গামোছা

লেখক- তুষাৰ ৰঞ্জন কাশ্যপ

”এইখন চাচোন, ফুলটো কেনেকুৱা লাগিছে? তই দৰা হৈ আহোঁতে ডিঙিত লৈ আহিবিলৈ বৈছো, দৰাবৰণৰ।”
নতুনকৈ বৈ হোৱা তেজৰঙা ফুলৰ সৈতে শালতে থকা গামোছাখনৰ ফটোৰে হোৱাটছ এপপৰ ইনবক্স ভৰি যায় বুবুলৰ, লগে লগে ভৰি উঠে তাৰ মনটো।

”এইটো ফুল বাছিবলৈ নতুনকৈ শিকিছো জান? দৰা সাজত এইখন গামোছাৰে তোক বৰ শুৱনি লাগিব, একেবাৰে আঁঠুলৈকে পৰি থাকিব। এশ চাৰিটা কাঠিৰ ফুল, পানকটাৰ চৌবিশটা কাঠি।”
শেৱালিয়ে খিলখিলাই কোৱা কথাখিনিৰ পিছৰখিনি অৱশ্যে নুবুজে বুবুলে, মাত্ৰ বুজে এই হেঁপাহেৰে কোৱা বিশেষ কথাকেইটাতে সোমাই থাকে শেৱালিৰ তাৰ প্ৰতি অকৃত্ৰিম ভালপোৱা। ডিউটিৰ মাজতে সময় উলিয়াই মোবাইলৰ ডাটা অন কৰে বুবুলে, মন খুলি কথা পাতে তাইৰ লগত। যোৱাবাৰ ঘৰলৈ যাওঁতেই মোবাইলটো লৈ গৈছিল সি শেৱালিলৈ। পঢ়া-শুনা বেছি নহ’লেও ছোৱালীজনী আফৰী। খুব সোনকালেই আদব -কায়দা বোৰ শিকি ল’লে তাই। বুবুলে দেৰি কৰিলেও নিজেই তালৈ ভিডিঅ কল লগাব জনা হ’ল তাই। দিনটোত শেৱালিৰ মুখখন এবাৰ নেদেখিলে মনটো ভাল নালাগে বুবুলৰ, ক’তোৱেই মন বহুৱাব নোৱাৰে সি। মনটোৱে বুজা হোৱাৰে পৰাচোন তাৰ হৃদয়খনে কেৱল শেৱালিকেই বিচাৰি আহিছে। নহ’বয়ে বা কিয় তাহানিৰ কোৰোকাত ধূলি ভৰাই ওমলা দিনৰ পৰাই লগৰীয়া সিহঁত।

”বুজিছা প্ৰমিলা, ডাঙৰ হ’লে ইহঁতহালৰ বিয়াখন পাতিয়েই পেলাব লাগিব। দেখিছানে এতিয়াৰ পৰাই সিহঁতহালে কেনেকৈ ইটোৱে সিটোক এৰি থাকিব নোৱাৰে।”
বুবুলৰ বাঁৰী মাকজনীৰ আগত শেৱালিৰ দেউতাকে ৰসিকতা কৰি কথাষাৰ কৈছিল। দেউতাক নোহোৱা ঘৰখনৰ আপদে-বিপদে শেৱালিৰ দেউতাকেই আছিল সহায়। শেৱালিৰ বাপেকৰ যহতেই বুবুলে আনতকৈ দুশ্ৰেণী বেছিকৈয়ো পঢ়িলে। তেতিয়া অৱশ্যে সিহঁতহালে মাকহঁতে ধেমালিতে পতা কথাবোৰ বুজি পোৱা নাছিল। ডাঙৰহৈ কিন্তু দুয়োটাই বুজিছিল কথাবোৰ, ভালকৈয়ে। নিৰাময়েও যেন এটাক আনটোৰ বাবেই সৃজন কৰি পঠাইছিল। ইটো নহলে যেন আনটো থাকিব নোৱাৰে এখন্তেক। বুবুলে কান্ধত ঢোলটো নল’লে যেনেকৈ শেৱালিৰ নাচোতে গা উঠা নাছিল, ঠিক তেনেকৈ শেৱালিৰ পৰা আঁঠুলৈকে পৰা দীঘল বিহুৱানখন নোপোৱালৈকে তাৰ বিহুটোও যেন আধৰুৱা হৈ ৰৈছিল। কথাবোৰ কওতে দেৰি নকৰিলে দুয়োটাই, মনটোৱে বুজা হওঁতেই হৃদয়ৰ নিভৃত কোণত জমা হৈ থকা কথাবোৰ কৈ পেলালে ইটোৱে আনটোক। সম্পৰ্কটো গাঢ় হ’ল দুয়োটাৰে। লুকাই চুৰকৈ নহয়, দহে দেখাকৈ প্ৰেম কৰিলে সিহঁতে।

”হেৰ’ বুবুল, তহঁত দুটাৰ সম্পৰ্কটোক লৈ মাৰৰ আৰু মোৰ একো আপত্তি নাই। পিছে আমাৰ গাঁৱখনৰ কথা জানইছোন। তহঁত দুটাৰ কথাবোৰ লৈ বু বু বা বা চলিছে গাঁৱত। কথাবোৰ বেয়া দেখি নহয়। আৰু তয়োনো কিমান লোকৰ মাটিতে আধি খেতি কৰি থাকিবি, পঢ়া শুনা অকণ কৰি থৈছ যেতিয়া কিবা এটা বেলেগো ভাব। ইবোৰ কথাও চিঙা কটা কৰি পেলাম তেতিয়াই।” শেৱালিৰ বাপেকৰ কথাষাৰত নিমাত হৈ ৰৈ যায় বুবুল। হওঁতে কিবা এটা কৰাৰ কথা সিয়ো নভবা নহয়, কিন্তু মাকজনীক ঘৰত অকলে এৰি কৰবালৈ ওলাই গৈ চাকৰি কৰাৰ কথা ভাবিলে বুকুখন দমক মাৰি যায় তাৰ।

”চা বুবুল, তোক সেই পেন্দুকণাৰে পৰা জানো মই। তোৰ বেয়া চিন্তাটো কৰি ক’ম জানো মই কথাবোৰ। আৰু মাৰক এৰি যোৱাৰ কথা ভাবি চিন্তা কৰিছ যদি সেইবোৰ ভাব এৰ। আমিবোৰ এনেই আছো নে, আৰু মাৰক সহায় সাৰথি কৰিবলৈ আমাৰ এইচোন আছেই।”
তাক নিমাত হৈ থকা দেখি শেৱালিৰ বাপেকে আকৌ বুজনিৰ সুৰত কয় কথাবোৰ। মানুহটোৰ সাহসতে ইণ্টাৰভিউটো দি চাকৰিটো পাইছিল সি। আৰ্মড পুলিচ ফ’ৰ্চৰ কনিষ্টবলৰ চাকৰি, দৰমহাও বেয়া নহয়। সদায় সেমেকি থকা মাকজনীৰ মনটো উজ্জ্বল হৈ উঠিছিল সেইদিনা, বুবুলৰো বুকুখন পাতল পাতল লাগিছিল। অৱশ্যে সি আশাকৰা মতে চাকৰিতো ওচৰতে নাপালে, পালেগৈ দুৰণিবটীয়া জিলা এখনত। ঘৰৰ পৰা এটা ৰাতিৰো বেছি দূৰ। মনটো আকৌ মৰি গৈছিল তাৰ।

”মোৰ কাৰণে ইমান নাভাবিচোন তই। ভগৱন্তই কিবা এটা গতি লগাইছে যেতিয়া যাচোন ওলাই। পাছত কি হয় হব আৰু।” মাকৰ দায়িত্ব শেৱালি আৰু দেউতাকক চমজাই ওলাই আহিছিল বুবুল।

”তই চিন্তা কৰি নাথাকিবি ইমান। মই সময় পালেই আহি থাকিম নহয়। আৰু এতিয়া চাকৰিটো হ’ল যেতিয়া তোক অহা বহাগলৈ একেবাৰে নিজৰ কৰি আনিম।”
আহিবৰ দিনা শেৱালিৰ ওখহি থকা চকু কেইটালৈ চাই কৈছিল বুবুলে, শেৱালিয়ে মূৰ দুপিয়াইছিল। নীৰৱে উচুপিছিল শেৱালিয়ে তাক কাষত নোপোৱাৰ দুখত।

চাকৰিটোত মন বহা নাছিল তাৰ। জৰুৰীকালীন সময়তে ডিউটি পৰে সিহঁতৰ। বিহুৱে পূজায়ে মন গ’লেই আহিব নোৱাৰে সি ঘৰলৈ। আগৰ দৰে ঢোলটো কান্ধত লৈ ৰগৰ দিবলৈ সময় নাপায় সি। বৰসবাহৰ ভাওনাত আগৰ দৰে পচন্দৰ বচন কুট ক’বলৈ সুবিধা নিমিলে তাৰ। চেৰেং চেৰেংকৈ মনত পৰে তাৰ গাঁৱখনলৈ, ঘৰখনলৈ, শেৱালিজনীলৈ। আন্দোলন-ধৰ্ণা হলেই ডিউটি মাৰিব লাগে সিহঁতে। হায়াৰ অথ’ৰিটিৰ অৰ্ডাৰ মানি প্ৰয়োজনত লাঠীৰে কোবাব লাগে মানুহক। মোচৰ খাই উঠে বুবুলৰ বুকুখন। তাৰ সমনীয়া ভাইকেইটাক, বাপেকৰ বয়সীয়া মানুহকেইটাৰ ওপৰত হকেবিহকে লাঠী দাল চলাবলৈ তাৰ মানসিকতাই নকয়। হলেও উপায়বিহীন সি, অত বছৰে একেবোৰ কামেই কৰি বুকুখন যেন শিলৰ নিচিনা হৈ পৰিছে তাৰ লাহে ধীৰে।

প্ৰতিবাৰেই ঘৰলৈ গ’লে কথা দিয়ে সি শেৱালিক, সোনকালে নিজৰ কৰাৰ। শেৱালিয়ে মূৰ দুপিয়াই শলাগে, আপত্তি নকৰে। তাৰ সুবিধা-অসুবিধাবোৰ বুজে। দুবাৰকৈ সৰু সুৰা আয়োজন চলিও বিয়াখন পিছুৱালে সিহঁতৰ। এবাৰ আন্দোলনৰ কাৰণে, আন এবাৰ অন্য কিবা কাৰণত। শেৱালিহঁতৰ ঘৰখনে আজি কালি তাক জোৰ কৰিবলৈ এৰিলে। নিজকে দোষী দোষী যেন লাগে তাৰ সিহঁতৰ ঘৰখনৰ আগত। হ’ল বুলিয়েই আৰু সিহঁতৰ ঘৰখনক আৰু কিমান ৰখাই থব সি। গাভৰু ছোৱালী এজনী থকা ঘৰখনৰ মানুহবোৰৰ মনৰ ভাৱবোৰ নকলেও বুজে বুবুলে। সেইকাৰণে এইবাৰ বহাগত সি বিয়াখন খাটাং পাতিম বুলিয়েই কথা দিলে সি। বিয়া বুলি ঠিক ডাঙৰ আয়োজনো নহয়, গাঁৱৰ ৰাইজখনক গোটাই সৰুকৈ নিয়ম এটা। গণকৰ ওচৰত চোৱাই শেৱালিৰ বাপেকে বহাগতে দিন এটা ঠিক কৰি পেলালে সোনকালেই। যোৱাবাৰ বিয়াৰ দিন ঠিক হওঁতে গহণাখিনি গঢ়াবলৈ দিছিলেই সি, কাপোৰ দুযোৰো মোমায়েক দুটাই দিয়াৰ কথা কৈয়েই থৈছিল। বিশেষ চিন্তা নকৰিলে সি, বাকী কামখিনি বিহুৰ আগতেই দুদিনমান সৰহকৈ ছুটী লৈ আহি কৰি পেলাব পাৰিব সি।

দুয়োখন ঘৰতে লাহে লাহে বিয়াৰ আয়োজন চলে। শেৱালিৰ মনটোও হেঁপাহেৰে ভৰি উঠে। কিবা এফাকি গুণগুণাই তাঁতশালত বহে তাই। বিয়ালৈনো আৰু কিমান দিন সোনকালে গামোচাখিনি বৈ আকৌ চেলেং এজুতিও লগাব লাগিব। বোৱা-কটাত তাইৰ হাতখন আগৰ পৰাই ভাল। দীঘলীয়া দীঘলীয়া ফুল বাচে শেৱালিয়ে, ফটো মাৰি বুবুলক দেখুৱাই, বুবুলৰ মনটো ভৰি উঠে।

”বৰপিতাইক কবিচোন, বিয়াখন চাগে আহাৰলৈ নিবগৈ লাগিব। পৰিস্থিতি যিটো হৈছে বহাগত বিয়াখন পতাটো হৈ নুঠিবগৈ চাগে। ডিউটি এৰি যাবলৈও পাৰমিছন নাই।” বুবুলে কও নকওকৈ কোৱা কথাষাৰে শেৱালিৰ বুকুখনত যেন হাতুৰীৰ কোব এটা হে পেলাই যায়।

”দেউতাক মই বুজাম দে, তই ভালদৰে থাকিবি খালি। দিনকাল বৰ বেয়া চলিছে অ। মানুহক ওলাবলৈয়ে মানা কৰিছে। তহঁতে তাৰ মাজতে ডিউটি কৰিছ। সাৱধানে থাকিবি, তোৰ কিবা এটা হৈ গ’লে মই……” শেষৰ ফালে শেৱালিৰ মাতটো থোকাথোকি হৈ যায়। কিবা এটা ক’বলৈ খুজিও ৰৈ যায় বুবুল, কিমাননো দুখ সহিব তাৰ কাৰণে ছোৱালীজনীয়ে।

খকমকাই সাৰ পাই উঠিল সি। হোৱাটছ এপপত শেৱালিৰ পুৰণা মেচেজবোৰ চাই চাই কেতিয়ানো টোপনি আহিছিল ক’বই পৰা নাছিল। কিমান দেৰি যে চকীখনতে টোপনি মাৰিলে সি। মোবাইলটোত কেইবাটাও মিছড কল, টোপনিৰ ভমকত গমেই নাপালে বুবুলে। ভীষণ ভাগৰুৱা অনুভৱ কৰিলে সি। যোৱা তিনি-চাৰিটা দিনে মানুহক কুকুৰ-মেকুৰী ৰখা দি ৰখিব লগা হৈছে সিহঁতে। মানুহবোৰৰ মন মগজুত কি আছে ভাবি নাপায় সি। সুলভ হৈ পৰিছে যেন মৃত্যু, তথাপি এচামৰ মনত ভয় শংকা নাই! আচৰিত হয় বুবুল। হায়াৰ অথ’ৰিটিয়ে অদৰকাৰত ওলাই অহা মানুহ দেখিলেই লাঠী চাৰ্জৰ অৰ্ডাৰ দিছে। মানুহক জন্তুৰ দৰে পিতিবলৈ লৈ হাত কঁপে তাৰ, তথাপি কেতিয়াবা অসহ্য হৈ পৰে সি। সেইসকলৰ বাবেই সিহঁতবোৰে নিজৰ জীৱনটোকো যেন মৃত্যুৰ আগলৈ এৰি দিছে তথাপি যেন কিছুমান অবুজন। দিনত ঘটা ঘটনাটোৱে বাৰে বাৰে অশান্তি দিলে তাক। সি বাৰু ভুল কৰিলে নেকি? সিটো প্ৰথম ভালকৈ বুজাইছিল ছোৱালীজনীক, তাই ওভোটাই কিবা কিবি কোৱাত খং উঠিহে সি। ছেহ কথাটো বেয়াৰ ফালে গুছি নাযায়তো? কথাবোৰ বাৰু শেৱালিক কোৱাই ভাল হ’ব নেকি? তেতিয়া অন্ততঃ তাৰ মনটো অলপ পাতল পাতল হব। কথাবোৰ ভাবি থাকোঁতেই চিন্তাবোৰত যতি পেলাই ফোনটো উচ্চস্বৰে গৰজি উঠিল বুবুলৰ।

”এইবোৰ তই কি কৰি পেলালি মইনা কাই। ছিঃ ছিঃ তই এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো। গোটেই চেনেল কেইটাতে কেৱল তোক দেখুৱাই আছে, তোক। গাঁৱখনৰ ডেকাৰ পৰা বুঢ়ালৈ সবেই তোক গৰিহণা দিছে মইনা কাই। ইমান তললৈ কেনেকৈ নামিব পাৰিলি তই। তই আৰু মোক কেতিয়াও মুখ নেদেখুৱাবি, কেতিয়াও নাহিবি মোৰ কাষলৈ। মই তোক ঘিণ কৰো মইনা কাই, ঘিণ কৰো তোক মই।” ফোনটো কাটি দিলে শেৱালিয়ে। বুকুখন চিৰিংকৈ মাৰিলে বুবুলৰ, পোনচাটেই মোবাইলটোতে অসমীয়া নিউজচেনেল এটি খুলি ল’লে সি।

”কৰ্তব্যৰত আৰক্ষী জোৱানৰ অশালীন আচৰণ যুৱতীক। লক-দাউন উলংঘা কৰা এগৰাকী যুৱতীৰ ওপৰত দিন দুপৰতেই শ্লীলতা হানিৰ অভিযোগ ওঠিছে অসম আৰক্ষীৰ জোৱান বুবুল চাৰিঙ্গীয়াৰ ওপৰত। ইতিমধ্যেই সাময়িক ভাবে বৰ্খাস্ত কৰা হৈছে জোৱানজনক। যি সময়ত এচাম আৰক্ষীয়ে জনতাৰ সুৰক্ষাৰ স্বাৰ্থত নিৰন্তৰ কাম কৰি আহিছে তাৰ মাজতে এনেসকল জোৱানৰ ধৰ্ষণকাৰীৰ দৰে মানসিকতাই চকু কপালত তুলিছে জনসাধাৰণৰ।”

মূৰটো আচন্দ্ৰাই কৰি উঠিল বুবুলৰ। দিনটো মানুহক একেসোপা কথাকেই বুজাই বুজাই মূৰটো গৰম হৈ আছিল তাৰ। ছোৱালীজনীৰ অপহুতা তৰ্কবোৰে তাৰ মূৰটো আৰু অলপ গৰম কৰি তুলিছিল। আগ-পিছ নাভাবি সিয়েই বুকুত ধৰি গতিয়াই দিছিল ছোৱালীজনীক। সেই ঘটনাটোৰে কিয়দংশ ভিডিঅ ডাঙৰ ডাঙৰকৈ নিউজ হৈ বাজি আছে সকলো চেনেলত। সাধাৰণ যেন বুলি ভবা ঘটনাটোৱে ইমান ডাঙৰ ৰূপ লব সপোনতো ভবা নাছিল সি। নিজৰ ওপৰতে বিতৃষ্ণা জন্মিল বুবুলৰ। ভুল কৰিছে সি, জঘন্য ভুল। যাৰ কাৰণে তাৰ মানসিকতাক ধৰ্ষণকাৰীৰ লগত তুলনা কৰিছে সকলোৱে। কাইলৈৰ পৰা হয়তো সকলোৱেই তাক দেখিলেই ঘৃণাত নাক কোচাব, আনকি শেৱালিয়েও। গাঁৱৰ মানুহেও হয়তো কাইলৈ পৰহিলৈ তালৈ আঙুলিটোৱাই ক’ব–”সৌটো চা পুলিচৰ পোছাক পিন্ধি গাভৰুৰ বুকুত হাত দিয়া বৰমতাটো আহিছে।” হাৰি গৈছে সি, যেন জীৱন যুদ্ধখনত পৰাহত হোৱা এটা খলনায়ক সি।

আলনাদালত থকা ভমকাফুলীয়া গামোচাখনলৈ এবাৰ চকু পৰিল বুবুলৰ। তেজৰঙা ফুলকেইপাহে যেন তালৈকে চাই তাচ্ছিল্যৰ হাঁহি মাৰিছে। কপা কপা হাতেৰে গামোচাখন টান মাৰি লৈ আনিলে সি। সেইখন গামোছা যোৱাবাৰ বিহুত তাক শেৱালিয়ে দিয়া। গামোছাখন আলফুলে সাৱটি ল’লে সি বুকুত।

”তোক আকৌ একদম আঁঠুলৈকে পৰা গামোছাহে লাগে। হো ল এইখন চাচোন ফুলপাহ কেনে লাগিছে।” শেৱালিৰ খিলখিলিয়া হাঁহিটোৰ সৈতে কথাবোৰ তাৰ কৰ্ণকুহৰত অহৰহ বাজি থাকিল। ডিঙিত এবাৰ লৈ চালে সি গামোচাখন, এৰা কঁকাললৈকে পৰা গামোচা। সেমেকা হাঁহি এটা মাৰি কোঠাটোৰ পুৰণা চিলিং ফেনখনলৈ চালে সি। চিঞৰি চিঞৰি তাৰ ক’বলৈ মন গ’ল–”তোৰ পৰা মই দীঘল গামোছা বিছাৰি কিয় ঠেহ পাতিছিলো জান? এইকাৰণেই।”

দুটোপাল তপত অশ্ৰুৱে গাল দুখন তিয়াই নিলে তাৰ। টুলখনৰ ওপৰত উঠি কঁপা কঁপা হাতেৰে গামোছাখন ডিঙিত মেৰিয়াই দিলে বুবুলে, জোৰেৰে। শেৱালিয়ে যেন তেতিয়াও তাৰ কাণৰ কাষত ফুচফুচাই কৈ আছিল–”এইখন চাচোন ফুলটো কেনে লাগিছে, তোলৈকে বৈছো, দৰাবৰণৰ।”

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Palash Boruah
4 months ago

ভাল লাগিল॥তোমাৰপৰা আৰু আশা কৰিছো॥