৰণ কৰি ল’ব পাৰিলে। কাৰণ তেনেকুৱা একজাপ চিঠি সিয়ো মাত্ৰ কেইদিনমানৰ আগতহে ভানুৱে জ্বলাই দিয়া জাৱৰৰ দম এটাত জাপি দিছে। সি ভুল কৰা নাই বাসবীৰ চিঠিখন বিছনাৰ তলত পেলাই দি আহি। অফিচৰ স্কেমৰ অভিনয়খিনিও নিখুঁতেই হৈছে। বুকুৰ ভিতৰত সকলোৰে একোটা চন্দুক থাকে। সেয়া খুলি চোৱাৰ অধিকাৰ কাৰো নাই। প্ৰশান্তিৰ হাঁহি এটাৰে সি এইবাৰ চিগাৰেটৰ ধোঁৱাবোৰ বতাহত এৰি দিলে।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jadav Hazarika
2 years ago

“একুৰিয়ামৰ মাছ” পঢ়ি ভাল পালোঁ । বৰ সাৱলীল ভাৱে মানুহৰ অন্তঃজগতখন চিত্ৰায়ন কৰিলে । ধন্যবাদ জনালোঁ ।

Don`t copy text!