মন গহন

লেখক- পাপৰি গোস্বামী

টং টং টং টং- দেৱালত আঁৰি থোৱা ঘড়ীটোৱে চাৰি বজাৰ সংকেত দিলে। আৰু এঘণ্টামান পিছতেই সূৰ্যদেৱতাই দেখা দিবহি। আৰাধনাই পিন্ধি থকা বুটাবছা কাপোৰযোৰ সলাই নাইটি এটা পিন্ধি বাথৰুমলৈ গ’ল। পাৰ হোৱা ৰাতিটো সিহঁতৰ, মানে ৰুবুল আৰু তাইৰ ফুলশয্যাৰ ৰাতি আছিল। গোটেই ৰাতিটো বিছনাখনত বহি বহিয়েই কটালে। ভবামতেই ৰুবুল তাইৰ কাষলৈ নাহিল। আহিবই বা কেনেকৈ? তাৰ মানসিক যন্ত্ৰণা তাই বুজি পায়। যোৱা আঠচল্লিছ ঘণ্টাই তিনিটা জীৱনত সাগৰ সম পৰিৱৰ্তন আনিলে। লগতে দুয়োখনৰ ঘৰৰ মাজতো। নাটকৰ পট পৰিৱৰ্তনৰ দৰে এটা এটা কৈ ক্ষণ তাইৰ মনলৈ আহিবলৈ ধৰিলে।

আগদিনা ভনীয়েক কৰবীৰ জোৰোণ আছিল। দৰাঘৰীয়া উভতি যাওঁতে সন্ধিয়াই লাগিছিল। গতিকে, আটাইখিনি সামৰি তাইৰ বিছনাত উঠোঁতে প্ৰায় বাৰ বাজিছিলহি। চকু লাগিছিল হে- এনেতে চকু নেমেলাকৈয়ে তাই দেউতাকৰ হাত খনৰ উমাল পৰশ অনুভৱ কৰিলে। দেউতাকে বিৰবিৰাই আছে। “মাজনী, তোৰ লগত মই ডাঙৰ অন্যায় কৰিলোঁ। তোৰ কাৰণে মই ৰাজকুমাৰ বিচাৰি আনিম। মোৰ ৰাজকুমাৰীৰ কাৰণে ৰূপকোঁৱৰ হে লাগিব।” কেইটোপালমান কুহুমীয়া তাইৰ হাতত সৰি পৰিল। তাই সকলো জানিও শোৱাৰ ভাও জুৰি থাকিল। তাইৰ মাক-দেউতাকৰ প্ৰতি কোনো অভিযোগ নাই। সকলোৰে জীৱন একেধৰণৰ হ’বই লাগিব বুলি জানো কথা আছে। দেউতাক আঁতৰি যোৱাৰ পিছত কেতিয়ানো তাইৰ টোপনি আহি গ’ল ক’বই নোৱাৰিলে। যেতিয়া চকু মেলিছিল তেতিয়ালৈ পূবত ধলফাট দিছিলেই। কোঠাটো হালধীয়া পোহৰেৰে ভৰি পৰিছে। হঠাৎ কাষৰ ৰূমটোৰ পৰা মাকৰ উচুপনি শুনা পালে। জীয়েকৰ বিয়াৰ দিনা মাকৰ উচুপনি স্বাভাবিক বুলি তাই বাগৰ সলাই গাৰুটো সাৱতি অলপ পৰ তেনেকৈয়ে পৰি থাকিল। গোটেই দিনটোৰ ব্যস্ততা আছে। তদুপৰি, দিনটোত কিমান জনৰ সহানুভূতিৰ দৃষ্টি পাৰ হৈ যাব তাইৰ ওপৰেৰে। নিৰ্বিকাৰভাৱে সকলো সহি যাব লাগিব। পিছে মোমায়েক আৰু দেউতাকৰ চেপা উত্তেজনা ভৰা কথপোকথনত তাই জাঁপ মাৰি উঠিল।

মাত্ৰ এঘণ্টাৰ ভিতৰতে ঘটনাটো ঘটিল। পুৱাই উঠি কৰবীয়ে গেটৰ কাষলৈ যোৱাটো ৰমলা বায়ে দেখিছিল। কিন্তু টুথব্ৰাছদাল লৈ আগফালত চোতালত খোজকঢ়াটো কৰবীৰ বহুদিনীয়া অভ্যাস বুলি জানি ৰমলা বাইয়ে কথাটো বৰ মন কৰা নাছিল। ভালেখিনি সময় পাৰ হৈ যোৱাৰ পিছতো মাকে কৰবীক নেদেখি বিছনালৈ গৈ তাইৰ মোবাইল ফোনটোৰ তলত সৰু কাগজৰ টুকুৰাটো দেখিহে চিঞৰি উঠিল।
“মোক ক্ষমা কৰি দিবা তোমালোকে। মই তোমালোকৰ কথা মানি ল’ব নোৱাৰিলোঁ। কিন্তু মোৰ কাৰণে চিন্তা নকৰিবা। য’তেই থাকিম সুখেৰেই থাকিম। মই তোমালোকৰ কাৰণে অসীমক এৰিব নোৱাৰিলোঁ-।”

গোটেই ঘৰখনৰ ওপৰত সৰগ ভাগি পৰিছিল। মোমায়েকে গাড়ী লৈ ওচৰে পাজৰে চলাথ কৰিলে। সকলো বৃথা হ’ল।
জ্যেষ্ঠসকলে আলোচনা কৰি দৰাঘৰক জনোৱাৰ সিদ্ধান্ত ল’লে। দুয়োপক্ষৰ সকলো আয়োজন সম্পূৰ্ণ আয়োজনৰ পিছত এনে খবৰে সকলোৰে মন ভাঙি পেলালে। চাৰিওফালে ফুচফুচনি, উত্তেজনাই আগদিনাৰ আনন্দময় পৰিবেশটোৰ ঠাইত গোমা কৰি পেলালে। আৰু ৰুবুল? সি এটা জড় পদাৰ্থত পৰিণত হৈ পৰিল। দিনটোৰ চাৰি ভাগৰ এভাগ পাৰ হ’ল। অৱশেষত দুয়োপক্ষৰ সিদ্ধান্তমতে কৰবীৰ ঠাইত আৰাধনাক কইনাৰ স্থানত বহুওৱাটো ঠিক হ’ল। ঘৰখনৰ আৰু মাক দেউতাকৰ সন্মানৰ কথা চিন্তা কৰি আৰাধনাই সন্মতি দিলে। কিন্ত ৰুবুল! আৰাধনাতো তাৰ পছন্দ নাছিল।

বন্ধু পলাশৰ ভনীয়েকৰ বিয়াত ছটফটীয়া, অপৰূপ সুন্দৰী কৰবীক দেখিয়েই ৰুবুলৰ মনৰ দুৱাৰখন খোল খাইছিল। ৰুবুলৰ মনৰ কথা গম পাই পলাশে ঘৰত জনোৱাৰ দায়িত্ব ল’লে। ৰুবুলৰ বিয়াৰ কাৰণে উত্ৰাৱল হৈ থকা মাকে অতি সোনকালেই কৰবীৰ দেউতাক ৰমেন বৰুৱাক প্ৰস্তাৱ দিছিল। কৰ বিভাগৰ বিষয়া ৰমেন বৰুৱাই ৰুবুলৰ দৰে অভিযন্তা জোঁৱাই এজন নিবিচৰাকৈয়ে পোৱা বুলি কোনো চিন্তা নকৰাকৈয়ে ডাঙৰ ছোৱালী আৰাধনাৰ বিয়াৰ যো – জা আৰম্ভ কৰি দিলে। অৰ্থনীতিত স্নাতকোত্তৰ, অতি নিৰ্জু আৰু মিতভাষী আৰাধনাৰ গাৰ ক’লা বৰণটোৰ বাহিৰে অপছন্দ কৰিবলগীয়া একো নাই বুলিয়েই ভাবে তেওঁ। তাতে ল‘ৰা পক্ষৰ পৰা প্ৰস্তাব আহিছে যেতিয়া তেওঁৰ আপত্তি কৰিবলগীয়া একো নাই।
ফৰমেলী কইনা চাবলৈ যোৱা দিন ঠিক হ’ল। মাক আৰু পলাশৰ লগত ৰমেন বৰুৱাৰ বিশাল বাসভৱনৰ ভিতৰত সোমোৱাৰ লগে লগে ৰুবুলৰ বুকুৰ ধপধপনি বাঢ়ি গৈছিল। ৰুবুলৰ মাকে ৰমেন বৰুৱাৰ সু-সজ্জিত ঘৰটোৰ চাৰিওফালে চকু ফুৰালে। বিশাল দ্ৰয়িং ৰুমটোৰ এচুকৰ পেইণ্টিং খনত চকু পৰা মাত্ৰকে ৰমেন বৰুৱাই কৈ উঠিল, ‘সেইখন আৰাধনাৰ পেইণ্টিং। তাইৰ এইবোৰত বৰ চখ।’

ৰুবুলৰ মাকেও বৰকৈ শলাগিলে। অলপ পিছতে তামোলৰ বঁটাখন হাতত দি মাকে আৰাধনাক লৈ আহিল। ৰুবুলে মূৰ তুলি চাব নোৱাৰিলে। কিবা এটা সংকোচে হেঁচি ধৰিছিল তাক। আৰাধনাই ৰুবুলৰ মাকক সেৱা জনালে। ৰুবুলৰ মাকে ৰুবুলৰ পছন্দক মনে মনে শলাগিলে। মাকে নিয়মবশতঃ ছোৱালীৰ নাম সোধাৰ লগে লগেহে ৰুবুলে মূৰ তুলি চালে। কিন্তু ই কি? এয়াতো তাৰ মনটো সমৰ্পণ কৰা কৰবী নহয়! তাৰ মূৰটো আচন্দ্ৰাই কৰি উঠিল। তাৰ বাবে কৰবীৰ বাহিৰে আন কোনোবাৰ বিষয়ে চিন্তা কৰাটোও অসম্ভৱ। কিন্তু, আৰাধনা-! সিতো কাৰো মনত আঘাত দিয়াৰ কথা ভবা নাছিল। পৰিস্থিতিয়ে যে এনে ৰূপ ল’ব পাৰে সপোনৰো অগোচৰ আছিল। ৰুবুলৰ মানসিক অৱস্থাৰ কথা বুজিব পাৰি সকলো বিবৰি কোৱাত ৰমেন বৰুৱা থৰ লাগি বহি পৰিল। পৰিৱেশটো গোমা হৈ পৰিল। এইটো কেনেকৈ সম্ভৱ? ডাঙৰ ছোৱালী আৰাধনাৰ বিয়া নোহোৱাকৈ সৰু কৰবীৰ বিয়াৰ কথা তেওঁ ভাবিবই নোৱাৰে। তাতে কৰবীৰ পঢ়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। আৰু আৰাধনা? তাইৰ মুখখন মনত পৰাৰ লগে লগে তেওঁ বিমৰ্ষ হৈ পৰিল।

কোঠাৰ ভিতৰত নিশ্চুপ হৈ বহি থকা আৰাধনাৰ কাষত মাক আহি ঠিয় দিলে। তাই কিমান সপোন ৰচিছিল এই কেইদিনৰ ভিতৰতে। ৰুবুলৰ কাৰণে মনে মনে গঁথা মালাধাৰি আপোনা আপুনি চিগি পৰিল। মাকৰ অন্তৰখন তাইক দেখি দহি যোৱা যেন হ’ল। পৰিৱেশটো একেবাৰে গোমা হৈ পৰাত পলাশে ৰমেন বৰুৱাক কৰবীৰ কথাটো ভাবিবলৈ কৈ ৰুবুলহঁতক লৈ যাবলৈ ওলাল।

প্ৰথমতে ৰমেন বৰুৱাই কোনোপধ্যে মান্তি হোৱা নাছিল যদিও পৰিয়াল, সহকৰ্মী আৰু বন্ধু মহলৰ পৰামৰ্শত মনটো কুমলিছিল। ৰুবুলৰ দৰে যোগ্য ল’ৰা এজন ভাগ্যৰ বলতহে পোৱা যায়। অৱশেষত আৰাধনাৰ কথাই শেষ কথা হব বুলি মান্তি হ’ল। আৰাধনাই জানো নিজৰ স্বাৰ্থৰ কথা কেতিয়াবা চিন্তা কৰি পাইছে? তাই ভনীয়েকৰ কাৰণে যোগ্য দৰা এজন নেহেৰুৱাবলৈ মাক দেউতাকক কাবৌ কৰাত ৰুবুল আৰু কৰবীৰ বিয়া ঠিক হ’ল।
কিন্তু কৰবী? এৰা কৰবীৰ মনৰ কথা কোনেও জানিবলৈা চেষ্টাই নকৰিলে।

এয়া ৰে’ল ষ্টেচনৰ বেঞ্চত বহি আছে বিপৰ্যস্ত অবস্থাৰে কৰবী। উদাস দৃষ্টি শূন্যলৈ। তাইৰ ভৰি দুখন প্লেটফৰ্মত আছে যদিও তাই অনুভৱ কৰিব পৰা নাই। এয়াই বাস্তৱ নে যি তাইৰ লগত হৈ গ’ল? এই ৰূঢ় বাস্তবৰ লগত তাই মুখামুখি হ’ব বুলি সপোনতো ভবা নাছিল। বাৰে বাৰে মাক, দেউতাক আৰু বায়েকৰ মুখ কেইখন মনলৈ আহি আছে। ইমান স্বাৰ্থপৰ কেনেকৈ হ’ল তাই। আৰু ৰুবুল? তেওঁ সহ্য কৰিব পাৰিবনে তাইৰ এই বিশ্বাসঘাতকতা।

যেতিয়া তাইক হোষ্টেলৰ পৰা ততাতৈয়াকৈ মাক-দেউতাকৈ ঘৰলৈ লৈ আহি বিয়াৰ কথা কৈছিল সৰগ ভাগি পৰা মানুহৰ দৰে থৰ পৰি গৈছিল। সম্বিত পাই চিৎকাৰ কৰি উঠিছিল, “তোমালোকে মোক নোসোধাকৈ মোৰ জীৱনৰ লগত কি কৰি পেলালা?”

তাই ভাবিব পৰা নাছিল অসীমক কি বুলি ক’ব, যিজন তাইৰ প্ৰাণতকৈও আপোন হৈ পৰিছে। যাক নেদেখিলে তাইৰ হিয়া দহে। নাই, তাই অসীমক পাহৰিব নোৱাৰে।
মাকে বুজাইছিল প্ৰেমে মনৰ ভোক আঁতৰালেও পেটৰ ভোক আঁতৰাব নোৱাৰে। ৰুবুলৰ দৰে ল’ৰা এজনক প্ৰত্যাখ্যান কৰাটো ভৱিষ্যতৰ বাবে ভুল হ’ব। চাৰি দিন লাগিছিল কৰবীয়ে সুস্থিৰ হ’বলৈ। ঠিক সুস্থিৰ নহয়, প্ৰকৃততে তাইৰ মনৰ ভিতৰত এক অন্য ভাৱে ক্ৰিয়া কৰিছিল তেতিয়া। সৰুৰে পৰা তাইৰ ওপৰত কৰা বাধা-নিষেধবোৰৰ সমুচিত উত্তৰ দিয়াৰ সময় আহি পোৱা বুলি ভাবিছিল। প্ৰতিশোধৰ ভাবনাই তাইক মনত আনন্দ দিবলৈ ধৰিছিল। সৰুৰে পৰা দেউতাকে তাইক অনবৰতে বায়েকৰ উদাহৰণ দি আহিছে ‘বায়েৰৰ দৰে পঢ়, বায়েৰৰ দৰে নম্ৰ হবলৈ শিক, বায়েৰৰ দৰে ইটো কৰ-সিটো কৰ।’ উফফ, কিমান যে কি! যেনিবা তাইৰ গাত কোনো গুণেই নাই। সকলোবোৰ অকল আৰাধনাৰ গাতহে প্ৰস্ফূতিত।
তাই নিজকে ক’লে, “এইবাৰ চোৱা দেউতা, তোমাৰ গুণী ছোৱালীৰ তুলনাত মোৰ ৰূপ শ্ৰেষ্ঠ প্ৰতিপন্ন হ’ল।”
তাই বিজয়ী হোৱা যেন অনুভৱ কৰিলে। তাই বিয়াত বহিবলৈ মান্তি হ’ল। তাই মান্তি হোৱাত ঘৰ খনত বিয়াৰ প্ৰস্তুতি সজোৰে চলিবলৈ ধৰিলে।

আৰাধনাইও ভনীয়েকৰ বিয়াৰ জা-যোগাৰত লাগি পৰিছিল। ভনীয়েকৰ জীৱনটো সুখৰ হওক ইয়াতকৈ বেছি আৰু কি লাগে তাইক। ঘৰখনৰ সুখেই তাইৰো সুখ। বিয়াৰ দিন ঠিক হৈ যোৱাৰ পিছতো ৰুবুল দুদিনেই আহিছিল কৰবীক লগ ধৰিবলৈ। তাই যথাসাধ্য চেষ্টা কৰিছিল সহজ হৈ দেখুৱাবলৈ। কিন্তু সহজ হ’ব পৰা নাছিল ৰুবুল। কিবা এটা গ্লানিবোধে তাক আৱৰি ৰাখিছিল। উমান পাইছিল তাই।
জোৰোণ আছিল সেইদিনা। কৰবীৰ লগৰ ছোৱালীবোৰে ঘেৰি ধৰিছিল তাইক। বিভিন্ন হাঁহি, ধেমালিৰে ব্যতিব্যস্ত কৰি তুলিছিল তাইক। যথা সময়ত দৰাঘৰীয়াই আহি জোৰোণ পিন্ধালে। বিয়া ঘৰৰ উদুলি মুদুলি পৰিবেশৰ মাজতে কৰবীৰ ৰুমমেট বিদিশাই কৰবীৰ হাতত দিছিল সেই সৰু কাগজৰ টুকুৰাটো।
“মোৰ মৰা শটো চাব পাৰিবানে তুমি? পাৰিলে আহিবা। মোৰ মৃত্যু এনেকৈয়ে আহিব বুলিতো কোনোদিনেই ভবা নাছিলোঁ। হয়তো তোমাৰ মৰমেই মোক মৃত্যুৰ দুৱাৰদলিত উপনীত কৰালে।”

কাগজৰ টুকুৰাটো হাতৰ মুঠিত খামুচি কৰবীয়ে সেই মুহূৰ্ততে সিদ্ধান্ত লৈছিল, তাই অসীমক বাদ দি ৰুবুলৰ লগত জীৱন কটাব নোৱাৰে। সময় পাৰ হোৱা নাই এতিয়াও। তাই অসীমক মৰিবলৈ দিব নোৱাৰে। চিঠিখনত লিখাৰ দৰেই অসীমৰ কথা মতেই তাই সকলো এৰি পুৱাৰ ট্ৰেইনখনত উঠিল আৰু সাতটা ষ্টেচন পাৰ হোৱাৰ পিছত এই সৰু ষ্টেচনটোত নামি দিলে। অসীম তাইলৈ ৰৈ থকা কথা। কিন্তু তাত অসীম নাছিল। আছিল তাইৰ বাবে চৰম প্ৰতাৰণা। বহুসময় পাৰ হোৱাৰ পিছতো অসীম আহি নোপোৱা দেখি ষ্টেচন মাষ্টৰক অনুৰোধ জনাই ফোন কৰি গম পালে অসীম আগদিনাই কলেজৰ পৰা এডুকেশ্যনেল ট্যুৰত মহাৰাষ্ট্ৰলৈ গৈছে। তাই চকুৰে অন্ধকাৰ দেখিলে। ই কেনে প্ৰতাৰণা! কেনেকৈ ল’ব পাৰিলে অসীমে তাইৰ ওপৰত এনে প্ৰতিশোধ?

কিন্তু উত্তৰ দিবলৈ তাত কোনো নাছিল। ওচৰতে থকা বেঞ্চখনত বহি পৰিল। বেলি মূৰৰ ওপৰ পাইছেহি। সৰু ষ্টেচনটোত কেৱল দুখন ট্ৰেইন হে ৰয়। গতিকে ব্যস্ততাও নাই। লাহে লাহে মানুহবোৰ পাতলি গল। তাইক তেনেদৰে বহি থকা দেখি কিছুমানে ইংগিতেৰে কিবা কিবি কৈও আছে। বুকুখন বিষাইছে তাইৰ। কান্দিবৰ মন গৈছে। কিন্তু কান্দোন ওলোৱা নাই। ক’ব নোৱাৰাকৈয়ে এখোজ দুখোজ কৈ ষ্টেচনৰ পৰা ওলাই আহিল। ভবা নাই কলৈ যাব! ষ্টেচনৰ বাহিৰত এখন সৰু গুমটি। পাণ-তামোল আৰু চকলেট, বিস্কুট ৰাখিছে। কেইটামান চিপচ আৰু ভুজিয়াৰ পেকেটো ওলমি আছে। এজনী মহিলাই সন্মুখতে বহি তামোল কাটি সজাই থৈ আছে। কৰবীক দেখি মহিলাগৰাকীয়ে সুধিলে,
“কি লাগিব ভণ্টি?”
তাইৰ মুখেৰে অকল ‘পানী’ শব্দটোহে ওলাল।
মহিলাগৰাকীয়ে ভিতৰৰ পৰা এটা দহটকীয়া পানীৰ বটল আনি দিলে। কান্দো কান্দো মাতেৰে তাই কলে, “মই কিন্তু আপোনাক দাম দিব নোৱাৰিম বাইদেউ।”
মহিলাগৰাকীয়ে অলপ পৰ তাইৰ মুখলৈ চাই ৰ’ল। তাৰ পিছত কিবা ভাবি কলে –
তুমি ভিতৰতে বহা।”
অলপ পিছত সৰু কাপ এটাত চাহ একাপেৰে দুখন বিস্কুট আনি দিলে। কৰবীয়ে আচৰিত হৈ ক’লে –
‘মই কৈছোৱেই আপোনাক, দাম দিব নোৱাৰিম মই একোৰেই। ’
‘সকলো বস্তুৰে দাম নাথাকে ভণ্টি। দামৰ কথা ভাবিব নালাগে। খাই লোৱাচোন। মোৰ নাম ৰাধিকা। ইয়াত সকলোৰে বাবে ৰাধিকা বাই। দোকানৰ পিছফালে থকা সৰু কোঠাটোৱেই মোৰ ঘৰ সংসাৰ সকলো। ’
চাহ কাপ হাতত লৈ কৰবীৰ মাকৰ কথা মনত পৰিল। মাকে বা কিবা খাইছেনে নাই? তেনেকৈ থকা দেখি ৰাধিকা বাইয়ে কৰবীৰ ওচৰলৈ গৈ চুলিত হাত বুলাই দি কলে –
“জানিছো, তোমাৰ পেটত একো পৰা নাই এতিয়ালৈ। খাই লোৱা। খোৱা মাজনী।”
কৰবীৰ চকুয়ে আৰু নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে। ভৰ বাৰিষাৰ বানৰ দৰে বৈ গ’ল। বাইৰ মৰম আকলুৱা হাতখন যেন মাকৰ হে, এনে লাগিল তাইৰ।

“তুমি ঘৰলৈ ঘূৰি যোৱা মাজনী, বাহিৰৰ পৃথিৱীখন বৰ জটিল। তুমি নুবুজিবা, বুজিব পৰাকৈ বয়সো হোৱা নাই। মাক দেউতাকৰ অন্তৰ সন্তানৰ বাবে সদায় কোমল। তোমাক ভালে কুশলে পালেই সকলো পাহৰি যাব। “
সকলোখিনি শুনাৰ পিছত ৰাধিকাই ক’লে। কৰবীয়ে তেতিয়াহে ৰাধিকা বাইৰ ফোনেৰে মোমায়েকৰ লগত কথা পাতি তাইক লৈ যাবলৈ ক’লে। কিন্তু তাইক ঘৰলৈ লৈ গ’লে পুনৰ কিবা অবাঞ্চিত পৰিস্থিতিৰ উদ্ভব হয় বুলি মোমায়েকে ছয় কিলোমিটাৰ আঁতৰৰ পেহীয়েকৰ ঘৰত থৈ আহিলে গৈ।
ইতিমধ্যে আৰাধনা কইনাৰ সাজত হোমৰ গুৰিত বহিছে। হোমৰ জুই, বৈদিক মন্ত্ৰ, নীতি নিয়ম সকলোৰে মাজত সামাজিক ভাৱে দুটা জীৱনৰ মিলন হৈছিল যদিও ৰুবুল আৰু আৰাধনাৰ মনৰ মিলন হোৱা নাছিল। হৈছিল যেনিবা এখন অঘোষিত চুক্তি পত্ৰ দুয়োজনৰে মাজত। সমাজক দেখুৱাই দুয়োজনেই দুয়োজনকেই সুখী কৰাৰ।

