দৈৱকী নন্দনায়

লেখক- হিৰন্ময়ী গগৈ কোঁৱৰ

নতুন লিৰিল চাবোন এডোখৰ, তলসৰি থকা গেলা কাজিনেমু এটা আৰু গামোছা এখন হাতত লৈ দামোদৰ টিউৱেলৰ পাৰলৈ গ’ল। টেঙা ঘঁহি ঘঁহি হাত-ভৰিবোৰ পাৰেমানে চফা কৰিলে। তামোলৰ চকোৱাৰে বেৰা দিয়া গা-ধোৱা ঘৰটোত সোমাই গায়ে- মূৰে পানী এবাল্টি ঢালি ফেনাই যোৱাকৈ চাবোন সানিলে।

এপাকত বাৰাণ্ডালৈ ওলাই আহি মিনতিয়ে ক’ব লগাত পৰিল।
”আজি ইমান দেৰি গা ধুইছেনে! “
তেতিয়াও দামোদৰে গাত চাবোন সানিয়েই আছিল।

তিয়নিখন ৰছীডালত মেলি ভিতৰলৈ সোমাই আঁহোতে যেন লিৰিল চাবোন এডোখৰো দামোদৰৰ লগে লগে আহিল। গোন্ধটো পাকঘৰলৈকে গৈ মিনতিৰ নাকত লাগিল।

ভিতৰ সোমাই দামোদৰে ধূপ এডাল জ্বলাই থাপনাখনত মূৰ দোঁৱালে। উজ্বালা দি নীলা কৰি আচুতীয়াকৈ থোৱা চুৰীয়া-চোলাযোৰ পিন্ধিলে। হিমগংগা তেল অকণ সানি মূৰটো আঁচুৰি থাকোঁতেই দেখিলে বেৰত ওলোমাই থোৱা ঘড়ীটোৰ কাটাডালে ন চোওঁ চোওঁ!
দামোদৰে ঘৈণীয়েকক চিঞৰিলে।
”হেৰা কিবা এমুঠি দিয়া। “
ঘৈণীয়েক মিনতিয়ে চিৰা এমুঠি গৰম পানীত তিয়াই কোমলাই থৈছিলেই। তাকে বাটি এটাত গুৰ এডোখৰৰ সৈতে আনি প্লাষ্টিকৰ টেবুলখনত থলেহি।
”মেকুৰীজনী ঘূৰি ফুৰিছে।” দামোদৰক উদ্দেশ্যি কথাষাৰ কৈ মিনতিয়ে গৰম পানী এগিলাছ আনিবলৈ গ’ল। দামোদৰৰ মাতটো ভগা যেন লাগিছে।

”আজি গাখীৰ নোলালে নেকি?”
”পোৱালিয়ে খালে।”
অলপ কঠুৱাকৈয়ে ওলাল মিনতিৰ মাতটো। মইনাৰ লগত লাগি থাকোঁতে কালি পোৱালিটো মাকৰ লগতে থাকিল। যিকণ ওলাল সেইকণ মইনালৈ থৈছে।

”প্ৰশ্নটো মিনতিক নোসোধা হ’লেই ভাল আছিল।” এনে ভাবত “দয়াময়” বুলি কৈ দামোদৰে চিৰাখিনি গুৰৰ সৈতে সানি মুখলৈ নিলে।
পানী এগিলাছ প্লাষ্টিকৰ টেবুলখনতে থৈ ঘৈণীয়েক মিনতি কাষতে ৰৈ থাকিল। লিৰিল চাবোনৰ সুগন্ধক ভেঙুচালি কৰি হিমগংগা তেলৰ অকটা গোন্ধটোৱে মিনতিক বিৰক্ত কৰিলে। ৰাতিপুৱা মূৰটো ভমক- ভমক কৰিলত নিজেও তালুখনতে অকণমান সানি লৈছিল। দুয়োটা গোন্ধ আৰু লিৰিল চাবোনৰ গোন্ধ লগ লাগিয়েই হবলা মিনতিৰ ওকালি অহাৰ দৰে লাগিল। বাহিৰলৈ গৈ তাই দুবাৰমান থু পেলাই থৈ আহিল।

” মইনাৰ জ্বৰটো আছেই! “
মিনতিয়ে স্বগতোক্তি কৰিলে। ডাক্তৰক এবাৰ দেখুওৱাৰ কথাটোও মনলৈ আহিছিল। নকলে। কাৰণ দামোদৰৰ পৰা তাই বিছৰা উত্তৰটো নেপায় বুলি তাই জানে।

”তই ইমান চিন্তা নকৰিবিচোন। এনেও এনেকুৱা জ্বৰবোৰ পাঁচদিনমান থাকেই।”
কথাষাৰ কৈ কৈ মুখখন কুলকুলিয়াই আহিবলৈ দামোদৰ পাছফালৰ বাৰাণ্ডা পালেগৈ। আগতে একো এটা নোখোৱাকৈয়ে গৈছিল। পাৰিছিলোঁ। পিছে গেষ্ট্ৰিকে ধৰে। কেঁচা জলপানটো পাৰি।

পাছে পাছে মিনতিও যায়। মিনতিৰ সঁচাকৈ খংটো উঠি আহে। তাতে দুই তিনিদিন টোপনি খতি! তালুখনৰ ভমভমনিটোও হিমগংগা তেলেও শাঁত পেলাব পৰা নাই। ঘৰখনত কি হৈ আছে মানুহটোৰ খবৰ নাই। আপোনভোলা মানুহ। ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকিবলৈ পালেই ভাল পায়। এই কথাটোত অৱশ্যে মিনতিৰো দোষ নথকা নহয়। তায়ে গিৰিয়েকৰ পৰা কামবোৰ থপিয়াই লৈ মানুহটোক আজৰি কৰি দিয়ে।

”হেৰি নহয়! আজি নগলে নহয়নে! কালি ৰাতিখনহে সোমাইছেহি! ৰাতিটো মোৰ শুৱাই নহ’ল। “
তাই যিমান পাৰি কোমলকৈ কয়। এঠাইলৈ যাবলৈ ওলাওঁতে মানুহক কেটেৰা-জেঙেৰা কৰিব নেপায়।

”কি কথা কৱ হয়নে! আজি ধীৰেনৰ ঘৰলৈ যাম তই নেজাননে কিবা! সিয়ে ময়ে একেলগে পঢ়া। “
ৰছীডালত মেলি থোৱা গামোচাখনত হাত মচি মচি দামোদৰে গৰ্বমিহলি উত্তৰ দিয়ে। ধীৰেন প্ৰফেচৰ নিজৰ সহপাঠী আছিল বুলি কবলৈ পালে দামোদৰৰ বুকুখন এহাতমান ফুলি আহে। কেৱল সহপাঠীয়েই নে! কিছুদিন দুয়ো একেখন বেঞ্চতো বহিছিল। ধীৰেনৰ কথা কব পৰাকৈ ভালেমান তথ্য দামোদৰৰ মগজুত মজুত আছে। তাৰে কিছুমানত অকণমান কল্পনাৰ পৰশ পৰিলেও একেবাৰে মিছা নহয়। শুনিলে শ্ৰোতায়ো ভাল পায়।

কথাষাৰে মিনতিকো কোনোবা এখিনিত গৰ্বিত কৰে। “আমাৰ এইজনৰ লগৰ” বুলি কৈ মিনতিও গাঁৱৰ জীয়ৰী-বোৱাৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়।
আজি পিছে মিনতিৰ বুকুখনত কিহবাই খোঁচ মাৰি দিয়াৰ দৰেহে লাগিল। প্ৰফেচৰৰ লগত পঢ়িছিলে কি হ’ল! প্ৰফেচৰেহে খুৱাব তেওঁক! মাতিলে বুলিয়েই যাব লাগেনে!

কথাখিনিয়ে মিনতিক অশান্ত কৰি তুলিলে যদিও মিনতিয়ে ভাল চাই ডাঙৰ ফুল থকা গামোচা এখন আৰু চেলেং চাদৰ এখন উলিয়ালে। ধীৰেন প্ৰফেচৰৰ ঘৰলৈ আৰু যিকোনো কাপোৰ পিন্ধাই মানুহটোক পঠিয়াব নোৱাৰি নহয়! অতবোৰ মানুহ থাকোঁতে দামোদৰকহে মাতে প্ৰফেচৰে। সেইটোওটো এটা গৰ্ব কৰিবলগীয়া বিষয়েই! বাৰাণ্ডাৰ একাষে থোৱা চামৰা চেণ্ডেলযোৰো মিনতিয়ে কাপোৰ এখন লৈ মচি দিলে।

দামোদৰে কাম এটা কৰিলে। সৰুপোনাৰ দোকানত ধাৰ মাৰিবলৈ থোৱা টকা তিনিশ উলিয়াই মিনতিলৈ আগবঢ়াই দিলে।
”হোঁ ল! কি কৰ কৰিবি।”
মিনতিয়ে হাত পাতি ললে।
তেনেকুৱাতে দামোদৰৰ ঘৰৰ পদূলিত গাড়ী এখনে হৰ্ণ দিলেহি। দামোদৰে ল’ৰালৰিকৈ গামোচাখন আৰু চেলেংখন হাতত লৈ ভিতৰৰ কোঠাটোৰ দুৱাৰমুখৰ পৰাই মইনাক চাই আহেগৈ।

বাহিৰৰ দুৱাৰদলিত ভৰিটো থওঁতেই দামোদৰে ভিতৰৰ পৰা মিনতিৰ মাতটো শুনো নুশুনোকৈ শুনিলে।
”সি মাছ মাংস অকণ খাবলৈ মন কৰিছিল।”

গাড়ীৰ চালকজন চোতাল পাইছিলহি।
”আহক “ সি হাতযোৰ কৰিলে।
”কৃষ্ণ! ব’লক। “
মিনতিৰ কথাৰ একো উত্তৰ দামোদৰৰ দিয়া নহ’ল। মিনতিয়েও আশা নকৰিলে।
চামৰা চেণ্ডেলযোৰ ভৰিত সুমুৱাই মানুহজনৰ পাছে পাছে দামোদৰ পদূলিৰ ফালে ওলাই আহিল। সামান্য পাছফাললৈ চাই মিনতিক উদ্দেশ্যি কলে,
” মই আহিছো।”

মিনতিয়ে বাৰাণ্ডালৈ ওলাই আহি গাড়ীখন নেদেখা হোৱালৈকে চাই থাকিল।
” মা! “ মইনাই মাতিলে। মিনতি সাউৎকৈ মইনাৰ ওচৰ পালেহি। কপালত হাতখন দি চালে। গৰম অলপ আছে, ৰাতিৰ দৰে নাই। মিনতিৰ মনটো ভাল লাগিল।
”বুঢ়া গ’লেইনেকি! গেলা গোন্ধোৱাই থৈ গৈছে গোটেইখন! “ মইনাই ক্ষোভ মিহলি মাতেৰে সুধিলে।
”তেনেকৈনো দেউতাৰক কিয় কৱ!”
”গৰমে গৰমে ভাত কেইটামান খাই দিবি। আহ। উঠি আহ। তোলৈ গাখীৰ অকণমানো গৰম কৰি থৈছো।”

ধীৰেন প্ৰফেচৰৰ ড্ৰাইভাৰৰ কাষৰ চিটটোত বহি দামোদৰ ধীৰেনৰ ঘৰৰ সকামৰ পাঠেকী হবলৈ আগবাঢ়িল। হিমগংগা তেলৰ গোন্ধ আৰু গাড়ীত লগোৱা চেণ্টৰ গোন্ধে গাড়ীৰ ভিতৰখনত এক অদ্ভুত সংমিশ্ৰিত গোন্ধৰ সৃষ্টি কৰিছিল। ড্ৰাইভাৰে গাড়ীৰ আটাইকেইখন খিৰিকী খুলি দিলে।

আগতেও কেইবাটাও সকামত দামোদৰ ধীৰেনৰ ঘৰলৈ আহিছে। প্ৰথম আহিছিল ঘৰলোৱা সকামৰ দিনা। সেইদিনা দামোদৰে ধীৰেনৰ বাৰীয়ে ঘৰে চাবহে পাৰিলে। ৰাজমহলৰ দৰে ঘৰ! আহিবলৈ অসুবিধা নাই। গাড়ীৰে অনা-নিয়া কৰে। এবাৰ ধীৰেনে নিজেই লৈ গৈছেহি। এনেকুৱা দিনবোৰত দামোদৰে বৰ সন্মানিত অনুভৱ কৰে। বিশেষকৈ গাঁৱৰ ৰাইজৰ মাজতো দামোদৰৰ আদৰ-সন্মান বাঢ়ে। দামোদৰে সেইকাৰণে ঘৰতে পুথি-পাঁজি কিছুমান গোটাই লৈছে। কলৈকো যাবলগা নেথাকিলে ৰাতিপুৱা-গধূলি নিয়মিত সুৰ লগাই লগাই পঢ়ে।

কথাবোৰ ভাবি থাকোঁতেই গাড়ীখন ধীৰেনৰ ঘৰৰ চোতালত ৰ’লগৈ। গেট খোলাই আছিল।

গাড়ীৰ হৰ্ণ শুনা মাত্ৰকে প্ৰফেচৰ ওলাই আহিল। চুটি চাপৰ মানুহজনক চুৰিয়া চোলাযোৰে গিলি পেলাইছিল।
”আহ দামোদৰ আহ।”
”দয়াময়” বুলি দামোদৰ গাড়ীৰ পৰা ওলাই আহিল।

প্ৰফেচৰৰ মাষ্টৰণী ঘৈণীয়েকো ওলাই আহিল। দামোদৰক দেখি হাতযোৰ কৰিলে। বাৰাণ্ডাৰ ষ্টেপকেইটাৰ ওচৰতে ভৰি ধুৱাই দামোদৰক আথেবেথে আগবঢ়াই নি ঢৰা এখনত বহুৱালে। ধীৰেনৰ ৰাজপ্ৰসাদৰ দৰে ঘৰৰ চমকত দামোদৰৰো মনটো পোহৰ পোহৰ লাগিল।
ধীৰেনৰ নতুন বোৱাৰীয়ে সেৱা সৎকাৰ কৰি চাহ তামোল যাঁচিলেহি। বিধে বিধে পিঠি-পনা, মিঠাই। ডাক্তৰণী বোৱাৰীয়েক বোলে। সাইলাখ দেৱী যেন। পুতেকো ডাক্তৰ। অকনো গপ ভেম নাই। দামোদৰে ভূৰি ভূৰি আাশীৰ্বাদ দিলে।

ধীৰেনৰ নতুন চুবুৰীয়াবোৰেও পাঠেকী হিচাপে দামোদৰক ভাল পায়। তেওঁলোকো আহি এজন এজনকৈ দামোদৰক ওলগ লৈ কাষতে বহিলহি।

দামোদৰৰ নিৰ্দেশ মতেই শৰাই সজোৱাৰ পৰা আৰম্ভ কৰি বিলোৱালৈকে কামবোৰ হয়। ঢৰা এখন ইফাল সিফাল কৰিবৰ সময়তো তেওঁৰ অনুমতি লোৱা হয়,
”পৰা যাবনে প্ৰভু?”
”পাৰিব পাৰিব “ দামোদৰে কয়।
”পাতখন এনেকৈ দিলে হবনে প্ৰভু?”
”হব হব দিয়ক।”

দামোদৰে গলগলীয়া কণ্ঠেৰে প্ৰাণঢালি গায়
” শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ।
নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ …”

ধীৰেনৰ ঘৰৰ পৰিবেশটোৱেই বেলেগ হৈ পৰে। মাজতে দামোদৰৰ গৰম পানী এঢোকৰ দৰকাৰ হয়।
দামোদৰৰ পাঠ শুনি আইসকলে বোলে চকুলো বোৱায়। কথাষাৰ এদিন মিনতিয়ে দামোদৰক কৈছিল। আচলতে মিনতিয়ো এসময়ত দামোদৰৰ কণ্ঠটোতে আকৃষ্ট হৈছিল।

”অন্নমুঠি দিব পৰা হৈছেনে প্ৰভু?” ৰান্ধনিয়ে ওলগ এটা লৈ অনুমতি বিছাৰে।
”পাৰিব পাৰিব “ দামোদৰে অনুমতি দিয়ে। ৰন্ধা খাদ্যৰ সুগন্ধ আহি ইতিমধ্যে ঠাইডোখৰ ছানি পেলায়।

”প্ৰভুসকল গ্ৰহণ কৰক। “
ৰান্ধনীয়ে সেৱা লৈ আহ্বান জনায়।

”খাব পৰা হৈছেনে প্ৰভুসকল?” ৰান্ধনিয়ে বিনয়েৰে সোধে।
”বৰ সোৱাদ হৈছে। “
খাবলৈ আৰম্ভ কৰা আটাইয়ে সমস্বৰে কৈ উঠে। দামোদৰে প্ৰথমে মাছৰ জোল সানি ভাত খাবলৈ আৰম্ভ কৰিছিল।
সোৱাদ সোৱাদ। বৰ সোৱাদ। ধীৰেনৰ ঘৰৰ ভোজ সোৱাদ নহৈ পাৰেনে! মাছো মাছ! তেলাল জীয়া মাছ!
মাংসৰ ভাজিটো মাংসই সৰহ। গাঁৱৰ দৰে কোমোৰাৰ মাজে মাজে মাংস খেপিয়াই ফুৰিব নেলাগে। সোৱাদ সোৱাদ। মাংসও সোৱাদ।

”মইনাই মাছ মাংস আকণ খাবলৈ মন কৰিছিল।”
মছলাৰ সোৱাদলগা মাংসৰ টুকুৰা এটা চোবাই থকাৰ সময়তে মিনতিয়ে যেন দামোদৰৰ কাণৰ কাষতে কৈ গ’ল।
দামোদৰৰ হাতখন ৰৈ যাব খুজিলে। এনেকৈ কত দিন দামোদৰে সকামৰ ভোজ খাইছে। দামোদৰৰ ঘৰৰ কেলেণ্ডাৰখনত ক’ৰবাত কোনোবা এটা দিনহে খালী থাকে বুলিব পাৰি। দামোদৰৰ ঘৰত খোৱা কমেইহে হয়। খোৱা দেৰি হ’লে কেতিয়াবা ৰাতি নাখায়েই।

মিনতিহঁতেনো কিহেৰে ভাত খাইছে সেই লৈয়ো কোনোদিন দামোদৰে চিন্তা কৰা নাই।
”আজি অমুকটোহে নাই” “কালি তমুকটোহে নাই।” মিনতিয়ে কৈ থাকিলেও দামোদৰে বিশেষ চিন্তা নকৰে। নিজৰ পেটটো ভৰি থাকিলেনো আনৰ পেটলৈ কিটো চিন্তা হ’ব! যোৱা বছৰ জীয়েকজনী পলাই গলত দামোদৰে মনে মনে ভালেই পালে। খাৱৰীয়া কমিল।
দামোদৰে যেন চকুৰ আগতে দেখিলে মিনতিয়ে নিমখ এজেবা আৰু বেঙেনা এটা পুৰি ভাত খাবলৈ লৈছে।
মইনাই কৈছে
”মই বেঙেনা নেখাওঁ “

কোনোদিন এনেকুৱা হোৱা নাই।
দামোদৰে চাৰিওফালে এবাৰ চকু দিলে। মুখত সোমাই থকা মাংসৰ টুকুৰাটো দামোদৰে আধা চোবোৱাকৈয়ে গিলি দিলে। নাই কোনো মন কৰা নাই। সকলোৱে ভাত খোৱাত ব্যস্ত।
পাতত মাছৰ টুকুৰা নেদেখি ৰান্ধনিজনেহে আহি আৰু এটুকুৰা মাছ দামোদৰৰ পাতত দি গ’ল।
”প্ৰভু লওক।”
দামোদৰে নেলাগে নেলাগে কলেও ভালেই পালে। বৰ সোৱাদৰ মাছ।

খাই বৈ উঠাৰ পাছত ধীৰেনৰ সদ্য বিবাহিত পুত্ৰ বোৱাৰীয়ে শকত পেকেট এটা আগবঢ়াই সেৱা ললে। দামোদৰৰ সেইটো চাৰ্টৰ দৰে লাগিল। মাননি কিমান হ’ব আনুমান কৰিলে। ধীৰেনে পাঁচশ টকাৰ কম নিদিয়ে।
দামোদৰে আগতকৈও প্ৰাণঢালি আশীৰ্বাদ দিলে,
”ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হয়োক হৰি…”

চুবুৰীয়া মানুহকেইজন এজন এজনকৈ দামোদৰক মাত লগাই গ’লগৈ।
দামোদৰক থৈ আহিবলৈ কাৰোবাক নিৰ্দেশ দি ধীৰেন প্ৰফেচৰ আহি দামোদৰৰ কাষতে বহিলহি।
”ঘৰত সকলোৰে ভালেই নহয় দামোদৰ!”
”ভাল ভাল।” মইনাৰ জ্বৰৰ কথাটো কবলৈ দামোদৰৰ মন নগ’ল। মিনতিৰ মাজে মাজে হোৱা মূৰ ঘূৰণিটোৰ কথাও নকলে।

”ভোজটোও বৰ ভাল হৈছিল। “
দামোদৰে কলে। চাবোন সানি ধুলেও তেতিয়াও দামোদৰৰ হাতত মাছ-মাংসৰ গোন্ধ লাগিয়েই আছিল।
”ৰান্ধনিজনৰ হাতখন ভাল। আমাৰ এইখিনিত তেঁৱে ৰান্ধে। “ ধীৰেনে কলে।

”আছে যদি মাছকে দুটুকুৰামান আৰু মাংস অকণমান বান্ধি দিবিচোন।”
একেখন বেঞ্চতে বহা ধীৰেনক কবলৈনো কিহৰ লাজ বুলি ভাব আহিলেও কথাষাৰ দামোদৰৰ মুখৰপৰা নোলাল!

দামোদৰে দেখিলে ধীৰেনৰ ড্ৰাইভাৰজন গাড়ীখনৰ ফালে আগুৱাই গৈছে। দামোদৰক মাত লগাবলৈ ধীৰেনৰ পত্নী আৰু পো-বোৱাৰীও ওলাই আহিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments