মানুহে মানুহৰ বাবে

লেখক- পংকজ কুমাৰ নেওগ

গোটেই নিশা নাইট চুপাৰত ভ্ৰমণ কৰি আহি অৱশেষত মিনাক্ষীহঁত ৰাতিপুৱাই চেন্নাইৰ বাছ ষ্টেচন এটাত নামিল। মীনাক্ষীৰ সৈতে মাকো আহিছে। কালি সন্ধিয়া ৬: ০০ বজাত সিহঁতৰ সৰু চহৰখনৰ পৰা বাছখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু ঠিক বাৰ ঘণ্টাৰ মূৰত সিহঁত এতিয়া চেন্নাইত উপস্থিত। মীনাক্ষীয়ে যিমানখিনি জানে বাছ ষ্টেচনৰ পৰা তাই যাবলগীয়া কলেজখনলৈ দূৰত্ব বৰ বেছি নহয়; গতিকে সহজেই কলেজখন উলিয়াব পৰা যাব। মীনাক্ষী হ’ল এখন ভিতৰুৱা ঠাইৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী। এইবাৰ তাই উচ্চ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত মুঠ ১২০০ নম্বৰৰ ভিতৰত ১০৭০ নম্বৰ পাই ভালকৈ প্ৰথম বিভাগত পাছ কৰিছে। তাই সৰু হৈ থাকোঁতে দেউতাক ঢুকুৱাত মাকে অকলে তাইক ডাঙৰ দীঘল কৰি হাইস্কুলত পঢ়ুৱালে। দেউতাকৰ মৃত্যুৰ পিছত নিকটতম সম্বন্ধীয় বুলি মাকে কাপোৰৰ মিলত দেউতাকৰ চাকৰিটো পালে আৰু তেতিয়াৰ পৰা সিহঁত তেনেকৈ টুকটুক-টাকটাককৈ চলি আছে। বুজা হোৱাৰ পৰা মীনাক্ষীৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ বৰ মন আৰু নিজৰ অধ্যৱসায়ৰ ফলত আন্না বিশ্ববিদ্যালয়ৰ অধীনৰ চেন্নাইৰ ভাল ইঞ্জিনিয়াৰিং কলেজ এখনত তাই আজি ইণ্টাৰভিউৰ বাবে নিমন্ত্ৰণ পাইছে। একমাত্ৰ জীয়ৰীৰ সপোন পূৰণ কৰিবলৈ মাকো কৃতসঙ্কল্প; বহু কষ্টৰে তেওঁ অনেক দিনৰ পৰা অলপ অলপকৈ টকা সঞ্চয় কৰি আহিছে যাতে মীনাক্ষীৰ পঢ়া-শুনাত অলপো ব্যাঘাত নজন্মে।

মীনাক্ষীক ৰাতিপুৱা ১১: ০০ত ইণ্টাৰভিউৰ সময় দিয়া হৈছে। বাছৰ পৰা নামিয়েই তাই লৰা-ঢপৰা লগালে। প্ৰথম কাম হ’ল অট’ৰিক্সা এখন লৈ সিহঁতে কলেজখন এবাৰ চাই লয় আৰু তাৰ পিছত ওচৰৰে সৰু হোটেল এখনৰ কোঠা এটা দিনটোৰ বাবে ভাড়া ল’ব। মুখ-হাত আৰু গা-পা ধুই আৰু কিবা এটা খাই তাৰ পৰাই মীনাক্ষী ইণ্টাৰভিউ দিবলৈ ওলাব। অট’ এখনত মীনাক্ষীহঁত বহি চালকক যাবলগীয়া ঠাইৰ ঠিকনা এটা দিলে। অটোচালকে ঠিকনাটো পঢ়ি ঠাইখিনি চিনি নাপাওঁ বুলি ক’লে যদিও বাটৰুৱাক সুধি কলেজখন উলিয়াব পাৰিব বুলি কথা দিলে। মীনাক্ষীহঁতৰ যাত্ৰা আৰম্ভ হ’ল কিন্তু প্ৰায় আধাঘণ্টা ইফালে-সিফালে ঘূৰিও ইঞ্জিনিয়াৰিং কলেজখন বিচাৰি নাপালে। কোনো বাটৰুৱাই তেওঁলোকক সেইখিনি ঠাইত কোনো কলেজৰ সন্ধান দিব নোৱাৰিলে।

তিনিজন অৱসৰপ্ৰাপ্ত বন্ধুৱে সদায় একেলগে মৰ্ণিংৱাক কৰিবলৈ যায় আৰু ১ ঘণ্টা মান খোজকাঢ়ি উঠি ঘৰৰ গলিৰ মুখৰ চাহ দোকানখনত চাহ খায়। সেইদিনা পুৱাও তিনিবন্ধু গোট খাইছিল। এনেতে অটোৰিক্সা এখন আহি দোকানখনৰ সন্মুখত ৰ’ল আৰু চালকজন আহি তেওঁলোকৰ এজনক ঠিকনা এটা দি ঠাইখিনি চিনি পায় নেকি সুধিলে। ঠিকনাটো দেখি মানুহজন আচৰিত হ’ল আৰু কোনে ঠিকনাটো বিচাৰি আহিছে জানিবলৈ অটোখনৰ ওচৰলৈ গ’ল। অটোখনত মীনাক্ষী আৰু মাকক চিন্তিত হৈ বহি থকা দেখা পালে। মীনাক্ষীৰ সৈতে কথা পাতি মানুহজনে সকলো কথা লগে লগে বুজি উঠিল। ঠিকনাটোত লিখা ইঞ্জিনিয়াৰিং কলেজখন দৰাচলতে চেন্নাইৰ কলেজ নহয় বৰং তাৰ পৰা ৫০০ কিঃমিঃ দূৰৈত অৱস্থিত আন এখন কলেজ। মীনাক্ষীয়ে পঢ়া-শুনা কৰিছে যদিও তাই গাঁৱৰ এজনী সাধাৰণ ছোৱালী, বহুত বিষয়তে অজ্ঞ। আন্না বিশ্ববিদ্যালয়ৰ অন্তৰ্গত একে নামৰে ইঞ্জিনিয়াৰিং কলেজ এখন বেলেগ বেলেগ ঠাইত বা কেম্পাচত যে থাকিব পাৰে সেই বিষয়ে তাই মন-কাণ দিয়া নাছিল বা সপোনতো ভবা নাছিল। ইণ্টাৰভিউলৈ মাতি পঠোৱা দেখি সেয়েহে তাই চেন্নাইৰ কলেজখনলৈকে মাতি পঠোৱা বুলি ভাবিলে। মাক তাইৰ অশিক্ষিতা, এইবোৰ কথাৰ একো ভু নাপায়; তাইক সহায় কৰিবলৈ আনকি গাঁৱৰো কোনো এজন নাছিল। ইতিমধ্যে ঘড়ীয়ে ৰাতিপুৱা ৭: ০০ বজাৰ সঙ্কেত দিলে। মীনাক্ষীৰ হাতত আৰু মাত্ৰ চাৰি ঘণ্টা সময় আছে আৰু এই চাৰি ঘণ্টাত ৫০০ কিমি দূৰৈৰ ঠাইখনত উপস্থিত হোৱা তাইৰ বাবে অসম্ভৱ! ইতিমধ্যে প্ৰথমজন বন্ধুৱে মীনাক্ষীৰ সমস্যাটো বাকী দুজন বন্ধুক বুজাই দি কি কৰিলে ভাল হয় আলচ কৰিবলৈ ধৰিলে। সোনকালে কিবা এটা কৰিব নোৱাৰিলে মীনাক্ষীয়ে আজি ইণ্টাৰভিউত উপস্থিত থাকিব নোৱাৰে আৰু ইণ্টাৰভিউ দিব নোৱাৰিলে বেচেৰীৰ ইঞ্জিনিয়াৰিং পঢ়াৰ সপোন থান-বান হ’ব।

