মৰণৰে তুহু মম শ্যাম সমান

লেখক- ড° বিদিশা মহন্ত

জপং —!
আকৌ এটা শিল নৈখনত পৰিল গৈ। ঐককেন্দ্ৰিক বৃত্ত এসোপা নৈতে সৃষ্টি হৈ আকৌ তাতে লয় পালে। অথনিৰে পৰা বুবুলে সেইটো কামকে কৰি আছে। তাৰ চকু কিন্তু নৈৰ বুকুত নাই। নৈৰ সিপাৰে ওলমি থকা পোহৰ চমকাতো নাই। সি কেৱল শিল এটা হাততে লৈ ঘূৰাই আছে। আনমনা হৈ মাজে মাজে জেপৰ ওপৰত আলফুলে হাত ফুৰাইছে।

এনেকুৱা সময়বোৰত সাধাৰণতে সিহঁত শোৱাৰ পৰা নুঠেই। ৰাতিপুৱা এডাল প্ৰকাণ্ড অজগৰৰ দৰে ইউনিভাৰ্চিটিৰ বিশাল অট্টালিকাবোৰ কুঁৱলীৰ মাজত ঢাক খাই পৰি থাকে। সন্ধিয়াৰ ৰঙীন পোহৰতহে ইউনিভাৰ্চিটিৰ গেটৰ মুখত আড্ডাই ভৰপক দিয়ে। নানান কথা, ৰাজনীতিৰ পৰা মূল্যবোধলৈকে, নেপ’টিজিমৰ পৰা শেহতীয়া ৱেব চিৰিজলৈকে, কোন প্ৰফেচাৰৰ কাৰ লগত গোপন সম্পৰ্ক আছে তাৰ পৰা কোন ডিপাৰ্টমেণ্টৰ নতুনকৈ অহা ধুনীয়া ছোৱালীজনীয়ে কাক হাৱা নিদিলে তালৈকে সকলো কথা আলোচনা হয়। হাতে হাতে থকা স্মাৰ্টফোনত ভাইৰেল ভিদিঅ বিলাক ঘূৰি ফুৰে। সকলো শেহতীয়া খবৰ চেকেণ্ডৰ ভিতৰতে হাতৰ মুঠিত ভৰোৱাৰ হেঁপাহ এটা লৈ দুৰন্ত গতিত দৌৰি থাকে এজাক তৰুণ তৰুণী।

এনেকুৱা আড্ডা বোৰত বৰ জনপ্ৰিয় সি। শেহতীয়াকৈ ৰাষ্ট্ৰ আৰু চৰকাৰক সমালোচনা কৰি লিখা ‘মুক্তিৰ বাট কেনি’ শীৰ্ষক তাৰ এলানি লেখাই বেচ সমাদৰ লাভ কৰিছে। কেইবাখনো কাকতে তাক তেওঁলোকৰ কাকতৰ প্ৰথম কলমত লিখিবলৈ অনুৰোধ জনাইছে। আনকি বহুতো প্ৰফেচাৰে তাৰ মাজত থকা সম্ভাৱনাৰ কথা মুক্তকণ্ঠে ঘোষণা কৰিছে।
‘বোকাত পদুম ফুলে’, সেইদিনা ৰাজনৈতিক সভা এখনত বৰ্তমান চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে তাৰ কথা তেনেদৰে দ্ব্যৰ্থকভাৱে উল্লেখ কৰিছিল। ইংগিতটো বুজিও সি তাৰ আক্ষৰিক অৰ্থটোকে লৈছিল।

তাহাঁ‌তৰ গাওঁখন বৰ ঘোকোট। ম’বাইল সংযোগ দূৰৰ কথা গাঁৱলৈ ইলেক্ট্ৰিচিটিয়েই অহা নাই। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে গাওঁ খনত নেতাসকলৰ পদধূলি পৰে। এসোপা মান প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ভোজ ভাত খাই তেওঁলোকে বিদায় লয়। গাঁওখন একেদৰেই থাকে। এয়া পিছে কোনো আচৰিত কথা নহয়, আচৰিত কথাটো হ’ল যে ইমান পিছপৰা গাওঁ খনৰ পৰা গৈ সি হোষ্টেলত থাকি পঢ়িছে- সেইটোহে।

এখন অটব্য হাবি, এখন নৈ আৰু এখন বিশাল পথাৰেৰে তাৰ গাওঁ‌খন সি ধুনীয়াই দেখে। মানুহবোৰে যেতিয়া এদিনৰ বাবে কোনোবা ৰিজৰ্ট এটালৈ গৈ চচিয়েল মেডিয়াত ফিলিং এথ্নিক বা এমিডষ্ট অৱ নেচাৰ বুলি আপডেট দিয়ে, এজোপা টাবৰ ফুলেৰে নিজৰ প্ৰকৃতি প্ৰেম জাহিৰ কৰে তাৰ বৰকৈ হাঁহিবলৈ মন যায়। উদং পথাৰ এখনত উদাস সন্ধ্যা এটা মেঘৰ খেলা চাবলৈ বহি থকা সময়কণ, নিদাঘ আকাশ মূৰত লৈ চৰাইৰ কিচিৰ-মিচিৰ মাত শুনি হাবিকাষৰ আলিত বহি ৰবাব টেঙা খোৱাৰ মাদকতা কণ, সেউজ পথাৰৰ ভৰুণ বুকুৱে কঢ়িয়াই অনা আশাকণ…। বিলাসী গাড়ী বাইকত উঠি ফুৰা, জীৱনৰ নিগনি দৌৰত ভাগ লোৱা তাৰ বন্ধুবোৰ জীৱনে দিয়া এই অকৃপণ প্ৰাচুৰ্যৰ পৰা বঞ্চিত। একেধৰণে সিয়ো পোৱা নাই আধুনিক জীৱনটো সজাই তুলিবলৈ লগা সম্ভাৰ, পৰা নাই মন পচন্দৰ বস্তু এপদ হেঁপাহ পলুৱাই কিনিব পৰা নাই সঘনাই সলনি কৰিব ইটোৰ পিছত সিটো মবাইল, পিন্ধা নাই ব্ৰেণ্ডেড কাপোৰ! চেমিষ্টাৰ ব্ৰেকত গোৱাৰ চী বীচ্চত উদ্দাম সংগীতৰ তালে তালে নাচি বাগি জীৱন উপভোগ কৰি পোৱা নাই, টাৱাঙ বা ব’মডিলাৰ শিলাময় পথেৰে তীব্ৰ গতিত বাইক চলাই জীৱনৰ মাদকতা ভৰা শিহৰণ অনুভৱ কৰা নাই।

জীৱনটোত কিয় ইমান ট্ৰেড অফ! কিয় সকলোবোৰ একেলগে পোৱা নাযায়!
কথাখিনিকে পাগুলি পাগুলি বহি থাকিল বুবুল।
দেউতাকেও জীৱনত ট্ৰেড অফ কৰিলে; তাৰ আৰু মাকৰ নিৰাপত্তাৰ বিনিময়ত নিজৰ জীৱন দি দিলে।
নিয়ৰ পৰা পুৱাটোত নৈৰ ধূসৰ পানী খিনিয়ে ৰহস্যময় ৰূপ ধাৰণ কৰিছে। তাৰ শৈশৱৰ নৈখনলৈ মনত পৰিল। তাৰ সমুখত যেন এয়া যেন বিশাল ব্ৰহ্মপুত্ৰ নহয়, তাৰ মৰমৰ সোৱণশিৰিহে। এইমাত্ৰ যেন কুঁৱলী ফালি নৈৰ বুকুৰ পৰা দেউতাক ওলাই আহি কলিজা কঁ‌পোৱা মাতেৰে ক’ব, ‘পঢ়া-শুনা নকৰাকৈ ইয়াত বহি কি কৰিছ? এতিয়াই যা।’
দেউতাকৰ মাতটোৰ লগে লগে শৈশৱৰ অলেখ কথা পানীৰ মাজৰ পৰা উঠি আহিবলৈ যেন লৰা-ধপৰা লগালে। স্মৃতি আচলতে নিউৰণৰ মাজেৰে হোৱা বিদ্যুৎ প্ৰৱাহৰ বাদে একো নহয়, সেয়ে স্মৃতি ক্ষিপ্ৰ-ক’ৰবাত পঢ়িছিল সি। দেউতাকে ফেৰীত কাম কৰিছিল। দেউতাক আছিল খবৰৰ ভঁ‌ৰাল। দক্ষিণ পাৰৰ খবৰবোৰ উত্তৰ পাৰৰ গাঁৱলৈ দেউতাকেই বোৱাই আনিছিল। সেই সময়ত অসমত সশস্ত্ৰ সংগ্ৰামৰ ভৰপক। টুকুৰা টুকুৰ স্মৃতি–তাৰ মনত আছে মাজে মাজে মদগজ চেহেৰাৰ ডেকা ল’ৰাৰ দল একোটা আহি দুই তিনিদিন সিহঁতৰ ঘৰত থাকি যায়হি। এবাৰ সিহঁতক খুৱাবলৈ তাৰ মৰমৰ হাঁহটো মৰাৰ সময়ত সি হিয়ালি-জিয়ালিকৈ কন্দা মনত আছে। এবাৰ দেউতাকক সিহঁতে চহৰত কৰ’বাত কিবা টোপোলা এটা থৈ আহিবলৈ কৈছিল। সেই সময়ৰ দেউতাকৰ মুখখন আৰু অসহায় চকুকেইটা তাৰ মনত আছে।

সেই ঘটনাটোত সেইবাৰ ভালেমান সৰু ল’ৰা ছোৱালীও মৰিছিল। নৈৰ ঘাট, পথাৰ সমাৰ, হাট-বজাৰ সকলোতে কথাবোৰ জুই আৰু কুকুঁহাৰ দৰে উৰি ফুৰিছিল।
ৰাতি দেউতাকে মাকক কিবা শপত দিয়া আৰু মাকে কন্দাৰ কথা তাৰ মনত আছে, ‘আৰু পাপৰ ভাগী নহওঁ’ বুলি কোৱা কথাষাৰো মনত আছে।
সেইদিনা ৰাতিয়েই এসোপামান ল’ৰা সিহঁতৰ ঘৰত লুকাইছিলহি। কেনেবাকৈ আৰ্মীয়ে খবৰ পাইছিল। গুলীয়াগুলীত থকা সৰকা হৈছিল সিহঁতৰ ঘৰ। কেইবাটাও ল’ৰা মৰা পৰিছিল। চালনীৰ দৰে অসংখ্য ফুটা গাত লৈ ঢলি পৰিছিল দেউতাক। বিছনাৰ চুকত কুচিমুচি লুকাই আছিল সি। ওলাব খোজা চিঞৰটো জোৰকৈ গিলি তাক লৈ পাচ ফালৰ মূৰ্গী গৰালেৰে বগুৱা বাই পথাৰ পাইছিলগৈ মাক। তাৰ পৰাই দেখিছিল দাউ দাউ কৈ জ্বলি উঠা সিহঁতৰ ঘৰ বাৰী — ভঁ‌ৰাল, গোহালি। নিমিষতে চকুৰ আগতে সকলো শেষ হৈ গৈছিল। পথাৰৰ ঠেৰেঙা লগা শীতত জুইৰ উত্তাপে ৰঙচুৱা কৰা মুখ দুখনত কি আছিল সেইদিনা খং-ক্ষোভ! দুখ-ভয়!
সকলো শেষ হৈও জানো শেষ হয়! জীৱন চলি থাকে। শান্ত মাকজনীয়ে তাক কথাবোৰ পাহৰাব খুজিছিল। চন পৰি থকা মাটি সেউজীয়া হৈছিল। প্ৰচণ্ড কষ্ট কৰি হ’লেও মাকে বছৰটোত কেইবাটাও খেতি কৰিছিল। সিহঁতৰ বাম খেতিৰ আলু, কচু, কবি, মূলাৰে বুধবৰীয়া বজাৰ জিলিকি আছিল। তাৰ পৰাই ওলাইছিল তাৰ পঢ়াৰ খৰচ, তেল নিমখৰ খৰচবোৰ। ঘৰৰ ভাত কেইটাৰে আকাল ভঁ‌ৰাল নোহোৱাকৈ সিহঁত চলি গৈছিল। ডাঙৰ হৈ যোৱাৰ লগে লগে সি উপলব্ধি কৰিছিল সেই কোনোমতে চলি থকাটোৱেই জীৱনৰ এক মাত্ৰ প্ৰাপ্তি হ’ব নোৱাৰে। পৃথিবীৰ নব্বৈ শতাংশ সম্পদ মুষ্টিমেয় দহ শতাংশ মানুহৰ কুক্ষিগত। বঞ্চনা-অন্যায়-শোষণ! কিহে মুক্তি দিব তাক- সিহঁ‌তক- দহ শতাংশ সম্পদ লৈ সুখী হোৱাৰ গান আওঁৰোৱা নব্বৈ শতাংশ মানুহক। শিক্ষা! কেৱল পুথিগত শিক্ষাই? বুবুলৰ সমুখত ডাঙৰ প্ৰশ্নবোধক এটা আহি পৰে। এই একেটা প্ৰশ্ন লৈয়ে তাৰ দেউতাকো নোহোৱা হ’ল।

সি পকেটত থকা ক’লা ৰঙৰ অকণমানি ধাতৱ যন্ত্ৰটো চুই চালে। মুক্তিৰ বাট কেনি?

ক’লা বস্তুটোৱে দেখুওৱা মুক্তিৰ বাটটোও সি পুৰাপুৰি বিশ্বাস নকৰে। চ’চিয়েলিজম ফেইলড মডেল। সেয়েহে এসময়ৰ সমাজবাদী মতাদৰ্শত বিশ্বাসী চোভিয়েট ইউনিয়নৰ পতন ঘটিল। ৰঙা চীনেও এতিয়া বজাৰ অৰ্থনীতিৰ দিশে হাতোৰা মেলিছে। হাতে হাত ধৰি আগুৱাই যাম আমি ধৰণৰ কথাবোৰ বুবুলৰ আজিকালি ইউটোপিয়া যেন লাগে।
এইধৰণৰ লেখা-মেলা কৰাৰ পৰাই বুবুল সিহঁতৰ চকুত পৰিল। দুটা মান দশকৰ তেজ, জুই, ধোঁৱা আৰু ছাইৰে লেটি-পেটি হোৱা অস্থিৰ সময়বোৰ লাহে লাহে শান্ত হৈছে। কিন্তু বঞ্চনা আৰু শোষণ শেষ হোৱা নাই। ক’ৰবাত সেয়ে সিহঁতো উমি উমি জ্বলি আছে। যথেষ্ট আদৰ্শগত আলোচনা-বিলোচনাৰ অন্তত সি সিহঁতৰ হকে লিখিবলৈ গাত ল’লে। ফেইচবুকৰ দৰে প্ৰভাৱশালী চচিয়েল মেডিয়াত সি সঘনাই সিহঁতৰ লক্ষ্য উদ্দেশ্যসমূহ সাম্প্ৰতিক সময়ৰ পটভূমিত বিশ্লেষণ কৰে। কিন্তু সিমানলৈকেহে তাৰ কাম। তাহাঁতৰ অন্য কাৰ্য-কলাপত সি কাহিনীও ভাগ লোৱা নাই, তাৰ আগ্ৰহো নাই। পিছে অলপ দিনৰ পৰা অচিন্ত্যহঁ‌তে তাৰ পৰা আকাৰে-ইংগিতে অন্য সহায়ো বিচাৰিছে।
এইকেইদিনতে! সিহঁতৰ আলোচনাবোৰ শুনি বুবুলো উত্তেজিত হৈ আছে। অভয়াৰণ্যত অবৈধ কয়লাৰ খনন কৰি মানুহজনে সোঁৱে-বাঁ‌ৱে টকা ঘটিছে। তদুপৰি তেওঁৰ অন্য কেলেংকাৰিও যথেষ্ট। তেখেতক সাৱধান কৰি দিয়া হৈছিল আৰু ক্ষতিপূৰণ হিচাপে বুজন পৰিমাণৰ ধনো দাবী কৰা হৈছিল। তেওঁ কোনোবাই ধেমালি কৰিছে বুলি পোনচাটেই নাকচ কৰিলে। অৱশ্যে দুদিনমান তেওঁক বডীগাৰ্ড লৈ ঘুৰা দেখা গ’ল। এতিয়া পিছে ভালেমানদিন একো উমঘাম নোপোৱা দেখি বডীগাৰ্ডৰ ব্যৱস্থাটো শিথিল হৈছে। এতিয়াই কামটো কৰি পেলোৱাৰ উপযুক্ত সময়। এনেকুৱা সমাজৰ আৱৰ্জনা বোৰক আঁতৰোৱাৰ দায়িত্ব অচিন্ত্যহঁ‌তে স্বেচ্ছাই নিজৰ কান্ধত লৈছে। মানুহজন সদায় প্ৰাতঃভ্ৰমণত ওলায়। কালিলৈ নৈৰ পাৰৰ সেই নিৰ্দিষ্ট ঠাই পোৱাৰ লগে লগে একদম জিৰ’ ৰেঞ্জৰ পৰা অচিন্ত্যই গুলি চলাব। তাৰ পিছত মুহূৰ্ততে বাইকত উঠি সিহঁতে সেই ঠাইখনৰ পৰা আঁতৰি আহিব।
: ভাবাচোন তুমি এনেকুৱা মানুহ মৰিলে সমাজখনৰে লাভ, ব’লা যোৱা যদি।
: হে! মই!! নাই নাই! মই নোৱাৰিম। মই এনেকৈয়ে ঠিক আছো। এইবোৰ মোৰ দ্বাৰা নহ’ব।
অচিন্ত্যৰ কথাত সি সৰৱে প্ৰতিবাদ কৰিলে।

: এয়াই প্ৰথম আৰু শেষ। তুমি লাইমলাইটলৈ আহিলে আমাৰে দিগদাৰ হ’ব। কিন্তু তুমি গ’লে অন্ততঃ গম পাবা আমাৰ উদ্দেশ্য ওচৰৰ পৰা অনুভৱ কৰিব পাৰিবা। ইয়াৰ পিছতে তুমি আকৌ লিখা-মেলা কৰি পৰিৱেশটো আমাৰ ফেভাৰত আনিবলৈ যত্ন কৰিবা। আৰু এইটো ৰাখা, এনেকৈ এনেকৈ ল’বা তাৰ পিছত এইফালে এইম কৰি এনেকৈ ট্ৰিগাৰ টিপিবা।

অচিন্ত্যই তাক নৈৰ কাষৰ হাবিডৰাতে মোটামুটি পিষ্টলটো চলোৱাৰ ট্ৰেইনিং এটা দি দিলে।
: এনেই দৰকাৰ নহয়, তথাপিও আৰু। বাইচাঞ্চ!
: তাকেই বাইচাঞ্চৰ কোনো লাইচেন্স নাই- লৈ থোৱা বুবুল।- মৃগেনে ৰসিকতা কৰিলে।
কোনেও নাহাঁহিলে পিছে। ভিতৰি ভিতৰি অত্যন্ত উত্তেজিত হ’লেও পিষ্টলটো হাতত লৈ গুটকাৰ পেকেট সোমোৱাদি অত্যন্ত স্বাভাৱিকভাৱেই বুবুলে পেণ্টৰ জেপত ভৰাই থ’লে।

তাৰ পিছৰ পৰাই পিষ্টলটোত হাত বুলাই বুলাই বুবুল নৈৰ পাৰত বহি আছে। পিষ্টলটো লগত থকাৰ বাবে তাৰ নিজকে খুব শক্তিশালী যেন লাগিছে। সি যেন কাকো পৰোৱাই নকৰিব– সাংঘাতিক নিৰাপদ, চুপাৰমেন ধৰণৰ ভাৱ এটাই অনবৰতে ক্ৰিয়া কৰি আছে।
সি দেখোন যি কোনো কামেই কৰিব পাৰে। আচ্ছা– পৰীক্ষা কৰি চোৱা যাওক।

সি নৈৰ পাৰৰ পৰা উঠি আহিল। তাৰ ভোক লগা যেন লাগিল। সি অলপ দূৰ গৈ মজলীয়া ধৰণৰ হোটেল এখনত সোমাল। এক প্লেট পুৰী-চৱজী আৰু একাপ চাহ।
ৰাতিপুৱাই বিহাৰী মেনেজাৰ আৰু পোৱালি বয়কেইটাৰ বাহিৰে হোটেলখনত কোনো মানুহ নাই। বাৰ বছৰীয়া মানৰ ল’ৰা এটাই লেতেৰা ফটাকানি এখনেৰে তাৰ টেবুলখন দুবাৰ মান ঘঁ‌হা মাৰিলেহি। আন এটাই তাৰ সন্মুখতে থক কৈ শব্দ কৰি পুৰী-ভাজিৰ প্লেটখন থৈ গ’ল। সি এবাৰ ইফালে-সিফালে চাই লাহেকৈ পিষ্টলটো উলিয়াই মেনেজাৰে দেখাকৈ টেবুলতে থ’লে।

মুহূৰ্ততে যেন পৰিবেশ বদলি গ’ল। চেপা উত্তেজনা এটা হোটেলখন জুৰি বৈ থাকিল। বয়বোৰ ভিতৰত অদৃশ্য হৈ গ’ল। হাত কচালি -কচালি বিনয়ৰ অৱতাৰ হৈ মেনেজাৰৰ খিদমৎ চলি থাকিল। কঁ‌পালত তেওঁৰ বিন্দু বিন্দু ঘাম। বুবুলে বৰকৈ উপভোগ কৰিলে পৰিৱেশটো। খাই উঠি পইচা দিব খোজোতেই মেনেজাৰে হাতযোৰ কৰিলে।
বুবুল আগতকৈও অধিক আত্মবিশ্বাসেৰে ওলাই আহিল।
দিনৰ দিনটো সি চহৰখনত ঘূৰি থাকিল। এটাও টকা খৰচ নকৰাকৈ সি চাহ, ভাত, চিকেন, মিঠাই কেপি, গুটকা চব খালে।
বাৰে বাৰে সি পিষ্টলটো চুলে, তাক চুমা খালে। বুবুল চমৎকৃত হয়- এই কণমান অস্ত্ৰটিয়ে সমগ্ৰ পৃথিৱী পদানত কৰাৰ ক্ষমতা ৰাখে। সি বস্তুটোৰ প্ৰেমত পৰে। সি কল্পনা কৰিবলৈ ধৰে….

পিষ্টলটো লৈ এফালৰ পৰা দুৰ্নীতিগ্ৰস্ত মানুহবোৰক গুলীয়াই যাব। ক’তো দৰিদ্ৰতা নাথাকিব, অপুষ্টি, শোষণ-বঞ্চনা একো নাথাকিব। সকলো সমান, সকলো একে!
তাৰ কোনোবা এখন চিনেমা চোৱা মনত পৰিল, ‘গৰ্বিত ভংগীৰে উদ্যত পিষ্টলেৰে নায়কে এফালৰ পৰা সকলোকে গুলীয়াই যোৱাৰ দৃশ্য।’
কালিলৈ ৰাতিপুৱা! মানুহজনৰ শেষ ৰাতিপুৱা!
ৰিম’ভেল অৱ ওৱান চ’চিয়েল বেড লিডচ টু চচিয়েল ৱেলফেয়াৰ- এজ চুন এজ পচিব’ল।
যদি সি ৰিভাৰ্চ কৰি দিয়ে খেলখন! কথাটো ভাবিয়েই সি উত্তেজনাৰ শীৰ্ষত অৱস্থান কৰিলে।
মানুহজনক যদি আজিয়েই মৰা যায়!
এই অকণমানি পিষ্টলটোৰ ইমান শক্তি– যি ওলট পালট কৰি দিব পাৰে হ’ব লগীয়া ঘটনা প্ৰৱাহ! য়েচ! কালিলৈৰ ৰাতিপুৱা নহয় -আজি ৰাতি! আজি ৰাতিয়েই হ’ব তেওঁৰ শেষ ৰজনী! তাৰ নিজকে ভগৱানৰ দৰে লাগিল। মানুহজনৰ অদৃষ্ট সি লিখিব।
জাঁপ মাৰি সি চিটিবাছ এখনত উঠিল। গণেশ মন্দিৰৰ ওচৰত নামি দি সি বেপৰোৱা হৈ আগবাঢ়ি গ’ল। আৰু অলপ গ’লেই মানুহজনৰ প্ৰসাদোপম অট্টালিকা। চাকৰি প্ৰাৰ্থী বুলি নিজৰ পৰিচয় দি সি তেখেতৰ অফিচৰুমৰ সমুখতে বহিল। এয়া শেষ দৰ্শনাৰ্থীজন ওলাই গৈছে। তাক ভিতৰলৈ মাতিছে। সি উল্লাসিত হৈ উঠিল। আৰু কেইটামান মুহূৰ্তৰ পিছতে অচিন্ত্যহঁ‌তে ভাবিব নোৱাৰা ঘটনা এটা ঘটিব। পকেটৰ ভিতৰতে পিষ্টলটো জোৰকৈ খামুছি সি ভিতৰলৈ সোমাই গ’ল। এইজনেই- নিউজে-চিউজে দেখিছে যদিও আজিহে সি লগ পালে।

: কোৱাচোন ডেকাল’ৰা কি মন কৰি আহিলা। তোমাৰ লেখাবোৰ পাই থাকো। ভাল লিখা তুমি- মছলা আছে। ৰেইজ কৰিব পাৰিবা।

কৈ কৈ মানুহজনে তালৈ মূৰ তুলি চাই শেঁতা পৰি গ’ল। তেওঁৰ ফালে উদ্যত পিষ্টলটো টোঁৱাই সি ৰৈ আছে। অস্থিৰ উত্তেজনাত তাৰ চকুৰ মণিকেইটা তিৰ-বিৰাই আছে। আজিলৈকে সি হাঁহ এটাও মাৰি পোৱা নাই। আজি সি মানুহ মাৰিব। ঠিক কপালৰ সোঁ‌মাজত– আস! ফিচকাৰীৰ দৰে ওলাই অহা তেজবোৰ! তাৰ ট্ৰিগাৰ চুই থকা হাতখন ঘামিবলৈ ধৰিলে। এইটো চাইলেন্সাৰ থকা পিষ্টল, শব্দ নহ’ব। বুবুলক শব্দও লাগে। সি সম্পূৰ্ণ ঘটনাটো উপভোগ কৰিব বিচাৰে।
খটংকৈ কিবা এটা শব্দ হ’ল। তেতিয়াহে সি দেখিলে মানুহজনৰ কিশোৰ পুত্ৰই কোঠাটোৰ পৰা বগুৱা বাই ওলাই যাব খোজোতে খুন্দা মাৰি কাষৰ টিপয়খনৰ ফুলদানিটো পেলাই দিলে।
ভয়াৰ্ত দুচকু আৰু শেঁতা পৰা মুখ! গিলি পেলোৱা চিঞৰ! সেয়া যেন এসময়ৰ সিয়েই। মূৰ্গীৰ গড়ালেৰে পলাওতে ধৰা পৰা হ’লে সি আজি ইয়াত ৰৈ থাকিলহেঁতেননে!
সেই ৰাতিটো! ভয় আৰু দুখত মুখৰ মাত নোহোৱা এটি কিশোৰ– সদ্য বিধৱা এগৰাকী নাৰী, জ্বলি থকা একুৰা জুই তাৰ চকুৰ আগত নাচিব ধৰিলে।
আকৌ একেধৰণৰ ঘটনা! নহ’ব।
সৰ্ব শক্তিমান সি! গেম চেইঞ্জাৰ!
তাক এবাৰ সাবটি লৈ আশ্বস্ত কৰিবৰ মন গ’ল বুবুলৰ। পিষ্টলটো টেবুলতে থৈ দুহাত মেলি সি কণমানিটোৰ ওচৰলৈ আগবাঢ়িল। সি থকালৈকে পৃথিৱীৰ কোনো শক্তিয়ে কণমানিটোৰ দেউতাকক তাৰ পৰা কাঢ়ি নিব নোৱাৰে।
সি তাক সাৱটি ধৰিব খোজোতেই চাইলেন্সাৰ থকা পিষ্টলেৰে সুহুৰিৰ দৰে শব্দ এটা হ’ল।
এক পলক! এক পলকত তাৰ কলিজা ভেদী তীক্ষ্ন ধাতুৰ টুকুৰাটো পাৰ হৈ গ’ল। কণমানিটোৰ কাষতে হামখুৰি খাই পৰি গ’ল বুবুল। হাতত তাৰ পিষ্টলটো লৈ সেয়া কণমানিটোৰ দেউতাক!
বুবুলে হাঁহিবলৈ চেষ্টা কৰিলে। কণমানিৰ দেউতাক বাচি গ’ল! কি ভাল লগা ন? সি ওলোটাই দিলে খেলখন।

এই যন্ত্ৰণা কি মিঠা –কি সুন্দৰ! মৰণো ইমান সুন্দৰনে! তাৰ হাঁহিটো… মানুহজনৰ কিশোৰ পুত্ৰলৈ চাই মাৰিব খোজা হাঁহিটোৰ ৰেশ অকণ তাৰ তিৰবিৰোৱা চকু দুটিত লাগি থাকিল।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Parashmoni Mahanta
2 years ago

বহুত ভাল লাগিল বাইদেউ

Don`t copy text!