এটা বিচ্ছিন্ন সাধুকথা আৰু দুষ্মন্তৰ সন্ধানত অন্য এক শকুন্তলা

লেখক- পৰিস্মিতা বৰদলৈ

(ক)

“জীৱন নদীৰ সেই একেটা সোঁততে গৈ আছো আমি। যাত্ৰাৰ মাজে মাজে পোৱা ঘাটবোৰত ক্ষন্তেক জিৰাইছো। পুনৰ খোজ লৈছো আগলৈ। বাৰেবাৰে সন্মুখীন হৈছো নানানটা প্ৰত্যাহ্বানৰ। কাৰোবাক লগ পাইছো, আকৌ হেৰুৱাইছো কাৰোবাক। কোনোবা আপোন হৈ পৰিছে। কোনোবাই পৰ জ্ঞান কৰি আঁতৰিও গৈছে একেবাৰে। তথাপিও হেজাৰবিজাৰ ধুমুহাৰ মাজতো হাৰি যাবলৈ দিয়া নাই মনক। আত্মাৰ লগত কি এক সাংঘাতিক যোগসূত্ৰ স্থাপন কৰি নিজকে নিচুকাইছো মাজৰাতি, ঠিক আয়ে সৰুতে আমাক নিচুকুৱাৰ দৰেই। কেতিয়াবা উঠি আহিছো কল্পনাতে সাগৰৰ পাৰলৈ, বতাহৰ সোঁ সোঁ শৱদ, তৰাংগায়িত ঢৌবোৰৰ মাজত এৰি দিছো নিজকে। চকুমুদি অনুভৱ কৰিছো সাগৰৰ গভীৰতা কিম্বা আকাশৰ বিশালতা। আকৌ কেতিয়াবা ঢপলিয়াইছো নৈৰ পাৰলৈ, শৈশৱৰ চিনাকি সেই পথাৰখনলৈ য’ত মাহীহঁতে ৰবাবটেঙা চকলিয়াইছিল। কলপাতত লোণ, তেল আৰু জলকীয়া সানি খাইছিল লগে-ভাগে। ক্ষন্তেক জিৰাইছো সেই সোঁৱৰণিৰ বঁকিয়াত। পুনৰ উলটিছোঁ।

এইদৰে গৈয়ে আছো গৈয়ে আছো। হেৰাই যোৱাজনৰ বাবে নীৰৱে চকুলো টুকিছো। আদৰুৱা কাৰোবাৰ সফলতাত হাঁহিছো, সন্তুষ্টি লভিছো। যান্ত্ৰিকতাত ক্ৰমান্বয়ে ধৰাশায়ী হ’ব খোজা মনটোক হাতৰ তলুৱাতে লৈ এধানিমান মৰমৰ উম দিছো। নাই ভয় কৰা নাই মৃত্যুলৈ, শংকা কৰা নাই ৰুগ্ন সময়লৈয়ো। মাথোঁ অহৰহ প্ৰণিপাত জনাইছো পৃথিৱীৰ অসুখ নহওক। সময় স্থবিৰ নহওক। আগুৱাই যাওক জীৱন যাত্ৰাৰ সহযাত্ৰীসকল।

এইযে জেঠৰ ৰ’দে জুৰুলা কৰা দেহাবোৰ, ঘাম আৰু তেজ মাটিত পেলাই কৰা পৰিশ্ৰমবোৰ তেওঁলোক যে পোহৰৰ সন্ধানত নামিছে। এ.চি. ৰূমত বহি অনুভৱ কৰা যায়নে গাত ৰ’দ নপৰা আৰু বৰষুণ নপৰা ‘তেওঁলোকৰ’ কথা? বাৰু সেই কথা পাচলৈ থাওক। এতিয়াতো নহয় ৰোৱাৰ সময়। এতিয়া পুৱা। বৰষুণে ধুৱাই নিয়া পুৱাটোত জিকমিকাই উঠা নাই ৰ’দালিৰ কিৰণ। পাছে মানুহৰ মনবোৰ বৰ পোহৰ। আকৌ যন্ত্ৰ হৈ কামত লগাৰ সময়। জীৱন সমৰত নামি পৰাৰ সময়। ৰাতি আকাশত তৰাবোৰ জ্বলি উঠিলেই পুনৰ বিচাৰি ল’ব এই যন্ত্ৰৱৎ সকলোৱে নিজৰ পৃথিৱীখন। সৃষ্টিৰ কঠীয়াতলি অথবা কল্পনাৰ কাৰেংঘৰখনি।

এইযে হেৰুৱাই পেলাইছো নিজকে কেতিয়াবা। পুনৰ বিচাৰি লৈছো নিজক, বেসুৰাই হওক গুণগুণাইছো প্ৰিয় গীতৰ কলকবিতা, গল্পৰ নামত যিহকেতিহকে লিখিছো
ওৰেটো নিশা কেতিয়াবা
পৃথিৱী পাহৰি নিজক মনত পেলাইছো, এয়াইতো জীৱন
এয়াই আত্মসন্মোহন। “

ইমানলৈকে লিখি ৰৈ যায় তাই। তাৰপাছত আৰু কি লিখিব তাই নাজানে। নাজানে তাই আৰু কেনেকৈ নিজকে সন্মোহিত কৰে ৰাখিব পাৰি, কেনেকৈ পাহৰিব পাৰি কেতিয়াও পাহৰিব নোৱৰা সেই সময়বোৰ। কেনেকৈ গাপ দি ৰাখিব পাৰি ফেনেফুটুকাৰে বাঢ়ি অহা ভৰা নৈখন। কেনেকৈ? কেনেকৈ? হাঁহাঁকাৰ হয় একপ্ৰকাৰ বুকুৰ ভিতৰত, অথচ তাই একো কৰিব নোৱাৰে, একোৱেই কৰিব নোৱাৰে। কিন্তু সিদিনা সেই ঘটনাটোৰ পাচতো নিজকে কি বুলি সান্ত্বনা দিয়ে তাই। কি বুলি? ছেগাচোৰোকাকৈ সেই কথাবোৰে তাইৰ কাণত অনুৰণন তোলে। বাৰেবাৰে, বাৰেবাৰে।

(খ)

গগনচুম্বী ফ্লেটটোৰ চাৰিনম্বৰ মহলাৰপৰা কাঁচৰ খিৰিকীৰ ফাঁকেৰে তেওঁ চাই ৰৈছে আঘোণৰ সুমথিৰাৰঙী আকাশখন। এবাৰ চশমাযোৰ খুলি পুনৰ পিন্ধি নিজৰ মাজতে মগন হৈ চাই ৰৈছে তেওঁ আপোনমনে উৰি যোৱা শৰালি হাঁহজাক। এইযে অদূৰৰ চৰণীয়া পথাৰখন তাৰ কাষতে থকা বিলখন বৰ প্ৰিয় তেওঁৰ। বিলখনত এই সময়চোৱাত জাকেজাকে শৰালি হাঁহে চৰি ফুৰেহি। যদিওবা এইখন কংক্ৰিটৰ চহৰ, তথাপি এই ফ্লেটটোৰ বাসিন্দাসকলক সাংঘাতিকভাৱে সৌভাগ্যশালী বুলিয়েই ক’ব লাগিব যি কংক্ৰিটৰ বাসিন্দা হৈয়ো অহৰহ খিৰিকীখনৰ কাঁচৰ মাজেৰে চাই পঠিয়ালে পান কৰিব পাৰে প্ৰকৃতিৰ ৰূপসুধা। তেওঁ নিজেও ইয়াৰ ব্যতিক্ৰম নহয়। পাছে কালি আবেলিৰ সেই ঘটনাটোৰ পাচৰ পৰাহেচোন মনটোত আউল লাগিবলৈ ধৰিছে তেওঁৰ। বাৰেবাৰে সেই অচিনাকি ছোৱালীজনীৰ উদ্ভত আচৰণে তেওঁক ব্যতিব্যস্ত কৰি তুলিছে। কি এক ধুমুহাৰ গতিত তেওঁক দেখা পোৱা মাত্ৰকেই আহি চাৰ্টৰ কলাৰটোত ধৰি একপ্ৰকাৰ ঘটালি পেলাইছিলহি তেওঁক। চকু নহয় যেন ফিৰিঙতিহে আছিল সেয়া। হয়তো ছোৱালীজনী মানসিকভাৱে বিপৰ্যস্ত। নহ’লেনো এনে আচৰণ কৰেনে? কাহিনীও চিনি জানি নোপোৱা মানুহজনক পাব্লিক প্লেচত তেনেকৈ অপদস্থ কৰেনে কোনো কাৰণ নোহোৱাকৈয়ে? আচৰিত! আচৰিত! মনতে বিৰবিৰাই তেওঁ। কি কৈছিল তাই কি কৈছিল? “ইউ চ্চিটাৰ!” তেওঁক ঠগ বুলি কৈছিল? কিন্তু কিয়? অহ্ নহয় তাইতো কোনোবা অনিৰ্বাণ নামৰ যুৱক এজনৰ নাম ধৰিহে তেওঁক তিৰস্কাৰ কৰিছিল। যাৰ নামৰ কাকো দেখোন তেওঁ চিনিয়েই নাপায়। কিয় বাৰু তেনে কৰিছিল তাই। কিয়? কিয়? এশএবুৰি চিন্তাই ক্ৰমান্বয়ে তেওঁক ঘেৰি ধৰিলেহি।

অথনিতে দেখা সুমথিৰাৰঙী আকাশখনত এতিয়া সন্ধিয়াৰ আচ্ছাদন। পলকতে তেওঁৰো মন আকাশখনত যেন ৰংবোৰ সলনি হৈছে। মনলৈ কিবাকিবি ধাৰণাবোৰ আহিবলৈ লৈছে। সেই ছোৱালীজনীক লগ পোৱাৰেপৰা এনে হৈছে। কিয় হৈছে ঠিক তেওঁ ধৰিব পৰা নাই। তেওঁ বাৰু কিবা পাহৰিছে নেকি? কোনোবা ছোৱালীক বাৰু তেওঁ লগ পাইছিল নেকি যাক তেওঁ প্ৰবঞ্চনা কৰিছে। ধেৎ কিবোৰ যে ভাবিছে তেওঁ। তেওঁৰ লগত এনেকুৱা একো ঘটা নাই। নাই ঘটা একোকে। হয়তো ঠগাইছে সেই অনিৰ্বাণক বোলাজনেহে, যাৰ নাম সেই ছোৱালীজনীয়ে লৈছিল। হয়তো তেওঁৰ চেহেৰাৰ লগত সাদৃশ্য আছে তাইৰ অনিৰ্বাণৰ। হয় হ’ব পাৰে এনেকুৱা। আজি তেওঁ এইবিষয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু ডা° বিপ্লৱক সুধিব লাগিব। ডা° বিপ্লৱতো মনোৰোগ বিশেষজ্ঞ, সেই ছোৱালীজনীক যিহেতু সিদিনা হস্পিতালৰ সন্মুখতেই লগ পাইছিল। কিজানিবা তাই চিকিৎসাৰ বাবেই আহিছিল আৰু হঠাৎ তেওঁক দেখা পাই তাই এনে আচৰণ কৰি পেলালে। আচৰিত লাগে মানুহৰ জীৱনতো যে কি কি ঘটনা ঘটি নাযায়। “বেচেৰী” বুলি স্বগতোক্তি কৰে তেওঁ।

(গ)

ডা° বিপ্লৱে তেওঁৰ কেবিনৰ ভিতৰতে এক দ’ম ফাইলৰ মাজত ডুবি আছে। প্ৰতিটো ফাইলেই তেওঁ তন্নতন্নকৈ পৰীক্ষা কৰিছে। কিবা “ক্ল্যু” পাই নেকি চাইছে মনোযোগেৰে। নাই একো ধৰিব নাইপৰা তেওঁ, একোৱেই নাই পৰা। এই কেচটো দিনকদিনে জটিল হৈ গৈ আছে তেওঁৰ বাবে। প্ৰথম প্ৰথম যেতিয়া তেওঁ এই কেচটো হাতত লৈছিল মানে তেওঁৰ হাতত পৰিছিলহি, তেওঁ পৰম উৎসাহেৰে কামত লাগিছিল। তেওঁৰ চিনিয়ৰ ডা° গোস্বামীয়ে তেওঁক কেচটো অৰ্পণ কৰি কৈছিল, “ইয়ং বয় সদায়েই তুমি এডভেন্সাৰচ্ বিচাৰি ফুৰিছিলা নহয়, গতিকে এই কেচটোৰ দায়িত্ব মই তোমাক দিছো। ফাইলটোৰ ভিতৰতে সকলো পাবাই। বাকী কিবা দৰকাৰ হ’লে মইতো আছোৱেই গাইডেন্সৰ বাবে। চ’ কেৰী অন। অল দ্য বেষ্ট।” সেইদিনা পিঠিত থপৰিয়াই ডা° গোস্বামী গুচি যাওঁতেও ডা° বিপ্লৱৰ নিজকে সৌভাগ্যশালী যেন অনুভৱ হৈছিল। ভাবিছিল নতুন অভিজ্ঞতা হ’ব। এনে কেচ সি চিনেমাবোৰতহে দেখিছে। বাস্তৱতনো কি হয় বা সঁচাকৈয়ে এনে হয়নে জানিবলৈ তাৰ বৰ মন গৈ আছিল। এইবাৰ তেনে এটা কেচেই হাতলৈ অহাত সি ভবাতকৈও সুখী হ’ল। সিদিনা ফাইলটো হাতত লৈয়ে পেচেণ্টৰ নামটো দেখি তাৰ দুচকু থৰ হৈ গৈছিল। বহি পৰিছিল কেবিনৰ চকীখনতে। কোটকোটকৈ পানী এগিলাচ খাইছিল, পেণ্টৰ পকেটৰপৰা ৰুমালখন উলিয়াই কপালত ইতিমধ্যে জমা হোৱা ঘামবোৰ মচি লৈছিল। চশমাযোৰ খুলি টেবুলতে থৈ বহুপৰ হাতদুখনেৰে মূৰটো হেঁচা মাৰি ধৰি আছিল।

আৰু আজি এইকেইটা বছৰত সেই ফাইলটোতে মূৰ গুজি আছে সি। কিবা নহয় কিবা প্ৰকাৰে যদি সি অলপমানো সফল হয় কেচটো সমাধা কৰাত। তাৰ ডাক্তৰী জীৱন সাৰ্থক হ’ব। নাই এইবাৰ আগৰ দৰে তাৰ নিজৰ যোগ্যতা প্ৰদৰ্শনৰ হাবিয়াস নাই মাথোঁ তাৰ একান্ত ইচ্ছা দিশহাৰা কাৰোবাৰ বাবে দিক্ নিৰ্দেশক হোৱাৰ।

সৰুতেই ৰবাবটেঙাৰ বলবোৰ গুৰিয়াই গুৰিয়াই চৰণীয়া পথাৰখনত খেলোঁতে যি সংগী আছিল তাৰ, সৰু ডাঙৰ নানান ‘এডভেন্সাৰচ্’ কৰা বেলিকা কৈশোৰাৱস্থাত যি তাৰ সৈতে খোজত খোজ মিলাইছিল সেইজন বন্ধুৰ জীৱনৰ এনে জটিল সমস্যা এটাই যে তাৰ ডাক্তৰী জীৱনৰো ‘এডভেন্সাৰচ’ হৈ তাক ভেঙুচালি কৰিব কোনে জানিছিল? কোনে জানিছিল?

জীৱনটো সঁচাকৈয়ে ভবাতকৈ বহুত বেছি আনপ্ৰেডিক্টটবল। এতিয়া এইমুহূৰ্তত সি এইবুলিয়েই ভাবিবলৈ ধৰিছে। নিজৰে একান্ত প্ৰিই বাল্যবন্ধুজনক এতিয়া তেওঁ নিজৰ পৰিচয় ক’ব নোৱাৰে আনহে নালাগে তেওঁৰ নাম পৰ্যন্ত লুকুৱাই ৰাখিবলগীয়া হৈছে চিকিৎসাজনিত কাৰণত। নিজৰ বন্ধুত্বৰ খাতিৰতে হয়তো এজনে ডাক্তৰ হিচাপে কৰিবলগীয়াতকৈ বহু বেছি দায়িত্ব পালন কৰিছে ডা° বিপ্লৱে। এটাই আশা যাতে এই পৰীক্ষাত তেওঁ উত্তীৰ্ণ হয়।

(ঘ)

এবাৰ কোঠাৰ লাইটটো জ্বলাই আকৌ এবাৰ নুমাই তাই কিবাকিবি বোৰ ভাবি আছে। এতিয়া একো লিখাৰো ইচ্ছা নাই তাইৰ একেবাৰে। অতীতৰ ডুখৰীয়া ছবিবোৰে মনত ডোলা দি গৈছে তাইৰ এফালৰপৰা। পাহৰণিৰ গৰ্ভত কথাবোৰৰ আঁত হেৰাইছে বুলি ভাবিব খুজিওচোন মানি ল’ব নাই খোজা মনটোৱে।

এতিয়া যে তাইৰ বহুত কাম। সেইযে সৰুতে শকুন্তলাৰ সাধুটো কৈছিল আইতাকে। কেনেকৈ শকুন্তলা ঋষিৰ কোপত পৰি প্ৰেমিকৰ স্মৃতিৰপৰা মচ খাই গৈছিল। আনকি সিহঁতৰ প্ৰেমৰ চিহ্ন আঙুঠিটোও হেৰুৱাই পেলাইছিল। তাই যে কিমান কান্দিছিল যেতিয়া আইতাকে সাধুটো কৈ যাওঁতে শকুন্তলাক ৰাজসভাৰপৰা কেনেকৈ ৰজা দুষ্মন্তই চিনি নোপোৱা বুলি কৈ ওভতাই পঠিয়াইছিল সেই কথা ৰস লগাকৈ কৈছিল।

পাছে শকুন্তলাৰ কাহিনীটোৰ সমাপ্তিয়ে তাইক সুখী কৰিছিল। সেইযে মাছমৰীয়াজনে মাছৰ পেটত উদ্ধাৰ কৰা আঙুঠিটোৱে যে ৰজা দুষ্মন্তক শকুন্তলাৰ কথা সোঁৱৰাই দিছিল। তাইৰ এই মুহূৰ্তত মন গৈছে সেই আঙুঠিটোৰ দৰেই এনে কিবা চিহ্ন থাকিব পাৰে নেকি যাৰদ্বাৰা বিস্মৃতিত হেৰাই যাব খোজা কথাবোৰ ঘূৰাই আনিব পাৰি কাৰোবাৰ। কথাবোৰ ঘূৰাই পকাই ভাবি ভাবি তাই থিৰাং কৰিলে এবাৰ কাইলৈ ডা° বিপ্লৱক লগ কৰিব। কিয়নো এইসময়ত ডা° বিপ্লৱতকৈ ভালকৈ কোনেও তাইক সহায় কৰিব নোৱাৰে শকুন্তলাৰ আঙুঠিটোৰ সন্ধানত।

(ঙ)

অতপৰে সেই ছোৱালীজনীৰ কথাকে ভাবি আছিল তেওঁ। তাই চাৰ্টৰ কলাৰটোত ধৰি জোকাৰি দিয়াৰ পৰা বন্ধু ডা° বিপ্লৱে আঁতৰাই নিয়ালৈকে গোটেই ঘটনাটোৱেই তেওঁৰ মূৰত অগাদেৱা কৰি আছেহি। ডা° বিপ্লৱে অনুচ্চ সুৰত কিবা কৈছিল তাইক, যেন কিবা বুজোৱাৰ চেষ্টা কৰিছিল। কি কৈছিল বাৰু? কিয়নো অলপমান আঁতৰত থকাৰ বাবে তেওঁ শুনা নাছিল সেয়া। তদুপৰি অচিনাকি ছোৱালী এজনীয়ে তেনেকৈ মাজৰাস্তাতে কৰা আচৰণৰ বাবে তেওঁ যথেষ্ট অস্বস্তিত ভুগিছিল। পাছে ডা° বিপ্লৱৰ কথা শুনি ছোৱালীজনীয়ে সতৃষ্ণ নয়নেৰে যেন এবাৰ তেওঁলৈ চাই গুচি গৈছিল। সমগ্ৰ ঘটনাটোকে আজি তেওঁৰ কিবা ৰহস্যময় লাগি গৈছে।

এই ইমান দিনে তেওঁ ডা° বিপ্লৱৰ কথামতেই সকলো কৰিছে। এই নতুন ঠাইখন, ইয়াৰ মানুহবোৰ আনকি তেওঁৰ অফিচ পৰ্যন্ত সকলোবোৰেইতো নতুন। তেওঁ যেতিয়া নিজকে সেই দুৰ্ঘটনাটোৰ পাছত আৱিষ্কাৰ কৰে তেতিয়া তেওঁ এখন সুসজ্জিত নাৰ্ছিং হোমৰ কেবিনত। কাষত ৰৈ থকা মানুহবোৰ তেওঁৰ পৰিচিত নাছিল। সঁচা কথা ক’বলৈ গ’লে সেই দুৰ্ঘটনাটোৰ পাছতে তেওঁ সকলো হেৰুৱাই পেলাইছিল নিজৰ পৰিচয়টোৰ বাহিৰে। আনকি নিজৰ মাক দেউতাককো চিনাই দিবলগীয়া হৈছিল বেলেগেহে।

আগৰ স্মৃতিবোৰ পাহৰি সম্পূৰ্ণ নতুনকৈ সকলো আৰম্ভ কৰিবলৈকে ডা° বিপ্লৱৰ পৰামৰ্শমতে তেওঁ ইয়ালৈ গুচি আহিছিল। কেৱল পুৰণা স্মৃতিবোৰৰ বাহিৰে মগজুটোৱে বেলেগ কাম কৰিব পৰাকৈ সক্ৰিয় আছিল বাবে নতুন জেগাত নতুনকৈ চাকৰি এটা গোটাই ল’বলৈ তেওঁৰ কষ্ট হোৱা নাছিল। মাত্ৰ তেওঁৰ মাজেমাজে নিজৰ অতীতটোৰ কথা জানিবলৈহে বৰ ব্যগ্ৰ হৈ পৰিছিল।

পাছে এতিয়া নিজতকৈও তেওঁৰ আন এজন মানুহৰ বিষয়েহে জানিবলৈ বেছি মন গৈ আছে। ছোৱালীজনীৰ মুখত শুনা সেই নামটো? কি আছিল? অনিৰ্বাণ। হয় অনিৰ্বাণ। এনেকুৱা লাগিছে যেন নামটো চিনাকি তেওঁৰ। ক’ত বা শুনিছে নামটো তেওঁ? ক’ত?

( চ)

ডা° বিপ্লৱে ভাবি আছে কেনেকৈ কি কৰিব পাৰি কেচটো। সেই ছোৱালীজনীকে এবাৰ লগ ধৰা যাওক নেকি নহ’লে। কিজানিবা এই কেচটোত তাই কিবা সহায় কৰিব পাৰেই। কিজানিবা ইমানদিনে বিচাৰি থকা সেই কিবাটো বিচাৰি পাই যায় তেওঁ। কিজানিবা তেওঁ ওভতাই দিব পাৰে কাৰোবাক এৰি থৈ অহা দিনবোৰৰ মধুৰ স্মৃতিবোৰ। কিজানিবা…

তাই ওলাই আহিছে পুৱাতে ডা° বিপ্লৱক লগ ধৰিবলৈ। কালিৰ ঘটনাটোৱে ওৰেটো ৰাতি তাইক বিধ্বস্ত কৰি থাকিল ধুমুহাৰ দৰেই। এতিয়া তাই শান্ত, সমাহিত। তাই ভাবি লৈছে সৰুতে শুনি শকুন্তলাৰ কাহিনীৰ আঙুঠিটো তাই বিচাৰি উলিয়াব দুষ্মন্তৰ বাবে আৰু তাৰবাবেই তাই ডা° বিপ্লৱক লগ ধৰিবই লাগিব। তাইক ডা° বিপ্লৱে কোৱা সেই কথাকেইষাৰ তাইৰ কাণত বাজিয়েই আছে এতিয়াও। ইমানদিনে তাই ঠগ প্ৰবঞ্চক বুলি ভাবি অহা সেই ধাৰণাক ডা° বিপ্লৱৰ এষাৰ কথাই নস্যাৎ কৰি পেলাইছিল, “প্লিজ কাম ডাউন মিচ. তেখেতে আপোনাক ঠগা নাই। সময়ে তেখেতকহে প্ৰবঞ্চনা কৰিছে।” এইমুহূৰ্ততো তাই ভাবিবলৈ ধৰিছে ডা° বিপ্লৱৰ কথা, যি এই সময়ত তাইৰ একালৰ প্ৰেমিকৰ বাবে অচিনাকি হৈ পৰা সকলো মানুহকে চিনাকি কৰি দিয়াৰ চেষ্টা কৰি আহিছে সেই দুৰ্ঘটনাটোৰ পাছৰেপৰা। কিমান কষ্টকৰ হ’ব কাৰোবাৰ বাবে যি নিজৰ নামটো পৰ্যন্ত হেৰুৱাই পেলাইছে বিস্মৃতিৰ গৰ্ভত, হয় ডা° বিপ্লৱে কৈছিল যে চিকিৎসাজনিত কাৰণতে ৰোগীৰপৰা ৰোগীৰ প্ৰকৃত নামটোও কেতিয়াবা গোপন কৰিবলগীয়া হয়। এনে ঘটনাক চিকিৎসাবিজ্ঞানে short term memory loss বুলি কয় যদিও বহুতৰে ক্ষেত্ৰত দীৰ্ঘদিন ধৰি স্মৃতিশক্তি ঘূৰি নহাৰ নজিৰো নোহোৱা নহয়। ৰোগীৰ মগজুত বেছিকৈ চাপ দিবও নোৱাৰাৰ হেতুকে এইধৰণৰ চিকিৎসাত অপেক্ষাৰ বাহিৰে আৰু ধৈৰ্যৰ বাহিৰে আন একো উপায় নাথাকে। নৰমেল চিকিৎসা চলি থাকে যদিও অতীতৰ বহু ঘটনা তথা সোঁৱৰণিৰ টুকুৰাবোৰ এখুদ এখুদকৈহে মনত পেলাবলৈ চেষ্টা কৰা হয়, তেনে কৰিলে ৰোগীয়ে ষ্ট্ৰেছ ল’বলগীয়া নহয়, সেয়ে এইধৰণৰ চিকিৎসা যথেষ্ট দীৰ্ঘকালীন হয় আৰু লগতে মন্থৰ গতিতহে হয়। চিকিৎসাসম্বন্ধীয় কাগজপত্ৰবোৰো ডা° বিপ্লৱে কিছু পৰিয়ালৰ লগত আৰু কিছু নিজৰ ফাইলত ৰাখিছে, য’ত নেকি তেওঁৰ নামটো লিখা আছে, “অনিৰ্বাণ দুৱৰা” এইসময়ত যাৰ সকলো স্মৃতিৰ লগতে একালৰ প্ৰেমাস্পদৰ স্মৃতিও মচ খাই গৈছে সেই আপদীয়া এক্সিডেণ্টটোৰ পাছৰেপৰাই।

অফিচিয়েল ট্ৰেইনিং এটাৰ বাবে এসপ্তাহৰ বাবে তাই এই ঠাইখনলৈ আহিছিল। আচলতে অনিৰ্বাণ হঠাৎ নোহোৱা হৈ যোৱাৰ পাছত তাৰ একো খবৰেই তাই পোৱা নাছিল। তাৰ ফেমিলিৰ কোনো লোককো তাই লগ পাবলৈ অসমৰ্থ হৈছিল। শেষত বিশৃংখল মনটোৰ অলপ থানথিত লাগিবলৈকে নিজকে ব্যস্ত ৰাখিবৰ বাবে মাল্টিনেচনেল কোম্পানীটোত ইণ্টাৰভিউ দিছিল আৰু অনুভৱবোৰ নিঃসৰণ কৰিবলৈ বাছি লৈছিল কলমটোকে। কোম্পানীৰ চাকৰিটো হৈছিলগৈ তাইৰ। তাৰে ট্ৰেইনিঙত আহি তাই হেৰোৱা সূতাডালৰ আঁত বিচাৰি পাইছেহি। ট্ৰেইনিং কালিয়েই শেষ। আজি ৰাতিলৈ তাই ওভতনি যাত্ৰা, কিন্তু উভতি যোৱাৰ আগেয়ে তাই ডা° বিপ্লৱক লগ কৰিবই লাগিব, অলপ সময়ৰ বাবে তাই কিয় জানো দুষ্মন্ত শকুন্তলাৰ কাহিনীৰ সেই মাছমৰীয়া চৰিত্ৰটোৰ সৈতে ডা° বিপ্লৱৰ তুলনা কৰি চাবলৈ মন গ’ল, ওঁঠৰ ফাঁকেৰে জাননিজান হাঁহি এটা সৰকি আহিল তাইৰ অজানিতেই। হয়তো সেইসময়ত নিজকে তাই আঁকি পেলাইছিল শকুন্তলাৰ ৰূপত যি দুষ্মন্তৰ সন্ধানত যাত্ৰা আৰম্ভ কৰি পেলাইছিল ইতিমধ্যে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!