বন্দিত্বই প্ৰোজ্জ্বল কৰা জীৱন - আৰ্চি উইলিয়ামছ

লেখক- পাৰ্থ জ্যোতি বৰুৱা

ড’ণ্ট লে’ট দ্য চান গ’ ডাউন মি। অৰ্থাৎ সূৰ্যটো মোত হেৰাই যাবলৈ নিদিবা। অন্ধকূপলৈ নেঠেলিবা, মোক পোহৰত থাকিবলৈ দিয়া। এল্টন জনৰ এই বিখ্যাত গীতটো প্ৰাণঢালি গাইছে লুইচিয়ানাৰ শিল্পী আৰ্চি উইলিয়ামছে। টেলিভিশ্যনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘আমেৰিকাজ গট টেলেণ্ট’ৰ আড়ম্বৰপূৰ্ণ অ’ডিশ্যনত দৰ্শক-শ্ৰোতা বাৰুকৈয়ে অভিভূত হৈছে। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি। বিচাৰক চাইমন ক’ৱেল, চ’ফিয়া ভেৰ্গাৰা আৰু হেইডি ক্লামে থিয় হৈ অভিবাদন জনাইছে শিল্পীগৰাকীক। আবেগিক সকলো। চকু থৰ। অশ্ৰুসিক্তও। এয়া মঞ্চত উনষাঠি বছৰীয়া আৰ্চি উইলিয়ামছ নহয় যেন কোনোবা বিশ্ব-বিশ্ৰুত যাদুকৰহে। আচৰিত! সকলোৰে মনত এটাই প্ৰশ্ন, জীৱনৰ সাতত্ৰিশটা বছৰ কাৰাবাস খাটি অহা এই মানুহজনৰ বাবে এয়া সম্ভৱ হ’ল কেনেকৈ? গায়কতো নাছিল তেওঁ কোনোকালে। হয়, আচৰিত হ’ব আপুনিও। হোৱাৰেই কথা। কাৰণ আৰ্চি উইলিয়ামছ এগৰাকী বক্সাৰহে আছিল। ১৯৮৩ চনত মিছাকৈ তেওঁক ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ বাইশ বছৰ। দৰিদ্ৰ কৃষ্ণাংগ পৰিয়ালৰ নোহোৱাহ’লে হয়তো কাৰাগাৰৰ সুউচ্চ দেৱালৰ ভিতৰত আৱদ্ধ হৈ নাথাকিলহেঁতেন তেওঁৰ যৌৱন। আৰ্চি উইলিয়ামছ মৰ্মাহত হৈছিল যদিও হতাশ হোৱা নাছিল। বুকুত গদ গদ হৈ আছিল আত্মবিশ্বাস, সত্যক ঢাকি ৰাখে কোনে? আৰু সিয়েই হয়তো এদিন Innocence Project নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানক আৰ্চিৰ কাষ চপাই আনিছিল, যাৰ তৎপৰতাত সুদীৰ্ঘ সাতত্ৰিশ বছৰৰ পাছত ডি, এন, এ পৰীক্ষাৰে মানুহজন নিৰ্দোষ প্ৰমাণিত হ’ল। বহু পলম হৈ গ’ল। কিন্তু উপায় নাছিল। সেয়াও যে জীৱনৰ অনন্য প্ৰাপ্তি। ঈশ্বৰৰ বৰদান।

কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পাছত আৰ্চি উইলিয়ামছে তেওঁৰ সৈতে হোৱা চৰম অন্যায়ৰ বিষয়ে সমগ্ৰ বিশ্বকে জনাব খুজিলে। বিশ্বই জানক যে তেওঁ প্ৰকৃততে ধৰ্ষণকাৰী নহয়, বৰঞ্চ সেই অভিশপ্ত ঘটনাটোৰ সময়ত তেওঁ ঘৰত শুইহে আছিল। বিশ্বই এয়াও জানক যে কিদৰে এজন কাৰাবন্দীক নিৰ্দোষ বুলি প্ৰমাণ কৰিবলৈ লুইচিয়ানাৰ আইন ব্যৱস্থাক প্ৰায় চাৰিটা দশকৰ প্ৰয়োজন হ’ল। কিন্তু কেনেকৈ? কোনে শুনিব আৰ্চিৰ দৰে এজন সাধাৰণ মানুহৰ কথা? বিশ্ববাসীক কিবা এটা জনোৱাটো জানো মুখৰ কথা? বন্ধুবৰ্গই তেওঁক “আমেৰিকাজ গট টেলেণ্ট”ত অংশগ্ৰহণৰ পৰামৰ্শ দিলে গীত পৰিবেশনেৰে। বন্ধুবৰ্গৰ পৰামৰ্শ শুনি মূৰ্ছা যাবলৈহে বাকী থাকিল আৰ্চিৰ। বক্সাৰ আৰ্চিক গীত গাবলৈ দিয়া আৰু বগলীক কাঁহীত জোল খাবলৈ দিয়া একেই কথা নহ’বনে? বন্ধুবৰ্গ কিন্তু নাচোৰবান্দা। আৰ্চিৰ ওপৰত তেওঁলোকৰ আছে গভীৰ আস্থা, পাৰিবই তেওঁ। কেৱল পৰাই নহয়, নিশ্চিতভাৱে গীতৰ জৰিয়তে আৰ্চিয়ে গোটেই বিশ্বকে চমক দিব। আৰু বাস্তৱতো সেয়াই হ’ল। বক্সাৰ আৰ্চিয়ে নিজকে এগৰাকী অতি উজ্জ্বল, প্ৰতিভাৱান কণ্ঠশিল্পী হিচাপে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ জীৱনৰ দুৰ্ভাগ্যজনক কাহিনী কোৱাৰো সুযোগ পালে। অবিশ্বাস্য। আচলতে এয়া সম্ভৱ হ’ল কেৱল আৰ্চিৰ দৃঢ়তা, দুৰন্ত সাহস, উদ্যম আৰু অধ্যৱসায়ৰ বাবে। মিছা অপবাদেৰে সাতত্ৰিশটা বছৰ কাৰাবাস খাটিবলগীয়া হোৱাৰ অসহনীয় বেদনাই ইতিমধ্যে তেওঁক হয়তো অত্যন্ত শক্তিশালী, অপ্ৰতিৰোধ্য কৰি তুলিছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক