নাহৰ আৰু কিছু অনুভৱ

লেখক- ববিতা শৰ্মা

“নাহৰ ফুল ফুলিবৰ বতৰ
নাহৰৰ গোন্ধে পাই
নাচনীৰ গাত ততে নাই
ঐ গচকত ভাঙি যায় যঁতৰ।”
এয়া ফাগুনী পছোৱাই নাহৰৰ সুগন্ধি বিলোৱাৰ বতৰ, এয়া নাহৰৰ গোন্ধত বাউলী হৈ য’ৰ যঁতৰ ত’তে পেলাই নাচনী বিহুতলীলৈ ঢাপলি মেলাৰ বতৰ। নাহৰ, তগৰ, কপৌ -এই তিনিবিধ ফুলে হেঁপাহৰ ৰঙালী বিহুৰ বতৰা বিলায়। সেয়ে অসমৰ জাতীয় জীৱনত এই তিনিবিধ ফুলৰ বিশেষ সমাদৰ আছে। প্ৰকৃতি পৰিৱৰ্তনশীল। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ লগত ঋতু চক্ৰৰ সম্পৰ্ক বৰ নিবিড়, বৰ ওচৰৰ। ফাগুন মাহৰ শেষৰ পৰা অসমলৈ আগমন ঘটে ছয় ঋতুৰ অন্তিমটো ঋতুৰ অৰ্থাৎ বসন্ত ঋতুৰ। বসন্ত ঋতুক ‘ঋতুৰাজ’ আখ্যা দিয়া হয়। শীতৰ ঠেঁটুৱৈ ধৰা জাৰ কমি লাহে লাহে উত্তাপ বাঢ়িবলৈ ধৰে। দুই-এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ আহি প্ৰকৃতিক জীপাল কৰি তোলে, গছে কুঁহিপাত মেলে। না না বৰণৰ ফুলেৰে প্ৰকৃতি জাতিষ্কাৰ হৈ পৰে। কুলি, কেতেকীয়ে সুললিল কণ্ঠৰে গীত জুৰি বসন্তক স্বাগতম জনায়। শীতৰ নিষ্প্ৰাণ প্ৰকৃতি প্ৰাণ চঞ্চল হৈ পৰাৰ সময়তে নাহৰ গছবোৰেও ৰাঙলী কুঁহিপাত মেলি জীৱন উদযাপনৰ প্ৰেৰণা যোগায়। ৰঙা আৰু সেউজীয়াৰ বৰণৰ সমাহৰত অপূৰ্ব হৈ উঠা গছজোপাৰ ঘন পাতবোৰৰ আঁৰে আঁৰে শৰীৰত সুগন্ধ সানি সোণালী কেশৰৰ বগা ফুলবোৰে ভূমুকি মাৰি ধৰাৰ বুকুলৈ বসন্তক আমন্ত্ৰণ জনায়। নৱ পল্লৱেৰে ৰাঙলী হৈ পৰা নাহৰজোপা দৰাচলতে বসন্ত ঋতুৰ আগমনৰ প্ৰতীক। সেয়েহে নাহৰ গছ অসমবাসীৰ বৰ মৰমৰ৷
ঐ নাহৰ ফুলাৰ বতৰ
ঐ নাহৰ মোৰ মৰমৰ
ঐ নাহৰ ঐ নাহৰ ঐ নাহৰ
আনিলি তই ব’হাগৰে খবৰ ।
নাহৰ গছক বাদ দি ব’হাগৰ ছবিখন অসম্পূৰ্ণ।
ব’হাগক পূৰ্ণ কৰা আমাৰ মৰমৰ নাহৰজোপাৰ বৈজ্ঞানিক নাম হ’ল Mesua ferrea । ইংৰাজী ভাষাত নাহৰ গছক Ceylon Ironwood, Indian rose Chestnut বা Cobra’s Saffron বোলা হয়। নাহৰ গছৰ আদি বাসস্থান সিংহল দেশ বুলি জনা যায়। দ্বীপ ৰাষ্ট্ৰখনত এই গছ ‘না’ বৃক্ষ নামেৰে পৰিচিত। ১৯৮৬ চনত শ্ৰীলংকাত ‘নাবৃক্ষ’ ওৰফে নাহৰ গছক ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি দিয়া হয়। নাহৰ গছৰ ভালেমান প্ৰজাতিত উপলব্ধ নাহৰ গছ সমুদ্ৰপৃষ্ঠৰ ১০০০ৰ পৰা ১৫০০ মিটাৰ উচ্চতালৈ গজিব পাৰে। দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত প্ৰচুৰ পৰিমাণে নাহৰ গছ পোৱা যায়।
অসমৰ নাহৰৰ ঠাই বিশেষে বেলেগ বেলেগ নাম। দেৱভাষা সংস্কৃতত নাহৰৰ নাম নাগকেশৰ। গাৰো পাহাৰৰ গাৰো ভাষাত কিম্দে (Kimde)। বাংলাত নাগেশ্বৰ। ৰাজভাষা হিন্দীত নাগচম্পা বা নাগকেশৰ। কন্নড় ভাষাত নাগচম্পিগে (Nagasampige), মালয় ভাষাত পেনাগা (Penaga), মালায়ালম ভাষাত নাগচম্পকম (Nagachampakam), মাৰাঠী ভাষাত নাগচফা (Nagchafa), তামিল ভাষাত চেৰুনাগাপু (Cheru-nagapu), তেলেগু ভাষাত নাগকেশৰ (Nagakesara) আৰু উৰ্দু ভাষাত নাৰ্মিষ্কা (Narmishka)।

পিৰামিডৰ আকাৰৰ নাহৰ গছ দেখিবলৈ বৰ ধুনীয়া। বসন্ত ঋতুত অসমৰ হাবিয়ে-বননিয়ে, ঘৰে-বাৰীয়ে, বাটে-ঘাটে হালধীয়া কেশৰৰ বগা পাহিৰ নাহৰ ফুলবোৰ ফুলি প্ৰকৃতিক অনিৰ্বচনীয় ৰূপত সজাই-পৰাই তোলে। নাহৰ গছবোৰৰ উচ্চতা প্ৰায় এশ ফুটমান হয়। গছজোপাৰৰ গুৰিটোৰ পৰিধি দুই মিটাৰমান হ’ব পাৰে। লাহি ডালবোৰ ঘন পাতেৰে ভৰা। নাহৰ এজোপা চিৰসেউজ বৃক্ষ। নাহৰৰ পাতবোৰ বল্লমাকৃতিৰ। গছজোপাৰ বাকলি ০.৫ ইঞ্চিমান ডাঠ হয়। সেউজীয়া বেটুৰ গোলাকৃতিৰ নাহৰ ফুলবোৰৰ পাপৰিবোৰ বগা, কেশৰবোৰ ডাঠ হালধীয়া আৰু সুগন্ধিযুক্ত। নাহৰ ফুলৰ ৰঙৰ এই বৈপৰীত্যই ফুলপাহক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। শংকু আকৃতিৰ খোলাৰে আবৃত্ত ফলবোৰৰ ভিতৰত এটা বা দুটা গুটি থাকে। ইয়াৰ পিৰামিড আকৃতিৰ গঠন, ৰঙা কুঁহিপাত, শুভ্ৰ ফুলবোৰৰ স্নিগ্ধ শোভা আদিৰ বাবে নাহৰ গছক পথৰ কাষত বা বৃহৎ বৃহৎ চৌহদত শোভাবৰ্দ্ধক গছ হিচাপে ৰোপণ কৰা হয়।
আমাৰ মাজত প্ৰচলিত ‘কিনো নাহৰ গছৰ গুৰি কাটিছিলি’ বোলা খণ্ডবাক্যটিৰ পৰা গছজোপাৰ কাঠ যে বৰ টান তাক সহজে অনুমান কৰিব পাৰি। কাঠৰ ৰং ৰঙা। নাহৰ গছৰ কাণ্ডৰ পৰা এবিধ আঠা নিৰ্গত হয়। নাহৰ কাঠ কঠিন হোৱাৰ বাবে ইয়াক ঘৰৰ খুটা, ৰেলপথৰ শ্লীপাৰ আদি ৰূপত ব্যৱহাৰ কৰা হয়। নাহৰ কাঠেৰে নাঙল আৰু লাহনীৰ নাল আদিও তৈয়াৰ কৰা হয়। প্ৰাচীন কালত নাহৰৰ গুটি প্ৰজ্বলক হিচাপে ব্যৱহাৰ কৰা হৈছিল। নাহৰ ফুল পূজা আৰু গৃহসজ্জাৰ বাবে ব্যৱহাৰ কৰা হয়। নাহৰ গছৰ ঔষধি গুণো নথকা নহয়। সাপে খুটিলে নাহৰৰ ফুল আৰু পাত ঔষধ হিচাপে খাবলৈ দিয়াৰ উপৰিও খঁট স্থানত ফুল আৰু পিহি প্ৰলেপ দিয়া হয়।
অসমৰ জাতীয় উৎসৱ বিহুত নাহৰ গছৰ বিশেষ গুৰুত্ব আছে। ব’হাগ বিহুত গৰু বিহুৰ দিনা নাহৰৰ পাতত দেৱাদিদেৱ মহাদেৱক প্ৰাৰ্থনা কৰি ধুমুহা-বৰষুণৰ পৰা ৰক্ষা পাবলৈ তলৰ মন্ত্ৰটো লিখি ঘৰৰ চালত গুজি থোৱা হয় —–
“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ
বাত-বৃষ্টি হৰং দেৱ শঙ্কৰায়ে নমো নমঃ।।”

নাহৰ ফুলে বিহুৱতী গাভৰুৰ ঘিলা খোপাৰ শোভা বঢ়ায়। নাহৰৰ সুগন্ধই বিহু বলীয়া নাচনীক উন্মনা কৰি তোলে। সেয়েহে হাতৰ যঁতৰ থেকেচি ভাঙি বিহুতলীলৈ ঢাপলি মেলে। অসমৰ জনজীৱনত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰা নাহৰ গছৰ পৰা অসমৰ বহু ঠাইৰ নামকৰণ কৰা হৈছে। নাহৰনি, নাহৰকটীয়া, নাহৰজান আদি নামবোৰেই হ’ল ইয়াৰ উদাহৰণ। ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি অসমৰ বহুত অনুষ্ঠানৰ চৌহদত নাহৰ গছে সদৰ্পে শোভাবৰ্দ্ধক গছৰ মৰ্যাদা লাভ কৰি আহিছে। শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে নাহৰৰ দেশ ৰূপে খ্যাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পটভূমিত লিখি উলিয়াইছে তেখেতৰ এখন জনপ্ৰিয় উপন্যাস ‘নাহৰৰ নিৰিবিলি ছাঁ’। বিহুগীতত নাহৰ গছে মৰ্যাদাৰে স্থান লাভ কৰাৰ দৰে আধুনিক গীততো ভালেমান গীতিকাৰে গণিতৰ মাজত গছজোপাক এক বিশেষ স্থান দিয়া দেখা যায় । অসমীয়া গাভৰুৰ ঘিলা খোপাৰ শোভা নাহৰ ফুল যদি প্ৰেয়সীৰ খোপাৰ শোভা হ’ব নোৱাৰে তেতিয়া হ’লে হিয়া ফুল এপাহকে প্ৰেয়সীৰ খোপাত গুজি দিয়াৰ কল্পনা কৰি কলাগুৰুৱে লিখিছে —-
‘নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব
কপৌ ফুলে নুশুৱায়
যদি ঘিলা খোপাতে তোৰ
হিয়া ফুল এপাহি দিম গুজি
খোপাতে মনোহৰ।’
নিজৰ প্ৰেয়সীক কপৌ নে নাহৰ ফুলে শুৱাব থিৰাং কৰিব নোৱাৰি কোনোবা প্ৰেমিকে প্ৰেয়সীকে প্ৰশ্ন কৰিছে —-
কপৌ ফুলে শুৱাব নে নাহৰ ফুলে শুৱাব
ফুলেহে মন জুৰাব নে মৰমে মন জুৰাব
চম্পাৱতী কাণে কাণে ক
লাজখিনি কাটি কৰি থ।
(গীতিকাৰ: নগেন বৰা)
কোনোবা প্ৰেমিকৰ বাবে প্ৰেয়সীৰ চকুযুৰি নাহৰৰ কলি —-
নাহৰৰে কলি দেখিছা নে নাই
তোমাৰ চকুযুৰি দেখোঁ তেনেকুৱাই
এনে নাই নাই নাই দেখা নাই।
(দ্বীপেন বৰুৱা)
আকৌ, কোনোবা প্ৰেমিকযুগলে নাহৰ, যুতি, কপৌ কোন পাহি ফুল কাৰ বাবে বিয়াকুল হৈ পৰে ভাবি নাপাই সুধিছে —-
নাহৰ ফুলে, যুতি ফুলে, ফুলে তগৰ ফুল
কাৰ বাবে কোন পাহি মন বিয়াকুল
তুমি বাৰু জানা নে নাই
তুমি জানিলেই জানা ময়ো জনা হয়।
(জে. পি. দাস)
সেইদৰে, নাহৰ ফুলৰ বতৰত কোনো ষোড়শী চঞ্চলা গাভৰুৱে নিজৰ পাখি লাহী মনৰ মাজত প্ৰেমৰ ৰাগি অনুভৱ কৰি গায় —-
নাহৰ ফুলা বতৰতে মোৰ
পাখি লাহি মনৰ মাজত
কোনে আহি আজি
গগণা বজায়।
হালধি-মাহে সুগন্ধি সনা
চিকুণ কোমল দেহৰ ভাঁজত
কিহে জানো পিৰেপিৰাই যায়।
(ডলি ঘোষ)
হাবি-বননিৰ দেশ অসম গছ-বনত চহকী দেশ। প্ৰতিজোপা গছেই ৰূপহী অসমৰ বিনন্দীয়া প্ৰকৃতিক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। নাহৰো ইয়াৰ ব্যতিক্ৰম নহয়। সৌন্দৰ্যৰ প্ৰতীক নাহৰ গছৰ সৌন্দৰ্যৰ লগতে ব্যৱহাৰিক মূল্যও কোনো গুণে কম নহয়। সেয়েহে অসমৰ জনজীৱনত নাহৰ গছৰ গুৰুত্ব অপৰিসীম। কিন্তু নাহৰ গছৰ বৃদ্ধি বৰ লেহেমীয়া। আনহাতে গছগছনিৰ সংৰক্ষণৰ ক্ষেত্ৰত অসমীয়া মানুহৰ অদূৰদৰ্শিতাই অসমৰ ভালেমান গছ-গছনি অসমৰ মানচিত্ৰৰ পৰা মোহাৰি পেলাইছে। অদূৰ ভৱিষ্যতে যাতে নাহৰ গছৰ গতিও একে হৈ নপৰে তাৰ বাবে আমি সময় থাকোঁতেই সজাগ হোৱা
উচিত।
(লেখাটোৰ তথ্যসমূহ ইণ্টাৰনেটৰ পৰা সংগৃহীত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments