ভ্ৰান্তি

লেখক- উৰ্ব্বশী বি ভাগৱতী

সৰিয়হ বটাৰে ইলিছ মাছখিনি বনাই হ’লেই চাউলকেইটা বঢ়াই দিম বুলি ভাবিলে বিমলাই। গৰম গৰম ভাতকেইটাইহে জুতি আনে আঞ্জা-পাচলিৰ। হওঁতে বিমলা এগৰাকী পাকৈত ৰান্ধনী। প্ৰতিটো ব্যঞ্জনৰ জুতি উঠিবই তেওঁৰ হাতত। গাঁৱত প্ৰশংসা নকৰা মানুহ নাই তেওঁৰ হাতৰ। বিশেষকৈ উখুৱা চাউলৰ ভাত আৰু কোমোৰাৰে হাঁহৰ মাংসৰ আঞ্জাখন- আঙুলিৰ মূৰলৈকে চেলেকি খায় মানুহে। কিবা এখন জুতি লগাই ৰান্ধিলেই কাষৰ দেওৰেকৰ ঘৰলৈ নিদিয়াকৈ নাখায় বিমলাই। আচলতে বিমলা আৰু নগেন বৰুৱাৰ একমাত্ৰ সন্তান নিৰ্বাণ আহিব আজি সুদূৰ ডুবাইৰ পৰা। দুয়োৰে সুযোগ্য সন্তান নিৰ্বাণ। যেনেকৈ দেউতাক মাকে সংস্কাৰৰ পাঠ শিকাইছিল তেনেদৰেই শিকিছিল নিৰ্বাণে। আগবাঢ়ি গৈছিল দোপতদোপে। পঢ়া শুনাত যথেষ্ট চোকা আছিল সি। কবলৈ গলে গাঁওখনৰ ৰত্ন আছিল নিৰ্বাণ। উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিৰ্বাণে চাকৰি পাই গৈছিল ডুবাইত। নগেন বৰুৱাই উৎসাহ দিছিল তাক। কিন্তু বিমলাই বৰ ভাল পোৱা নাছিল একমাত্ৰ সন্তানটিক দেশৰ বাহিৰলৈ পঠাবলৈ। হ’লেও চাদৰৰ আচলেৰে চকুলো মচি হাঁহি হাঁহি বিদায় দিছিল নিৰ্বাণক। কিন্তু এয়াই যে শেষ নাছিল বিমলাৰ বাবে। নিজৰ লগত পঢ়া অঞ্জলিৰ ৰূপৱতী জীয়েক পূজাক নিৰ্বাণলৈ বিয়া পাতি আনিম বুলি কথা দিছিল বিমলাই। মনে মনে বোৱাৰী মানি লৈছিল পূজাক তেওঁ। কথা ৰাখিবলৈ নিজৰ আঙুলিৰে আঙুঠি এটাও পিন্ধাই দিছিল পূজাক। কিন্তু বিমলাৰ এই সপোন তচনচ কৰি নিৰ্বাণে ঘৰত জনাইছিল নন্দিনীৰ কথা। ডুবাইত একেলগ চাকৰি কৰা নন্দিনীৰ প্ৰেমত পৰিছিল নিৰ্বাণ। পিছৰবাৰ ঘৰলৈ আহোঁতে জনাইছিল সি দেউতাক মাকক নন্দিনীক বিয়া কৰোৱাৰ ইচ্ছা। নগেন বৰুৱাৰ আপত্তি নাছিল। কিন্তু বিনা মেঘে ব্ৰজপাত পৰিছিল বিমলাৰ মুৰত। অঞ্জলি আৰু পূজাক কি ক’ব এতিয়া। খঙ উঠিছিল নগেন বৰুৱাৰ। নিৰ্বাণক নোসোধাকৈ অঞ্জলিক কথা দিয়াৰ বাবে। একেবাৰে মন নাছিল বিমলাৰ নন্দিনীক বোৱাৰী কৰি আনিবলৈ। ফটোত দেখিছিল তেওঁ ছোৱালীজনীক। বেছ ধুনীয়া আৰু অত্যাধুনিকা। চুটি স্কাৰ্ট আৰু স্লিভলেছ টপ এটা পিন্ধা ফটোখন দেখি মুৰটো গৰম হৈ গৈছিল বিমলাৰ। দেউতাকৰ চাকৰিসূত্ৰে ডুবাইতে বসবাস কৰিবলৈ লোৱা নন্দিনীৰ কিন্তু জন্মস্থান অসমতেই আছিল। শেষত নিৰূপায় একমাত্ৰ নিৰ্বাণৰ মুখলৈ চাইয়েই সন্মতি দিছিল তেওঁ বিয়াখনত । অনুষ্টুপীয়াকৈ পাতিছিল বিয়াখন তেওঁলোকে। নন্দিনীৰ ফালৰ কিন্তু মানুহ হৈছিল বহুতখিনি। দেউতাকে কৈছিল ডুবাইত থাকিলেও নিজৰ মানুহ খিনিক পাহৰিব নোৱাৰে তেওঁলোকে। গোমা মুখেৰে নন্দিনীক আদৰিছিল বিমলাই। ইতিমধ্যে অঞ্জলিৰ সৈতে মাতবোল পৰ্য্যন্ত নাইকিয়া হৈছিল বিমলাৰ। বোৱাৰী ঘৰ সুমুওৱাৰ দুদিন পিছতে নিৰ্বাণ পুনৰ ডুবাইমুখী হৈছিল নন্দিনীক লৈ। গিৰিয়েকৰ বুকু তিয়াই কান্দিছিল বিমলাই “বুজিছে আমি বোৱাৰী অনা নাই, ল’ৰাকহে বিয়া দিলো” বুলি… আজি সম্পূৰ্ণ এবছৰৰ মুৰত নিৰ্বাণ আহিব নন্দিনীক লৈ। বিমলাৰ নন্দিনীৰ ওপৰত ক্ষোভটো আছেই। গতিকে তেওঁ ইচ্ছা কৰিয়েই উখুৱা চাউলৰ ভাত আৰু হাঁহে কোমোৰাই ৰান্ধিছে। লগত মচুৰ দাইল বিলাহী দিয়া, বেঙেনা আলু পিটিকা, লাইশাক আৰু গুটি আলু ভাজি, ধনীয়াৰ চাটনি। কিয়নো বিমলাৰ দৃঢ় বিশ্বাস এই গাঁৱলীয়া খাদ্য সম্ভাৰ নন্দিনীয়ে কেতিয়াও পছন্দ নকৰে। পিজ্জা বাৰ্গাৰ খাই ডাঙৰ হোৱা লাট চাহাবৰ বেটিটো! …ভাবে বিমলাই। “হেৰা, তোমাৰ ৰান্ধি হ’লনে। ইহঁত পাবহিয়েই এতিয়া”… নগেন বৰুৱাৰ মাতত উচপ খাই উঠিল বিমলা। কাপোৰযোৰ অলপ পৰিপাটি কৰি বাহিৰলৈ ওলাই আহি দেখে ইতিমধ্যে পালেহি নিৰ্বাণ আৰু নন্দিনী। পুতেকক দেখি ৰৈ থাকিব নোৱাৰিলে বিমলা। দৌৰি গৈ সাবটি ধৰিলে তাক। চকুৰে দুধাৰি লোতক বৈ আহিল তেওঁৰ। পালাজ’ আৰু হাত দীঘল চাৰ্ট পিন্ধি অহা নন্দিনীক অনিচ্ছাসত্ত্বেও আদৰি নিলে বিমলাই। মুখ হাত ধুই দুয়ো চিধাই ডাইনিং টেবুলতে বহিলহি। খংটো উঠি আহিল বিমলাৰ। প্ৰথম আহিছে ঘৰখনলৈ, বোলে অকণমান শাহুৰ সৈতে ভাতকেইটা বাঢ়ি দিয়াতে লাগো, নাই…ক’ত চিনি পাব এইবোৰ সংস্কাৰ।” অ মা ইমান ভোক লাগিছে ময়ো বহি দিছো দেই। আপুনিও আহক একেলগে খাওঁ”… নন্দিনীৰ মাতত তন্ময়তা ভাগিল বিমলাৰ। গহীনাই মাত লগালে “তুমি খোৱা, আমাৰ ঘৰত মতা মানুহৰ সৈতে একেলগে বহি খোৱাৰ নিয়ম নাই। মই পিছত খাম”…শাহুৱেকৰ কথাষাৰত মনটো সেমেকি গলেও একো উত্তৰ নিদিলে নন্দিনীয়ে। নগেন বৰুৱা আৰু নিৰ্বাণে তাইক বেয়া নাপাবলৈ চকুৰেই ইংগিত দিলে। ভাত বাঢ়ি দি বিমলাই ভাবিলে খাওক লাট্ চাহাবৰ বেটিয়ে। কিন্তু সকলোকে আচৰিত কৰি নীৰৱে ভাত কেইটা খাই থাকিল নন্দিনীয়ে। খোৱাৰ ধৰণটো দেখি বিমলাৰ এনে লাগিল খুব যেন তৃপ্তিৰে খাইছে তাই। গুৰুত্ব নিদি পাকঘৰলৈ‌ সোমাই গ’ল তেওঁ। “অ মা, ভাত কেইটামান আৰু হাঁহৰ মাংস অকণমান দিব নেকি?” … হঠাৎ নন্দিনীৰ মাতসাৰ শুনি ঘূৰি চালে তেওঁ। কাঁহীখন হাতত লৈ ৰৈ আছে তাই। কিবা এটা যেন মৰম লাগি গ’ল ছোৱালীজনীলৈ। তথাপি গহীন হৈ কলে তেওঁ “যোৱা টেবুলতে দিমগৈ।” … আচৰিত লাগিল বিমলাৰ। তাই বেয়া পোৱা বস্তু বুলিয়েই বনাইছিল তেওঁ, তথাপি! … নিজকে অলপ দোষী দোষী লাগিল তেওঁৰ। নন্দিনীৰ কাঁহীখনত অলপমান ভাত আৰু মাংস দিলেগৈ তেওঁ।” বৰ ধুনীয়া লাগিছে মা আপোনাৰ হাতৰ ভাতসাজ। ডুবাইতনো ক’ত আমি এইবিলাক খাবলৈ পাম”…বিমলাৰ কঠিন মনটো যেন গলিবলৈ আৰম্ভ কৰিছে…একো নকৈ তাইলৈ চাই থাকিল মাত্ৰ তেওঁ। “আৰে ৰাতিপুৱাই গোঁসাই ঘৰত কোন?” …বিমলাই আচৰিত হৈ ভুমুকিয়াই চাই দেখে মেখেলা চাদৰ পৰিহিতা নন্দিনীয়ে গোঁসাই ঘৰত চাকি জ্বলাই আছে। এইবাৰ আশ্চৰ্যত চকু ডাঙৰ হ’ল বিমলাৰ। তেওঁ বাৰু ভুল ধাৰণা লৈছিল নেকি নন্দিনীৰ প্ৰতি? …প্ৰশ্নটোৱে খোচা বিন্ধা কৰে বিমলাৰ মনত। ব্ৰেকফাষ্টৰ টেবুলত বহি নিৰ্বাণে আৰম্ভ কৰিলে “মা দেউতা, মই পিছে এসপ্তাহ পিছত ঘূৰি যাবই লাগিব। প্ৰজেক্ট এটাৰ কামত গৈ পোৱাৰ পিছতেই আকৌ জাৰ্মানীলৈ যাব লাগিব তিনিমাহৰ বাবে।” … খাবলৈ মন নোযোৱা হৈ গ’ল নগেন বৰুৱা আৰু বিমলাৰ।”তেতিয়া নো আহিছিলা কিয়”…কৈয়েই পেলালে বিমলাই। “ৰবাচোন মা, গোটেই কথাখিনি শুনি লোৱা। মই যামগৈ হয়, কিন্তু নন্দিনী থাকিব তোমালোকৰ লগত। তাকো তিনিমাহৰ বাবে। তিনিমাহ পাছতেই তাই তোমালোকক লৈ ডুবাইলৈ যাব আৰু ময়ো আহি পাম। তোমালোকৰ যাবলৈ সকলো ব্যৱস্থা ইতিমধ্যে নন্দিনীয়ে কৰিছেই…হবনে এতিয়া?” … এইবাৰ আচৰিত হোৱাৰ পাল বিমলাৰ।” নন্দিনী আমাৰ লগত থাকিব!” …”অ মা মই থাকিম আপোনালোকৰ লগত”… হঠাৎ যেন এসোপা মৰম উজাৰ খাই উঠিল নন্দিনীৰ প্ৰতি বিমলাৰ। চলচলীয়া দুচকুৰে সাৱট মাৰি ধৰিলে তেওঁ তাইক। “ভুল বুজিছিলো তোমাক নন্দিনী… ভ্ৰান্ত ধাৰণাৰে মনটো বেয়া কৰি আছিলো। বোৱাৰী ৰূপত তোমাক পাই বহুত সুখী মই আজি। ঠিকেই আছিল আমাৰ সংস্কাৰ…নিৰ্বাণে তোমাক পছন্দ কৰাৰ কাৰণ এতিয়াহে গম পালো অ আইজনী”…”হ’ব মা, বলক এতিয়া পাকঘৰলৈ যাওঁ। আপোনাৰ পৰা বহুত শিকিবলৈ আছে মোৰ”… চকুহাল মচি নন্দিনীৰ হাতত ধৰি পাকঘৰলৈ সোমাই যোৱা বিমলাক চাই নগেন বৰুৱাৰ এটা স্বত্বিৰ নিশ্বাস ওলাই আহিল… লগতে নিৰ্বাণৰো…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!