অসমীয়া সাহিত্যৰ বুৰঞ্জী

লেখক- ড° মৃণাল জ্যোতি গোস্বামী

অষ্টম অধ্যায়: ৰামধেনু যুগৰ অসমীয়া সাহিত্য

৮.১ আৰম্ভণি
আধুনিক অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ ক্ষেত্ৰত একো একোখন আলোচনীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ‘জোনাকী’ কাকতৰ পাছত অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত ‘ৰামধেনু’ আলোচনীয়ে গ্ৰহণ কৰা ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ১৯৪০-৭০ চনৰ সময়ছোৱাক ‘ৰামধেনু যুগৰ অসমীয়া সাহিত্য’ বুলি অভিহিত কৰা হয়। ১৯৩৭ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ আৰু ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পাছতেই অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ প্ৰায় অৱসান ঘটে বুলি ক’ব পাৰি। ৰোমাণ্টিক যুগ বা জোনাকী যুগৰ সাহিত্যৰ ভেটিতে গঢ় লৈ উঠা এক বিকাশমান অৱস্থাই হ’ল ৰামধেনু যুগৰ অসমীয়া সাহিত্য। ‘জোনাকী’ৰ পৰৱৰ্তী অসমীয়া সাহিত্যৰ নতুন প্ৰৱাহটোক এক স্থিৰ ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত ১৯৫১ চনত প্ৰকাশ পোৱা ‘ৰামধেনু’ আলোচনীখনে এক গভীৰ ভূমিকা পালন কৰিছিল। আলোচনীখন ১৯৫১ চনৰ পৰা প্ৰকাশ পাইছিল যদিও অসমীয়া সাহিত্যৰ ইতিহাসকাৰসকলৰ একাংশই ১৯৪০-৭০ চনৰ সাহিত্যৰাজিক বুজাবলৈ ‘ৰামধেনু যুগৰ অসমীয়া সাহিত্য’ অভিধাটি ব্যৱহাৰ কৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ১৯৪০ চনৰ পাছৰ সাহিত্যৰাজিক সূচাবলৈ অসমীয়া সাহিত্যত ‘স্বৰাজোত্তৰ কালৰ অসমীয়া সাহিত্য’, ‘যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্য’ আদি অভিধাও ব্যৱহাৰ কৰা হয়।

এতিয়া আমাৰ মনত প্ৰশ্ন হ’ব পাৰে যে, অসমীয়া সাহিত্যৰ যুগবিভাজনৰ ক্ষেত্ৰত এই তিনিটা অভিধাৰ কোনটো অধিক গ্ৰহণযোগ্য। ১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণি পৰে ১৯৪৫ চনত, ব্ৰিটিছৰ ঔপনিৱেশৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে ১৯৪৭ চনত। এই দুয়োটা ঘটনাই অসমীয়া সমাজ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। দুয়োটা ঘটনাই সমসাময়িক অসমীয়া সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত, নব্য ৰূপেৰে অসমীয়া সাহিত্যক উদ্ভাসিত কৰি তোলাৰ প্ৰসংগত অতি প্ৰাসংগিক। সেয়ে সমান্তৰালভাৱে এই দুয়োটা শব্দকে ব্যৱহাৰ কৰিব পাৰি। আনহাতে অসমীয়া সাহিত্যৰ নতুন প্ৰবাহটোক এক স্থিৰ ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত ১৯৫১ চনত প্ৰকাশ পোৱা ‘ৰামধেনু’ আলোচনীখনে এক গভীৰ ভূমিকা পালন কৰিলে। আধুনিক অসমীয়া সাহিত্য সৃষ্টি ক্ষেত্ৰত আলোচনী-কাকতে এক গভীৰ স্থান অধিকাৰ কৰি আহিছে। আধুনিক অসমীয়া সাহিত্যৰ যুগ বিভাজন খিনিলৈ লক্ষ্য কৰিলেই সেই কথা অনুধাৱন কৰিব পাৰি। শংকৰোত্তৰ যুগৰ পৰৱৰ্তী কালছোৱাক ‘অৰুণোদয় যুগ’ আৰু তাৰ পাছৰ কালক ‘জোনাকী যুগ’ বুলি অভিহিত কৰা কথাটোৱেই তাৰ সাক্ষ্য বহন কৰে। জোনাকী কাকতৰ পাছত অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত ৰামধেনু আলোচনীয়ে গ্ৰহণ কৰা ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সময়ছোৱাক ‘ৰামধেনু যুগ’ বুলিও অভিহিত কৰিব পাৰি। কাৰণ আধুনিক অসমীয়া সাহিত্য মূলতঃ আলোচনীকেন্দ্ৰিক। একাৰ্থত ক’ব পাৰি এই অভিধাকেইটাই কোনো ধৰণৰ দ্ব্যৰ্থকতা বহন নকৰে। জোনাকী যুগৰ যিসকল লেখকে বিভিন্ন প্ৰকাৰৰ সাহিত্যেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছিল, সেইসকলৰ অন্তৰ্গত বহু কেইগৰাকী লেখকে যুদ্ধোত্তৰ যুগটো বিশিষ্ট অৱদান আগবঢ়াই গৈছে। তদুপৰি কেইবাজনো প্ৰতিভাশালী লেখকৰো এই সময়ছোৱাত আত্মপ্ৰকাশ ঘটিল।

৮.২ ৰামধেনু যুগৰ সাহিত্যৰ পটভূমি
বিশ্বযুদ্ধৰ প্ৰাক্‌-কালতেই পাশ্চাত্য ধ্যান-ধাৰণাৰ লগত পৰিচিত হোৱাৰ ফলত অসমীয়া মানুহৰ জ্ঞানৰ পৰিধি প্ৰসাৰিত হৈছিল। কিন্তু এই কালছোৱাত অসমীয়া সাহিত্যত বেছিকৈ প্ৰভাৱিত কৰিছিল ইংৰাজী সাহিত্য আৰু দৰ্শনে। পৰৱৰ্তী সময়তহে বিজ্ঞানৰ ন ন আৱিষ্কাৰ, নৃ-তত্ত্ব, মনস্তত্ত্বৰ নব্য আলোচনাৰ আলোকপাত, বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা সাহিত্যৰ ন ন চিন্তা তথা বিশ্ব অৰ্থনীতিৰ পৰিৱৰ্তনে প্ৰভাৱিত কৰে। বিশেষকৈ বিশ্বযুদ্ধৰ পাছত সৃষ্টি হোৱা নৈৰাজ্যবোধ আৰু মানুহৰ সামাজিক-নৈতিক অৱক্ষয়ে সাহিত্যত প্ৰাধান্য লাভ কৰে। অসমো ইয়াৰ পৰা সাৰি নগ’ল। শৈলেন ভৰালীৰ ভাষাৰে– ‘‘মহাযুদ্ধই সৃষ্টি কৰিলে মুদ্ৰাস্ফীতি, অনাটন আৰু আনুষঙ্গিক অনেক সমস্যাৰ। নৈতিক, সামাজিক আৰু মানৱীয় মূল্যবোধৰ চৰম অৱনতিয়ে জাতীয় জীৱনক প্ৰচণ্ডভাৱে আঘাত কৰিলে।’’ এইবোৰে সাহিত্যৰ ক্ষেত্ৰখনটো প্ৰভাৱ বিস্তাৰ কৰে। সেইবাবেই ক’ব পাৰি ৰামধেনু যুগৰ সাহিত্যিক পটভূমিৰ মূলতে আছিল দ্বিতীয় বিশ্বযুদ্ধ, ভাৰতৰ স্বাধীনতা আন্দোলন, স্বাধীনতা লাভ, মোহভংগৰ যন্ত্ৰণা আদি।

লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পাছতেই অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ অৱসান ঘটে। অৱশ্যে ‘জোনাকী’ কাকতক আধাৰ হিচাপে লৈ আৰম্ভ হোৱা ৰোমাণ্টিক ধাৰাটো বিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰা লাহে লাহে স্তিমিত হৈ আহিছিল আৰু ৰোমাণ্টিক সাহিত্যৰ অৱক্ষয় আৰম্ভ হৈছিল। এই দশকটোতে জোনাকী যুগৰ অন্যতম কাণ্ডাৰী চন্দ্ৰকুমাৰ আগৰৱালাৰো ১৯৩৭ চনত দেহাৱসান ঘটিছিল। অৱশ্যে এটা কথা ঠিক যে ৰোমাণ্টিক সাহিত্যৰ ধাৰাটোৰ তীব্ৰতা হ্ৰাস পাই আহিলেও ই কিন্তু একেবাৰে লুপ্ত হৈ পৰা নাছিল। পৰৱৰ্তী কালতো সমান্তৰাল ধাৰা হিচাপে ক্ষীণভাৱে হ’লেও প্ৰবাহিত হৈ আছিল। আচলতে এই দুই সাহিত্য ধাৰাৰ মাজত পানী নসৰকা ধৰণৰ সীমাৰেখা এডাল অংকন কৰা অতি কঠিন। সেইবাবেই সত্যেন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ত মত পোষণ কৰিছে– ‘‘ৰামধেনুৰ বৰ্ণ বৈচিত্ৰ্য্যৰ মাজত বিভিন্ন বৰ্ণৰ অস্তিত্ব অনুভৱ কৰিব পাৰি, কিন্তু কোনখিনিত এটা ৰং শেষ হৈ আনটো ৰং আৰম্ভ হৈছে আঙুলিয়াই দিব নোৱাৰি। ঠিক তেনেকৈ আধুনিক কবি আৰু ঔপন্যাসিকসকলৰ লেখনীত বাস্তৱবাদ আৰু নৱন্যাসবাদ মিহলি হৈ আছে। আধুনিক আংগিক ব্যৱহাৰ কৰিব বহু কেইজন লেখক ৰমন্যাস-ভাববাদী।’’

১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় মহাযুদ্ধই সমগ্ৰ বিশ্বৰ লগতে অসমকো ঢৌৱাই যায়। এই মহাযুদ্ধ ১৯৪৫ চনলৈকে চলি আছিল। মহাযুদ্ধত মানুহে মানুহৰ প্ৰতি কৰা নৃশংস ব্যৱহাৰ, মানুহৰ মানৱীয় মূল্যবোধৰ অৱক্ষয়, বস্তুবাদী ভোগবিলাসৰ আদৰণি আদিয়ে সকলোকে দহি যায়। ইয়াৰ সমান্তৰালভাৱে ১৯৪২ চনত আৰম্ভ হোৱা ‘ভাৰত ত্যাগ’ আন্দোলনেও অসমৰ আৰ্থ-সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত তীব্ৰ জোকাৰণি তোলে। ঠিক সেইদৰে ১৯৪৩ চনত অসমত কমিউনিষ্ট দল গঠন আৰু তাৰ জৰিয়তে সাম্যবাদী চিন্তাৰ বিকাশ, ১৯৪৪-৪৫ চনত সমগ্ৰ দেশতে সৃষ্টি হোৱা অৰ্থনৈতিক সংকট, খাদ্য-সংকট, ১৯৪৬ চনৰ সাম্প্ৰতিক সংঘৰ্ষ ইত্যাদি কাৰকেও মানুহৰ মন আৰু মগজুত প্ৰচণ্ড আঘাত হানে। এনেবোৰ কাৰকৰ বাবে সাহিত্য সৃষ্টিৰ পৰিৱেশ ব্যাহত হয়। এই বিষয়ে শৈলেন ভৰালীয়ে মন্তব্য কৰিছে– ‘‘প্ৰতিকূল ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ হেঁচাত শিল্প-সংস্কৃতিৰ জগতখন নীৰৱ হৈ পৰিল। অসমীয়া সাহিত্যৰ বোৱতি সুঁতি স্তব্ধ হৈ গ’ল।’’

