আমাৰ মা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন

লেখক- পিংকি বৰুৱা

জম্মুৰ ত্ৰিকূট পৰ্বতত অৱস্থিত ‘মা বৈষ্ণো দেৱী’ মন্দিৰলৈ যোৱাৰ আশা এটি বহুদিনৰ পৰা মনত পুহি ৰাখিছিলোঁ। মাৰ দৰ্শনৰ বাবে প্ৰায়ে যাম বুলি ভাবিও বিভিন্ন কাৰণত সময়ে উলিয়াব পৰা নাছিলো। প্ৰবাদ আছে বোলে বৈষ্ণো দেৱীমাৰ ওচৰলৈ যাম বুলিলেই কোনো যাব নোৱাৰে, যেতিয়ালৈকে মায়ে তেওঁৰ ওচৰলৈ নামাতে তেতিয়ালৈকে মাৰ দৰ্শন কোনেও কৰিব নোৱাৰে। ২০২১ চনৰ জানুৱাৰী মাহৰ কোনোবা দিন এটিত মই শ্ৰীমানক মাৰ দৰ্শন কৰিবলৈ যোৱাৰ কথা উলিয়ালোঁ। শ্ৰীমানে মোৰ প্ৰস্তাৱত সন্মতি জনাই মা বৈষ্ণো দেৱীৰ দৰ্শনৰ লগতে মৰ্ত্যৰ স্বৰ্গ কাশ্মীৰখন ফুৰাৰ কথাও উলিয়ালে। কাশ্মীৰ যোৱাৰ হেঁপাহ মোৰ সৰুৰে পৰা আছিল। এওঁৰ প্ৰস্তাৱটো শুনি মই লগে লগেই হয়ভৰ দিলোঁ। তেখেতে অফিচত ছুটীৰ বাবে আবেদন কৰিলে। এওঁলোকৰ অফিচৰ মাৰ্চ এণ্ডিংৰ কাম শেষ কৰি ব’হাগ বিহুৰ সময়তে আমাৰ জম্মু আৰু কাশ্মীৰ যোৱাৰ পৰিকল্পনা কৰিলোঁ। আনহাতে এওঁ অনলাইনত খবৰ কৰি শ্ৰীনগৰৰ ট্ৰেভেল এজেণ্ট দুগৰাকী মানৰ লগত মেইলত কথাও পাতিলে। তেওঁলোকে আমাৰ যাত্ৰাৰ সকলো পৰিকল্পনা, খৰচ আদিৰ কথা এওঁলৈ বিতংকৈ ইতিনাৰি এখন বনাই মেইল কৰিলে। ইতিমধ্যে অফিচৰ পৰা এখেতৰ ছুটী মঞ্জুৰ হোৱাত আমি ভবা মতেই ব’হাগ বিহুৰ সময়ত আমাৰ জম্মু আৰু কাশ্মীৰলৈ অহা যোৱা কৰা এয়াৰ টিকটৰ ব্যৱস্থা কৰা হ’ল। শেষত শ্ৰীমানে এগৰাকী ট্ৰেভেল এজেণ্টৰ লগত কথাবোৰ ভালদৰে খৰচি মাৰি পাতি ল’লে। অলপমান টকা আগতিয়াকৈ আগধন হিচাপে ট্ৰেভেল এজেণ্টলৈ নেট বেংকিংৰ জৰিয়তে পঠিয়াইও দিলে। ট্ৰেভেল এজেণ্ট গৰাকীৰ লগত ফোনতে শ্ৰীমানে জম্মু আৰু কাশ্মীৰৰ বৰ্তমানৰ পৰিস্থিতি, ফুৰিবলৈ গ’লে কিবা সমস্যা হ’ব নেকি ইত্যাদি কথাবোৰ খৰচি মাৰি জানি ল’লে। সেইমতেই সকলোবোৰ পৰিকল্পনা কৰি আমি বিশেষ দিনটো অহালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ।

আমাৰ কাশ্মীৰলৈ ফুৰিবলৈ যোৱাৰ দুমাহ আগতেই এয়াৰ টিকট কৰা হৈছিল। তেতিয়া অসমত ক’ভিডৰ একো নাম গোন্ধই নাছিল। আমাৰ এয়াৰ টিকট ১৩ এপ্ৰিলত ৰাতিপুৱা গুৱাহাটীৰ পৰা কৰা হৈছিল। গুৱাহাটীৰ পৰা দিল্লী এয়াৰপৰ্টত অলপ সময় ৰৈ কানেকটিং ফ্লাইটত একেদিনাই জম্মুলৈ যোৱা হ’ব। গধূলি জম্মু পাই ট্ৰেভেল এজেণ্টে ঠিক কৰা গাড়ীৰে কাটৰা যোৱাৰ কথা। কাটৰাৰ হোটেলত ৰাতিটো কটাই ১৪ এপ্ৰিলৰ দুপৰীয়া চাৰে বাৰ বজাত মাৰ দৰ্শনৰ বাবে হেলিকপ্টাৰৰ টিকট কৰিছিলোঁ। আমি হেলিকপ্টাৰত যোৱাৰ বাবদ এজনৰ ১৭৫০ টকা দিব লগা হৈছিল। হেলিকপ্টাৰত অহাযোৱা টিকট একেলগে কৰিলে ১৭৫০×২ =৩৫০০ টকা হয়। আমি অৱশ্যে যোৱা টিকটহে কৰিছিলোঁ। মোৰ একান্তই ইচ্ছা আছিল দেৱীমাৰ দৰ্শন কৰিবলৈ ১৬ কিলোমিটাৰৰ সমগ্ৰ পথচোৱা খোজকাঢ়ি ওপৰলৈ গৈ দেৱীমাক দৰ্শন কৰি আকৌ ১৬ কিলোমিটাৰ পথ খোজকাঢ়িয়ে তললৈ নামি অহা। কিন্তু ফেচবুকৰ চিনাকি বন্ধু সবিতাবায়ে তেনে কৰিবলৈ মোক মানা কৰিলে। ক’লে যে সৰু ল’ৰা-ছোৱালী লগত থাকিলে এনে নকৰাই ভাল। পাহাৰীয়া পথত খোজকঢ়াটো ইমান উজু নহয়। তাতে ১৬ কিলোমিটাৰৰ পথ। অহাযোৱা দুয়োটা খোজকাঢ়ি কৰিলে আমাৰ ডাঙৰ সমস্যা হ’ব। তেখেতে দুবাৰকৈ গৈ দেৱী মাৰ দৰ্শন কৰি অহা বাবে কথাবোৰ ভালদৰে জানে। সেয়ে সবিতাবাৰ কথাটো শুনি মই অলপ দ’কৈ ভাবি এওঁক জনালোঁ। এওঁ লগেলগেই বৈষ্ণো দেৱী মন্দিৰলৈ আমাৰ অহা-যোৱা টিকট হেলিকপ্তাৰত কৰিবলৈ লেপটপটো উলিয়াই ল’লেই। মই এওঁক হেলিকপ্টাৰত যোৱাৰ টিকটটো কৰি অহাৰ বাটটো খোজকাঢ়ি অহাৰ প্ৰস্তাৱ দিলোঁ। এওঁৰ ইচ্ছা নাছিল যদিও শেষত মোৰ কথাতো মানি ল’লে। আচলতে মাৰ দৰ্শনৰ বাবে ভক্তসকলে খোজকাঢ়ি যোৱা পথটো চাবলৈ মোৰ বহুত ইচ্ছা হৈছিল। তাতে বহুত মানুহক দেৱী মাৰ দৰ্শন কৰিবলৈ খোজকাঢ়ি যোৱাৰ কথা শুনি নিজেও পাৰিম বুলি ভাবি লৈছিলোঁ। সবিতাবায়ে মোক দঢ়াই দঢ়াই কৈছিল যাতে আমি হাতত অলপ সৰহকৈ টকা নিওঁ। মাৰ দৰ্শন কৰি আমাৰ ওভতনি যাত্ৰাত খোজকঢ়াত সমস্যা হ’লে লগালগ ঘোঁৰা, পাল্কি আদি ল’বলৈ হাতত পইচা থকাটো খুবেই দৰকাৰ। সবিতাবাই মোক আৰু কিবাকিবি তথ্য দিছিল। সেই তথ্যখিনি পোৱাৰ বাবে আমাৰ সুবিধা হৈছিল। তাৰবাবে মই সবিতাবাৰ ওচৰত কৃতজ্ঞ। লগতে কৈছিল আমি ভাগ্যৱান যে নৱৰাত্ৰিৰ সময়ত মাৰ দৰ্শন কৰিবলৈ যাব ওলাইছোঁ। এপ্ৰিলৰ ১৩ তাৰিখৰ পৰা নৱৰাত্ৰি আৰম্ভ হ’ব। মা বৈষ্ণো দেৱী মন্দিৰত নৱৰাত্ৰি বৰ ধুমধামেৰে পতা হয়। গোটেই মন্দিৰটো পুষ্পৰে সজোৱা হয়। সবিতাবাৰ কথা শুনি মোৰ বৰ ভাল লাগিছিল। এনেকুৱা এটা সুন্দৰ সময়ত যাবলৈ পাম বুলি ভাবি নিজকে বহুত ভাগ্যবান যেনেই লাগিল।

চাওঁতে চাওঁতে দুমাহ শেষ হ’বৰ হৈছিল আৰু আমাৰ যাত্ৰালৈ এসপ্তাহ বাকী আছিল। ইতিমধ্যে আমি বেগ পেক কৰা আৰম্ভ কৰিছিলোঁ। কাপোৰ কানি, জোতা, চেন্দেল আদিৰ লগতে চেনিটাইজাৰ, মাস্ক, জ্বৰ, কাঁহ, পেটৰ অসুখ, গেছ, বমি আদিৰ টেবলেট; নিজৰ সদায় লৈ থকা মেডিচিন, এণ্টিচেপ্টিক ক্ৰীম আদিৰ টোপোলা এটাও লগত লৈছিলোঁ। লগতে বেলেগকৈ ইলেক্ট্ৰনিক ডিভাইচবোৰৰ বাবেও বেগ এটা লৈছিলোঁ। হঠাতে ইলেকচন শেষ হোৱাৰ পিছতে নিউজ চেনেলবোৰত ক’ভিডৰ বাতৰিবোৰ ওলাবলৈ ধৰাত আমাৰ চিন্তাই হ’ল। যাওঁনে নাযাওঁ একো ঠিক কৰিব নোৱাৰা হ’লোঁ। পিছত দেৱী মাকে চিন্তা কৰি আমি মাৰ দৰ্শনৰ বাবে যাম বুলি মন বান্ধিলোঁ। কিন্তু আমাৰ যাত্ৰাৰ এক সপ্তাহৰ আগত ইন্দিগ’ এয়াৰলাইনছৰ পৰা মেছেজ আহিল যে ১৩ এপ্ৰিলৰ ৰাতিপুৱা গুৱাহাটীৰ পৰা জম্মুলৈ যোৱা আমাৰ টিকট কৰা ফ্লাইটখন কিবা টেকনিকেল কাৰণত কেনচেল হৈছে। আমি যদি ইচ্ছা কৰোঁ সেইদিনাই গধূলিলৈ দিল্লী যোৱা ফ্লাইট লৈ পিছদিনাখন (১৪ তাৰিখ) ৰাতিপুৱা ছয় বজাত জম্মুলৈ যোৱা ফ্লাইট ল’ব পাৰোঁ। নহ’লে ১৩ এপ্ৰিলৰ ফ্লাইটৰ টিকট কেনচেল কৰি নিজৰমতে পিছত টিকট ল’ব পাৰোঁ। মেছেজটো পায়ে শ্ৰীমানে কি কৰা যায় বুলি মোৰ লগত আলোচনা কৰিলে। আমি দুয়ো আলোচনা কৰি ১৩ এপ্ৰিলৰ দিনাই গধূলি গুৱাহাটীৰ পৰা যোৱাৰ কথাকে ভাবিলোঁ। ১৩ এপ্ৰিলৰ দিনাখন আমি নগ’লে আমাৰ যাত্ৰাৰ পৰিকল্পনাবোৰ খেলিমেলি হৈ যাব। পিছদিনাখনৰ হেলিকপ্টাৰৰ টিকটৰ পৰা শ্ৰীনগৰ যোৱাৰ টিকট কৰা আছিল। সেইবাবেই শ্ৰীমানে আগৰ টিকটটো কেনচেন কৰি ১৩ এপ্ৰিলৰ গধূলি যোৱাৰ টিকট কৰিলে। অৱশ্যে এই যাত্ৰাত আমাৰ অলপ কষ্ট হ’ব। ১৩ তাৰিখে গধূলি গুৱাহাটীৰ পৰা গৈ ৰাতি দিল্লী এয়াৰপৰ্ট চাৰে ন বজাত পামগৈ। তাত ৰাতিটো কটাই পিছদিনাখন ৰাতিপুৱা ছয় বজাত আকৌ জম্মুৰ কানেকটিং ফ্লাইটত উঠি ৰাতিপুৱা চাৰে সাত বজাত জম্মু পাই কাটৰালৈ যোৱা (টেক্সীৰে প্ৰায় এঘণ্টাৰ বাট) আৰু হোটেলত ফ্ৰেচ হৈ চাৰে এঘাৰ বজাত হেলিপেডত উপস্থিত হোৱা- এই গোটেই পৰিক্ৰমাটো অলপ ক্লান্তিকৰ হ’ব যেন বোধ হ’ল।

ক’ভিডৰ আতংকৰ বাবে ১৩ তাৰিখে ৰাতি আমি দিল্লীৰ এয়াৰপৰ্টৰ বাহিৰলৈ ওলাই গৈ হোটেল নোলোৱাৰ সিদ্ধান্ত লৈছিলোঁ আৰু ৰাতিটো এয়াৰপৰ্টৰ ভিতৰতে থকাৰ কথা ভাবিছিলোঁ। এয়াৰপৰ্টৰ ভিতৰত ৰেষ্ট ৰুম ভাৰালৈ পোৱা যায় যদিও শ্ৰীমানে অনলাইনত বিচাৰোতে নাপালে। প্ৰথমে কৰা টিকটৰ মতে হোৱাহেঁতেন আমি ১৩ তাৰিখে গধূলি জম্মু পাই ৰাতিটো ধুনীয়াকে কাটৰাৰ হোটেলত ৰেষ্ট ল’ব পাৰিলোঁহেঁতেন। যি কি নহওক আমাৰ হেলিকপ্টাৰৰ টিকট দুপৰীয়া চাৰে বাৰ বজাত হোৱাৰ বাবে টাইম কভাৰ কৰিব বুলি আমি আশাবাদী হৈ আছিলোঁ।

মা বৈষ্ণো দেৱী দৰ্শনৰ আমাৰ যাত্ৰা বহাগ বিহুৰ উৰুকাতে পৰিছিল। সেয়ে এইবাৰ আমাৰ জাতীয় উৎসৱ বহাগ বিহু কাশ্মীৰতে উৎযাপন কৰিব লাগিব বুলিয়ে আমাৰ যাত্ৰাৰ দুদিন আগতে মই পিঠাপনা আৰু লাৰু অলপ বনাই বেগত ভৰাই লৈছিলোঁ। আনহাতে, আমাৰ ট্ৰেভেল এজেণ্টৰ পৰামৰ্শ মানি আমি ১২ তাৰিখে যোৰহাট মেডিকেল কলেজলৈ গৈ তাত আমাৰ চাৰিজনৰে ক’ভিডৰ পেইড RTPCR টেষ্ট কৰিছিলোঁ। ৰিপৰ্টটো পিছদিনাখন আমালৈ হোৱাট এপ মেছেজত পঠিয়াব বুলি জনালে। RTPCR টেষ্ট জম্মু এয়াৰপৰ্টত ৪৮ ঘণ্টালৈকে মান্য থাকে বুলি আমাৰ ট্ৰেভেল এজেণ্টে আমাক জনাইছিল। আমি যিহেতু দেৰগাঁৱত থাকোঁ সেয়ে ১২ তাৰিখে টেষ্ট কৰি গুৱাহাটীলৈ ১৩ তাৰিখে ৰাতিপুৱা নিজৰ গাড়ীৰে গৈ এওঁৰ বন্ধু পংকজদাৰ তাত গাড়ীখন থৈ গধূলি ফ্লাইটত উঠাৰ কথা ভাবিলোঁ।

সকলোবোৰ কাম পৰিকল্পনামতে কৰিলেও কেতিয়াবা নভবাকৈ আগন্তুক সমস্যা কিছুমান ৰৈ থাকে। আমাৰো তেনেকুৱা হ’ল। পিছত অৱশ্যে সেইয়া দেৱী মাৰ পৰীক্ষা বুলিয়ে আমি ভাবি লৈছিলোঁ। ১২ তাৰিখে শ্ৰীমানে আগবেলাটো অফিচৰ কামত ব্যস্ত থাকিল। দুপৰীয়া অফিচৰ পৰা আহি আমাক যোৰহাটলৈ নি RCPCR টেষ্ট কৰাই আনি ঘৰ পাওঁহি মানে গধূলিয়ে হ’ল। লৰালৰিৰ কোবত দিনটো ভাত নোখোৱাকৈ থকা শ্ৰীমানৰ ৰাতি ভাত খোৱাৰ আগৰ পৰা গেছৰ সমস্যা দেখা দিবলৈ ধৰিলে। এওঁ প্ৰায় গোটেই ৰাতিটো নুশুলে। বেচিনৰ কাষত বহি মাজে মাজে বমি কৰি থাকিল। মানুহজন একেবাৰে লেবেজান হৈ পৰিল। গেছৰ টেবলেট দিয়া হৈছিল যদিও অলপো কাম কৰা নাছিল। মোৰ চিন্তাই লাগিল। পিছদিনাখন ৰাতিপুৱাই গুৱাহাটীলৈ যোৱাৰ কথা আছিল আৰু গধূলি গুৱাহাটীৰ পৰা দিল্লীলৈ ফ্লাইট। আচল মানুহজনেই অসুস্থ হৈ পৰিল যেতিয়া আমাৰ মাৰ দৰ্শন কৰিবলৈ যোৱা পৰিকল্পনাও ইমানতে সামৰণি পৰিল বুলি মনতে ভাবিলোঁ। আমাৰ ভাগ্যত চাগে মাৰ দৰ্শন নাই। সেয়ে প্ৰথমে ফ্লাইটৰ টিকটৰ খেলিমেলি আৰু এতিয়া শ্ৰীমানো অসুস্থ। ৰাতিটো ইচাটিবিচাটি কৰি বিছনাত পৰি থাকিলোঁ। মনত বহুত দুখো লাগিল।

ৰাতিপুৱা শ্ৰীমানে অলপ সুস্থ অনুভৱ কৰাত তেওঁ ড্ৰাইভাৰ এজনলৈ ফোন কৰিলে আৰু তেওঁক গুৱাহাটী যোৱাৰ কথা ক’লে। এওঁ আমাক ততাতৈয়াকৈ ওলাবলৈ কৈ নিজেও যেনেতেনে কাপোৰ পিন্ধি ল’লে। বেমাৰী মানুহজনক লৈ যোৱা ভাল হ’বনে নাই মই একো ভাবি পোৱা নাছিলো। তথাপি যি হয় হ’ব বুলি ওলালোঁ। এনেও RCPCR ৰিজাল্ট ঠিক নাহিলে গুৱাহাটীৰ পৰা আমি উভতিয়ে আহিব লাগিব। ৰাতিপুৱা প্ৰায় চাৰে সাত বজাত ড্ৰাইভাৰজন আহি হাজিৰ হ’ল। দুহেজাৰ টকাৰ বন্দোৱস্তিত তেওঁ আমাৰ গাড়ীখন চলাই আমাক গুৱাহাটীত থৈ অহাৰ কথা। এওঁ পিছৰ ছীটত ল’ৰা-ছোৱালীহালৰ কাষতে বহি শুই গ’ল। আমি জখলাবন্ধা পোৱাৰ পিছত এওঁৰ বন্ধু এজনৰ পৰামৰ্শমতে ফাৰ্মাচী এখনৰ পৰা অন্য এটা টেবলেট কিনি খোৱাৰ পিছতহে এওঁ কিছু সুস্থ হ’ল। ড্ৰাইভাৰ আৰু আমি তাতে ব্ৰেকফাষ্ট কৰি ল’লোঁ। এওঁ অৱশ্যে একো নাখালে। লাহে লাহে এওঁ সুস্থ হ’ল যদিও আগদিনাখন কৰা RCPCR টেষ্টৰ ৰিজাল্ট কি বা আহে বুলি আমাৰ মনত বৰ সংশয় হৈ আছিল। যদি আমাৰ চাৰিজনৰ ভিতৰত এজনৰো ক’ভিড ১৯ পজিটিভ আহে আমাৰ যাত্ৰাই বাতিল কৰিব লাগিব। ক’ভিডৰ ৰিজাল্ট আবেলি পাঁচ বজাৰ পিছতহে পোৱাৰ কথা। ইফালে চাৰে ছয় বজাত আমাৰ ফ্লাইট। দেৰগাঁৱৰ পৰা আহি থাকোঁতে দিনত কাজিৰঙাতো আমি এঘণ্টামান সময় পথ অৱৰোধ কৰাৰ বাবে খাপ পিটিবলগীয়া হৈছিল। ভাগ্যে আৰ্মিৰ গাড়ী কেইখনমান আহি পোৱাৰ বাবে পৰিস্থিতি চম্ভালি ল’লে আৰু সেই সময়তে প্ৰশাসনৰ গাড়ী আহি ৰাস্তা মুকলি কৰাই দিলে। খানাপাৰা পাই আমি লগত নিয়া ড্ৰাইভাৰজনক তেওঁৰ প্ৰাপ্য টকা দি বিদায় দিলোঁ। তাৰপিছত এওঁ ড্ৰাইভিং ছীটত বহিল। খানাপাৰাৰ পৰা আহি পান বজাৰৰ মনিপুৰী হোটেল এখনত দুপৰীয়াৰ সাঁজ খাই ভৰলুৰ ফৰেষ্ট অফিচত থকা এওঁৰ অন্তৰংগ বন্ধু পংকজ বৰাৰ অফিচ পালোঁগৈ। পংকজদাই তেওঁৰ অফিচ ৰুমত বহুৱাই আমাক চাহ খুৱালে। তেওঁৰ অফিচৰ ড্ৰাইভাৰ ৰঞ্জনক আমাক এয়াৰপৰ্টত থৈ আহিবলৈ ক’লে। ৰঞ্জনে আমাক এয়াৰপৰ্টত নমাই আমাৰ গাড়ীখন পংকজদাৰ অফিচলৈ লৈ আনে। যথাসময়ত আমাৰ বৰ্ডিং পাছৰ যাবতীয় কামবোৰ সমাপন কৰি যি হয় দেখা যাব বুলি দেৱী মাক স্মৰণ কৰি ফ্লাইটত বহিলোঁ। সেই সময়তে এওঁক যোৰহাটৰ ল’ৰাজনৰ লগত কথা পতা শুনিলোঁ। এওঁৰ অভিব্যক্তিতে গম পালোঁ আমাৰ RCPCR টেষ্টৰ ৰিজাল্ট নিগেটিভ আহিছে। তেতিয়াহে মই আৰু শ্ৰীমানে স্বস্তিৰ নিশ্বাস এৰিলোঁ। টেষ্টৰ ৰিজাল্টক লৈ অৱশ্যে মোতকৈ শ্ৰীমানৰহে চিন্তা বেছি আছিল। এতিয়া মাৰ দৰ্শনৰ বাবে আমাৰ মনোকামনা পূৰণ হ’ব যেন লাগিল। এতিয়াৰ পৰা আৰু যাতে নতুন একো বিঘিণি নহওক বুলি দেৱী মাক মনত পেলাই মনতে বিৰবিৰালোঁ। আচলতে এইয়া মায়ে আমাৰ পৰীক্ষা লৈছিল বুলিয়ে মই মনতে ভাবি ল’লোঁ।

দিল্লী পাই আকৌ চেক ইন কৰি আমি ভিতৰৰ ৰাস্তাৰে কানেকটিং ফ্লাইটৰ ৱেইটিং লাউঞ্জত বহিলোঁগৈ। ফ্লাইটত এজনৰ ১৫ কেজি ওজনৰ বেগ নিব পাৰে। আমাৰ চাৰিজনৰ চাৰিটা গধুৰ বেগ গুৱাহাটীতে জম্মুত লোৱা হ’ব বুলি দিয়া হৈছিল। এতিয়া আমাৰ হাতত কেবিনত নিব পৰা হেন্দ বেগ কেইটাহে আছে। ৰাতিটো মুখত মাস্ক লগাই লাউঞ্জতে ইফালে সিফাল কৰি সময় কটালোঁ। দিল্লী এয়াৰপৰ্টৰ লাউঞ্জত শুবৰ বাবে ঠায়ে ঠায়ে কাউচ্চ কেইখনমান আছে যদিও আমি গৈ পোৱাৰ আগতেই বেলেগে অধিকাৰ কৰি লৈছিল। তেওঁলোকলৈ আমাৰ বৰ ঈৰ্ষা হৈছিল। লাহে লাহে এয়াৰপৰ্টৰ গোটেই লাউঞ্জ নতুনকৈ অহা যাত্ৰীৰে ভৰি পৰিছিল। তেওঁলোকৰো ৰাতিপুৱা সোনকালে ফ্লাইট আছিল। সকলোৱে চকীত বহি লাহে লাহে শুই পৰিছিল। মজিয়াত শুই থকা বহুত বনুৱা একেলগে দেখিছিলোঁ। তেতিয়াই মনলৈ আহিছিল যোৱাবাৰৰ ক’ভিডৰ সময়ৰ কথা। আমি যে এনে সময়ত যাত্ৰা কৰিবলৈ আহি ডাঙৰ ৰিস্ক লৈছোঁ, সেই কথাটো ভালকৈয়ে বুজি পালোঁ। ৰাতিপুৱা পাঁচ বজাত জম্মু অভিমুখী ফ্লাইটত যাবৰ বাবে নিৰ্দিষ্ট গেটৰ সন্মুখত ৰৈ লাইনৰ বাবে ঠিয় হলোঁগৈ। যথাসময়ত আমি জম্মুৰ ফ্লাইটত উঠিলোঁ। ইন্দিগ’ ফ্লাইটৰ ফালৰ পৰা প্ৰতিজন যাত্ৰীকে চেফটি কিটৰ পেকেট একোটা দিয়া হৈছিল। তাতে চেনিটাইজাৰৰ পেকেটকেইটামান, ফেচ মাস্ক আৰু ফেচ প্ৰটেক্তৰ শ্বিল্ড একোখন আছিল। আনহাতে, তিনিজনীয়া ছীটৰ মাজৰ যাত্ৰীজনক বগা এপ্ৰ’ন এটা পিন্ধিবলৈ দিয়া হৈছিল। এয়াৰ হোষ্টেলসকলে নিজেও বিমানত এপ্ৰ’ন আৰু মাস্ক পিন্ধি সকলোকে মাস্ক পিন্ধি থাকিবলৈ অনুৰোধ জনাইছিল। অৱশ্যে সকলোৱে নিয়মৰ মাজেৰে গৈ ফ্লাইটত নিজৰ আসন গ্ৰহণ কৰি নিয়ম মানি চলিছিল। ৰাতিপুৱা চাৰে সাত বজাত আমি জম্মু এয়াৰপৰ্টত অৱতৰণ কৰিলোঁ। চলন্ত বেল্টৰ পৰা আমাৰ বেগবোৰ কালেক্ট কৰাৰ পিছত আমাৰ RCPCR টেষ্টৰ ৰিজাল্ট দেখুৱাওৱাৰ পিছতহে বাহিৰলৈ ওলাবলৈ দিছিল। এয়াৰপৰ্টৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতে গেটৰ কাষতে থকা পাঞ্জাৱী দোকান এখনৰ পৰা জম্মু আৰু কাশ্মীৰত চলিব পৰা চিম কাৰ্ড এখন চাৰে চাৰিশ টকা দি কিনিলোঁ। নতুন চিমখন এক্টিভ হোৱালৈকে প্ৰায় আধা ঘণ্টামান সময় দোকানতে বহি থাকিলোঁ। জম্মু আৰু কাশ্মীৰত বাহিৰৰ প্ৰিপেইড চিম কাৰ্ড নচলে। এয়াৰপৰ্টৰ ওচৰলৈ স্থানীয় টেক্সী ড্ৰাইভাৰসকলে ট্ৰেভেল এজেণ্টৰ গাড়ীবোৰ আহিবলৈ নিদিয়ে বাবে আমি বেলেগ এখন গাড়ী ভাড়া কৰি অলপ আতৰত অভাৰব্ৰীজৰ তলত আমাৰ বাবে ৰৈ থকা আমাৰ ট্ৰেভেল এজেণ্টৰ গাড়ীখনত গৈ বহিলোঁগৈ। গাড়ীৰ নাম্বাৰ ফোনতে ড্ৰাইভাৰে আমাক জনাইছিল। তাৰপৰাই আমাৰ কাটৰালৈ যাত্ৰা হ’ব। এনেই তাৰ লোকেল টেক্সী ড্ৰাইভাৰে জম্মুৰ পৰা কাটৰালৈ প্ৰায় ১৩০০ টকা ভাৰা লয় বুলি আমাক জনালে।

পাহাৰীয়া ধুনীয়া সুন্দৰ অকোঁৱাপকোঁৱা ৰাস্তাৰে আমাৰ গাড়ীখনে কাটৰা অভিমুখে গতি কৰিলে। ৰাস্তাৰ দুয়োকাষৰ প্ৰাকৃতিক সৌন্দৰ্যই মন মুগ্ধ কৰিলে। জম্মুৰ পৰা কাটৰা যাওঁতে ৰাস্তাত পাহাৰ কাটি বনোৱা ৫/৬ টামান টানেল (সুৰংগ) আছে। সুৰংগৰ ভিতৰেদি গাড়ীবোৰ পাৰ হৈ যাওঁতে আমি ৰোমাঞ্চিত হৈ পৰিছিলোঁ। জম্মুৰ পৰা কাটৰা যোৱা ৰাস্তাটো জম্মু শ্ৰীনগৰৰ মূল ৰাস্তাটোৰ পৰা বাওঁহাতেদি কাটৰালৈ সোমাই গৈছে। জম্মুত পাঞ্জাৱী মানুহ বহুত আছে। এয়াৰপৰ্টৰ বাহিৰত থকা টেক্সী ড্ৰাইভাৰ, দোকানীসকল পাঞ্জাৱী লোক আছিল। আনহাতে, আমাৰ ট্ৰেভেল এজেণ্টে দিয়া জাইল’ গাড়ীখনৰ চনু নামৰ ড্ৰাইভাৰজনো পাঞ্জাৱী আছিল। ড্ৰাইভাৰজন ভাল আছিল। কাটৰা পোৱাৰ আগতে তেওঁ ৰাস্তাৰ কাষৰ ঢাবা এখনত ব্ৰেকফাষ্ট খাবৰ বাবে গাড়ী ৰাখিছিল যদিও আমাৰ সময়ে নোকোলাব বুলি আমি তাত একো নাখালো। আমাৰ বৰ লৰালৰি হৈছিল। কাটৰাৰ হোটেলত সোমাই প্ৰথমতে গোটেইকেইটাই ভালদৰে গা পা ধুই পৰিষ্কাৰকৈ ওলাই মাৰ দৰ্শনৰ বাবে নিৰ্ধাৰিত সময়ত হেলিপেডৰ অফিচ পাব লাগে। নিৰ্ধাৰিত সময়তকৈ প্ৰায় এঘণ্টাৰ আগতে হেলিপেডৰ অফিচ পাব লাগে বুলি শুনিছিলোঁ বাবে সময়ত গৈ নাপালে সমস্যা হ’ব বুলি ভয় খাইছিলোঁ।

জম্মুৰ স্থানীয় ভাষা ড’গৰী, কাশ্মীৰী, পাঞ্জাৱী, উৰ্দু, হিন্দী আৰু পাহাৰী পথৱাৰী বুলি ড্ৰাইভাৰজনে কৈছিল। মন্দিৰ নগৰী জম্মুখন জম্মু আৰু কাশ্মীৰৰ শীতকালৰ ৰাজধানী আৰু ডাঙৰ চহৰো হয়। জম্মুৰ নগৰৰ মাজেৰে বৈ যোৱা টাৱি (tawi) নদীখনে জম্মুখনৰ সৌন্দৰ্য দুগুণে চৰাইছে। ইউনিয়ন টেৰিটৰিৰ আটাইতকৈ ডাঙৰ জিলাখনেই হৈছে জম্মু। ইয়াৰ তাপমাত্ৰা শীতকালত এভাৰেজ ১৭.৭ ডিগ্ৰী চেলচিয়াচ আৰু গৰমত প্ৰায় ২৯.৬ ডিগ্ৰী চেলচিয়াচ। জনবিশ্বাসমতে প্ৰায় ১৪০০ শতিকাৰ আগতে ৰজা জম্বু লোচনে এই চহৰখন প্ৰতিষ্ঠা কৰিছিল। ৰজাই এদিন চিকাৰলৈ যাওঁতে একেটা পুখুৰীতে বাঘ আৰু ছাগলীক পানী খোৱা দেখি আচৰিত হৈছিল। তেতিয়াই তেওঁৰ মনলৈ আহিল যে ইয়াতে এনে এখন নগৰৰ প্ৰতিষ্ঠা কৰিব লাগে য’ত নেকি দুৰ্বলী আৰু পৰাক্ৰমী লোক একেলগে শান্তিৰে সমিলমিলেৰে থাকিব পাৰে। তাৰপাছত এই ঠাইডোখৰ জম্বু নামেৰে পৰিচিত হয়। পিছলৈ মানুহৰ মুখ বাগৰি জম্বুৰ পৰা জম্মু নাম হয়। জম্মুত হিন্দু, মুছলমান, শিখ আৰু খ্ৰীষ্টানসকলৰ পৃথক পৃথক উপাসনা গৃহ আছে যদিও জম্মুৰ পৰা প্ৰায় পঞ্চাশ কিলোমিটাৰ আতৰত থকা ত্ৰিকূট পৰ্বতমালাত আমাৰ হিন্দুসকলৰ পৰম আৰাধ্য দেৱী ‘মা বৈষ্ণো দেৱী’ মন্দিৰ অৱস্থিত। এই মন্দিৰলৈ বছৰি হাজাৰ হাজাৰ ভক্তৰ আগমন হয়। আমিও এই মন্দিৰ দৰ্শনৰ বাবেই আহিছোঁ।

যথাসময়ত আমি কাটৰা চহৰত প্ৰৱেশ কৰি আমাৰ ট্ৰেভেল এজেণ্টে ঠিক কৰা ‘শ্ৰীৰাম’ নামৰ হোটেলখনত প্ৰৱেশ কৰিলোঁ যদিও হোটেলখন আমাৰ অলপো পচন্দ নহ’ল। সেইসময়ত হোটেলখনৰ ৰিচেপছন হলটোৰ ৰিপেয়াৰিংৰ কাম চলি আছিল আৰু ৰিচেপছনৰ লগতে থকা ডাইনিং হ’লটোত মাখিৰ উপদ্ৰৱ দেখি বৰ ঘিণ লাগিল। তাতে ট্ৰেভেল এজেণ্টৰ লগত পতা কথামতে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু ৰাতিৰ ডিনাৰ হোটেলৰ পৰা দিয়া হ’ব। ইমান লেতেৰা হোটেলত থাকি খোৱা-বোৱা কৰিব নোৱাৰি বুলি মই তাৰপৰা ওলাই আহিলোঁ আৰু লগে লগে ৰাস্তাৰ কাষতে থকা ‘কান্তা ইণ্টাৰনেচনেল’ নামৰ হোটেলখনলৈ আহি আমাৰ বাবে ৰুম বুক কৰি তাতে সোমালোগৈ। দুটা বাথৰুমৰ লগতে দুখন ডাবল বেড থকা ডাঙৰ শীতাতপ নিয়ন্ত্ৰিত কোঠাটো দেখিয়েই মোৰ পচন্দ হোৱাত সেইটোকে লৈ ল’লোঁ। আমি চাৰিটাই লৰালৰিকৈ গা পা ধুই কাপোৰ কানি পিন্ধি দেৱী মাৰ দৰ্শনৰ বাবে যাবলৈ সাজু হ’লোঁ। অৱশ্যে ইয়াৰ বাবে আমি দুগুণ পইচা ভৰিবলগীয়া হ’ল। শ্ৰীৰামৰ হোটেল আগতে বুক কৰা আছিল বাবে ট্ৰেভেল এজেণ্টে তাৰো পইচা লাগিব বুলি ক’লে। বেলেগ হোটেল ল’লে নিজৰ খৰচত ল’ব লাগিব বুলি জনালে। আমাৰ হাতত সময় কম আছিল বাবে তৰ্ক বিতৰ্ক নকৰি কান্তা ইণ্টাৰনেচনেল হোটেলৰ লগতে শ্ৰীৰাম হোটেলত আমি নথকাকৈয়ে সেইখন হোটেল আমাৰ বাবে ৰিজাৰ্ভ কৰাৰ বাবদ অতিৰিক্তভাৱে আমি পইচা দিবলগীয়া হৈছিল। ট্ৰেভেল এজেণ্টৰ গাড়ীখন পিছদিনাখন আহিবলৈ কৈ আমি চনু ড্ৰাইভাৰক সেইদিনা বিদায় দিলোঁ।

১৪ এপ্ৰিলৰ দুপৰীয়া প্ৰায় বাৰমান বজাত আমাক হোটেলৰ পৰা দিয়া মাৰুটি ভানখনত উঠি হেলিপেডৰ অফিচলৈ বুলি ৰাওনা হ’লোঁ। আমাক ড্ৰাইভাৰজনে কোৱা মতে হেলিকপ্টাৰৰ টিকটত ১২.৩০ সময় দিছে যদিও তাতকৈ অলপ দেৰী হ’লেও কোনো সমস্যা নাই। টাইমত পাবই লাগিব বুলি তেনে কোনো কথা নাই। মুঠতে তাত গৈ পালেই হ’ল। হেলিপেডলৈকে আমাৰ হোটেলখনৰ পৰা দুৰত্ব গাড়ীৰে প্ৰায় দহ মিনিটৰ বাট। পূজাৰ সামগ্ৰী কিনিবৰ বাবে বাটতে ড্ৰাইভাৰজনে দোকান এখনৰ সন্মুখত গাড়ীখন ৰখাই দিয়াত দোকানখনলৈ সোমাই গ’লোঁ। দেৱী মাক অৰ্পণ কৰিবৰ বাবে মই বস্ত্ৰ, ছুনৰী আৰু ৰূপৰ ছত্ৰী তিনিটা কিনিলোঁ। দেৱী মাক অৰ্পণ কৰিবলৈ এতিয়া এইখিনি সামগ্ৰীয়ে প্ৰয়োজন আৰু আন একো নালাগে বুলি দোকানীজনে মোক ক’লে। আমাক মূৰত বান্ধিবৰ বাবে ‘জয় মাতা দি’ লিখা ফিতা চাৰিডাল দোকানীজনে অৱশ্যে মোক এনেই দিলে। দোকানৰ পৰা ওলোৱাৰ পিছত তাৰপৰা অলপ আগত থকা হেলিপেড অফিচৰ কাউণ্টাৰৰ সন্মুখত ড্ৰাইভাৰে আমাক নমাই দিলে। দেৱী মাৰ মন্দিৰ দৰ্শন কৰি আমি উভতি অহাৰ পিছত ৰাতি হোটেল বা ড্ৰাইভাৰলৈ ফোন কৰিলে আমাক আকৌ নিবলৈ অহাৰ প্ৰতিশ্ৰুতি দি ড্ৰাইভাৰজন গুচি গ’ল। আমি হেলিপেড অফিচৰ কেম্পাছটোৰ গেটেৰে সোমাই সন্মুখতে পোৱা কাউণ্টাৰটোৰ সন্মুখলৈ আগুৱাই গ’লোঁ। তাত কেইবাটাও পৰিয়াল ৰৈ নথিপত্ৰ পৰীক্ষণ কৰি আছিল। তেওঁলোকৰ পিছতে আমিও ৰ’লোঁগৈ। তাৰপিছত অনলাইনত হেলিকপ্টাৰৰ টিকট কাটোতে আমি দেখুওৱা আমাৰ চাৰিওজনৰে পৰিচয় পত্ৰ, হেলিকপ্টাৰৰ অনলাইন টিকট আদিৰ পৰীক্ষণ কৰালোঁ। তাত হেলিপেডৰ দুটা চাৰ্ভিছ আছে। এটা ‘হিমালয়ান’ আৰু আনটো ‘গ্ল’বেল ভেক্ট্ৰা’। আমি গ্ল’বেল ভেক্ট্ৰাত টিকট লৈছিলোঁ। দুয়োটা চাৰ্ভিছ সলনাসলনিকৈ একেটা হেলিপেডৰ পৰাই দিয়ে। শ্ৰীমানে আমাৰ যাত্ৰাৰ ডেৰমাহমান আগতে MATA VAISHNO DEVI SHIRINE BOARD, KATRA (J&K) ৰ ৱেবছাইটত সোমাই যাত্ৰা পৰ্চী লৈ নিৰ্দিষ্ট দিনত হেলিকপ্টাৰৰ টিকট ক্ৰয় কৰিছিল।

ক’ভিডৰ আতংকময় পৰিস্থিতিৰ বাবে এতিয়া দৰ্শনাৰ্থী একেবাৰেই কম। সেয়ে অনলাইনত হেলিকপ্টাৰৰ টিকট আগতিয়াকৈ নাকাটিলেও লগালগ টিকট ল’ব পৰা ব্যৱস্থা তেতিয়া তাত আছিল। অৱশ্যে দৰ্শনাৰ্থীৰ সংখ্যা বেছি হ’লে টিকট নাপাবও পাৰে। তাৰপিছত আগুৱাই গৈ আন এটা কাউণ্টাৰৰ বাহিৰত আমাৰ চাৰিওজনৰে এজন এজনকৈ শৰীৰৰ ওজন জুখি তেওঁলোকক জনালোঁ। তাৰপাছত আমি অন্য দৰ্শনাৰ্থীৰ দৰেই কাউণ্টাৰৰ সন্মুখৰ মুকলি ঠাইখিনিত টিনৰ চালি দি পাৰি থোৱা চকীবোৰত অলপ সময় বহি আমাক বৰ্ডিং পাছ দিয়ালৈ অপেক্ষা কৰিলোঁ। প্ৰায় দহ মিনিটমান সময় বহাৰ পিছত তেওঁলোকৰ ফালৰ পৰা আমাৰ নামবোৰ কৈ চিঞৰাত আমাৰ বৰ্ডিং পাছকেইখন ল’লোঁ। বৰ্ডিং পাছ দিওঁতে প্ৰতিজনৰ ৭৫ টকাকৈ মুঠ ৩০০ টকা আমাৰ পৰা ল’লে। এই টকা আমাৰ চেফটি কীটৰ বাবে লোৱা হৈছে বুলি ৱালত কাগজ এখন মাৰি লিখি থৈছিল। কাউণ্টাৰৰ কাষতে থকা সৰু দোকান এখনৰ পৰা মই ফ্ৰুট জুচৰ পেকেট কেইটামান, পানীৰ বটল দুটা, চিপ্‌চ আৰু চকলেটৰ পেকেট কেইটামান কিনি বেগত ভৰাই ল’লোঁ। হেলিপেড কাউণ্টাৰটোৰ ওপৰত থকা ডাঙৰ টিলাটোতে হেলিপেডটো আছে। হেলিকপ্তাৰবোৰ মূৰৰ ওপৰেদি হোঁ হোঁৱাই পাৰ হৈ তাতে অৱতৰণ কৰিছেহি আকৌ লগালগ তাৰপৰা উৰি গৈছে। কিছুমানে সুবিধা বুজি তলৰ পৰাই হেলিকপ্টাৰৰ মাত শুনি দুই এখন ফটো তুলিছে। আমি আটাইকেইটা তাৰপৰা ওলাই আহি প্ৰথম কাউণ্টাৰৰ ওচৰত ৰৈ থকা ভেন এখনত বহিলোঁহি। তেওঁলোকৰ নিজা গাড়ী কেইবাখনো তাত ৰৈ আছিল। তেওঁলোকৰ নিজা গাড়ীত দৰ্শনাৰ্থীসকলক উঠাই নি হেলিপেডৰ অফিচৰ সন্মুখত নমাই দিয়ে। ইয়াৰ বাবে অৱশ্যে বেলেগকৈ মাছুল দিব নালাগে। হেলিপেড অফিচলৈ যোৱাৰ বহু বাধ্যবাধকতা আৰু নিয়ম আছে। টিলাটোৰ ওপৰত থকা হেলিপেডলৈ প্ৰাইভেট গাড়ী নিব নোৱাৰি। তেওঁলোকৰ নিজা ভানত উঠি আমি আহি ওপৰৰ হেলিপেডৰ অফিচটোৰ সন্মুখত নামিলোঁ। তাৰপিছত আমাৰ সকলোৰে চেকিং আৰম্ভ হ’ল। তাৰপাছত লগত নিয়া বেগসমূহৰ লগতে আমাৰ নথিপত্ৰ সমূহৰো চেকিং চলিল। হেলিপেডৰ অফিচত প্ৰৱেশ কৰাৰ পৰা ওপৰত গৈ নমালৈকে ফটো তোলা একেবাৰেই নিষিদ্ধ আৰু হেলিকপ্টাৰৰ পৰাও তলৰ ফটো তোলা নিষিদ্ধ। চিকিউৰিটিৰ অফিচাৰকেইজনে আমাক সকলোকে ফটো নুতুলিবলে সোঁৱৰাই থাকিল। আমাৰ হাতত থকা ডিএচএলআৰ কেমেৰাটো দেখি চিকিউৰিটি অফিচাৰ এজনে কেমেৰাটো আমাক লগত নিবলৈ নিদিয়া হ’ল। আমি তেওঁলোকক ক’তো ফটো নোতোলো বুলি বাৰে বাৰে কোৱাৰ পিছতো তেওঁ কেমেৰাটো নিবলৈ নিদিয়ে। তেওঁলোকে ক’লে যে ‘কেমেৰা ইয়াত চেফ থাকিব। দেৱীমাক দৰ্শন কৰি উভতি আহোঁতে ইয়াৰ পৰা কেমেৰাটো লৈ যাব। আমাৰ অফিচ সন্ধিয়া ছয় বজালৈকে খোলা থাকিব।’ তাকে শুনি আমি ক’লোঁ যে- ‘উভতি আহোঁতে খোজকাঢ়ি আহিম, গতিকে সন্ধিয়া ছয় বজাৰ আগত ইয়াত আমি আহি নাপাম।’ তেওঁ আকৌ পিছদিনাখন কেমেৰাটো ল’বলৈ ক’লে। ইফালে পিছদিনাখন ৰাতিপুৱা চাৰে ন বজাত আমাৰ জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱাৰ ফ্লাইট আছে। সেই কথাটো কোৱাৰ পিছতো তেওঁ ক’লে যে চাৰে ন বজাতহে ফ্লাইট আছে, ৰাতিপুৱা চাৰে ছয় বজাতে ইয়াৰ অফিচ খুলিব। সেয়ে এয়াৰপৰ্টলৈ যোৱাৰ আগতে আহি কেমেৰাটো লৈ ল’লেই হ’ল। লগতে কাগজ এটুকুৰাত শ্লিপ এখনো লিখি দিছিল। শ্লিপখন কেমেৰাটো ল’বৰ সময়ত দেখুওৱাব লাগিব। কেমেৰাটো তেনেকৈ তাত এৰি যাবলৈ মোৰ অলপো মন যোৱা নাছিল। মই তেওঁলোকক সৈমান কৰাবলৈ বহুত চেষ্টা কৰিও বিফল হ’লোঁ। ইফালে মোৰ হাতত থকা বেগটোত সৰু এক্সন কেমেৰাটো সোমাই আছে। মই সেইটোও ৰাখি থ’ব বুলি মনে মনে শংকিত হ’লোঁ। অৱশ্যে সেইটো তেওঁলোকে নাচালেই। ময়ো ভগৱানক মনে মনে প্ৰাৰ্থনা জনালোঁ যে বেগত থকা এক্সন কেমেৰাটোৰ কথা যাতে তেওঁলোকে একো নুসোধে।

অৱশেষত আমাৰ ডিএচএলআৰ কেমেৰাটো তাতে এৰি যোৱাৰ বাদে গত্যন্তৰ নাছিল। ৰাতিপুৱা এয়াৰপৰ্টলৈ যোৱাৰ সময়ত বাহিৰে বাহিৰে ইয়ালৈ আহি কেমেৰাটো লৈ ল’ব লাগিব বুলি শ্ৰীমান আৰু মই কথা পাতি হেলিপেডত উঠিবলৈ আগুৱাই গ’লোঁ। কেমেৰাটো তেনেকৈ এৰি থৈ যোৱাৰ বাবে মোৰ মনটো বৰ বেয়া লাগি থাকিল। ৰাতিপুৱা যেনেতেনে আহি হ’লেও কেমেৰাটো ল’বই লাগিব বুলি মনতে ভাবিলোঁ। ‘কেমেৰাটো এনেই ৰাখি থৈছে ইহঁতে… দি দিলেনো কি হয়… এনেই মিছামিছি ইহঁতে মানুহবোৰক আমনি কৰে…’ বুলি গ্ল’বেল ভেক্ট্ৰাৰ কৰ্মচাৰীজনে অলপ খঙেৰে ভোৰভোৰাই থাকিল। মোৰ চিন্তিত মুখখন দেখি কৰ্মচাৰীজনে আকৌ ক’লে- ‘বাইদেউ চিন্তা নকৰিব… যাওক আনন্দ মনেৰে মাৰ দৰ্শন কৰি আহিব… কেমেৰাটো ইয়াত ভালকৈ ৰখা হ’ব… ৰাতিপুৱা সোনকালে আহি লৈ ল’ব…’ বুলি মোক সান্ত্বনা দিলে। মানুহজনে তেনেকৈ কোৱাত মনটো অলপ পাতল লাগিল। গ্ল’বেল ভেক্ট্ৰাৰ ফালৰ পৰা সেই কৰ্মচাৰীজনেই আমাক ডিচপ’জেবল গ্ল’ভচ এজোৰ আৰু এপ্ৰ’ণ একোখন দি কাপোৰৰ ওপৰতে পিন্ধি ল’বলৈ দিলে আৰু কোন ক’ত বহিব লাগিব ভালদৰে বুজাই হেলিকপ্টাৰত উঠিবৰ বাবে আমাক সাজু কৰাই ৰাখিলে। ইতিমধ্যে আমাৰ সকলোৰে মবাইল ফোনবোৰ গ্ল’বেল ভেক্ট্ৰাৰ ল’ৰা এজনে বেগ এটাত ভৰাই ল’লে আৰু আমি হেলিকপ্টাৰৰ পৰা নামোতেহে আমাৰ ফোনবোৰ ঘূৰাই পাম বুলি জনালে। তেওঁলোকে যদি আমাৰ ফোনবোৰ বেগত ভৰাই নিবই পাৰে তেনেহ’লে আমাৰ কেমেৰাটোও নিব পাৰিলেহেঁতেন বুলি মই মনতে ভাবিলোঁ। সেইবাবেই চাগে কৰ্মচাৰীজনে ভোৰভোৰাইছিল। সেই সময়তে আমাৰ সন্মুখত হোঁ হোঁৱাই হেলিকপ্টাৰ এখন নামিলহি। লগে লগে হেলিপেডৰ দুজন কৰ্মচাৰী দৌৰাদৌৰিকে গৈ হেলিকপ্তাৰখনৰ পৰা যাত্ৰীবোৰক নমালে আৰু আন দুজন কৰ্মচাৰীয়ে লগালগ দৌৰাদৌৰিকৈ আমাক নি হেলিকপ্টাৰত বহুৱাই কঁকালত ছীটবেল্ট লগাই দিলে। ইমান ক্ষিপ্ৰতাৰে এই কামখিনি কৰিছিল যে এক মিনিটো সময় নালাগিল কিজানি। কম ওজনৰ লোকক পাইলটৰ লগত আগফালে বহিবলৈ দিয়ে। আনহাতে ওজন বেছি হ’লে পাইলটৰ পিছফালৰ ছীটত বহিব লাগিব। আমাৰ ল’ৰাছোৱালীহালক পাইলটজনৰ লগত আগফালৰ ছীট দুটাত বহিবলৈ দি শ্ৰীমান, মোক আৰু আন দুজন ল’ৰাক পিছৰ চাৰিটা ছীটত বহিবলৈ দি দুৱাৰ বন্ধ কৰি দিলে আৰু লগেলগেই আমাৰ হেলিকপ্তাৰখন ওপৰলৈ উৰিবলৈ ধৰিলে। হেলিকপ্তাৰখন চলিবলৈ ধৰাৰ এক মিনিটৰ পিছতেই আমাৰ লগত যোৱা ল’ৰা এজনে ককাঁলত লুকুৱাই নিয়া মবাইল ফোনটো হাতত লৈ ভিডিঅ কৰিবলৈ ধৰিলে। ল’ৰাজনৰ কাণ্ড দেখি মই অবাক হ’লোঁ। ল’ৰাজনে মোলৈ চাই মিচিকিয়াই হাঁহিলে। তেওঁলোকে তলৰ পাহাৰৰ ভিডিঅ কৰি মনে মনে নিজৰ চেল্ফি লোৱাৰ লগতে শ্ৰীমান আৰু মোৰো ফটো দুখনমান তুলি লগে লগে ফোনটো আগৰ ঠাইত লুকুৱাই থ’লে। তেওঁলোকৰ দৰে ময়ো মোৰ বেগটোত থকা এক্সন কেমেৰাটো উলিয়াই ভিডিঅ কৰিব পাৰিলোঁহেতেন যদিও কেনেবাকৈ পাইলটে গম পাই আকৌ এই কেমেৰাটোও ৰাখি থয় বুলি ভয়তে নুলিয়ালো। জীৱনত প্ৰথমবাৰ হেলিকপ্টাৰত উঠি আমি আটায়ে ৰোমাঞ্চিত হৈ পৰিছিলোঁ। ওপৰৰ পৰা তলৰ ওখৰা মোখোৰা সেউজীয়া পাহাৰবোৰ দেখি বৰ ভাল লাগিছিল। প্ৰায় পাঁচ মিনিটমান সময় উৰণৰ পিছতেই আমাৰ হেলিকপ্তাৰখন ‘চাঞ্জিচট হেলিপেড’ত অৱতৰণ কৰিছিল। তাতো আমি হেলিপেডৰ কৰ্মচাৰীৰ তৎপৰতাত ততাতৈয়াকৈ হেলিকপ্তাৰখনৰ পৰা নামি আহিলোঁ। হেলিকপ্তাৰৰ পৰা নমাৰ লগে লগেই আমাৰ মবাইল ফোনবোৰ ভৰোৱা বেগটো লৈ হেলিপেডৰ ল’ৰা এজন আহি আমাৰ হাতত ফোনবোৰ তুলি দিলে। তাৰপিছত বাহিৰলৈ ওলোৱা দুৱাৰমুখত আমাৰ এপ্ৰ’ণ আৰু গ্ল’ভছবোৰ খুলি’ ডাষ্টবিনত পেলালোঁ। আমি এপ্ৰ’ণ খুলি থাকোঁতেই নৰ্থ ইণ্ডিয়ান ল’ৰা দুজনৰ পৰা তেওঁলোকৰ এটা ফোন নাম্বাৰ ল’লোঁ। হেলিকপ্টাৰত উঠোৱা আমাৰ ফটো আৰু ভিডিঅ’টো পিছত হোৱাট এপত দিবলৈ অনুৰোধ কৰিলোঁ। ভিডিঅ’টো মই ইউটিউবত দিম বুলিও জনালোঁ। তেওঁলোকে হ’ব বুলি কৈ আমাৰ ফোন নাম্বাৰটো লৈ দুই এটা কথা পাতি ততাতৈয়াকৈ তাৰপৰা বিদায় ল’লে। চাঞ্জিচট হেলিপেডৰ পৰা দেৱী মাৰ গুহালৈ প্ৰায় তিনি কিলোমিটাৰ পথ আমি পদব্ৰজেই আগবাঢ়িলোঁ। মাৰ দৰ্শনৰ বাবে যোৱা সমগ্ৰ পথচোৱা শিলৰ ব্ল’কেৰে এঢলীয়াকে নিৰ্মাণ কৰা আছে। সমগ্ৰ পথৰ ওপৰত টিনৰ চালি আৰু কাষত লোহাৰৰ জালি লগোৱা আছে। গোটেই পথচোৱাতে চাউণ্ড চিষ্টেমত মাৰ ভক্তি বন্দনাৰ ভজন কীৰ্তনৰ মৃদু ধ্বনিয়ে পৰিৱেশটো আৰু ধুনীয়া কৰি তুলিছে। তাৰ মাজে মাজে হেলিকপ্টাৰৰ হোঁ হোঁৱনি শব্দ। ভজনসমূহ শুনি শুনি খোজকাঢ়ি যোৱাৰ এক সুকীয়া মাদকতা আছে। মনটো ভক্তিৰসেৰে পূৰ্ণ হৈ পৰে। ভজনসমূহ শুনি খোজকাঢ়ি গৈ থাকিলে ভক্তসকলৰ ভাগৰো বহুখিনি লাঘৱ হয় যেন লাগে। মাজে মাজে খট্‌ খট্‌ শব্দৰে ডিঙিত লগাই থোৱা টিলিঙা বজাই যাত্ৰী কঢ়িওৱা ঘোঁৰাবোৰ পাৰ হৈ যায়। চাঞ্জিচট হেলিপেডৰ পৰা মাৰ গুহালৈ যোৱা ৰাস্তাটো অলপ দূৰ যোৱাৰ পিছত তলৰ পৰা মাৰ গুহালৈ যোৱা ৰাস্তাটোৰ লগত এক হৈছে। একেটা ৰাস্তাৰেই কিছুমানে ঘোঁৰাত উঠি, অন্য কিছুমানে চাৰিজন লোকে কান্ধত কঢ়িয়াই নিয়া পাল্কীত বহি আৰু বেছিভাগ লোকে পদব্ৰজে মাক দৰ্শন কৰি উভতি আহিছে অথবা মাৰ দৰ্শনৰ বাবে গৈছে। দিনে ৰাতিয়ে এই যাত্ৰা চলি থাকে। আমাৰ কাষেদি পাৰ হৈ যোৱা ভক্তসকলৰ মুখত ‘জয় মাতা দি’ৰ ধ্বনি। মাক দৰ্শন কৰি উভতি অহা লোকসকলৰ মুখবোৰ প্ৰাপ্তিৰ আনন্দত উজ্জ্বল হৈ উঠিছে। আনহাতে মাক দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীসকলৰ মুখবোৰো কিবা এটা পোৱাৰ হেঁপাহ আৰু আনন্দত উদ্ভাসিত হৈ উঠা আস্থাভৰা। এই মুখবোৰত অলপো ভাগৰৰ আৱেশ নাই। এনে লাগিছে যেন কিবা এক অলৌকিক শক্তিয়ে তেওঁলোকক শক্তি প্ৰদান কৰিছে। কণ কণ ল’ৰাছোৱালীৰ পৰা ডেকা-গাভৰু, আদহীয়া অথবা প্ৰায় আশী বছৰীয়া বৃদ্ধলোকো মাক দৰ্শন কৰিবলৈ গৈছে। কাঠৰ লাখুটি এডাল হাতত লৈয়ে তলৰ পৰা ভৱনলৈকে ১৬ কিলোমিটাৰৰ সমগ্ৰ পথচোৱা ভক্তসকলে খোজ কাঢ়িছে। (১৬ কিলোমিটাৰৰ এই পথচোৱা কিছুমানে অৱশ্যে ১৪ কিলোমিটাৰ হয় বুলিও কয়) কিছুমান ভক্ত খালী ভৰিয়ে গৈছে আৰু কিছুমান ভক্ত পথতে দীঘলীয়াকে পৰি সাষ্টাংগে প্ৰণাম জনাই এবাৰ পৰি আকৌ এবাৰ উঠি গৈছে। দেৱী মাৰ প্ৰতি তেওঁলোকৰ ভক্তি আৰু আস্থা দেখি মোৰ শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছে। মানুহে কয় শুদ্ধ মন লৈ ভক্তিভাবত দেৱীমাৰ ওচৰলৈ যোৱা প্ৰতিজন ভক্তৰে মনোকামনা পূৰ্ণ হয়। এই ভক্তসকলৰো নিশ্চয় মনোকামনা পূৰ্ণ হ’ব। শিলৰ ব্ল’ক দিয়া গোটেই পথচোৱাত ঘোঁৰাই মলমূত্ৰ ত্যাগ কৰিলে অথবা কিছুমান দৰ্শনাৰ্থীয়ে পেলোৱা পানীৰ বটল, চিপচৰ পেকেট আদি লগে লগেই চাফাই কৰ্মীয়ে পৰিষ্কাৰ কৰি দিয়ে। ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা আছে যদিও কিছুুমানে পথৰ ওপৰতে কিবাকিবি পেলাই নিদিয়া নহয়। সৰু ল’ৰাছোৱালীবোৰে দৌৰাদৌৰিকে যাবলৈ কেনেকৈ ইমান শক্তি পাইছে মই দেখি তবধ মানিছোঁ। মোৰ নিজৰে ল’ৰাটো খোজকঢ়াত একেবাৰেই অভ্যস্ত নহয়। এতিয়া সিয়ে আমাতকৈ দৌৰি যোৱাদি গৈ বহু আগত ৰৈ থাকেগৈ। সি খোজকাঢ়িব নোৱাৰিব বুলি ভাবিয়েই আমি হেলিকপ্তাৰৰ টিকট কাটিছিলোঁ। এতিয়া সিহে এখোপ চ’ৰা হ’ল। এইয়া চাগৈ দেৱী মাৰে মহিমা। ভক্তসকলৰ সুবিধাৰ্থে সমগ্ৰ পথচোৱাৰ ঠায়ে ঠায়ে পৰিষ্কাৰ খোৱা পানীৰ সু-ব্যৱস্থা আছে। তাত গৰম আৰু ঠাণ্ডা পানী দুয়োটাই উপলব্ধ। অলপ আঁতৰে আঁতৰে সুলভ মূল্যৰ চাহৰ দোকান, কেণ্টিন আদি আছে। ভৱনৰ কাষৰ দোকানবোৰৰ ওচৰত ফোনত কথা পাতিবলৈ পিচিঅ আৰু টকা পইচা উলিয়াবলৈ এটিএমৰো সু-ব্যৱস্থা আছে। ফাৰ্মাচীৰ লগতে হস্পিতালৰো ব্যৱস্থা আছে। আটাইতকৈ ডাঙৰ কথা ভক্তসকলৰ সুবিধাৰ্থে খোৱাপানীৰ দৰেই সমগ্ৰ ১৬ কিলোমিটাৰৰ পথচোৱাত পথৰ দাঁতিত অলপ আঁতৰে আঁতৰে প্ৰসাৱ পায়খানাৰ বাবে টয়লেটৰো ব্যৱস্থা আছে। টয়লেটবোৰ ধুনীয়াকে পৰিষ্কাৰ কৰি ৰখা হয়।

আমি ১৪ এপ্ৰিলৰ দিনাখন মাৰ দৰ্শনৰ বাবে গৈছিলোঁ। তেতিয়া নৱৰাত্ৰি চলি আছিল। সেইদিনাখন নৱৰাত্ৰিৰ দ্বিতীয় দিন আছিল। যিমানে আমি আগুৱাই গৈ আছোঁ মাৰ মন্দিৰটো সিমানে স্পষ্ট আৰু ডাঙৰকৈ দেখিবলৈ ধৰিলোঁ। মোৰ মনটো আনন্দৰে ভৰি পৰিল। আমি মাৰ দৰ্শন কৰিবলৈ পাৰিম নে নোৱাৰিম বুলি অলপ শংকাত আছিলোঁ। মানুহে কয় মায়ে নিবিচাৰিলে মাৰ দুৱাৰমুখত আহিও ভক্তসকল উভতি যোৱাৰ নজিৰ আছে। বাৰু যি কি নহওক, ইমানখিনিলৈকে আহিলোঁ যেতিয়া আমি মাৰ দৰ্শন কৰিব পাৰিম বুলি অলপ আত্মবিশ্বাস বাঢ়িল। অৱশ্যে মাৰ দৰ্শনৰ পৰা আমাক বঞ্চিত নকৰে যাতে বুলি মাকো মনে মনে প্ৰাৰ্থনা জনাই থাকিলোঁ।

কালিকা ভৱন পোৱাৰ অলপ আগত সোঁফালে শাৰী শাৰী দোকান, হোটেল, পিচিঅ আদি আছে। তাৰপৰা মাৰ মন্দিৰলৈ প্ৰায় আধা কিলোমিটাৰমান হ’ব চাগে। দোকানবোৰ পাৰ হোৱাৰ পিছতে ফুলেৰে সজোৱা ধুনীয়া তোৰণ এখন দেখিলোঁ। তাতে ৰৈ দৰ্শনাৰ্থীসকলে ফ’টো উঠাৰ প’জ দি আছিল। ফেচবুকৰ চিনাকি সবিতা বাইদেৱে মোক ইয়ালৈ অহাৰ আগতেই কৈছিল যে নৱৰাত্ৰিত মাৰ মন্দিৰত বিশেষভাবে পুষ্পসজ্জা কৰা হয়। তেখেতে তাৰমানে ইয়াৰ কথাই কৈছিল। তোৰণখন পাৰ হৈ দুখোজমান দি আমি অবাক হ’লোঁ। কিম্মা..ন যে ধুনীয়া! ইম্মান ফুল একেলগে এনেকৈ দেখিম বুলি মই কাহিনীও ভবা নাছিলো। সঁচাকৈয়ে সেই ফুলৰ তোৰণখন অতিক্ৰম কৰি মাৰ মন্দিৰলৈ যোৱা গোটেই পথটো ওপৰে তলে দেশী বিদেশী ফুল পাত, ফল আদিৰে ধুনীয়াকে সজাই তোলা হৈছে। তাৰ লগতে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিবোৰো সজাই থোৱা আছে। শিল্পীৰ সুনিপুণ হাতৰ ফুলৰ কাৰুকাৰ্যই আমাৰ দুচকু পৰম বিস্ময়েৰে ভৰাই তুলিছিল। তেতিয়াও ল’ৰা কেইজনমানে কিছুমান ঠাইত পুষ্পসজ্জা কৰি আছিল। দুজনমানে ফুলবোৰত স্প্ৰে মাৰি আছিল। মিউজিক চিষ্টেমত মাৰ ভক্তিমূলক ভজন আৰু সন্মুখত ভিন্নৰঙী পুষ্পৰে সজ্জিত পথটোত থকা দেৱ-দেৱীসকলৰ প্ৰতিমূৰ্ত্তি দেখি নিজকে এখন বেলেগ জগতত আছোঁ যেন অনুভৱ হৈছিল। যেন আমি ইন্দ্ৰলোকতহে আছোঁ! সেইসময়ত আমাৰ ভোক পিয়াঁহ, যাত্ৰাৰ ভাগৰে পলাই পত্ৰং দিছিল। ইমানবোৰ বাধা বিঘিণি নেওচি মাৰ ওচৰলৈ অহাৰ বাবে যেন মায়ে আমাক এইয়া উপহাৰ দিছে। সেই সময়ৰ সেই অনুভৱখিনি চাগৈ মই ইয়াত শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। মই বুলিয়ে নহয়, সেইসময়ত তাত থকা প্ৰতিজন দৰ্শনাৰ্থীকে আমাৰ দৰেই আনন্দত আত্মহাৰা হোৱা দেখিছিলোঁ। মই মোৰ বেগত থকা অকণমানি এক্সন কেমেৰাটো উলিয়াই লৰালৰিকৈ পুষ্পসজ্জাৰ ভিডিঅ কৰিবলৈ ল’লোঁ। মই য’লৈকে যাওঁ, তাৰ স্মৃতি ধৰি ৰাখিবলৈ যিমানদূৰ সম্ভৱ ভ্ৰমণৰ কথাবোৰ লিখি ৰাখোঁ আৰু ভিডিঅ কৰি আনোঁ। সেই ভিডিঅ’বোৰ পিছত মোৰ ইউটিউব চেনেলত প’ষ্ট কৰোঁ। আনে নাচালেও পিছত যেতিয়াই মন যায় নিজে চোৱাৰ লগতে মোৰ ল’ৰাছোৱালীয়েও যাতে পিছত সেইবোৰ চাই স্মৃতি সজীৱ কৰিব পাৰে। আমাৰ মবাইল ফোনটোৰে দুই একপি নিজৰ ফটোও তুলিলোঁ। মুখত মাস্ক পৰিহিত মাৰ দৰ্শনৰ বাবে যোৱা ভক্তসকলেও মুখৰ মাস্ক খুলি বিভিন্ন প’জত চেল্ফি/ফটো তুলিবলৈ ধৰিলে। এনে লাগিছিল যেন ফুলৰ লগত ফটো উঠা প্ৰতিযোগিতা চলিছে। আমি অলপমান আগুৱাই যোৱাৰ পিছতে অন্য ভক্তসকলৰ লগতে আমাৰ বেগবোৰো চিকিউৰিটিৰ লোকে পৰীক্ষা কৰিলে। মাৰ দৰ্শন কৰিবলৈ যোৱা ৰাস্তা এটাই। গতিকে ভীৰত হেৰাই যোৱাৰো ভয় নাই। কোনোবা যদি নিজৰ পৰিয়াল অথবা দলৰ পৰা বিছিন্ন হৈছে, মন্দিৰ কমিটিৰ মানুহে তেওঁলোকৰ নামবোৰ মাইকত ঘোষণা কৰি নিৰ্দিষ্ট ঠাইত ৰ’বলৈ কৈছে। ক’ভিডৰ বাবে আন সময়তকৈ এইবাৰ দৰ্শনাৰ্থী একেবাৰে কম। সেয়ে আমি ভীৰভাৰ নোহোৱাকৈ তাত ধুনীয়াকে ঘূৰি ফুৰিব পাৰিছিলোঁ।

অলপদূৰ যোৱাৰ পিছতে বাওঁহাতে বৰঙণি দিয়া কাউণ্টাৰ এটা দেখি তাতে মোৰ ভন্তি আৰু চিনাকি বাইদেউ দুগৰাকীমানে আমাৰ হাতত মালৈ পথোৱা বৰঙণিবোৰ দিবলৈ আগবাঢ়ি গ’লোঁ। আমি অসমৰ পৰা গৈছোঁ বুলি তাত কৰ্মৰত মানুহজনে গম পাই অসমৰ অৰুণ বৰ্মন নামৰ চিআৰপিএফৰ চিকিউৰিটিৰ ল’ৰাজনক মাতি আনিলে। অৰুণে আমাৰ লগত চা চিনাকি হোৱাৰ পিছত আমাক টকাখিনি তাত থকা দানপাত্ৰটোত দিয়াৰ সলনি কাউণ্টাৰত জমা কৰিবলৈ উপদেশ দিলে। অৱশ্যে তাত য’তেই টকা দান নিদিয়ক কিয় মন্দিৰ কৰ্তৃপক্ষৰ ওচৰতে টকাখিনি জমা হ’ব। কাউণ্টাৰত জমা দিলে তেওঁলোকে বৰঙণিদাতাৰ নামত ৰিচিপ্ট কাটিব। মই টকাৰ বিনিময়ত ৰিচিপ্ট দিব বুলি গম পাই ভালেই পালোঁ আৰু টকাখিনি কাউণ্টাৰতে জমা দিলোঁ। তেওঁলোকৰ ফালৰ পৰা ৰিচিপ্ট আৰু মা বৈষ্ণো দেৱীৰ তিনিটা ৰূপৰ আকাৰ থকা মুদ্ৰাৰ লগতে প্ৰসাদৰ পেকেট অলপমান মোৰ হাতত দিলে। অৰুণৰ পৰা গম পালোঁ, অৰুণৰ দৰেই তাত অসমৰ কেইবাজনো নিৰাপত্তাৰক্ষী আছে। অসমৰ পৰা যোৱা মানুহ লগ পালে তেওঁলোক উৎফুল্ল হয় আৰু প্ৰয়োজন হ’লে সহায়ো আগবঢ়ায়। আমাৰো মৃদুভাষী, সৰল মনৰ বৰপেটাৰ যুৱক অৰুণক লগ পাই বৰ ভাল লাগিল। অসমৰ বাহিৰত অসমীয়া এষাৰ মাত শুনি কথা পাতিবলৈ পালে কিমান ভাল লাগে বুজাসকলে নিশ্চয় বুজি পাব। অৰুণৰ ওচৰৰ পৰা বিদায় লৈ মই এওঁলোকক তাতে এৰি ভিডিঅ’ কৰি কৰি কালিকা ভৱন পাৰ হৈ একেবাৰে মাৰ মন্দিৰৰ কাষৰ ফুলেৰে সজ্জিত শেষ তোৰণখনৰ ওচৰ পালোঁগৈ। মাক দৰ্শন কৰি উভতি অহা বাট সেইটো। কালিকা ভৱনৰ তলেদি মাক দৰ্শনৰ কৰাৰ বাটটো আছিল। তাতো ফুলৰ তোৰণ দিয়া আছিল। সেই ঠাইখিনিৰ পৰা কেমেৰা আৰু আগলৈ নিব নোৱাৰি। সেয়ে মবাইল ফোন, কেমেৰা, চামৰাৰ বেগ, বেল্ট, ৱালেট, জোতা আদি ৰাখিবৰ বাবে এওঁলোক ৰৈ থকা ঠাইডোখৰলৈ মই আকৌ উভতি আহিলোঁ।

বৈষ্ণো দেৱী মন্দিৰত মাৰ আৰতি এদিনত দুবাৰ হয়। ৰাতিপুৱা সূৰ্য্যোদয়ৰ আগত আৰু আবেলি সূৰ্য্যাস্তৰ পিছত হয়। আৰতিৰ অনুষ্ঠানত ভাগ ল’বলৈ হ’লে তাত থকা ভৱনবোৰত থাকি ল’লে ভক্তসকলৰ সুবিধা হয়। দেৱীমাৰ মন্দিৰৰ লগতে তাত ভক্তসকল থাকিবৰ বাবে কেইবাটাও ভৱনো আছে। মাৰ আৰতি অনুষ্ঠানত ভাগ ল’বৰ বাবে ভক্তসকলে তাত ৰাত্ৰি যাপন কৰিব কৰিবলগীয়া হ’লে আগতীয়াকৈ অনলাইনত এই ভৱনসমূহত থাকিবলৈ কোঠা নিৰ্ধাৰিত মূল্যত বুকিং কৰিব পাৰি। আমি হেলিকপ্টাৰৰ টিকট কাটোতে এই কোঠাবোৰ খালী আছিল। আনহাতে, তাত যোৱাৰ পিছতো ৰাতি আঠ বজাৰ পিছত ভক্তসকলে ভৱনবোৰৰ ৰিচেপচন কাউণ্টাৰত খবৰ কৰিলে তাত থকা বৈষ্ণৱী ভৱন, গৌৰী ভৱন, হাট কমপ্লেক্স আদিত নিৰ্ধাৰিত মূল্যৰ বিনিময়ত কোঠা খালী থাকিলে ল’ব পাৰিব। গাত লোৱা কাপোৰ কানি তাৰপৰাই দিব। খোৱাবোৱাৰো সমস্যা নাই। কম মূলতে মন্দিৰৰ কেণ্টিন অথবা হোটেলসমূহত সুন্দৰ নিৰামিষ আহাৰ পায়। ভক্তসকল ভৱনসমূহত থাকিবলৈ সুবিধা নাপালেও ৰাতিপুৱা নতুবা সন্ধিয়াৰ আৰতিৰ সময় মিলাই হাতত সময় লৈ কাটৰাৰ পৰা গ’লে আৰতি অনুষ্ঠানত ভাগ ল’ব পাৰিব। মাৰ মন্দিৰৰ একেবাৰে ওচৰৰ কালিকা ভৱনটোৰ সন্মুখতে পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথককৈ গা ধুবৰ বাবে ‘ঘাট’ বেৰি থোৱা আছিল। সেইদিনা দুয়োটা ঘাটতে বহুতো পুৰুষ আৰু মহিলা ভক্তৰ ভীৰ দেখিছিলোঁ। ভক্তসকলে গা পা ধুই পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি মাৰ আৰতিৰ বাবে পথটোৰ বাওঁকাষে পাৰি থোৱা মেটবোৰত বহি অপেক্ষা কৰা দেখিছিলোঁ। মন্দিৰৰ ভিতৰলৈ নিব নোৱাৰা বস্তুবোৰ খুলি আমি বৰঙণি জমা দিয়া কাউণ্টাৰটোৰ কাষতে থকা খটখটীৰে তললৈ নামি গৈ বিনামূলীয়া ল’কাৰ ৰুমত ভৰাই তলা মাৰি থ’লোঁ। লকাৰত আমাৰ জোতাবোৰ ভৰাই খালি ভৰিৰেই মাৰ দৰ্শন কৰিবলৈ মূল মন্দিৰটোলৈ আগবাঢ়ি গৈ মাৰ গুহালৈ সোমোৱা মূল প্ৰৱেশ দ্বাৰত উপস্থিত হ’লোঁগৈ। সেই ঠাইতে আকৌ পুৰুষ আৰু মহিলাসকলক পৃথক পৃথককৈ পৰীক্ষা কৰা হয়। শ্ৰীমানে আকৌ সেইসময়তহে গম পালে যে তেওঁৰ ফোনটো ভুলবশতঃ পেণ্টৰ পকেটতে থাকিল, লকাৰত থোৱা নহ’ল। শ্ৰীমানৰ লগত মই ফোনটো আকৌ লকাৰত থৈ আহিবগৈ লাগিব বুলি আলোচনা কৰি থাকোঁতেই চিকিউৰিটিত থকা ভদ্ৰলোকজনে আমি অসমৰ নেকি বুলি অসমীয়াতে সোধাত হাততে সৰগ ঢুকি পালোঁ। আমি “হয়” বুলি কৈ আমাৰ সমস্যাটোৰ বিষয়ে তেখেতক জনালোঁ। সঁচাকৈ ক’বলৈ গ’লে আচলতে ফোনটো আকৌ নি ল’কাৰত ভৰাই থৈ আকৌ আহিবলৈ শ্ৰীমানৰ এলাহ লাগিছিল। আমি চিকিউৰিটিৰ দায়িত্বত থকা অসমৰ ভদ্ৰলোকজনকে অলপ সময়ৰ বাবে ফোনটো ৰাখি থ’বলৈ অনুৰোধ জনালোঁ। তেনেকৈ তাত বস্তু ৰখাৰ নিয়ম নাই যদিও আমি অসমৰ হয় বুলি গম পাই আৰু আমাৰ পৰিস্থিতিটো বুজি পাই তেখেতে ফোনটো ৰাখি থ’লে। ঘূৰি আহোঁতে লৈ ল’ব পাৰিম বুলি জনালে। আমিও স্বস্তিৰ নিশ্বাস পেলাই মাৰ দৰ্শনৰ বাবে আগবাঢ়িলোঁ। তাৰপিছত আমি গুহাটোৰে আগবাঢ়ি যাওঁতে গুহাৰ মুখ্যদ্বাৰত মাৰ ভৱ্য মূৰ্তি দেখিলোঁ। আটক ধূনীয়াকৈ সজাই ৰখা দেৱী মাৰ মূৰ্তিটো পলক নেপেলোৱাকৈ অলপ সময় চাই থাকিলোঁ। হঠাৎ মনত পৰাত তাত থকা দান পাত্ৰটো দেখি মোৰ ভতিজা আৰ্হিৰ হৈ বৰঙণি অলপ আগবঢ়াই মাক সেৱা জনাই আগবাঢ়িলোঁ। ক’ভিডৰ ভয়ত দৰ্শনাৰ্থী একেবাৰে কম বাবে অলপ ৰৈ প্ৰকাণ্ড শিলেৰে ঢাকি থোৱা মাৰ গুহাটো ভালদৰে চাব পাৰিলোঁ। শিলৰ গুহাটোৰ ভিতৰত সোমাবলৈ নোৱাৰাকৈ ষ্টীলৰ ৰেলিং দিয়া আছে আৰু তাতে আধালৈকে আঁৰবেৰ এখনো দিয়া আছে। আঁৰবেৰৰ বেষ্টনী ভাঙি এগৰাকী মহিলাই সাষ্টাংগে পৰি গুহাটোৰ মুখত সেৱা কৰি আছিল। মন্দিৰ কমিটিৰ মানুহে আমাক আগুৱাই যাবলৈ কোৱাত আমি ৰৈ থকাৰ পৰাই সেৱা জনাই আগবাঢ়িলোঁ। মাৰ ভব্য মূৰ্তি থকা গুহাৰ ভিতৰত ষ্টীলৰ ৰেলিং দি দুভাগ কৰা আছে। এফালে সোমাই মাৰ দৰ্শন কৰি আনফালে উভতি যাব পাৰি। ভিতৰত মাৰ্বল পাথৰেৰে গুহাৰ দেৱালবোৰ ঢাকি ৰখাকৈ বনাই থৈছে। তলত ৰঙা মেট পৰা আছে যদিও মেটবোৰ পানীৰে তিতি আছে। সেই পথেৰেই আগবাঢ়ি যোৱাত এখন ওখ বেদীত দুজন পূজাৰী মুখামুখিকৈ বহি থকা দেখিলোঁ। আমি প্ৰথমতে দেখা শিলৰ গুহাটোৰ এইয়া পিছফাল যেন লাগিল। গুহাটোৰ সন্মুখৰ সিংহাসনত তিনিগৰাকী দেৱী মাৰ পিণ্ডি ৰূপ দেখিলোঁ৷ একেখন ৰঙা বস্ত্ৰ আৰু সোণৰ অলংকাৰেৰে তিনিওগৰাকী পিণ্ডিৰূপী দেৱী মাক ধুনীয়াকে সজাই থোৱা আছে। কাষতে পিতলৰ কাঁহি এখনত ভক্তসকলে মালৈ আগবঢ়োৱা সোণ আৰু ৰূপৰ অলংকাৰ বহুখিনি আছে। মাৰ পিণ্ডি ৰূপ অপূৰ্ব। দেখিবলৈ নিমজ শিলাখণ্ড যেন লাগে। প্ৰাকৃতিক শিলাৰ ওপৰত থকা মা ভগৱতীৰ তিনিটা ৰূপ ক্ৰমে মা মহা সৰস্বতী, মা মহালক্ষ্মী আৰু মা মহাকালী। এই তিনিটা ৰূপত মা বৈষ্ণো দেৱীৰ পূজা, অৰ্চনা কৰা হয়। মই নিয়া মাৰ বস্ত্ৰ, ছুনৰি আৰু ৰূপৰ ছত্ৰী তিনিটা পূজাৰী এজনলৈ আগবঢ়াই দি দেৱীমাক প্ৰণাম যাঁচিলোঁ। তাৰপিছত তাৰপৰা ওলাই আহিলোঁ। মাক দৰ্শন কৰি মনটো প্ৰশান্তিৰে ভৰি পৰিল।

বাহিৰলৈ আহি চিকিউৰিটিৰ দায়িত্বত থকা অসমৰ ভদ্ৰলোকজনৰ পৰা এওঁৰ ফোনটো লৈ ধন্যবাদ জনাই আমি ল’কাৰ ৰুম পালোঁহি। অসমৰ বাহিৰত আহি অসমৰ লোকৰ পৰা এনেকৈ সহায় পালে সঁচাকৈ ভাল লাগে। মই আকৌ সেই সময়তো শ্ৰীমানক কৈছোঁ যে আমি লগত নিয়া পিঠাপনাখিনি মাৰ দৰ্শনৰ বাবে যাওঁতে লগত নিয়াহেঁতেন অসমৰ ল’ৰা দুজনকো প্ৰথম বিহু বুলি বিহুৰ পিঠাও যাঁচিব পাৰিলোঁহেতেন। তাতনো তেওঁলোকে ক’ত আৰু বিহুৰ পিঠা খাবলৈ পাব! মোৰ কথা শুনি এওঁ আৰু ল’ৰা-ছোৱালীহালে ৰস পাই খুউব হাঁহিলে। ল’কাৰৰ পৰা আমাৰ বস্তুবোৰ লোৱাৰ পিছত দেৱী মাক দৰ্শন কৰিবলৈ আমাক সুযোগ দিয়াৰ বাবে মনতে তেখেতক ধন্যবাদ জনাই আমি ভৈৰো বাবাৰ মন্দিৰ অভিমুখে আগবাঢ়িলোঁ। প্ৰবাদ আছে যে মাক দৰ্শন কৰি ভৈৰো বাবাৰ মন্দিৰ দৰ্শন কৰিলেহে দেৱী মাৰ দৰ্শন সম্পূৰ্ণ হয়। ভৈৰো বাবাৰ মন্দিৰ মাৰ মন্দিৰতকৈ অলপ ওপৰত আছে। তালৈ খোজকাঢ়ি যাবলৈ খটখটি আৰু শিলৰ ব্ল’কৰ পথ আছে যদিও সোনকালে পাবৰ বাবে দুই কিলোমিটাৰৰ পথচোৱা আমি ৰ’পৱেত (কেবল কাৰ)ত যোৱাৰ কথা ভাবিলোঁ। ৰ’পৱেত এজনৰ অহাযোৱাৰ বাবদ এশকৈ মুঠ চাৰিশ টকাত চাৰিটা টিকট কাটিলোঁ। ৰ’পৱেৰ চাৰ্ভিচ আবেলি পাঁচ বজালৈকেহে থাকে। ৰ’পৱেৰ অফিচ ফটো উঠোৱা নিষিদ্ধ যদিও কেবল কাৰত উঠাৰ পিছত ভক্তসকলে মনে মনে ফটো তোলে, ভিডিঅ কৰে। ভৈৰো বাবাৰ মন্দিৰত গৈ সেৱা কৰি ওচৰতে থকা মন্দিৰ কমিটিৰ কেণ্টিনখনত গৈ কুপন লৈ নৱৰাত্ৰি বিশেষ ভোগ শুদ্ধ নিৰামিষ ৰাজমা চাৱল, ঘিৰে বনোৱা চুজিৰ হালৱা আৰু চাহ খালোঁ। তাৰপিছত কাষতে থকা পকাৰে নিৰ্মিত পাৰ্কৰ দৰে মুকলি বহল ঠাইখিনিত গৈ ৰ’লোঁগৈ। তাতে আন ভক্তসকলেও পকাৰ মজিয়া, আৰামী চকীত বহি প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ ক্ষুধা পান কৰিছে অথবা খোজকঢ়াৰ ভাগৰ মাৰিছে। তাৰপৰা এফালে দেৱী মাৰ মন্দিৰটো আৰু আনফালে হেলিপেডটোৰ লগতে মাৰ দৰ্শন কৰিবলৈ অহা একাবেঁকা ধুনীয়া ৰাস্তাটোৰ নীলা টিনপাতবোৰ বৰ ধুনীয়াকে দেখি। চাৰিওপিনে থকা সেউজীয়া পাহাৰৰ মাজত থকা সুন্দৰকৈ নিৰ্মাণ কৰা এই ঠাইখনৰ প্ৰকৃতিৰ অপৰূপ শোভাৰ স্মৃতি ধৰি ৰাখিবলৈকে প্ৰায়বিলাক দৰ্শনাৰ্থীয়ে ফটো উঠিছে কিছুমানে বেঞ্চত বহি কিবাকিবি খাইছে। ক’লা ডাঙৰ বান্দৰ কেইটামানে চেগ বুজি মানুহৰ হাতৰ পৰা খোৱা বস্তুবোৰ থপিয়াই নিছেহি। আমি প্ৰায় আধাঘণ্টামান সময় তাত কটাই আকৌ কেবল কাৰত উঠি কেবল কাৰ প্ৰশাসনৰ গেট পালোঁহি। ইতিমধ্যে পাঁচ বাজিলেই। আমি তাৰপৰা লগেলগেই আমাৰ ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ।

কাটৰাৰ পৰা মা বৈষ্ণো দেৱী মন্দিৰলৈ হেলিকপ্টাৰৰ সলনি পদব্ৰজে আহিবলৈ হ’লে প্ৰথমতে বিনামূলীয়া যাত্ৰী পৰ্চী ল’ব লাগে। যাত্ৰা আৰম্ভ কৰাৰ আগতে হোটেলত ভালদৰে ৰেষ্ট লৈ যাত্ৰা আৰম্ভ কৰিব পাৰিলে ভাল হয়। ত্ৰিকূট পৰ্বতত অৱস্থিত মাৰ মন্দিৰলৈ ‘দৰ্শনী দৰৱাজাৰে’ৰে যাত্ৰা আৰম্ভ কৰিব লাগে। যাত্ৰী পৰ্চী লোৱাৰ তিনিঘণ্টাৰ পিছত ‘বাণগঙ্গা’ নামৰ চেক পইণ্টত যাত্ৰা পৰ্চী দেখুৱাই প্ৰৱেশৰ অনুমতি ল’ব লাগিব। তাতে বেগ আৰু যাত্ৰীৰ চেকিং হয়। এবাৰ যাত্ৰা পৰ্চী লোৱাৰ পিছত খুউব বেছি ছয় ঘণ্টা সময়লৈকেহে বাণগঙ্গাত দেখুৱাৰ ম্যাদ থাকে। তাতকৈ বেছি সময়ৰ ব্যৱধানত দেখুৱাবলগীয়া হ’লে যাত্ৰা পৰ্চীখন বৈধ নহয়। সেয়ে যাত্ৰা আৰম্ভ কৰাৰ আগে আগে যাত্ৰা পৰ্চী ল’লে ভাল হয়। যাত্ৰীসকলৰ সুবিধাৰ্থে ঠায়ে ঠায়ে পানী, কম মূল্যত খাব পৰা টি ষ্টল, ফলমূলৰ দোকান, কেণ্টিন আদি আছে। বয় বস্তু ৰাখিবৰ বাবে নিৰ্ধাৰিত মূল্যৰ ক্লক ৰুমৰো ব্যৱস্থা আছে। সৰু ল’ৰা-ছোৱালীক পিঠিত উঠাই নিবৰ বাবে ভাড়াত যোৱা স্থানীয় মানুহো পোৱা যায়। এওঁলোকক পিত্থু বুলি কোৱা হয়। মাৰ মন্দিৰলৈ পদব্ৰজে যাবলৈ অসুবিধা পালে ঘোঁৰা আৰু পাল্কীত নিৰ্ধাৰিত মূল্য দি যাব পাৰি। মানুহৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি ৰেট লিখা চাৰ্ট ঠায়ে ঠায়ে পোৱা যায়। আনহাতে, পঞ্চাশোৰ্ধৰ ব্যক্তিসকলে আধকুঁৱৰীৰ পৰা ভৱনলৈকে বেটাৰী কাৰত যাব পাৰে। বেটেৰী কাৰত এবাৰত চাৰি/পাঁচজন ব্যক্তি যাব পাৰিব।

দেৱী মাৰ দৰ্শন কৰি উভতি আহোঁতে মই এঠাইত ‘ঠগৰ পৰা সাৱধান’ বুলি লিখা ফলক কেইখনমান দেখিলোঁ। তাতো ঠগ ওলাবনে বুলি মই আচৰিতেই হ’লোঁ। তাৰপৰা অলপ দূৰ অহাৰ পিছতে মোৰ সন্মুখৰ মাজ ৰাস্তাতে প্ৰায় দহ গৰাকীমান মহিলাই নিজৰ মাজতে খুউব উচ্চ স্বৰত আঙুলি জোকাৰি জোকাৰি কথা পাতি থকা দেখিলোঁ। তেওঁলোকো মাক দৰ্শন কৰিবৰ বাবে আহিছে যেন লাগিল। তেওঁলোকৰ ভাষা বুজি পোৱা নাই বাবে কথা পাতিছেনে কাজিয়া লাগিছে মই ঠিক বুজি পোৱা নাই। চিঞৰ বাখৰ কৰা মহিলাখিনিৰ কাষতে ৰৈ থকা মহিলা এগৰাকীয়ে হাত বাউলি মোক তেখেতৰ কাষলৈ মাতিলে। মই তেওঁৰ ওচৰ পোৱাত -‘বিপদত পৰিছোঁ… গাড়ীত আহোঁতে মোৰ পাৰ্চটো হেৰাই থাকিল… মাৰ দৰ্শনৰ বাবে আহিছিলোঁ… হাতত ফুটাকড়ি এটাও নাই… পইচা অলপ লাগিছিল… নহ’লে ল’ৰা-ছোৱালী ভোকত মৰিব…’ আদি দুখমনেৰে হিন্দীতে ক’বলৈ ধৰিলে। মই চাওঁতে তেখেতৰ আশেপাশে ল’ৰা-ছোৱালী এটাও নেদেখিলোঁ। মই মহিলাগৰাকীয়ে পিন্ধি থকা সাজপাৰলৈ চালোঁ। নতুন আৰু পৰিপাটীকৈ শাৰী পিন্ধি থকা মহিলাগৰাকীক দেখি আৰ্থিকভাবে স্বচ্চল ঘৰৰ মহিলা যেনেই লাগিল। কাষত চিঞৰ বাখৰ কৰা মহিলাখিনিয়েও একেধৰণৰে পোচাক পিন্ধি আছিল। মহিলাগৰাকীৰ মুখলৈ চাই তেওঁ সঁচা কৈছেনে মিছা কৈছে মই একো ধৰিব নোৱাৰিলো। তেওঁৰ লগত ইমানবোৰ মহিলা থাকোঁতেও যে আনক সহায় বিছাৰিছে… কি কৰোঁ এতিয়া বুলি মই দোধোৰ-মোধোৰত পৰিলোঁ। ইফালে শ্ৰীমান আৰু ল’ৰা-ছোৱালীহাল মোতকৈ আগত খোজ কাঢ়ি গৈ আছে। আনহাতে, অলপ আগতে ঠগৰ পৰা সাৱধান বুলি লিখা ফলকো দেখি আহিছোঁ। বিপদত পৰা মানুহক মোৰ সহায় কৰিবলৈ পালে ভাল লাগে, কিন্তু কোনোবাই ঠগিব বিছাৰিলে পিছে বৰ খং উঠে। তথাপি কি ভাবি জানো মই পিন্ধি থকা জেকেটটোৰ পকেটত মোৰ হাতখন ভৰাই দিলোঁ। পকেটটোত এশ আৰু পাঁচশ টকাৰ কেইবাখনো নোট আছিল। মোৰ হাতত এশ টকাৰ নোট এখন ওলাই অহাত সেইখনকে মহিলাগৰাকীক দি দিলোঁ। এশ টকাৰ নোটখন পাই মহিলাগৰাকীয়ে মোৰ চকুলৈ চাই বৰ ধুনীয়া হাঁহি এটা মাৰিলে। তাৰপিছত এশ টকাৰে কি হ’ব দুশ টকামান দিব লাগিছিল বুলি লেনিয়াই ক’লে। মই মহিলাগৰাকীক বিনয়েৰে ক’লোঁ যে “আপুনি বিপদত পৰিছে বুলি কোৱাতহে এই টকা শ মই শুদ্ধ মনেৰে আপোনাক দিছোঁ। ইয়াতকৈয়ো বেছি টকা লাগে বুলি যদি আপুনি মোক ডিমাণ্ড কৰে, তেতিয়া মই উপায়হীন হৈহে আপোনাক টকা দিয়া হ’ব…..” মহিলাগৰাকীয়ে মোৰ কথাখিনিৰ অৰ্থ হয়টো বুজি পালে। সেয়ে হ’ব হ’ব বুলি আকৌ মোৰ চকুলৈ চাই অৰ্থপূৰ্ণ হাঁহি এটা মাৰি টকা শ লগে লগে নিজৰ ব্লাউজৰ ভিতৰত হাত ভৰাই থৈ দিলে। তাৰপিছত মই তাৰপৰা আগবাঢ়িলোঁ। মহিলাগৰাকী সঁচাকৈয়ে বিপদত পৰিছিল নে ঠগেই আছিল মই কিন্তু ধৰিব নোৱাৰিলো। আমি ১৬ কিলোমিটাৰৰ পথটোৰ অ’ত ত’ত জিৰাই, খোজকাঢ়ি, মাজে মাজে কিবাকিবি খাই আহি আহি আধকুঁৱৰী পালোঁহি। ৰাস্তাত বান্দৰৰ উপদ্ৰৱো দেখিলোঁ। দৰ্শনাৰ্থীয়ে দেৱী মালৈ নিয়া প্ৰসাদৰ টোপোলা থপিয়াই খায়। আধকুঁৱৰীৰ ৰাস্তাটোৰ এফালে লাইন লাইনকৈ পাৰি থোৱা চকীবোৰ দেখি আমি তাতে প্ৰায় দহ মিনিটমান সময় বহিলোঁ। আধকুঁৱৰীৰ পৰা ঘোঁৰাত উঠি অহা-যোৱা কৰা মানুহৰ প্ৰকোপ বেছিয়ে দেখিবলৈ পালোঁ। চকীত বহি দিয়াৰ লগেলগে সমস্ত ভাগৰে মোক হেঁচা মাৰি ধৰিবলৈ উদ্যত হ’ল। ৰিবৰিবকৈ বৈ থকা মলয়া বতাহৰ আমেজত মোৰ দুচকু জাপ খাই আহিল। মোৰ তাতে অলপ সময় শুই ল’বলৈ মন গ’ল। দুটা নিশা শুব পৰা নাই। সেয়ে চাগৈ বেছি ভাগৰুৱা হৈ পৰিছিলোঁ। বহি দিয়াৰ বাবে মোৰ ভৰি দুখনেও বহুত আৰাম পাইছে যেন লাগিল। এওঁ সোনকালে যাব লাগে বুলি মনত পেলাই দিয়াত আকৌ এচোৱা যাবলৈ মনতে সাজু হ’লোঁ। মই বহাৰ পৰা উঠাৰ পিছতহে গম পালোঁ যে মোৰ ভৰি দুটাই আগলৈ যাব বিচৰা নাই। দুই আঁঠুৰ তলৰ পৰা দেখোন সাংঘাতিক বিষ হৈছে। মোৰ ভৰি দুটাই হঠাতে বিদ্ৰোহ কৰি উঠিছে দেখোন। মই নবহালৈকে ঠিকেই আছিল। উঠি দিয়াৰ পিছতহে পয়মাল লাগিল। তথাপি লাহে লাহে আগবাঢ়িলোঁ। আমি গৈ থকা পথটোৰে তললৈ চালে পাকলগা পথটো দেখোন শেষেই নহয়। দেখি মই ভয়েই খালোঁ, ভৰিৰ অৱস্থা যিহে হৈছে! একাবেঁকা পথটোত লাইটবোৰ জ্বলি থকাৰ বাবে ৰাতি এই পথটো বৰ ধুনীয়াকে জিলিকি থাকে। দিনত আকৌ পথৰ ওপৰৰ টিনৰ চালিখনৰ বাবে পথটো জিলিকি থাকে। গোটেই পাহাৰবোৰৰ গা কাটি বনোৱা একাবেঁকা পথটোৰ কাষে লাইট জ্বলোৱা আছে বাবে মা বৈষ্ণো দেৱী মন্দিৰৰ এই পথটো তলৰ বা ওপৰৰ পৰা ধুনীয়াকে জিলিকি থাকে। কাটৰা টাউনৰ পৰা চালে এই পথটো ৰাতি হীৰাৰ নেকলেচ এডালৰ দৰে দেখি। অদূৰত কাটৰাৰ টাউনখন লাইটৰ পোহৰত জকমকাই আছে। আমি গৈ থকা ৰাস্তাটোৰ কাষতে খটখটীৰে তললৈ নামি যোৱা ৰাস্তা এটিও আছে। মানুহ এজনে কোৱা মতে আমি যোৱা দুই কিলোমিটাৰৰ পথটো খটখটীৰে গ’লে ডেৰ কিলোমিটাৰ লাগিব। বহু ভক্ত আন্ধাৰতে খুপিখুপি খটখটীৰে অহা-যোৱা কৰিছে। তাকে দেখি আমাৰ ল’ৰাৰ কথামতে এপাকত চৰ্টকাটৰ থিয় খটখটীটোৰে আমিও নামি গ’লোঁ। সেইফালেদি গৈ মোৰ অৱস্থা বেয়া হৈ গৈছিল। ভৰি দুটাত আগতকৈ আৰু বেছিহে বিষ হ’ল। অসাৱধানবশতঃ তাত কেনেবাকৈ পৰাহেঁতেন লগেলগে সিপুৰী পালোগৈহেঁতেন চাগে। মই সোনকালে পালেও খটখটীৰে নাযাও বুলি এওঁলোকক ক’লোঁ। আহোঁতে হেলিকপ্টাৰৰ টিকট কাটি শ্ৰীমানে ভালেই কৰিছিল বুলি মই তেওঁৰ শলাগ ল’লোঁ। মোৰ কথা শুনি তেওঁ বিজয়ৰ হাঁহি মাৰিলে। আচলতে নমাটোও হেলিকপ্টাৰতে কৰিব লাগিছিল বুলি মই মনে মনে ভাবিলোঁ, তেওঁক অৱশ্যে নক’লোঁ। তেওঁক ক’লে আৰু এখোপ ওপৰলৈ উঠিব আৰু তাকে কৈ থাকিব। মোৰ খোজকঢ়াৰ অভ্যাস একেবাৰেই নাই। শৰীৰৰ ওজনো বেছি আছে বাবে হঠাতে আহি পাহাৰৰ এঢলীয়া ৰাস্তাত ইমানদূৰ খোজকাঢ়িবলৈ অসুবিধা হৈছে। তাতে আগদিনাখন দিনত গাড়ীত আৰু গোটেই ৰাতিটো এয়াৰপৰ্টত বহি থাকিবগীয়া হৈছিল। এওঁলোকে মোক পিছপেলাই কোনোবাখিনি পায়গৈ আৰু তাতে মোৰ বাবে ৰৈ থাকে। লাহে লাহে খোজকাঢ়ি তললৈ নামি গৈ গৈ মই ভাগৰত একেবাৰেই লেবেজান। আঁঠুৰ তলচোৱাত ক’ত ক’ত বিষাইছে মই নিজেই গম নোপোৱাৰ দৰে হ’লোঁ। এনে লাগিছিল কোনোবাই মোৰ ভৰি দুটা মই খোজ কাঢ়িবলৈ নোৱাৰাকৈ মৰিয়াই মৰিয়াই ভাঙি পেলাইছে আৰু মই মোৰ জীৱন বচাবৰ বাবে তাৰপৰা যেনেতেনে থৰক-বৰককৈ গৈ আছোঁ। মোৰ লগতহে তেনে হৈছিল যেন লাগিল। আমাৰ বাকী সদস্যসকলৰ অৱশ্যে তেনে হোৱা নাছিল। তেওঁলোকে ধুনীয়াকে গৈ আছিল। মই ল’ৰা-ছোৱালীহালক সুধিছিলোঁ “কিমাননো খোজ কাঢ়িবি… ইয়াৰপৰা তললৈ আমিকেইটা ঘোঁৰাতে যাওঁ ব’ল।” সিহঁতে ৰাতিপুৱা অহাৰে পৰা ৰাস্তাত ঘোঁৰাৰ গোবৰৰ গোন্ধটো পাই ইমানে বিতৃষ্ণা পাইছিল যে একেষাৰতে ‘আমি ঘোঁৰাত নাযাও’ বুলি ক’লে। সিহঁত নগ’লে মই স্বাৰ্থপৰৰ দৰে অকলে ঘোঁৰাত কেনেকৈনো যাওঁ বুলি থৰক-বৰককৈ খোজ কাঢ়িয়ে গৈ থাকিলোঁ। ইফালে এই ৰাস্তাৰে খোজ কাঢ়ি অহাৰ প্ৰস্তাৱ দিয়াৰ মূল মানুহজনী ময়ে আছিলোঁ। ঘোঁৰাত উঠাৰ কথা বেছিকৈ ক’লে গোটেই জীৱন সিহঁতে দেউতাকৰ লগত মিলি মোক তাকে কৈ হাঁহি থাকিব। তেতিয়াও বহুত দৰ্শনাৰ্থী পদব্ৰজে, খালী ভৰিৰে, ঘোঁৰাত উঠি মাৰ দৰ্শনৰ বাবে গৈ আছিল। সমগ্ৰ পথটোত লাইটৰ ব্যৱস্থা থকাৰ বাবে আৰু অনবৰতে ভক্তসকলৰ অহা-যোৱা চলি থাকে বাবে দিন বা ৰাতি হ’লেও দৰ্শনাৰ্থীসকলৰ একো সমস্যা নহয়। অৱশ্যে মোৰ অৱস্থাটো বুজিব পাৰি ল’ৰাটোৱে পিছুৱাই আহি মোৰ কান্ধত ধৰি মোৰ লগতে খোজ মিলাই খোজ কাঢ়িবলৈ ধৰিলে। ইতিমধ্যে শ্ৰীমান আৰু ছোৱালীয়ে মোক এৰি বহুদূৰ আগুৱাই গ’ল। ল’ৰাটো আৰু মই অলপ দূৰ যোৱাৰ পিছতে তৃতীয় লিংগৰ মহিলা কেইগৰাকীমানে চিঞৰ বাখৰ কৰি দৰ্শনাৰ্থী কিছুমানৰ পৰা পইচা উঠাই থকা দেখিলোঁ। আমি গৈ তেওঁলোকৰ সন্মুখ পোৱাত কথা নাই বতৰা নাই এগৰাকীয়ে মোক দেখি মোৰ হাতখনত থাপ ধৰিলে আৰু মোৰ মূৰত তেওঁৰ হাতেৰে মৰেমেৰে থপৰিয়াই থপৰিয়াই ‘ভগৱান ভলা কৰেগা তেৰা’ বুলি মুখেৰে মন্ত্ৰোচ্চাৰণৰ দৰে বিৰবিৰালে। অৱশ্যে তেখেতে মোক পইচা নিবিচাৰিলে। ময়ো সেই সময়ত ইমানেই অৱশ আৰু ক্লান্ত আছিলোঁ যে জেকেটটোৰ পকেটত হাত ভৰাই উপযাচি পইচা দিবলৈ মই শক্তিয়ে নাপালো বা ইচ্ছাই নহ’ল বুলি ক’ব পাৰে। তাৰপৰা আগবাঢ়ি গৈ এওঁলোকক দোকান এখনৰ সন্মুখত মৌচুমী টেঙাৰ ৰস আৰু কটা ফলমূল খাই থকা দেখি ময়ো এগিলাচ মৌচুমী টঙাৰ ৰস গলাধঃকৰণ কৰিহে অলপ সুস্থ অনুভৱ কৰিলোঁ। সেইখিনিৰ পৰা বজাৰ এলেকা আৰম্ভ হৈছিল। ড্ৰাই ফ্ৰুট, প্ৰসাদ, ফটো ষ্টুডিঅ’, হোটেল, গিফ্ট আইটেমৰ দোকানৰ পৰা তাত বডী মাচাজ কৰা চেয়াৰ কিছুমান ৰখা দোকান কিছুমানো দেখিলোঁ। সকলোৱে দোকানৰ বাহিৰলৈ ওলাই হেঁপাহেৰে তেওঁলোকৰ দোকানলৈ আমাক মাতিছে। বডী মাছাজৰ দোকানবোৰ দেখিলে ল’ৰাটোৱে মোক বাৰে বাৰে তাত সোমাই মোক বডী মাচাজ ল’বলৈ জোৰ কৰে।

সেইদিনাখন আবেলি প্ৰায় পাঁচ বজাৰ পৰা একেৰাহে খোজকাঢ়ি ৰাতি দহ বজাত আমি ‘দৰ্শনী দৰৱাজা’ পালোঁহি। তাৰপৰা আমাৰ হোটেললৈ ফোন লগাই আমাক নিবলৈ গাড়ীখন পঠিয়াই দিবলৈ ক’লোঁ। লগতে আমাৰ বাবে ডিনাৰৰ ব্যৱস্থা কৰাৰ কথাও ক’লোঁ। আধাঘণ্টামান সময় তাতে বহি গাড়ী অহালৈ অপেক্ষা কৰাৰ পিছত হোটেলৰ পৰা পঠিওৱা আমাৰ গাড়ীখন অহাতহে স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ। হোটেলত গৈ আমি সকলোৱে ভালদৰে গা পা ধুই ফ্ৰেচ হৈ ল’লোঁ। তাৰপিছত আমি ৰুমতে ডিনাৰ কৰি ৰাতি বাৰমান বজাত ভাগৰুৱা দেহটো বিছনাত পেলাই দিয়াৰ লগে লগে কেতিয়া টোপনিৰ কোলাত ঢলি পৰিলোঁ গমকে নাপালো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments