স্কুটিয়ে সলাব জীৱনৰ গতি

লেখক- ডেইজী দাস বৰুৱা

ক্লাছলৈ যাব ওলোৱা ভাৰ্গৱীক হুৰমূৰকৈ আহি সাৱটি ধৰিলে দোপাত্তা মেৰিওৱা ছোৱালী এজনীয়ে। অকষ্মাতে তাই উচুপিও উঠিল।
: মেম্ কিয় মোৰ এই গতি হ’ল? কিয় মেম্, কিয়?
: চানিয়া!
ভাৰ্গৱীয়ে তাইক দুহাতেৰে আলফুলে ধৰি থাকিল। তাই ফেঁকুৰি থাকিল।
: মোৰ ভাগ্যত কিয় এইসৱ আছিল, মেম্?
: ৰ’বাচোন, ধৈৰ্য ধৰা।

নাই, তাই ভাঙি পৰিছে। একেবাৰে ভগ্ন চেহেৰা। জীৱন যুঁজত বিধ্বস্ত এজনী কিশোৰী। তাই বিবাহিতা; তথাপি বয়সৰ হিচাপত মাথোঁ অষ্টাদশী।

তাইক ভাৰ্গৱীয়ে কমন্ ৰূমত চকী এখনত বহুৱালে।
: মোক কিয় জনোৱা নাছিলা তোমাৰ নিকাহৰ কথা?
: হঠাতে কি খেলিমেলিবোৰ হৈ গ’ল-
তলমূৰকৈ অন্যমনস্কভাৱে তাই ক’লে।
: তুমি আপত্তি নকৰিলা কিয়?
: কৰিছিলোঁ। জবৰদস্তি কৰি৷
: ল’ৰাটো কাৰ পছন্দৰ? তোমাৰ নিজৰ নে ঘৰৰ?
: ঘৰৰ। মই চিনি পাইছিলোঁ।
: অবিশ্বাস্য! তোমাৰ দৰে পঢ়াত চোকা ছোৱালীজনীক এই কোমল বয়সত বিয়া দি কি মহান কাম কৰিলে তোমাৰ আব্বা-আম্মীয়ে? কাণ্ডজ্ঞান নোহোৱা মানুহ!

ভাৰ্গৱীৰ সহকৰ্মী নিলোফাৰ গৰজি উঠিল। ভাৰ্গৱীয়ে কথা সলালে।
: তোমাক মৰম কৰেনে তেওঁলোকে?
চানিয়া নিৰুত্তৰ।

: তোমাৰ শ্বোহৰে?
নীৰৱতা।
: অত্যাচাৰ কৰে?
আকৌ ফেঁকুৰি উঠিল চানিয়া।

: মাৰ-পিট নকৰে, কিন্তু-
ভাৰ্গৱী ভিতৰি ভিতৰি কঁপি উঠিল। যৌন নিৰ্যাতন! খুব মৰম কৰিছিল চানিয়াক সকলোৱে। তাই প্ৰায়ে ৰক্তহীনতাত ভুগিছিল, মূৰ ঘূৰাই পৰি গৈছে বহুবাৰ। বেমাৰী ছোৱালীজনীক যদি তাইৰ গিৰিয়েকে-
: মোক পঢ়িব নিদিয়ে।

ভাৰ্গৱীৰ চিন্তা অমূলক প্ৰতিপন্ন কৰি তাই কৈ উঠিল। এয়াতো তাতোকৈ ডাঙৰ শ্বক্!
: ধেৎ। কিয় নিদিব? তোমাৰ ৰিজাল্ট দেখা নাই?
: নিদিয়ে মেম্। শাহু বিৰাট কাঢ়া। তেওঁ নিদিয়ে কাৰণে কোনেও মোৰ হৈ মাত নামাতে।
: তোমাৰ আব্বাক ক’বলৈ ক’বা।
: কৈছে। নুশুনে। আব্বাই মোক বুজায় এয়াই মোৰ ভাগ্য বুলি।
বাইদেউ দুগৰাকীয়ে তাইক সান্ত্বনা দিবলৈ ভাষা বিচাৰি নাপায়।
তাইৰ এটা ‘কিয়’ৰো উত্তৰ নাই দুয়োৰে ওচৰত।

চানিয়া মিৰ্জা।
খেল জগতৰ নহয়, ভাৰ্গৱীহঁতৰ বিদ্যালয়ৰ উজ্জ্বল নক্ষত্ৰ তাই। তাইক লৈ ভাৰ্গৱীহঁত গৰ্বিত। তাইৰ মেট্ৰিকৰ সুন্দৰ ফলাফলে স্বাৰ্থবাদী কৰি তুলিছিল উচ্চতৰ মাধ্যমিকৰ ছাৰ বাইদেউসকলক। তাইক সেইখন বিদ্যালয়তে কলা শাখাত নাম লগোৱাবলৈ তেওঁলোকে বেছি কষ্ট কৰিব লগা নহ’ল।

দুবছৰত তাইক পূৰাকৈ গঢ়ি তুলিলে সকলোৱে মিলি। দহ নম্বৰৰ বাবে দশম স্থানটো হাতৰ পৰা পিছলি গ’ল। হওক তথাপি, সৰু ঠাইডোখৰৰ নাম বাতৰিকাকতত জিলিকিল। অদূৰ ভৱিষ্যতে তাই মজবুত সংস্থাপনেৰে থিতাপি ল’ব বুলি সকলো পতিয়ন গ’ল।

পিছে সৰ্বনাশী লক্ ডাউনটোৱে আউল লগালে সকলোৰে অংকত। কোনেও, মানে ভাৰ্গৱীহঁতে গম নোপোৱাকে চানিয়াৰ নিকাহ কৰাই দিলে তাইৰ পৰিয়ালে। বিদ্যালয় খোলাৰ পিছত কথাটো শুনি ভাৰ্গৱী, নিলোফাৰহঁত হতভম্ব হ’ল।

সিহঁতে জানিছিল চানিয়াই তাইৰ চিনিয়ৰ ইমৰাণক ভাল পাইছিল বুলি। ইমৰাণো বিদ্যালয়খনৰ উজ্জ্বল নক্ষত্ৰ আছিল এটা সময়ত। এতিয়া সি চাকৰিৰ বাবে চেষ্টা চলাই থকা এক পৰিশ্ৰমী ল’ৰা। কিন্তু যে অভাৱী! চানিয়াৰ ঘৰৰ মানুহে তাক পছন্দ নকৰে। সেয়ে লৰালৰি কৰিলে নেকি তাইৰ নিকাহৰ বাবে!

দুদিনমান পিছত তাই আকৌ আহিল। অধ্যক্ষৰ চহী লবলৈ। স্কুটি আনিবলৈ যাব জিলা সদৰলৈ। লগত বান্ধৱী দুগৰাকী। আজিও মন মৰা।

: তোমাৰ শাহুৰ মন বদলি হোৱা নাই মানে?
: নাই মেম্, এতিয়াও কৈ থাকে, পঢ়ি কি হ’ব! ঘৰৰ কামেইতো কৰিব লাগিব।
তাই ভিজা দুচকু মচি কৈ উঠিল।
: আমি যাম নেকি বুজাব?
: না নালাগে মেম্। মোক গালি দিব।
: কেনেকে বুজিব তেওঁ? কোনোবাই ক’বতো লাগিব! আচ্ছা, তোমাক স্কুটিখন আনিবলৈ যে দিছে, চলাবলৈ দিব জানো?
: ক’ত দিব? মোৰ মিষ্টাৰে চলাব।
একেবাৰে মৰহি গ’ল তাই কথাষাৰ কৈ।
:
কামাই তোমাৰ, এঞ্জয় সিহঁতৰ? হুম্। কিবা এটা কৰিব লাগিব…

অলপ ভাবি লৈ ভাৰ্গৱীয়ে বুদ্ধি দিলে,
: এটা কাম কৰিবা। স্কুটি লৈ আহি ঘৰত আতংকিত হৈ ঘোষণা কৰি দিবা যে চৰকাৰৰ নতুন নিয়ম আহিছে। স্কুটি পোৱা ছাত্ৰীয়ে কলেজত এডমিশ্বন লোৱা নথি-পত্ৰ চৰকাৰক দেখুৱাব লাগিব। তাৰ পিছত পৰ্যায়ক্ৰমে ছেমিষ্টাৰ ক্লিয়াৰ কৰি যোৱাৰ প্ৰমাণো দিব লাগিব। অন্ততঃ দুবছৰৰ। পাৰিবানে?

মোৰ বুদ্ধিত তাইৰ লগৰ দুজনীক উৎসাহিত হোৱা দেখা গ’ল।
: পাৰিবিদে চানিয়া। নিজৰ বাবে অলপ সাহস কৰ। আমিও হয়ভৰ দিম।
: কঁকালত টঙালি বান্ধি ওলোৱা। এয়া তোমাৰ যুঁজ। আমি আঁৰত আছোঁ। আগবাঢ়ি যোৱা। স্কুটিয়ে সলাব চাবা জীৱনৰ গতি।

তাইৰ শেঁতা মুখমণ্ডলত এছাটি ৰ’দ যেন জলমলাই উঠিল।
: পাৰিম মেম্!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments