মুকলি প্ৰাঙ্গনৰ শ্ৰেণী ব্যৱস্থা

লেখক- অভিজিত দত্ত

সেয়া প্ৰাচীন কালৰ কথা। ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস আশ্ৰমে সমাজত প্ৰসিদ্ধি লাভ কৰিছে। ছাত্ৰ এজনক তেওঁৰ পিতৃ অথবা মাতৃয়ে গুৰুগৃহত থৈ আহিছে। আৰম্ভ হৈছে ব্ৰহ্মচৰ্য ব্ৰতৰ।

লোভ-মোহ, আশা-আকাংক্ষা আদিৰে জৰ্জড়িত পাৰ্থিৱ জীৱনৰ পৰা শিক্ষাৰ্থীসকলক মুক্ত ৰাখি এই গুৰুকুলসমূহত গুৰুৱে শিক্ষা প্ৰদান কৰিলে। বেদ, ধৰ্মগ্ৰন্থ আদি অধ্যয়ন কৰাৰ লগে লগেই শিক্ষাৰ্থীসকলে লাভ কৰিলে প্ৰকৃতিৰ অপৰূপ ভাণ্ডাৰ সম্পৰ্কে এক সম্যক জ্ঞান। গুৰুকুলত থাকি শিক্ষাৰ্থীসকলে গুৰুসকলৰ সতেও প্ৰত্যক্ষ সম্পৰ্ক ৰক্ষা কৰি প্ৰায়োগিক আৰু তত্ত্বমূলক শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ’ল। সৌ তাহানিৰ পৰা প্ৰচলিত গুৰুকুলৰ এই শিক্ষা প্ৰখ্যাত মোগল সম্ৰাট আকবৰ, চাহজাহান আদিৰ ৰাজত্বৰ সময়তো ভাৰতবৰ্ষৰ বিভিন্ন ঠাই যেনে তক্ষশীলা আৰু অন্যান্যত জনপ্ৰিয় হৈ পৰিল।

সেই সময়ত গুৰুৰ দ্বাৰা পৰিচালিত ‘গুৰুকুল’সমূহ সাধাৰণতে প্ৰতিষ্ঠা কৰা হৈছিল অৰণ্যৰ মাজত। ছাত্ৰসকলে যাতে বিভিন্ন বৃত্তি সম্পৰ্কে এক সম্যক জ্ঞানৰ অধিকাৰী হব পাৰে তাক উদ্দেশ্য কৰিয়েই এই গুৰুকুলসমূহ অৰণ্যৰ অভ্যন্তৰত প্ৰতিষ্ঠা কৰা হৈছিল। সেই গুৰুকুল অথবা গুৰুগৃহত থকা কোনো এক গুৰুৱে ছাত্ৰসকলৰ আগত উদ্ভাষিত কৰিছিল জ্ঞানৰ বিশাল পৰিধি।

মুকলি আকাশৰ তলত গুৰুৱে ছাত্ৰক বিভিন্ন জ্ঞানৰ পোহৰেৰে আলোকিত কৰি তুলিছে। সেই প্ৰাকৃতিক পৰিবেশত ছাত্ৰই গছ-গছনি, বন-বননি অথবা প্ৰকৃতিৰ অপৰূপ দৃশ্যৰাজি উপভোগ কৰি নিজ পাঠ গ্ৰহণ কৰিছে। হয়তো কোনোবাজন ছাত্ৰই সেই প্ৰাকৃতিক পৰিবেশত কান্তিবিদ্যা, পৰিবেশ বিজ্ঞান আদি অন্তৰৰ নিভৃত কোণৰ পৰা উপলব্ধি কৰিবলৈ সক্ষম হৈছে। সেই উপলব্ধিৰ সহায়ত তেনে একোজন ছাত্ৰই কালক্ৰমত খ্যাতিমান পণ্ডিত হিচাপে সেই সময়ৰ সমাজত স্বীকৃতি লাভ কৰিছে। প্ৰকৃতিৰ বুকুত এনেদৰেই পোখা মেলিছে সৃষ্টিশীলতাৰ।

মুকলি প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এই শ্ৰেণীসমূহৰ যোগেদি শিক্ষাৰ্থীসকল গুৰুৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল। গুৰুগৃহ তথা গুৰুগৃহৰ বাবে খৰি লুৰাৰ পৰা পানী অনালৈ বিভিন্ন কৰ্মত ছাত্ৰসকল নিয়োজিত হৈ পৰিছিল। বিভিন্ন সময়ত গুৰুগৃহৰ বিভিন্ন কামত নিয়োজিত হৈ আছিল শিক্ষাৰ্থীসকল।

মধ্যপ্ৰাচ্য, পৰ্তুগাল, ইউৰোপ আদিতো লাহে লাহে জনপ্ৰিয় হৈ পৰে গুৰুকুলৰ ধাৰণা। ১৯০৪ চনত জাৰ্মানীৰ ‘চাৰলটেনবাৰ্গ’ত গুৰুকুলৰ দৰেই মুকলি প্ৰাংগনত শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ল। জাৰ্মানীত সেই সময়ত এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ এক বিশেষ কাৰণ আছিল। সেই সময়ত চহৰাঞ্চলত টিবিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। এজনৰ পৰা আন এজনলৈ সোঁচৰা এই ৰোগক প্ৰতিৰোধ কৰাৰ উদ্দেশ্য আগত ৰাখি জাৰ্মানীৰ ‘চাৰলটেনবাৰ্গ’ত মুক্ত আবহাওৱাত ছাত্ৰ-ছাত্ৰীসকলক এক নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰাই এই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ’য়। শিশু ৰোগ বিশেষজ্ঞ ডাঃ বেৰ্নহাৰ্ড বেনডিক্স আৰু বিদ্যালয় পৰিদৰ্শক হেৰমান নিউফেৰ্টে আৰম্ভ কৰা মুকলি প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এই শ্ৰেণীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ দৈহিক সক্ষমতাক অধিক শক্তিশালী কৰি তুলিলে। ভাৰতবৰ্ষৰ গুৰুকুল শিক্ষা এনেদৰেই পৰোক্ষভাবে হলেও জাৰ্মানীত জনপ্ৰিয় হৈ পৰিল। অৰণ্যৰ মুকলি পৰিবেশত পাঠদান কৰা এইবিধ শিক্ষাই ৰুগীয়া ল’ৰা-ছোৱালীৰ বাবে আৰম্ভ কৰা ‘অৰণ্য বিদ্যালয়’ হিচাপে প্ৰসিদ্ধি লাভ কৰিলে। গুৰুকুলৰ আৰ্হিত প্ৰতিষ্ঠা কৰা ‘অৰণ্য বিদ্যালয়’ত পাঠদান প্ৰক্ৰিয়া মুক্ত বতাহ বা মুকলি পৰিবেশত অনুষ্ঠিত কৰা হ’ল। এইবিধ বিদ্যালয়ত প্ৰবৰ্তন কৰা পাঠদান ব্যৱস্থাই পশ্চিমীয়া দেশৰ বাসিন্দাসকলক আকৰ্ষিত কৰিলে। গুৰু তথা শিষ্যৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক তথা প্ৰাকৃতিক উপাদানসমূহৰ উপস্থিতিৰ দ্বাৰা শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ল। একেদৰেই এক বিশেষ উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰা এই অৰণ্য বিদ্যালয়ে সঁচাকৈয়েই বেমাৰ ৰোধ কৰাতো সমৰ্থ হ’ল। এনেদৰে মুক্ত প্ৰাঙ্গণত প্ৰদান কৰা এই শিক্ষা জাৰ্মানী তথা ইউৰোপৰ বিভিন্ন দেশত জনপ্ৰিয় হৈ পৰিল।

তাহানিৰ সেই গুৰুকুলত প্ৰদান কৰা শিক্ষা আৰু আজি প্ৰচলিত হৈ থকা শিক্ষাদান পদ্ধতিত দেখা পোৱা প্ৰধান তফাৎটো হ’ল ঠাইৰ ব্যৱহাৰ। গুৰুকুলৰ সেই শিক্ষা প্ৰদান কৰা হৈছিল মুকলি আকাশৰ তলত। মুক্ত পৰিবেশত প্ৰদান কৰা সেই শিক্ষা কালক্ৰমত সলনি হৈ পৰিল। শিক্ষকে ছাত্ৰ-ছাত্ৰীক বন্ধ কোঠাত অৰ্থাৎ চাৰি বেৰৰ মাজত আৱদ্ধ কৰিহে শিক্ষাদান কৰিবলগীয়া হ’ল। সময়ৰ পৰিবৰ্তনৰ লগে লগে মুকলি আকাশৰ তলত শিক্ষাদান কৰাতকৈ শ্ৰেণীকোঠাত পাঠদান কৰাটো অধিক যুক্তিযুক্ত তথা নিৰাপদ বুলিও সকলো পতিয়ন গ’ল। সমাজখনত বাঢ়ি অহা বিভিন্ন পাৰ্থিৱ প্ৰয়োজনীয়তাৰ বাবেও শ্ৰেণীকোঠাৰ শিক্ষাই গোজেই গজালি মেলিলে আৰু এসময়ত মানুহৰ মনৰ পৰাও নিচিহ্ন হ’ল গুৰুকুলৰ শিক্ষাৰ ধাৰণা। লাহে লাহে পৃথিৱীখনক জনপ্ৰিয় হোৱা আন এক ধাৰণা বিকেন্দ্ৰীকৰণৰ বাবেও শ্ৰেণীকোঠাত আৰম্ভ কৰা শিক্ষাদান ব্যৱস্থা প্ৰয়োজনীয় হৈ পৰিল।

অৱশ্যে ইয়াৰ মাজতেই মুকলি প্ৰাঙ্গণত চলা শিক্ষাদান ব্যৱস্থাই প্ৰসাৰতা লাভ কৰিলে পশ্চিমবংগত। পশ্চিমবংগত শান্তিনিকেতন প্ৰতিষ্ঠা কৰা হ’ল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা সৃষ্ট এই শান্তিনিকেতনত মুকলি প্ৰাংগনত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ল। ‘গীতাঞ্জলি’ৰে ভাৰতলৈ সন্মান কঢ়িয়াই অনা কবিগুৰুৱে মানৱতা, বিশ্বজনীন ভাতৃত্ববোধ আৰু মুকলি পৰিবেশৰ সমন্বয় ঘটাই আৰম্ভ কৰা ‘শান্তিনিকেতন’ এসময়ত পৰিবৰ্তিত হ’ল এখন বিশ্ববিদ্যালয়লৈ। সেই বিশ্ববিদ্যালয়খনৰ নাম দিয়া হ’ল ‘বিশ্বভাৰতী’। সেই ‘বিশ্বভাৰতী’ৰ বুকুত নিৰন্তৰ চলি থাকিল মুকলি প্ৰাঙ্গণৰ শিক্ষাদান।

’বিশ্বভাৰতী’ৰ জন্ম সম্পৰ্কে অলপমান কথা আলোচনা নকৰিলে হয়তো এই লেখাটিও আধৰুৱা হৈ ৰব। সেইয়া ১৮৬২ চন। কবিগুৰুৰ পিতৃ মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰে এদিন বীৰভূম এলেকাত নৌকা-বিহাৰ কৰি থকাৰ সময়ত ভুবনডাংগা নামৰ মনোৰম ঠাই এটুকুৰা প্ৰত্যক্ষ কৰি ৰোমাঞ্চিত হৈ পৰিল। সেই ঠাইত বাস কৰা জনপ্ৰিয় ডকাইত ভুবনৰ নামত ঠাইটুকুৰাৰ নাম ভুবনডাংগা ৰখা হৈছিল। মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰে ভুবনডাংগাৰ ৰূপত মোহিত হৈ সেইয়া ক্ৰয় কৰিলে। ১৮৬৩ চনত তেওঁ ভুবনডাংগাত এক আধ্যাত্মিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। ১৯০১ চনত মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ সুপুত্ৰ ৰবীন্দ্ৰনাথ ঠাকুৰে পৰীক্ষামূলকভাবে এই ঠাইতেই এখন বিদ্যালয় স্থাপন কৰিলে। মুকলি প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এই বিদ্যালয়খন ‘ব্ৰহ্মচৰ্য আশ্ৰম’ নামেৰে জনাজাত হৈ পৰিল। উল্লেখযোগ্য যে পাচজন ছাত্ৰৰে আৰম্ভ কৰা এই বিদ্যালয়খনেই ১৯২১ চনত বিশ্বভাৰতী বিশ্ববিদ্যালয় হিচাপে বিশ্বত জনাজাত হৈ পৰিল। ভাৰতৰ বিভিন্নজন প্ৰখ্যাত লোক যেনে ইন্দিৰা গান্ধী, সত্যজিৎ ৰায় আদিয়েও এই অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি কালক্ৰমত জিলিকি উঠিল।

বৰ্তমান বিশ্বায়নৰ যুগ। প্ৰতিযোগিতাৰ ধামখুমীয়াত ছাত্ৰ-ছাত্ৰীসকল আজি ব্যতিব্যস্ত হৈ পৰিছে। একেদৰে শিক্ষকসকলেও গৱেষণা আদিত শিক্ষাদানৰ সমানেই জড়িত হৈ পৰিবলগীয়া হৈছে। এনেস্থলত ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ বাবে মুক্ত প্ৰাঙ্গণত শিক্ষা গ্ৰহণ আৰু পাঠদান প্ৰক্ৰিয়া চলি থকাটো জৰুৰী হৈ পৰিছে। নিশ্চয়েই এক বন্ধ কোঠাত চলা পাঠদান প্ৰক্ৰিয়াতকৈ মুক্ত প্ৰাঙ্গণত চলা এই শিক্ষাদানৰ প্ৰক্ৰিয়াই নিশ্চয়কৈ সমগ্ৰ শিক্ষা ব্যৱস্থাটোত পৰিবৰ্তন সাধিব পাৰিব। ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত এনেধৰণৰ পাঠদান প্ৰক্ৰিয়া চলি আছে। যদিও বিভিন্ন ঠাইত এনেধৰণৰ পাঠদান প্ৰক্ৰিয়া আজিও চালুকীয়া অৱস্থাত আছে, তথাপি অদূৰ ভবিষ্যতে এনেধৰণৰ প্ৰক্ৰিয়াই অধিক সমাদৰ পোৱাৰ অৱকাশ আছে। আমি নিজেও এনে এক প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ আমাৰ কৰ্মস্থলীত মুকলি প্ৰাঙ্গণত এই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। তাৰ বাবেই আমি এই প্ৰক্ৰিয়া সম্পৰ্কে বিভিন্ন উৎসৰ পৰা তথ্য আহৰণ কৰিছোঁ আৰু সেই তথ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই লেখাটি প্ৰস্তুত কৰি তুলিছোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments