আহা নাচোঁ ডম্বৰু বজাই

লেখক- ৰজনীকান্ত বৰগোহাঁই

”নতুনক লোৱাহে আদৰি
অতীতক যোৱাহে পাহৰি”
পিচে কেনেকৈ
নোৱাৰো পাহৰিব পুত্ৰশোক
নোৱাৰো পাহৰিব স্বামীশোক
নোৱাৰো পাহৰিব পত্নীশোক
জীয়া জুই জ্বলিছে বুকুত
নহ’লোযে নীলকণ্ঠ মই
কিদৰে মানিম মই
বিধিৰ বিধান
সংসাৰৰ নাগপাশে আছে মেৰিয়াই
মই যে নহ’লোঁ কৈলাসপতি
ডম্বৰু বজাই নাচিব নোৱাৰোঁ মই
শ্মশান ঘাট এতিয়া উত্তপ্ত
পঞ্চভূতে দহিছে
মানৱ শৰীৰৰ
পৰমাত্মাত মিলিছে আত্মা
উদভ্ৰান্ত আত্মীয়
শোকত বাউল
হে, শক্তিধৰ
আঁতৰোৱা মায়াজাল
দিয়া মুক্তি
নাচো আমি ডম্বৰু বজাই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!