তিনিবন্ধুৱে দহ মিনিটৰ ভিতৰতে এটা সিদ্ধান্ত লৈ পেলালে। মাক-জীয়েকক চিন্তা কৰিবলৈ মানা কৰি প্ৰথমজন লোকে মীনাক্ষীহঁতক ওচৰতে থকা নিজৰ ঘৰলৈ মাতি লৈ গ’ল আৰু পত্নীৰ সৈতে তেওঁলোকক চিনাকি কৰাই দিলে। ঘৰৰ গৃহিণী গৰাকী বৰ সাদৰী আছিল আৰু আলহীৰ বাবে কোঠা এটা ঠিক কৰি তেওঁলোকক বাথৰূমলৈ যোৱা আৰু গা-পা ধুৱাৰ ব্যৱস্থা কৰি দিলে। তেওঁলোক দুয়ো গা-পা ধুই ওলাই আহে মানে খোৱা টেবুলত গৰম গৰম আহাৰ সজাই থোৱা আছিল আৰু আলহীক বিধে বিধে খোৱা বস্তুৰে আপ্যায়ন কৰা হ’ল। দ্বিতীয়জন বন্ধুৱে কম্পিউটাৰত এয়াৰ লাইন্সৰ ৱেব-চাইট খুলি যিখন চহৰলৈ মীনাক্ষী ইণ্টাৰভিউৰ বাবে যাব লাগে সেইখন ঠাইলৈ পৰৱৰ্তী ফ্লাইটটোত দুটা টিকট ‘বুক্’কৰিলে। সৌভাগ্যক্ৰমে ১১: ৩০ বজাৰ ফ্লাইটত দুটা টিকট পোৱা গ’ল। ফ্লাইটৰ টিকট ঠিক হোৱাৰ পাছত তৃতীয়জন বন্ধুৱে মীনাক্ষীয়ে ইণ্টাৰভিউ দিব লগীয়া ইঞ্জিনিয়াৰিং কলেজখনৰ সহকাৰী ৰেজিষ্ট্ৰাৰজনক এটা ফোন কৰিলে। কলেজৰ সহকাৰী ৰেজিষ্ট্ৰাৰজন তেখেতৰ বন্ধু আছিল আৰু ফোনতে সকলোবোৰ কথা জনাই মীনাক্ষীৰ ইণ্টাৰভিউৰ সময় দুপৰীয়া ১১: ০০ বজাৰ পৰা আবেলি ৩: ৩০লৈ পিছুৱাই দিবলৈ সক্ষম হ’ল।

তিনিওজন অৱসৰপ্ৰাপ্ত বন্ধুৰ উদ্যোগত মীনাক্ষীহঁত চেন্নাইৰ পৰা ৫০০ কি: মি: দূৰৈৰ চহৰখনত সময়মতে গৈ পায় আৰু ইণ্টাৰভিউ দিবলৈ কলেজত উপস্থিত থাকে। ইণ্টাৰভিউত মীনাক্ষী সফলতাৰে উত্তীৰ্ণ হৈ ছোৱালী প্ৰাৰ্থী সকলৰ ভিতৰত প্ৰথম স্থান লাভ কৰাৰ বাবে এটা জলপানিও লাভ কৰে। চাৰিবছৰ ইঞ্জিনিয়াৰিং পঢ়াৰ পিছত মীনাক্ষী এতিয়া অন্তিম চিমেষ্টাৰত। ‘কেম্পাচ ইণ্টাৰভিউ’ এটাত উত্তীৰ্ণ হৈ তাই ডাঙৰ কোম্পানী এটাত ইতিমধ্যে চাকৰি পাইছে আৰু তিনিমাহৰ ভিতৰত নতুন চাকৰিত যোগদান কৰিব। মীনাক্ষীৰ সেই দিনটোৰ কথা ভালকৈ মনত আছে। সেইদিনা লৰালৰিৰ কোবত কোনোজন ‘আঙ্কল’ৰে ফোন নং লোৱা নহ’ল। তাই কিন্তু দৃঢ়প্ৰতিজ্ঞ যে চাকৰিৰ প্ৰথম দৰমহা পোৱাৰ পাছত তাই যেনে তেনে তাইৰ বাবে দেৱদূত হৈ অহা ‘আঙ্কল’ তিনিজনক বিচাৰি উলিয়াব আৰু তেওঁলোকে মীনাক্ষী আৰু মাকৰ বাবে খৰচ কৰা পইচাখিনি ওভতাই দিব। তাই বুজে যে কোনোজনেই হয়তো তাইৰ পইচা ওভতাই ল’বলৈ কেতিয়াও মান্তি নহয় কিন্তু অন্ততঃ সেই অৱসৰতে সহৃদয় তিনি দেৱদূতক এবাৰ সেৱা কৰি তেওঁলোকৰ আশিস নিৰ্মালি ল’ব পাৰিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments