ঢোলবাদক সোমনাথ বড়াৰ জীৱন আৰু কৃতি

লেখক- ভাস্কৰ ভূঞা

গ্ৰামোফোনৰ পৰৱৰ্তী সময়ত অসমৰ সংগীতৰ জগতত ব্যাপকৰূপত কেছেটৰ প্ৰচলন হয় আৰু কেছেটৰ যুগটোত অসমীয়া আধুনিক সংগীতক সমৃদ্ধ কৰা মুষ্টিমেয় কেইজনমান সংগীত শিল্পীৰ ভিতৰতে সোমনাথ বড়াৰ নাম উল্লেখযোগ্য। কেছেটৰ যুগটোত এজন সবল গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক হিচাপে তেওঁ প্ৰকৃততে অসমত নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিছিল। বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ যথেষ্ট খ্যাতি অৰ্জন কৰিছে। ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়া অসমৰ পাঁচজনমান আধুনিক অসমীয়াৰ নাম ল’বলৈ ক’লে তেওঁৰ নামটো নিশ্চয়কৈ প্ৰথমেই আহিব। ‘মঘাই ওজা’ৰ পাছতে সোমনাথ বড়াই হয়তো সেইজন ঢোলবাদক, যিয়ে নেকি ঢোলক আধুনিক অসমীয়াৰ মন মননত গভীৰভাৱে ৰেখাপাত কৰিবপৰাকৈ কাম কৰি থৈ গৈছে। তলত তেখেতৰ জীৱন আৰু কৃতিৰ বিষয়ে আলোচনা কৰা হৈছে। উল্লেখ্য যে আলোচনাটি সাক্ষাৎকাৰ ভিত্তিক প্ৰস্তুত কৰা হৈছে।

সোমনাথ বৰাই শৈশৱ কালটো গাঁৱত পাৰ কৰিছিল। তেখেতৰ পিতৃৰ নাম গোলোক বৰা আৰু মাতৃৰ নাম সৰুমলা বৰা। বড়াৰ জন্ম হয় ১৯৬১ চনত। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে যোগনীয়া দেউদীয়া প্ৰাথমিক বিদ্যালয়ত। ১৯৭৭ চনত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে ৰজাবাৰী হাইস্কুলৰপৰা। তেওঁ গণিত বিষয়ত ডিগ্ৰীসহ স্নাতক শিক্ষা সমাপ্ত কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰপৰা আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়তে এম.এচ.চি ডিগ্ৰী লাভ কৰে। পঢ়ি থকা কালতে ১৯৭৮ চনত ‘ইণ্টাৰ কলেজ মিউজিক কমপিটিশ্যন’ (ইউথ ফেষ্টিভেল)ত ঢোল বাদনত বড়াই সোণৰ পদক লাভ কৰে।

১৯৮০ চনত ডিব্ৰুগড় ৰেডিঅ’ চেণ্টাৰৰ ‘যুৱবাণী’ত সোমনাথ বড়াই জীৱনৰ প্ৰথমটো সাক্ষাৎকাৰ দিয়ে। সেই সময়ত চাও দেৱেন্দ্ৰচৰণ বৰবৰুৱাই বড়াক ৰেডিঅ’ চেণ্টাৰলৈ লৈ যোৱাত আগভাগ লৈছিল। সেই সময়ৰ ৰেডিঅ’ৰ প্ৰগেম এক্সুকিটিভ আছিল লুটফুৰ ৰহমান। শৈশৱত দেউতাকে কাষৰ গাঁৱৰ নিগনি বৰাৰপৰা ঢোল কিনি আনি বড়াক প্ৰথম ঢোল শিকাইছিল আৰু মণিৰাম ওজা আছিল সোমনাথ বড়াৰ প্ৰথম শিক্ষাগুৰু। তাৰ পাছত দেৰগাঁৱৰ ধীৰেন ৰাজখোৱাৰ ওচৰত তেওঁ ঢোলৰ ‘ওজাহাট’ শিকিছিল। তাৰ পৰৱৰ্তী সময়ত বড়াই আনন্দমোহন ভাগৱতীৰ পৰা ঢোলৰ শিক্ষা লাভ কৰিছিল।

বড়াই ১৯৮১ চনত অসম চৰকাৰে আয়োজন কৰা ‘সদৌ অসম ঢুলীয়া ওজা প্ৰতিযোগিতা’ত পদক লাভ কৰি ‘ওজা’ উপাধি লাভ কৰিছিল। সেই সময়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক পদৰ দায়িত্বত আছিল আনন্দমোহন ভাগৱতী। উল্লেখ্য যে ১৯৮২ আৰু চনৰপৰা গুৱাহাটীৰ বিভিন্ন বিহু সন্মিলনত তেওঁ ঢোল বাদনৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। সেই বৰ্ষতে তেওঁ এছিয়ান গেম্‌ছতো ঢোল বাদ্য পৰিৱেশন কৰিছিলগৈ। একে সময়তে বড়াই ভোৰতাল নৃত্যৰ সৃষ্টিকৰ্তা নৰহৰি বুঢ়াভকতক লগ পাইছিল আৰু তেখেতৰ নেতৃত্বত ভোৰতালৰ শিক্ষাও গ্ৰহণ কৰিছিল।

সোমনাথ বড়াৰ জীৱনত আনন্দমোহন ভাগৱতীৰ প্ৰভাৱ অপৰিসীম। ভাগৱতী আছিল অসমৰ ‘সাংস্কৃতিক পৰিক্ৰমা বিভাগ’ৰ সঞ্চালক। ভাগৱতীৰ ঘৰ তিতাবৰৰ তাতিগাঁৱত। তেখেত সত্ৰীয়া সংস্কৃতিৰ এজন পুৰুধা ব্যক্তি আছিল। তেওঁ লখ্‌নৌ, ভাতখাণ্ডে বিশ্ববিদ্যালয় আদিৰ ভিজিটিং লেক্‌চাৰাৰ পৰ্যন্ত আছিল। বড়াই উল্লেখ কৰামতে– এই ভাগৱতীয়েই সত্ৰীয়া নৃত্যক ‘শাস্ত্ৰীয় নৃত্য’ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

সোমনাথ বড়াই ১৯৮৩ চনত নাগপুৰত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কৃষিমেলাত ঢোল বাদ্য পৰিৱেশন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ১৯৮৪ চনত তেওঁ চৰকাৰীভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰপৰা দুমহীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰে। সেইদৰে ১৯৮৫ চনত ‘নন্‌ অলাইণ্টমেণ্ট ইউথ ফেষ্টিভেল’ দিল্লীত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি খিতাপ লাভ কৰিছিল। সেই খিতাপ লাভ কৰাত তেওঁলোক ৰাছিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত হয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ঢোল বাদ্য পৰিৱেশন কৰাৰ সুবিধা লাভ কৰে।

২০০৯ চনত দক্ষিণ কুৰীয়াৰ জিযু আইলেণ্ডত পৃথিৱীৰ ৫৬খন দেশৰ মাজত অনুষ্ঠিত হোৱা ‘ৱল্ডৰ্ মিউজিক কমপিটিশ্যন’ (থাৰ্ড ডেল্‌ফিক গেমছ্‌)ত বড়াই ঢোল বাদনত সোণৰ পদক লাভ কৰে। একেখন প্ৰতিযোগিতালৈ অসমৰপৰা প্ৰসন্ন গগৈয়ো পেপা বাদনৰ বাবে গৈছিল। এই প্ৰতিযোগিতালৈ ভাৰতৰপৰা সৰ্বমুঠ ৫০ জনীয়া দল এটি গৈছিল। ডেল্‌ফিক গেমছ্‌ত স্বৰ্ণ পদক প্ৰাপ্ত প্ৰথমজন ভাৰতীয় হ’ল সোমনাথ বড়া। সেই পদক লাভ কৰাত অসম চৰকাৰে বড়াক দহ লাখ টকা আৰু উত্তৰ প্ৰদেশ চৰকাৰে দুই লাখ টকাৰে পুৰষ্কৃত কৰিছিল। বড়াই সাক্ষাৎকাৰত উল্লেখ কৰা মতে– এই খবৰ ভূপেন হাজৰিকাই পাওঁতে হাজৰিকাই কৈছিল– ‘এই মঘাইটোক হে নিব নোৱাৰিলোঁ।’

এইখিনিতেই উল্লেখযোগ্য যে মঘাই ওজাই প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঢোল বাদ্য পৰিৱেশন কৰিছিল বুলি বিভিন্ন মাধ্যমত তথ্য পোৱা যায় যদিও এই কথাটো সত্য নহয়। প্ৰকৃততে মঘাই উজা এই একেখন ফেষ্টিভেললৈ যাবৰ বাবে পূৰ্বতে আয়োজন চলিছিল। কিন্তু সদৌ শেষত তেওঁ বিদেশলৈ যোৱাটো সম্ভৱ হৈ নুঠিলগৈ। অৱশেষত মঘাই ওজা কলিকতাৰ তালিগঞ্জৰ ভূপেন হাজৰিকাৰ ৰূমৰপৰা অসমলৈহে গুছি আহিল। সেইদৰে সোমনাথ বড়াই ১৯৮৭ চনত ৰাছিয়ালৈ যোৱাৰ সুবিধা লাভ কৰে। সেই সময়ত ‘Mikhail Sergeyevich Gorbachev’ ৰাছিয়াৰ ৰাষ্ট্ৰপতি আছিল। সেই সময়ত বড়া আৰু তেওঁৰ সহযোগীবৃন্দই মস্কোত অনুষ্ঠান পৰিৱেশন কৰিছিল। সেইদৰে ভাৰতীয় গণনাট্য সংঘই পৰৱৰ্তী সময়ত ২০০৯ চনত সোণৰ পদক পোৱা বাবে সোমনাথ বড়াক অভিনন্দন জনাবলৈ অনুষ্ঠিত কৰা এখন মিটিঙত গণনাট্য সংঘৰ উপ-সভানেত্ৰী নিকুঞ্জলতা মহন্তই (খগেন মহন্তৰ বায়েক) ঘোষণা কৰে যে– মঘাই ওজা বিদেশলৈ যোৱা নাছিল। বিদেশলৈ তেওঁৰ যোৱাৰ কথা-বতৰা চলিছিল যদিও সেই যাত্ৰা বাতিল হৈছিল। প্ৰকৃততে বিদেশলৈ ঢোল বাদ্য পৰিৱেশন কৰিবলৈ যোৱা প্ৰথমজন ব্যক্তি সোমনাথ বড়াহে। সেইদৰে মঘাই ওজাৰ জীৱনৰ আধাৰত পৰৱৰ্তী সময়ত ভুৱন বৰুৱাই প্ৰস্তুত কৰা তথ্যচিত্ৰটো তেওঁ যে বিদেশলৈ যোৱা নাছিল সেই কথা উল্লেখ আছে। মঘাই ওজাৰ প্ৰকৃত উপাধি আছিল বৰুৱা। পৰৱৰ্তী সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ‘মঘাই ওজা’ বঁটা দিবলৈ আৰম্ভ কৰে। এই পৰিষদে প্ৰকাশ কৰি উলিওৱা মঘাই ওজাৰ জীৱন বৃত্তান্ততো তেওঁ যে বিদেশলৈ যোৱা নাছিল, সেই কথা উল্লেখ আছে। গতিকে ইয়াৰপৰা প্ৰমাণ হয় যে বিদেশলৈ ঢোল বাদ্য পৰিৱেশন কৰিবলৈ যোৱা প্ৰথমজন ব্যক্তি আছিল সোমনাথ বড়া (চন-১৯৮৭)।

সেইদৰে বড়াই সাক্ষাৎকাৰত উল্লেখ কৰামতে প্ৰথম সত্ৰীয়া নৃত্য বিদেশৰ মাটিত (ইণ্ডোনেছিয়ালৈ গৈছিল) প্ৰদৰ্শন কৰা হয় ১৯৭৫ চনত। সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ফকৰুদ্দিন আলি আহমেদ (ৰাষ্ট্ৰপতিৰ কাৰ্যকাল-১৯৭৪-১৯৭৭)। মাজুলীৰ তিনিখন সত্ৰ নতুন কমলাবাৰী সত্ৰ, পুৰণা সমলবাৰী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীসকলে মিলি বিদেশত ‘ৰাম বিজয়’ নাটক পৰিৱেশন কৰে।

গ্ৰামোফোনৰ পৰিৱৰ্তী সময়ত ১৯৮২ চনত ‘তিনিচুকীয়াৰ ৰয় চাইকেল মাৰ্ট’ৰ পৰা নলীন হাজৰিকা, পঙ্কজ বৰদলৈ, বিমান বৰুৱা, প্ৰদীপ শইকীয়া আদিৰ সৈতে মিলি এটা কেছেট বাণীবদ্ধ কৰা হয়। কেছেটটোৰ নাম আছিল ‘ব’হাগী’। এই ‘ব’হাগী’য়েই অসমৰ বিহুগীতৰ প্ৰথমটো কেছেট। এই কেছেটৰ মিউজিক ডাইৰেক্টৰ আছিল ভূপেন উজীৰ। ষ্টুডিঅ’ আছিল জ্যোতি চিত্ৰবন। সেই সময়ত ‘টু ট্ৰেক’ৰ ব্যৱস্থাহে আছিল। ব’হাগীত ঢোল বজাইছিল সোমনাথ বড়াই। গীতৰ কোৰাছত আছিল বিমান বৰা। বিমান বৰুৱাই গীত গোৱাৰ কথা আছিল যদিও কণ্ঠৰ সমস্যা হোৱাত প্ৰদীপ শইকীয়াইহে গীত গাইছিল। ব’হাগীৰ ব্যৱস্থাপনাত আছিল নলীন হাজৰিকা। একে সময়তে লোকেশ্বৰ ডেকাই মৰিগাঁৱৰপৰা বিহুগীতৰ কেছেট কৰিছিল। পৰৱৰ্তী সময়ত বড়াৰ প্ৰযোজনাত ১৯৮৭ চনত ‘ঢিন্দাওদাউ’ কেছেট ৰেকৰ্ডিং কৰা হয়। তাৰ পাছত তেওঁ ‘পাহাৰৰ কুলিটি’কেছেট কৰিছিল। সেই কেছেটৰ এটি গীত আছিল– ‘চ’ততে মাতিলে চতুৱা চৰায়ে…’।

ইয়াৰ পাছত ললিত ৰাজখোৱাৰ সোঁৱৰণত ১৯৯০ চনত–ভৈয়ামৰ কেটেকী, ১৯৯১ চনত– পাহাৰৰ জুৰিটি, তাৰ পাছত ক্ৰমান্বয়ে– সোণালী, সোণ-তৰামাই, কল্পনা, গৰগঞা নাছনী আদি চিৰিজ হিচাপে বিহুগীতৰ ৰেকৰ্ড কৰা হৈছিল। এই কেছেটবোৰৰ পৰিচালক, গীতিকাৰ আৰু প্ৰযোজক আছিল সোমনাথ বড়া। মুখ্য ঢোল বাদকো তেৱেঁই আছিল। বিপুল চেতিয়া ফুকন, খগেন গগৈ আদিয়ে অসমত টোকাৰী গীতৰ প্ৰথম কেছেট কৰিছিল। প্ৰথম কেছেটটোৰ নাম আছিল–‘মনভাই’। সোমনাথ বড়াই ১৯৮৮ চনত দ্বিতীয়খন টোকাৰী গীতৰ কেছেট ‘বৈকুণ্ঠ’ ৰেকৰ্ড কৰে। তাৰ পৰৱৰ্তী সময়ত ৰেকৰ্ড কৰা টোকাৰী গীতৰ কেছেট কেইখনমানৰ নাম হ’ল– বৈতৰণী, বৈ আছে বৈতৰণী, বৈষ্ণৱ, সুত-পুত্ৰ-কৰ্ণ, কৰ্ণ-অজুৰ্ন, কৃষ্ণ-অৰ্জুন, সত্যসন্ধ্যা, বীৰ অভিমন্যু, সীতা সয়ম্বৰ, বৈকুণ্ঠৰ জখলা, বিষ্ণুপ্ৰিয়া, সখা ভগৱান, নৱ-ঘনশ্যাম আদি।
বৈতৰণী কেছেটত পঙ্কজ বৰদলৈয়ে গোৱা এটি টোকাৰী গীতৰ কলি–
“নামতে গধূলি গ’ল
ৰাতিও নোপোওৱা হ’ল
ব্ৰহ্মাণ্ডৰ ভিতৰে আমি মহাপাপী
গুৰুৱে এৰি থৈ গ’ল”

ঢোলৰ ‘ওজা’ বিষয়টোক কেন্দ্ৰ কৰি বড়াই প্ৰযোজনা কৰা কেছেট– ধিন্দাউদাউ, ঢুলীয়া বতাহ, ঢোলতে উৰুলি, দাউ-ধিন্দাউ, ধিনিকি-ধিন্দাও।
বৰগীতৰ কেছেট– পুৱাইল ৰজনী, নৱ প্ৰভাত
লোকগীতৰ কেছেট– সুন্দৰী ৰাধিকা
দিহানামৰ কেছেট– সখা ভগৱান, বৈয্যন্তিমালা

সোমনাথ বড়াই ভিচিডিত নিজাকৈ মাত্ৰ এটা বিহুগীতৰ ভিচিডিহে কৰিছিল। নামটো আছিল ‘সোণালী’। সোণালীৰ কাহিনী মুনীন বৰুৱাৰ। ভিচিডি আৰম্ভ হোৱাৰ লগে লগে অসমত ভিচিডিৰ ‘পায়ৰেছি’ হোৱা আৰম্ভ হয় আৰু ভিচিডিৰ ‘পায়ৰেছি’ হোৱা বাবে মূলতঃ মিউজিক উদ্যোগটোৰেই যথেষ্ট লোকচানৰ সন্মুখীন হয় আৰু তেতিয়াৰেপৰাই বড়াই নিজৰ কোনো ভিচিডি নিজাকৈ প্ৰযোজনা কৰা নাই বুলি সাক্ষাৎকাৰত উল্লেখ কৰে। বড়াই প্ৰায় ১০০ত কৈয়ো অধিক বিহুগীতৰ কেছেট প্ৰযোজনা কৰিছে। সেইদৰে তিনি হাজাৰ (প্ৰায় ৩৪৫৬) কেছেটতকৈয়ো অধিক কেছেটত তেওঁ ঢোল বজাইছে। বড়াই প্ৰায় ৫০ টাতকৈয়ো অধিক টোকাৰী গীতৰ কেছেট প্ৰযোজনা কৰিছে। তাৰে নিজৰ প্ৰযোজনা প্ৰায় ২০ টা। এই কেছেটবোৰত তেওঁ বহুবোৰ গীত গাইছে, প্ৰায়ভাগতে গীত লিখিছে, সুৰ দিছে।

পুৰণি বিহুনাম বা টোকাৰী গীতৰ সংগ্ৰহৰ ক্ষেত্ৰতো বড়াৰ যথেষ্ট পৰিমাণৰ ভূমিকা আছে। এই সম্পৰ্কে অধিক অধ্যয়নৰ থল আছে। সেইদৰে কেছেটৰ যুগটোত অসমীয়া গীতৰ বিকাশ আৰু প্ৰসাৰ, গীতৰ প্ৰযোজনা, গীতিকাৰ, সুৰকাৰ আদিৰ বিষয়ে বিস্তৃত অধ্যয়নৰো যথেষ্ট অৱকাশ আছে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments