কোভিড সম্পৰ্কে কেইটিমান শেহতীয়া তথ্য

লেখক- ডা: ভূপেন্দ্ৰ শইকীয়া

ভৱিষ্যতৰ আশাৰ বতৰা:

(১) এবিধ ৰঙা বৰণৰ জলজাত উদ্ভিদ (Red Algae)ৰ পৰা বিশ্বখ্যাত ঔষধ কোম্পানী Amcyte Pharmaই এবিধ নাকত দিয়া স্প্ৰে প্ৰস্তুত কৰি উলিওৱাৰ বাতৰি অলপতে ৰাইজৰ দৃষ্টিগোচৰ হৈছে। আমেৰিকাৰ Knoxvilleৰ Tenessee Universityয়ে আৰ্জেণ্টিনাৰ চৰকাৰৰ সহযোগত ৮খন আই চি ইউযুক্ত চিকিৎসালয়ত গৱেষণা কৰিছিল।

ৰঙা এলগিয়ে ফট’চিণ্ঠেচিচৰ সময়ত নাইট্ৰিক এচিড উৎপন্ন কৰে। সেই নাইট্ৰিক এচিডৰ পৰা নিৰ্মাণ কৰা নাকত দিয়া স্প্ৰে কভিড ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাপে প্ৰমাণিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। বৰ্তমান ইংলেণ্ড আৰু কেনেডাত ইয়াৰ ট্ৰায়েল চলি আছে। নাইট্ৰিক এচিডৰ থাকে এণ্টি-ভাইৰেল গুণ। দেখা গৈছে ই নেজ’ফেৰিংগছত অৱস্থান লোৱা কভিড ভাইৰাছক ২৪ ঘণ্টাত ৯৫ শতাংশ প্ৰতিৰোধ আগবঢ়ায়। হাতৰ মুঠিত কঢ়িয়াই লৈ ফুৰিব পৰা এই নেজেল স্প্ৰে দিনত ৩/৪ বাৰ ব্যৱহাৰ কৰিব লাগিব। চিকিৎসাৰ উপৰিও ইয়াক কভিড ৰোগ প্ৰতিৰোধক হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

(২) আমাৰ দেশৰ ভাৰত বা’য়টেক কোম্পানীয়ে এবিধ নাকত ঢলা ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে –যাৰ প্ৰয়োগ দেশৰ বিভিন্ন কেন্দ্ৰত চলি আছে। বেজীৰ খোছা-বিন্ধা নলগা আৰু ব্যৱহাৰ কৰিবলৈ তেনেই সহজ এই ভেকচিন শিশু আৰু বৃদ্ধৰ বাবে বেচ সুবিধাজনক আৰু গ্ৰহণযোগ্য হ’ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ প্ৰয়োগে নাকৰ মিউকছাত ক্ৰিয়া কৰি শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালীক সক্ৰিয় কৰি তুলিব।

(৩) বাতৰিত প্ৰকাশ সংযুক্ত আৰব আমীৰাটৰ বিজ্ঞানী কেইজনমানে উটৰ ওপৰত প্ৰয়োগ কৰি কভিডৰ এক চিকিৎসা বিধি উদ্ভাৱন কৰিবলৈ প্ৰয়াস কৰি আছে। ডুবাইস্থিত চেণ্ট্ৰেল ভেটেৰিনাৰী ৰিচাৰ্চ লেবৰেটৰীৰ মুৰব্বী Dr. Ulrich Werneryৰ দলে মৃত কভিড ১৯ ভাইৰাছৰ অংশ বিশেষ dromedaries (পিঠিত দুটা কুঁজ থকা উট)ৰ শৰীৰত বেজীৰ মাধ্যমেৰে দি দেখা পাইছে যে মৰুভূমিৰ সেই প্ৰাণীটোৰ শৰীৰত বুজন পৰিমাণৰ কভিডৰ বিৰুদ্ধে এণ্টিবডি উৎপন্ন হৈছে। (সৌজন্য- অল আৰেবিয়া

এটা কথা প্ৰমাণিত যে কৰ’না ভাইৰাছে মানুহ বা আন প্ৰাণীৰ দেহত প্ৰৱেশ কৰি ঘাইকৈ হাওঁফাওঁত থকা ACE 2-receptorত আশ্ৰয় লয়। উটৰ হাওঁফাওঁত এনে ৰিচেপ্তৰ নাথাকে। সেয়ে ২০১২ চনত মধ্য প্ৰাচ্যত ত্ৰাসৰ সৃষ্টি কৰা Middle East respiratory syndrome (MERS- CoV)ৰ সময়ত উটে সেই ৰোগৰ বাহক হৈয়ো নিজে ৰোগাক্ৰান্ত হোৱা নাছিল। একেই কথা কৰ’নাৰ ক্ষেত্ৰটো খাটে। আনহাতে বাঘ, সিংহ, কুকুৰ, মেকুৰী কোভিডত আক্ৰান্ত হব পাৰে। আৰু বিতং গবেষণা হ’লেহে জানিব পৰা যাব উটৰ দেহত উৎপন্ন হোৱা এণ্টিবডিক মানৱৰ জীৱন ৰক্ষাকাৰীৰূপে ব্যৱহাৰ কৰিব পৰা যাব নে নাযায়?

