গাৰো পাহাৰৰ মাজত এদিন

লেখক- নেহেৰু পেগু

আমি যিটো বিভাগত চাকৰি কৰো সেই বিভাগটোৰ প্ৰতি বহু মানুহৰ সুস্পষ্ট ধাৰণা নাই। যেতিয়া কওঁ, কাষ্টমচ এণ্ড চেণ্ট্ৰেল এক্সাইজত (Customs and Central Excise), তেতিয়া প্ৰথমটো অৰ্থাৎ কাষ্টমচটো ঠিকেই বুজি পোৱা যেন লাগে, কিন্তু চেণ্ট্ৰেল এক্সাইজটো যে বুজি নাপায়, অলপ পাছতে ধৰিব পাৰোঁ। কিয়নো বহু মানুহে হঠাৎ কৈ পেলাই- অ’এক্সাইজ! ভাল, ভাল মদ পোৱা নহয়! ভাল বটল এটা কেতিয়াবা খুৱাবা আকৌ! তেতিয়া বুজি পাওঁ যে তেখেতে আমাক ষ্টেট এক্সাইজ (State Excise) বুলি ভাবিলে। তেতিয়া অৱশ্যে বুজাবলগীয়া হয় যে মদ বিভাগটো ৰাজ্য চৰকাৰৰ আৰু এইটো ষ্টেট এক্সাইজে (State Excise)চায়; আমি নাচাওঁ। এয়া কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ নকৰে। আমাৰ বিভাগটো অসমীয়াত ক’বলৈ হলে কেন্দ্ৰীয় সীমা আৰু উৎপাদন শুল্ক বুলি ক’ব লাগে। কিন্তু মানুহে, তেতিয়া বুজিবলৈ আৰু বেছিহে অসুবিধা পায়।
কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ বিভাগ চম্ভালিবলৈ দুটা সংস্থা আছে। এই দুয়োটাই দেশৰ বাবে ৰাজহ সংগ্ৰহ কৰে। ৰাজহ আহে প্ৰত্যক্ষ কৰ (Direct Tax) আৰু পৰোক্ষ কৰ (Indirect Tax)হিচাপে। প্ৰত্যক্ষ কৰ চম্ভালিবলৈ ইনকাম টেক্স (Income Tax) আৰু পৰোক্ষ কৰ চম্ভালিবলৈ কাষ্টমচ আৰু চেণ্ট্ৰেল এক্সাইজ বিভাগটো আছে। ২০১৭ চনৰ মাজভাগৰ পৰা অৰ্থাৎ জুলাই মাহৰ পৰা পৰোক্ষ কৰৰ পৰিকাঠামোটোৰ আমোল পৰিবৰ্তন ঘটাই one tax, one nation বাণীৰে জি, এচ, টি (Goods and Services Tax) লৈ ৰূপান্তৰ কৰা হয়। উত্তৰ পূৰ্বাঞ্চলত কাষ্টমচ আৰু চেণ্ট্ৰেল এক্সাইজ সংস্থাটোত একেখিনি বিষয়া কৰ্মচাৰীয়ে ইটো বিভাগৰ পৰা সিটো বিভাগলৈ অদল-বদল হৈ কাম চম্ভালে। এতিয়া জি. এচ. টি. হোৱাৰ পিছতো একে প্ৰথাই চলি আছে। অৰ্থাৎ জি. এচ. টি. ত কাম কৰা বিষয়া বা কৰ্মচাৰী এজন, কাষ্টমচলৈ যি কোনো সময়ত বদলি হ’ব পাৰে; কাষ্টমচৰো যি কোনো বিষয়া এজন জি. এচ. টি. লৈ আহিব পাৰে।

আমাৰ লিখিবলগীয়া কাহিনীভাগ ভালদৰে বুজাবলৈ পাঠকক বিভাগটোৰ কাৰ্য্যপ্ৰণালীৰ কিছু আভাস দিয়া উচিত হ’ব বুলি ভাবি ওপৰৰ কথাখিনি উল্লেখ কৰিলোঁ। তেতিয়া আমাৰ পষ্টিং মানকাচাৰ এল. চি. এচ. (Land Customs Station)ত। কিন্তু মহেন্দ্ৰগঞ্জ চি. পি. এফ. ত (Customs Preventive Force) ডেপুটেচনত কাম কৰি আছিলোঁ। ইয়াতে এল. চি. এচ. আৰু চি. পি. এফ. কি পাঠকক থুলমুলকৈ ক’লে বেয়া ন’হব। এল. চি. এচ. সমূহেদি পাৰপত্ৰ ( passport)ৰ জৰিয়তে বিদেশী লোক আহ-যাহ কৰিব পাৰে। পাৰ পত্ৰ আৰু বেগেজ, এল. চি. এচ.ৰ নিয়োজিত কাষ্টমচ বিষয়াই পৰীক্ষা কৰে। চি. পি. এফ. হৈছে স্মাগলিং নিবাৰক গোট। অৰ্থাৎ এলেকাটোৰ স্মাগলিং ৰোধ কৰাৰ দায়িত্বত তেওঁলোক নিয়োজিত থাকে এগৰাকী অধীক্ষকৰ অধীনত। দুয়োটা গোটে সীমান্তত বি. এচ. এফে বা অন্য সংস্থাই বাজেয়াপ্ত (Seized) কৰা বিদেশী বস্তু বা অনিয়মিত ভাবে ৰপ্তানি কৰিব বিচৰা চোৰাং বস্তু সমূহ চমজি লৈ তাক আইনী প্ৰক্ৰিয়াৰে অন্তিম ৰূপ দিয়ে। এইবোৰ বহলাই লিখিবলৈ বৰ দীঘল হ’ব আৰু খণ্ড খণ্ডকৈ লিখিব লাগিব।

মহেন্দ্ৰগঞ্জ, পশ্চিম গাৰোপাহাৰৰ বাংলাদেশ সীমান্তত লাগি থকা এটুকুৰা আওঁহতীয়া ঠাই। মাননীয় লোকসভাৰ স্পীকাৰ পি. এ. চাংমা মহোদয়ৰ ঘৰ মহেন্দ্ৰগঞ্জৰ ওচৰত। তেখেতৰ পুৰণি গৃহ আমাৰ কাৰ্যালয়ৰ পৰা খোজেৰে গৈ পোৱা দূৰত্বত আছিল। আমি থকা সময়ত মহেন্দ্ৰগঞ্জত টেলিফোনৰ ব্যবস্থাই নাছিল। অৰ্থাৎ পি. চি. অ. ই নাছিল। মোবাইল তেতিয়া ওলোৱাই নাই। আমি টেলিফোন এক্সচেঞ্জত গৈহে জৰুৰী যাবতীয় বাৰ্তা গুৱাহাটীস্থ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিলোঁ। তেতিয়া মহেন্দ্ৰগঞ্জৰ পৰা ভঙা শিল আৰু কয়লা বাংলাদেশলৈ ৰপ্তানি হৈছিল।

এদিন সন্ধ্যা বি. এচ. এফে কেইটোপোলামান শুকান গাঞ্জাৰ স’তে গাৰোপাহাৰৰ দুজন লোক ধৰি আমাক গটাবলৈ মহেন্দ্ৰগঞ্জ কাষ্টমচ অফিচলৈ আহিল। আচলতে গাঞ্জা প্ৰস্তুত কৰা হয় গা-গছডালৰ শীৰ্ষ অংশৰ পৰা, গুটি লগাৰ সময়ত। কিন্তু বি, এচ, এফে আনিছিল কেঁচা গছ কাটি শুকাবলৈ দিয়া আটাইসোপা। যি নহওক নিষিদ্ধ বস্তুৰ সৈতে মানুহ লৈ আহিলেই আমাৰ ডাঙৰ সমস্যা হয়। কিয়নো অপৰাধী ৰাখিবলৈ আমাৰ কাৰ্যালয়ৰ কোনো বিশেষ কোঠা নাথাকে। আৰু নাথাকে কোনো নিৰাপত্তাৰক্ষী। সেয়ে ৰাতি নিকটতম থানাতেই অপৰাধীক ৰাখিবলগীয়া হয়। থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজন ভাল ন’হলে বিভিন্ন ওজৰ আপত্তি দেখাই ৰাখিবলৈ থেৰো-গেৰো কৰে। স্বাস্থ্য পৰীক্ষা, খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি অপৰাধীয়ে যাতে আত্মহত্যা নকৰে সেই সকলোবোৰ চিন্তা কৰি সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়। মানুহ এজনক এৰেষ্ট কৰা মানেই তেওঁৰ ব্যক্তিগত স্বাধীনতা খৰ্ব কৰা। গতিকে কোনোধৰণৰ মানৱীয় অধিকাৰ যাতে উলংঘা নহয়, তাৰ বাবে সচেষ্ট হ’ব লগা হয়।

মানুহ এজন এৰেষ্ট কৰাৰ চৌবিশ ঘণ্টাৰ ভিতৰত জুডিচিয়াল মেজিষ্ট্ৰেটৰ (Judicial Magistrate) ওচৰত হাজিৰ কৰাব লাগে। তাৰ আগতে, জব্দকৃত বস্তুৰ পুংখানুপুংখ বিৱৰণেৰে তালিকা (Inventory) প্ৰস্তুত কৰা, ওজন লোৱা, অপৰাধীৰ বক্তব্য নিৰপেক্ষ সাক্ষীৰ আগত নথিবদ্ধ কৰা, পাঞ্চনামা (সাক্ষীৰ ভাষ্য) লিপিবদ্ধ কৰা, বাজেয়াপ্ত কৰা প্ৰতিটো টোপোলাৰ পৰা চেম্পল লৈ তাত অপৰাধী, সাক্ষী, বাজয়েপ্তকাৰী বিষয়াৰ চহী লোৱা, এৰেষ্ট মেম’ তৈয়াৰ কৰা, চেম্পলখিনি পৰীক্ষাৰ বাবে ফৰেনচিক গৱেষণাগাৰলৈ পঠোৱা ইত্যাদি বাৰেকিচিমৰ কাম থাকে। সেইবোৰ নিখুঁত ভাবে ন’হলে ক’ৰ্টত উকীলে যে ছাল-বাকলি বখলিয়াব সেয়া খাটাং। কেচত জিকাতো, যিকোনো বিভাগৰ কৃতিত্ব বুলি গণ্য কৰা হয় আৰু হৰাতো বাজেয়াপ্তকাৰী বিষয়াৰ অকৰ্মণ্যতা বুলি ধৰা হয়। অকৰ্মণ্য মানেই বহু কথা আহি যায়। দুজন মানুহ ধৰি আনি চমজালেই যেতিয়া ৰাতিটোৰ ভিতৰত সকলো কাম শেষ কৰি পুৱাই তুৰালৈ মানুহ দুজন নি মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰি জেলত থৈ আহিব লাগিব। গতিকে বাকী অফিচৰ সকলো কাম সাময়িকভাৱে বন্ধ কৰিবলগীয়া হয়। নিৰ্ধাৰিত কৰি দিয়া সময়ৰ হিচাপটো, আইনত বৰ ডাঙৰ কথা। অৱশ্যে চৌব্বিশ ঘণ্টা সময় হিচাপ কৰোঁতে পৰিবহণত ব্যয় হোৱা সময়খিনি বাদ দিয়া হয়।

তুৰা, পশ্চিম গাৰোপাহাৰৰ সদৰ ঠাই। হেড কোৱাৰ্টাৰ। মহেন্দ্ৰগঞ্জৰ পৰা তুৰালৈ দূৰত্ব ৭৬ কিলোমিটাৰ মান হ’ব। পাহাৰীয়া ৰাস্তা। দুঘণ্টা মানতকৈ কিছু বেছি সময় লাগে। আমি লৈ যাব লগা মানুহ দুজন এলাপেচা মানুহ নহয়। দুখন গাঁৱৰ দুজন গাওঁবুঢ়া। আমি যিটো ৰাস্তাৰে যাম সেই ৰাস্তাৰ কাষতে তেওঁলোকৰ গাওঁ। অৰ্থাৎ আমপাতি বোলা ঠাইডোখৰ। আমাৰ বিভাগীয় জিপছিখনেৰে আমি ওলাইছোঁ। আঘোন মাহ। দিন চুটি। সকলো কাম কাজ শেষ কৰি কাগজপত্ৰ ঠিক কৰালৈ বাৰটাই বাজিল। গাড়ীত বেছি মানুহ নধৰে। আগফালে এজন আৰু পিছফালে চাৰিজন। আমি আৰু মোৰ সহকৰ্মী দুয়ো ইন্সপেক্টৰ। গাত ইউনিফৰ্ম। লগত বিভাগীয় ড্ৰাইভাৰজন, এজন কনিষ্টবল, আৰু এৰেষ্ট কৰা দুজন গাওঁবুঢ়া। মুঠ ছজন মানুহ। সেইদিনা গোটেই পথছোৱাত যান বাহন নাই। মুকলি ৰাস্তা। গাৰো ছাত্ৰ সন্থাই বন্ধ দিছে। গাড়ী ফাই ফাই চলিল। হঠাৎ দেখোঁ আমপাতি পাৰ হৈ, গাৰোবাধা পোৱাৰ আগৰ পাহাৰীয়া ওখ ঠাইডোখৰ উঠোঁতেই গাড়ী ঘুটুক ঘুটুক শব্দ কৰি ৰৈ গ’ল। ড্ৰাইভাৰে ইটো টিপে, সিটো টিপে; ষ্টাৰ্ট নহয়। পাহাৰীয়া ৰাস্তাত সকলোৱে মিলি ঠেলি চালোঁ; নাই, নহয়। মেকানিক পাবলৈও গাৰোবাধালৈ চাৰিকিলোমিটাৰ দূৰ। তাতে আকৌ গাৰোপাহাৰ বন্ধ। কি কৰা যায়! কি কৰা যায়! হাতত সময় তেনেই কম। বিভিন্ন চিন্তাই মনত বাহ বান্ধিছে। অৱশেষত ড্ৰাইভাৰ আৰু কনিষ্টবলক অপৰাধী কেইজনৰ স’তে এৰি (অৱশ্যে হাত কেৰেয়া লগোৱা আছিল) দুয়োজন বিষয়া দুফালে খোজ ল’লোঁ। আমি গাৰোবাধা পুলিচ থানালৈ সহায় বিচাৰি আৰু লগৰজন ওচৰৰ গাওঁখনলৈ গাড়ী বিচাৰি। অপৰাধী যদি পলাই যায় বা ওচৰৰ গাঁৱৰ মানুহ আহি যদি মাৰ-ধৰ কৰি লৈ গুচি যায় বুলি চিন্তাই মন খুলি খুলি খাইছে। অৱশ্যে সিহঁতক ভালৰি লগাই লৈ আহিছোঁ। কেচটো লঘুকৈ কৰা হৈছে যাতে সোনকালে ৰিলিজ পায়। এনেকৈ কেতিয়াবা বিবেকৰ বিৰুদ্ধে মিছাও ক’বলগীয়া হয়। কেতিয়াবা মানুহ ইমান অসহায় হৈ পৰে যে পৰিস্থিতিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাদে দ্বিতীয় এটা পথ খোলা নাথাকে। এনেকুৱা অসহায় মুহূৰ্তত মদমত্ত হাতী গজেন্দ্ৰই পৰাক্ৰমী কুম্ভীৰটোৰ ওচৰত হাৰ মানি ভগৱানক শুৰ তুলি কাতৰ প্ৰাৰ্থনা কৰাৰ দৰে, মানুহেও ‘যি হয় হ’ব’ বুলি নিজকে আত্মসমৰ্পণ কৰাৰ বাদে অন্য একো উপায়ো নাথাকে।

পুলিচ থানা বুলি, দীঘলীয়া পথছোৱা খোজ কাঢ়ি অতিক্ৰম কৰোঁতে, ইউনিফৰ্মযোৰ ঘামত তিতিছিল। গাৰোবাধাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে আমাৰ গুৰুতৰ সমস্যাখিনি অনুধাৱন কৰি তৎকালীন কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিলে। অফিচ ৰেকৰ্ডৰ বাবে তেওঁলৈ সকলো জনাই এখন আবেদন পত্ৰ দিলোঁ। আমাৰ পলম হোৱা সময়ৰ ন্যায্যতা প্ৰদান কৰিবলৈও এইটোৱেই একমাত্ৰ প্ৰয়োজনীয় নথি আছিল। তেখেতে গাড়ী এখন যোগাৰ কৰি মানুহখিনি থানালৈ আনিলে। তেখেতলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা সদায়ে ৰ’ব। সেই দিনা সন্ধ্যা তুৰা গৈ পোৱালৈকে মেজিষ্ট্ৰেটৰ কাৰ্যালয় বন্ধ হৈ গৈছিল। ৰাতি অপৰাধীক তুৰাৰ থানাতেই ৰাখি আমি হোটল এখনত থিতাপি ল’লোঁ। পিছদিনা বাকী কামখিনি শেষ কৰিব পৰা হৈছিল। অপৰাধী দুজনক জেল হাজোতলৈ চালান দিয়াৰ পিছতহে একাপ চাহ পৰম শান্তিৰে সকলোটিয়ে খাইছিলোঁ। চিৰসুন্দৰৰ কৃপাত অথন্তৰৰ পিছতো বাকী সকলো কাম সুকলমে হৈ গ’ল।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
PRANJAL K SARMA
2 years ago

নেহেৰু পেগুৰ লিখনি এখন অসমীয়া বাতৰি কাকতত নিয়মিত পঢ়িছিলো আৰু এবাৰ ফোন কৰি কথা পাতি চিনাকিও হৈছিলো । মোৰ বন্ধু এজনো চেণ্ট্ৰেল এক্সাইজতে কৰে । লিখাটো আৰু দীঘল হোৱা হ’লে ভাল লাগিল হেঁতেন। প্ৰকৃতিৰ বৰ্ণনা,সেই সময়ৰ আৰু বহুত অভিজ্ঞতা ইত্যাদি।

Don`t copy text!