বেবী ৰুথ

লেখক- মূল: হুমায়ূন আহমেদ, অনুবাদ: কলচুম বিবি

মোৰ পিছৰ কোঠাটোৰ বাসিন্দা- সত্তৰ বছৰীয়া এগৰাকী বুঢ়ী, এলিজাবেথ এণ্ডাৰছনে এডাল সাপ কিনি আনিছে। তেওঁ বোলে পুহিব। প্ৰথমে প্ৰথমে খবৰটো বিশ্বাস হোৱা নাই- বুঢ়ীৰ ঘৰত প্ৰবেশ কৰিয়েই দেখিলোঁ সঁচাসচি সাপ। বৰ্গাকৃতিৰ দৰে কাচৰ বাকচ এটাত অজগৰ সাপৰ দৰে দেখাত প্ৰকাণ্ড এডাল সাপ কুণ্ডলী পকাই আছে। আমেৰিকানসকলৰ কাণ্ডকাৰখানাত অবাক নহও বুলি সিদ্ধান্ত লৈছিলোঁ। সিদ্ধান্তৰ কথা পাহৰি হতভম্ব হৈ চাই থাকিলোঁ।
বুঢ়ীয়ে হাঁহিমুখে ক’লে- কিমানেৰে কিনিছোঁ কোৱাচোন?

মই নৰম সুৰত ক’লোঁ- এই সাপডাল তুমি কিনি আনিছা?

-অ বিনা পইছাই কোনে মোক দিব?

মোৰ হাত ভৰি ঠাণ্ডা হৈ আহিল। কাষৰ ঘৰটোত অজগৰ সাপ এডালে বাস কৰিব কথাটো ভাবিয়েই বুকুখন শুকাই আহিছে, এয়া কি যন্ত্ৰণাত পৰিলোঁ।

-আহমেদ, তুমি ভয় খাইছা নেকি?

-ভয় নোখোৱাৰ কিবা কাৰণ আছে জানো?

-অৱশ্যেই আছে। নিৰ্বিষ সাপ। তুমি তাৰ গাত হাত দি চোৱা-চাবা একোৱেই নকৰে। তাৰ স্বভাৱ-চৰিত্ৰ শান্ত ধৰণৰ। দিয়া, গাত হাত দিয়া।

মই শুকান মাতেৰে ক’লোঁ- তুমি বেয়া নাপাবা, সাপৰ গাত হাত দিবলৈ মোৰ ইচ্ছা যোৱা নাই।

বুঢ়ীয়ে উজ্জ্বল চকুৰে ক’লে- কিমান সস্তাত কিনিলোঁ তোমাক কওঁ। মাত্ৰ কুৰি ডলাৰ। অৱশ্যে এই কুৰি ডলাৰৰ ভিতৰত কাচৰ বক্সটো পৰা নাই। বক্সটো ঘূৰাই দিব লাগিব।

-বক্সটো ঘূৰাই দিলে সাপডাল ৰাখিবা ক’ত?

-পোহনীয়া সাপ, ঘূৰি ফুৰি থাকিব।

-কি কোৱা!

মোৰ দেহৰ সকলো নোম শিঁয়ৰি উঠিল। কি সৰ্বনাশ কথা। মই শুকান মাতেৰে ক’লোঁ- ঘৰৰ মালিকনীয়ে তোমাক সাপ পুহিবলৈ দিব?

-অৱশ্যেই দিব। তেওঁৰ লগত ৰুমিং হাউছ ভাৰা লোৱাৰ সময়ত যি কণট্ৰাক্ট হৈছিল, তাত ক’তো লিখা নাই- সাপ পুহিব নোৱাৰি।

-সেইটো বুজিলোঁ।

-অ সেইটোৱেই। তোমালোকেতো কণট্ৰাক্টত কি লিখা থাকে নপঢ়াকৈ চহী দি দিয়া। ভালদৰে পঢ়ি তাৰপিছত চহী দিব লাগে। ধৰা হ’ল, এতিয়া যদি তুমি সাপৰ ভয়ত ঘৰ এৰি দিবলৈ বিচৰা- তুমি ছমাহৰ ভাৰা পেনাল্টি হিচাপে দিব লাগিব।

-এই কথা লিখা আছে?

-অৱশ্যেই লিখা আছে। ছয় পইণ্টৰ টাইপত লিখা। চকুত নপৰাৰ দৰে।

মূৰত হাত দি বহি থকাৰ বাহিৰে মোৰ আন কোনো গত্যন্তৰ নাছিল। কেম্পাছৰ কাষত আৰু অসম্ভৱ সস্তা দেখি এই ৰুমিং হাউচত আছিলোঁ। এমহলাত ঘৰৰ মালিকনী, দুমহলাৰ পাঁচটা ৰুমত আমি পাঁচজন। মাত্ৰ শোৱাৰ ব্যৱস্থা আছে। ৰন্ধাৰ ব্যৱস্থা নাই। খোৱা-লোৱা কৰি ৰাতি আহি শুই থাকোঁ। ইয়াৰ নামেই হ’ল-ৰুমিং হাউছ।
মই থাকোঁ বাথৰুমৰ মুখামুখিকৈ থকা কোঠাটোত। মোৰ পিছৰৰ কোঠাটোত থাকে ভাৰতীয় ছাত্ৰ অনন্ত নাগ। এটা কৰিডৰৰ দৰে আছে। কৰিডৰৰ সেইফালে আছে ফিলিপাইনছ ছাত্ৰী তোহা। অসম্ভৱ ৰূপৱতী। তাইৰ ফালে চালে আপোনাআপুনি দীৰ্ঘনিশ্বাস ওলাই আহে। তোহাৰ কাষৰ কোঠাটোত থাকে কোৰিয়ান ছাত্ৰ হান। ‘ইয়েছ’ আৰু ‘ন’ ৰ বাহিৰে সি আন কোনো ইংৰাজী শব্দ যোৱা ছয়মাহত শিকিব পৰা নাই- এই ধৰণৰ ধাৰণা এটা প্ৰচলিত আছে। হানৰ মুখামুখিকৈ থকা ঘৰটোত এলিজাবেথ থাকে। ইমানদিনে এলিজাবেথ অকলেই আছিল। এতিয়া এলিজাবেথৰ লগত থাকিব এডাল প্ৰকাণ্ড সাপ, যাৰ নাম মেক্সিকান পাইথন।
বিপজ্জনক জীৱ-জন্তু পোহাৰ ক্ষেত্ৰত আমেৰিকানসকলৰ নাম আছে। এইদেশত বেছ কিছু মানুহ আছে, যিসকলে কাচৰ বটলত ব্লেক উইডো মকৰা পোহে। এই মকৰাবোৰ ভয়ঙ্কৰ বিষাক্ত। মানুহক কামোৰা মানেই মৃত্যু। যিসকলে ইহঁতক পোহে সিহঁতৰ এটা ক্লাবৰ দৰে আছে- ব্লেক উইডো ক্লাব। সেই ক্লাবৰ পৰা নিয়মিত পত্ৰিকা এখন ওলায়। বহুতৰে আছে বিষাক্ত সাপ পোহাৰ হবি। ঘৰিয়াল পোহাটো স্বাভাৱিক কথা। কেতিয়া জানো পত্ৰিকাত পঢ়িলোঁ পোহনীয়া ঘৰিয়ালে কামুৰি ভৰি খাই পেলাইছে। আমেৰিকাৰ সৰু-ডাঙৰ সকলো চহৰতেই ‘পেট হাউচ’ আছে, য’ত তক্ষকৰ পৰা আৰম্ভ কৰি মকৰা পৰ্যন্ত কিনিবলৈ পোৱা যায়।
বুঢ়ীয়ে সাপ কিনি আনিবৰ সময়ত ৰুমিং হাউছৰ সদস্যবোৰৰ মাজত বিষাদৰ ছাঁ নামি আহিল। কোনেও ঘৰ এৰি যাব নোৱাৰে আকৌ থাকিবলৈও ভৰসা কৰিব পৰা নাই। প্ৰথম ৰাতি মোৰ একফুটাও টোপনি নাহিল। ইফালে আঁঠুৱা বুলি একো নাই। আঁঠুৱা থাকিলে আঁঠুৱা তৰি অলপ নিশ্চিতবোধ কৰিলোহেঁতেন। গোটেই ৰাতি বিছনাত বহি পাৰ কৰি দিলোঁ। প্ৰতিমুহূৰ্তত ভাব হৈছিল, এই যেন মেক্সিকান পাইথন গাত উঠি আহিছে।
দ্বিতীয় দিনৰ ঘটনা। ফিলিপাইনছ তৰুণীয়ে বাথৰুমৰ পৰা চিঞৰি কি জানো কব ধৰিলে। তাইৰ নিজস্ব টুগলক ভাষা, আমি একোৱেই নুবুজো। তথাপিও তাই চিঞৰাৰ ধৰণ দেখি ভাব হৈছে- ‘বাবা ঐ মোক খাই পেলালে ঐ।’
দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰা যাবনে নাই বুলি যেতিয়া ভবা হৈছিল, তেতিয়া তোহা নিজেই দৰ্জা খুলি ধুমুহাৰ গতিত ওলাই আহিল। দেহত কাপোৰৰ বংশও নাই। তোহাই খৰধৰকৈ ক’লে- ‘মই শ্বাৱাৰ লবৰ বাবে বাথটাবত নামি দেখিলোঁ পানীত গা ডুবাই মেক্সিকান পাইথন শুই আছে।’
অনন্ত নাগে দাঁত উলিয়াই ক’লে- ‘দয়া কৰি ঘটনাটো আকৌ এবাৰ কোৱা। কাপোৰ পিন্ধাৰ বাবে ব্যস্ত হোৱাৰ প্ৰয়োজন নাই। বিনা কাপোৰেই তোমাক ভাল দেখা গৈছে। মোৰ কথা বিশ্বাস নহ’লে আন কাৰোবাক সুধি চোৱা।’
তোহা থৰ লাগি ৰৈ আছিল। সম্বিত ঘূৰি অহাত দৌৰি নিজৰ কোঠাত সোমাই দুৱাৰ জপাই দিলে। অনন্ত নাগে ক’লে- ‘ঘৰত সাপ থকাটো একেবাৰে বেয়া নহয়। কি কোৱা তোমালোকে? সাপ নাথাকিলে এই বস্তু দেখিলাহেঁতেন?’
আমাৰ দিন আৰু ৰাতি দুঃস্বপ্নৰ মাজত পাৰ হ’বলৈ ধৰিলে। সাপটোক অদ্ভুত অদ্ভুত ঠাইত দেখিবলৈ পোৱা গ’ল। হানে এদিনাখন অভাৰকোট পিন্ধি আইনাৰ সন্মুখত থিয় হৈ চুলি আঁচুৰি আছিল- হঠাৎ সি মন কৰিলে দেহৰ ওপৰেৰে হৰহৰাই কিবা এটা নামি গৈছে।
অনন্ত নাগ এদিনাখন ৰাতি শুই উঠি দেখিলে, সি দীঘল গাৰু এটা সাৱতি শুই আছে। হঠাৎ তাৰ মনত পৰিল আমেৰিকাতটো দীঘল গাৰু থকাৰ কথাই নাই, তাৰপিছত তাৰ বিকট চিৎকাৰ শুনিবলৈ পোৱা গ’ল।
আমি অতিষ্ঠ হৈ পৰিলোঁ, একমাত্ৰ এলিজাবেথৰ কোনো পৰিৱৰ্তন নাই। সাপে যিমানেই যন্ত্ৰণা দিয়ে, তেওঁ সিমানেই মধুৰ ভংগীত কয়- ‘মাই নটি গাৰ্ল। মাই নটি গাৰ্ল।’ ‘নটি গাৰ্ল’ কোৱাৰ কাৰণ হ’ল-সাপটো স্ত্ৰী জাতীয়।
বুঢ়ীয়ে তাইৰ ‘নাই গাৰ্ল’ৰ বাবে নানান ধৰণৰ আহ্লাদ কৰিবলৈ ধৰিলে। সেই আহ্লাদৰ এটা নমুনা হৈছে ইঞ্চিউৰেঞ্চ। সাপৰ বাবেও যে ইঞ্চিউৰেঞ্চ কিনিবলৈ পোৱা যায়, সেয়া আমি জনা নাছিলোঁ। এই বিচিত্ৰ দেশত সকলো সম্ভৱ।
মই ঠিক কৰি পেলালোঁ, ছমাহৰ পেনাল্টি দিবলগীয়া হ’লেও মই এই ৰুমিং হাউচত নাথাকো। প্ৰতিটো ক্ষণ আতঙ্কৰ মাজত পাৰ কৰিব নোৱাৰি। অনন্ত নাগ আৰু হানৰো একেই মত। মাত্ৰ তোহাই ক’লে যে সাপডাল ডাঙৰ হ’লেও তাৰ মুখখন সৰু। সেই মুখখনেৰে সাপডালে তাইক গিলিব নোৱাৰে। সেইবাবেই অসুবিধানো কি, থাকক না। অবিশ্বাস্য হ’লেও সত্য যে এটা মাহ যোৱাৰ পিছতেই আমাৰো তোহাৰ দৰেই মনত ভাব হ’ল- সাপডাল ভয়াবহ বুলি একো নাই। বৰঞ্চ প্ৰাণী হিচাপে ই বেছ মজাৰ।
সৰীসৃপ জাতীয় প্ৰাণীৰ মস্তিষ্ক বৰ ক্ষুদ্ৰ হয়। সেই কাৰণে সিহঁতৰ বুদ্ধিবৃত্তি নিম্ন পৰ্যায়ৰ হোৱাটোৱেই স্বাভাৱিক। দেখা গৈছে যে আমাৰ এই সাপডালৰ বুদ্ধিবৃত্তি বৰ উচ্চপৰ্যায়ৰ। সি টি ভি চায়। আমাৰ মাজত একমাত্ৰ তোহাৰ ঘৰতেই টিভি আছে। টিভি অন কৰাৰ লগে লগে মেক্সিকান পাইথন উপস্থিত হয়। সুবিধা অনুসৰি সি এঠাইত কুণ্ডলী পকাই শুই থাকে। যিমান সময় টিভি চলি থাকে সিমান সময় সি তাৰপৰা লৰচৰ নকৰে। তোহাৰ ধাৰণা, টিভিৰ কিছুমান বিশেষ বিশেষ প্ৰগ্ৰাম যেনে- ‘বাৰ্নি মিলাৰ’, ‘থি ইজ কোম্পানি, তাৰ বৰ পচন্দৰ। এই সময়ত তাক বৰ উত্তেজিত দেখা যায়। ফোঁছ ফোঁছ ধৰণৰ শব্দ কৰি থাকে।
এলিজাবেথে তাইৰ পোহা সাপডালৰ নাম ৰুথ ৰাখিলে। ৰুথ বুলি মাতিলে সি অৱশ্যে দৌৰি নাহে, যদিও আঙুলিৰে মেজত কেইবাবাৰো টক্ টক্ কৰিলেই লৰি আহে।
ৰুথৰ ৰসবোধ বেছ প্ৰখৰ বুলি আমাৰ ধাৰণা হ’ল। তাৰ ৰসবোধৰ উদাহৰণ নিদিলে কথাটো বুজা নাযাব। ধৰা হওক বাহিৰৰ কোনোবা আলহী আহিছে, ভৰি নমাই বহি গল্প কৰাত মজি আছে, সি দৃষ্টিনিক্ষেপ কৰি লাহে লাহে সেইফালে অগ্ৰসৰ হ’ব। নিমিষৰ ভিতৰতে তাৰ ভৰিৰ কাষত আহি গেষ্ট বেচেৰাৰ দুয়োখন ভৰি তাৰ শৰীৰেৰে মেৰাই পেলায়। গেষ্ট বেচেৰা আতংকিত হৈ যিমানে চিঞৰে, আমি সিমানেই হাঁহি তাৰ গাত বাগৰি পৰোঁ।
অন্যান্য প্ৰাণী পোহাতকৈ সাপ পোহাৰ জঞ্জাল বহুত কম- এই সত্যৰ সহজে উমান পালোঁ। তাক খুওৱাৰ কষ্ট নাই। সপ্তাহত এদিন সি এটা এন্দুৰ খায়। পেট ছ’পৰ কৰ্মচাৰীসকলে খাদ্য় দিয়ে। বিনিময়ত এক ডলাৰ দিব লাগে। আচৰিত ব্যৱস্থা।
স্প্ৰিং কোৱাৰ্টাৰ শেষ হোৱাৰ আগেয়েই ৰুথ উধাও হৈ গ’ল। আমি বিচাৰ-খোছাৰ কৰিলোঁ-লাভ ন’হল। ৰুমিং হাউচৰ সদস্যসকলৰ যে কিমান মন বেয়া হ’ল তাক প্ৰকাশ কৰিব নোৱাৰি। আটাইতকৈ বেছি মন বেয়া হ’ল তোহাৰ। প্ৰায় খোৱা-লোৱা এৰি দিয়াৰ দৰে অৱস্থা। তাই গীৰ্জাত মম জ্বলাই আহিল। ৰুথ ঘূৰি নাহিল।
ৰুথৰ উপস্থিতিত যিমান অভ্যস্ত হৈ গৈছিলোঁ অনুপস্থিতিতো এটা সময়ত অভ্যস্ত হৈ গ’লোঁ। ৰুমিং হাউছৰ সদস্যবোৰৰ ভিতৰত হান নিজৰ দেশলৈ গুছি গ’ল। হানৰ স্থানত আহিল আমেৰিকান ছাত্ৰ কাৰ্ল। তোহা এগৰাকী আমেৰিকান কোটিপতিৰ লগত বিয়া হৈ আটলাণ্টালৈ গুছি গ’ল। দিনবোৰ আগৰ দৰেই পাৰ হ’বলৈ ধৰিলে। বুঢ়ী এলিজাবেথে ব্যাঞ্জো নামৰ এটা যন্ত্ৰ কিনি আনিলে। সময়ে-অসময়ে সেই যন্ত্ৰ বাজি উঠে। বিৰক্তিদায়ক। মোৰ কোৱাৰ্টাৰ ফাইনেল মূৰৰ ওপৰত। দম লোৱাৰ অৱকাশ নাই। বেবী ৰুথৰ কথা আমি পাহৰি গ’লোঁ। মনত ৰখাৰ ক্ষমতাৰ দৰে পাহৰি যোৱাৰ ক্ষমতাও মানুহৰ অস্বাভাৱিক।
এদিন সন্ধিয়া পঢ়াৰ টেবুলত উবুৰি হৈ কোৱাণ্টাম মেকানিক্সৰ এটি জটিল সমস্য়া সমাধান কৰাৰ চেষ্টা কৰিছোঁ- এবাৰত একেই উত্তৰ হৈছে। নিজকেই নিজে গাধা বুলি গালি-গালাজ কৰিছোঁ। তেতিয়াই বিকট হৈ চৈ আৰম্ভ হ’ল। ডাঙৰ ভূমিকম্প হ’লে যিদৰে সকলোৱে একলগে চিঞৰে সেইধৰণৰ অৱস্থা। কিতাপ বন্ধ কৰি ঘৰৰ বাহিৰলৈ ওলাই থমক খালোঁ। ৰুথ ঘূৰি আহিছে, যদিও অকলে অহা নাই। তাৰ লগত কিলবিলাই ফুৰিছে বিশেষ সাপৰ পোৱালি কিছুমান। আটাইকেইটা প্ৰায় একফুট মান দীঘল। বুজা গ’ল, ৰুথ কৰবালৈ গৈ কণী পাৰিছিল। পোৱালি জগাৰ পিছত সিহঁতক অলপ ডাঙৰ কৰি আমাক দেখুওৱাবলৈ লৈ আহিছে।
সাপৰ পোৱালিবোৰ কোঠাবোৰত সোমাই গ’ল। আমি সকলোৱেই বিছনাৰ ওপৰত ভৰি উঠাই ঠকঠককৈ কঁপি আছো। এলিজাবেথে নিজে ‘হেল্প’ ‘হেল্প’ বুলি চিৎকাৰ কৰি গল ভাঙিছে। ঘৰৰ মালিকনীয়ে অগ্নি নিৰ্বাপক বাহিনীক টেলিফোন কৰিলে-আমাক উদ্ধাৰ কৰাৰ বাবে।
অগ্নি নিৰ্বাপক বাহিনী লগে লগে গুছি আহিল।
সাপ ধৰাৰ কৌশল সিহঁতে নাজানে। সিহঁতে খবৰ দি আন কাৰোবাক আনিলে। সাপ ধৰি ধৰি পলিথিনৰ বেগত ভৰাবলৈ আৰম্ভ কৰিলে। ৰুথে কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে। সি হয়তো বৰ মৰমেৰে তাৰ পোৱালিবোৰক আমাক দেখুওৱাবলৈ আনিছিল। বেচেৰি নাজানে -মানুহে কেৱল মানুহৰেই ভালপোৱা গ্ৰহণ কৰিব পাৰে – আন কাৰোৰে ভালপোৱা গ্ৰহণ কৰাৰ ক্ষমতা মানুহৰ নাই।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Ranjit Sarma
5 months ago

গল্পটো পঢ়ি বৰ ভাল লাগিল ৷