পুৰাতন এটি ভোকৰ সাধু

লেখক- কল্পনা শৰ্মা

১) জীৱনমুখী আলাপ
: ৰাজন, মই এতিয়া কি কৰিম ক, ক’ত থাকিম? ক’লৈ যাম?” ফেঁকুৰি উঠে তাই।
: মোৰ কথা শুনিবি?
: হুমম্
: শুন, মই খবৰ পাইছো, চিনেমা কৰা এজন ডাঙৰ মানুহে আমাৰ দৰে মানুহবিলাকক নিজৰ ঘৰলৈ পঠিয়াবলৈ গাড়ী দিব দুই এদিনতে। যাৰ য’ত ঘৰ, বিহাৰ, ঝাৰখণ্ড, ইউ. পি… সকলোকে ঘৰলৈ পঠিয়াব গাড়ীত। তই কিবাকৈ ৱাড়ালা বা তাৰ ওচৰলৈ যা, তাত গাড়ী ধৰি গুচি যা …
”এনেকুৱা সময়ত তোক এৰি যাবলৈ মই পাঁচ বছৰ আগতে তোৰ হাতত ধৰি ৰে’লত উঠা নাছিলোঁ নহয়। তই ইয়ালৈ আহ, তাৰ পিছত য’লৈ নিয় তালৈকে যাম, জহন্নামলৈ নিয় যদি তোৰ লগত তালৈও যাম।”
”মই যাব নোৱাৰোঁ ঐ, আমাৰ ইয়াত একেলগে কাম কৰা ছয়জন মজদুৰৰ বেমাৰ ধৰা পৰিল, আমি বাকীবোৰকো এতিয়া কেম্প কৰি বন্ধ কৰি ৰাখিছে দুসপ্তাহৰ কাৰণে। “
”দুউউ.. সপ্তাহ। ঠিক আছে। মই তোৰ তালৈ যাম, তাতেই থাকিম। ময়ো তোৰ লগতে কাম কৰিম। জানো নহয়, সেইবোৰ কামত মাইকী মজদুৰো থাকে।“
“তই এইটো অৱস্থাত অক্ষয়ক লৈ… পাৰিবি জানো আহিব?!“
”নোৱাৰিলে কি উপায় আছে ক? তই আহিব নোৱাৰ, ইয়াত থাকিবলৈ ঠিকনা নাই। মই যিদৰে হ’লেও যাম তোৰ ওচৰলৈ। তাৰ পিছত যি হয় হ’ব।“
”ঝুমৰী, তোৰ হাতত পইচা আছে জানো?“
”আছে অলপ “… এইবাৰ তাই মিছা মাতে।
”নাসিকৰ বাট চিনি পাবি?“
”উলিয়াম কিবাকৈ।“
”ঠিক আছে আহ, বাটত মোক ফোন কৰি থাকিবি। “
… কোলাত প্ৰায় তিনি বছৰীয়া অক্ষম সন্তান অক্ষয়, গৰ্ভত চাৰিমহীয়া ভৱিষ্যত, দুচকুত শংকা আৰু হাজাৰ অনিশ্চয়তাৰ প্ৰশ্ন লৈ ধাৰাভীৰ পৰা ঠিকনাবিহীন ঝুমৰীয়ে কেৱল দুভৰিক ভৰসা কৰিয়েই খোজ দিছে নাসিক অভিমুখে, যেন নাসিকত থকা ৰাজনৰ ওচৰ পালেই সকলো সমস্যা শেষ হৈ যাব।
***

(২) নেপথ্যৰ প্ৰেম, বিশ্বাস আৰু আশংকাৰ সাধু

আঃ, সিহঁতেতো জীৱনৰ মোহত, জীৱনৰ সন্ধানতেই আহিছিল এই সপোন নগৰীলৈ। টি.ভি.ৰ ৰিয়ালিটী শ্বোত বহুতে কান্দি কান্দি কোৱা দেখিছে সিহঁতে কিদৰে ফুটপাথত থাকি, সংগ্ৰাম কৰি বহু মানুহ চিলেব্ৰিটী হৈছে আৰু তাকেই দেখি দূৰৈৰ পৰা সকলোৰে সকলো সপোন পূৰাব পৰা মায়ানগৰী যেন দেখিছিল সিহঁতে এই ঠাইক। নিজৰ মাটিত সংশয় দেখি গুচি আহিছিল এই মায়ানগৰীলৈ।
উফ্, আৰু আজি……

তেনেই অচিনাকি বান্দ্ৰা ষ্টেচনত উপস্থিত হৈ ঝুমৰী আৰু ৰাজনে ভাবিছিল ‘ সিহঁতেতো ইয়ালৈ বিখ্যাত হ’বলৈ অহা নাই। মাত্ৰ জীয়াইহে থাকিব লাগে। ফুটপাথত থাকি হ’লেও জীৱনটো জী থাকিব এই নগৰীত।’ সিহঁতে জনাততো এই ৰঙীণ নগৰীয়ে কাকো জীৱন-বিমুখ নকৰে। প্ৰায় পাঁচবছৰৰ আগতে হাতত মুঠেই কেইটামান টকা লৈ আহি মুম্বাইত উপস্থিত হোৱা ৰাজন-ঝুমৰীকো নিৰাশ কৰা নাছিল এই নগৰীয়ে।

কিন্তু এতিয়া সময়ে যেন সমগ্ৰ বিশ্বকেই জীৱন-বিমুখ কৰিবলৈ আৰম্ভ কৰিছে; এই স্বপ্নপুৰীতো বিশ্বৰেই এটি টুকুৰা। প্ৰতিটো খোজতেই ভাবি-চিন্তি ভয়ত কঁপি উঠিছে ঝুমৰী।
আজি নাজানে তাই কি কৰিব বা কি কৰা উচিত। দুভৰিৰ ওপৰতেই ভৰসা কৰি যেন এৰি দিছে দেহাটো সময়ৰ হাতত “লৈ যা মোক, লৈ যা” বুলি।
অথচ যিদিনা তাই নিজৰ ঠাই এৰি আহি এই অচিনাকি নগৰীত ভৰি দিছিল, হাতত সম্বল নহ’লেও মনত এক অদ্ভুত বল আছিল। হয়তো লগত ৰাজন আৰু কান্দোতে মূৰটো থ’বলৈ তাৰ কান্ধখন আছিল। আজিতো সিয়ো দূৰৈত; “আঃ, লৈ যোৱা বিনায়ক বাপ্পা, মোক মোৰ ৰাজনৰ কাষলৈ লৈ যোৱা। তাক লগ পালেই মোৰ সকলো কষ্টৰ শেষ হ’ব।”
বিপদত পৰিলে ‘বাপ্পা’ক স্মৰণ কৰিবলৈ তাইক ‘কান্তা আঈ’য়ে শিকাইছিল, সেইজনী কান্তা আঈ যিয়ে তাইক বান্দ্ৰা ষ্টেচনৰ প্লেটফৰ্মৰ চিৰিত ৰাজনৰ কাষত বহি দোপাত্তাখনেৰে মুখত হেঁচা মাৰি ফেঁকুৰি থকা দেখি সিহঁতৰ ওচৰ চাপি আহি ৰাজনক ধমক দি সুধিছিল, “ বেছনে কো লায়া হ্যে না তু ইচে য়হা, ম্যে অভী পুলিচ ক’ বুলায়েগী।” মাগুৰ বৰণীয়া, শকত, দুভৰিৰ মাজেৰে বিশেষ কায়দাত পাক মাৰি শাৰী পিন্ধা মানুহ জনীৰ কথাত দুয়ো থতমত খাইছিল। পুলিচৰ নাম শুনি ভয়তে তায়েই মানুহজনীৰ আগত কৈ পেলাইছিল, সিহঁতৰ দুয়োখন ঘৰৰ পৰা স্বীকৃতি নোপোৱা প্ৰেম, স্বীকৃতি দিয়াৰ বিনিময়ত ৰাজনৰ বাপেকে দাবী কৰা অল্টো ৮০০ গাড়ীৰ প্ৰস্তাৱ আৰু সেই প্ৰস্তাৱত টিঙিৰি তুলা হৈ তাইৰ জুৱাৰী বাপেকে ৰাজনক যিকোনো প্ৰকাৰে তাইৰ পৰা আঁতৰাই তাইক তাইতকৈ তিনিগুণ বয়সৰ এজনৰ হাতত গটাই দিয়াৰ পৰিকল্পনাৰ কথা গম পায় দুয়ো বিহাৰৰ পৰা আহি মুম্বাইৰ বান্দ্ৰা ষ্টেচনত উপস্থিত হোৱাৰ নাটকীয় কাহিনী।

তাইৰ কথা শুনি মানুহজনীয়ে সুধিছিল, “এতিয়া ক’লৈ যাবি?”
দুয়ো ইটোৱে সিটোৰ মুখলৈ চাই সেমেনা সেমেনিকৈ থকা দেখি মাগুৰ বৰণীয়া, শকত মানুহজনীয়ে কৈছিল, “মোৰ লগত ব’ল, মূৰৰ ওপৰত চালি এখন পাবি। দুদিন মই বিনাপইচাত খুৱাম” তাৰ পিছত ৰাজনলৈ চাই কৈছিল, “দুদিনৰ ভিতৰত তই কাম বিচাৰি ল’বি। শাদী কৰা মৰদ তই, পইচা কামাব নোৱাৰিলে মুম্বাই নগৰে ঠগিব, বুজিলি।”
সেইসময়ত হাতত দীঘল ঝাড়ু এডাল লৈ থকা মানুহজনীৰ গাৰ পৰা অহা ফেনাইল আৰু চিত্ৰনলাৰ মিহলি গোন্ধটোত ঝুমৰীয়ে কিজানি আপোন আপোন লগা গোন্ধ এটা বিচাৰি পাইছিল। ৰাজনৰ হাতত ধৰি মানুহজনীৰ পিছে পিছে খোজ দিছিল বিশ্ববিখ্যাত (? ) সেই ঠিকনালৈ। ঘৰ গৈ পোৱালৈ এন্ধাৰ হৈছিল। মনৰ দুখ আৰু ৰে’ল যাত্ৰাৰ কষ্টত টোপনিৰ কোলাত ঢলি পৰা ঝুমৰীয়ে ৰাতিপুৱা সাৰ পাই চৌপাশৰ দুৰ্গন্ধময় পৰিবেশ দেখি আচৰিত হোৱাত মানুহজনীয়ে কৈছিল, “য়ে ধাৰাভী হ্যে। তহঁতৰ দৰেই হিন্দুস্তানৰ বহু মানুহে নাজানে এই স্লাম কিমান ডাঙৰ। লাখৰ হিচাপত মানুহ আছে ইয়াত। তহঁতৰতো পইচা নাই যে বান্দ্ৰাত হোটেলত থাকিবি, ইয়াতে মোৰ ঘৰত দুদিনমান থাক। চিন্তা নকৰিবি, মোৰ ঘৰত মোৰ বাদে আন কোনো নাহে।” তাৰ পিছত ৰাজনলৈ চকুৰেই দেখুৱাই কয়, “ই কাম কৰি অলপ কিছু টকা কামাব পাৰিলে ইয়াৰ পৰা ওলাই গৈ “চ্চল”ত সৰুকৈ এটা ৰূম লৈ ল’বি।” ঝুমৰীয়ে সন্মতিৰে মূৰ দুপিয়াইছিল।

প্ৰথম দুদিন বিনাপইচাত খাবলৈ দিয়া, নিজৰ ঘৰত থাকিবলৈ দিয়া মানুহজনীক তৃতীয় দিনা ঝুমৰীয়ে মা বুলি সম্বোধন কৰিছিল। মানুহজনীয়ে শিকাই দিছিল “আঈ” বুলিবলৈ। কৈছিল, তাইৰ পুতেকটোৱেও হেনো আগতে তাইৰ পিছে পিছে “আঈ আঈ” বুলি দিনটো ঘূৰি ফুৰিছিল। অলপ ডাঙৰ কি হ’ল, মাকক তাতেই এৰি সি ভাল ঠাইত থাকিবলৈ গুচি গ’ল।” মীৰা ৰোডৰ ওচৰৰ কৰবাত থাকে হেনো সি, ডাঙৰ হোটেলত কাম কৰে হেনো।” কান্তা আঈয়ে চকুপানী মচি কৈছিল আৰু তেতিয়াৰ পৰাই কান্তা আঈ অচিনাকি ঠাইখনত ঝুমৰীৰ অভিভাৱক হৈছিল। কৈছিল, “মই তোৰ কাৰণেও কাম বিচাৰিম। মোৰ দৰেতো তই ষ্টেচনত ঝাড়ু মাৰিব নোৱাৰিবি, তই কৰিব পৰা কাম বিচাৰিম।“

তাই সপোন দেখিছিল; কষ্ট কৰি তায়ে ৰাজনে কাম কৰি হ’লেও এই লেতেৰা ঠাইৰ পৰা ওলাই যাব। কান্তা আঈকো লগতে লৈ যাব। ৰাজনে তাইক সপোন দেখুৱাইছিল এদিন হ’লেও তাইৰ প্ৰিয় হিৰো অক্ষয় কুমাৰৰ ঘৰ দেখুৱাব। ঠিক তেনে সময়তে সিহঁতৰ প্ৰেমৰ পূৰ্ণতাই তাইৰ শৰীৰত পোখা মেলিছিল। ৰাজনে কৈছিল, “ল’ৰা হ’লে অক্ষয়” ঝুমৰীয়ে কৈছিল, “ছোৱালী হ’লে শিল্পা।” কান্তা আঈয়ে কৈছিল, “যিয়েই নাহক, দুয়ো ‘মেহনত’ কৰি, কাম কৰি ভালকৈ তুলিবি।”

‘মেহনত’ কৰিছিল সিহঁতে। ৰাজনে কেতিয়াবা ফুটপাথত ৰং দিয়া কাম, কেতিয়াবা গেৰেজত গাড়ী ধোৱা কাম, ৰাষ্টাৰ কাষৰ চাট হাউচত বাচন ধোৱা কাম সকলো কৰিছিল। ঝুমৰীক কান্তা আঈয়ে ঠিক কৰি দিছিল ষ্টেচনৰ কাষতেই থকা হোটেল এখনত বাচন ধোৱা কাম।

কায়িক কষ্ট বোৰৰ লগতে ধাৰাভীৰ লেতেৰা, দুৰ্গন্ধময় পৰিবেশৰ হৈ-হাল্লাক অতিক্ৰম কৰিও সেই দিনবোৰত সিহঁতৰ মনবোৰত কেৱল সুখ আছিল। আজিৰ দুঃস্বপ্নৰ দৰে অনিশ্চয়তা আৰু অসুস্থতাৰ ভীতিয়ে চুব পৰা নাছিল সিহঁতক। ৰাজন ঝুমৰীৰ প্ৰেমে অক্ষয়ৰ ৰূপত পূৰ্ণতা পাইছিল, কিন্তু সিহে পূৰ্ণ নাছিল। এবছৰ হৈ যোৱাৰ পাছতহে বহিব পৰা হোৱা ল’ৰাটোৰ আঢ়ৈবছৰ হৈ যোৱাৰ পাছতো ভালদৰে মাত নুফুটিল। মা বুলিবলৈ শিকাওতে শিকাওতে সি মাকক দেখিলে “হাআ হাআআ” বুলি কোৱাৰ দৰেকৈহে কিবা কয়।

ঝুমৰীয়ে বাচন ধোৱা কাম কৰিবলৈ গ’লে তাকো লগতে লৈ যায়, কাষত মাটিতে বহুৱাই থয়। হাতত এখন বিস্কুট দি থ’লে সি লেলাউটি বোৱাই তাকেই কুটি কুটি বহি থাকে মাকক আমনি নকৰাকৈ। গৈ আছিল দিনবোৰ তেনেকৈ, তাইৰ একো অসন্তুষ্টি নাছিল। কিন্তু শংকিত আছিল ৰাজন।
: ”য়ে মুম্বাই হ্যে মেৰী জান, য়হা ক’য়ী কিচিকে অপনা নহী। আমি নহ’লে অক্ষয়ৰ কি অৱস্থা হ’ব ভাবি চা ইয়াত। তাৰ লগ হ’বলৈকে ভায়েক বা ভনীয়েক এটা লাগে।”
“মহঙা মুম্বাইত আমি পালিব পাৰিম জানো দুটা বাচ্চা! “
: ”পাৰিব লাগিব, মই বেলেগ কাম বিচাৰিম। ইয়াৰ পৰা ওলায় যাম।”
কান্তা আঈয়েও ৰাজনৰ কথাত হয়ভৰ দি বুজাইছিল ঝুমৰীক, সদায় সিহঁতে অক্ষয়ক চায়েই দিন কটাব নোৱাৰে।
ৰাজনে নতুন কাম পাইছিল, নাসিকত। ডাঙৰ বিল্ডিং ঘৰ সজা বিল্ডাৰে এসোপা মজদুৰ গোটাইছিল, তাৰে এজন ৰাজন আছিল। ফুটপাথত ৰং দিয়া বা গেৰেজত গাড়ী ধোৱাৰ দৰে অস্থায়ী নহয় হেনো কামটো, কমেও তিনি চাৰিবছৰ লাগিবই আৰু তাৰ পাছত সেই বিল্ডাৰে বেলেগত কাম কৰিলে সিহঁতকেই নিব। ভাবি চিন্তি সি যাবলৈ সাজু হৈছিল।
নাসিকলৈ যোৱাৰ আগদিনা সি বিচাৰি বিচাৰি সুগন্ধি মোগৰা ফুলৰ গজৰা এধাৰ আনিছিল ঝুমৰীৰ বাবে। তাইৰ চুলিত সেইধাৰ মেৰিয়াই দি সি কৈছিল, ” মই গৈ কাম আৰম্ভ হোৱাৰ পাছতেই তোক তালৈ লৈ যাম। অক্ষয় কিয় বা এনে হ’ল, এইবাৰ চাবি অক্ষয়ৰ হিৰোৰ মাফিক ভায়েক এটা আহিব। তই ভালকৈ থাকিবি। মই ফোন কৰি থাকিমেই।“
ৰাজন গুচি গৈছিল নাসিকলৈ, দেহত-মনত নতুন আশাৰ গজালি লৈ ঝুমৰীয়েও কান্তা আঈৰ অভিভাৱকত্বত তাইৰ কাম কৰি থাকিল।

ৰাজন নাসিকলৈ যোৱাৰ দুমাহ পূৰ হৈছিল হে। সকলো ঠিকেই চলি থকাৰ মাজতে হঠাৎ এদিন কান্তা আঈয়ে ষ্টেচনৰ পৰা আহি কৈছিল যে গোটেই দুনিয়াতেই হেনো কিবা বেয়া বেমাৰ হৈছে মানুহবোৰৰ। হয়, ঝুমৰীয়েও শুনিছে বহু মানুহ মৰিছে হেনো বাহিৰৰ বহু ডাঙৰ ডাঙৰ ঠাইত। এখোজ দুখোজকৈ বিশ্বৰ চুকে কোণে বিয়পি পৰা অসুস্থতাৰ বতাহে ঝুমৰীহঁতৰ দৰে মানুহবোৰক ভীতিগ্ৰস্ত কৰি পেলালে হঠাতে।

কি অদ্ভুত পৰিস্থিতি এয়া। বিপদ বুলি মানুহে মানুহৰ কাষত ঠিয় হ’ব নোৱাৰে হেনো, কাষ চাপিলে নিজলৈহে বিপদ। মানুহ লগ লাগিলেই বোলে বেমাৰ বিয়পাৰ ভয়। দেশৰ প্ৰধানে লকডাউন নামৰ সিহঁতে আগেয়ে নুশুনা বন্ধ ঘোষণা কৰিবৰ দিনা ঝুমৰীহঁতে শুনি আহিছিল সিহঁতৰ কামবোৰ হেনো আৰু কিমান দিনলৈ বন্ধ থাকে কোনো ঠিক নাই। সমুখত দিন, মাহ হয়তো বছৰৰ অনিশ্চয়তা আৰু হাতত তাই কাম কৰা হোটেলৰ মালিকে দিয়া বাৰশ টকাৰ দৰমহা লৈ উভতিছিল ঝুমৰী। খবৰ পাইছিল ৰাজন হঁতৰো কাম বন্ধ কৰি থৈছে। কান্তা আঈৰো কাম বন্ধ।

হাতৰ সাঁচতীয়া পইচা কেইটাৰে অক্ষয়ৰ লগতে দুয়ো কিছুদিন মান চলাৰ পাছত কান্তা আঈয়ে এদিন ঝুমৰীক ক’লে, “তোৰ হাতৰ পইচা গোটেই শেষ নকৰিবি। কিছুদিন পিছতেই দৰকাৰ হ’ব, ক’ত পাবি তেতিয়া? এতিয়া মই যিদৰে পাৰো মিলাই থাকিম। ইয়াত এতিয়া ‘চোৰ-লুচক্কাও’ বাঢ়িব, খাবলৈ নাপালে ইয়াত মানুহে আনক মাৰি হ’লেও লুটি নিয়ে। তোৰ হাতত থকা পইচা কেইটা ভালকৈ থ’বি।“

কান্তা আঈৰ কথাৰ সত্যতা কিছুদিন পিছতেই বুজিলে ঝুমৰীয়ে যেতিয়া অত বছৰে নেদেখা কান্তা আঈৰ পুতেকটো মীৰা ৰোডৰ ‘চ্চল’ৰ পৰা তাৰ পৰিয়ালক লগত লৈ মাকৰ ওচৰত উপস্থিত হৈছিল। মাকৰ মৰমত নহয়, সি কাম কৰা হোটেলখনো বন্ধ হৈছে, ফলত তাৰ উপাৰ্জন বন্ধ। গতিকে চ্চলৰ ভাড়া দিব নোৱাৰিলে থাকিব ক’ত? সেইবাবেই এসময়ত এৰি যোৱা ধাৰাভীৰ দুৰ্গন্ধময়তাত আকৌ ঠিকনা বিচাৰি আহিছে। কিন্তু আহি ঝুমৰী আৰু অক্ষয়ক দেখি তাল-আফাল লগালে সিহঁতে, হয়তো নিজৰ স্থান হেৰোৱাৰ শংকাত। ভৰিত ওখ হিল চেণ্ডেল পিন্ধা আৰু মুখত ৰঙা লিপষ্টিক সনা কান্তা আঈৰ বোৱাৰীয়েকে ঝুমৰীক হুমকি দিলে এদিনত তাৰ পৰা ওলাই যাবলৈ আৰু যোৱাৰ আগতে তাত থকাৰ বাবত ঘৰভাড়া দি যাবলৈ।

ঝুমৰীৰ মূৰত আকাশী সৰগ ভাগি পৰিল সেই কথা শুনি। ক’লৈ যাব তাই, ক’ত থাকিব? কান্তা আঈৰ গাত ধৰি উচুপি উঠিল যদিও পো-বোৱাৰীৰ ধমকত কান্তা আঈয়েও তাইক সহায় কৰিব নোৱাৰা হ’ল। পিছদিনা পুৱা তাইৰ হাতত থকা সাঁচতীয়া পইচা কেইটা কান্তা আঈৰ বোৱাৰীয়েকে কাঢ়ি ৰখাত তাই কান্তা আঈয়ে পুতেকৰ পৰা লুকাই দিয়া কেইখনমান বিস্কুট আৰু পানী এবটলেৰে সৈতে পঞ্চাশ টকা আৰু তাইৰে অক্ষয়ৰে দুখনমান কাপোৰ লৈ ধাৰাভীৰ পৰা ওলাই আহিছিল।
ফোনত ৰাজনক সকলো কথা কৈ ফেঁকুৰি উঠিছিল তাই “………..ৰাজন, মই এতিয়া কি কৰো ক, ক’ত থাকিম? ক’লৈ যাম?” … কোলাত প্ৰায় তিনি বছৰীয়া অক্ষম সন্তান অক্ষয়, গৰ্ভত চাৰিমহীয়া ভৱিষ্যত, দুচকুত শংকা আৰু হাজাৰ অনিশ্চয়তাৰ প্ৰশ্ন লৈ ধাৰাভীৰ পৰা ঠিকনাবিহীন ঝুমৰীয়ে কেৱল দুভৰিক ভৰসা কৰি খোজ দিছে নাসিক অভিমুখে, যেন প্ৰায় এশ সত্তৰ কিলোমিটাৰ দূৰৈত নাসিকত থকা ৰাজনৰ ওচৰ পালেই সকলো সমস্যা শেষ হৈ যাব।
***

(৩) পুৰাতন এটি ভোকৰ সাধু

বাটত ভৰি দি জনবহুল মুম্বাই নগৰীৰ এটা নতুন ৰূপ দেখা পালে ঝুমৰীয়ে। জনশূন্য চৌদিশ, অইন সময়ত গাড়ী মটৰৰ শব্দত কাণ তাল মৰা মুম্বাইৰ নিৰল নিস্তব্ধ পথত এতিয়া কেইটামান লেৰেলা ভতুৱা কুকুৰে নিশ্চিন্তে বিচৰণ কৰি ফুৰিছে, হয়তো ভোকৰ তাড়নাত…খাদ্যৰ সন্ধানত…। মাকৰ কোলাৰ পৰা অক্ষয়ে সিহঁতলৈ আঙুলিয়াই গেঙাই উঠাৰ দৰে কয়, “হাআআ, আআ… ভাউউ ভাউউ।”
মাকে তাৰ কথালৈ কাণ নকৰি মাত্ৰ খোজ দিয়ে, যিমান বেগেৰে পাৰে।

লাহে লাহে মূৰৰ ওপৰৰ বেলিটো অধিক তপত হৈ আহিছে। ভাগৰ, ভোক, অনিশ্চয়তাত আশংকাত খোজ মন্থৰ হ’লেও যেন তাই গৈয়েই থাকিব। কিন্তু ভৰিদুখনে যেন টানিব খোজা নাই একেলগে তিনিটা জীৱৰ বোজা। ৰাষ্টাৰ কাষতেই বহি পৰিল তাই। অক্ষয়ে ভোকত কন্দা দেখি তাই কান্তা আঈয়ে দিয়া বিস্কুট দুখনমান উলিয়াই তাক খাবলৈ দিলে। নিজে পানী কেইঢোকমান খাই ফুটপাথৰ কাষতে ক্ষন্তেক জিৰণি লয় ঝুমৰীয়ে। অক্ষয়ৰ হয়তো টোপনি ধৰিছে ভাগৰত। হাতত থকা পুৰণি ক’লা বগা মোবাইল ফোনটো উলিয়াই ৰাজনক এবাৰ ফোন কৰিব খুজি দেখে ফোনটোও বন্ধ হৈ গৈছে। আকৌ টোপনি যাব খোজা অক্ষয়ক কোলাত তুলি খোজ দিয়ে তাই। মূৰৰ ওপৰৰ বেলিটোলৈ চাই অনুমান কৰে সময় নিশ্চয় ভৰ দুপৰীয়া। তাইৰ পেটটো ভোকত কলমলাই উঠে। আঃ …ভিতৰৰ জীৱকণে কম কষ্ট পাইছেনে দেহি! কিছুদূৰ গৈ তাই বাটৰ কাষত মানুহ এজনে ভতুৱা কুকুৰ কেইটামানক খুৱাবলৈ ভাত অনা দেখি চুচুকচামাক কৈ গৈ হাত পতাত মানুহজনেও তাইৰ অৱস্থাটো দেখি কাগজ এখনত সেই ভাতকে তাইলৈ আগবঢ়াই দিলে। সেইখিনি হাতত লৈ আকৌ বহি পৰে তাই বাটৰ কাষত। কমকৈ নিমখ দি সিজোৱা পুৰণি চাউল আৰু দাইলৰ সেৰসেৰীয়া মিশ্ৰণহে সেয়া। তথাপি তাৰেই দুই এগৰাহ কৈ নিজেও খাই অক্ষয়কো খুৱাই দিয়ে তাই; দুগৰাহ খাই সা-সোৱাদ নাপায় সি মুখ নেমেলা হয়।

নাই, এনেদৰে জিৰণি লোৱাৰ সময় নাই তাইৰ হাতত। যাব লাগে তাই, যাবই লাগিব। কিন্তু কোন দিশে? এই পথে নিবনে তাইক ৰাজনৰ কাষলৈ, তাই নাজানে। সুধিবলৈও চকুৱে দেখালৈ জনপ্ৰাণী এটা নাই। তথাপি উঠি খোজ দিয়ে তাই। ৰাজনৰ মুখতেই শুনিছিল “লাল বাহাদুৰ শাস্ত্ৰী ৰোডৰ” কথা কিন্তু তাই নাজানে তাই খোজ দিয়া ৰাষ্টাটোৰ নাম কি। ক’ৰবাত মানুহ দেখিলেই তাই গৈ সুধিলেহেঁতেন কোন দিশে গ’লে নাসিক পাব। কিন্তু তাই নতুনকৈ নাম শুনা “ক’ভিড বেমাৰ”ৰ ভয়ত ক’তো মানুহ এটা নাই ৰাষ্টাত।

ঘামত জেপজেপীয়া হৈ পৰিছে তাইৰ গাৰ কাপোৰ, উশাহ ঘণ আৰু চুটি। ডিঙিটো শুকাই আহিছে, ভৰি দুখনেও বিদ্ৰোহ কৰিছে আৰু আগলৈ নাযায় বুলি। হঠাৎ পেটটো পকাই ধৰাত ৰৈ যায় তাই। কাপোৰৰ টোপোলাটো ৰাষ্টাতে থৈ তাৰ ওৰপতে অক্ষয়ক শুৱাই দিবলৈ অলপ তলমুৱাকৈ হালি দিওঁতেই হলক কৈ বমি হৈ যায় তাইৰ। কোনোমতে ল’ৰাটোক একাষৰীয়া কৰি থৈ ঠাইতেই বহি পৰে তাই। মূৰটোৱো ঘূৰাইছে, বেলি লহিয়াবৰ পৰতেই দুচকুৱে এন্ধাৰ দেখিছে।
“ৰাজন, ৰাজন ক’ত আছ তই…. আঈ কান্তা আঈ… “ নাই, কাষত কোনো নাই।

মুকলি আকাশখন ৰঙচুৱা কৰি বেলিটোৱে চুচুকচামাককৈ লুকোৱাৰ আয়োজন কৰিছে। ক’ৰবাৰ পৰা অহা ঘৰমুৱা চৰাই এজাকৰ কিচিৰমিচিৰ শব্দ কাণত পৰে ঝুমৰীৰ। আকাশলৈ মূৰ দাঙি চাবলৈয়ো যেন শক্তি নাই তাইৰ গাত। চৰাইৰ জাকটোৰ দৰে তাইৰো থকা হ’লে উভতিব পৰাকৈ এটা সঠিক ঠিকনা! ঈৰ্ষা কৰিবৰ মন যায় তাইৰ সেই নেদেখা চৰাইৰ জাকটোক। বিশ্বস্ত ঠিকনা এটা থকাৰ নিশ্চয়তাৰ বাবেই কিজানি দিনটো উৰি ফুৰিও সিহঁত তাইৰ দৰে ক্লান্ত নহয়।

বাঢ়ি অহা এন্ধাৰক প্ৰত্যাহ্বান জনাই এটি দুটিকৈ ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠিছে। জনশূন্য পথটোত অ’ৰ ত’ৰ পৰা চিটিকি অহা দুই এটা কুকুৰৰ মাতে তন্দ্ৰা ভাঙে ঝুমৰীৰ। চকু মোহাৰি দেখে অক্ষয় শুয়েই আছে। হঠাৎ তল পেটত আগতে নোহোৱা ধৰণৰ তীব্ৰ বিষ এটা অনুভৱ কৰি পেটটোত খামুচি ধৰি ভয়ত, আশংকাত হাঁওহাঁও কৈ চিঞৰি কান্দিবলৈ ধৰোঁতেই তাইৰ আটাহত সাৰ পাই থতমত খাই তাইলৈ চাই বহি থাকে অক্ষয়। সি দেখে কেইটামান লেৰেলাচেপেটা ভতুৱা কুকুৰ, এটাৰ মুখত থকা ব্ৰেডৰ পেকেট এটাৰ বাবে বাকীকেইটাই তাক খেদি আহি খোৱা-কামোৰা কৰি কৰি সিহঁতৰ প্ৰায় ওচৰ পাইছে। এইবাৰ সিয়ো ভয় খাই মাকৰ হাত এখনত ধৰি কুকুৰকেইটালৈ আঙুলিয়াই “হাআআ হাআআ.. ভাউউ ভাউউ” বুলি কৈ কান্দিবলৈ ধৰে। কুকুৰকেইটাই পেকেটটো লৈ খোৱা কামোৰা কৰি থকা দেখি ঝুমৰীয়ে সেইখিনি ঠাইৰ পৰা অলপ আঁতৰি যাবলৈ ঠিয় হৈ পুতেকক কোলাত ডাঙি ল’বলৈ চেষ্টা কৰোঁতেই অনুভৱ কৰে তাই শৰীৰটো যেন অসাৰপ্ৰায় হৈ পৰিছে। তাইৰ ঘৰ্মাক্ত মলিয়ন চেলোৱাৰ ভিজাই তপত জুলীয়া কিবা এসোপা যেন বাহিৰ হৈ বৈ গৈছে মাটিলৈ তাইৰ শৰীৰৰ নিম্নাংশৰ পৰা। তাইৰ ক্ষয় যোৱা হাৱাই চেণ্ডেল ৰাষ্টাত আঠা লাগি ধৰাদি ধৰিছে সেই বিজলুৱা জুলীয়া পদাৰ্থৰ লগত। তাইৰ বুজিবলৈ বাকী নৰ’ল, ৰাজনৰ হেঁপাহৰ অক্ষয়ৰ ভৱিষ্যতৰ সাহস হ’ব লগীয়া “হিৰোৰ মাফিক” ভায়েকটো তপত ৰঙীণ বিজলুৱা পনীয়া এসোপা হৈ মাটিলৈ বৈ গৈছে। এটা চিৎকাৰ কৰি ঢলি পৰিল তাই ঠাইতেই। কোলাৰ পৰা থুপুচ কৈ সৰি পৰাৰ দৰে মাটিত পৰি চিঞৰি চিঞৰি কান্দিবলৈ চেষ্টা কৰে অক্ষয়ে, কিন্তু তাৰ চিঞৰটো বীভৎস গেঙনিৰ দৰেহে শুনা গ’ল।

লকডাউনৰ বাবে নিৰ্জন হৈ থকা পথটোত কুকুৰৰ জাকটোৰ বাঢ়ি অহা চিঞৰত ভয় খাই অক্ষয়ে মাকৰ গাত হেঁচুকি হেঁচুকি “হাআআ হাআআ” কৈ মাতে যদিও ঝুমৰীৰ সাৰ সুৰ নোহোৱা হৈ আহিছে। মাকৰ গাত ঠেলি-ঠেলি ভোক আৰু কুকুৰৰ ভয়ত কান্দি থকা অক্ষয়ে দেখে কুকুৰৰ জাকটোৰ পৰা দুটামানে বাকী কেইটাক বলে নোৱাৰি আঁতৰি গৈছে। এটাই আহি দুখোজমান আগত পৰি থকা ঝুমৰীৰ বমি খিনিত মুখ দিছে আৰু ভুকিবলৈ এৰি বাকী দুটামানে কিবা গোন্ধৰ অনুসন্ধান পোৱাৰ দৰে শুঙি শুঙি আহি অচেতন হৈ পৰি থকা ঝুমৰীৰ ভৰিৰ কাষত চেলেকিবলৈ ধৰিছে। অলপপৰ আগতে সিহঁতে লৈ আহি খোৱা কামোৰা কৰি থকা ব্ৰেডৰ পেকেটটোৰ পৰা ছিগা-ভগা কিছু ব্ৰেডৰ টুকুৰা এতিয়াও মাটিত পৰিয়েই আছে যদিও কুকুৰ কেইটাই তালৈ মন দিয়া নাই।
………কিছুদেৰি কুকুৰ কেইটাক ব্ৰেডৰ টুকুৰা বোৰৰ কাষলৈ নোযোৱা দেখি এইবাৰ ভোকাতুৰ অক্ষয়ে চোঁচৰি চোঁচৰি সেইখিনিৰ ওচৰ চাপিল।

******

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!