থলুৱা ইতিহাস: নগাঁওৰ কাকমাৰি অঞ্চলৰ আঞ্চলিক পুতলা নাচ/ থিয়েটাৰৰ কাহিনী

লেখক- দীপজ্য়োতি বৰা

আৰম্ভণি 

এই কাহিনীৰ আৰম্ভণি হৈছিল ১৯৬০ চনৰো আগতে৷ মানুহজনৰ নামটো আছিল বেথাৰাম বৰা৷ আমি সৰুতে জানিছিলোঁ বেথাই বুঢ়া বুলি৷ এই মানুহজনে এসময়ত কাকমাৰিৰ চাৰিআলিৰ শিৱমন্দিৰত চাকি দিছিল আৰু মাজে মাজে চাৰিআলিৰ ইতমধ্যে কাটি পেলোৱা বৃহৎ আঁহতজোপাৰ তলত শাকপাচলিৰ দোকান দিছিল৷ মানুহজন অলপ খিংখিঙীয়া স্বভাৱৰ বাবে সৰু লৰাছোৱালীবোৰে অলপ আমনিও কৰিছিল৷ এই মানুহজন আছিল আমাৰ অঞ্চলৰ (ৰহঢলা, কাকমাৰি, বৰবৰি, ভালুকমাৰিৰ পৰা বাৰপূজীয়ালৈকে সামৰি) পুতলা নাচ আৰু পিছৰ পৰ্যায়ৰ পুতলা থিয়েটাৰৰ বাটকটীয়া৷ বিভিন্নজনৰ লগত কথা পাতি মই তলৰ তথ্যসমূহ সংগ্ৰহ কৰিছিলোঁ৷ তলত তাকেই আগবঢ়ালোঁ৷

১৯৬০চনৰ ওচৰপাজৰৰ সেই সময়ত বেথাৰাম বৰা নামৰ মানুহজনে ৰবৰৰ পুতলাৰ লগত ঢোলখোল, পেঁপা, গায়নবায়ন আদিৰে বিয়াসবাহ আদিত পুতলা নচুৱাইছিল৷ আৰম্ভণিতে নিজা মঞ্চৰ ব্যৱস্থা নাছিল৷ স্কুল বা নামঘৰত নাচৰ ব্যৱস্থা কৰা হৈছিল৷ ঘোঁৰাগাড়ী বা ঠেলাগাড়ীত বস্তুবাহানি লৈ মেণ্ঠেল লাইট জ্বলাই আধা ঘণ্টা বা এঘণ্টাৰ প্ৰদৰ্শনী কৰা হৈছিল৷ তাৰ মাজতে বৰবৰি অঞ্চললৈ কলিকতাৰ পৰা গৌৰনিতাই পুতলা নাচ বুলি এটা পাৰ্টি আহিছিল৷ তাৰ পৰাই লৈ অহা হৈছিল এটা অৰ্ধনিৰ্মিত পুতলা যিটো কুঁহিলা আৰু ময়দাৰ আঠাৰে সজা আছিল৷ সেই পুতলাৰ তলৰছোৱা নাছিল৷ সেই আৰ্হিৰ নিৰ্মিত পুতলাৰ নাটৰ প্ৰদৰ্শনী কৰিবলৈ ১৯৭৭ প্ৰতিষ্ঠা হৈছিলমালক্ষী পুতলা থিয়েটাৰ৷ তাৰ পিছত গঢ় লৈছিলশ্ৰীমন্ত শংকৰদেৱ পুতলা থিয়েটাৰ

জড়িত ব্যক্তিসকল

আদিতে বেথাৰাম বৰাৰ লগত পুতলা নাচত আছিল দুখীয়া ( ৺ কালীন্দ্ৰ শইকীয়াৰ ভায়েক), নিধিৰাম (নিশাবৰ ডেকা)৷ ক্ৰমান্বয়ে লগ হৈছিল নৰেন বৰা (ৰহঢলা), ক্ষিতেশ্বৰ বৰা (ৰহঢলা), ভদ্ৰ বৰা (আমাৰ বৰ্তা), গুণেশ্বৰ বৰা, কেশৱ বৰদলৈ (বৰবৰি), পদ্ম বৰা (ৰহঢলা), দেৱ বৰা(ৰহঢলা), তিলক বৰা (ৰহঢলা), নৰেশ্বৰ বৰা (ৰহঢলা)৷ একেদৰে আহি পুতলা থিয়েটাৰৰ ক্ষেত্ৰখনত যোগদান কৰিছিল দয়াৰাম বৰা (তিলক বৰাৰ ভায়েক), ললিত বৰা (ৰহঢলা), গিৰিধৰ সেনাপতি (ভালুকমাৰি), সব্যাৰাণী বৰা, হেমকান্ত বেজবৰুৱা/জালিমন (ৰহঢলা), পুণ্য বৰদলৈ (কাকমাৰি), গুণমাই বৰা (কাকমাৰি), বীৰেণ বৰা (ৰহঢলা) ইত্যাদি লোকসকলে।

ওপৰৰ কেশৱ বৰদলৈয়ে কিছুদিন কলিকতাৰ পাৰ্টিৰ লগতো ঘূৰিছিল৷ নৰেন বৰাই ১৯৭৭৭৮ চনত মালক্ষী পুতলা থিয়েটাৰৰ লগত ঘূৰিছিল৷ ভদ্ৰ বৰাই জনোৱা মতে তাহানিতেই নগাঁও, মৰিগাঁও, কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত প্ৰদৰ্শনী কৰা হৈছিল৷ গিৰধৰ সেনাপতি ১৯৭৭৭৯ চনত বেথাৰাম বৰাৰ লগত আছিল৷ তাৰ পিছত তেখেতে ১৯৭৯ চনতনৱৰত্ন পুতলা থিয়েটাৰআৰম্ভ কৰে৷ তেখেতৰ লগত আছিল থানুৰাম বৰা (কাকমাৰি), পদ্ম বৰা, সুৰেণ পাটৰ (কহিগুৰি), কেশৱ বৰদলৈ, যুগল ডেকা, পদ্মাৱতী বৰদলৈ (ভালুকমাৰি, পিছলৈ গিৰিধৰ সেনাপতিৰ পত্নী), সব্যা বৰা, সমীৰণ বৰা (মহিলা), ৰোহিনী বৰদলৈ (ভালুকমাৰি), তিলক বৰদলৈ (ভালুকমাৰি) আৰু ৰবিন বৰদলৈ (কাকমাৰি)

কৌশল

একেবাৰে আৰম্ভণিতে সাধাৰণ পুতলাৰে নাচ দেখুওৱা হৈছিল৷ তাৰ পিছত তলৰ অংশ নোহোৱা কলিকতীয়া আৰ্হিৰে পুতলাৰে কিছুদিন কাম চলিছিল৷ সেইবোৰ পুতলাৰ ডিঙি নুঘূৰিছিল৷ ঘাঁহৰ পেঁপা জিভাৰ তলত ৰাখি পুতলাৰ সংলাপ মতা হৈছিল৷ সেই ব্যৱস্থাৰ পৰা উন্নত কৌশলৰ বিকাশ কৰিছিল গিৰিধৰ সেনাপতিয়ে৷ তেখেতে ভৰি থকা, খোজ কাঢ়িব পৰা আৰু ডিঙি ঘূৰাই নৃত্য কৰিব পৰা পুতলা বিকাশ কৰে৷ তাৰ লগতে পোহৰ, মঞ্চ, আৱহ সংগীত, দুই পৰ্দাযুক্ত মঞ্চ পুতলা থিয়েটাৰলৈ লৈ আহে৷ লগতে প্ৰদৰ্শনীৰ সময় ২৩ ঘণ্টালৈ বৃদ্ধি কৰাৰ লগতে নৃত্যনাটিকা, বিহু, কাৱালী আদি যোগ কৰা হয়৷

নাটসমূহ

আৰম্ভণিৰ নাটসমূহ মূলতে আছিল ধৰ্মীয় কাহিনীভিত্তিক৷ প্ৰচলিত নাটক কেইখনমান হল বেউলালখিন্দাৰ, নলদময়ন্তী, সাৱিত্ৰীসত্যৱান, হৰিশ্চন্দ্ৰ শ্মশানমিলন ইত্যাদি৷ ইয়াৰে বেউলালখিন্দাৰ আৰু হৰিশ্চন্দ্ৰৰ কাহিনীৰ নাট্যৰূপ দিছিল নৰেন বৰাই৷ নলদময়ন্তীখন বজাৰৰ পৰা কিনা হৈছিল৷ পিছৰ পৰ্যায়লৈ সামাজিক নাটকো প্ৰদৰ্শন কৰা হয়৷

পিছৰ কাহিনী

প্ৰথম দুখন থিয়েটাৰৰ পিছত কেইবাখনো থিয়েটাৰে জন্ম লাভ কৰে৷ বেথাৰাম বৰাই দ্বিতীয় পৰ্যায়তশংকৰমাধৱ থিয়টাৰচলায়৷ ভালুকমাৰিৰ প্ৰেমেশ্বৰ বৰদলৈয়ে নৱৰত্নৰ পৰা আঁতৰি ১৯৮২ চনত আৰম্ভ কৰেপঞ্চৰত্ন পুতলা থিয়েটাৰ৷ ১৯৮১ চনত ভালুকমাৰিৰ অতুল কাকতিৰ তত্বাৱধানত আৰম্ভ হয়অসমী’ (১৯৮০)৷ ভালুকমাৰিৰ থগী দৰদলৈ আৰু বৰবৰিৰ কেশৱ বৰদলৈয়ে ১৯৮৪ চনত আৰম্ভ কৰেনীলকণ্ঠ৷ ১৯৯৭ চনৰ আশেপাশে বাৰপূজীয়াৰ লোচন শইকীয়াইভাগ্যলক্ষী পুতলা থিয়েটাৰচলাইছিল৷ তাৰে এটা প্ৰদৰ্শনী কাকমৰি নামঘৰৰ কাষৰ পকা ৰাস্তাৰ লগত লাগি থকা অকণমান পথাৰখনত হৈছিল৷ ২০১৫ চন মানলৈ কাকমাৰিৰ ক্ষীতিশ বৰাইৰংঘৰআৰু ৰাজু বৰাইৰূপালীমনামৰ দুটা দল চলোৱা বুলি জনা যায়৷ সেই বিষয়ে মোৰ ওচৰত সৱিশেষ তথ্য নাই৷ উল্লেখযোগ্য যে একেখিনি কৰ্মীয়েই বিভিন্ন সময়ত বেলেগ বেলগ দলত যোগদান কৰিছিল৷

সামৰণি

এই দলসমূহে নগাঁও, মৰিগাঁও আৰু কামৰূপ আদিত বাণিজ্যিক প্ৰদৰ্শনীৰ লগতে বিশষ অনুষ্ঠানত নিমন্ত্ৰণমূলকভাৱেও প্ৰদৰ্শন কৰিছিল বা কৰে৷ কিন্তু বৰ্তমান সময়ত ই এক প্ৰতিষ্ঠিত ব্যৱসায় হবগৈ পৰা নাই৷ এই পৰম্পৰাটো জীয়াই থকাটো দৰকাৰ৷ ই আমাৰ অঞ্চলৰ এক ইতিহাসক প্ৰতিনিধিত্ব কৰে৷ সেয়েহে তথ্যসমূহ সংৰক্ষণ কৰি ৰখাৰ স্বাৰ্থতে এই লেখাটো লিখা হল৷ এই বিষয়ত কিবা অধিক তথ্য থাকিলে বা ভুল চকুত পৰিলে মোক জনাব পাৰে৷ এইখিনিতে মন কৰিবলগীয়া কথাটো হল একেবাৰে আৰম্ভণিৰ পৰাই এই ক্ষেত্ৰখনত মহিলাৰ অংশগ্ৰহণ৷ তুলনামূলকভাৱে পিছপৰা বুলি ভবা এই অঞ্চলত ইমান আগৰে পৰাই মহিলাৰ অংশগ্ৰহণে কিন্তু এক ধনাত্মক পৰিচয় ডাঙি ধৰে৷ এই বিষয়ে ভৱিষ্যতে কেতিয়াবা লিখা হব৷

কৃতজ্ঞতা স্বীকাৰ

কাকমাৰিৰ হিৰণ্যই বেথাৰাম বৰাৰ বিষয়ে লিখা লেখা এটাৰ পৰাই এই লেখাৰ আৰম্ভণি ঘটিল৷ তথ্যৰে সহায় কৰিলে ৰূষপণ সেনাপতি আৰু গিৰিধৰ সেনাপতিয়ে৷ তাৰ লগতে আমাৰ বৰ্তা ভদ্ৰ বৰা আৰু পেহা নৰেন বৰায়ো যথেষ্ট তথ্যৰে সহায় কৰিলে৷ সেইসকললৈ কৃতজ্ঞতা জনালোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments