কামৰূপী লোকগীত

লেখক- ড॰ সেউজী শৰ্মা

কামৰূপী লোকগীতৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ পূৰ্বে কামৰূপ সম্পৰ্কে এক স্পষ্ট ধাৰণা পোষণ কৰা যুগুত। কামৰূপ বুলিলে বৰ্তমান এখন জিলাক বুজা হয় যদিও অতীত কালত ইয়াৰ বিস্তৃতি যে সুবিশাল আছিল সেই বিষয়ে তন্ত্ৰ সাহিত্যত সুস্পষ্ট বৰ্ণনা পোৱা যায়। বিশেষকৈ কালিকাপুৰান আৰু যোগিনীতন্ত্ৰত কামৰূপৰ বিশাল ভৌগোলিক পৰিধিৰ কথা উজ্জ্বল ৰূপত উল্লিখিত হৈছে। ‘হৰগৌৰী সংবাদ’ নামৰ গ্ৰন্থখনত আকৌ কামৰূপক চাৰিটা পীঠত বিভক্ত বুলি কোৱা হৈছে। সেই চাৰিটা পীঠ হ’ল – ১। ৰত্নপীঠ ২। কামপীঠ ৩। স্বৰ্ণপীঠ ৪। সৌমাৰ পীঠ। কামৰূপ নামটোৰ উৎপত্তি সম্পৰ্কে পৌৰাণিক গ্ৰন্থত এটি কিম্বদন্তিৰ প্ৰচলন আছে। সেই অনুসৰি ধ্যানমগ্ন শিৱক ধ্যানভংগৰ উদ্দেশ্যৰে মদন কামদেৱে কামবাণ নিক্ষেপ কৰাৰ পিছত দেবাদিদেব মহাদেৱক্ৰোধান্বিত হৈ উঠে। সেই ভয়ংকৰ ক্ৰোধত তেওঁৰ তৃতীয় নেত্ৰৰে নিৰ্গত হোৱা ক্ৰোধাগ্নিয়ে কামদেৱক নিমিষতে ভস্মীভূত কৰে। পৰৱৰ্তী সময়ত কামদেৱৰ পত্নী ৰতিদেৱীৰ সশ্ৰদ্ধ প্ৰাৰ্থনা আৰু কৰুণ বিননিত দয়াপৰবশ হৈ শিৱই কামদেৱক পুনৰ জীৱনদান কৰে। কামদেৱৰ পুনৰ জীৱনৰূপ লাভ কৰা বাবে এই পুণ্যময় ভূমিখণ্ডৰ নাম কামৰূপ হয়।
কামৰূপী লোকগীত যে বিশাল অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ, সেই বিষয়ে সন্দেহৰ কোনো অৱকাশ নাই। প্ৰকৃততে সকলো লোকগীতেই চহা প্ৰাণৰ স্বতঃস্ফূৰ্ত ভাৱাবেগৰ নিৰ্মল আৰু সৰল প্ৰকাশ। লোকগীতত মূৰ্তমান হৈ উঠে গ্ৰামীণ সমাজৰ নৈসৰ্গিক জীৱনবোধ। জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, প্ৰাপ্তি-অপ্ৰাপ্তি, উৎসাহ-বাধা, আশা-নিৰাশা সকলোবোৰ দিশ লোকগীতত ফুটি উঠে। বিচিত্ৰ বিষয়বস্তু আৰু ভিন্ন সম্ভাৰেৰে লোকগীত চিৰসমৃদ্ধ। বিশিষ্ট সমালোচক আৰু চিন্তাবিদ ড॰ সতেন্দ্ৰ নাথ শৰ্মাদেৱে লোকগীত সমূহক তিনিটা শ্ৰেণীত বিভাজিত কৰিছে-
১। অনুষ্ঠানমূলক যেনে, বিহুগীত, আইনাম, বিহুনাম আদি।
২। আখ্যানমূলক যেনে, মনিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি।
৩। বিবিধ বিষয়ক যেনে, নিচুকণি গীত, গৰখীয়া গীত, নাওখেলোৱা গীত আদি।

লোকগীতৰ বিশেষত্ব সম্পৰ্কে ড॰ শৰ্মাদেৱে এইদৰে আলোকপাত কৰিছে-
‘‘অনাড়ম্বৰ সৰল ভাষা, ঘৰুৱা চিত্ৰ, আঞ্চলিক প্ৰকাশভংগী, ভাবৰ মুকলি প্ৰকাশ, সৰল বিশ্বাস আৰু অলৌকিকতাৰ প্ৰভাৱ লোকগীত সমূহত লক্ষ্য কৰা যায়। গীতবোৰৰ ছন্দ, ভাব আৰু ভাষা শৃংখলিত নহয়; সাৱলীল আৰু উন্মুক্ত চহাপ্ৰাণৰ ই মুক্ত পৰিস্ফুৰণ আৰু আদিম আৰু মৌলিক ভাবাবেগৰ [elemental passion] অকৃত্ৰিম প্ৰকাশ।”
কামৰূপী লোকগীততো নৈসৰ্গিক লোকজীৱন, লয় আৰু ছন্দৰ সাৱলীল প্ৰয়োগ, স্থানীয় ভাষাৰ মধুৰ ব্যৱহাৰ, মানৱজীৱনৰ সঁচা দৰ্শন ফুটি উঠা দেখা যায়। ঋতুসম্বন্ধীয় প্ৰণয়গীত, কৃষি সম্বন্ধীয় গীত, আইনাম, বিয়ানাম, নাওখেলৰ গীত, ফাকুৱা উৎসৱৰ গীত, মহখেদা গীত আদিৰ জৰিয়তে বৃহত্তৰ কামৰূপৰ সাতামপুৰুষীয়া পৰম্পৰা আৰু লোকবিশ্বাস ফুটি উঠিছে। আয়তীসকলে পৰিবেশন কৰা গীতবোৰত আকৌ একপ্ৰকাৰৰ স্তুতি পৰিলক্ষিত হয়। জ্বৰ-বসন্ত আদি ৰোগ হ’লে আয়তীসকলে সামূহিকভাৱে প্ৰাৰ্থনাসূচক লোকগীত পৰিবেশন কৰে। শীতলাদেৱী, মনসাদেৱী, লক্ষ্মীদেৱী আদি দেৱীক স্তুতি কৰি গৃহস্থৰ তথা ৰাইজৰ মংগল কামনা কৰা হয়। যেনে-
হালি আছে বৰগাছ এ
এ আই ধৰি আছে কৰি
আইৰ নামত ফুল দেও
হাতযোৰ কৰি এ
হালি আছে বৰ গাছ এ।

সেইদৰে বিবাহ আদি পৰ্ব হলে সুকীয়া ধৰণৰ গীত পৰিবেশন কৰা হয়। বিশেষকৈ দৰাপক্ষ আৰু কইনাপক্ষৰ আয়তীসকলে প্ৰথমে পানী তোলা, দৰা বা কইনাৰ গা ধুওৱা, সুৱাগ তোলা, দৰা আদৰা বা কইনা আদৰা সময়ত আয়তীসমাজে সুৱদী সুৰেৰে গীত পৰিবেশন কৰে। যেনে-
আগবঢ়াবলৈ মৈৰাৰ বিচনী
ঐ ৰাম ভৰি ধুৱাবলৈ পানী হে।
ইয়াৰ পিছত দৰা-কইনা পক্ষ যেতিয়া মুখামুখি হয় তেতিয়া আকৌ পৰিবেশটো পৃথক হৈ পৰে। এইবাৰ নিজপক্ষৰ সমৰ্থন আৰু প্ৰতিপক্ষক মৌখিক আক্ৰমণ কৰাৰ উদ্দেশ্যে বিয়াগীত বা নিন্দাগীতৰ জোৱাৰ উঠে। আচৰিত কথা যে এই সময়ত পৰিবেশন কৰা বহু নিন্দাগীত তৎমুহূৰ্ততে ৰচনা কৰি বিপৰীতপক্ষক ধেমালিৰ চলেৰে ধাৰাশায়ী কৰাৰ চেষ্টা কৰা হয়। এইদৰে কামৰূপী লোকগীতৰ মাজত হাস্যৰসৰ সুন্দৰ নিদৰ্শন বিচাৰি পোৱা যায়।

এতিয়া অন্য এটা প্ৰসংগলৈ মন দিয়া যুগুত। কামৰূপ লোকগীতৰ ভৌগোলিক পৰিসৰ কি? এই সম্বন্ধে পণ্ডিত আৰু সমালোচকে নিজস্ব মতামত দাঙি ধৰিছে যদিও বৃহত্তৰ কামৰূপ, নলবাৰী আৰু বৰপেটাৰ বিশাল ভূখণ্ডত প্ৰচলিত সমস্ত লোকগীতকেই কামৰূপী লোকগীত বুলি ঠাৱৰ কৰা হৈছে। সেয়ে নাওখেলৰ গীত, মহখেদা গীত, ফাকুৱা উৎসৱৰ গীত, কৃষি সম্বন্ধীয় গীত, সংস্কাৰ সম্বন্ধীয় গীত আদি সকলো ৰচনা কামৰূপী লোকগীতৰ অন্তৰ্গত বুলি মানি লোৱা হৈছে। মন কৰিবলগীয়া যে প্ৰায় একে যেন লাগিলেও নলবাৰী, কামৰূপ আৰু বৰপেটাৰ ভাষাশৈলীৰ কিছু নিজস্ব নিজস্ব স্বৰূপ লক্ষ্য কৰা হয়।
সময়ৰ লগে লগে লোকগীতৰ বিষয়বস্তুৰ মাজতো ন ন সম্ভাৰৰ উপস্থিতি চকুত পৰে। আনকি স্বাধীনতা আন্দোলনৰ সময়ত গান্ধীৰ আহ্বানত সমগ্ৰ দেশতে স্বদেশী বস্ত্ৰ নিৰ্মাণৰ উদ্দেশ্যে যঁতৰ ব্যৱহাৰ কৰাৰ যি আহ্বান দিয়া হৈছিল, কামৰূপ অঞ্চলতো আইসকলে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ন উদ্যমেৰে সূতা কাটি যঁতৰত কাপোৰ বোৱাৰ বাবে যাৱতীয় প্ৰস্তুতি কৰিছিল। এই সময়ত স্বদেশপ্ৰেমমূলক গীত গাই আয়তীসকলে সূতা কাটিছিল। ইয়াকে সূতা কটা গীত বুলি জনা যায়। এনে বহু ঐতিহাসিক ঘটনা আৰু সময়ৰ সাৰ্থক প্ৰকাশ লোকগীতৰ মাজত লক্ষ্য কৰা হয়।
বিভিন্ন পৌৰাণিক কথাকো লোকগীতত যথাযোগ্য স্থান দিয়া হৈছে। মানৱজীৱনৰ অৰ্থ, আশা-নিৰাশা, ক্ষণভংগুৰতা, অনিত্যতা, আদিকো লোকগীতৰ মাজেৰে সাৱলীলভাৱে দাঙি ধৰা হৈছে। প্ৰকৃতিৰ বিভিন্ন স্বৰূপ, সৌন্দৰ্য্য, বৈচিত্ৰ্য আদিকো কামৰূপী লোকগীতত সুন্দৰকৈ ফুটাই তোলা হৈছে। সময়ৰ লগে লগে কামৰূপী লোকগীত সংৰক্ষণ আৰু পৰিবদ্ধৰ্নৰ দিশতো খোজ পেলোৱা হৈছে। বাণীবন্ধনৰ জৰিয়তে কামৰূপী লোকগীতৰ সুৰীয়া ৰূপ ন ৰূপত সাধাৰণ ৰাইজৰ মাজলৈ আগুৱাই দিয়া হৈছে আৰু মানুহে বিপুল আগ্ৰহেৰে আঁকোৱালি লৈছে। এই দিশত সকলোতকৈ জনপ্ৰিয় শিল্পী গৰাকী হ’ল ৰামেশ্বৰ পাঠক।
মহান শিল্পী ৰামেশ্বৰ পাঠকৰ কণ্ঠত পৌৰাণিক বিষয়বস্তুৰ লগতে জীৱন আৰু প্ৰকৃতিৰ বিষয়বস্তুৱেও স্থান লাভ কৰিছে। দুটি উদাহৰণ,
ৰ। জয় জয় ৰাম সীতাৰাম
জয় জয় ৰাম সীতাৰাম
ৰামৰ যজ্ঞে লব কুশে
গায় ৰামায়ণ
জয় জয় ৰাম সীতাৰাম।
২। অ পখী ৰৈয়া যা ৰে
অ পখী ৰৈয়া যা ৰে
পখী ৰৈয়া যা ৰে
আমাৰ চিত্তৰ কথা
কৈয়া যা ৰে সখী
কৈয়া যা ৰে।
কামৰূপী লোকগীতৰ বিশাল ভাণ্ডাৰক সঠিক ৰূপত সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত এই বিষয় লৈ আলোচনা, পৰিবেশন আৰু গৱেষণাকাৰ্য্য হোৱা যুগুত। সেয়া সম্ভৱ হলেহে কামৰূপী লোকগীতে সময়ৰ কঠিন প্ৰবাহৰ মাজতো নজহা-নপমা অমৰ কৃতি হৈ উজ্জ্বলি থাকিব। এই দিশত সংস্কৃতিপ্ৰেমী আৰু অনুসন্ধিৎসু লোকে বিশেষ ভূমিকা পালন কৰাটো বাঞ্ছনীয়। কামৰূপী লোকগীতৰ উচিত সংৰক্ষণ আৰু চৰ্চাৰ জৰিয়তে উত্তৰপুৰুষলৈ সুন্দৰ নজিৰ ৰাখি যোৱাটো আজিৰ সময়ৰ দাবী। আশাকৰো এই দিশত সঠিক ৰূপত খোজ পেলাবলৈ সকলো আগুৱাই আহিব আৰু কামৰূপী লোকগীতৰ সমুজ্বল আৰু অম্লান বৈভৱক চিৰকাল জিলিকাই ৰাখিব।

প্ৰসংগ পুথি-
ৰ। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত- ড॰ সতেন্দ্ৰ নাথ শৰ্মা।
২। নিৰ্বাচিত প্ৰবন্ধ- সাহিত্য অকাডেমি, সংকলকঃ বিৰিঞ্চি কুমাৰ বৰুৱা।
৩। অসমীয়াজন সাহিত্য- ড॰ প্ৰফুল্ল দত্ত গোস্বামী, বাণী প্ৰকাশ।
৪। অসমৰ সংস্কৃতি সমীক্ষা- মুখ্য সম্পাদক : ড॰ নবীন চন্দ্ৰ শৰ্মা, চন্দ্ৰপ্ৰকাশ।
৫। অসমীয়া সংস্কৃতি- হৰিপ্ৰসাদ নেওগ, লীলা গগৈ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!