ঘাটবাবু

লেখক- মূল: সুনীল গঙ্গোপাধ্যায়, অনুবাদ: পংকজ কুমাৰ নেওগ

ৰাতি কেই বাজিল ঠিক নাই। বহুত সময় ধৰি বৰষুণ দি আছে। বৰষুণ দিয়াৰ এই শব্দ শুনি থাকিলে কিবা এটা নিচা লাগি যায়।
বাসু হালদাৰৰ বাৰে বাৰে টোপনি ভাঙি গৈছে। কিবা এটা যেন অস্বস্তিৰ ভাৱ। দুৱাৰৰ বাহিৰত শুই থকা কুকুৰ দুটাই কিবা যেন সপোন দেখি কুঁ-কুঁৱাই আছে। বাসু হালদাৰে চিঞৰ এটা মাৰিলে – “এই যাঃ, যাঃ!” তেওঁ ভালকৈ জানে, সামান্য এই ধমকি শুনি কুকুৰ দুটাই একো লৰচৰ নকৰে। এই বৰষুণৰ মাজত সিহঁত যাবনো ক’লৈ?
বাসু হালদাৰে খিৰিকীখনৰে বাহিৰলৈ চাই পঠালে, বৰষুণ এৰাৰ কোনো লক্ষণেই নাই। আজি আৰু কোনো অহাৰ আশা নাই। গধূলিতেই বাসু হালদাৰ ঘৰলৈ ওভতাৰ কথা ভাবিছিল তেনেতে শ্মশানৰ প্ৰধান চণ্ডালজনে এক চিলিম গাঁজা সজাই আনি মাত দিছিল- “বৰবাবু আপোনাক অলপ প্ৰসাদ বনাই দিওঁনে?”
প্ৰধানজনৰ মুখত এই বৰবাবু সম্বোধনটো বৰ ভাল লাগে। এই পৃথিৱীত বাসু হালদাৰক সমীহ কৰা কোনো মানুহ নাই, কেৱল মুখিয়াইহে তেওঁক সেই নামেৰে মাতে। এই প্ৰধানজনকো এতিয়া দেখিবলৈ পোৱা নাই, ক’লৈ বা গ’ল? এইখিনি সময়ত এক চিলিম গাঁজা পোৱাহেঁতেন বেয়া নাছিল।
বাসু হালদাৰ এই সৰু মফছলীয় চহৰখনৰ শ্মশানৰ বাবু। মানুহে তেওঁক ঘাটবাবু বুলি মাতে। তেওঁৰ কাম হ’ল সৎকাৰ কৰিবলৈ অনা মৃতকৰ ডাক্তৰৰ চাৰ্টিফিকেট পৰীক্ষা আৰু পৌৰসভাৰ মাছুল আদায় কৰা। এটা ভৰি লেঙেৰা বাবে কোনোদিনে ক’তো চাকৰি নহ’ল। বহুত বছৰৰ আগেয়ে ৰসৰাজ গুহ ইয়াৰ চেয়াৰমেন থাকোঁতে দয়া কৰি এই চাকৰিটো ঠিক কৰি দিছিল আৰু তেতিয়াৰে পৰা শ্মশানৰ এই সৰু ঘৰটোতে দিনে-ৰাতিয়ে পৰি থাকিবলগীয়া হৈছে। এটা পেট যেনে তেনে চলি যায়।
এই ধুমুহা-বতাহ আৰু বৰষুণৰ ৰাতি বাসু হালদাৰ ঘৰলৈ গুচি যোৱাহেঁতেনো কোনো ক্ষতি নাছিল; কাৰোবাৰ আৱশ্যক হ’লে নিজৰ গৰজত তেওঁক মাতি আনিলেহেঁতেন। কিন্তু এটাই সমস্যা। বৰ্তমানৰ চেয়াৰমেন পঞ্চানন দাস চৰকাৰৰ মাকৰ এই কেইদিন যোৱা-থোৱা নৰিয়া, যিকোনো মুহূৰ্তত মানুহগৰাকী সিফলীয়া হ’ব পাৰে। তেওঁলোকে আকৌ মৰা শ বাহি নকৰে। এই মাজৰাতিখন হঠাতে যদি তেওঁলোক আহি ইয়াত উপস্থিত হয় আৰু বাসু হালদাৰক বিচাৰি নাপায় ……!
বাসু হালদাৰে বিড়ি এটা জ্বলাই ল’লে। টেবুল-চেয়াৰতে বহি তেওঁ টোপনি যাব পাৰে, কিন্তু টোপনি আহিলেহে! বৰষুণৰ শব্দৰ লগে লগে কুকুৰ কেইটাৰো যিহে চিঞৰ-বাখৰ। চেঃ, এইখিনি সময়ত যদি কথা পাতিবলৈ প্ৰধানজন থাকিলহেঁতেন!
হঠাতে দূৰৈৰ পৰা মানুহ কিছুমানৰ শব্দ শুনা গ’ল, ‘হৰি বোল হৰি বোল’ ধ্বনি দি আহিছে। চেয়াৰমেনৰ মাক তেনেহলে সঁচাকৈয়ে সিফলীয়া হ’ল। আহা, হা কি মাতৃভক্তি চেয়াৰমেন চাহাবৰ, এই দোপালপিতা বৰষুণৰ মাজতো তেওঁক সৎকাৰ কৰিবলৈ আনিছে। এই বতৰত চিতা জ্বলাব কেনেকৈ, অলপো ভাবিছেনে? অৱশ্যে তেওঁলোক ধনী লোক, পইচা-পাতি খৰচ কৰিব পৰা শক্তি আছে। বাসু হালদাৰেনো সেইবোৰ কথা কিয় ভাবিব লাগিছে?
বাসু হালদাৰ নিজৰ কোঠাৰ পৰা ওলোৱাৰ আগতেই কেইজনমান লোকে এটা মৃতদেহ সাঙী কৰি চিতাৰ ফালে নিলে। বাসু হালদাৰে বুজি পালে এই মৃতদেহ চেয়াৰমেনৰ মাকৰ নহয়। হোৱাহেঁতেন বহুত মানুহ লগত আহিলেহেঁতেন আৰু কিছু চিঞৰ বাখৰ, লৰা-ঢপৰাও হ’লহেঁতেন। তাৰমানে এতিয়া আৰু ইমান ব্যস্ততা দেখুৱাই লাভ নাই। নিজৰ টেবুলখনতে তেওঁ বহি থাকিব। আহিব দিয়া, মানুহ কেইজনমানে তেওঁক আহি অফিচতে লগ ধৰক। তেৱেঁইতো এইখন শ্মশানৰ বৰবাবু!
বেছ কিছু সময় পাৰ হৈ গ’ল, কিন্তু কোনো এজন লোকে বাসু হালদাৰক লগ ধৰিবলৈ নাহিল। কৌতূহলবশতঃ এইবাৰ তেওঁ কোঠাৰ পৰা ওলাল।
বৰষুণ লাহে লাহে কমি আহিছে, গুৰি গুৰিকৈ আকাশৰ পৰা বৰষুণ পৰা আৰম্ভ হৈছে। হয়তো অলপ পিছতে বন্ধ হ’ব। কেইজনমান লোকে মৃতদেহৰ সাঙীখন মাটিত থৈ নিজেই চিতাৰ ওপৰত খৰি সজাবলৈ ধৰিছে। বাসু হালদাৰ কাষলৈ আহি সুধিলে – “আপোনালোকে কি কৰিছে?” মানুহখিনি উচপ খাই উঠিল। কোনোবা এজন আগবাঢ়ি আহি মাত লগালে – “আমি কোনো চণ্ডাল দেখা পোৱা নাই, সেয়েহে নিজে মৃতকক খৰি দিবলৈ যো-জা কৰিছোঁ।”
বাসু হালদাৰে চেলাউৰি কোঁচাই সুধিলে – “খৰি দিবলৈ যো-জা কৰিছে মানে? মৃতকৰ পঞ্জীয়ন কৰা হ’ল জানো?”
: মৃতকৰ পঞ্জীয়ন? সেইটো কি?
: বাঃ, যি কোনো মৰা শ আনি ইয়াত দাহ কৰিব, মৃতকৰ কোনো ঠা-ঠিকনা নাথাকে নেকি?
মানুহজনে এক মুহূৰ্ত চিন্তা কৰি ক’লে – “ঠিক আছে, আপুনি পঞ্জীয়ন কৰক। কিমান পইচা লাগিব?” নিজৰ চাৰ্টৰ পকেটৰ পৰা দুখন দহটকীয়া নোট উলিয়ালে। বাকীখিনি মানুহে মনে মনে চাই আছিল।
বাসু হালদাৰে উপস্থিত থকা সকলোৰে মুখবোৰ এবাৰ চালে কিন্তু কাকো চিনি নাপালে। এখন সৰু চহৰত ইমানবোৰ অচিনাকি লোক! বাসু হালদাৰে এবাৰ ঘূৰি সাঙীত পেলাই থোৱা মৃতদেহটোলৈ চালে। এগৰাকী যুবতীৰ মুখখন কেৱল দেখা গৈছে। সমস্ত শৰীৰ এখন ডাঠ কম্বলেৰে ঢাকি থোৱা।
শ্মশানৰ বৰবাবু হৈ দয়া-মায়া একো নোহোৱা হৈ পৰিছে, মৰা শ দেখি দেখি তেওঁৰ চকু বিষাল। বাসু হালদাৰে সুধিলে – “কি হৈছিল?”
: কলেৰা। হঠাৎ, মাত্ৰ কেইঘণ্টা মানৰ ভিতৰতে! বেচেৰী!
মানুহজনে খুব দুখৰ ভাৱ এটা দেখুৱাই উচুপি উঠিল আৰু তাৰ পিছত দহটকীয়া নোট দুখন আগুৱাই ক’লে – “এইখিনি লওকচোন, আকৌ বৰষুণ আহিব যেন লাগে। কামটো লৰালৰিকৈ শেষ কৰোঁ। “
বাসু হালদাৰে মাত লগালে – “আৰে, চণ্ডাল নোহোৱাকৈ আপোনালোকে কেনেকৈ সৎকাৰ কৰিব? চিতা সজোৱা সহজ কথা নহয়।”
: নাই, চিন্তাৰ কাৰণ নাই। আমি ঠিকে-ঠাকেই কৰিব পাৰিম।
বাসু হালদাৰে এইবাৰ গলগলীয়া মাতেৰে ক’লে – “চাওঁ, ডাক্তৰৰ চাৰ্টিফিকেট দেখুৱাওক।”
যিজন মানুহে আগুৱাই আহি কথা পাতিছিল তেওঁ অলপ অপ্ৰস্তুত হ’ল। বাকীকেইজন মানুহলৈ চাই ক’লে – “ডাক্তৰৰ চাৰ্টিফিকেটখন কাৰ লগত থাকিল?”
কোনোবা এজনে মাত লগালে – “সেইখন বোধকৰো থাকি আহিল।”
বাসু হালদাৰে এইবাৰ টানকৈ ক’লে – “থাকি আহিল? আপোনালোকে নাজানে নেকি মৃতকক সৎকাৰ কৰিবলৈ আহোঁতে ডাক্তৰৰ চাৰ্টিৰ্ফিকেটখন লগত আনিব লাগে বুলি? যাওক, চাৰ্টিফিকেটখন লৈ আহক।”
: এই বৰষুণৰ বতৰত আকৌ উভতি যাব লাগিব?
: অ, নিশ্চয়!
: আপুনি এই বিশ টকা লওকচোন।
: টকাৰ কথা পিছে-পৰেও হ’ব। আগেয়ে চাৰ্টিফিকেট দেখুৱাওক।
এজন মানুহে পকেটত হাত ভৰাই ক’লে – “অ’, এইখনেই চাৰ্টিফিকেট। মোৰ লগত আছিল!”
মানুহজনে পকেটৰ পৰা কাগজ এখন উলিয়ালে; কিবা এটা কাগজখনত লিখা আছিল কিন্তু পানীত ভিজি একেবাৰেই পঢ়িব নোৱাৰা হৈ পৰিছিল।
: এইখন কি? একোৱেই পঢ়িব নোৱাৰি।
: পানীত ভিজিল, মই কি কৰিম?
: তেনেকৈ ক’লে নহ’ব নহয়! ৰোগী কেনেকৈ মৰিল মই বহীত লিখিব লাগিব।
: আপোনাক কলোৱেই, কলেৰাত মৰিছে।
: আপোনাৰ মুখৰ কথাৰে নহ’ব, ডাক্তৰে লেখি দিব লাগিব।
মানুহজন এইবাৰ আগুৱাই আহি বাসু হালদাৰৰ হাতত দহটকীয়া দুখন গুজি দি ক’লে – “আপুনি কিয় সমস্যাৰ সৃষ্টি কৰিছে? বহীখনত কিবা এটা লিখি থওক।”
বাসু হালদাৰে হাত দুখন আঁতৰাই আনি ক’লে – “এইবোৰ নচলিব।”
বাসু হালদাৰৰ সন্মানত লাগিছে। তেওঁ এই শ্মশানৰ ঘাটবাবু। দুবেলা-দুমুঠি খাই-বৈ থাকিব পাৰিলেই যথেষ্ট। তেওঁ টকা-পইচা পৰোৱা নকৰে। এতিয়া আকৌ তেওঁক ঘোচ খুৱাবলৈ আহে!
বাসু হালদাৰে তলমুৱা হৈ মৰাশৰ ওপৰৰ পৰা কম্বলখন টান মাৰি উঠাই দিলে। লগে লগে তেওঁ আতঙ্কত চিঞৰ মাৰি উঠিল।
মৃত যুবতীৰ বুকু আৰু সমস্ত শৰীৰত তেজ গোট মাৰি আছে। বুকু আৰু পেট সম্পূৰ্ণ ফলা, কোনোবাই চোকা অস্ত্ৰেৰে তাইক ৰেপি ৰেপি কাটিছে!
দৃশ্যটো দেখি বাসু হালদাৰে সাংঘাতিকভাৱে ভয় খালে; মূৰত হাত থৈ তেওঁ মাটিত বহি পৰিল। তেওঁৰ ভাব হ’ল যেন তেওঁকো এতিয়া মানুহবোৰে ৰেপি ৰেপি কাটিব! বাসু হালদাৰে কোনোবাই তেওঁক মাৰে বুলি অলপ সময় অপেক্ষা কৰি ৰ’ল, তাৰ পিছত লাহে লাহে মুখৰ পৰা হাত আঁতৰালে। চাৰিওফালে এবাৰ মূৰ ঘূৰাই চালে। নাই, তাত কোনো মানুহ নাই –সকলোবোৰ দৌৰি পলাল।
হত্যাকাণ্ডত নিহত হোৱা কোনোবা যুবতীক সিহঁতে শ্মশানলৈ দাহ কৰিবলৈ আনিছে। এই বৰ্ষণমুখৰ ৰাতি সিহঁতে মনে মনে কামফেৰা কৰিবলৈ আহিছিল। চেয়াৰমেন চাহাবৰ মাক নৰিয়াত পৰি নথকাহেঁতেন বাসু হালদাৰে একো কথাৰ ফুটকে নাপালেহেঁতেন। দহ টকীয়া দুখন মাটিতে পৰি আছিল। ভাব হল যেন বিছা, কেকোঁৰাহে পৰি আছে, চুবলৈকো সাহস নহ’ল বাসু হালদাৰৰ। কম্বলখনেৰে তেওঁ আকৌ মৃতদেহটো ঢাকি দিলে।
এই মুহূৰ্তত বাসু হালদাৰৰ দৌৰি পলাই যাবলৈ মন গ’ল। যদি সকলো চিনাকি মানুহৰ জগতখনৰ পৰা পলাই সাৰিব পাৰিলেহেঁতেন! কিন্তু এই বোকা-পানী, বৰষুণত লেঙেৰা ভৰিখনেৰে তেওঁ কিমান দূৰনো যাব পাৰিব আৰু পলাবনো ক’লৈ? তদুপৰি তেওঁ পলাবনো কিয়? তেওঁতো একো দোষ কৰা নাই। এই প্ৰধানজনো এই সময়ত থকাহেঁতেন!
বাসু হালদাৰৰ আশু কৰ্তব্য হ’ল পুলিচক খবৰ দিয়া। হত্যাকাণ্ডৰ মৃতদেহ আনি শ্মশানত পেলাই থৈ গৈছে, পুলিচেই ইয়াৰ দায়িত্ব লওক। কিন্তু থানা ইয়াৰ পৰা তিনি মাইল দূৰৈত। এই দুৰ্যোগৰ নিশা তিনিমাইল খোজ কাঢ়ি যাব কেনেকৈ? আধা মাইল খোজ কাঢ়ি গলে কেষ্টপুৰ চাৰিআলিত ৰিক্সা পোৱা যায় কিন্তু এই গভীৰ নিশা কোন ৰিক্সাৱালাক পোৱা যাব? কি কৰা যায় এতিয়া? ভয় আৰু ভাৱনাত বাসু হালদাৰ ঠকঠককৈ কঁপিবলৈ ধৰিলে।
কুকুৰ এটাই কুঁ কুঁ কৰা শব্দত বাসু হালদাৰৰ চিন্তাত যতি পৰিল। কুকুৰটোৱে আহি মৰা শ সুঙিবলৈ ধৰিছে। ধাতস্থ হৈ বাসু হালদাৰে দুবাৰমান ছুঃ ছুঃ কৈ কুকুৰটো খেদালে। কুকুৰটোৱে মৰা শ টানি নিলে আকৌ ডাঙৰ বিপদ হ’ব! খৰি এডোখৰ গালৈ দলিয়াওতেহে কুকুৰটো কিছু আঁতৰলৈ গ’ল। শ্মশানত বাসু হালদাৰে বহুত নিশা অকলে কটাইছে কিন্তু আজিৰ দৰে কেতিয়াও ইমান ভয় লগা নাই।
মৃতদেহটোৰ পিনে বাসু হালদাৰে আৰু এবাৰ ঘূৰি চালে। মুখখন চালে একো ধৰিব নোৱাৰি। এগৰাকী সুন্দৰী যুবতীৰ মুখ যেন এবাৰ মাতিলেই তাই উঠি বহিব। এতিয়া মৰাশটো তাতে পেলাই থৈ পুলিচ থানালৈ যোৱাৰ প্ৰশ্ন নুঠে। কুকুৰে যদি শটো টানি লৈ যায় অন্য সমস্যাৰহে সৃষ্টি হ’ব। যিবোৰ মানুহে শটো আনিছিল গোটেইবোৰ তেওঁৰ অচিনাকি গতিকে পুলিচক একো সন্ধান দিব নোৱাৰে। অইন কোনোবা ঠাইৰ পৰাহে হত্যাকাণ্ডত মৰা শটো লৈ আনিছে।
বাসু হালদাৰ থিয় হৈ থাকিব নোৱাৰি মৃতদেহৰ সাঙীৰ ওচৰতে বহি পৰিল। আকৌ ধীৰে ধীৰে বৰষুণ আৰম্ভ হৈছে। ইস্, ছোৱালীজনী বৰষুণত ভিজিব ধৰিছে। ঠিক যেন নিদ্ৰাৰতা এজনী জীৱন্ত ছোৱালী আৰু বৰষুণত তাইৰ মুখখন ভিজিব ধৰিছে। নিজৰ অজ্ঞাতেই বাসু হালদাৰৰ হাতখন আগুৱাই গ’ল, ছোৱালীজনীৰ মুখৰ পৰা পানী মুচি দিবলৈ।
গৌৰবৰ্ণৰ এখন নিষ্পাপ মুখ। এনেকুৱা এগৰাকী সুন্দৰী যুৱতীৰ ইমান কাষত কেতিয়াও বাসু হালদাৰ বহি পোৱা নাই। যদি ছোৱালীজনী জীয়াই থাকিলেহেঁতেন তাইৰ গালত হাত দিয়া বাবে তাই নিশ্চয় চিঞৰ-বাখৰ কৰি উঠিলেহেঁতেন। যদি হয়, এতিয়া সেয়েই হওকচোন! বাসু হালদাৰৰ ওপৰত উঠা খঙৰ বাবে ছোৱালীজনী আকৌ যদি জী উঠে! ইমান ধুনীয়া এজনী যুৱতীক কোন পাষণ্ডই হত্যা কৰিলে?
বাসু হালদাৰে ছোৱালীজনীৰ গালত আকৌ এবাৰ হাত থ’লে। কি কোমল স্পৰ্শ! কিমান সময়ৰ আগতে বা তাই মৰিছে কোনে জানে? ইমান সময় বৰষুণত ভিজি আছে যদিও শৰীৰ এতিয়াও বৰ চেঁচা পৰা নাই। ভাব হয় তাই যেন এতিয়াও বাছি আছে! বাসু হালদাৰে ছোৱালীজনীৰ গালত টুকুৰিয়াই দিলে – “উঠাছোন, উঠা! বহুত সময় শুলা!”
বাসু হালদাৰে হাঁহি এটা মাৰিলে। ই কি সম্ভৱ? ছোৱালীজনীৰ শৰীৰত অতি কমেও ১৫-২০টা মান ছুৰিকাঘাতৰ চিন; অকল হত্যাই নহয় কোনোবাই যেন প্ৰতিহিংসা নিবলৈ তাইৰ সুন্দৰ শৰীৰটো ছিন্ন-ভিন্ন কৰি পেলাইছে। কিছু সময় মৃতদেহৰ সাঙীখনৰ কাষত বহাৰ পাছত বাসু হালদাৰ ছোৱালীজনীৰ প্ৰেমত পৰিল। তেওঁৰ নিঃসঙ্গ জীৱনত এওঁৱেই যেন একমাত্ৰ নাৰী যিগৰাকীয়ে গালত হাত দিয়াৰ পাছতো একো প্ৰতিবাদ কৰা নাই। যদি তাইক চুমা এটা খোৱা যায়? চুমা এটা খালে তাইৰ খং উঠিব নেকি?
ছোৱালীজনীক চুমা এটা খোৱাৰ প্ৰবল ইচ্ছাত বাসু হালদাৰ উতলা হৈ উঠিল। তেওঁ আৰু নিজকে চম্ভালি ৰাখিব নোৱাৰিলে। মুখখন আগুৱাই নি ছোৱালীজনীৰ শীতল ৰক্তহীন ওঁঠত নিজৰ ওঁঠযোৰ ৰাখিলে।
তেতিয়াই মৃত যুৱতী গৰাকীয়ে ফুচফুচাই কৈ উঠিল – “মোৰ নাম অঞ্জলি সৰকাৰ। সোণাবাড়ি গাঁৱৰ ৰতন নাগে মোক হত্যা কৰিছে। তুমি এবাৰ চাবাচোন….!”
বাসু হালদাৰ কিছু দূৰলৈ উফৰি পৰি মুখেৰে গোঁ গোঁকৈ শব্দ কৰিবলৈ ধৰিলে। অলপ সময়ৰ পিছতে তেওঁ সংজ্ঞাহীন হৈ পৰিল।
পিছদিনা দুপৰীয়াহে বাসু হালদাৰৰ সংজ্ঞা উভতি আহিল। জ্ঞান উভতি অহাৰ পিছতো তেওঁ অনবৰত চিঞৰি আছিল – “ৰতন নাগ! সোণাবাড়ি গাঁৱৰ ৰতন নাগ!” পুলিচে ৰতন নাগক গ্ৰেপ্তাৰ কৰি ভালকৈ জেৰা কৰোঁতে দোষীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। পুলিচে ৰতন নাগৰ পৰা স্বীকাৰোক্তি লাভ কৰাৰ কিছু দিনৰ পিছত বাসু হালদাৰ সম্পূৰ্ণৰূপে আৰোগ্য হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments