আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি

লেখক- পাৰবীন চুলতানা

অচিন ব্যক্তিয়ে কৈ যোৱা কথাটো কাণত বাজি থাকিল। ইক্ষ্বাকুদলৰ নেতা কল্কি নাথ কিদৰে বৈশালী নৃপতিৰ বাবে যোগ্য প্ৰাৰ্থী হ’ব পাৰে! প্ৰভাৱশালী তথা সংখ্যাগৰিষ্ঠ লিচ্ছবিদলক চেৰাই ইক্ষ্বাকুদলৰ নেতা এজনে কিদৰে বৈশালীৰাজৰ দৰে পদত অধিষ্ঠিত হ’ব পাৰে? তাতে কল্কি নাথ বৰ্তমানৰ ৰজা মনুদেৱৰ একান্ত আস্থাভাজন, তেওঁ মনুদেৱক অপসাৰণ কৰিবলৈ যাব কিয়?
কথাবোৰে মোৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে। তাতোকৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিলে মনৰ মাজত চলি থকা এই ধুমুহাজাকৰ কথা মোৰ গাৰ নোমেও নজনা অৱস্থাত বাহিৰৰ মানুহ এজনে কিদৰে গম পালে। আচাৰ্যৰ বাদে কাৰো লগতেইতো এই কথা আলোচিত হোৱা নাছিল।
মগজুৰ নিভৃততম কোণত খুন্দা মাৰিছে এই প্ৰশ্নটোৱে। প্ৰশ্নটোৱে ভিতৰি ভিতৰি মোক অশান্ত কৰি তুলিছে। চিন্তাৰ উষ্ণ সোঁত এটাই মোক পুহমাহৰ সেমেকা ৰাতিটোতো ঘৰ্মাক্ত কৰি তুলিছে। কোন আছিল এই অচিন ব্যক্তি?
নৈশব্দত লীণ গৈছে আম্ৰকুঞ্জৰ প্ৰতিটো কোঠালি। নৈশ পহৰাদাৰৰ বাদে আন সকলোৱেই গভীৰ নিদ্ৰাত। অজাতী পখীৰ দুই এটা মিঠা বিননি আৰু কুহক পখীয়ে সংগী বিচাৰি কৰি থকা আকুল আবেদনত জাগি থকা আম্পপত্ৰবোৰৰ দেহৰ পৰা নিগৰা হিমকণাৰ বাদে দূৰ দূৰণিলৈকে অৰণ্যঘন নিৰ্জনতা। নাতিদূৰৰ গিৰিমালাৰ পৰা ভাঁহি অহা শৃগালৰ শব্দই ৰাতিটো অধিক জয়াল কৰি তুলিছে। নিহালিৰ উম লৈ দাস-দাসীসকল টোপনিৰ আৱেশত ডুব গৈছে। দুৱাৰবন্ধ কক্ষৰ টিপচাকিৰ পোহৰত মই বহি আছোঁ অলেখ গণনা আৰু চিন্তা লৈ। এই গণনা আগন্তুক নিৰ্বাচনৰ বাবে। এই গণনা বৈশালীৰ ভৱিষ্যতৰ বাবে। এই গণনা মনুদেৱৰ ওপৰত ৰাজগণিকা আম্ৰপালীয়ে প্ৰতিশোধ লোৱাৰ বাবে।
এনে বহুকেইটা ৰাতি উজাগৰে কটাৰ পিছত মই ধৰা পৰি গ’লোঁ সখী প্ৰভাৰ ওচৰত। মোৰ নৃত্যই যেতিয়া তাল হেৰুৱাবলৈ ল’লে, স্বপ্নকক্ষিকাৰ সম্ভ্ৰান্ত গ্ৰাহকৰ চকচকীয়া সুৱৰ্ণ মুদ্ৰাক যেতিয়া বিমুখ কৰিবলৈ ল’লোঁ, প্ৰভাই মোক থাপ মাৰি সুধি পেলালে,

“পালী তোৰ হৈছে কি? মোৰ পৰা কি লুকুৱাইছ তই?”

সখী প্ৰভাৰ আগত মিছা মতা নাযায়। আচাৰ্যৰ লগত হোৱা গোপন আলোচনাৰে পৰা নৃত্যানুষ্ঠানৰ ৰাতি বেলিকা অচিন ব্যক্তিয়ে কৈ যোৱা সকলোবোৰ কথা তাইৰ আগত ব্যক্ত কৰিলোঁ। তাই মোক আলিংগন কৰি ক’লে,

“তোৰ বাবে মোৰ ভয় হৈছে পালী।”

“মোৰ বাবে মোৰ ভয় হোৱা নাই প্ৰভা।”

“তই এই ৰাস্তাৰ পৰা আঁতৰি আহ। ৰাজনীতি তোৰ দৰে মানুহৰ খেল নহয়।”

“তই মোৰ ৰাস্তাত বাধা নিদিবি। তই মোক দুৰ্বল বুলি ভাবি নল’বি।”

বুজাই বঢ়াই মোক মান্তি কৰিব নোৱাৰিলে তাই। যি কথা মই এবাৰ মনত সুমুৱাই লওঁ, সেই কথাৰ পৰা মই কেতিয়াও আঁতৰি নাহোঁ। তাই নাজানে সেই কথা।
অৱশেষত তাই হাৰ মানিলে।

“ঠিক আছে, তোৰমতেই হ’ব, কিন্তু তোক সহায় কৰিবলৈ যেন মোকো সুযোগ নিদিয়াকৈ নাথাক। মই তোক কোনো কামতেই অকলশৰীয়া কৰিব নোখোজোঁ।”

“বাৰু সেয়েই হ’ব”,মান্তি হ’লোঁ মই।

তাৰ পাছত আমাৰ দুয়োৰে গোপন আলোচনা চলিল।
ৰাতিৰ মধ্য প্ৰহৰত স্বপ্নকক্ষিকাৰ শেষ গ্ৰাহকজনৰ ওচৰৰ পৰা বিদায় লোৱাৰ পাছত পুৰণা ৰাজহাউলিৰ আন এটি কক্ষ নিকপকপীয়াকৈ বন্ধ হৈ যায়। বৈশালীৰ মানচিত্ৰ উলিয়াই দুয়োগৰাকীয়ে ৰাজনীতিৰ গণনাত ব্যস্ত হওঁ। ৱিজ্জী পৰিষদৰ প্ৰতিটো খণ্ডৰ ক্ষত্ৰিয় ৰজাসকল আৰু তেওঁলোকৰ দলসমূহৰ লগতে ভোটদান কৰিব লগা পৰিয়ালবোৰৰ বিষয়ে অধ্যয়ন কৰোঁ।
আগৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা লিচ্ছবিদলে মুঠ তিনিহাজাৰ ভোটৰ বিনিময়ত জয়লাভ কৰিছিল। দ্বিতীয় সংখ্যাগৰিষ্ঠ দল ইক্ষ্বাকুৰ প্ৰধান নেতা কল্কি নাথে এহাজাৰ ভোট লাভ কৰি লিচ্চবিদলৰ মনুদেৱকে সমৰ্থন দিছিল।
এই দুটা দলৰ উপৰিও আৰু দুটা সৰু সৰু দল আছে, যিয়ে লিচ্ছবিদলকে সমৰ্থন কৰে। গোটেইবোৰ মিলি প্ৰায় সাতহাজাৰ ভোট মনুদেৱৰ সপক্ষে থাকে। মনুদেৱৰ বিপক্ষে থকা বিদেহ আৰু ভোজদলত সমৰ্থনকাৰীৰ সংখ্যা মাথোঁ এহাজাৰমানহে। গতিকে বৰ্তমানৰ বৈশালীত ৰাজনীতিৰ পট পৰিৱৰ্তন কৰিব পৰাটো যে একপ্ৰকাৰ অসম্ভৱ কথা, সেয়া বুজি পালোঁ। নিৰাশ হ’লোঁ, ৰাজনীতিৰ পুথিসমূহত মূৰ গুজিলোঁ, আকৌ গণনাত বহিলোঁ।

“কিন্তু কল্কি নাথ যদি মনুদেৱৰ দাবীদাৰেই হয়, তেওঁক কিদৰে মনুদেৱৰ বিপক্ষে থিয় কৰোৱা যায়? লিচ্ছবিদলৰ বাদে বেলেগ দল ক্ষমতালৈ অনাৰ কোনো সুযোগ নাই। আমি লিচ্ছবিদলৰ পৰাই কোনো এজন যোগ্য ব্যক্তিক মনুদেৱৰ বিপক্ষে থিয় কৰাব লাগিব। লিচ্ছবিদলৰ ভিতৰত তেনে ব্যক্তি কিদৰে পোৱা যাব?”

গভীৰ চিন্তাত পৰিলোঁ। মাজতে প্ৰভাই কৈ উঠিল,

“কল্কি নাথ আমাৰ নৃত্যানুষ্ঠানৰ এজন নিয়মীয়া দৰ্শক। লগতে মোৰ প্ৰতি তেওঁ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে। তেওঁক কৈ চাম নেকি মনুদেৱৰ বিপক্ষে?”

“মনুদেৱৰ বিপক্ষে থিয় দিলেও তেওঁ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিব, যিহেতু তেওঁ লিচ্ছবিদলৰ প্ৰাৰ্থী নহয়। আমি লিচ্ছবিদলৰ মাজতেই আন কোনো প্ৰাৰ্থী বিচাৰিব লাগিব। উপৰজা যুদ্ধবীৰ কেনে হয়? শুনিছোঁ, মনুদেৱে ৰাজকাৰ্যত পিঠি দিয়াৰ পিছত তেঁৱেই সকলোবোৰ চম্ভালি লৈছে।”

“কিন্তু যুদ্ধবীৰে মনুদেৱৰ বিপক্ষে থিয় হ’ব কিয়?”

“ক্ষমতা। ক্ষমতাৰ সপোন দেখুৱালে তেওঁৰ পক্ষে মনুদেৱৰ বিপক্ষে থিয় হোৱাটো একো আচৰিত কথা নহয়।”

“তাৰ মানে আমাৰ কাম এতিয়া যুদ্ধবীৰক ক্ষমতাৰ সপোন দেখুওৱাটো।”

“হয় সোণজনী।”

বন্ধ কক্ষৰ পৰা ওলাই দুয়োজনী নিজৰ নিজৰ শয়নকক্ষত প্ৰৱেশ কৰিলোঁ। অলপ পাছতে নিদ্ৰাই হেঁচি ধৰাৰ সময়তো আচাৰ্যৰ কথাবোৰ মনলৈ আহিল,
“কেৱল তৰোৱালৰ দৰে অস্ত্ৰইহে যে যুদ্ধ জিকিব পাৰি, সেয়া শুদ্ধ নহয়। ৰাজনীতিত যুদ্ধ কৰিবলৈ হ’লে কূটনীতিৰ দৰে অস্ত্ৰসমূহ ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। যুদ্ধক্ষেত্ৰত একোৱেই ভুল বুলি ধৰা নহয়।”

ৰজা মনুদেৱৰ চকু ক্ৰোধাৰ্ত। ধোঁৱাৰ নিচাই, মদিৰাৰ শেষটোপাল পানীয়ই তেওঁৰ উত্তেজনা কমাব নোৱাৰিলে। শৰীৰ মৰ্দনৰ বাবে কবিৰাজ মতাই পঠিয়ালে। মৰ্দনকাৰীয়ে কবিৰাজৰ ঔষধি তেলেৰে তেওঁৰ সমগ্ৰ দেহ মৰ্দন কৰিলে, ভেষজ পদ্ধতিত ভৰিৰ তলুৱাৰ পৰা গৰম তেজ বাহিৰ কৰিলে, তেতিয়াও তেওঁৰ শৰীৰৰ পীড়া ভাল নহ’ল। পীড়া সহিব নোৱাৰি তেওঁ অধৈৰ্য হ’ল আৰু ক্ৰোধান্বিত হৈ তেওঁ সেনাপতি চিহনাদক তলব দিলে।

“সেনাপতি!”

সেনাপতি উপস্থিত হয়, “আদেশ দিয়ক মহাৰাজ।”

ৰজা গৰজি উঠে, “এতিয়াই। এতিয়াই সৈন্যবাহিনী সাজু কৰা। মই ৰাতিপুৱাৰ আগতেই আম্ৰপালীৰ বাসগৃহত আক্ৰমণ কৰিম। ইমান স্পৰ্ধা তাইৰ, মোক ভাবুকি দিবলৈ আহে!”
ইমান তাৎক্ষণিকভাৱে হঠাতে নগৰবধূৰ বাসভৱনত আক্ৰমণ কৰিবলৈ যোৱাটোত সেনাপতি চিহনাদ আশ্চৰ্য প্ৰকাশ কৰে। ৰজাক প্ৰশ্ন কৰে,

“এই আক্ৰমণৰ কাৰণ জানিব পাৰোনে মহাৰাজ?”

“আম্ৰপালী এজনী সামান্য নগৰগণিকা। কিয় পাহৰি গৈছে তেওঁ সেই কথা? মোৰ প্ৰদত্ত ক্ষমতা লৈ মোকেই হুংকাৰ দিয়ে।”

“পুৰণা হাউলিটো আপোনাৰ ইচ্ছাধীনভাৱেই আম্ৰপালীৰ দখললৈ গৈছে। পৰিষদৰ অনুমোদনমৰ্মেই তেওঁৰ লগত আছে এদল সৈন্যবাহিনী। তেওঁৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাটো ইমান সহজসাধ্য কাম নহব।”

“কিদৰে নহ’ব? তেওঁ বৈশালীৰাজক বৃদ্ধাংগুষ্ঠা দেখুৱাইছে, হুমকি দিছে।”

“কিন্তু মহাৰাজ, নিৰ্বাচনৰ সময়ত এয়া বৰ ভাল সিদ্ধান্ত নহ’ব। আম্ৰপালী সমগ্ৰ বৈশালীতে জনপ্ৰিয়। তেওঁৰ বিৰুদ্ধে কোনো গুৰুতৰ দোষ নোহোৱাকৈ আক্ৰমণ কৰিলে নিৰ্বাচনত কু-প্ৰভাৱ পৰিব।”

“তেতিয়াহ’লে তোমাৰ পৰামৰ্শ কি?”

“অন্ততঃ নিৰ্বাচনটো পাৰ হৈ যাওক।”

সেনাপতিয়ে গম্ভীৰ খোজেৰে ৰাজহাউলি ত্যাগ কৰে।

ৰাজগৃহৰ মনোৰম পৰিবেশত অৱস্থিত ৰাজপ্ৰাসাদ এৰি বৈশালীৰ সাধাৰণ এটি অতিথিগৃহত উজাগৰী চকুৰ পতাত নৃত্যৰতা দেৱীৰ প্ৰতিচ্ছবি আঁকি বিম্বিসাৰে গভীৰ ভাৱনাত বিভোৰ হৈছে। কি আছে আম্ৰপালীৰ মাজত, চাই চাই যে হেঁপাহ নপলায়। এনেতো নহয় যে ৰজা বিম্বিসাৰে সুন্দৰী নাৰী দেখা নাই। বিভিন্ন ৰাজ্যৰ পৰা সুন্দৰী গাভৰুসকলক আনি ৰাজগিৰিত স্থাপন কৰিছে, কোনোগৰাকীক হয়তো নৰ্তকী হিচাপে, কোনোগৰাকীক আকৌ ৰক্ষিতা হিচাপে। প্ৰভাৱশালী বিম্বিসাৰৰ ওচৰত স্থান পালে সকলোৱেই সৌভাগ্যৱতী বুলি অনুভৱ কৰে। দেশ-বিদেশৰ ৰজা-মহাৰজাই নাৰীৰ বিনিময়ত বিম্বিসাৰৰ স’তে সুসম্পৰ্ক ৰক্ষা কৰি চলে। কাজেই সুন্দৰী নাৰীৰ সান্নিধ্যৰ পৰা কোনোদিনেই বঞ্চিত হ’বলগা হোৱা নাই মগধৰাজ বিম্বিসাৰ।
কিন্তু এইবাৰৰ কথাটো যেন অলপ বেলেগ। অশ্বচালিকাৰ ৰূপত দেখা সেই বীৰাংগনাৰ দৰে মুখৰ লগত নিশাৰ নৰ্তকী আম্ৰপালীৰ ইমান পাৰ্থক্য। দুয়োটা ৰূপৰ লগত এটা বিশাল অমিল আছিল, উদ্যানত বহি গভীৰ চিন্তাত নিমগ্ন হোৱা সেই ৰূপটো মানসপটত ভাঁহি আহে তওঁৰ। যেন কোনো তপস্বিনীয়ে জীৱন-জগতৰ কথা পাহৰি পৰমাত্মাৰ লগত কথা পাতিছে, নিৰলে নিৰলে নিজক নিচুকাই পাৰ্থিৱ জগতৰ উপযোগী কৰি তুলিছে।
সেই ৰূপ দেখাৰে পৰাই তেওঁ মানসিকভাৱে অস্থিৰ। মধ্যবয়সত এগৰাকী পচিশবছৰীয়া ছোৱালীয়ে তেওঁৰ মন প্ৰাণ হৰি নিছে। এয়াতো হোৱাৰ কথা নাছিল। ৰূপৱতী সেই নাৰী জ্ঞান আৰু প্ৰজ্ঞা মিহলি হৈ এক অনিৰ্বচনীয় ব্যক্তিত্ব প্ৰদান কৰিছে। জীৱনত কোনো নাৰীৰ মাজত তেওঁ এনে এক সমাহাৰ দেখা নাছিল। অভিভূত তেওঁ, লগতে বিষাদগ্ৰস্তও। সেই অনন্য নাৰীৰ মানস-পুৰুষ হোৱাৰ কোনো সম্ভাৱনা হয়তো তেওঁৰ মাজত নাই।
অতিথিগৃহৰ অস্থায়ী ঠিকনা এৰি গৃহমুখী যাত্ৰা আৰম্ভ কৰিলে তেওঁ। ৰাজগৃহৰ ভোগ-বিলাসেও তেওঁক বান্ধি ৰাখিব পৰা নাই যেন। মনচিলা উৰি গৈ কোনোবাখিনিত পৰেগৈ। ক্ষত্ৰিয়োচিত শৰীৰ আৰু তেজস্বী ব্যক্তিত্বৰ অধিকাৰী বিম্বিসাৰৰ এই বিচলিত ৰূপ ধৰা পৰে ৰাণী ক্ষেমাৰ ওচৰত। অস্থিৰ মূৰ্তিটোলৈ ৰাণী ক্ষেমাই আঁৰচকুৰে লক্ষ্য কৰি ভাবে, কি হৈছে তেওঁৰ আৰাধ্য দেৱতাৰ? সাম্ৰাজ্যবিস্তাৰৰ চিন্তাত নিমগ্ন নে তেওঁ? প্ৰথমা পত্নী চেলেনাৰ ঔৰষজাত সন্তান অজাতশত্ৰুলৈ কিঞ্চিত খং জন্মে তেওঁৰ। অজাতশত্ৰুৰ দিনে দিনে বাঢ়ি অহা ক্ষমতাবিস্তাৰৰ লোভে বিম্বিসাৰক যেন ক্লান্ত কৰি তুলিছে। শাক্যমুনি আহি ৰাজগৃহত উপস্থিত হৈছে। খোদ মগধৰজাৰ অনুগ্ৰহ আৰু আমন্ত্ৰণতেই শাক্যমুনিয়ে ভিক্ষুকবৃন্দক লৈ ৰাজগৃহত বাহৰ পাতিছে। এতিয়া মগধৰাজৰ মন-কাণ নাই সেইফালে। অথচ শাক্যমুনি যে তেওঁৰ পৰম সুহৃদ, সেই কথা ৰাজগৃহৰ কোনে নাজানে?
শাক্যমুনি গৌতমে ৰাজপ্ৰাসাদ এৰি যোৱা বছৰদিয়েক হৈছিল। ইমান আধিক্য এৰি কিহৰ তাড়নাত শাক্যমুনিয়ে এটি অন্নৰে জীৱন কটাইছে সেই কথা বুজা নাছিল তেওঁ। জীৱন মানেই শক্তি আৰু ক্ষমতা। শক্তিহীন হৈ ক্ষমতা ত্যাগ কৰি গৌতম মুনিৰ দৰে এটি মাথোঁ অন্নৰে জীৱন পৰিচালনা কৰিবলৈ যোৱাৰ পক্ষপাতী নাছিল তেওঁ।
বোধিবৃক্ষৰ তলত এদিন ধ্যানৰত অৱস্থাত দেখিছিল তেওঁক, প্ৰশ্ন কৰিছিল, “কিয় গৌতম, কি কাৰণত তুমি ৰাজপ্ৰাসাদ এৰি এই শীৰ্ণ শৰীৰ ধাৰণ কৰিছা?”
শাক্যমুনিয়ে উত্তৰ দিছিল, “মই সকলো দুখৰ উৎসৰ সন্ধানত ঘৰ এৰি ওলাই আহিছোঁ আৰু দুখ নিৰ্বাণৰ উত্তৰ বিচাৰি তপস্যাত বহিছোঁ।”

বিম্বিসাৰে সেইদিনা হাঁহি মাৰি সেই ঠাই পৰিত্যাগ কৰিছিল, “তুমি উত্তৰ পালে মোকো জ্ঞাত কৰিবা নিশ্চয়।”

তাৰ পিছতেই বিম্বিসাৰে অংগৰাজ্য আক্ৰমণ কৰিছিল।

সেই কথা এতিয়া অতীত। এতিয়া সেই শাক্যমুনিয়ে তেওঁক ওলোটাই প্ৰশ্ন কৰিছে, “কি হৈছে বৎস, ইমান বিহ্বলতা কিহৰ বাবে? কি কাৰণত এই ম্লান ৰূপ ধাৰণ কৰিছা?”

মৌন হৈ ৰয় বিম্বিসাৰ। কাৰ অস্থিৰতাখিনি নিজৰ দেহত মেৰিয়াই ল’লে সেয়া তেওঁ মুখ ফুটাই ক’ব নোৱাৰে।

শাক্যমুনিয়ে হাঁহি মাৰিলে, “তোমাতকৈ বেছি অস্থিৰ আছিলোঁ মই। মোহ ত্যাগৰ সংকল্প ল’লো, এতিয়া একোৱেই মোক অস্থিৰ কৰিব নোৱাৰে।”

মোহত্যাগ! এই মোহত্যাগ ইমান সহজ! সেইযোৰ চকুৰ গভীৰতাৰ পৰা মোহ ত্যাগ কৰি পাৰলৈ উঠি অহা ইমান সহজ নে?
হাহাকাৰ! চৌপাশে হাহাকাৰ। এই হাহাকাৰত তেওঁৰ মনৰ স্থিতি থৰক-বৰক।

পুৱতি নিশাৰ সপোন দেখি তেওঁ শয়নপাটি এৰে। চম্পা নৈৰ শীতল পানীত নামি তেওঁ সূৰ্যস্নান কৰে। চন্দনৰ ফোঁট আঁকি পুৰোহিতে মন্ত্ৰ জপ কৰে,

“এই যাত্ৰা শুভ হওক।”

পত্নী ক্ষেমাই কাণ উনাই ৰয়, পুৰোহিতে কি কৈ গ’ল? কি যাত্ৰা? কাৰ যাত্ৰা? তেওঁৰ স্বামীয়ে তেওঁৰ অজ্ঞাতে এই পুৱতি নিশাতে ক’লৈ যাত্ৰা আৰম্ভ কৰিছে?
স্বামীৰ কান্ধত উত্তৰীয়খন জাপি তেওঁ কৌতূহল নিবৃত্ত কৰে,

“মহাৰাজ, এই যাত্ৰাৰ নিমিত্ত জানিব পাৰোনে?”

পত্নী ক্ষেমালৈ তেওঁ চাব নোৱাৰে। চিন্তাৰ আঁত হেৰাই যায় তেওঁৰ, মনৰ গতি দুৰ্বাৰ হৈ পৰে, বুদ্ধভ্ৰষ্ট হয় তেওঁ। এটা অস্থিৰতা কমাবলৈ গৈ বুকুখন দোলকযন্ত্ৰ এটাত ৰাখি দিলে, অথচ তেঁৱো জানে ভৱিষ্যতৰ দিনবোৰত ধৰফৰণিৰ বাদে একোৱেই নাপাব। যি নাৰীৰ চকুত তেওঁ পৃথিৱীৰ সমস্ত সম্পদ দেখা পালে, তেওঁতো সাধাৰণ নাৰী নহয়্‌। তেওঁৰো অজ্ঞাত নহয় সেই কথা, এই নাৰীক স্পৰ্শ কৰিব পাৰি, ভোগ কৰিব পাৰি কিন্তু অত্যন্ত আত্ম-অভিমানী হৃদয়খনত প্ৰৱেশ ইমান সহজসাধ্য নহয়।

পত্নী ক্ষেমাৰ ওচৰত মিছা বচন মাতি গুপুত পথেৰে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি বৈশালীৰ মধ্যাঞ্চলত খোপনি পুতি লোৱা বিম্বিসাৰে সম্ভ্ৰান্ত বণিকৰ ৰূপত আকৌ এবাৰৰ বাবে আম্ৰকুঞ্জৰ চৌহদত ভৰি দিলে।
আম্ৰপত্ৰত কুৰুলিয়াই থকা কুহক পখীবোৰে তেওঁলৈ চাই বিদ্ৰূপ কৰি হাঁহিলে, সিহঁতে ঠোঁটে ঠোঁটে কথা পাতিলে, “প্ৰেম বুদ্ধিনাশৰ পিছৰ পৰ্যায়৷”

(আগলৈ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!