অৱশ্যে এই সময়ছোৱাতে কেইজনমান প্ৰগতিশীল চিন্তাৰে অনুপ্ৰাণিত অসমীয়া যুৱকে হাতত আৰিয়া লৈ অসমীয়া সাহিত্যৰ প্ৰায় এৰাপৰা বাটটোক নকৈ প্ৰাণ দিবলৈ যত্নপৰ হ’ল। এই দলটোৰ নেতৃত্ব প্ৰদান কৰিলে ভৱানন্দ দত্তই। কমলনাৰায়ন দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ সম্পাদনাত ১৯৪৩ চনত ‘জয়ন্তী’ আলোচনীখনে নতুন ৰূপেৰে প্ৰকাশিত হ’ল। ‘জয়ন্তী’ৰ পাততে তেওঁলোকে অসমীয়া সাহিত্যৰ নতুন এটি ধাৰা প্ৰৱৰ্তন কৰিবলৈ যত্নপৰ হ’ল। এই আলোচনীখনত মূলতঃ কবিতা আৰু সমালোচনাত্মক প্ৰবন্ধ প্ৰকাশিত হৈছিল। কবিতাৰ মাজতে আধুনিকতাৰ প্ৰগতিবাদী সুৰটো অধিক প্ৰগাঢ় ৰূপত প্ৰকাশিত হ’ল। ৰোমাণ্টিক ভাবোচ্ছাস আৰু আত্মকেন্দ্ৰিকতাৰ বিপৰীতে সামাজিক চেতনাযুক্ত আধুনিক সমাজমুখী সাহিত্যৰ পাতনিও যেন এইখন কাকতৰ জৰিয়তে আৰম্ভ হয়। জয়ন্তীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোৰ জৰিয়তে গতানুগতিক ছন্দৰ বন্ধনৰ পৰা অসমীয়া কবিতা মুক্ত হৈ মুক্তক ছন্দ বা গদ্য ছন্দৰ আধাৰত কবিতা লিখা পৰম্পৰাৰ সূচনা হয়। হেম বৰুৱা, অমূল্য বৰুৱাইও বিষয়বস্তু, আংগিক, প্ৰকাশভংগীৰ অভিনৱত্বৰে সমাজবাদী চিন্তা-চেতনাৰ আধুনিক অসমীয়া সাহিত্যৰ পটভূমি এটা গঢ়ি তুলিলে।

১৯৪৫ চনত দ্বিতীয় মহাযুদ্ধৰ সামৰণি পৰিল। মহাযুদ্ধই প্ৰচলিত সামাজিক দৃষ্টিভংগী আৰু প্ৰচলিত মূল্যবোধক জোকাৰি গৈছিল। ১৯৪৭ চনত ভাৰতবৰ্ষৰ স্বাধীনতা লাভো আন এটা উল্লেখযোগ্য পৰিঘটনা। দেশৰ স্বাধীনতাই মানুহৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছিল যদিও বহু নতুন নতুন সমস্যাৰো সৃষ্টি কৰিলে। ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ অৱনতি ঘটিল। মানুহৰ মনলৈ হতাশা আহিল। ‘‘সামাজিক আৰু ব্যক্তিগত সম্পৰ্কৰ অৱনতি, সামাজিক আৰু নৈতিক প্ৰমূল্যসমূহত ধৰা ভাঙন, সাম্প্ৰদায়িক সংঘৰ্ষ, ৰাজনৈতিক সংগ্ৰাম, যুদ্ধই সৃষ্টি কৰা মুদ্ৰাস্ফীতি আৰু অনাটন, নতুন ধনাঢ্য শ্ৰেণীৰ সৃষ্টি– এই আটাইবোৰ সংকট, সমস্যা আৰু ঐতিহাসিক ঘটনাই জাতীয় জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰে।’’

স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী বছৰটোতেই অসমৰ শিক্ষা ক্ষেত্ৰত কেইবাটিও উল্লেখযোগ্য ঘটনা ঘটে। ১৯৪৮ চনত ‘গুৱাহাটী বিশ্ববিদ্যালয়’ স্থাপন, যোৰহাট আৰু গুৱাহাটীৰ খানাপাৰাত ক্ৰমে ‘অসম কৃষি মহাবিদ্যালয়’ আৰু ‘অসম পশুচিকিৎসা মহাবিদ্যালয়’ স্থাপন হয়। এই বছৰটিতে গুৱাহাটীত ‘গুৱাহাটী উচ্চ ন্যায়ালয়ো’ স্থাপন হয়। অৱশ্যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়তেই কেইবাজনো কমিউনিষ্টে এই স্বাধীনতা মিছা স্বাধীনতা বুলি বিদ্ৰোহ আৰম্ভ কৰিছিল। এই ক্ষেত্ৰত বিষ্ণু ৰাভা আছিল অন্যতম। অসমত আৰম্ভ হৈছিল আধিয়াৰ আন্দোলন। অসম চৰকাৰৰ ভূমিনীতি আৰু মাটিগিৰি মহাজনসকলৰ বিপক্ষে এই আন্দোলন চলিছিল। বৰদলৈ আৰু মেধি চৰকাৰে ১৯৪৮ চনৰ পৰা ১৯৫৩ চনলৈকে এই কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ ঘোষণা কৰি পাৰ্টিৰ সদস্য তথা কৰ্মী আৰু বিদ্ৰোহ আচৰণ কৰা কৃষকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল। মন কৰিবলগীয়া যে এই আন্দোলনত অংশগ্ৰহণ কৰা অধিকাংশই আছিল জনজাতীয় কৃষক। সেই সময়ত অসমীয়া মধ্যবিত্তসকল ব্যস্ত আছিল শাসন কাৰ্য আৰু ক্ষমতাৰ খোৱাকামোৰাত। এই কালছোৱাত সংঘটিত হোৱা অবাধ প্ৰব্ৰজনৰ ফলত সৃষ্টি হোৱা ভূমি সমস্যা বা মৃতপ্ৰায় অৰ্থনীতিৰ পুনৰোত্থানৰ বাবে চৰকাৰে কোনো ধৰণৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ নকৰিলে। মূলতঃ ভাৰতবৰ্ষৰ বৃহৎ পুঁজিৰ লগত আঞ্চলিক পুঁজিৰ সংঘাতে মূল স্থান পোৱাত সাধাৰণ কৃষকৰ সমস্যা, জনজাতীয় সমাজৰ অৰ্থনৈতিক পশ্চাদপদতা আৰু তেওঁলোকৰ জাতীয় আকাংক্ষা আদি প্ৰশ্নবোৰ অৱহেলিত হৈ পৰিলে। ১৯৬০ চনত অসমত আৰম্ভ হোৱা ভাষা-আন্দোলনৰ পৰিপ্ৰেক্ষিতত তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই অসমীয়া ভাষাক ৰাজ্যভাষা কৰা হ’ব বুলি ঘোষণা কৰে। অৱশ্যে ইয়াৰ আগতেও ১৯৫০ চনত মাৰ্ঘেৰিটাত বহা ‘অসম সাহিত্য সভা’ৰ বাৰ্ষিক সন্মিলনত পোন প্ৰথমবাৰৰ বাবে অসমত অসমীয়া ভাষাক ৰাজ্যভাষা তথা শাসকীয় ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ বিধান সভাত এখন আইন প্ৰণয়ণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। অসম চৰকাৰে অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ লোৱাৰ বাবেই All Party Hill Leaders Conference নামৰ সুকীয়া ৰাজনৈতিক দল এটি গঠন কৰি স্বায়ত্ত্ব শাসিত ৰাজ্যৰ দাবীত আন্দোলন আৰম্ভ কৰি নাগালেণ্ড, মিজোৰাম, মেঘালয় ৰাজ্যৰ দাবী তীব্ৰ কৰি তুলিলে। এই সময়ছোৱাতে কটন কলেজৰ এজন ছাত্ৰ পুলিচৰ গুলিত মৃত্যু হয় আৰু তাৰ ফলশ্ৰুতিত ভাষা-আন্দোলনৰ বাবে সমগ্ৰ অসমতে ভাতৃঘাটি সংঘৰ্ষ আৰম্ভ হয়। বিশেষকৈ কাছাৰ জিলাৰ বাংলাভাষী লোকসকল বিদ্ৰোহী হৈ উঠে আৰু ‘কাছাৰ জিলা সংগ্ৰাম পৰিষদ’ গঠন কৰি আন্দোলনত নামি পৰে। ১৯৬১ চনতো অসমীয়া ভাষাক ৰাজ্য ভাষা কৰাৰ কাৰণে সংঘাতৰ সৃষ্টি হৈছিল আৰু কেইবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাই। আলোচ্য কালছোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপট বিচাৰ কৰিলে আমাৰ চকুত পৰে যে– স্বাধীনতাৰ সময়ত অসমত বাস কৰা পাহাৰীয় জনজাতীয় লোকসকলে তেওঁলোকৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম আৰম্ভ কৰে আৰু স্বাধীন ৰাজ্যৰ দাবীৰে সমগ্ৰ দেশ তোলপাৰ লগায়। ক্ৰমান্বয়ে বিভিন্ন ৰাজ্য প্ৰতিষ্ঠা কৰি অসমখনৰ ভৌগোলিক সীমা সংকোচিত কৰি আঁতৰি যাবলৈ আৰম্ভ কৰে। এনেদৰে নিজৰ মাজতে খোৱাকামোৰাত ব্যস্ত হৈ থাকোঁতেই ১৯৬২ চনত বিদেশী ৰাষ্ট্ৰ চীনে সীমা-বিবাদক কেন্দ্ৰ কৰি অসম আক্ৰমণ কৰে আৰু দেশৰ অখণ্ডতাত আঘাত সানে।

১৯৬৩ চনত বড়ো ভাষী লোকসকলে ‘বড়ো সাহিত্য সভা’ৰ নেতৃত্বত প্ৰাথমিক পৰ্যায়ত বড়ো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াক লৈ তীব্ৰ আন্দোলন গঢ়ি তোলে। চৰকাৰে প্ৰথমতে নৰম মনোভাৱ পোষণ কৰিছিল যদিওপৰৱৰ্তী সময়ত তেওঁলোকৰ দাবী মানি ল’বলগীয়া হয়। ১৯৬৩ চনত অসমৰ অৰ্থনৈতিক দিশত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে। সেই বছৰটিতেই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং ‘শৰাইঘাট দলং’ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে মুকলি কৰি দিয়ে। লগে লগে ইমান দিনে পোনপটীয়া যোগাযোগৰ বাবে বিভিন্ন দিশত অসুবিধা ভুগি থকা জনসাধাৰণে সকাহ পালে। দেশৰ বিভিন্ন অংশৰ লগত যোগাযোগ আৰম্ভ হোৱাত মুক্ত অৰ্থনীতিয়ে অসমত প্ৰৱেশ কৰে। ১৯৭০ চনত গুৱাহাটীত এটি চাহ নিলাম কেন্দ্ৰ আৰু যোগীঘোপাত ‘অশোক কাগজ কল’ স্থাপন কৰা হয়। উল্লেখযোগ্য যে, এই বছৰটিতে বহু সংখ্যক নক্সালবাদীকো অসম চৰকাৰে কৰায়ত্ব কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কলিকতাৰ নক্সালবাৰীত চাৰু মজুমদাৰৰ নেতৃত্বত আৰম্ভ হোৱা বিদ্ৰোহৰ সমপৰ্যায়ৰ এক বিদ্ৰোহ ১৯৬৮ চনত কাছাৰ জিলাত সূত্ৰপাত ঘটিছিল। ১৯৭০ চনত কানু সান্যালৰ নেতৃত্বত অসমত চলা এই বিদ্ৰোহে অধিক প্ৰগাঢ় ৰূপ লাভ কৰে আৰু নক্সালবাদীৰ লগত সম্পৰ্ক স্থাপন হয়। উল্লেখ্যযোগ্য যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰা ১৯৬৫ চন মানলৈকে জনগণৰ স্বাধীনতাৰ প্ৰতি মোহ ভংগ হ’বলৈ আৰম্ভ কৰে। অৰ্থনৈতিক সমস্যা আৰু দেশৰ বিকাশৰ প্ৰভাৱত মধ্যবিত্ত শ্ৰেণীটোৰ জীৱন আৰু মানসিকতাৰ পৰিৱৰ্তন সাধন হয়। বিশেষকৈ এই সময়ছোৱাতে মধ্যবিত্ত সমাজক নিবনুৱা সমস্যাটোৱে অধিক জৰ্জৰিত কৰি তুলিছিল। তাৰ ফলশ্ৰুতিতে বহু সংখ্যক যুৱক বামপন্থী চিন্তাধাৰাৰে পৰিচালিত হ’বলৈ আৰম্ভ কৰে। সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ অৱনতিয়ে মানুহৰ মনলৈ হতাশ আহিলে। পুৰণি মূল্যবোধৰ ওপৰত তেওঁলোকৰ আস্থা নাইকিয়া হ’ল। উদ্যোগ স্থাপনে বনুৱা-মজদুৰৰ সমস্যাৰ সৃষ্টি কৰিলে। নগৰকেন্দ্ৰিক সমস্যাই প্ৰসাৰতা লাভ কৰি প্ৰাচীন ঐতিহ্যৰ বিলোপ সাধন কৰিবলৈ আৰম্ভ কৰিলে।

এই কালছোৱাত সাহিত্যৰ লগত পূৰ্বৰ সাহিত্যৰাজিৰ পাৰ্থক্য ভালেমান দিশত ৰক্ষিত হৈছে। প্ৰকাশভংগীত, বিষয়বস্তু চয়ন বা আংগিক, দৃষ্টিভংগী আদি সকলো দিশতে এই পৰিৱৰ্তন লক্ষণীয়। লিখকসকলে ব্যক্তিগত মুক্তিৰ লগত সামাজিক মুক্তি আৰু অৰ্থনৈতিক মুক্তিৰ যোগেদি তেওঁলোকে নিজৰ তথা সমাজৰ উন্নতি কামনা কৰিলে। এই সম্পৰ্কে হেম বৰুৱাৰ এষাৰ বক্তব্য উদ্ধৃতি কৰিব পাৰি– ‘‘আধুনিক সাহিত্যৰ প্ৰকাশভঙ্গীত আধুনিক যুগৰ ব্যক্তিগত প্ৰতিভাৰ সাঁচ জিলিকি আছে। প্ৰাচীন নাট্য-সাহিত্যৰ ধৰণ-কৰণ, নিয়ম-প্ৰণালী বাৰ্ণাৰ্ড শ্ব’, ইবছেন আদিৰ ব্যক্তিগত প্ৰতিভা পৰি সুকীয়া গঢ় লৈছে। কবিতাৰ বিষয়বস্তু, প্ৰকাশভঙ্গীত পাউণ্ড, এলিয়ট, ছিটৱেল আদিৰ স্বতন্ত্ৰ ধৰণে সুকীয়া সাঁচ দিছে। সেই একেদৰে উপন্যাস সাহিত্যত দৰথী ৰিছাৰ্ডছন, জেমছ জ’য়েচ, ভাৰ্জিনা উলৱাৰ নিচিনা কেইগৰাকীমানে ন বোল সানিছে। লগে লগে কাব্য জগতত নতুন ছন্দৰ আৱিৰ্ভাৱ হৈছে। ‘ভাৰ্ছ লিবৰে’, ‘স্প্ৰাং ভাৰ্চ’– এনে ধৰণৰ ছন্দই কাব্য জগতত নতুন সাহিত্যৰ চোকা পোহৰৰ পৰা আঁতৰি থাকিব পৰা নাই। লিটন ষ্ট্ৰেছি, আঁৰে মৰে, এমিল লাডউইগ আদিৰ হাতত পৰি জীৱন-চৰিত ৰচনাৰ উপায় নতুন হৈছে ’’ এই বাাক্যশাৰীৰ পৰাই সহজে অনুধাৱন কৰিব পাৰি যে যুদ্ধোত্তৰ যুগত অসমীয়া সাহিত্যই সকলো ফালৰ পৰাই নতুনত্বক আদৰি লৈ আধুনিকতাৰ পিনে গতি কৰে। (ক্ৰমশঃ…)

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক