শ্ৰমনা, এক অৱহেলিত চৰিত্ৰ

লেখক- মানসজ্যোতি বৰা

শৱৰী, সেৱাব্ৰতিনী।
পৰ্বত পাহাৰে আৱৰা ঠাইখণ্ডৰ ভীল/ভীৰ জনজাতিৰ এটি পৰিয়ালত জন্মলাভ কৰে তেওঁ। তেওঁৰ বিবাহৰ দিন ঠিক হৈছিল। বৰযাত্ৰীৰ বাবে অনেক বন্যপশু গোটাই ৰাখিছিল তেওঁৰ পিতাকে। ৰাতিলৈ বধ কৰি ভোজ দিয়া হ’ব। কিন্তু সেই দৃশ্য দেখি চকুলো নিগৰিল কইনা শ্ৰমনাৰ। মাকক কাতৰ কৰিলে পশুবোৰক এৰি দিবলৈ। মাকে বুজালে যে এয়া তেওঁলোকৰ পৰম্পৰা। এই হতভাগা পশুবোৰৰ মৃত্যুৰ কাৰণ হ’ব নুখুজি কইনা ৰাতিলৈ ঘৰৰ পৰা দণ্ডকাৰণ্যলৈ পলায়ন কৰিলে। (কিছু আখ্যানৰ মতে এজন মদাহী লোকলৈ বিয়া দিব খোজাৰ বাবে তেওঁ পলাই গুচি গৈছিল।)

পুৱা তেওঁ গৈ মাতংগ মুনিৰ আশ্ৰম পালেগৈ। ভয় কৰিলে তেওঁ, কিজানি জনজাতীয় বুলি পৰিচয় পালে মুনিৰ আশ্ৰমৰ পৰা বহিষ্কাৰ কৰে তেওঁক। মনত পবিত্ৰভাব ৰাখি সদায় ৰাতিপুৱাই আশ্ৰমৰ পৰা মুনিসকল নদীৰ ঘাটলৈ যোৱাৰ পথটো পৰিষ্কাৰ কৰি ৰাখিবলৈ ধৰিলে কোনেও গম নোপোৱাকৈ। এদিন মুনিৰ চকুত পৰিল। মতাই নি তেওঁক শৰণ দিলে মুনিয়ে। নাম পালে শৱৰী। পবিত্ৰ অন্তৰেৰে মুনিক সেৱা কৰি যাবলৈ ধৰিলে তেওঁ। ইচ্ছা মাথোঁ ব্ৰহ্মজ্ঞান আৰু পৰম মুক্তি। এনেদৰেই সেৱা কৰি কৰি দিন বাগৰিল। মাতংগ মুনিৰ অন্তিমকাল আহি পৰিল। শৱৰীয়ে নিজৰ ইচ্ছা ব্যক্ত কৰিলে তেওঁৰ আগত। মুনিয়ে তেওঁক ৰামনাম পৰম সত্যৰ কথা কৈ সেই ঠাইতে শ্ৰীৰামলৈ অপেক্ষা কৰিবলৈ পৰামৰ্শ দিলে আৰু নিজে পৰম সমাধিত বহিল।

গুৰুবাণী সুঁৱৰি তেওঁ ৰৈ থাকিল সেই ঠাইত শেষহীন অনন্ত অপেক্ষা আগত লৈ। শ্ৰীৰাম কেতিয়া আহিব! সিক্ত দুনয়ন, আহ্লাদিত মন, ৰাম নামৰ মূৰ্তিৰ দৰ্শন পাবলৈ উদ্বাউল। লাহে লাহে বয়স আৰু সময় তেওঁৰ ওপৰেৰে বাগৰি গৈ থাকিল। এডাল লাখুটি সাৰথি হৈ পৰিল তেওঁৰ। দুভৰি আৰু দুনয়ন কিন্তু নাভাগৰিল। সদায় আশ্ৰমলৈ অহা পথত দৃষ্টি আৰু বাটকুৰি বাই পাহাৰৰ উচ্চমানৰ ফলমূল ৰামৰ বাবে সংগ্ৰহ কৰাই তেওঁৰ নিত্য কৰ্তব্য হৈ পৰিল। সদায় তেওঁ নানান ফলমূল সংগ্ৰহ কৰে আৰু সেয়া খাই পৰীক্ষা কৰি মিঠাৰো মিঠা ফলখিনি ৰাখি বাকীখিনি পেলাই দিয়ে।

এদিন তেওঁৰ অপেক্ষাৰ অন্ত পৰিল। শ্ৰীৰাম সেই বনত প্ৰবেশ কৰিলে। সেইদিনাৰ ফলখিনি আনদিনাতকৈ বেছি মিঠা হৈ পৰিছিল নেকি! বতাহে কঢ়িয়াই অনা সুগন্ধও আনদিনাতকৈ বেছি উত্ৰাৱল আছিল নেকি! আশ্ৰমৰ পশু-পক্ষীবোৰেও সেইদিনা বেছিকৈ চিঞৰ বাখৰ আৰু গীতৰ সুৰেৰে আশ্ৰমখন আৰু মনোমোহা কৰি তুলিছিল নেকি! তেওঁ অস্থিৰ মনেৰে কেৱল আশ্ৰমৰ প্ৰবেশপথলৈ চাই ৰ’ল।

সৌৱা, সৌৱা আহিছে তেওঁৰ আৰাধ্য দেৱতাজন। আশ্ৰমৰ বায়ু, ভূমি, পৰিবেশ আজি ধন্য হৈ পৰিল। লগতে ধন্য হৈ পৰিল সেই বৃদ্ধা ভক্তগৰাকীও। চৰণত দীঘল দি পৰিল তেওঁ। দুবাহুত ধৰি উঠাই দিলে তেওঁৰ ভগৱানে। তেওঁৰ ইমান বছৰৰ সাধনা সফল হ’ল। আৰু একো নালাগে তেওঁক। কঁপা কঁপা হাতেৰে চুই চালে তেওঁৰ প্ৰাণৰ দেৱতাজনক। লৰোঁ-নলৰোঁকৈ কঁপি উঠা দুটি অধৰে উচ্চাৰণ কৰিলে তেওঁৰ সাধনাৰ বাঞ্চিত নাম, “ৰাম, হে মোৰ ৰাম।”

হিয়া ভৰাই তেওঁৰ দৰ্শনৰ পাচত তেওঁ ব্যস্ত হৈ পৰিল প্ৰভুক শুশ্ৰূষা কৰাত। আশ্ৰমত বহাই লৈ শীতল জলেৰে চৰণ ধুৱাই দিলে। খাবলৈ দিলে তেওঁ চাকি চোৱা মিঠা মিঠা ফল। বিনাদ্বিধাই সেই জুঠা ফল খাবলৈ ধৰাত লক্ষ্মণে প্ৰশ্নবোধক দৃষ্টিৰে চালে ৰামলৈ! আচৰিত হ’ল ৰাজমহলৰ ভোগ খোৱা ৰামে এজনী জনজাতীয় বৃদ্ধাৰ উচ্ছিষ্ট পৰম তৃপ্তিৰে মুখত দিয়াত। এয়াই ভগৱন্তৰ প্ৰেম ভক্তলৈ। জুঠা ফলত পালে অশ্বমেধ যজ্ঞৰ ভোগৰ সোৱাদ। অসীম তৃপ্তি।

কান্দি কান্দি চাই ৰ’ল শৱৰীয়ে। মুখেৰে মাত্ৰ ক’লে যে ইমান সাধু সন্ন্যাসীৰ আশ্ৰম থকাৰ পাচতো তেওঁৰ আশ্ৰমলৈ আহি ৰামে দেখুৱাই দিলে যে তেওঁৰ ভক্ত ৰাজপ্ৰাসাদতেই থাকক বা জুপুৰিত, পণ্ডিতেই হওক বা অজ্ঞ, নীচ জাতিৰ হওক বা ব্ৰাহ্মণ, তুমি কেৱল প্ৰকৃত ভক্তিহে বিচাৰি আহাঁ। ৰামে তেওঁক চাই ৰ’ল। ভক্তিৰ কি নিদৰ্শন। গছৰ পাতেৰে ৰামলৈ বাতি সাজি তাতেই ফলমূল পৰিবেশন কৰিছিল শৱৰীয়ে। আজিৰ পৰা সেই গছৰ পাতবোৰ বাতিৰ ৰূপ লৈ গজিব বুলি বৰদান দিলে প্ৰভুৱে যাতে তেওঁৰ পৰম ভক্তৰ কষ্ট নহয় গছৰ পাত সি সি বাতি সাজোঁতে।

ৰামে নৱবিধ ভক্তিৰ কথা ক’লে। প্ৰথম ভক্তি হৈছে সৎসংগ। দ্বিতীয় ভক্তি হৈছে প্ৰভু কথা অমৃত শ্ৰৱণ। তৃতীয় ভক্তি হৈছে গুৰুসেৱা। চতুৰ্থ ভক্তি হৈছে ভগৱন্তৰ কীৰ্তন। পঞ্চম ভক্তি হৈছে শুদ্ধ পথত চলা। ষষ্ঠ ভক্তি হৈছে ইন্দ্ৰিয় নিয়ন্ত্ৰণ।

সপ্তম ভক্তি হৈছে সকলোতে ভগৱন্তক দেখা। অষ্টম ভক্তি হৈছে কাৰো প্ৰতি বিদ্বেষ নৰখা। নৱম ভক্তি হৈছে কোনো চৰ্তবিহীন ভাবে ভগৱন্তৰ ওচৰত নিজকে সঁপি দিয়া। এই আটাইকেইবিধ ভক্তি শৱৰীয়ে কৰিছিল। অন্তকালত বৈকুণ্ঠ লাভৰ বৰদান প্ৰদান কৰিলে আৰু সেই পৰম ভক্ত গৰাকীৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে তেওঁ।

শৱৰীয়ে তেওঁৰ প্ৰভুক পৰামৰ্শ দিলে যাতে তেওঁ সুগ্ৰীৱক সাক্ষাৎ কৰে আৰু তেওঁক ক’ত লগ পাব সেই বিষয়েও জনালে। প্ৰভুক বিদায় দিয়াৰ মন নাছিল যদিও উপায়হীন হৈ তেওঁক বিদায় দিবলগীয়া হ’ল। এই দুখ বুকু ফাটি যোৱা। কিন্তু তেওঁৰ জীৱন আজি সমফল হ’ল। এতিয়া তেওঁৰ কাম্য মৃত্যু। ৰামৰ নাম জপি সেই ঠাইতে দেহত্যাগ কৰিলে সেই পৰম ভক্তই।

কোনো জাতি বা ব্যক্তি যে নীচ নহয়, অস্পৃশ্য নহয় সেই কথা প্ৰভু ৰামে দেখুৱাই গ’ল এইদৰেই। এয়া আছিল পৰম ৰাম ভক্ত শৱৰীৰ কথা। কিন্তু আমি সাধাৰণতে হনুমানকহে তেওঁৰ পৰম ভক্ত বুলি জানো। কোনোবাই যেতিয়া কাৰোবাৰ বাবে দীৰ্ঘদিন অপেক্ষা কৰে তেতিয়া তাক শৱৰী প্ৰতীক্ষা বুলি কোৱা হয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক