কথা কোৱা পুতলা

লেখক- ৰূপালীম মহন্ত

”মিনতি, তোৰ ছোৱালীয়ে ইম্মান কথা কয়!”
”মিনতি, তোমাৰ ল’ৰাটোচোন বেছ গহীন…শান্ত। কিন্তু ছোৱালীজনী ইমান চঞ্চল কেনেকৈ হ’ল হে?”
”মিছেছ বৰুৱা, আপোনাৰ ছোৱালী বৰ কথকী ন’?”

মিনতি বৰুৱাক মানুহে কোৱা কথা এইবোৰ।

মিনতি বৰুৱাই একো উত্তৰ নিদিয়ে। তেওঁৰ আঠ বছৰীয়া ছোৱালী ৰ’দালি স্বভাৱতে কথকী…চঞ্চল… অধৈৰ্য। জোখতকৈ অলপ বেছিয়েই বাৰু। কিন্তু জোখটোনো কি?

তাই অধৈৰ্য, কিন্তু অবাধ্য নহয়। তাই কথকী, কিন্তু অশিষ্ট নহয়। ধমক দি শাসন কৰিবলগীয়া ছোৱালী তাই নহয়। অন্ততঃ মাকৰ মনত একেবাৰেই নহয়।

ঘৰখনৰ পেটমোছা সন্তান ৰ’দালি। তাইৰ গাত কথা নালাগেই। দিনটো দেও দি দি ফুৰি গান গায়…পুতলা সজায়…লগৰবোৰৰ লগত ঘৰ-ঘৰ খেলে। মাটিত ভৰি নপৰেই তাইৰ।

মাকৰ চেনেহৰ জীয়ৰী…ককায়েকৰ খেলাৰ পুতলা… দেউতাকৰ হিয়াৰ আমঠু, ৰ’দালিজনী।

মাকে একো নোকোৱাকৈয়েই আহি ৰ’দালি পঢ়া টেবুলত বহে। উশাহ নসলোৱাকৈ দিনটোৰ হম-ৱৰ্ক শেষ কৰে। ভৰ-ভৰকৈ চিঞৰি চিঞৰি পাঠবোৰ পঢ়ে। দুবাৰ পঢ়িলেই তাইৰ সকলো মুখস্থ হৈ যায়।

তাই পঢ়ি থকা সময়ত মাক মিনতিয়ে ওচৰলৈ যাবলৈকে ভয় কৰে। যিহে খঙাল জীয়েক, পঢ়ি থকা সময়ত কাউৰী এটাই কা কৰিলেও তাইৰ টিঙিচকে খং উঠে। চিজিল ছোৱালীজনীয়ে নিজৰ টেবুল, নিজৰ খেলনা নিজেই পৰিপাটিকৈ ৰাখে।

পাঁচ বছৰ ডাঙৰ তাইৰ ককায়েক ৰঙে তাইৰ খং উঠাবলৈকে কিতাপবোৰ চেদেলি-ভেদেলি কৰে।

ৰ’দালিয়ে চিঞৰি চিঞৰি চবকে বকে।

মাকেও সমানে চিঞৰে,
”লাহে লাহে ক’চোন কথাবোৰ, ইমান চিঞৰিছ।”
”চিঞৰিমেই, দাদাই কিয় চুব’ মোৰ টেবুল?”
”তাইৰ টেঁটুটো শুনাচোন। ইমান টেঁটু ফালিছ… কলিজাৰ পৰা প্ৰাণটো ওলাই আহিব তোৰ।” মাকে তাইক বুজায়।

”ওলাওক।” ওফোন্দ পাতি ৰ’দালি খেলিবলৈ ওলাই যায়।

ককায়েক ৰং আৰু দেউতাকে তাইক চাই হাঁহে।

অলপ পিছতে তাইৰ খং জামৰে। ঘৰলৈ আহিয়েই তাই ভাষণ আৰম্ভ কৰে,
”মা আজি ৰিজুহতৰ ঘৰত লুচী বনাইছিল…মোক খুৰীয়ে খুৱাই পঠিয়াইছে।”
”দাদা মোক নতুন কেছেটটো লগাই দিয়ানা…মই নাচিম।”
”পাপা, মোক গানৰ স্কুললৈ লৈ যোৱা…মোৰ দেৰি হৈছে।”

এখন্তেকো ৰ’বলৈ সময় নাই ছোৱালীজনীৰ। ঢপলিয়াই ফুৰে গোটেইখন।

মিনতিয়ে মাজে মাজে নোকোৱা নহয়। কয়।
”উশাহটো লৈ ল-চোন অলপ সোণজনী।”
”মুখখনৰ খতি নাই ঔ ছোৱালীজনীৰ।”
”তই কথা কলে ৰাস্তাৰ মূৰৰ খগেনৰ দোকানৰ পৰা মানুহে শুনে।”

ৰ’দালিয়ে পাত্তা নিদিয়ে মাকক। দেও দি দি ওলাই যায়।

দেউতাকে দেওবাৰে দুপৰীয়া ভাত খাই উঠি অকণ শোৱে। ৰ’দালিয়ে টেঙা আচাৰ খাই খাই গোটেই ঘৰৰ চৌহদটো ঘূৰি ফুৰে। ৰেডিঅ’ত শুনাৰ দৰে নিজে নিজেই নাটক পাঠ কৰে। একো পাকত ভুলতে চিঞৰ এটা মাৰে…বস্তু পেলায় থনৰ থনৰকে। দেউতাকৰ কেঁচা টোপনি ভাঙে। আদৰুৱা জীয়েকক একোবাৰ পিটে। তাই বিছনা-তলত লুকায়।

আবেলিলৈ চব পাহৰি সেই ছোৱালী দেউতাকৰ স্কুটাৰত উঠি গানৰ স্কুললৈ যায়। দেউতাকে মৰ্টন কিনি দিয়ে।

স্কুলৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা ফাৰ্ষ্ট হৈয়ো ৰ’দালিয়ে ঘৰত অকণমান গালি শুনিবলগীয়া হয়।

”ৰ’দালি ইজ ইণ্টেলিজেণ্ট বাত ভেৰী টকেতিভ।”

প্ৰত্যেক বছৰে ৰিপোৰ্ট কাৰ্ডত একেটাই কথা।

ৰ’দালি কথকী।
ৰ’দালি অধৈৰ্য।
ৰ’দালি অশান্ত।

তাই ফাৰ্ষ্ট হৈছে বুলি পিছত দেউতাকে তাই ভালপোৱা খাচী মাংস অকণ আনেগৈ।

চহৰখনৰ চুবুৰীটোৰ মানুহৰ মাজত খুব মিলা-প্ৰীতি। আত্মীয়তাৰ অভাৱ নায়। ৰ’দালিক মানুহে ভাল পায়। চোকা ছোৱালী তাই। নিজৰ লৰা-ছোৱালীক উদাহৰণ দিব পৰাকৈ চোকা। চুবুৰীৰ সমবয়সীয়া ল’ৰা-ছোৱালীৰ জুমটোৰ লিডাৰ।

কিন্তু বেয়াকৈ কোৱা…কাট মাৰি কথা কোৱা…ঠাট্টা কৰা মানুহো ওলায়।

এবাৰ ওচৰৰে এঘৰৰ সকামত খেলি থকা ন’ বছৰীয়া তাইক দেখি সম্পৰ্কীয় জেঠায়েক এগৰাকীয়ে মাকক কয়,
”মিনতি, তোৰ ছোৱালীচোন তুলাৰ দৰে পাতল। তুলা ৰাশিযে তাই। ইমান চঞ্চলজনীক কোনে বিয়া কৰাব অ’?”

মিনতি শান্ত গৃহিনী। কাকো বেয়াকৈ নোকোৱা মানুহজনীয়ে অন্তৰত আঘাত পায়।

ঘৰলৈ আহি ৰ’দালিক দবিয়াই।
”কিয়নো ইমান চঞ্চল তই, কিয় ইমান কথা কৱ?”

ৰ’দালিয়ে অকণমান কান্দে। কিন্তু তাই সলনি নহয়। নোৱাৰে।

সময় বাগৰি যায়। তাই সুখ্যাতিৰে মেট্ৰিকৰ দেওনা পাৰ হৈ কলেজত নাম ভৰ্তি কৰে। অঞ্চলটোৰ মানুহে তাইৰ হৈ সম্বৰ্ধনা সভা পাতে।

ওচৰৰে মাহীয়েক এজনীৰ পুতেক ক্লাছ ফাইভত পঢ়ে। চোকা ল’ৰা। স্কুলৰ হম-ৱৰ্কত মিচে হেনো ফুল এটা আঁকি আনিব দিয়ে। মাকে কয়,
”ব’ল ৰ’দালি বাৰ তালৈ, আঁকি দিব।”
”নেলাগে দেই, ৰ’দালি বা ইমান চঞ্চল…ফুলপাহ ভাল নহ’ব। তাতকৈ ৰং দাদাক দিম। ৰং দাদা ইমান গপচ, ফুলপাহো গপচ হ’ব।”

মাহীয়েকে হাঁহি হাঁহি সকলোকে কথাষাৰ কয়হি। ৰ’দালিহতেও হাঁহে। কিন্তু পিছত তাইৰ মনটো অলপ সেমেকি যায়। পেন্দুকণা এটায়ো তাইৰ স্বভাৱত ধৰি কথা কয়।

বিয়াই-সবাহে বাটে-ঘাটে মানুহে তাইৰ কথকী, অধৈৰ্য স্বভাৱটোৰ খতিয়ান ধৰা হৈছে…খবৰ লোৱা হৈছে। সময়ৰ লগত তাইৰ অলপ গাম্ভীৰ্য নহা নহয়, কিন্তু কথা কৈ যে ইমান ভাল পায়…সলনি হয় কোন সতে!

”আজিৰ পৰা কমকৈ, লাহে-লাহে, ষ্টাইল কৰি কৰি কথা কম ৰ’..” বুলি থিৰাং কৰিলেও চোন তাই নোৱাৰে।

ফাৰ্ষ্ট ইয়েৰত সচৰাচৰ আনৰ হোৱাৰ দৰে ৰ’দালিয়ো প্ৰেমত পৰে। অৰিজিতৰ পেহীয়েক তাইৰ ঘৰৰ ওচৰতে থাকে। আহ-যাহ আছে। পেহীয়েকৰ কেঁচুৱা হওঁতে তাই ভয়ে ভয়ে চাবলৈ যায়। ওচৰৰে মামাকৰ ছোৱালী বায়েকক কয়,
”মই কিন্তু আজি বেছিকৈ কথা নকওঁ, শান্ত হৈ থাকিম।”

থাকেও। বায়েকেই সেইদিনা কথা পাতে।

পিছদিনা অৰিজিতে কয়,
”কালি আইতাই কৈছে ৰ’দালি ইমান চঞ্চল…কথা বেছিকৈ কয় ন’ তাই? বায়েকজনী বেছ ভাল লাগিল।”

ঘৰলৈ আহি ৰ’দালিয়ে উচুপি উচুপি কান্দে। ইমানেই বেয়া নে তাই?

অৰিজিতৰ পেহীয়েকৰ ছোৱালীৰ বাৰ্থডে হয়। সকলো গোট খায়। খোলা মনৰ ৰ’দালি আৰু সম্পৰ্কীয় বায়েকে ফুৰ্তিৰে ওচৰ-চুবুৰীয়া মানুহৰ লগত কথা পাতে…ফুচুৰি কৰে…হাঁহে। চুবুৰীটোত সিহঁত দুইজনীক বেয়া পোৱা মানুহ নায়।

পিছদিনা অৰিজিতে কয়,
”কালি মা আৰু বায়ে কি কৈছে জানা, ৰ’দালি আৰু বায়েক বেছি স্মাৰ্ট অলপ…ইমান খোলা-মেলাকৈ কথা পাতে…ইমান জোৰ গলাৰে হাঁহে।”

ভাল ঘৰৰ ছোৱালীয়ে হেনো মুখ টিপি হাঁহে। কম কথা কয়।

ৰ’দালিয়ে দুখ পায়।

বায়েকে কয় “গুলি মাৰা তাক।”

তাই প্ৰেম বাদ দিয়ে। নিজৰ কেৰিয়াৰ গঢ়িবলৈ লয়।

সময়বোৰ পাৰ হৈ যায়। দিল্লীৰ পৰা মাৰ্কেটিংত এমবিএ কৰি ৰ’দালিয়ে মুম্বাইত চাকৰি জীৱন আৰম্ভ কৰে।

কমিউনিকেশ্যন মেনেজাৰ। তাইৰ জব প্ৰফাইল। এসময়ৰ কথকী স্বভাৱটো এতিয়া তাইৰ কামৰ বিষয়। কথা কৈ ভালপোৱা ছোৱালীজনীয়ে জান-প্ৰাণ দি কাম কৰে। মানুহৰ সমাদৰ…অফিচত বাঃ বাঃ বোটলে।

মুম্বাইত থাকোঁতেই চাকৰি সূত্ৰে ৰ’দালিয়ে লগ পায় অৰুণাভক। তাইতকৈ কেইবছৰমান চিনিয়ৰ ল’ৰাটো ভীষণ গহীন। কম কথা কয়। ধীৰ-স্থিৰ। কামত সুনাম আছে।

”তোমাৰ কথাবোৰ ভাল লাগে ৰ’দালি।” সি কয়।

ৰ’দালিয়ে প্ৰাণ খুলি হাঁহে।

অৰুণাভ বলিয়া হয়। তাইৰ চঞ্চল স্বভাৱ…তাইৰ কেঁচুৱা সুলভ উৎসাহ…এইবোৰে তাক প্ৰাণ দিয়ে।

”মোৰ শীতল জীৱনটোত তুমি কোমল উত্তাপ, ৰ’দ।
তোমাৰ চঞ্চলতাই মোক পূৰ্ণ কৰে।”

ৰ’দালি প্ৰেমিকা হৈ পৰে।

সিহঁতৰ বিয়াৰ কথা চলি থাকোঁতেও কিছুমানে হাঁহিছিল।
”ইমান কথকী, অধৈৰ্য ছোৱালীজনীয়ে ইমান শান্ত ল’ৰাটোহে পালিনে?”

অৰুণাভৰ মাক-দেউতাকো ঠাণ্ডা মানুহ। কথকী চট-ফটিয়া বোৱাৰীজনী পাই, মানুহ হালে নতুন উদ্যম বিচাৰি পায়। এবাৰ মুম্বাইৰ পৰা ল’নাৱালাৰ ট্ৰিপ এটাত ৰ’দালি শেষ সময়ত যাব নোৱাৰিলে… অফিচৰ কাম ওলাল। অনিচ্ছা সত্ত্বেও অৰুণাভ আৰু মাক দেউতাকেই ফুৰি আহিলগৈ।

চুপ-চাপ গাড়ীত বহি গৈ থকা অৰুণাভৰ মাকে পুতেকক কয়,
”আজি ৰ’দালিজনী অহা হলে কিমান হৈ-চৈ হ’ল হয়। এতিয়া আমি মনে-মনে তিনিটা মানুহ মুজুঙা মাৰি গৈ আছোঁ, ইমান বৰিং।”

ঘূৰি আহি ৰ’দালিক পিছত অৰুণাভে কয়। তাই উলাহতে শাহুৱেকক সাৱতি ধৰে।
”মোলৈ কি আনিলে চাওঁ?” তাই আব্দাৰ কৰে।

কথকী, চঞ্চল ছোৱালীজনীয়ে জীয়ন পাই উঠে।

দিনবোৰ খৰকৈ পাৰ হৈ যায়।

হাঁহি-ধেমালি, কাজিয়া, মান-অভিমানেৰে প্ৰাণৱন্ত কৰি তোলা এখন ঘৰ…মনৰ মতন এটা চাকৰি …আৰু নিজৰ মনৰ জোখাৰে বন্ধু-বান্ধৱী লৈ ৰ’দালিৰ বছৰবোৰ বেছ আনন্দত পাৰ হৈ যায়।

অৰুণাভ একেই আছিল…শান্ত, সৌম্য, ধীৰ-স্থিৰ। তাইৰ প্ৰতিটো ফটুৱামিত ৰস পোৱা… প্ৰতিটো কেঁচুৱামিত মৃদু ধমক দিয়া…তাইৰ মানুহটোৱে তাইক পৰিপূৰ্ণ কৰি তুলিছিল।

আচলতে দুয়োটাই ইটোৰ সিটোৰ পৰিপূৰক হৈ পৰিছিল।

কেইবছৰমান পিছত নিজৰ তেজ মঙহৰে কিবা এটা সৃষ্টি কৰিবলৈ সিহঁতৰ হেঁপাহ হ’ল। ন’ মাহৰ অধীৰ অপেক্ষা। উৎকণ্ঠাৰ শেষত সিহঁতৰ মাজলৈ আহিল অকণমানি এটা টোপোলা।

”ৰ’দালি, লোৱা এইজনী তোমাৰ পিংক বেবী গাৰ্ল।”
মুম্বাইৰ এই নামকৰা অব-স্ত্ৰেটিছিয়ান গৰাকী বেছ চটফটিয়া…প্ৰগলভ। তেখেতে মৰম লগাকৈ, অথচ দেধাৰ কথা কয়। সৰু-ছোৱালীৰ দৰে কথাবোৰ কোৱা ডাক্তৰগৰাকীৰ নিজৰ ফিল্ডত কিন্তু বিয়াগোম নাম-ডাক।

তেখেতৰ তত্ত্বাৱধানত ৰ’দালি অৰুণাভ আশ্বস্ত হৈছিল।

গুলপীয়া পৰীজনী পাই অৰুণাভৰ দুচকুৰে পানী ওলাইছিল। তাৰ যেন সকলো সপোনহে পূৰণ হ’ল।
সুখী হৈছিল ঘৰৰ মানুহবোৰো।

খবৰ লবলৈ ফোন কৰা মানুহবোৰক অৰুণাভে আবেগভৰা কণ্ঠৰে কৈ গৈছিল, “মোৰ সৰুজনী ছোৱালী আহিল নহয়।”

ৰ’দালিয়ে ছোৱালী ল’বলৈ নেপালেই। ইকোলা সিকোলা কৰি অৰুণাভৰ কোলালৈ অহা ছোৱালীজনীক যেন সি নিচুকনি গীতৰ পৰা সাধুলৈকে সমস্ত ক’ব। ফিডিং কৰাবলৈহে কেঁচুৱা মাকৰ কোলালৈ গ’ল।

গুলপীয়া পুতলাজনীৰ নাম আগতেই ঠিক কৰি থোৱা আছিল। তাই মানস কন্যা। অৰুণাভে তাই পেটত থকা দিন ধৰি পাখি-মা পাখি-মা কৈ মাতিছিল। সি ধৰিয়েই লৈছিল সিহঁতৰ মৰমৰ আকাৰ লৈ আহিবলৈ ধৰাজনী এজনী ফুটফুটীয়া ছোৱালী।

ছোৱালীকণে নাকান্দিলে। কেৱল টেঁটু ফালি চিঞৰিলে। ভোক লগা মাত্ৰেই ৰক্ষা নাইকিয়া কৰে। চিঞৰি চিঞৰি যেন নাভাগৰিবই। অকণমানি চৰাই পোৱালি যেন আকাৰ লৈ অহাজনীৰ চিঞৰকেইটা শুনি ঘৰৰ মানুহবোৰে হাঁহি পেলালে।

ৰুমৰ ডিউটিত থকা নাৰ্ছবোৰে আহিয়েই পাখিৰ গুলপীয়া ফুলা-ফুলা গাল দুখন চুই চায়। অৰুণাভক কয়,
”এইটো ফ্লৰ’ত আজি আঠটা বেবী হৈছে। কেঁচুৱাই কান্দেহে, কিন্তু ইমান গলাৰ জোৰ থকা বেবী এইকহে দেখিলো। চিঞৰি চিঞৰি তাই চবকে হুকুম দিছে চোৱা।”

ৰ’দালিহতৰ অনুমতি লৈ গুলপীয়া বেবীজনীক সিহঁতে কাষৰ নাৰ্ছ-ষ্টেশ্যনলৈ লৈ যায়। চেল্ফি তোলে। কথা পাতে।

ৰ’দালি সুখী হয়। গোটেই ফ্লৰ’ত গলাৰ জোৰেৰে চিঞৰা বেবীজনীৰ মাক তাই। অধৈৰ্য বেবীজনী তাইৰ নিজৰ তেজ-মঙহ।

পাখি অহাৰ পিছত সময়বোৰ আৰু দ্ৰুত গতিত পাৰ হৈ যায়। অৰুণাভ ৰ’দালি ব্যস্ত হৈ পৰে। ককাক আইতাক কেইজনৰ বুকু জুৰ পেলায় কণমানি পাখিয়ে।

সাতমাহত তাইৰ প্ৰথম মাত ফুটে। তাৰ পাছত এটা এটা কৈ তাই কথা শিকে। ডেৰ-বছৰত ছোৱালীয়ে সলসলীয়াকৈ কথা কয়। অনৰ্গল কথা…লাগ-বান্ধ নথকা। ওচৰ চুবুৰীয়াই কয়, পাখি “ওৱাণ্ডাৰ বেবী।”

একলা দুকলা কৈ বাঢ়ি অহা পাখিজনীৰ যেন সময়ৰ অভাৱ। চটফটাই ফুৰিব। শুবলৈ মন নকৰে। কেৱল হাঁহে…কথা কয়। ধৈৰ্যৰ অভাৱ। কিবা ঠেঁহ লাগিলে চিঞৰত গগন ফালে।

ৰ’দালিৰ চিন্তা হয়। ডাক্তৰে কয়, “এক্টিভ, হেলদি বেবী এইজনী।”

পাখি স্কুল যাবলৈ লয়। ৰ’দালিৰ ব্যস্ততা বাঢ়ে। স্কুলৰ পৰা আহিয়েই দৰ্জা খুলিয়েই পাখিয়ে কথা আৰম্ভ কৰে…নিতৌ নতুন নতুন গল্প শুনায় ৰ’দালিক।

”আজি স্কুলত অমুক হ’ল….তমুক হ’ল।”

কথাৰ অন্ত নাই তাইৰ।

ৰ’দালিৰ শুনি ভাল লাগে। তাইৰ মূৰটো শুঙি চুমা এটা খায়। ঘামি অহা ৰঙা পৰা মুখখন মচি দিয়ে।

আজৰি পৰত পাখিয়ে “মিচ-মিচ” খেলে। স্কুলত শিকাবোৰ নিজৰ পুতলাবোৰক বকি বকি শিকায়। কোনো কল্পনাৰ বন্ধুৰ লগত পুৰা-পুৰি কথোপকথন কৰে।

দুৱাৰৰ আঁৰৰ পৰা অৰুণাভে তধা লাগি চায়। কাম আছে…কাম আছে বুলি উৰি ফুৰা ৰ’দালিজনীক টান মাৰি আনি ব্যস্ত জীয়েকক দেখুৱায়। এপলক চাই ৰদালিয়ে হাঁহে।
”যাওঁ মই এসোপা কাম পৰি আছে।”

অৰুণাভে চাই থাকে।

এদিন পাখিয়ে দেও দি দি আহি মাকক ক’লে,
”মা, আজি মোক স্কুলত মে’মে নতুন নাম এটা দিছে জানা?”

মাকৰ কৌতূহল হয়। ছোৱালীয়েও তেন্তে মানুহৰ পৰা নাম পাইছে।

”মই হেনো এটা টকিং-বক্স। মে’মে মোৰ গাল দুখন টিপি কৈছে…লাদ্দু, তুমি এটা টকিং-বক্স।”

পেৰেণ্টচ-টিচাৰ্ছ মিটিঙৰ দিনা ৰ’দালি উদ্বিগ্ন হয়।
ধুনীয়াকৈ শাৰী পিন্ধি অহা স্মাৰ্ট শিক্ষয়িত্ৰীজনীক সোধে,
”এই বাৰু অমনোযোগী নেকি মে’ম?”

পাখিৰ মে’মে কয়,
”অলপ অমনোযোগী…আৰু… বহুত অধৈৰ্য। কিন্তু একো নহয়, পিছত ঠিক হৈ যাব। আপোনাৰ ছোৱালী ভীষণ এক্সট্ৰভাৰ্ট…লিডাৰশ্বিপ কোৱালিটি আছে তাইৰ। ইমান ধুনীয়াকৈ কথা কয়…আমাৰ ক্লাছৰ টকিং-বক্স, পাখিজনী।”

সেইদিনা পাখিৰ কণমানি হাতত ধৰি ঘৰলৈ ঘূৰি অহা ৰ’দালিৰ বুকুখন এক অনামি অনুভূতিৰে ভৰি উঠিছিল। স্নেহ, গৌৰৱ, আবেগ… সকলোবোৰ যেন আহি তাইৰ গাত একেলগে থিতাপি লৈছিলহি। তাই সুখী হৈছিল।

অধৈৰ্য, অশান্ত, কথকী ছোৱালীজনীৰ মাক যে তাই। কথা-কোৱা পুতলাজনীৰ কথা-কোৱা মাক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!