এক চিলকা পানী দেও

লেখক- মেঘনা চৌধুৰী

গধূলিতে যেন মাজনিশাৰ নিস্তব্ধতা! ঘন অন্ধকাৰত ডুব মাৰি নিজকে নিঃশেষ কৰি পেলাবলৈকে ছাতলৈ উঠি গৈছে অপৰ্ণা। ক’তো লেশমাত্ৰও পোহৰ নাই, হয়তো সেয়া আঁউসী! গাটোত দুই এটোপাল বৰষুণৰ আছাৰকণি পৰিছে।
সৰুতে এনেবোৰ ৰাতি পাছফালৰ জাৰণিৰ কাষত তাই পেচাব কৰিবলৈ বহিলে আইতাকে টিপচাকিৰে পোহৰ দেখুৱায়। কেতিয়াবা সেইখিনিৰে কিহবাই খচমচাই গুচি যোৱা যেন লাগিলে, তাইৰ পেচাবখিনি আধাতে ৰৈ যায়।
‘কায়বা পাৰ হয়া গেল নেকি আবো? ’
তাইৰ ডিঙিটো শুকাই কাঠ যেন হয়।
‘ধেই, কায়ো নাই ৰে! এত ভয় কৰিলে কেমনে চলিব মাও? ’
আইতাকে চাকিটো তাইৰ ওচৰ চপাই দিয়ে।
বুজন হোৱাৰে পৰা তাই দেখিছিল, দীঘলীয়া খৰাং পৰিলে কোনোবা গভীৰ ৰাতি গাঁওখনৰ আন তিৰোতাবোৰৰ লগত মাক, খুড়ীয়েকহঁত ঘৰৰ বাহিৰ ওলায়। সেইদিনা ঠিক কোনোবা পূজা-পাৰ্বনৰ দৰে আয়োজনো চলে। অথচ পূজাখন কোনোদিনেই দেখা পোৱা নগৈছিল। আইতাকে মাথোঁঁ তাইক বুজাইছিল, পথাৰত সেই ৰাতি হুদু এটাই কান্দিব।
‘হুদুৱে কান্দিলে কি হয়ৰে আবো? ’
কোনোবাই হেনো তাইক স্কুলত কৈছে, হুদুৱে কোনোবা দেও-ভূত অহাৰ সংকেত দিয়ে!
চাৰিটা সন্তান অকলে বুকুত বান্ধি ডাঙৰ কৰা আইতাকে তাইক সাৱতি ধৰি অভয় দিছিল, ‘ভূত-প্ৰেত এইগুলা কিচ্ছু নাই। মানসিয়ে আসল ভূত! মানসিৰ পৰা বাচিয়া থাকিবি। ’ এতিয়া বাৰে-বাৰে অপৰ্ণাৰ ভাৱ হয়, স্কুলৰ দুৱাৰডলি গচকি নোপোৱা পিছপৰা গাঁও এখনৰ সাধাৰণ মানুহজনীয়ে কোন কাহিনীবাই কোৱা কথাষাৰ কেনেকৈ জানো ইমান মিলি গ’ল! ভূত-প্ৰেত বুলিতো সঁচাকৈয়ে একো নাই। আচলতে মানুহেই ভূত। মানুহৰ পৰাহে বাচি থাকিব লাগে!
দুপৰীয়াৰে পৰা অপৰ্ণাৰ মূৰৰ বিষ। উৎকট গৰমত ভাত ৰান্ধিবলৈকো মন যোৱা নাছিল। ৱালেটৰ পৰা এ টি এম-ৰ ষ্টেটমেণ্টখন উলিয়াই তাই এনেয়ে দুবাৰমান চালে। জমাৰ ঘৰত মাত্ৰ চাৰিটা সংখ্যাৰ হিচাপ দেখুৱাই থকা কাগজখন মুঠি মাৰি, ঘূৰ্ণীয়মান চিলিং ফেনখনলৈ চাই অপৰ্ণা বহুপৰ বিছনাতে পৰি ৰ’ল। চাওঁ-নাচাওঁকৈ মাজে মাজে তাই পুৱাতেই অহা হোৱাটছ্এপৰ মেছেজটোও চাই থাকিল, – ‘তেওঁ ৰসিক মানুহ। ৰসলগাকৈ কথা পাতিবা, গল্প শুনাবা, সেয়াই আৰু। মুঠতে তেওঁক সুখী কৰিব পাৰিলেই হ’ল। ’
প্ৰথমবাৰ মেছেজটো পঢ়োঁতে জিকাৰ খাই উঠিছিল অপৰ্ণা। দুৰ্দিনত চিনাকি মানুহৰ ওচৰত হাত পাতি তাই বুজি উঠিছিল, মূল্য অবিহনে পৃথিৱীত হয়তো একোৱেই পোৱা নাযায়। ৱালেটৰ শূন্যতা পূৰাব পৰাকৈ দীৰ্ঘদিন কৰ্মহীনতাত ভোগা অপৰ্ণালৈ অহা প্ৰস্তাৱটোৰো মূল্য নিৰ্ধাৰিত আছিল। মাথোঁঁ এটা ৰাত্ৰিযাপন, আৰু বিনিময়ত বেছ কিছুদিন চলিব পৰাকৈ অলপ সম্বল।
দুদিনৰ আগতে তাই কৌশিকৰ লগত ফ’নত কথা পাতিছিল, – ‘তিনি মাহ পাৰ হৈ গ’ল। এইমাহৰ ঘৰ ভাড়াও দিব পৰা নাই। এতিয়াতো বজাৰ কৰিবলৈকে পইচা নাই। পাৰিলে অলপ সহায় কৰানা প্লিজ! ’
অপৰ্ণাৰ উচুপনিৰ সিটো পাৰে কৌশিকৰ নিৰুদ্বেগ কণ্ঠ, ‘মোৰ ফ্ৰেণ্ডচাৰ্কলত বহুতৰে একেই অৱস্থা। ৰাজাৰ জিম বন্ধ, বিকিৰ ফুডিং চাৰ্ভিছ, পল্লৱীৰ পাৰ্লাৰ কেতিয়া খুলিব একো ঠিকনা নাই। নিউজ চোৱা নাই? লাখ-লাখ মানুহ খোজ কাঢ়িয়েই ঘৰমুৱা হৈছে। তোমাকো মই তাকেই ক’ম অপৰ্ণা। ঘৰলৈকে যোৱাগৈ নহ’লে। ’
অপৰ্ণা নিৰ্বাক হৈ পৰিছিল। তাই বিশ্বাস কৰিছিল, অতবোৰ দিন আৰু ৰাতি একেলগে কটোৱাৰ পিছত ভালপোৱাৰ ৰসায়নৰ সৃষ্টি নহ’লেও কাৰোবাক অন্ততঃ উপেক্ষা কৰিব পৰা নাযায়! শৰীৰী আদান-প্ৰদানৰ উত্তাপে মনটোকো কোনোবাখিনিত স্পৰ্শ কৰেগৈ। অথচ অসুস্থ পৃথিৱীয়েই তাইক শিকালে, সকলো মানুহেই আচলতে কোনোবাখিনিত বৰ অকলশৰীয়া!
পাঁচ বছৰ আগতে, কোকৰাঝাৰৰ ভিতৰুৱা গাঁও এখনৰ পৰা তাইৰ গুৱাহাটীমুখী যাত্ৰাটো একেবাৰে সহজ নাছিল। প্ৰথমতে দুই-এঠাইত মডেলিং, আৰু পিছলৈ মাজে-মাজে কোনোবা ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ দ্বাৰা আয়োজিত অনুষ্ঠানবোৰত অতিথি আপ্যায়ন কৰিও কিছু উপাৰ্জন কৰিছিল তাই। তেনেকৈয়ে লাহে-লাহে দুই-এখন টেলিভিশ্যন ধাৰাবাহিকত ভূমুকি মৰাৰো সুবিধা পাইছিল। মহানগৰীৰ অলিয়ে-গলিয়ে গজি উঠা অজস্ৰ সপোন-বৃক্ষৰ মাজত গুটি সিঁচিছিল অপৰ্ণাৰ চকুহালেও। সেই দৃষ্টিয়ে সন্ধান পাইছিল উপাৰ্জনৰ সহজ পথবোৰৰো। কিন্তু কৃত্ৰিম মায়ানগৰীৰ ধোঁৱাবৰণীয়া বিষকণিকাই অপৰ্ণাৰ আত্মাক ছানি ধৰা নাছিল। অভাৱৰ দিনতো সেয়ে পণ্য হ’ব পৰা নাছিল সেই সমুজ্জ্বল সত্তা।
ঘৰৰ মালিকে ৰখা দৈনিক বাতৰিকাকতখনে নিয়মীয়াকৈ প্ৰথম পৃষ্ঠাত স্তম্ভ এটা ছপা কৰি আছে। প্ৰতিষ্ঠিত শিল্পীসকলে তাত মনৰ কথা কৈছে –
‘শিল্পীয়ে সঁচাকৈ শিল পি খাব লাগিব’
‘ছবিঘৰলৈ দৰ্শক উভতিবনে? ‘
‘ভ্ৰাম্যমাণ থিয়েটাৰ হ’বগৈ ইতিহাসৰ পৃষ্ঠা’
‘কলা-কুশলীৰ বাবে চৰকাৰ, প্ৰশাসন, সংগঠনবোৰে কিবা ব্যৱস্থা ল’বনে? ’
মুখত মাস্কখন পিন্ধি বজাৰৰ পৰা খোজকাঢ়ি অহা অপৰ্ণাই তলৰ মহলাত মালিকৰ বাৰাণ্ডাখনতে ফোঁপনিটো মাৰ যোৱাবলৈ অলপপৰ ৰয়। তেতিয়াই তাই মেজত পৰি থকা কাকতখনতো চকু ফুৰায়। বিশেষকৈ শিল্পীসকলৰ দুখ-দুৰ্দশাবৰ্ণীত স্তম্ভটোৰ মাজত নিজৰ বাবেও তাই বাট এটা বিচাৰি থাকে। আজিৰ শিৰোনামটোৱে পুৱাৰে পৰা তাইৰ ভিতৰখন যেন জোকাৰিহে আছিল! চলচ্চিত্ৰৰ কোনোবা কাহিনীকাৰে আক্ষেপৰ সুৰত লিখা বাক্যশাৰী অৱচেতনতো কঢ়িয়াই ফুৰিছিল তাই, ‘ভোকাতুৰ মানুহবোৰ নিজেই একোটা গল্প’।
চিন্তাৰ পাকঘূৰণিত সোমাই থাকোঁতে তাইৰ পেটটোৱে কলমলাই উঠিল। বিছনাৰ পৰা উঠি পানীৰ বটলটো লৈ খিৰিকীমুখত ৰ’লেগৈ তাই। অপৰ্ণাই বুজে, কেৱল তাইৰেই নহয়, জগতৰ সকলো মানুহৰেই এতিয়া কেৱল ভোক লাগিছে। হয়তো প্ৰাণ বচোৱাৰ ভোক, অথবা পেটৰ ভোকত কাতৰ হোৱা মানুহক কিনি পেলোৱাৰ ভোক। পৃথিৱীত এতিয়া কেৱল ভোকাতুৰ মানুহৰ দীঘলীয়া শাৰী। অপৰ্ণাৰ চকুৰ আগত ভাঁহি উঠিল নাদৰ পাৰত এলুমিনিয়ামৰ চৰিয়াত চাউল দুমুঠিমান ধুই থকা তাইৰ মাকজনী। দুপৰবেলাৰ পাকঘৰত হয়তো মাকে বাৰীৰ শাক দুডালমান কুটি আছে! ৰঙা মাটিৰে মচি থোৱা পিৰালিত বহি দেউতাকে হয়তো গাই আছে এটা দেহবিচাৰৰ গীত! বহুদিনৰ মূৰত মাকৰ মাতটো শুনিবলৈ তাইৰ বৰকৈ মন গ’ল।
– ভাল’ আছিস মাও? তোৰ গলাটা কতদিন পৰে শুনিলুং। ফ’ন ট’ন কেনে না কৰিস?
এই স্নেহসনা মাতটোলৈ, ‘মাও’ বুলি তাইক মতা আকুল কণ্ঠটোলৈ বৰ ভয় কৰে অপৰ্ণাই। ফ’নটো থৈ দিয়াৰ পিছতো বহুপৰলৈ কন্দুৱাই থাকে সেই মাতে।
যোৱাবাৰ দুৰ্গা পূজাত তাই গুৱাহাটীৰ বৃহৎ বজাৰ এখনত দহ দিনৰ বাবে গ্ৰাহকসকলৰ মাজত নানান প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কাম এটা পাইছিল। দিনে বাৰ ঘণ্টাকৈ কষ্ট কৰিলেও পঁচিশ হাজাৰ টকাৰ চেকখনে যেন নিমিষতে পাহৰাই পেলাইছিল সেইখিনি। তেতিয়াই মাকলৈ বুলি সাধাৰণ ফ’ন এটা কিনিছিল তাই।
– আছোং আৰো। হাতত টাকা পয়সা কিচ্ছু নাই মা।
অপৰ্ণাৰ দুচকুৰে ঢল বৈ আহিল। নকওঁ বুলি ভাবিয়ো মাকৰ পৰা তাই নিজৰ অভাৱখিনি লুকুৱাব নোৱাৰিলে। উচুপি উঠিল মাকজনীও। দিন হাজিৰা কৰি, বাঁহৰ পাচি-খৰাহী বেচি, কেতিয়াবা শালত বোৱা দুই এখন গামোছা-পাটানী বিক্ৰী কৰি চলা ঘৰখনে এই অতিমাৰীৰ সময়ত যে পেটত জুই লৈ জীয়াই আছে, সেই কথাতো অপৰ্ণাৰ অজানা নহয়।
– ঘৰেৰো অৱস্থা খুব বেয়াৰে মাও। তবু ধৈৰ্য ধৰিয়া আছং। ভাবছং, দিনগুলাতো সদায় সমান নাহয়। বেমাৰ যেমনে আসিছে, একদিন চলিয়াও যাব।
মাকৰ কথাবোৰে তাইক সাহ দিয়ে। ঠিক যেন আইতাকৰ দৰে!
ফ’নটো থোৱাৰ পৰতেই তাইৰ কোঠাৰ দুৱাৰত টোকৰ পৰিল।
তাইৰ সন্মুখত ঘৰটোৰ কাষৰ অংশটোত থকা ছেৰী লিংড’।
– বৰ বেয়া খবৰ অপৰ্ণা! বুবু আৰু নাই!
তৎমুহূৰ্ততে অপৰ্ণাই ছেৰীৰ লগত তলৰ মহলালৈ নামি গ’ল। বাহিৰৰ পৰাই শুনা গৈছে কান্দোনৰ ৰোল। ঘৰখনৰ মালিকৰ একমাত্ৰ সন্তান বুবু চেন্নাইৰ পৰা এমাহ আগতে গুৱাহাটীলৈ উভতি আহিছিল। ক’ভিড পৰীক্ষাত পজিটিভ ফলাফল ওলোৱাত প্ৰথমে কিছুদিন সৰুসজাইৰ ক’ভিড কেয়াৰ চেণ্টাৰত থকাৰ পিছত ক্ৰমান্বয়ে বেছিকৈ অসুস্থ হৈ পৰিছিল সি। আই চি ইউৰ ভিতৰত তীব্ৰ নিউমোনিয়াত আক্ৰান্ত হোৱা বুবুৰ চিকিৎসা চলিছিল। কিন্তু অৱশেষত অচিন শত্ৰুৰ সৈতে হোৱা যুঁজখনত ঢলি পৰিছিল বিশ বছৰীয়া ল’ৰাটো।
– তাক এবাৰ ঘৰলৈ আনক অ’ কোনোবাই! এনেকৈ যাব নোৱাৰে সি। মোৰ বুবু এনেকৈ গুচি যাব নোৱাৰে। শুনিছেনে…? তই ঘূৰি আহ বুবু…!
অসমলৈ ঘূৰি অহাৰ পিছত বুবুক এবাৰৰ বাবেও চুবলৈ নোপোৱা মাকজনীক বুজাব পৰাকৈ কাৰো মুখতে এটাও শব্দ নাছিল। ঘৰখন পোহৰাবলৈ বুবু আৰু কোনোদিন উভতি নাহে। নিজে উমলি ফুৰা চোতালখনৰ তুলসীতলত এপলক জিৰাবলৈ নোপোৱাকৈয়ে সি একেবাৰেই গ’লগৈ। আনকি বুবুক শেষ বিদায় জনাবলৈও অনুমতি নাপালে তাৰ আপোনজনে।
অপৰ্ণাৰ গাটো অৱশ লাগি আহিল।
সময় ইমান নিষ্ঠুৰ কেনেকৈ হ’ল? যাওঁ বুলিয়েই যে মানুহবোৰ গুচি গৈছে! ইমান সহজনে মৃত্যু?
কথাবোৰ ভাবি তাই আৰু থিৰেৰে ৰৈ থাকিব নোৱাৰিলে। কোনোমতে নিজৰ কোঠাটোলৈ গৈ মজিয়াতে বহি পৰিল তাই।
লহিওৱা আবেলিটোৰ হাতত ধৰি আন্ধাৰ নামি আহিছিল। চৌহদটোত এক জয়াল নিস্তব্ধতা। অপৰ্ণাৰ মনত পৰিল, কেইমাহমান আগতে পঢ়িবলৈ যাবলৈ ওলোৱা বুবুয়ে তাইক হাঁহিমুখে মাত লগাইছিল, ‘মই চেন্নাইত থাকোঁতেই এবাৰ সাগৰ চাবলৈ যাবা দেই অৰ্ণা বা! ’ তাইৰ দুচকু তিতি গ’ল। কিয় এনে হয়? সাগৰৰ ঢৌৰ দৰে অকস্মাত একোটা দুৰ্যোগ আহে আৰু অসহায় উচুপনিবোৰ ৰৈ যায় সময়ৰ ধবংসস্তুপৰ মাজত! বুবুৰ স্মৃতিয়ে তাইক মনত পেলাই দিলে কোনোবাই ফেইছবুকত লিখা আলবে’ৰ ক্যেম্যুৰ ‘দ্য প্লেগ’ উপন্যাসখনৰ এষাৰ উক্তিলৈ, – ‘প্লেগ আৰু জীৱনৰ মাজৰ সংঘৰ্ষত মানুহৰ প্ৰাপ্তি কেৱল জ্ঞান আৰু সোঁৱৰণি। ’
আইতাকৰ পৰা বুবুলৈকে বৈ অহা ভাৱনাৰ সোঁতটোতে সন্ধিয়াটো উটি গৈ আছিল। বিজুলীৰ চমকত অপৰ্ণাই চক্‌ খালে। নিশাৰ বুকু ফালি ৰিণি-ৰিণিকৈ ভাঁহি আহিল কাৰোবাৰ সুৰীয়া বিননি।
…হুদুম ঘৰেৰ সাত ভাই
আমৰা খানিক পানী চাই…
আবিয়ৈ হৈয়ো এবাৰ তাই মনে-মনে তিৰোতাজাকৰ মাজত সোমাই সেই গীতবোৰ শুনিছিল। তেতিয়াই কেনেকৈ জানো বুকুত দাগ কাটি বহিছিল সেই প্ৰাচীন আকুতিবোৰ!
জেঠমহীয়া ছিঁৰালফটা পথাৰখনত হুদুমখুটি পোতা তিনিদিন পাৰ হৈ গৈছে, কিন্তু আকাশত মেঘ নাই। মৰআঁউসীত হুদুমদেওক পূজা লাগে। এজাক নিৰ্বস্ত্ৰা, মুক্তকেশী তিৰোতাৰ আৱাহন আৰু সমৰ্পণ লাগে। ঘোপমৰা আন্ধাৰত কাৰো শৰীৰ কোনেও দেখা নাই। হুদুমখুটিৰ চাৰিওফালে উদ্দাম ভংগীত নৃত্যৰতা তিৰোতাজাকৰ ঘামৰ টোপালত তিতি গৈছে পথাৰৰ শুকান মাটি। বহু বছৰ আগতে দেখা নাৰী অৱয়বকেইটাই নাচি নাচি যেন অপৰ্ণাৰ কাষ চাপি আহিছে, আৰু কোনোবাই তাইক ফুচফুচাই মনত পেলাই দিছে পৃথিৱীৰ সেই আদিমতম সত্য, – বৰষুণ কামনা কৰিবা, অথচ তিতিবলৈ নিজকে উদং কৰি নিদিবা, সেয়া কেনেকৈ সম্ভৱ?
উচপ খাই উঠিল অপৰ্ণা। তাইৰ ভিতৰখন বৰকৈ ধপধপাবলৈ ধৰিলে। ক’ৰবাত যেন হুদু এটাই মাতিছে! এয়া বৰষুণৰ দেৱতা অহাৰ সংকেত! মৰুভূমি হৈ পৰা জীৱনবোৰলৈ সুখৰ বৰষুণ এজাক নামিবনে?
…হুদুমদেও হুদুমদেও
এক চিলকা পানী দেও…
এচলু পানী বিচাৰি হাহাকাৰ কৰা মানুহবোৰৰ হাতত দেৱতাক অৰ্পণ কৰিবলৈচোন একোৱেই নাই! নাই… নাই… প্ৰাণৰ বাদে একোৱেই নাই…! মৃত্যু অবিহনে এই যাতনাৰ পৰা তেন্তে মুক্তি কিজানি সম্ভৱেই নহয়!
কিন্তু মাকে যে কৈছিল, বেমাৰটো যেনেকৈ আহিছে তেনেকৈ এদিন গুচিও যাবগৈ! সেয়াওতো সত্য। প্ৰতিখন যুদ্ধৰে এদিন অৱসান ঘটে। হাজাৰ-হাজাৰ দুৰ্যোগে বিধস্ত কৰাৰ পিছতো পৃথিৱীৰ বুকুত পুনৰ গজি উঠে সভ্যতাৰ অংকুৰ।
বৰষুণজাকৰ বেগ বাঢ়িছিল। ক্ৰমান্বয়ে যেন সিক্ত হৈ আহিছিল অপৰ্ণাৰ শুকান অভ্যন্তৰ। ছাতৰ পৰা আন্ধাৰৰ মাজত ডুব যোৱাৰ আগতে তাইৰ আকৌ এবাৰ পোহৰ অকণমান গাটোত সানি ল’বলৈ মন গৈছিল। কোবাকুবিকৈ কোঠালৈ ঘূৰি গৈ তাই তিতা কাপোৰসাজ সলাই পেলালে। খুলি পেলালে মৃত্যুভাৱনাৰ শেলুৱৈ সাজ। যেন চেতনাৰ পৰা প্ৰবল নৈৰাশ্যক জোকাৰি পেলাব পৰাকৈ জীৱনৰ প্ৰতি তাইৰ মোহ উপজিছিল।
মনৰ খিৰিকীখন খুলি দিবলৈ অপৰ্ণাৰ বৰকৈ ইচ্ছা জাগিল। কথাবোৰ কৈ পেলাব পাৰিলেহে তাইৰ অন্তৰখন মুকলি হ’ব।
– ভিতৰলৈ আহিবানে?
দুৱাৰখন খুলিয়েই ছেৰীয়ে সুধিলে।
নাৰ্ছ ছেৰী লিংড’য়ে হস্পিটেলৰ ক’ভিড ৱাৰ্ডত ডিউটী কৰাৰ পিছত আন চিকিৎসাকৰ্মীসকলৰ দৰে চৈধ্য দিন গৃহবন্দীত্বৰ নিৰ্দেশ মানি আছিল। ‘হোম কোৱাৰেন্‌টিন্‌’ ল’বৰে পৰা চৌহদটোৰ কাৰো সংস্পৰ্শলৈ অহা নাছিল তাই।
– আজি ৰাতিটো তোমাৰ লগত থাকিবলৈ দিবা ছেৰী?
ছেৰীৰ কোঠাটোত সোমায়ে অপৰ্ণাই দেখিলে দেৱালত আঁৰি থোৱা যীশুৰ সন্মুখত সেই মাজনিশালৈ জ্বলি আছে তিনিডাল মমবাতি। কঁপি থকা স্নিগ্ধ পোহৰখিনিয়ে যেন চৌদিশে প্ৰশান্তি চটিয়াই আছে!
সিজোৱা গৰম নুডলছ্‌ এবাটি অপৰ্ণাক খাবলৈ দি ছেৰীয়ে তাইৰ পৰা অলপ আঁতৰত বহি ল’লে।
– জানানে অপৰ্ণা, মোৰ দেউতা এজন কাঠমিস্ত্ৰী আছিল। পাকৈত হাতেৰে প্ৰায়ে তেওঁ কি সাজিছিল জানা? কফিন!
ছেৰীৰ কথাষাৰত অপৰ্ণা ক্ষন্তেক থমকি ৰ’ল। পৃথিৱীত কিছুমান মানুহে যে কেৱল আনৰ মৃত্যুযাত্ৰাৰ বাবে সমল সাজে, সেই কথাটো তাই কোনোদিনে ভাৱি চোৱা নাছিল।
– দেউতাই কৈছিল, গাঁওখনত যিমান বেছিকৈ মানুহ মৰিব, সিমানেই তেওঁৰ লাভ। অথচ তেনে লাভৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও কৰিব নোৱাৰি। বিচাৰিব পাৰি কেৱল মানুহৰ মুক্তিৰ সহজ বাট। আনকি নিজে সজা কফিন এটাতে দেউতা নিজেও এদিন শুই পৰিছিল। তেতিয়া ভাবিছিলোঁ, নিজৰ মৃত্যুৰ বাবেও তেওঁ আয়োজন কৰি থৈ গ’ল!
ছেৰীৰ কথাত থৰ লাগিল অপৰ্ণা।
– ক’ভিড ৱাৰ্ডত ডিউটী নকৰা হ’লে হয়তো বুজিয়েই নাপালোঁহেঁতেন, ইমান সন্তৰ্পণেও যে মৃত্যু আহিব পাৰে! এই জীৱনটোক প্ৰাণভৰি ভাল পাবা অপৰ্ণা। ই কেতিয়া থমকি ৰয়, তাৰ যে একো ঠিকনা নাই!
অপৰ্ণাৰ ডিঙিটো যেন কিহবাই সোপামাৰি ধৰিলে। তাইৰ হেঁপাহ পলুৱাই কান্দিবলৈ মন গ’ল। সেই কান্দোন কাৰোবাৰ মৃত্যুশোক অথবা নিজৰ অসহায় স্থিতিৰ বাবে নাছিল। অতিমাৰীৰ গ্ৰাসৰ মাজত, মহাজগতৰ এটি ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকা হৈয়ো জীৱনক ধাৰণ কৰি থকাৰ অমল অনুভূতিখিনিহে অপৰ্ণাৰ দুচকুৰে বৈ আহিছিল। ছেৰীয়েও তাইক বাধা দিয়া নাছিল।
– অন্ততঃ দিনবোৰ ভাল হোৱালৈ চলি থাকিব পৰাকৈ মোক কিবা এটা বাট দেখুৱাব পাৰিবা নেকি ছেৰী?
মনৰ অৰ্গল খুলি পেলোৱা অপৰ্ণাৰ মাতটো ৰাতিৰ শেষ প্ৰহৰলৈ বৰ কাতৰ হৈ পৰিছিল। কোনো আৱৰণহীনতাই চুব নোৱাৰাকৈ নিজকে আবুৰ কৰিব বিচাৰে তাই। তেতিয়ালৈ যীশুৰ সন্মুখত জ্বলি থকা মমবাতিবোৰো গলি গলি নিঃশেষ হৈছিল।
– মোৰ চিনাকি বৃদ্ধা এগৰাকী আছে। একেবাৰে অকলশৰীয়া। ল’ৰা-ছোৱালী সকলো বিদেশত থাকে। তেওঁক চোৱা-চিতা কৰা মানুহগৰাকীয়ে কৰ’না আৰম্ভ হওঁতেই কাম এৰি দিলে। বৃদ্ধাগৰাকীৰ তেনে কোনো বিশেষ অসুখ-বিসুখো নাই। মাত এষাৰ মাতিবলৈহে তেওঁক কাৰোবাৰ সংগ লাগে।
ছেৰীৰ কথাষাৰে অপৰ্ণাৰ ক্ষত-বিক্ষত কলিজাটোত যেন সঞ্জীৱনীহে সানি দিলে! মৃত্যু উপত্যকাৰ মাজেৰে উৰি থকা পখী এটিয়ে যেন ডেউকা কোবাই উৰণ সলালে নতুন জীৱনৰ দিশে।
ফ’নটো খুলি অপৰ্ণাই হোৱাটছ্‌এপ মেছেজৰ উত্তৰটো টাইপ কৰিলে, – ‘ভোকাতুৰ মানুহবোৰ নিজেই একোটা গল্প। লাখ লাখ ভোকাতুৰৰ শাৰীত থিয় হৈ মই আৰু কোনো নতুন গল্প শুনাব নোৱাৰোঁ। শৰীৰৰ ক্ষুধাৰ বণিজ কৰাতকৈ পাৰিলে কাৰোবাৰ পেটৰ ভোক গুচাবলৈহে চেষ্টা কৰিম। ’
মেছেজটো পঠিয়াইয়ে তাই ছেৰীৰ কোঠাৰ বেলকনিলৈ ওলাই গ’ল। বাহিৰত তেতিয়া বৰষুণ নাছিল। পূবে ফেঁহুজালি দিয়া পৰতেই ফৰকাল আকাশখন চাবলৈ অপৰ্ণা উদ্বাউল হৈ পৰিছিল।
–––––
[সমাপ্ত]
টোকাঃ
হুদুমদেও – ৰাজবংশী সমাজত হুদুমদেওক অনাবৃষ্টিৰ দেৱতা বুলি বিশ্বাস কৰা হয়। দীৰ্ঘকালীন অনাবৃষ্টি দূৰ কৰিবলৈ বৰষুণ আনিবৰ বাবে মহিলাসকলে জেঠ মাহৰ অমাৱশ্যাত হুদুম পূজা পতাৰ পৰম্পৰা আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments