অসমীয়া সাহিত্যত ধাইনাম নিচুকনি গীত

লেখক- মৃদুস্মিতা নেওগ দত্ত

ভাষাৰ উৎপত্তিৰ আদিম কালত পুৰুষানুক্ৰমে মুখ বাগৰি কিছুমান গীত-মাত, প্ৰৱচন, পটন্তৰ, সাধুকথা আদিৰ প্ৰচলন আছিল৷ বিভিন্ন সময়ত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখ বাগৰি প্ৰচলন হৈ অহা সাহিত্যই হৈছে মৌখিক সাহিত্য। মানুহৰ মুখে মুখে প্ৰচলিত হৈ বিভিন্ন সময়ত এনেধৰণৰ সাহিত্যৰ ৰেহ ৰূপ সময়ে সময়ে সলনি হয় হোৱাটো স্বাভাৱিক! নতুনৰ সাজ পৰিধান কৰি এনে সাহিত্যই কেতিয়াবা ন-ৰূপ ধাৰণ কৰে! মৌখিক সাহিত্যৰ ই এটি বিশিষ্ট লক্ষণ। মৌখিক সাহিত্য অনাখৰী, অৰ্থাৎ ইয়াৰ কোনো লিখিত ৰূপ পোৱা নাযায়৷ এনেধৰণৰ মৌখিক সাহিত্যৰে এটা ভাগ হৈছে নিচুকনি গীত৷ নিচুকনি গীতক ‘ধাইনাম’ বা ‘ওমলা গীতো’ বুলিব পাৰি।

সাহিত্যৰ ইতিহাসকাৰ তথা লোকসংস্কৃতিবিদসকলে লোকসাহিত্যক ভিন ভিন দৃষ্টিভংগীৰে, অনুষংগৰে বিভাজন কৰি আলোচনা কৰিছে৷ অসমীয়া সাহিত্যৰ ইতিহাসকাৰ ড০ সত্যেন্দ্ৰনাথ শৰ্মাই লোকসাহিত্যক তিনিটা শ্ৰেণীত ভাগ কৰিছে-
(১) লোকগীত
(২) ফকৰা-যোজনা আৰু প্ৰৱচন
(৩) সাধুকথা

আকৌ লোকগীতবোৰক তিনিটা ভাগত ভাগ কৰিছে-
(১) অনুষ্ঠানমূলক লোকগীত
(২) আখ্যানমূলক আৰু
(৩) বিবিধ বিষয়ক লোকগীত

ধাইনাম আৰু নিচুকনি গীতবোৰ বিবিধ বিষয়ক গীতৰ অন্তৰ্ভুক্ত। মাতৃ হৃদয়ৰ সমস্ত আবেগ ঢালি মাতৃয়ে নিজ সন্তানৰ বাবে এই গীতসমূহ গুণগুণাই৷ মাতৃৰ মৰমত কোনোধৰণৰ কৃত্ৰিমতা দেখিবলৈ পোৱা নাযায়৷ নিভাঁজ অন্তৰৰ সৰলতা আৰু আৱেগেৰে শিশুক এই গীতসমূহেৰে ওমলাবলৈ চেষ্টা কৰা হয়৷ শিশুৰ কৌতূহল আৰু মাতৃৰ আৱেগ এই গীতসমূহৰ ঘাই বৈশিষ্ট্য, হিয়া উজাৰি মমতাময়ী মাতৃয়ে সন্তানক বুকুত সুমুৱাই লৈ এই নিচুকনি গীতসমূহ গুণগুণাই৷ উদাহৰণস্বৰূপে-

“আমাৰে আইটি শুৱ
বাপেকে আহি কল ৰুব
ঠোক মেলিব খাব।”

এটি শিশুৰ কল্পনাপ্ৰৱণ মনটোক আৰু অধিক কল্পনাৰ সাগৰত বুৰাই ৰাখিবলৈ যেন প্ৰয়াস কৰা হয় এই গীতসমূহৰ মাজেৰে৷ এই গীতসমূহৰ প্ৰধান উদ্দেশ্য হৈছে শিশুক শুৱাবলৈ এগৰাকী মাতৃৰ আপ্ৰাণ চেষ্টা৷ গতিকে ভাৱনাৰ সাগৰত বুৰ গৈ যাতে নিজ শিশু নিৰলে নিদ্ৰাদেৱীৰ কোলাত কিছুসময়লৈ শুই পৰে সেয়াই এই গীতৰ মাজেৰে প্ৰয়াস কৰা হয় লগতে মাতৃৰ মমতাময়ী স্বৰূপৰো প্ৰকাশ ঘটে৷

সকলো মাতৃয়ে নিজ সন্তানৰ মাজত শিশুকৃষ্ণৰ চৰিত্ৰ অনুভৱ কৰে৷ আনহাতে অসমীয়া গ্ৰাম্যজীৱনত প্ৰতিগৰাকী নাৰীয়েই ৰাতিপুৱাৰপৰা গধূলিলৈকে ব্যস্ত হৈ থাকে৷ গোঁহালিৰ পৰা ৰান্ধনিঘৰলৈকে সকলো চম্ভালি ল’ব লাগে নাৰীয়ে৷ কিন্তু দিনটোৰ সমস্ত দুখ ভাগৰ যেন পাহৰি যায় যেতিয়া নিজ সন্তানক শোৱাপাটীত বুকুত সুমুৱাই লৈ তেওঁ গুণগুণাই—

‘‘যশোদা মাৱ মথনি থোৱা।
কৃষ্ণই কান্দিছে কোলাত লোৱা।’’

শিশুমন সাধাৰণতে সংবেদনশীল। শিশুৱে অলপতে ঠেঁহ ধৰে, ওফোন্দ পাতে; কথাই কথাই ওজৰ আপত্তি ধৰে শিশুৱে৷ তেতিয়া সেই ঠেঁহ-পেচ, ওজৰ-আপত্তি ভাঙিবলৈ মৰমতে এনেদৰে গোৱা হয়—

‘‘নেকান্দিবা সৰু আইটি নিচিঙিবা মণি
সত্যে সত্যে বিয়া দিম মাধৱক আনি। ’’

নিচুকনি গীতবোৰত অপত্য মাতৃস্নেহৰ নিদৰ্শন পোৱা যায়৷ নিজ সন্তানৰ কাৰণে যেন হাকুটিয়াই জোনটোকে আনি দিব তেওঁ; তথাপি সন্তানৰ চকুত চকুপানী দেখিব নিবিচাৰে—

‘‘আমাৰে মইনা শুৱ এ
বাৰীৰে বগৰী ৰুব এ
বাৰীৰে বগৰী পৰি সৰি গ’লে
মইনাই বুটলি খাব।’’

কেতিয়াবা কেতিয়াবা ভয় খুৱাই শিশুক নিচুকোৱা হয়৷ বহুসময় ধৰি যেতিয়া শিশুৱে আমনি কৰিবলৈ ধৰে তেতিয়া এনেকৈ ভয় খুৱাই শিশুক শুৱাবলৈ যত্ন কৰা হয়৷
উদাহৰণস্বৰূপে—

‘‘শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণে কাটি লগামে বাতি।’’

সাধাৰণতে মাতৃ মমতাময়ী। সন্তানৰ প্ৰতি থকা সচেতনতাই মাতৃ হৃদয়ক ব্যাকুল কৰি ৰাখে। ভোকত, পিয়াহত নাইবা যিকোনো কাৰণত শিশুৱে যেতিয়া কান্দে, তেনে কান্দোনত মাতৃৰ অন্তৰ আৱেগপ্ৰৱণ হৈ উঠে আৰু অন্তৰৰ নিভৃত কোণৰপৰা আবেগৰ ঢল নিৰ্গত হয় এইদৰে—

‘‘লাই হালে জালে আবেলি বতাহে
লফা জালে জালে পাতে
আমাৰে মইনাই হালিছে জালিছে
কালি আবেলিৰে ভাতে। ’’

প্ৰকৃতিৰ মনোৰম বৰ্ণনাও ধাইনাম নাইবা নিচুকনি গীতবোৰত পৰিস্ফুট হোৱা আমি দেখিবলৈ পাওঁ৷ প্ৰকৃতিৰ গছ-গছনি, নৈ-নিজৰা, জোন, বেলি, তৰা আদিলৈ শিশুৰ পৰম আগ্ৰহ আৰু কৌতূহল৷ শিশুৱে বিভিন্ন প্ৰশ্নৰে মাতৃক ব্যতিব্যস্ত কৰি তোলে৷ সেয়ে গোৱা হয়—

‘‘জোন বাই এ, বেজী এটি দিয়া
বেজীনো কেলেই, মোনা সীবলৈ
মোনানো কেলেই, ধন ভৰাবলৈ’’

অসুৰ, দৈত্য, দানৱ আদিলৈ সকলোৰে আগ্ৰহ বেছি। শিশুসকল সাধাৰণতে কৌতূহলী, নজনাটো জনাৰ আগ্ৰহ বেছি তেওঁলোকৰ৷ ভূত প্ৰেত আত্মা ইত্যাদিৰ বিষয়ে জানিবলৈ তেওঁলোক খুবেই উৎসুক হৈ থাকে৷ শিশুৰ এনেধৰণৰ কৌতূহলৰ প্ৰতি লক্ষ্য ৰাখিয়েই শ্ৰীধৰ কন্দলীয়ে ‘কাণ খোৱা’ পুথি ৰচনা কৰিছিল। অতিবাস্তৱ প্ৰীতি শিশুৰ ধৰ্ম। সেয়ে আনকি ইতিহাস প্ৰসিদ্ধ নায়কো নিচুকনি গীতৰ আধাৰ হ’ব পাৰে। ইউৰোপত প্ৰচলিত এনেগীতৰ নেপোলিয়ন বোনাপাৰ্টৰ নাম কৈ ও মাকহঁতে শিশু নিচুকাইছিল৷

যেতিয়ালৈকে শিশুৰ মন কৌতূহলী হৈ থাকিব তেতিয়ালৈকে এই নিচুকনি গীতসমূহ এনেদৰেই প্ৰচলন হৈ থাকিব৷ কিন্তু বৰ্তমান সময়ত নিচুকনি গীতসমূহ লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰাৰ দৰেই৷ আজিকালি সৰহসংখ্যক শিশুৱেই ম’বাইল, কম্পিউটাৰ আদিৰ সৈতে ব্যস্ত হৈ থাকে৷ নিচুকনি গীত শুনিবলৈ হয়তো তেওঁলোকৰ আহৰি নাই৷ আনহাতে বৰ্তমান নাৰীসকলো ইমানেই ব্যস্ত যে ঘৰুৱা কাম-বনৰ পৰা আৰম্ভ কৰি আজিকালি প্ৰায়ভাগ নাৰীয়েই কৰ্মমুখী, সন্তানৰ বাবে খুউব কম সময়হে দিব পাৰে তেওঁলোকে। আচলতে এই কথাৰ বাবে কোনেও কাকো দোষাৰোপ কৰিব নোৱাৰে, কাৰণ বৰ্তমান সময়ত এজনৰ উপাৰ্জনেৰে হয়তো ঘৰ-সংসাৰ চলোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়৷ কিন্তু মাতৃ শিশু আৰু নিচুকনি গীতৰ সম্পৰ্ক তাহানিৰে পৰাই আছে আৰু সদায় থাকিব৷ নিচুকনি গীতসমূহ অসমীয়া মৌখিক লোকসাহিত্যৰ এক অবিচ্ছেদ্য অংগ৷ মাতৃহৃদয়ৰ আৱেগ আৰু শিশুৰ কৌতূহলী মনৰ মাজত নিচুকনি গীতে সদায় এক সুকীয়া স্থান দখল কৰি আছে আৰু থাকিব৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments