অসমৰ লোকবাদ্য টকা

লেখক- অজয় বৰুৱা

জাতি এটাৰ লোকসংস্কৃতিৰ অপৰিহাৰ্য উপাদান হ’ল লোকবাদ্য। লোকগীত আৰু লোকনৃত্য লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে বাদ্যযন্ত্ৰ৷ এটা জাতিৰ সংগীত প্ৰীতি আৰু শিল্প-কলা চেতনাৰ অন্যতম নিৰ্দশন হ’ল বাদ্যযন্ত্ৰসমূহ৷ নৃত্য তথা গীতৰ তাল লয় ৰক্ষা কৰাৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰৰ সংযোগ কৰাটো অপৰিহাৰ্য৷ সংগীতৰ ক্ষেত্ৰত ধবনি সৃষ্টি কৰিবৰ বাবে ব্যৱহাৰ কৰা যিকোনো উপাদানকে বাদ্যযন্ত্ৰ বোলা হয়৷ লোকসংগীত বা শাস্ত্ৰীয় সংগীত সকলোতেই বাদ্যই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে৷ ভৰতমুনিৰ নাট্যশাস্ত্ৰতো বাদ্যযন্ত্ৰৰ কথা উল্লেখ আছে৷ বাদ্যযন্ত্ৰসমূহক মূলত চাৰিটা ভাগত ভাগ কৰা হৈছে৷ নাট্যশাস্ত্ৰত উল্লেখ আছে –

ততং চৈৱানদ্ধং ঘনং সুষিৰমেৱ চ৷
চতুৰ্বিধং তু বিজ্ঞেয়মাতোদ্যং লক্ষণান্বিতম্‌৷৷

তত, অৱনদ্ধ, ঘন আৰু সুষিৰ– এই চাৰিটা শ্ৰেণীত বাদ্যযন্ত্ৰসমূহ বিভাজিত কৰিব পাৰি৷ উল্লেখযোগ্য যে অসমৰ লোকবাদ্যসমূহকো এই চাৰিটা শ্ৰেণীত বিভাজিত কৰি আলোচনা কৰিব পাৰি৷ এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ বিচৰা টকা হ’ল এবিধ ঘন বাদ্য৷ বাঁহ, কাঠ, শিল, মাটি বা ধাতুৰে নিৰ্মিত যতনেৰে এডোখৰে সিডোখৰৰ ওপৰত কোবাই ঘনকাৰ্য সম্পাদনেৰে শব্দৰ সৃষ্টি কৰি গীত বা নৃত্যৰ লগত সংযোগ কৰা হয়৷ ঘনকাৰ্যৰ বাবে ব্যৱহৃত এনে বাদ্যসমূহকে ঘন বাদ্য বুলি কোৱা হয়৷ অসমৰ লোকসমাজত প্ৰচলিত আন কেইটিমান উল্লেখযোগ্য ঘন বাদ্য হ’ল – তাল, কৰতাল, খুটিতাল, মঞ্জুৰী, কাঁহ, বৰকাঁহ, ইত্যাদি৷ অসমৰ নৃগোষ্ঠীসমূহৰ মাজতো এনে ঘন বাদ্য প্ৰচুৰভাৱে ব্যৱহৃত হয়৷ যেনে– মিচিংসকলৰ লুপি, বৰোসকলৰ জোথা, কাৰ্বিৰ ছেংছ, ৰাভাৰ কাসি, ইত্যাদি৷

টকা সজা কৌশল ও নিয়ম:

অসমৰ লোকউৎসৱ বিহু মূলত গীত, নৃত্য আৰু বাদ্যযন্ত্ৰৰ সমাহাৰ। ঢোল, তাল, গগণা, সুতলি আদিৰ লগতে অতিকে প্ৰয়োজনীয় বাদ্য হল টকা। অসমীয়া সংস্কৃতিৰ নিজস্ব সম্পদৰূপে খ্যাত এই ‘টকা’ অসমৰ জন-জীৱনে অতি কম খৰচতে, সময়তে সাজি ল’ব পৰা এবিধ লোকবাদ্য। কৃষিজীৱী অসমীয়াই শস্যক্ষেত্ৰক জীৱ-জন্তু, চৰাই চিৰিকটি আদিৰ পৰা ৰক্ষা কৰিবৰ বাবে বাঁহ ফালি ‘টকা’ ৰূপত ব্যৱহাৰ কৰি ডাঙৰ শব্দৰ উৎপত্তি কৰি ভয় খুৱাইছিল। জীৱন-নিবাহত ব্যৱহৃত এই সজুঁলিবোৰ কালক্ৰমত জন-জীৱনে পালন কৰা লোকউৎসৱবোৰত বাদ্যযন্ত্ৰ হিচাপে ব্যৱহৃত হৈছিল। ‘টকাও’ এনে এবিধ বাদ্যযন্ত্ৰ। অসমৰ জাতীয় উৎসৱ বিহুৰ, বিশেষভাৱে ৰঙালী বিহুত এই ‘টকা’ৰ ব্যৱহাৰ অপৰিহাৰ্য। ৰঙালী বিহুত ঢোল, পেঁপা, গগণা, তাল, সুতুলি আদিৰ দৰে ‘টকা’ৰ টক্ টক্ স্বকীয় মাতেৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিহুনামত প্ৰাথমিক তাল আছিল হাত চাপৰি আৰু কালক্ৰমত এই হাত চাপৰি ছন্দটোকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হয় বুলি অনুমান কৰা হয়। প্ৰাচীন কালৰ পৰা প্ৰচলত হৈ অহা এই ‘টকা’ বৰ্তমান সময়তো বিহুৰ এক অঙ্গাঙ্গী বাদ্য।

‘‘ইফালে টকাৰ মাত সিফালে টকাৰ মাত
মাজত সোলোক গুৰি সুঁতি।
টকাৰ মাত শুনি বাঢ়িল চতিয়না
পুলিয়ে ধৰিলে গুজি। ।”

‘টকা’ বাঁহেৰে সজা হয়। টকা এটা সাজিবলৈ এজন নিপুণ বাঢ়ৈৰ প্ৰয়োজন নাই বা ই ব্যয়বহুল নহয়। আগলি বাঁহৰ দুফালে গাঁঠিযুক্ত পাব এটা অক্ষত অৱস্থাত ৰাখি গুৰিৰ ফালে ঠিক সোঁমাজেৰে ফালিব লাগে। বিশ ইঞ্চি মান দৈঘ্যৰ এই বাঁহৰ পাবটো (ঠাইভেদে বেলেগ জোখৰো হয়) সাৱধানে তলৰ গাঁঠিটো নফলাকৈ সোঁমাজত ফালিব লাগে আৰু আগলি মূৰৰ ফালে সাত -আঠ ইঞ্চিমানৰ ওপৰত দুয়োফালে কৌণিক ৰূপত কাটি এৰুৱাব লাগে। পাট দুটা হাতেৰে ধৰাৰ সুবিধা কৰি মিহিকৈ এনেদৰ চঁচা হয় যে এচটাৰে আন এচটাৰ ওপৰত আঘাত কৰিলে টক্ টক্ শব্দ হয়। বাঁহেৰে সজা এই সৰু বাদ্যটোৰ পৰা টক্ টক্ শুৱলা শব্দ ওলাই বাবে হয়টো ইয়াক টকা বোলে। এই বাদ্যটি সাধাৰণতে গাভৰুসকলে বিহু মাৰোতে ব্যৱহাৰ কৰে। কিন্তু হুচৰি বা মুকলি বিহু মাৰোতে ডেকা সকলেও ব্যৱহাৰ কৰে।

‘‘ঔৰে গছতে মৌৱে বাহ ল’লে
ককাই পাৰি দিয়া খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ। ।”

বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত টকাৰ ব্যৱহাৰ:

অসমত বাস কৰা প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীয়ে অন্যান্য লোকবাদ্যৰ দৰে টকাৰ ব্যৱহাৰ কৰে। অৱশ্য জনগোষ্ঠীভেদে ইয়াক ব্যৱহাৰ কৰা উৎসৱ-পাৰ্বন বা ইয়াৰ নাম ভিন্ন দেখা যায়। তলত কেইটামান জনগোষ্ঠী কেনেকৈ টকা ব্যৱহাৰ কৰে তাৰ বিষয়ে দিয়া হ’ল।

মিচিং: মিচিং সকলে টকাক “কক্ তেৰ টকা” বোলে। ই তেওঁলোকৰ বহুমূলীয়া বাদ্য, যাৰ দ্বাৰা মিচিং ডেকা-গাভৰুৱে ঐনিঃতম গাই গাই বিহু মাৰোতে ব্যৱহাৰ কৰে। ইয়াক তেওঁলোকে লেহুকাকৈ আগলি বাঁহৰে সাঁজি লয়।

দেউৰী: দেউৰীসকলে প্ৰধানকৈ হুঁচৰি গাওঁতে টকা ব্যৱহাৰ কৰে। তেওঁলোকে হুঁচৰি গাওঁতে গৃহস্থৰ পদূলিত পুতি লোৱা বাঁহ ডালত প্ৰত্যেকেই লগত অনা সৌকা বেতেৰে কোবাই ঢোলৰ ছেৱত নাচে। পূৰ্ণ আগ থকা আৰু পবিত্ৰ স্থানৰ পৰা অনা বাঁহহে ইয়াত ব্যৱহাৰ কৰে।

বড়ো: বড়োসকলে টকা “থৰকা” বা “ওৱাখোৱা” বুলি কয়। বড়োসকলে ব’হাগ বিহুত ঘৰে ঘৰে বিহু মাৰোতে নৃত্য-গীতৰ লগত ব্যৱহৃত এই “থৰকা” ভলুকা বাঁহৰ পৰা সাজে।

সোণোৱাল-কছাৰী: এওঁলোকে ব্যৱহৃত বা উৎসৱ আদিত পৰিৱেশন কৰা টকা সাধাৰণ টকাতকৈ যথেষ্ট ডাঙৰ। তেওঁলোকৰ বিশ্বাস “বালি ৰজা দোমাহীত” টকা ৰূপত নটা গাঁঠি আৰু নটা পাবযুক্ত বাঁহ তিনি বা চাৰিযোৰ বাঁহৰ খুঁটাৰ ওপৰত বান্ধি ঘৰে ঘৰে হুঁচৰি গাঁৱতে লৈ ফুৰে৷ এই বাঁহডাল মানৱ দেহৰ নৱ-গ্ৰন্থিৰ প্ৰতীক।

নিৰ্মোহ আমোদ-প্ৰমোদ, পবিত্ৰ বিহু বা হুঁচৰিৰ সামৰণি অনুষ্ঠানত প্ৰায় সকলো জনগোষ্ঠীৰ লোকে কৃষিকাৰ্যৰ নিয়োজিত হ’বলৈ “উৰুৱা” নামৰ সামৰণি অনুষ্ঠান পাতি ৰীতি-নীতিৰে টকা এটি বা ভাটি থৈ আহে। যিটো অসমীয়া সাংস্কৃতিক পৰম্পৰা। অসমৰ লোকসংস্কৃতিৰ এই আপুৰুগীয়া লোকবাদ্যটি মূল্যায়ন যাতে কোনো কালে হেৰ-ফেৰ নহয় বা নগণ্য বুলি অৱহেলা নকৰে তাৰ প্ৰতি সচেতন হৈ স্বকীয়তা বজাই ৰখাটো আমাৰ দায়িত্ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments