মানসিক ৰোগীৰ প্ৰতি সমাজৰ দায়বদ্ধতা

লেখক- গীতিমালিকা নেওগ

ৰালিৰ কিছুমান স্মৃতিয়ে মনটো এতিয়াও বিষাদগ্ৰস্ত কৰি তোলে। সেই সময়ত সমস্যাবোৰ সমাধান কৰিবলৈ বিচাৰিছিলোঁ যদিও কণমানি মনটোৱে তাৰ একো উৱাদিহ পোৱা নাছিল। কিন্তু, আজি তেনে এটা সমস্যা দেখিলে তাৰ কাৰণ ভালদৰে বুজি উঠোঁ। 

আমাৰ ঘৰৰ কাষতে এজন আদবয়সীয়া মানুহ আছিল। তেজমঙহৰ সম্পৰ্ক নথকা সত্ত্বেও আমি তেওঁক বৰদেউতা বুলি সম্বোধন কৰিছিলোঁ। তেওঁ আমাক বৰ মৰম কৰিছিল। গৰমৰ দিনত আমাক স্কুললৈ নিবলৈ সৰু সৰু পাতল বাঁহৰ বিচনী সাজি দিছিল। বিচনীখনৰ দুয়োফালে নিজৰ নামটো লিখি সেইখন আটোমটোকাৰিকৈ স্কুলৰ বেগত ভৰাই লৈ গৈছিলোঁ। সেই বৰদেউতাজনে তেওঁৰ পত্নীৰ অকাল বিয়োগত তেওঁৰ দুগৰাকী কন্যাক নিজেই তুলিতালি ডাঙৰদীঘল কৰিছিল। সামান্য খেতিবাতি কৰি আৰু লগতে পাচিখৰাহিও সাজি তাৰ উপাৰ্জনেৰেই তিনিজনীয়া পৰিয়ালটো আটোমটোকাৰিকৈ চলিছিল। বৰদেউতাই ছোৱালী দুজনীক বৰ মৰম কৰিছিল। আনকি ৰন্ধাবঢ়া, ঘৰ সৰাৰ দৰে ঘৰুৱা কামবোৰো তেওঁ আনন্দমনেৰেই কৰিছিল। কথাবতৰাত অতি ভদ্ৰ দেউতাই সন্ধিয়া হোৱাৰ লগে লগে কিন্তু এটা বেলেগ ৰূপ ধাৰণ কৰিছিল। সামান্য অজুহাততে তেওঁ মানুহক গালি পাৰিছিল। প্ৰথমে ঘৰটোৰ ভিতৰত ঘূৰিপকি গালি পাৰিছিল। লাহে লাহে তেওঁৰ গালিৰ প্ৰকোপ বাঢ়ি গৈছিল। কেতিয়াবা চোতালৰ সোঁমাজত থিয় হৈ অথবা বাৰীৰ ঢাপত উঠি গালি পাৰিছিল। বৰদেউতাৰ এই গালিৰ কাৰণ প্ৰায়ে একোটা অজুহাতহে আছিল। কেতিয়াবা বাৰীৰ জপনা ঠেলি সোমোৱা গৰুৰ গৃহস্থকো গালি পাৰিছিল। অথবা সন্মুখৰ ৰাস্তাৰে জোৰত চাইকেল চলাই যোৱা লৰা এজনো তেওঁৰ গালিৰ কাৰণ আছিল। তেওঁৰ সেই সন্ধিয়াৰ গালিগালাজখিনি এটা নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল। আনকি আমাৰ ঘৰলৈ অহা আলহীয়ে সুধিছিল—“তহঁতৰ ঘৰৰ কাষৰ গালি পৰা মানুহজনৰ কি খবৰ? আচৰিত কথা যে প্ৰতিদিনে প্ৰায় এঘণ্টাকৈ গালি পৰা বৰদেউতাৰ গালিৰ কাৰণ কিন্তু কোনোদিন তেওঁৰ ছোৱালী দুজনী নাছিল। আমাৰ গাঁওখন মহবন্ধা বাগানৰ লগতে লাগি আছিল। বাগানৰ এটা ডেকা লৰা প্ৰায়ে আমাৰ গাঁৱত মাগিবলৈ আহিছিল। সি মানুহৰ ঘৰত সোমায়ে এখন হাতেৰে এখন কাণ ঢাকি ধৰি মূৰটো সামান্য বেঁকা কৰি চিঞৰি চিঞৰি গান গাইছিল। 

কিয়া হুৱা তেৰা ৱাদা, অ কচম অ ইৰাদা 

কেতিয়াবা ভৰদুপৰীয়া আহিও সি চোতালত প্ৰখৰ ৰদত থিয় হৈয়ে এইদৰে পুৰণা হিন্দী গান গাইছিল। শুদ্ধ সুৰত গোৱা প্ৰতিটো গানত সি বেছিকৈ চিঞৰিছিল বাবে কোনোটো গানেই সম্পূৰ্ণকৈ গাব নোৱাৰিছিল। 

তেনেদৰে কেইবাটাও বিচিত্ৰ চৰিত্ৰৰ মানুহে মোৰ লৰালিৰ স্মৃতিৰ সমুখত প্ৰায়ে অগাদেৱা কৰেহি। তেওঁলোকৰ সেই আচৰণৰ কাৰণ বুজি পোৱা নাছিলোঁ। কেৱল জ্যেষ্ঠজনৰ মুখত শুনিছিলোঁ যে ই এক প্ৰকাৰৰ উন্মাদনা বা বলিয়ালি। বোধকৰো, তেতিয়া তেওঁলোকেও জনা নাছিল যে সেই উন্মাদনাৰ চিকিৎসা আছে। 

চিকিৎসাবিজ্ঞানত প্ৰায়ভাগ ৰোগৰে কাৰণ কি বুলি সুধিলে যিদৰে এটা স্পষ্ট উত্তৰ পোৱা যায়, তাৰ পৰিৱৰ্তে কিন্তু মানসিক ৰোগৰ কাৰণ ব্যাখ্যা কৰা সহজ নহয়। ইয়াৰ মূল কাৰণেই হৈছে এয়ে যে মানসিক ৰোগ বিষয়টোৱে অনেক সমস্যা সাঙুৰি লয়। হতাশা, বিষাদগ্ৰস্ততা, স্মৃতিবিভ্ৰম, মানসিক আঘাত বা দুৰ্যোগ, পৰিৱেশপৰিস্থিতিৰ লগত খাপ খাব নোৱাৰা অৱস্থা, নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, শিশুৰ শিক্ষণ সমস্যা আদি অলেখ কাৰণেই ইয়াৰ কাৰক হব পাৰে। কিন্তু এটা কথা নিশ্চিত যে মানসিক ৰোগৰ লগত মনৰ ওতপ্ৰোতঃ সম্পৰ্ক আছে। বৈজ্ঞানিক দৃষ্টিভংগীত মানুহৰ মন শৰীৰৰ অংগ নহয় যদিও মনে শৰীৰৰ ওপৰত আৰু শৰীৰে মনৰ ওপৰতো অহৰহ প্ৰভাৱ পেলায়। মানুহৰ মনে জীৱনৰ অভিজ্ঞতাখিনি উপলব্ধি কৰিব পাৰে আৰু সকলো স্মৃতি হিচাপে ধৰি ৰাখিব পাৰে আৰু পৰিস্থিতি সাপেক্ষে ক্ৰিয়াও কৰিব পাৰে। 

চিকিৎসা বিজ্ঞানত মানসিক ৰোগক দুভাগত ভাগ কৰিছে। গুৰুতৰ মানসিক ৰোগ আৰু লঘু মানসিক ৰোগ। প্ৰথমে, আচৰণৰ ওপৰত ভিত্তি কৰি মানসিক ৰোগ চিনাক্ত কৰা হয়। এজন মানুহক তেতিয়াই অস্বাভাৱিক আচৰণ কৰা বুলি কোৱা হয় যেতিয়া মানুহজনৰ কাম আৰু কথাৰ মাজত সংগতি নাথাকে অথবা তেওঁৰ আচৰণে চৌপাশৰ পৰিৱেশ আৰু সমাজখনত প্ৰভাৱ পেলায়। কিন্তু তৎসত্ত্বেও চিকিৎসাশাস্ত্ৰত স্বাভাৱিক আচৰণ আৰু অস্বাভাৱিক আচৰণৰ মাজত পাৰ্থক্যৰ ৰেখাডাল স্পষ্ট নহয়। মানসিক ৰোগীৰ চিন্তাৰ বিভ্ৰান্তি ঘটে। কেতিয়াবা কোনো কথা ৰোগীৰ মনত এনেভাৱে সোমাই পৰে যে যুক্তি বা প্ৰমাণ সহকাৰে ইয়াক খণ্ডন কৰিব পৰা নাযায়। 

এখন সুস্থ সমাজ গঢ়ি উঠিবলৈ সমাজৰ প্ৰতিজন ব্যক্তিৰে মানসিক স্বাস্থ্য সুস্থ হোৱাটো প্ৰয়োজন। অন্যহাতে সমাজত প্ৰতিনিয়ত সংঘটিত হৈ থকা ঘটনাৱলীয়ে এই কথা প্ৰমাণ কৰে যে সমাজৰ এচাম মানুহৰ মানসিক স্বাস্থ্য সুস্থ নহয়। প্ৰাণীজগতত কেৱল মানুহৰে জ্ঞান, বুদ্ধি আৰু বিবেক থকা কথা প্ৰমাণ হোৱা সত্ত্বেও সম্প্ৰতি মানুহেই বিবেচনাহীন ক্ৰিয়াকাণ্ডত জড়িত হৈ পৰিছে। মানুহৰ সমস্যা বিশ্লেষণ কৰিব পৰা ক্ষমতা আছে। অৰ্থাৎ, সমস্যা সমাধানো কৰিব পাৰে। সৃষ্টিমূলক ধ্যানধাৰণাৰ আৱিষ্কাৰ কৰিব পাৰে। চৌকাষৰ পৰিৱেশ অধ্যয়ন কৰিব পাৰে। নিজৰ ইচ্ছাঅনিচ্ছাক নিয়ন্ত্ৰণ কৰিব পাৰে। ভালবেয়া বিবেচনা কৰিব পাৰে। আৱেগঅনুভূতি দমন কৰিব পাৰে। ইন্দ্ৰিয়ানুভূতি নিয়ন্ত্ৰণ কৰিব পাৰে।

মুঠৰ ওপৰত এজন সুস্থ মানুহে নিজৰ মস্তিষ্কক সুস্থভাৱে পৰিচালনা কৰিব পাৰে। কিন্তু, প্ৰতিদিনে ঠায়ে ঠায়ে ঘটি থকা বিক্ষিপ্ত ঘটনাই আমাক সকীয়াই দি আছে যে নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা অবিবেচক মানুহৰ সংখ্যাও সমাজত বাঢ়িছে।  

যিহেতু মানসিক ৰোগ এটা সামাজিক সমস্যা, সেয়ে সমাধানৰ উৎসও সমাজখনতে নিহিত হৈ আছে। আমাৰ সমাজত মানসিক ৰোগীক সহানুভূতিৰ দৃষ্টিৰে চোৱা নহয়। কোনোজনে সহানুভূতি দেখুৱালেও লগৰ এজনে অৱজ্ঞা কৰে। প্ৰকৃততে সমাজৰ যিকোনো স্তৰতে এজন মানুহ মানসিক ৰোগৰ চিকাৰ হব পাৰে। সকলোবোৰ মানসিক অসুস্থতাৰ কাৰণ ব্যক্তিগত নহবও পাৰে। সমাজৰ এজন ব্যক্তিৰ মানসিকতাৰ বিসংগতিয়ে প্ৰত্যক্ষভাৱে এটা পৰিয়ালৰ ক্ষতি কৰে যদিও পৰোক্ষভাৱে বহুকেইটা পৰিয়াল ইয়াত জড়িত হৈ পৰে। সেয়ে, মানসিক বিকাৰৰ উমান পালেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।  

বৰ্তমান মানসিক ৰোগৰ চিকিৎসা যথেষ্ট উন্নত হৈছে। এটা সময় আছিল যেতিয়া মানসিক ৰোগটো দমন কৰিহে মাত্ৰ ৰোগীৰ চিকিৎসা কৰা হৈছিল। অৰ্থাৎ ৰোগীজন ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য হৈছিল। কিন্তু, আধুনিক চিকিৎসাত ৰোগীজনক বাস্তৱ জীৱনৰ লগত মুখামুখি হবলৈ শিকোৱা হয়। এতিয়াৰ চিকিৎসাত চেষ্টা কৰা হয় ৰোগীক স্বাভাৱিক জীৱন প্ৰদান কৰিবলৈ।

মানসিক অসুস্থতাৰ সঠিক চিকিৎসা নকৰিলে ব্যক্তিগত আৰু সামাজিক উভয় ক্ষেত্ৰতে ইয়াৰ একোটা বিৰূপ প্ৰভাৱ পৰে। সমাজৰ প্ৰতিজন মানুহৰে দায়িত্ব হৈছে মানসিক ৰোগীৰ প্ৰতি সহানুভূতিশীল হোৱাটো। 

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হল যে মানসিক ৰোগীসকল সমাজৰে এজন। কোনো এটা পৰিয়ালত এজন ব্যক্তিৰ আচৰণত অসুস্থতাই দেখা দিলে পৰিয়ালৰ বাকী লোকসকল, আত্মীয়স্বজন অথবা বন্ধুবান্ধৱসকলে সেই কথা লোকচক্ষুৰ পৰা গোপন কৰিবলৈ চেষ্টা নকৰি যিমান সোনকালে সম্ভৱ হয়, মানসিক ৰোগৰ চিকিৎসক এজনৰ পৰামৰ্শহে লবগৈ লাগে।

মানসিক ৰোগৰ বিজ্ঞানসন্মত চিকিৎসা আছে। প্ৰধানতঃ দৰবৰ দ্বাৰা কৰা চিকিৎসাইহে মানসিক ৰোগৰ লক্ষণসমূহ হ্ৰাস হোৱাত সহায় কৰে। চিকিৎসকৰ দিহাপৰামৰ্শ পালন কৰিয়েই মানসিক ৰোগী এজনক সুস্থ কৰি তোলা হয়।

অন্যহাতে, কেতিয়াবা আকৌ ঔষধ আৰু পৰামৰ্শ দুয়োটাৰে প্ৰয়োজন হয়। সকলোৱে মনত ৰখা উচিত যে আন সৰুবৰ ৰোগৰ দৰে মানসিক অসুস্থতাও একধৰণৰ ৰোগহে। ৰোগীক যিমান দূৰ সম্ভৱ তেওঁলোকে বিচৰা ধৰণে পৰিৱেশ এটা দিবলৈ চেষ্টা কৰিব লাগে। সকলোৱে লক্ষ্য ৰাখিব লাগে যাতে ৰোগীজন স্বাভাৱিক জীৱনলৈ ঘূৰি আহে। অন্যথা, মানসিক ৰোগীসকলে সামাজিক জীৱনত অশান্তি সৃষ্টি কৰিব। ফলত দেশৰ মানৱ সম্পদৰো অপচয় হয়। 

মানসিকভাৱে বাধাগ্ৰস্ত শিশুসকলৰ প্ৰতি কেৱল পিতৃমাতৃয়েই দায়ৱদ্ধ হলে নহব৷ চৌকাষৰ সমাজখনো সেই শিশুটিৰ প্ৰতি সহানুভূতিশীল হোৱা উচিত। শিশুৰ মানসিক বাধাগ্ৰস্ততা হৈছে স্বাভাৱিক জ্ঞানৰ তলৰ এটা অৱস্থা। অৰ্থাৎ, শিশুৰ মগজুৰ পূৰ্ণ বিকাশ নোহোৱা এটা অৱস্থা। ১০ বছৰীয়া লৰা এটিৰ মানসিক অৱস্থা ৫ বছৰীয়া লৰা এটিৰ নিচিনাও হব পাৰে। শিশুৰ ক্ষেত্ৰত মানসিক বাধাগ্ৰস্ততা নিৰ্মূল কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়। সেইটো কেৱল চিকিৎসকৰ দ্বাৰাহে সম্ভৱ।সাধাৰণতে এজন ব্যক্তিৰ শাৰীৰিক সুস্থতাত যিদৰে গুৰুত্ব দিয়া হয়। তাৰ বিপৰীতে মানসিক সুস্থতাত গুৰুত্ব দিয়া নহয়। সমাজৰ মানসিক স্বাস্থ্য সুস্থ হলেহে দেশখন দোপদোপে আগবাঢ়ি যাব পাৰিব। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments