এনিশা

লেখক- ৰঞ্জনা দত্ত

মূল: কেইশ্বম প্ৰিয়কুমাৰ মণিপুৰী গল্প
ইংৰাজী অনুবাদ: ‘ওৱান নাইট’ ৰবীন এছ নাংগম
অসমীয়া অনুবাদ: ৰঞ্জনা দত্ত

কি কৰিম যদি শুই থাকোঁতে মূৰটো কিহবাৰে থেতালি পেলায়? বা গম নোপোৱাকৈ মেচি দাখনেৰে কাটি পেলায়? চিন্তাবোৰ মনলৈ অহাত ষ্টিফেন ভয়তে জোকাৰ খাই উঠিল। টোপনিটো আহিব খোজা সময়তে হঠাৎ তাৰ চকু-কাণ সষ্টম হৈ পৰিল। সি কোঠাটোৰ আনটো কোণত থকা বিছনাখনলৈ কিছুসময় একেথৰে চালে। লিঙ্গপাৱে তাৰ ভৰি দুখন দীঘলীয়াকৈ মেলি শুই আছে। সি একেবাৰে লৰচৰ কৰা নাই। ষ্টিফেনে স্বস্তিৰ উশাহ ল’লে। তাৰ পাছতে তাৰ মনলৈ চিন্তা আহিল- মইতো সদায় ইয়াৰ নাকৰ গোঁজৰণি শুনা পাওঁ। এতিয়া নাকৰ শব্দটো বাদেই মনত ভাব হৈছে সি যেন উশাহো লোৱা নাই। সিয়ো সাৰে আছে নেকি বাৰু? ষ্টিফেনে আৰু চকু বন্ধ কৰিব নোৱাৰিলে। বাহিৰৰপৰা অহা লাইটৰ ক্ষীণ পোহৰত ছয়াময়াকৈ দেখা তাৰ সৰু কোঠালিটোৰ বস্তুবোৰৰ ওপৰত সি চকু ফুৰালে। একোণত থকা চচপেন, ষ্টভ, কেইটামান বটল, খৰাহী এটা, দুখনমান থাল আৰু বেৰৰ কাষত থোৱা কেইটামান বাটি। মেচি দাখন ক’লৈ গ’ল? সেইখনটো বেৰতে আঁউজাই থোৱা আছিল ? সি ভয়তে জোকাৰ খাই উঠিল। সি কেউফালে সাৱধানে চকুফুৰাই চালে। ওপৰলৈ মুখ কৰি শুই থকা লিঙ্গপাও টোপনিতে বেৰৰ ফালে মুখ কৰি একতীয়া হৈ পৰিল। বিছনাত উঠি বহিব খোজা ষ্টিফেনে আগৰ দৰেই পৰি ৰ’ল। তাৰ মনত পৰিল মেচি দাখন সিয়ে বিছনাৰ তলত ভৰাই থৈছিল। সি ডিঙিটো বেঁকা কৰি উলিয়াই বিছনাৰ তললৈ চালে। দাখন কিছু ভিতৰলৈ মাটিতে থোৱা আছিল। সি স্বস্তিৰ উশাহ ল’লে। কিন্তু তাৰ চকুৰ পতা জাঁপ নাখালে।
ৰাতি বহুত পৰ হৈছিল। কোনোফালে ক’তো কোনো মানুহৰ মাত এটা শুনা নগৈছিল। কেৱল ৰাস্তাৰ পৰা ৰৈ ৰৈ অহা কুকুৰৰ ভুকভুকনি শুনিবলৈ পোৱা গৈছিল। অইন দিনা হোৱা হ’লে সি ইমানপৰে টোপনিৰপৰা দুই এবাৰমান সাৰ পালেহেঁতেন। আজি টোপনি নাহিবই নেকি বাৰু? সি মনৰ ভিতৰত হেঁচা মাৰি ধৰা তাৰ ভয়বোৰ আঁতৰাবলৈ চেষ্টা কৰিলে। সি তাৰ ওলোটা দিশে শুই থকা লিঙ্গপাওৰ ফালে আকৌ চাই পঠিয়ালে। এতিয়াও সি আগৰ দৰে লৰচৰ নকৰাকৈ একেধৰণে শুই আছে। সি সঁচাকৈয়ে শুই আছেনে বাৰু? ষ্টিফেনে আকৌ ভাবিলে- মই আজি ৰাতি চকুৰ টিপ নমৰাকৈ ৰাতিপুৱালৈকে এনেদৰেই থাকিব লাগিব নেকি?
দীঘলীয়া অফিচঘৰটোৰ একেবাৰে এমূৰত থকা সৰু কোঠালিটোত সিহঁত একেলগে থকা চাৰিবছৰৰ বেছি হ’ল। কিন্তু তাৰ মনৰ চিন্তাবোৰ আজিৰ দৰে কেতিয়াও ইমান বিষাক্ত হৈ উঠা নাছিল।
“তোমালোকে এতিয়াও একেলগে থাকিবলৈ ইচ্ছা কৰানে?”
সেইদিনা ৰাতিপুৱাই অফিচৰ মুৰব্বীজনে দুয়োকে একেলগে মাতি নি সুধিছিল। আগতে কেতিয়াও নোসোধা প্ৰশ্নটোৰ সিহঁতে একো উত্তৰ দিব পৰা নাছিল। সিহঁতক যে এনেদৰে প্ৰশ্ন কৰিব পাৰে সেই ভাবটো এবাৰলৈয়ো সিহঁতৰ মনলৈ অহা নাছিল। কেইছেকেণ্ডমানৰ মূৰত ইটোৱে সিটোৰ চকুলৈ চাইছিলা, যান্ত্ৰিক ভাবে; মাত্ৰ কেইছেকেণ্ডমানৰ বাবে। তাৰ পাছত তললৈ মূৰ কৰি দুয়োটা বহি পৰিছিল।
“তোমালোকৰ মাজত তেনেকুৱা একো নহয়, কিন্তু কোনে জানে? যদি বেয়া কিবা এটা হয় …. তেতিয়া আমাকো মাজত সুমুৱাব।”
সিহঁত দুয়োটায়ে মনে মনে কথাবোৰ শুনি আছিল। অফিচাৰজনে আকৌ আৰম্ভ কৰিছিল
“তেতিয়া চকীদাৰ আৰু চাফাই কৰা দুয়োটা কাম একেজনেই কৰিব লাগিব। যিহেতু আমি তোমালোকক বেলেগেকৈ থাকিবলৈ আৰু এটা ঘৰ দিব নোৱাৰোঁ কোনোবা এজন ভাৰাঘৰলৈ যাব লাগিব। তোমালোকে কি ঠিক কৰা কাইলৈৰ ভিতৰত জনাবা।”
এইবাৰো সিহঁতে একো উত্তৰ দিয়া নাছিল। সিহঁতে ৰূমটোৰ পৰা নিঃশব্দে ওলাই আহিছিল। বন্ধু হিচাপে ইমান দিন একেলগে থকাৰ পাছত এনে লাগিবলৈ আৰম্ভ কৰিছিল যেন হঠাতে সিহঁত ইটোৱে সিটোৰপৰা একেবাৰে আঁতৰি পৰিছে। সিহঁতি ইটোৱে সিটোৰ মুখলৈ চাই কথা পাতিব নোৱাৰা হ’ল।
“যদি এজন কুকি আৰু এজন নগা একেখন চাদৰ তলত একেলগে থাকি ৰাতি ইজনে সিজনক হত্যা কৰে, এই অফিচটোৰ এটা বেয়া নাম নহ’বনে?”
কাষৰ কোঠাটোৰপৰা কথাবোৰ ভাঁহি আহিছিল। হেড ক্লাৰ্ক কুলবিধুৱে অফিচৰ বাকী সহকৰ্মীবোৰক কি কৈ আছে ষ্টিফেনে স্পষ্টকৈ শুনিবলৈ পালে। লিঙ্গপাওৱেও যে কথাবোৰ শুনিছে ষ্টিফেন নিশ্চিত আছিল। আগতে এনেধৰণৰ কথা ওলোৱা হ’লে সি কথাবোৰত কোনো গুৰুত্ব নিদিলেহেতেঁন। যদিও এই কেইবছৰত যথেষ্ট লোকৰ মৃত্যু হৈছে সাধাৰণ মানুহক বাদ দি অকল নেতা আৰু উগ্ৰপন্থীকে এইবোৰ কামত দোষাৰোপ কৰা হৈছিল। ষ্টিফেন সদায় এইবোৰ কথা-বতৰাৰপৰা আঁতৰত থাকে। কিন্তু আজি সিহঁত কোনো ধৰণৰ পাতল ধেমেলীয়া কথা পাতিবলৈ অপাৰগ। সিহঁতৰ দূৰৰ ক’ৰবালৈ পলাই গুচি যাবলৈ ইচ্ছা গৈছে।
“লিঙ্গপাও, তোমাৰ গাঁওখনৰ নাম পাছং বুলি কোৱা নাছিলা জানো? চোৱা আজিৰ কাগজত দিছে চঙ্খোপাও চংলয় নামৰ লোক এজন, তেওঁৰ পত্নী আৰু তিনি বছৰীয়া ছোৱালীজনীক ইহাং নদীৰ ওচৰত গুলীয়াই হত্যা কৰিছে।”
টাইপিষ্ট টম্বিয়ে একেলগে কাকতখন পঢ়ি কথা কৈ কৈ বাতৰিটো দেখুৱাই আছিল। ষ্টিফেনে যেন জীৱনৰ আটাইতকৈ ডাঙৰ আঘাতটো পাইছিল। লিঙ্গপাওৱে কাগজখন থাপ মাৰি লৈ জোৰত খামোচ মাৰি ধৰি একে উশাহতে খবৰটো পঢ়িছিল। তাৰ হাত দুখন অসম্ভৱ কঁপিবলৈ আৰম্ভ কৰিছিল। তাৰ চকুদুটাও ৰঙা হৈ পৰিছিল। তাৰ পিছত সি পিছলৈ ঘূৰি কাকতখন দলিয়াই থৈ কাকো একো নোকোৱাকৈ বাহিৰলৈ ওলাই গৈছিল। ষ্টিফেন এটা খুটাৰ দৰে অলৰ-অচৰ হৈ পৰিছিল। ই তাৰ বাবেও এটা ভয়ঙ্কৰ দুঃস্বপ্নৰ দৰে আছিল। সি ভালদৰেই জানিছিল যে চঙ্খোপাও লিঙ্গপাওৰ সৰু ভায়েক।
“তোমালোকৰ এই হত্যা , আক্ৰমণ, আৰু ইটোৱে সিটোৰ ঘৰত কৰা অগ্নি সংযোগবোৰ …. এনেদৰে নহয়। আৰু বহুত মৰিব। কেইদিনমান আগতে মলনমত টাংখুলবোৰক কৰা হত্যাকাণ্ডৰ এইটো এটা প্ৰতিশোধ। বাৰু ….লিঙ্গপাও একো নোকোৱাকৈ কিয় ওলাই গ’ল?”
টম্বিয়ে ষ্টিফেনৰ ফালে ঘূৰি চাই সুধিলে।
“মই নাজানো।”
ষ্টিফেনে আৰু একো নক’লে। তাৰ বেলেগ সম্প্ৰদায়ৰ মানুহ এজনৰ লগত এইবিষয়ে কথা পাতিবলৈ মন নাছিল। সি এইবোৰ কথা ঠাট্টা-মস্কৰাৰ কথাৰ দৰে ক’বলৈ বিচৰা নাছিল। ষ্টিফেনো কোঠালীটোৰপৰা ওলাই গ’ল। সি চিধা গেটখনৰ ফালে আগুৱাই গ’ল।
ষ্টিফেনে আকৌ লিঙ্গপাওলৈ মন দি চালে। আগৰ দৰেই লিঙ্গপাও একেধৰণে লৰচৰ নকৰাকৈ শুই আছে। সিয়ো তাৰ দৰে শুব পৰা নাই নেকি? নিশ্চয় সিয়ো শুব পৰা নাই। কিন্তু সি শুব কেনেকৈ? যেতিয়া সি গম পাইছে যে তাৰ ৩০ বছৰীয়া একমাত্ৰ ভায়েক, তাৰ পত্নী আৰু একমাত্ৰ সন্তানটোক হত্যা কৰা হৈছে। সি মদৰ নিচাত সম্পূৰ্ণ ডুব গৈ টিকটিকিয়া ৰঙা চকুৰে ৰাতি বহুত দেৰিকৈ ঘূৰি আহিছিল। কাপোৰ-কানি একো নোখোলাকৈয়ে চিধা বিছনাত বাগৰি পৰিছিলগৈ। ৰাতি খোৱা-বোৱাও একো নকৰিলে। ষ্টিফেনৰ তাৰ লগত কথা পাতিবলৈ সাহস হোৱা নাছিল। তাক খাবলৈয়ো একো দিব নোৱাৰিলে। লিঙ্গপাওৱে তাক এটা শব্দও কোৱা নাছিল। যিহেতু ৰাতি বহু দেৰিলৈকে সি ঘূৰি অহা নাছিল, ষ্টিফেনে ধৰি লৈছিল লিঙ্গপাও ইতিমধ্যে নিশ্চয় পাছঙলৈ গ’লগৈ। সি সুধিব বিচাৰিছিল। সি চঙ্খোপাওৰ মৃত্যুৰ বাবে সমবেদনা জনাই কথা পাতিব বিচাৰিছিল। কিন্তু লিঙ্গপাওৰ অৱস্থাটো দেখি সাহস গোটাব নোৱাৰিলে, কথা পতাটো দূৰৈৰে কথা। ৰাতিৰ নিঃশব্দ গভীৰতা বাঢ়ি অহাৰ লগে লগে ক্ৰমান্বয়ে তাৰ বুকুৰ ভিতৰখন এটা অদ্ভুত ভয়ে গ্ৰাস কৰি আনিছে। ষ্টিফেনে আকৌ বিছনাত পিঠিখন দি ওপৰৰ চিলিংখনৰ ফালে মুখ কৰি পৰি থাকিল। মাজে মাজে ফাটি ওলমি থকা চিলিঙৰ কাপোৰখন এন্ধাৰত সি দেখা পোৱা নাছিল। তাৰ মনৰ চকুত পাহাৰৰ একেবাৰে তলত ইহাং নদীৰ পাৰত থকা সিহঁতৰ চানাকেইথেল গাঁওখন ভাঁহি আছিল। আৰু তাৰ নাতিদূৰৈত থকা কুকি গাঁও পাছংখনো।
চানাকেইথেল গাঁৱৰ সৰু বজাৰখনলৈ পাছং গাঁৱৰ মানুহ কিছুমানে নিজৰ খেতিৰ ওপজাত সামগ্ৰীবোৰ বিক্ৰী কৰিবলৈ আনে। তেওঁলোকে বজাৰৰপৰা বস্তু কিনে আৰু লগত লৈ অনা বস্তুবোৰ বিক্ৰী কৰে। ইহাঙৰ দুয়ো পাৰে থকা বহল মাটিবোৰ দুয়োখন গাঁৱৰে। সিহঁতে একেলগে ধানৰ খেতি কৰে। সিহঁতে একেলগে ইহাং নদীত মাছ মাৰে। আৰু এতিয়া? হাতত অস্ত্ৰ-শস্ত্ৰ লৈ সিহঁতে এতিয়া নিজৰ গাঁও পহৰা দিবলগীয়া হৈছে। নিজৰ গাঁৱৰপৰা এতিয়া মানুহে অকলে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰা হৈছে। ষ্টিফেনে হঠাতে এটা দীঘলকৈ উশাহ ল’লে।
চঙ্খোপাওৱে চানাকেইথেলত মাংস বিক্ৰী কৰিছিল। যিহেতু ষ্টিফেন তাৰ ডাঙৰ ককায়েকৰ বন্ধু আছিল চঙ্খোপাওৱে প্ৰায়ে গাঁৱলৈ ঘূৰি যোৱাৰ আগেয়ে ষ্টিফেনক কেইটুকুৰামান মাংস দিছিল। কেতিয়াবা সি ৰাতি খোৱা-বোৱা কৰি চানাকেইথেল গাঁৱতেই থাকি গৈছিল। প্ৰায়বোৰ টাংখুল ল’ৰাই তাৰ বন্ধু আছিল। এদিন গধূলি একেলগে বহি থাকোঁতে ষ্টিফেনে চঙ্খোপাওক কৈছিল-
“চঙ্খোপাও, মই শুনিবলৈ পাইছোঁ সিহঁতে আমাৰ নদীখনৰ ওপৰত এটা বান্ধ সাজিব। সিহঁতে চকীদাৰ আৰু খালাছিৰ বাবে গাঁৱৰ মানুহক চাকৰি দিব বুলি শুনিছোঁ। তয়ো কৰিব পাৰ দেখোন!”
চঙ্খোপাওৱে সাধাৰণ ভাবে উত্তৰ দিছিল
“মোৰ মন নাই। মই চৰকাৰী চাকৰি কৰিব নোৱাৰিম। মোৰ দৰে এটা অশিক্ষিতই কি কাম কৰিব? তাতকৈ মই হাবিত চিকাৰ কৰিম। মই নদীত মাছ মাৰিম আৰু মই হাবিত খৰি কাটিম।”
“ঠিক আছে। গোটেই গাত তেজৰ চিটিকনিবোৰ পেলাই মাংসকে বিক্ৰী কৰি থাক।”
ষ্টিফেনে হাঁহি হাঁহি কৈছিল।
“মই গাঁৱতেই থাকিম। কেইদিনমান পিছত সিহঁতে মোক ইম্ফলত থাকিবলৈ ক’ব। মই সেইটো নিবিচাৰোঁ।“
জোনাকৰ পোহৰত চোতালত বহি দুয়োটাই হাঁহিছিল। উখৰুলৰ পাহাৰৰ শাৰীবোৰ, সৰু সৰু গাঁৱৰ ঘৰবোৰ, অকণ অকণ জোপোহাৰে সুন্দৰ ঘাঁহনিবোৰ জোনাকৰ পোহৰত সুন্দৰ কৈ দেখা যায়। গীৰ্জাৰপৰা প্ৰাৰ্থনাৰ শব্দ ভাঁহি আহে। আৰম্ভণিতে মাতবোৰ বেছি ডাঙৰকৈ নাহে। লাহে লাহে শব্দবোৰ ডাঙৰ হ’বলৈ আৰম্ভ কৰে আৰু পাহাৰত ঠেকা খাই প্ৰতিধ্বনিত হয়। সিহঁতে গীতবোৰ স্পষ্টকৈ শুনিবলৈ পাইছিল।
“ব’ল গীৰ্জালৈ যাওঁ।”
খুব মন দি শুনি শুনি চঙ্খোপাওৱে ক’লে
“তয়ো যাবি?”
“ ওঁ ব’ল ময়ো যাম। মোৰ জীৱ-জন্তু মৰা পাপবোৰ কটা যাব। কোনো কথা নাই, ময়ো টাংখুল ভাষাত প্ৰাৰ্থনা গীত গাম।”
ষ্টিফেনৰ মনত পৰিল- কেনেকৈ চঙ্খোপাৱে হৃদয়ৰ সমস্ত আবেগ ঢালি গাঁৱৰ গীৰ্জা ঘৰত প্ৰাৰ্থনা সংগীত গাইছিল। এনেকুৱা লাগিছে যেন এতিয়াও সি চঙ্খোপাওৰ গীতবোৰ শুনি আছে। গম নোপোৱাকৈ ষ্টিফেনৰ দুচকুৰে চকুলো ওলাই আহিল। সি মুচিবলৈ কোনো চেষ্টা নকৰিলে।
কিমান নিঃশব্দ আছিল ৰাতিটো। ইমান সময় তাক হেঁচা মাৰি থকা ভয়টো লাহে লাহে কমিবলৈ আৰম্ভ কৰিছিল। সি লিঙ্গপাওৰ নাকৰ শব্দ শুনিবলৈ পালে। চিলিঙৰ ফালে চাই থকা তাৰ চকুহালি লাহে লাহে জাঁপ খাই আহিল।
“ৰাতিপুৱা হ’বলৈ আৰু কিমান পৰ আছে?”
কালি ৰাতিপুৱাৰপৰাই সি লিঙ্গপাওৰ মুখত এইটো প্ৰথম শব্দ শুনিলে। ষ্টিফেন হঠাতে সাৰ পাই গ’ল। সি বিছনাৰ কাষতে থকা খিড়িকীখন খুলি বাহিৰলৈ চাই পঠিয়ালে। বাহিৰত তেতিয়াও অন্ধকাৰ। লামফেল এলেকাটোৰ সিহঁতৰ কাষৰীয়া অফিচঘৰবোৰ, গছ-গছনি, বিল, পুখুৰী আদি সকলোবোৰ তেতিয়াও গাঢ় নীলা অন্ধকাৰত বুৰ গৈ আছিল। সি খিড়িকীখন বন্ধ কৰি দিলে।
“কিছু সময় বাকী আছে। টোপনি অহা নাই?
“কেনেকৈনো আহিব?”
কেবল এইকেইটা শব্দ। কেৱল এই দুটা শব্দৰ মাজেৰে তাৰ অন্তৰত জ্বলি থকা জুইকুৰা যেন ওলাই আহিল।
“তই আজি গাঁৱলৈ যাবি নেকি?”
কিছু সময় মনে মনে থাকি ষ্টিফেনে সুধিলে।
“মই নাজানো। মই এচকৰ্ট পামনে নাপাম নেজানো।”
আৰ্মি এচকৰ্ট নোহোৱাকৈ ইম্ফলৰপৰা সেইখন গাঁৱলৈ বহুদিন বাছ চলাচল বন্ধ হৈ আছে।
“সিহঁতে কালিও কোনো এচকৰ্ট নিদিলে নেকি?”
“নাই। ভাবিছোঁ আজি মই যিকোনো উপায়েৰে যামেই। মই শেষ কৃত্যৰ আগতে যেনে তেনে এবাৰ চঙ্খোপাও, মোৰ ভাই বোৱাৰী আৰু ভতিজীজনীক চাব বিচাৰোঁ। কাইলৈ সিহঁতৰ শৱকেইটা কবৰ দিব।”
সি আৰু একো নক’লে। শোৱাৰ পৰা উঠি কোণত আঁউজাই থোৱা ঝাড়ুটো লৈ দৰজাখন খুলি বাহিৰলৈ ওলাই গ’ল। কাষৰ কোঠাবোৰৰ তলা খোলাৰ শব্দ শুনিবলৈ পোৱা গ’ল। চকুহালি জপাই ষ্টিফেনে আকৌ শুবলৈ চেষ্টা কৰিলে। হঠাতে সি বিছনাৰ পৰা জাঁপ মাৰি উঠি বিছনাৰ তলত থোৱা মেচি দাখন উলিয়াই সদায় থকাৰদৰে বেৰত আউজাই থৈ দিলে।
লাইটৰ পোহৰ পৰি সেইখন যেন বেচিকৈ উজলি উঠিছিল। ৰাতিটোৰ বাকী থকা সময়খিনি ভালদৰে শোওঁ বুলি সি চকুহল জপাই দিলে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Krishna Sarma
2 months ago

বৰ ভাল লাগিল গল্গটো ।মানুহ সকলো একেই।অনুভৱো একে ।কিন্ত কেতিয়াবা পৰিস্থিতিৰ দাস হব লগিয়া হয়।