জীৱন জিনাৰ কৌশল
লেখক- বেদান্ত ফুকন
এজন ব্যক্তিয়ে শিশু অৱস্থাৰ পৰাই বিভিন্ন পৰিৱেশত, বিভিন্ন স্তৰত, বিভিন্ন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ হৈ উঠে৷ বৰ্তমান প্ৰতিযোগিতাৰ যুগত প্ৰতিজন পিতৃ–মাতৃয়েই নিজৰ সন্তানক সফল ৰূপত চাব বিচাৰে, যাৰবাবে তেওঁলোকে দিন–ৰাতি একাকাৰ কৰি সন্তানক শৈক্ষিক আৰু পেছাগত ভাবে নিপুণ কৰাৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা চলায়৷ পাঠ্যক্ৰমৰ গধুৰ বোজাত ল’ৰা ছোৱালীৰ কষ্ট নহওক বুলিয়েই যিমান পাৰি সিমান তেওঁলোকক আন কৰ্মৰ পৰা ৰেহাই দি কেৱল পঢ়াত মনোনিৱেশ কৰাতেই অধিক গুৰুত্ব দিয়া দেখা যায়৷ এই প্ৰক্ৰিয়াত তেওঁলোকে পঢ়া শুনাৰ লগতে বৃত্তিগত ভাৱে ঠিকেই আগবাঢ়ে কিন্ত এক ভাৰসাম্য আৰু সুগম জীৱন কৌশল আহৰণত তেওঁলোক পিছ পৰি ৰয়৷
ৱৰ্ল্ড হেলথ অৰগেনাইজেছন (WHO) চমুকৈ “হু” ৰ মতে জীৱন কৌশল হৈছে এনে এক কলা যাৰ জৰিয়তে কোনোৱে দৈনন্দিন জীৱনত পোৱা প্ৰত্যাহ্বানক নিজৰ পূৰ্ব অভিজ্ঞতাৰ দ্বাৰা আত্মবিশ্বাসেৰে মুখামুখি হৈ তাৰ সুচল সমাধান কৰিব পাৰে৷ যিয়ে তেওঁৰ শাৰীৰিক, মানসিক তথা আৱেগিক উত্তৰণত অৰিহণা যোগায়৷
যোৱা বছৰ এহাল পিতৃ–মাতৃ নিজ সন্তানৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰামৰ্শ বিচাৰি মোৰ ওচৰলৈ আহিছিল৷ সৰুৰে পৰা মেধাৱী ছাত্ৰী গৰাকীয়ে APSC ৰ মেইনচ পাছ কৰাৰ পিছতো মৌখিক পৰীক্ষাত নবহাৰ সিদ্ধান্ত লৈছিল৷ তাৰে কিছুদিন পূৰ্বে বেচৰকাৰী সংস্থাত কৰা চাকৰি এটাও ত্যাগ কৰি আহিছিল৷ তেওঁ নিজেই ভাবি লৈছিল যে তেওঁ মানুহ চলাব নোৱাৰিব, নোৱাৰিব নেতৃত্ব দিবলৈ নোৱাৰিব নিজাকৈ সিদ্ধান্ত ল’বলৈ৷
এই ছাত্ৰী গৰাকীৰ ক্ষেত্ৰত ইমান দিনীয়া কষ্ট, প্ৰস্তুতি, ত্যাগ আৰু অধ্যাৱসায় থকা স্বত্বেও তেওঁৰ দ্বিধা গ্ৰস্থতা, আত্মবিশ্বাসৰ অভাৱ, সিদ্ধান্ত গ্ৰহণৰ অপাৰগতা বা সঠিক পৰিকল্পনাৰ অভাৱ তথা হীনমন্যতাই যেন আগুৱাই যোৱাত বাধা হিচাপে ঠিয় দিছে৷ নিজৰ লগতে পৰিয়ালৰ সদস্য সকল চিন্তিত আৰু উপায়হীন হৈ পৰিছিল৷
এনেধৰণৰ সমস্যা লৈ বহুতো ল’ৰাছোৱালী আহে যাৰ নিজৰ প্ৰতিভা থকাৰ পাছতো নিজৰেই আত্মবিশ্বাসৰ অভাৱ লগতে নিজকে পিছুৱাই ৰখাৰ প্ৰবণতাৰ বাবে বহুক্ষেত্ৰত যোগ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ দৌৰত পিছহুঁহুকিব লগীয়া অবস্থা হয়৷
এনেবোৰ কাৰ্য্যৰ ক্ষেত্ৰতেই প্ৰয়োজন হয় জীৱন কৌশলৰ জ্ঞান, যিবোৰ পঢ়া পাঠ্যক্ৰমত পোৱা নাযায়, যিবোৰ পোৱা যায় দৈনন্দিন জীৱন অভিজ্ঞতাৰ পৰা৷ জীৱনৰ কঠিন কৌশল (Hard Skill) ত পাৰদৰ্শী হোৱাৰ লগতে জীৱন কৌশলতো (Life Skill) সমানেই পাৰদৰ্শী হোৱা প্ৰয়োজনীয়৷
সৰুৰে পৰাই পঢ়াশুনাকে প্ৰাধান্য দি অহাৰ ফলত বাকী কামকাজত তেওঁলোক পিছ পৰি ৰয়৷ একমাত্ৰ বা দুটা সন্তান হোৱাৰ ফলত পিতৃ–মাতৃয়েও সন্তানক টোপটোকে পৰিবলৈ নিদিয়াকৈ ডাঙৰ কৰে৷ তেওঁলোকে শৈক্ষিক পৰীক্ষাবোৰত সুন্দৰ ফলাফল দেখুৱালেও বহুতেই জীৱনৰ পৰীক্ষাত সফল হব নোৱাৰে৷
ঘৰখন তথা মাক দেউতাকেই এইক্ষেত্ৰত সৰুৰে পৰাই অলপ সজাগ হ’লে ভবিষ্যত জীৱনত ল’ৰাছোৱালীয়ে এনে আহুকালৰ সন্মুখীন হবলগীয়া নহয়৷ তলত তাৰেই কিছুমান দিশ আলোচনা কৰিলোঁ–
–কিছুমান সিদ্ধান্ত নিজে লোৱাৰ ক্ষেত্ৰত সৰুৰে পৰাই তেওঁলোকক সুযোগ দিব লাগে৷ উদাহৰণ স্বৰূপে কাপোৰ কিনিবলৈ গৈ দোকানত কোনযোৰ কাপোৰ নিজৰ বাবে বাছনি কৰিব, স্কুলৰ কোনো অনুষ্ঠানত নিজে কি প্ৰদৰ্শন কৰিব, এনেবোৰ সৰু– সুৰা কামেই ভবিষ্যত জীৱনত তেওঁলোকৰ সিদ্ধান্ত লোৱাত আত্মবিশ্বাস বিকশিত কৰে৷ কেতিয়াবা কোনো সিদ্ধান্তত ভুল কৰিলেও সমালোচনাৰে থকাসৰকা কৰাৰ পৰিবৰ্তে ধনাত্মক সমালোচনাৰে সঠিক বাট দেখুওৱা উচিত৷
–সৰুৰে পৰাই ল’ৰাছোৱালীক কিছুমান কাম নিজে কৰাৰ বাবে উৎসাহিত কৰিব লাগে, যেনে– নিজে শুৱা বিছনাখন নিজে পৰিস্কাৰ কৰা, নিজৰ দুই এটা কাপোৰ নিজে ধুৱা, নিজে খোৱা কাঁহীখন পৰিস্কাৰ কৰা আদি কামে সৰুৰে পৰাই তেওঁলোকক দায়িত্বশীলৰ লগতে আত্মনিৰ্ভৰশীল কৰি তুলিব৷
–শিশুক বন্ধুত্ব গঢ়িবলৈ উৎসাহিত কৰিব লাগে, স্কুলৰ লগতে বিয়া সবাহলৈ গ’লে এচুকত মোবাইল লৈ বহি থকাৰ পৰিবৰ্তে বা মাক দেউতাকৰ লগতে বহি নাথাকি আন আন ল’ৰাছোৱালীৰ সৈতে মিলা মিছাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিব লাগে৷
ক্ৰমান্বয়ে আকাৰত সৰু হৈ যোৱা আমাৰ পৰিয়াল সমূহ, পিতৃ–মাতৃৰ কৰ্মব্যস্ততা, আমাৰ চৌপাশৰ নিৰ্জীৱ সমাজ ব্যৱস্থা, ঘৰুৱা অসুস্হ বাতাবৰণে সন্তানক একাকিত্বত ভোগায় আৰু পিছলৈ তেওঁলোকৰ বন্ধু–বান্ধব গঢ়া বা সমাযোজন কৌশল আয়ত্ত কৰিবলৈ অপাৰগ হয়৷ আৱেগিক প্ৰকাশৰ অপাৰগতা বা সুন্দৰ যোগাযোগত তেওঁলোক দ্বিধাগ্ৰস্থতাত ভোগে৷
–অলপ বুজন হোৱাৰ পৰা দুই এবিধ খাদ্য নিজে বনাই খোৱাৰ লগতে মাক দেউতাককো বনাই খোৱাবলৈ উৎসাহিত কৰিব লাগে৷ ডাঙৰ হৈ যেতিয়া পঢ়া–শুনাৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ বাবে অকলে থাকিব লগা হয় তেতিয়া আহুকালৰ সন্মুখীন হবলগীয়া নহয়৷
– সৰুৰে পৰাই শিশুৱে বিভিন্ন সমস্যাৰ সন্মুখীন হয়, মাক–দেউতাকে সকলো সময়তে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাৰ পৰিবৰ্তে কিছু কিছু সমস্যা তেওঁলোকক নিজে সমাধান কৰাৰ ক্ষেত্ৰত আগ্ৰহ দেখুওৱা উচিত, যাৰ দ্বাৰা ভবিষ্যত জীৱনত সমস্যা সমাধানৰ কৌশল (Problem solving skill) আয়ত্ত কৰাত সহায়ক হ’ব৷
– বজাৰলৈ যাওঁতে মাজে মাজে তেওঁলোককো লৈ যোৱাৰ অভ্যাস কৰিব পাৰে, আপুনি কেনেকৈ দোকানীৰ লগত দৰদাম কৰিছে, কেনেকৈ ভালৰ ভাল আলুটো নিজলৈ বুলি বাচিছে, কেনেধৰণৰ পিয়াঁজ ভিতৰি ফোঁপোলা এনেধৰণৰ সৰু সৰু অভিজ্ঞতাই জীৱনত কৌশলেৰে সঠিক দিক নিৰূপণ কৰাত সহায়ক হ’ব৷
– বৰ্তমান সমাজত আমি সমমৰ্মিতাৰ অভাৱ দেখিবলৈ পাওঁ৷ আমি প্ৰায়েই সন্তানক আনৰ প্ৰতি সমমৰ্মিতা দেখুওৱাবলৈ উপদেশ দিও যদিও কাৰ্য্যক্ষেত্ৰত নিজে পালন নকৰোঁ৷ যিহেতু ঘৰখনেই হৈছে মূল্যবোধৰ প্ৰথম আৰু প্ৰধান শিক্ষানুষ্ঠান গতিকে ঘৰতেই তেনে পৰিবেশৰ সৃষ্টি কৰা উচিত৷
–জীৱনৰ প্ৰত্যাহ্বান সমূহ পাৰ হ’বলৈ প্ৰত্যেকৰে বাবে লাগে আত্মনিয়ন্ত্ৰণ৷ শিশু অবস্থাৰ পৰাই আত্মনিয়ন্ত্ৰণৰ কৌশল সমূহ আহৰণত গুৰুত্ব দিব লাগে৷
– নেতৃত্ব লোৱাৰ ক্ষেত্ৰত সিহঁতৰ পঢ়া শুনাত ক্ষতি হ’ব বুলিয়েই বাৰণ কৰা উচিত নহয়৷ উদাহৰণস্বৰূপে স্কুলৰ ক্লাছ কেপ্তেইন অথবা ছাত্ৰ একতা সভাৰ সদস্য ইত্যাদিৰ পদবীয়ে ডাঙৰ হৈ চাকৰিৰ ক্ষেত্ৰতেই হওক বা অন্য কৰ্মক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰাৰ উপৰিও আনক নিয়ন্ত্ৰণ কৰাৰ কৌশলো এনেবোৰ জীৱন অভিজ্ঞতাই সিহঁতক পাৰদৰ্শী কৰি তোলে৷
জীৱন কৌশল আৰু কঠিন কৌশল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি স্বৰূপ, এটাক একাশৰীয়া কৰি আনটো অচল৷ শিশু অবস্থাৰ পৰাই সংযত আৰু সঠিক মাত্ৰাত পঢ়া শুনাৰ লগতে জীৱনৰ সৰু বৰ অভিজ্ঞতাবোৰৰ দ্বাৰা তেওঁলোকক এই প্ৰতিযোগিতাময় পৃথিৱীখনত সাজু কৰি তোলাতো হৈছে এক প্ৰত্যাহ্বানপূৰ্ণ কাৰ্য্য, যদিও এই কাৰ্য্য কঠিন কিন্ত অসম্ভৱ নহয়৷
***************************
বেদান্ত ফুকন
Clinical Psychologist