আৰাধনাই তিতা চুলি খিনিৰ পৰা গামোচাখন আঁতৰাই বেলকনিত থকা ৰচীডালত মেলি দিলে। নিৰ্মেঘ আকাশত সূৰুযে ফেহুজাঁলি দিছে। চাৰিওফালে ৰাতিপুৱাৰ সতেজতা বিৰাজ কৰিছে। চকু দুটা মুদি তাই সেই সতেজতা যেন মনৰ ভিতৰলৈ আনিবলৈ প্ৰয়াস কৰিলে। চৰাইবোৰৰ কল-কলনিয়ে তাইৰ মন প্ৰাণ ভৰাই তুলিলে। আজিৰ পৰা তাইৰ নতুন জীৱন আৰম্ভ হব। পাৰিবনে তাই সকলোখিনি চম্ভালিবলৈ? পাৰিবনে ৰুবুলৰ লগত সহজ ভাৱে সংসাৰ কৰিবলৈ? তাই নিজেই নিজকে প্ৰশ্ন কৰিলে। ইমান সহজ নহ’ব বুলি তাই জানে। ৰুবুলে তাইক প্ৰত্যাখান কৰা কথাটোৰ বাবে এতিয়াও সি মনেৰে দোষী অনুভৱ কৰে। তদুপৰি, কৰবীক পাহৰাটো ৰুবুলৰ বাবে ইমান সহজ নহ’ব। ভনীয়েকৰ কাৰণে তাইৰ চকু দুটা সেমেকি উঠিল। কি অৱস্থাত পাৰ কৰিব তাই দিনবোৰ! যি প্ৰেমেই মানুহক দেৱতাৰ শাৰীলৈ নিয়ে, আকৌ সেই প্ৰেমেই দানৱলৈও পৰ্যবসিত কৰিব পাৰেনে? নহয়, সেয়া প্ৰেম নাছিলেই। সঁচা প্ৰেমে কেতিয়াও প্ৰতিদান নিবিচাৰে, বিচাৰে মাথোঁ প্ৰিয়জনৰ সুখ। কৰৱীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে তাই মাক-দেউতাকৰ লগত কথা পাতিব। এই সময়ত হয়তো তাই নিজকে কিমান আত্মগ্লানিৰে ভৰাই ৰাখিছে, নিজকে হয়তো কিমান নিথৰুৱা অনুভৱ কৰিছে!
শালিকী দুজনীয়ে বেলকনিৰ কাষতে থকা মধুৰীজোপাত পৰি কিচিৰ মিচিৰ কৰি আছে। কিমান সৰল জীৱন এই চৰাইহালৰ। কৃত্ৰিমতাবিহীন জীৱন। তায়ো এনেকুৱা সৰল জীৱনেই বিচাৰিছিল। য’ত মৰম আৰু ভালপোৱাই সকলো যন্ত্ৰণা আঁতৰাব পাৰে। কিন্তু তাইৰ জীৱন আন দহজনী ছোৱালীৰ দৰে নহ’ল কিয়?
চৰাইহালৰ কোলাহল বাঢ়ি গৈছে। তাই ভাবনাৰ পৰা ওলাই ৰূমৰ ভিতৰলৈ আহিল। হালধীয়াত ৰঙা বুটা বছা কাপোৰ এজোৰ পিন্ধি চুলিখিনি ফণিয়াই ললে। সেন্দূৰ কণ সেওঁতাত লবলৈ গৈ হাতখন ৰৈ গ’ল। এই সেন্দূৰখিনি তাইৰ কাৰণেতো নাছিল। কিন্তু যোৰা বোৰ হেনো জন্মৰ আগতেই ঠিক হৈ থাকে। ৰুবুলৰ নামৰ সেন্দূৰ তাইৰ সেওঁতাৰ কাৰণেই আছিল হয়তো। সেয়েহে ইমানখিনি ঘটনা ঘটি গ’ল। কপালত ডাঙৰকৈ সেন্দূৰৰ ফোট এটি আঁকি ল’লে আৰু সেওঁতাতো ৰুবুলৰ মংগল কামনা কৰি সেন্দূৰীয়া আলি এটা আঁকি দিলে। আঙুলিত লাগি থকা সেন্দূৰখিনি হাতৰ খাৰু জোৰত লগাই দুই হাতেৰে সেৱা কৰিলে। সৰুৰে পৰা মাকক এইদৰে কৰি অহা দেখিছে। এনেদৰে কৰিলে হেনো স্বামীৰ আয়ুস বাঢ়ে।

বাহিৰলৈ ওলোৱাৰ আগতে দীঘল চোফা খনতে শুই থকা ৰুবুলক জগাই দিবলৈ গৈ দেখিলে ৰুবুল ইতিমধ্যেই উঠি বাথৰুমত সোমাইছে। তাই দুৱাৰ খুলি তলৰ মহলালৈ নামি আহিল। তেতিয়ালৈ শাহুৱেকে গা পা ধুই গোঁসাই ঘৰত সোমাইছেই। ঘৰত মানুহ বুলিবলৈ তিনিজনেই যদিও বিয়া বুলি পেহীয়েকৰ ছোৱালী দুজনী আছেহি। বাকীবোৰ ঘৰাঘৰি গৈছে যদিও অলপ পিছতে আহি ওলাব। ওচৰা ওচৰিকৈ ৰুবুলৰ খুড়াক দুজনৰ পৰিয়াল থাকে। ৰুবুলৰ দেউতাকৰ দহ বছৰ আগতেই মৃত্যু হৈছে। গতিকে খুড়াকহঁতেই বিয়া খনৰ ইটো সিটো কামত সহায় কৰি দিছে। আৰাধনাই লাহে লাহে গোঁসাই ঘৰলৈ গ’ল। চাকি জ্বলাই, শৰাই এখন আগবঢ়াই সেৱা জনালে। শাহুৱেকে আৰাধনাৰ নিষ্ঠা, ভক্তি দেখি মনতে সন্তুষ্টি পালে। ইতিমধ্যে দুই এজনকৈ খুড়াকৰ পৰিয়ালৰ মানুহ আহি পালে। শাহুৱেকে তাইক পাকঘৰলৈ লৈ আহিল।

ঘৰখনত আৰাধনাৰ তৃতীয় দিন। এতিয়ালৈ ৰুবুলে তাইক ভালদৰে কথা এটা কোৱা নাই। একেটা কোঠাতেই থকা সত্ত্বেও যেন দুখন বেলেগ জগতৰ বাসিন্দা হে। আৰাধনাই দিনটো ঘৰখনৰ লগত ব্যস্ততাৰে পাৰ কৰে যদিও ৰাতিটো নাযায় নুপুৱায় যেন লাগে। আজিও তাই আজৰি হৈ মেখেলা চাদৰযোৰ সলাই নাইটি এটা পিন্ধি শুবলৈ সাজু হৈছে। এনেতে —
– “আৰাধনা”
ৰুবুলে এই প্ৰথমবাৰৰ বাবে তাইৰ নাম ধৰি মাতিলে।
– উমম
তাই চুটিকৈ সঁহাৰি দিলে।
-‘মই তোমাৰ প্ৰতি অন্যায় কৰিছোঁ, ময়ো জানো। তুমি কিমান দুখ পাইছা সেয়া এতিয়াহে মই অনুধাৱন কৰিব পাৰিছোঁ। এই তিনিদিন মই নিজৰ মাজতে থাকি নিজকে সলনি কৰিবৰ চেষ্টা কৰিলোঁ। হয়তো কিছু পৰিমাণে সক্ষম হৈছোঁও। কিন্তু মোক তুমি আৰু অলপ সময় দিব লাগিব। পাৰিবানে?
-‘সকলোৰে জীৱন কাহিনী সদায় একে গতিৰে আগনাবাঢ়ে ৰুবুল। হয়তোবা আমাৰ আৰু অলপ বেলেগ হ’ল। মই তোমাৰ মনৰ অৱস্থা বুজি পাইছোঁ। আশাকৰোঁ সময়েই এদিন আমাৰ জীৱনৰ কাহিনী সজাব।
ৰুবুলে আজিহে আৰাধনাৰ মুখখনলৈ ভালদৰে চালে। আকাশত তেতিয়া জোনবাইজনীয়ে পূৰ্ণৰূপত প্ৰকট হৈছে। ভেণ্টিলেটৰেৰে জোনাক আহি আৰাধনাৰ মুখত পৰি মুখখন পোহৰাই তুলিছে। জোনাকৰ দৰে স্নিগ্ধ তাই। ৰুবুলৰ মনটো পূৰ্ণিমাৰ আকাশৰ দৰেই উজ্জ্বল হৈ পৰিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক