এটা জলপ্ৰপাত বিচাৰি

লেখক- উজ্জ্বল দিপ্লু গগৈ

”There is a waterfall in every dream. Cool and crystal clear, it falls gently on the sleeper, cleansing the mind and soothing the soul.” –Virginia Alison

দিনটো আছিল যোৱাটো জানুৱাৰীৰ 26 তাৰিখ। দেশৰ গণৰাজ্য দিৱস। কাৰ্য্যালয়ৰ পতাকা উত্তোলন কাৰ্য্যসূচীৰপৰা ঘূৰি অহাৰ সময়ত দেখা পালোঁ গুৱাহাটীৰ মাজ-মজিয়াত পতাকা লগাই লৈ বাইক আৰু স্কুটীৰ ৰেলী কিছুমান ওলাইছে। দুটামান বাইকৰ ৰেলী কাষেৰে উৎপাত কৰি পাৰ হৈও গৈছিল। মই মনত পেলাবলৈ চেষ্টা কৰিলোঁ কিমান দিন বাইক ৰাইডত যোৱা নাই! ক’ভিডৰ সংহাৰী ৰূপ আৰম্ভ হোৱাৰ দিনাৰপৰা বাইকখন চলোৱাটো মাত্ৰ ঘৰ আৰু অফিচৰ মাজতেই সীমাবদ্ধ হৈ আছিল, যিটো পাহাৰৰ ৰাস্তাত বাইক চলাই ভাল পোৱা ৰাইডাৰ এজনৰ বাবে অতিশয় নিৰাশাজনক। বাইকৰ ৰেলীবিলাক, এক্সেলেটৰ পকাই যোৱা চাইলেঞ্চাৰৰ শব্দবিলাকে তেতিয়ালৈকে মোৰ হতাশাখন গঢ় দিবলৈ আৰম্ভ কৰিছিল। ঘৰৰ চৌহদ পাওঁহি মানে সেই হতাশাই দংশন কৰিবলৈ আৰম্ভ কৰিছিল। পাৰ্কিং কৰি থোৱা বাইকখনলৈ এপলক চালোঁ, লগে লগে মনত সিদ্ধান্ত লৈ পেলালোঁ, “আজি ওলাই যাম বাইক লৈ, ক’ত যাওঁ সেইয়া পাছৰ কথা, মুঠৰ ওপৰত বাইকখনেৰে আজি মুকলি আকাশৰ তলত চেকুঁৰ মাৰিম।”
হঠাৎ সিদ্ধান্ত লৈছিলোঁ যদিও কোনফালে যাম সেইয়া থিৰাং কৰিব পৰা নাছিলোঁ। লাগতিয়াল বস্তু-পাতিবিলাক ঠিক কৰি থাকোঁতে মনত পৰিল কেইদিনমানৰ আগত চিনাকি কেইজনমান বন্ধুৱে পশ্চিম কাৰ্বি আংলঙলৈ ফুৰিব যোৱাৰ কথা। নেলীৰপৰা খান্দুলি পথেৰে সোমাই তেওঁলোক বহুখিনি ভিতৰলৈকে গৈছিল। কোনোদিনে সেইটো ৰাস্তাৰে গৈ নোপোৱা মইটোৰ মনটোৱে সেইফালেৰে যাবলৈ উচপিচ আৰম্ভ কৰিছিল। ঠিক তেনেতে মনত পৰিল বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ মোৰ ৰূমমেট বেদান্ত ফুকন দাদালৈ। তেখেতে কেইদিনমানৰ আগত জাভাৰ বাইক এখন কিনি মোলৈ ফোন কৰি কৈছিল, “ক’ৰবালৈ বাইক লৈ গ’লে মোকো ক’বি।” বেদান্ত দা মানুহজন ফুৰাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহী, আৰু মই আশা কৰা ধৰণেই তেখেতে যোৱাৰ ক্ষেত্ৰত সন্মতি দিলে।
সময় তেতিয়া পুৱা 10 বাজিছিল। বেদান্ত দাক ক’লো খানাপাৰা ভেটেৰনেৰী কলেজৰ ওচৰত ৰ’বলৈ। সেই ঠাইখিনি গুৱাহাটীৰ বাইক ৰাইডিঙ গ্ৰুপ বেছিভাগৰে মিটিং পইণ্ট অৰ্থাৎ ক’ৰবালৈ যাবলৈ ওলাই অহা বেছিভাগ ৰাইডাৰেই আহি সেই ঠাইত গোট হৈ একেলগে ৰাইড আৰম্ভ কৰে। বেদান্ত দা আহি পাওঁতে অলপ সময় লাগিছিল যদিও দিনটোৰ সময়সূচীত সেইখিনি মিলাই ল’ব পৰা বিধৰ আছিল। খানাপৰাৰপৰা আমি বাইক এৰিছিলোঁ। যোৰাবাট পাৰ হোৱালৈকে বহুকেইটা বাইকৰ গ্ৰুপক লগ পাইছিলোঁ, প্ৰতিটো গ্ৰুপতে নাই বুলিলেও প্ৰায় দহজনকৈ মানুহ আছিল আৰু তেওঁলোকৰ ওচৰত আমাৰ দুজনীয়া গ্ৰুপটোয়ে যেন এনেই বাইক চলাই ফুৰিছোঁ, দেখাত তেনে লাগিছিল। সোণাপুৰ পাৰ হৈ ক্ষেত্ৰীৰ ওচৰত আমি খন্তেক ৰখালৈকে গ্ৰুপবোৰৰ হাই-উৰুমিবোৰ কমিছিল। পানী খাই থকাৰ সময়ত বেদান্ত দাই মোক সুধিছিল আমি ক’লৈ গৈ আছোঁ বুলি। চৰ্চৰণি এটা মাৰি মুখৰপৰা মোৰ হাঁহি এটা ওলাই আহিছিল, তেওঁক কৈছিলোঁ, “নেলীৰপৰা সোঁহাতৰ ৰাস্তা এটাইদি সোমাই নাকৰ পোনে পোনে গৈ থাকিম ব’লক, য’ত গৈ ওলাব পাৰি তাতে ওলামগৈ।”
আচলতে গুগল মেপত মই খুঁচৰি উলিওৱা ঠাইখনৰ নামটো আছিল পুটচাৰী। পশ্চিম কাৰ্বি আংলং জিলাৰ নেলী-খান্দুলী ৰাস্তাত থকা জলপ্ৰপাত এটা। সেই ঠাইখনৰ বিষয়ে আমাৰ দুয়োজনৰ এজনো কোনোদিনে জ্ঞাত নাছিলোঁ। চিনাকিকেইজনৰ ফুৰিবলৈ যোৱা ফটোবোৰ দেখা পোৱাৰ পাছত মনত হেঁপাহ এটা জাগিছিল সেই ৰাস্তাটোৰ সোৱাদ এটা লোৱাৰ। বেদান্ত দাক গুগল মেপত ৰাস্তাটো দেখুৱালো আৰু লগে লগে গুগল মেপখনৰ পৰা স্ক্ৰীণশ্বট মাৰি ৰাখিলোঁ কাৰণ কিবাকৈ নেটৱৰ্ক নোহোৱা হ’লে গুগল মেপত ৰাস্তা বিচাৰিবলৈ যথেষ্ট অসুবিধা হয়। নেলীৰপৰা সোমাই যোৱাৰ পাছতে ৰাস্তাটো বহল যদিও অতিপাত বেয়া। মাজে মাজে শিল দিয়া কিন্তু বেছিসংখ্যক অংশই কেঁচা। তদুপৰি ৰাস্তাটোত মিহি অংশতকৈ গাঁতৰ সংখ্যাহে বেছি। ৰাস্তাটোৰ এটাকাষে সৰু গাওঁ দুখনমান আছিল আৰু আনটো দিশে গোপাল কৃষ্ণ চাহ বাগিচাখন। বাৰীবিলাকৰপৰা ৰাস্তালৈ হাউলি ওলাই থকা বাঁহগছবোৰৰপৰা পাতবোৰ ৰাস্তাত পৰি বহুখিনি ঠাই চেঁচুকীয়া কৰি ৰখাৰ উপৰিও মাজে মাজে পানীৰ ডোঙা বান্ধি থকাৰ বাবে অলপমান পিছল হৈ আছিল। গাওঁখনৰ সৰহ সংখ্যক লোক গোপাল কৃষ্ণ বাগিচাৰ চাহ জনগোষ্ঠীয় লোক যেন লাগিল। সেইদৰে মাত্ৰ কেই কিলোমিটাৰমান যোৱাৰ পাছতেই আমি ‘Welcome to West Karbi Anglong’ বুলি লিখি ৰখা আদৰণি গেটখন পাইছিলোঁগৈ। আমাৰ নিজৰে আচৰিত লাগিছিল যে ৰাষ্ট্ৰীয় ঘাইপথৰপৰা মাত্ৰ কেই কিলোমিটাৰমানৰ ওচৰতে যে কাৰ্বি আংলঙখন আছে সেইকথা কোনোদিনে ভবাই নাছিলোঁ। সমতলীয় সেই অঞ্চলটোত মানুহ এজন চলিব পৰাকৈ সকলো বস্তু দেখা পাইছিলোঁ; দোকান, স্বাস্থ্যকেন্দ্ৰ, স্কুল, চেলুন ইত্যাদিবোৰ। চাইকেলৰ কেৰিয়াৰত খালৈ আৰু জাল বান্ধি গৈ থকা মানুহকেইজনমানক ৰখাই লৈ পুটচাৰী কিমান দূৰ বুলি সুধিছিলোঁ। উত্তৰত এজনে ‘ওইইইইইই……বহুত দূৰ’ বুলি যিদৰে উচ্চাৰণ কৰিলে, দূৰত্বখিনি তেখেতৰ ‘ওই’তোতে সোমাই থকা যেন লাগিল। দুনাই তেখেতক একো নকৈ আমি আগবাঢ়িলো। নদীৰপৰা বালি অনা ট্ৰাক কেইখনমান বিপৰীত দিশৰপৰা পাৰ হৈ গৈছিল; ৰাস্তাৰ দুয়োকাষ তেতিয়া চেগুণ গছবোৰ আৰু তলসৰা ডাঙৰ পাতবোৰে অধিকাৰ কৰি ৰাখিছিল আৰু ঠিক সেইখিনি ঠাইৰপৰাই পাহাৰৰ ওপৰলৈ যোৱাৰ উলম্ব বাটচোৱাৰ আৰম্ভ হৈছিল। NH37ত নেলীৰপৰা সোঁহাতে দূৰৈত দেখা কুঁৱলীৰ মাজৰ পাহাৰবোৰ!
ঘৰত বহুদিন আৱদ্ধ হৈ ৰোৱা ফুৰি ভালপোৱা মনটোক তেতিয়া সেউজীয়াৰ সৌন্দৰ্য্যই মোহি পেলাইছিল। পাহাৰৰ ওপৰলৈ উঠি যোৱা সৰু সৰু ৰাস্তাবোৰে বাইকৰ এক্সেলেটৰৰ পাকবিলাকক ইন্ধন যোগাইছিল। এফালে পাহাৰ, আনফালে থিয় গৰা আৰু তাৰ তললৈ সৰু নদী এখন। নিৰ্জনতাৰ গভীৰতাখিনি মাজে মাজে জিলিৰ মাতে তল পেলাইছিল। মাজে মাজে পাহাৰৰ আঁৰৰপৰা বেলিটো জিলিকি উঠে, সেইখিনি অংশত অলপমান গৰম অনুভৱ হয়। কোনোবাখিনিত কিন্তু সন্মুখৰ পাহাৰটিয়ে বেলিটো ঢাকি ৰাখে! ঠাণ্ডা বতাহ এছাটি গাৰ মাজেৰে বৈ যায়। হেলমেটৰ গ্লাচখন দাঙি উশাহটো টানি চাইছিলোঁ; বিশুদ্ধ বতাহৰ লগতে কোনোবা পাহাৰীয়া ফুলৰ সুবাসে মন ভৰাই তুলিছিল। কোনোবা এঠাইত ৰখোতে বেদান্ত দাই কৈছিল, “পাহাৰ, নদীৰ সোৱাদ ল’বলৈ শ্বিলঙলৈ কিয় যাব লাগে! এইবোৰ আমাৰ নিজৰ ঠাইকে আমি চিনি নাপাওঁচোন।”
এৰা! তেখেতৰ কথাত যুক্তি আছিল। আমি নিজৰ ঠাইবোৰকে নাজানো।
আমি পাৰ হৈ গৈ থকা ঠাইখিনিৰ নামটো আমচলং ৰিজাৰ্ভ ফৰেষ্ট আছিল। হাবিৰ মাজৰে কোনোবা এটুকুৰা ঠাইত সৰু নদী এখন বৈ অহা দেখা পাই কাষৰ লুঙলুঙীয়া ৰাস্তাটোৰে বাইকখন নমাই লৈ গ’লো। নদীখনৰ সেই অংশটো দলঙৰ ওপৰৰপৰা চাই যথেষ্ট ঠেক যেন লাগিছিল কিন্তু তললৈ নামি যোৱাৰ পাছতহে গম পালোঁ ওপৰৰ অংশটি যথেষ্ট বহল। বৰঞ্চ ঠেক হোৱা বাবে আমি ৰৈ থকা ঠাইটুকুৰাত পানীৰ সোঁতটো বেছি আছিল। দূৰৈত পিকনিক খাই থকা দুটামান দল দেখিছিলোঁ, কোনোবা দুজনমানে পানীত জঁপিয়াই উৎপাত কৰি আছিল। দেখাত তেওঁলোকক অলপো ড্ৰিংকচ নকৰা লোকৰ দৰে লগা নাছিল। নিজৰ লগতে পৰিয়ালৰ সকলোৰে জীৱন বিপদাপন্ন কৰি মানুহবোৰে মদ খাই পানীলৈ কিয় সাঁতুৰিবলৈ যায় সেয়া মোৰ বাবে আজিও দুৰ্বোধ্য। আমাৰ দুজনৰো তাত ফটো উঠাৰ বাহিৰে বেলেগ কাম নাছিল, অলপমান সময় তাতে ৰৈ আমি তাৰপৰা ওলাই গৈছিলোঁ। তাৰপৰা কেইকিলোমিটাৰমান যোৱাৰ পাছত আমি পুনৰ ৰৈ যাবলৈ বাধ্য হ’লো; পাহাৰৰপৰা জলপ্ৰপাত এটা নামি আহিছিল। বেদান্ত দাই ক’লে, “চাচোন চা কেনে লচপচীজনী।”
মনলৈ আহিল, ৰূপ আৰু নামি অহাৰ ছন্দৰে আমি সেইয়া জলপ্ৰপাতটো বুলি কোৱাতকৈজনী ক’লেহে বেছি খাপ খাব। থিয় পাহাৰ এটাৰ পৰা নামি অহা জলপ্ৰপাত এজনী; শিলৰ ওপৰেৰে বাগৰি আহোঁতে কোনো কোনো অংশত জোপোহা গছবোৰৰ পাতবিলাকে ঢাকি পেলাইছে আকৌ কোনো অংশত স্ফটিক যেন পানীৰে শিলত খুন্দা মাৰিছে। খোপনি পুতি লাহে লাহে কাষৰ গছ আৰু শিলবোৰতে ভেঁজা দি ওপৰলৈকে উঠি গ’লো, মনত আশা এটা কিজানি ওপৰত ডাঙৰ পানীৰ ফোঁৱাৰা এটা পাওঁগৈ। আশা কৰি বহুখিনি ওপৰলৈ উঠাৰ পাছতো মহৰ কামোৰৰ বাদে একো নাপালোঁ। শিৱ ভগৱানৰ সৰু মন্দিৰ এটা সাজি থোৱা আছিল বৈ অহা পানীৰ কাষতে, সেৱা এটা কৰি নামি আহিলোঁ। বেদান্ত দা ওপৰলৈ নোযোৱাকৈ তলতে ৰৈ আছিল, মোক সুধিলে কিবা দেখিলিনে বুলি। দুষ্টামি কৰাৰ মানসেৰে তেখেতক সাংঘাতিক ধুনীয়া দৃশ্য এটাৰ বৰ্ণনা দিলোঁ। হয়নেকি ৰহ ময়ো চাই আহোঁ বুলি তেখেত যাবলৈ ওলাওতে মই ক’লো, “চাব আপোনাৰ জলপ্ৰপাতজনীয়ে মহকন্যাবোৰৰ লগত ওপৰত টিকটক ভিডিঅ’ কৰি আছে, সাৱধান।” বেদান্ত দাই কৃত্ৰিম খঙেৰে মোক কিবা এটা বকনি দি আঁতৰি আহিল। বাইক দুখন জলপ্ৰপাতৰ তলৰ পানীৰে অলপ ধুলোঁ। আমি নিজেও মুখ-হাত তিয়াই লোৱাৰ পাছত সতেজ অনুভৱ কৰিছিলোঁ। তাৰপৰা একা-বেঁকা পথেৰে প্ৰায় বহুসময় বাইকেৰে গৈ থকাৰ পাছত যেতিয়া মানুহ দেখাৰ নামত কাকোৱেই লগ পোৱা নাছিলোঁ তেতিয়া সুদূৰৰ উলুকুঞ্চিলৈ দূৰত্ব দেখাই থকা মাইলষ্টন এটাৰ ওচৰত ৰখাই লৈ বেদান্ত দাই সুধিছিল যে কিমান আগলৈ মানুহ লগ পাব পাৰোঁ। নেটৱৰ্ক নথকা ম’বাইলটোৰ গেলেৰীত ৰাখি থোৱা স্ক্ৰীণশ্বট কেইটাৰ সঠিক ব্যৱহাৰ তেতিয়াই হৈছিল। তেখেতক ক’লো, “আৰু মাত্ৰ পাঁচ কিলোমিটাৰমান।”
খন্তেক দূৰ যোৱাৰ পাছতেই আমাৰ ৰাস্তাটো তললৈ নামিবলৈ লৈছিল। তলত গাওঁ এখন দেখা পাইছিলোঁ। ৰাস্তাটো গৈ তাতে এটা চাৰিআলি হৈছিল। সৰু সৰু দোকান-পোহাৰ কিছুমান আছিল। তাৰ ওচৰতে আমি গৈ ৰৈছিলোঁ। চৌপাশে লক্ষ্য কৰিলোঁ, সৰু টেম্পু দুখনমান, মাংস কটা দোকান আৰু ভাতৰ হোটেলৰ লগতে গেলামালৰ দোকান দুখনমান আছিল। হোটেল আৰু গেলামালৰ দোকানকেইখনৰ সন্মুখত কলৰ আখি, হোৰাত ভৰাই থোৱা কমলা টেঙা আৰু দুই-এখনত বাঁহৰ চুঙা কিছুমান ওলোমাই থোৱা আছিল। গাওঁখনৰ ভিতৰলৈ সোমাই যোৱা পথতে স্থানীয় ভাষাত লিখা তোৰণ এখন লগাই ৰখা হৈছিল, কিবা উৎসৱৰ যেন লাগিল। এখন দোকানৰ সন্মুখত বাঁহেৰে বনাই লোৱা ষ্টেণ্ড এটাত কেৰম পাতি কেইজনমানে খেলি আছিল আৰু তাৰ অলপ আঁতৰত কোলাহল কৰি অকণমানি কেইটামানে দুনীয়াৰ কোনো কথালৈ মন নিদিয়াকৈ মাৰ্বল খেলি আছিল। আমি যিখন দোকানৰ সন্মুখত ৰৈছিলোঁ তাৰ আগফাল বেঞ্চ এখন পাৰি থোৱা আছিল, তাতে কেইজনমানে বিড়ি টানি বহি আড্ডা জমাই আছিল। আমাক দুয়োকে দেখি এজনে মুখেৰে একো নোকোৱাকৈয়ে চেলাউৰী দুটা দাঙি মূৰটো লৰাই আমাক ইংগিতেৰে সুধিলে, “কি কাম লৈ আহিছ তহঁত দুটা?”
ফুৰি ভাল পোৱা মানুহৰ বাবে স্থানীয় মানুহৰ লগত আত্মীয়তা স্থাপন কৰাৰ কিটিপতো খুবেই প্ৰয়োজনীয়। পুটচাৰীৰ সেই চাৰিআলিটোত আমাক তেনেদৰে প্ৰশ্ন কৰা মানুহকেইজনক ককাই আৰু দাদা বুলি সম্বোধন কৰি চিনাকি হ’লো। তেওঁলোকক কাৰ্বি, নেপালী আৰু তিৱা লোক বুলি গম পোৱাৰ পাছতেই মই মোৰ কাৰ্বি, নেপালী আৰু তিৱা বন্ধু-বান্ধৱীসকলৰ প্ৰসংগ টানি তেওঁলোকৰ লগত মোৰ কিমান ভাল সম্পৰ্ক এনেধৰণৰ কথা পাতি মুকলি হৈ ল’লো। নিজৰ জাতি-জনজাতিৰ মানুহৰ কথা ক’লে সকলোৱে ভাল পায়, কাৰ্য্যত সেইয়াই হ’ল; আমাৰ দুয়োৰে কথা-বতৰাবিলাক তেওঁলোক ভাল পালে। পাহাৰীয়া ঠাইৰ লোকসকল সাধাৰণতে Straight Forward হয়। আমাৰ মানুহে ফুৰিবলৈ গৈ কৃত্ৰিমতা, চালাকি আৰু মনভুলোৱা কথা ক’লে তেওঁলোকে অলপো ভাল নাপায়, যিমান পাৰি সিমান তেওঁলোকৰে মাজৰ এজন হিচাপে নিজকে এৰি দিয়াটোহে প্ৰয়োজনীয়। পুটচাৰী জলপ্ৰপাতটো চাবলৈ আমাৰ খুউব মন থকা বুলি গম পাই তেওঁলোকে ল’ৰা এজনক মাতি আনি স্থানীয় ভাষাতে কিবা ক’লে। তাৰপাছতে আমালৈ চাই ল’ৰাজনৰ লগত আমাক জলপ্ৰপাত চাবলৈ যাবলৈ ক’লে। বাইকৰ পাছফালে ল’ৰাজনক বহাই লৈ আমি পুটচাৰী জলপ্ৰপাতটিৰ অভিমুখে আগবাঢ়িলো। ল’ৰাজনৰ নামটো সুধিলত গুণো লালুং বুলি ক’লে। গুণোক প্ৰথমে আমি কথা কমকৈ কোৱা ল’ৰা বুলি ভাবিছিলোঁ কিন্তু যেতিয়াই লুংলুঙীয়া বাটতোৰ কাষৰ আটোমটোকাৰীকৈ থকা ঘৰ এটা পাৰ হ’লো তাৰপাছৰপৰাই গুণোৰ কথা আৰম্ভ হ’ল অনৰ্গলভাৱে। ঘৰটো হেনো সেই গাওঁখনৰ গাওঁবুঢ়াৰ, যিজনৰ জীয়েকক বোলে সি পলুৱাই বিয়া কৰাইছিল। ৰাস্তাটো আছিল যথেষ্ট ঠেক আৰু এটা কাষে থিয় গড়া। গুণোৰ কথা শুনি আছিলোঁ যদিও বাইকখন চলোৱাটোত মনোযোগ দিয়াটো মোৰ কাৰণে বেছি জৰুৰী আছিল। কিবাকৈ পৰিলে গুণোৰ শহুৰেকেও যে আমাক সহজে তুলিব নোৱাৰিবহি সেইয়া ধুৰূপ আছিল।
অলপ সময় যোৱাৰ পাছত ঘন হাবিৰ মাজত গুণোয়ে আমাক বাইক দুখন ৰখাবলৈ কৈছিল। চাৰিওফালে চালোঁ, আগলৈ বাইক যাব পৰা কোনো ৰাস্তা নাছিল। বাইক কেইখন তাতেই হেণ্ডেল লক কৰিবলৈ কৈ গুণোয়ে আমাক তাৰ পাছে পাছে আহিবলৈ ক’লে। ঝাৰু গছেৰে ঠাইখিনি গেজেপা মাৰি আছিল। তাৰ মাজেৰেই হাউলি যাবলগীয়া অকণমানি এটি বাট। আঁতৰত বাঁহ কাটি থকা শব্দবোৰ প্ৰতিধ্বনি হৈ কাণত পৰিছিলহি। গুণোৰ পাছে পাছে বেদান্ত দা আৰু তেখেতৰ পাছে পাছে মই। বাটটিৰ ফটো আৰু ভিডিঅ’ কৰোঁ বুলি ম’বাইলতো হাতত উলিয়াই লৈছিলোঁ যদিও দিগদাৰহে পাইছিলোঁ। দুই-এখন ফটো মৰাৰ পাছতে বেদান্ত দাই পাছলৈ নোচোৱাকৈয়ে কৈছিল, ‘ডিম্পুৰ নিচিনাকে ভিডিঅ’ এটাকে বনাচোন। ‘
ময়ো ধেমালি কৰিবৰ মনেৰে ম’বাইলৰ ফ্ৰণ্ট কেমেৰাৰে ৰেকৰ্ডিং অন কৰি ‘হেই দ’স্তৌ’ বুলি কৈ ৱেলকাম ট্যু মাই চেনেএএএএএএল বুলি হেলনীয়া ঠাই এটুকুৰাত পিচল খাই ঝাৰু গছৰ তলেৰে চোঁচৰা খাই সুৰুসকৈ গ’লোগৈ। ফলত গুণো আৰু বেদান্ত দা যিমানখিনি দূৰ খোজেৰে আগবাঢ়িছিল, সিমানখিনি মই একে চোঁচৰাতে গৈ পালোঁ। দুয়োয়ে মোক ধৰি-মেলি উঠাই দিলছিল আৰু মোৰ ভ্লগিং সিমানতে সমাপ্ত ঘটিছিল।
পাহাৰটোৰ নামনিত সৰু পথাৰ এখন আছিল, তাৰ কাষতে সৰু জুৰি এটা বৈ গৈছিল। পথাৰৰ সৰু আলিকেইটাৰে পাৰ হৈ গৈ জুৰিটোৰ কাষ পাইছিলোঁগৈ। পানী কম আছিল যদিও আমাৰ আঁঠুলৈকে তিতিবলৈ সেইয়া যথেষ্ট আছিল। অলপ আঁতৰত শিলকেইটামান দেখা পাই সেইকেইটাৰ ওপৰত ভৰি থৈ জাঁপ মাৰি জুৰিটো পাৰ হ’লো, জোতাবোৰ অৱশ্যে তেতিয়াও অলপমানকৈ তিতিছিল। আমাৰ মনবোৰে কিন্তু তেতিয়ালৈকে সুখৰ জুৰিটিত বুৰ মাৰিছিল। ঝৰঝৰকৈ পানী পৰি থকা শব্দ এটি শুনিছিলোঁ। গছবোৰৰ মাজেৰে পাৰ হোৱাৰ পাছত সন্মুখত দেখা পালোঁ জলপ্ৰপাতটো; পুটচাৰী জলপ্ৰপাত! প্ৰকাণ্ড শিলৰ পাহাৰ এটাৰ ওপৰেৰে জিৰি জিৰিকৈ পানীবোৰ তললৈ বৈ আছিল। বৰষুণৰ দিন নোহোৱা বাবে পানী কম আছিল কিন্তু সৌন্দৰ্য্যখিনি উপভোগ কৰিব পৰাকৈ সেইয়া অনুপম আছিল। ফটো চেচন কৰি তাৰ কাষতে বহি মুখ-হাত ধুইছিলোঁ।
কাৰ্বি পাহাৰৰ পানী! পাহাৰৰ গোন্ধ কঢ়িয়াই অনা পানী আছিল সেইয়া। প্ৰাকৃতিক বিলাসিতা কৰিব পৰা সেউজীয়াৰ এখন দলিচাৰ মাজত বহি লৈছিলোঁ আমি। গুণোয়ে কৈ গৈছিল বাৰিষাৰ সময়ত কিদৰে পানী বাঢ়ি আহে, গাঁৱৰপৰা জাক পাতি লগৰবোৰৰ লগত আহি তাঁহাতবোৰে কিদৰে মাছ ধৰেহি। চেপা পতাৰ জেগা কেইটুকুৰামানো গুণোয়ে আমাক দেখাইছিল। প্ৰায় বিছ মিনিটমান সময় তাত কটোৱাৰ পাছত আমি তাৰপৰা ওলাই আহিছিলোঁ। আকৌ পিচল খাই পৰিব পাৰোঁ বুলি গুণোয়ে আমাক বেলেগ এটা বাটেৰে ওভতাই লৈ গৈছিল। খৰ খোজেৰে আগবাঢ়ি যোৱা সি মাজে মাজে আমালৈ চাই কৈ গৈছিল, “এইখিনি লাহেকে খোজ দিবি ৰে, পৰিবি পিচল আছে।” পাহাৰৰ ওপৰলৈ বাট ল’বলৈ আমি পথাৰেৰে বহুত দেৰি খোজ ল’ব লগা হৈছিল। পাছফালৰপৰা অহা বেলিৰ পোহৰ আমাৰ পিঠিত পৰা বাবে আগফালে ছাঁকেইটা দীঘলকৈ পৰিছিল। ঘড়ীলৈ নোচোৱাকৈ অনুমান কৰিছিলোঁ ভাটীবেলা হ’লহি। প্ৰায় পাঁচশ মিটাৰমান খোজ কঢ়াৰ পাছত আমি পাহাৰৰ ওপৰলৈ উঠিবলৈ ৰাস্তা এটা পাইছিলোঁগৈ। ওপৰলৈ উঠি গৈ থাকোঁতে কেইবাজনো ঝাৰু কাটি থকা মানুহক লগ পাইছিলোঁ। তেওঁলোকে গুণোক মাত দিছিল আৰু দুই-এজনে আমালৈ চাই ক’ৰপৰা আহিছ ভাইহঁত বুলি সুধিছিল। গুণোয়ে কৈছিল বাঁহবোৰ হেনো আগতে জাগীৰোড পেপাৰ মিলত দিছিল, এতিয়া মিল বন্ধ হোৱা কাৰণে বাঁহ কটাতো কমিল আৰু মানুহবোৰে ঝাৰু বনাই চাপ্লাই কৰিবলৈ আৰম্ভ কৰিলে। গুণোৰ মুখৰপৰা অনৰ্গল কাহিনী ওলাই গৈ আছিল, বেদান্ত দাই শলাগ লৈ লৈ তাৰ পাছে পাছে গৈ আছিল আৰু মই খোজ কাঢ়োঁতে ফোপনি ধৰাৰ ফলত কেইবাবাৰো বহি পৰিছিলোঁ।
আমি উভতি আহি দোকানবিলাকৰ ওচৰ পাইছিলোঁহি। কেৰম খেলা কেইজনৰ বৰ্ডৰপৰা থাক-থুককৈ শব্দবোৰ আহিয়েই আছিল। গুণোক ধন্যবাদ দি আমি দুয়ো এশটকাকৈ দিলোঁ চাহ খাব লওক বুলি। সি আপত্তি কৰিছিল কিন্তু আমাৰ আগত নৰজিল। কিবা খাওঁ বুলি দোকানখনত সোমাই চেল ৰুটী (নেপালী লোকসকলে চাউলৰ গুৰিৰে বনোৱা এবিধ খাদ্য) বনাই থকা দেখা পালোঁ। বেদান্ত দাই আগতে চেল ৰুটীৰ বিষয়ে নাজানিছিল, তেখেতক সোৱাদ দিয়ালোঁ। দোকানৰ মালিকজন আৰু দুই এজন লোকে বহুখিনি কথা আমাৰ লগত পাতিছিল। খোৱা-বোৱা শেষ কৰি গৰুৰ গাখীৰত চাহপাত দি পগোৱা চাহ, কাঁচৰ গিলাচত লৈ খাইছিলোঁ। মালিকজনে তেওঁলোকৰ ঠাইৰপৰা বৈঠালাংচু আৰু মেঘালয়লৈ কিমান দূৰ হয় তাৰ এটা আভাস দিছিল। গুৱাহাটী আহিলে লগ কৰিম বুলি ইচ্ছা প্ৰকাশ কৰি তেওঁ আমাৰ ফোন নম্বৰবিলাক খুজি লৈছিল।
সন্ধিয়া হৈ অহাৰ আভাস পাইছিলোঁ। সময় তেতিয়া প্ৰায় চাৰি বাজি পাৰ হৈছিল। আমি বিদায় মাগিছিলোঁ। কোনোবা এজনে সতৰ্কবাণী শুনাইছিল ক’ৰবাত বনৰীয়া হাতী ওলাই বুলি। উভতি আহিছিলোঁ পুনৰ অহাৰ প্ৰতিশ্ৰুতি দি। বাইক দুখনে ভটীয়নি বেলিটিৰ লগত পাহাৰৰ আঁৰে আঁৰে লুকাভাকু খেলিছিল আৰু কুঁৱলীবিলাক লাহে লাহে ঘন হৈ আহিছিল। নেলী পোৱাৰ ঠিক আগে আগে আমি বাইকৰ হেডলাইট জ্বলাইছিলোঁ গুৱাহাটীৰ ফালে মুখ কৰি।
(সমাপ্ত)

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Upasana Sarmah
2 years ago

বৰ ভাল লাগিল পঢ়ি ।

উজ্জ্বল
2 years ago
Reply to  Upasana Sarmah

ধন্যবাদ৷৷

Copying is Prohibited!