আঙুলি পিঠা ( আধুনিক ৰূপত)

লেখক- মৃদুস্মিতা নেওগ বৰুৱা

(পৰম্পৰাগতভাৱে আঙুলি পিঠাটো গাখীৰ দি মিঠাকৈ বেছিকৈ খোৱা দেখা পোৱা যায়। আজিকালিৰ চাওমিন খাই ভাল পোৱা ল’ৰা ছোৱালীবোৰকো আমাৰ পিঠাটো সিহঁতৰ পছন্দত খুৱাব পৰা যায়।)

প্ৰয়োজনীয় ব্যৱস্থা সামগ্ৰী:
(১) দুকাপ পিঠাগুৰি
(২) আঢ়ৈ টেবুল চামুচ ৰিফাইন তেল
(৩) এচিকুট ক’লাজিৰা
(৪) আধা চাহ চামুচ জিৰা
(৫) দুই/তিনিটা কেঁচা জলকীয়া
(৬)পচন্দৰ আকাৰত কাটি লোৱা এটাকৈ গাজৰ, কেপছিকাম আৰু ব্ৰ’কলিৰ কেইপাহমান ফুল
(৭) ডাঙৰকৈ কাটিলোৱা এটা পিয়াঁজ
(৮) নিমখ সোৱাদ মতে

ৰন্ধন প্ৰণালী:
প্ৰথমে পিঠাগুৰিখিনিত ক’লাজিৰা, নিমখ আৰু আধা চামুচ তেল মিলাই ল’ব লাগে আৰু কম কমকৈ পানী ছটিয়াই আটা মঠাৰ দৰে মঠি ল’ব লাগে। তাৰপাছত মঠা পিঠাগুৰি খিনিৰ অলপ অলপকৈ লৈ হাতেৰে সৰু, সৰুকৈ দীঘলীয়া ধৰণৰ ৰুল কৰিব লাগে (আঙুলিৰ আকাৰত)
এতিয়া এটা পাত্ৰত অলপ পানী গৰম কৰিব লাগে। পানীখিনি উতলিলে তাত আঙুলিৰ আকাৰত বনোৱা পিঠা কেইটা দি সিজিবলৈ দিয়ক। পিঠাকেইটা সিজিলে, পানীৰ পৰা উঠাই আনি ঠাণ্ডা হ’বলৈ দিব। এতিয়া এখন কেৰাহীত বাকী থকা তেলখিনি গৰম কৰক। তেল গৰম হলে তাত জিৰা কেইটা দিয়ক। তাৰপাছত পিয়াঁজ আৰু বাকী পাচলিখিনি দি সিজিবলৈ দিয়ক। পাচলিখিনি কোমল হ’লে তাত পিঠাখিনি মিলাই দিব আৰু সোৱাদ মতে নিমখ ছটিয়াই দিব। ইচ্ছা কৰিলে এচিকুট আৰিগেন’ ছটিয়াই দিব পাৰে। এতিয়া গৰমে গৰমে পৰিৱেশন কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!