(৪) ইনফ্লুৱেঞ্জাৰ ভেকচিন বনাম কৰ’না ভাইৰাছ:
ফ্লু বা ইনফ্লুৱেঞ্জাৰ ভেকচিন সাধাৰণতে বছৰত এবাৰ এটা ড’জ দিয়া হয়। দেখা গৈছে এই ভেকচিন লোৱা লোকসকলে কভিডৰ পৰা ২৪ শতাংশ অধিক সুৰক্ষা পায় (ফ্লু ভেকচিন নোলোৱা লোকৰ তুলনাত। ফ্লু ভেকচিন লোৱা লোকৰ কভিডৰ লক্ষণ কিছু কম হয় আৰু এওঁলোকে চিকিৎসালয়ত ভৰ্তি হবলগীয়া প্ৰায় নহয়। আকৌ দেখা গৈছে পানীলগা সৃষ্টিকাৰী ৰাইনো ভাইৰাছে কৰ’না ভাইৰাছৰ সৈতে তয়াময়া ৰণ কৰে আৰু কৰ’না ভাইৰাছক পৰাভূত কৰে।

* কভিডৰ ভেকচিন আৰু স্তনপান কৰোৱা মাতৃসকলৰ জ্ঞানাৰ্থে:

এটি গৰ্ভস্থ সন্তানে পোনতে মাতৃৰ প্লেচেণ্টাৰ মাধ্যমেৰে এণ্টিবডি লাভ কৰে। জন্মৰ পিছত এণ্টিবডি পায় মাতৃদুগ্ধৰ দ্বাৰা। আকৌ শিশুকালত লোৱা নানাবিধ ভেকচিনে শৰীৰৰ ইমিউনিটি বিকাশত সহায় কৰে – সেয়াও প্ৰমাণিত সত্য। আনহাতে মাতৃদু্গ্ধত নিৰ্গত হোৱা কভিডৰ ভেকচিনে শিশুৰ প্ৰতিৰক্ষা প্ৰণালীত কি প্ৰভাৱ বিস্তাৰ কৰিব সেয়া আজি পৰ্যন্ত কোনেও অধ্য়য়ন কৰা নাই। মাথোঁ ইমানেই জনা গৈছে যে ভেকচিন লোৱাৰ দুমাহ পিছলৈকে মাতৃদু্গ্ধত ভেকচিন নিৰ্গত হৈ থাকে।

কেনেডাৰ ফাইজাৰ কোম্পানীয়ে উল্লেখ কৰিছে – মাতৃদু্গ্ধত ওলোৱা ভেকচিন সন্তানৰ বাবে কিছু অহিতকাৰী হয়তো হবও পাৰে। আকৌ ইউনাইটেড কিংডমৰ নেশ্বনেল হেল্থ চাৰ্ভিছে স্তনপান কৰোৱা মাতৃৰ ভেকচিন লোৱা বাৰণ কৰিছে। যাৰ বাবে দেশখনৰ একাংশই মানৱ অধিকাৰ উংলঘন কৰা বুলি আপত্তি জনাইছে। ইটালিৰ বিভিন্ন মেডিকেল ছ’চাইটিয়ে এনে মাতৃয়ে ভেকচিন লব লাগে বুলি কৈছে। দিল্লীৰ এইমচৰ ডাইৰেক্তৰ ডা: গুলেৰিয়াই ভেকচিন লোৱাৰ পোষকতা কৰিছে।
ব্যক্তিগতভাবে এই লিখকে কোনোবা এটা ৱেবপৰ্টেলত এনেদৰে পোৱা মনত পৰে – মাতৃদুগ্ধৰ যোগেদি শিশুৱে আহৰণ কৰা কভিড ভেকচিনে শিশুৰ শৰীৰে ইতিমধ্যে আয়ত্ত কৰা ইমিউনিটিক স্তব্ধ কৰি ৰাখিব পাৰে। ইউৰোপৰ এখন দেশত ফাইজাৰ আৰু মডাৰ্ণাৰ ভেকচিনৰ অধ্য়য়ন ১৮০গৰাকী মাতৃৰ ওপৰত কৰা হৈছিল। কেইবাজনো শিশুৰ দেহত সৰুসুৰা পাৰ্শ্বক্ৰিয়া দেখা গৈছিল। এগৰাকী মাতৃৰ দুগ্ধৰ পৰিমাণ কমি গৈছিল আৰু দুই তিনি গৰাকীৰ গাখীৰ ৰঙ নীলা-সেউজীয়া বৰণলৈ সলনি হৈছিল।

* জধেমধে চিটি স্কেন নকৰিবলৈ আহ্বান:
দেখা গৈছে বহু কভিডৰ ভীতিগ্ৰস্ত লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজাকৈ অপ্ৰয়োজনীয়ভাবে HR CT Scanof Thorax কৰাই আছে। এনে ৰেডিয়েচন বিপদজনক — এটা সময়ত কৰ্কট ৰোগৰ কাৰণ হৈ উঠিব পাৰে। গতিকে কেৱল চিকিৎসকৰ পৰামৰ্শ মতেহে যেন চিটিস্কেন কৰাব যায়।
এইটোও সত্য যে বহু কভিড ৰোগীৰ ৰোগৰ অৱস্থাৰ বুজ লৈ সেই মতে চিকিৎসাত অগ্ৰসৰ হবলৈ চিটিস্কেন অত্যন্ত এক লাগতিয়াল পদ্ধতি বুলি সিদ্ধ হৈছে আৰু সেই কথা নিৰ্ণয় কৰিব ৰোগীজনৰ চিকিৎসা কৰি থকা ডাক্তৰজনে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!