‘শ্লীপিং পিলৰ’ অপব্যৱহাৰ

লেখক- ডাঃ শান্তনু বৰা

নিদ্ৰাহীনতা ৰাইজৰ মাজত দেখা দিয়া এটা খুব সাধাৰণ সমস্যা। ইয়াৰ কাৰণ বহুত, যি শাৰীৰিক বা মানসিক দুয়োটাই হব পাৰে। আজি মই কব বিচাৰিছোঁ এই অনিদ্ৰাৰ চিকিৎসাৰ সম্বন্ধে। টোপনিৰ সমস্যা হলে আমাৰ ৰাইজে সাধাৰণতে কি কৰে? ওচৰৰে ফাৰ্মেচি এখনলৈ গৈ তাৰ ছেলচমেনৰ পৰা টোপনি অহা কিবা ঔষধ এবিধ বিচাৰে। আৰু ছেলচমেনসকলে ব্যৱসায়ৰ আশাত আগপাছ নুগুণি টোপনি অহা দৰৱ কিছুমান দি দিয়ে। যাক ৰাইজেশ্লীপিং পিলবুলি কয়। এইসমূহৰ ভিতৰত এলপ্ৰাজলাম (Zolam, Alprax, Stressnil আদি), ক্লনাজিপাম (Zapiz, Lonazep আদি) ইত্যাদি বহুলকৈ ব্যৱহাৰ হয়। এনে ধৰণৰ ঔষধ আমাৰ চিকিৎসা শাস্ত্ৰত অনেক আছে, যাৰ ভিতৰত কিছুমান পাতলীয়া চোকৰ আৰু কিছুমান বেছি চোকৰ। কিন্তু প্ৰকৃততে এইবোৰ মানসিক ৰোগৰ বিভিন্ন চিকিৎসাত ব্যৱহাৰ কৰা ঔষধহে। আৰু ইহঁতৰ অনেক পাৰ্শ্বক্ৰিয়া (side effect) আৰু drug interaction আছে। ইহঁতক চিকিৎসকে নিদান ঠিকেই দিয়ে, কিন্তু তাকো খুব সাৱধানে আৰু কাঢ়া পৰ্য্যবেক্ষণত। 

আচলতে অনিদ্ৰাৰ সমস্যাটো বিভিন্ন ৰোগৰ লক্ষণহে, যদি প্ৰকৃত ৰোগটো সঠিককৈ চিকিৎসা কৰা হয়, টোপনিৰ সমস্যাটো নিজেই ভাল হৈ যায়। ধৰক আপোনাৰকিডনীৰ পাথৰহৈ বিষত কেঁকাই আছে। তেনে অৱস্থাত যদি আপুনি টোপনি অহাৰ ঔষধ লয় আপোনাৰ টোপনি আহিবনে বাৰু? নিশ্চয় নাহে! যদিহে বিষৰ ঔষধ এবিধ লয়, তেন্তে বিষ কমি টোপনি নিজেই আহিব, নহয় জানো? ঠিক তেনেদৰে বিভিন্ন মানসিক ৰোগত নিদ্ৰাহীনতা আচলতে সেই ৰোগবোৰৰ এটা লক্ষণহে। মানসিক ৰোগবিধৰ উপযুক্ত পথ্য পৰিলে লাহে লাহে টোপনি নিজেই ভাল হৈ পৰে। 

আমাৰ সাধাৰণতে তিনি প্ৰকাৰে অনিদ্ৰাই দেখা দিব পাৰে। যেনে, কোনোলোকৰ বিছনালৈ যোৱাৰ বহু পৰলৈকে টোপনি নাহে আৰু তেওঁলোকে টোপনি আহক বুলি বিভিন্ন উপায় অৱলম্বন কৰে। আনহাতে কিছু লোকৰ আকৌ বিছনালৈ যোৱাৰ পাছতেই টোপনি আহে, কিন্তু মাজনিশা এবাৰ সাৰ পালে আৰু দুনাই টোপনি নাহে। আৰু শেষত কিছুলোকৰ আকৌ পুৱা অতি সোনকালে টোপনি ভাগি যায় আৰু দুনাই টোপনি নাহে। ইয়াৰ উপৰি আৰু বিভিন্ন প্ৰকৃতিৰ টোপনিৰ সমস্যা আছে, যিটো এই ৰচনাৰ বিষয় নহয়। 

এতিয়া প্ৰশ্নটো হল এই বিভিন্নপ্ৰকাৰৰ নিদ্ৰাহীনতাৰ বাবে একেবোৰশ্লীপিং পিলেকাম কৰিব জানো? নিশ্চয় নকৰে! তেন্তে চিকিৎসা বিদ্যাৰ সমূলি জ্ঞান নথকা ফাৰ্মাচিৰ ছেলচমেনবোৰে দিয়া শ্লীপিং পিলবোৰ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ব্যৱহাৰ কৰা উচিতনে? এনেদৰে যদি দীৰ্ঘ সময়ৰ বাবে শ্লীপিং পিল ব্যৱহাৰ কৰি থাকে তেন্তে এক প্ৰকাৰৰ আসক্তি গঢ় লৈ উঠে যাক চিকিৎসা শাস্ত্ৰত Sleeping pill addiction বুলি কোৱা হয়। 

এতিয়া অলপটোপনিনামৰ প্ৰাকৃতিক প্ৰক্ৰিয়াটোৰ বিষয়ে জানো আহক। মানুহ মাত্ৰই টোপনিৰ দাস। ব্যক্তিভেদে টোপনিৰ পৰিমাণ বেলেগ বেলেগ হয়। কাৰোবাৰ দেখিব ৪ ঘণ্টাৰ টোপনিয়ে যথেষ্ট, আনহাতে কাৰোবাক ১০ ঘণ্টাও লাগিব পাৰে। টোপনিৰ সমস্ত প্ৰক্ৰিয়াটোত দুবিধ দশা আছে। এভাগৰ নাম REM sleep আৰু আন ভাগৰ নাম non REM sleep REM sleep ত আমি সপোনবোৰ দেখোঁ আৰু আমাৰ মনত থাকিব পাৰে। কিন্তু non REM sleep ত দেখা সপোনবোৰ আমাৰ একো মনত নাথাকে। এই দুয়োবিধ দশা টোপনিৰ সমস্ত প্ৰক্ৰিয়াটোত পৰ্য্যায়ক্ৰমে পুনৰাবৃত্তি হৈ থাকে। ইয়াৰোপৰি non REM sleep ৰো চাৰিটা দশা আছে। যেনে stage 1, stage 2, stage 3 আৰু stage 4 এইবোৰ অলপ জটিল চিকিৎসা শাস্ত্ৰ সম্বন্ধীয় বিষয়, সেয়েহে এইবোৰলৈ নাযাওঁ। 

বিভিন্ন ধৰণৰ টোপনিৰ ৰোগ (sleep disorders) এই দশাবোৰত দেখা দিয়া সমস্যাৰ ফল। যেনে বিভিন্ন dysomnia আৰু parasomnia সমূহ। অনিদ্ৰা বা insomnia এই dyssomnias সমূহৰ ভিতৰৰ এটা। অনিদ্ৰাৰ মুখ্য কাৰণসমূহৰ ভিতৰত বিভিন্ন মানসিক ৰোগ (যেনে ষ্ট্ৰেছ, anxiety disorder, psychosis, depression, mania ইত্যাদি), বিভিন্ন শাৰীৰিক ৰোগ (যেনেহৃদৰোগ, শ্বাসৰোগ, মগজুৰ বিভিন্ন ৰোগ, বাতবিষকে আদি কৰি বিভিন্ন অস্থি আৰু মাংসপেশীৰ ৰোগ, শাৰীৰিক আঘাত ইত্যাদি), মদ্যপানকে ধৰি বিভিন্ন নিচাসক্তি আৰু বিভিন্ন ধৰণৰ ঔষধৰ ব্যৱহাৰ আদিয়েই প্ৰধান। 

এতিয়া প্ৰশ্নটো হল শ্লীপিং পিল কেতিয়া প্ৰয়োগ কৰা হয়? 

আমি চিকিৎসক সকলে শ্লীপিং পিলসমূহ ওপৰত উল্লিখিত টোপনিৰ ৰোগবোৰকে ধৰি বিভিন্ন মানসিক ৰোগত ব্যৱহাৰ কৰোঁ। ৰোগৰ প্ৰকাৰ ভেদে শ্লীপিং পিলৰ প্ৰকাৰো বিভিন্ন। মুঠতে খুব সাৱধানেৰে ইহঁতক নিৰ্বাচন আৰু প্ৰয়োগ কৰিবলগীয়া হয়। অলপ হীন দেৰি হলেই ইহঁতৰ পাৰ্শ্বক্ৰিয়াসমূহ দেখা দিবলৈ ধৰে। সেয়েহে শ্লীপিং পিল ব্যৱহাৰ কৰি থকা ৰোগীক কিবা অসুবিধা দেখা দিলে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিবলৈ উপদেশ দিয়া হয়। 

শ্লীপিং পিলৰ পাৰ্শ্বক্ৰিয়া (side effect) সমূহ কি কি হব পাৰে? 

শ্লীপিং পিলৰ পাৰ্শ্বক্ৰিয়াৰ প্ৰধান লক্ষণসমূহ: 

দিনৰ ভাগত টোপনি লাগি থকা

মূৰঘূৰণি

মনোযোগ হ্ৰাস পোৱা

আৱেগ আৰু প্ৰতিক্ৰিয়াৰ হ্ৰাস হোৱা

কামত সামঞ্জস্যহীনতা হোৱা

শুকান মুখ

কথাবোৰ লেবাই কোৱা

কথা পাহৰা

টোপনি আহিবলৈ আগতকৈ অধিক পৰিমাণৰ শ্লীপিং পিলৰ প্ৰয়োজন হোৱা আৰু বিনা ঔষধত টোপনি নহা

অস্বাভাৱিক সপোন দেখা পোৱা

অস্বাভাৱিক আচৰণ

শ্বাসপ্ৰশ্বাসৰ গতি হ্ৰাস পোৱা ইত্যাদি

কাৰোবাৰ শ্লীপিং পিল addiction হৈছে বুলি কেনেকৈ চিনি পাব? 

তলত উল্লিখিত লক্ষণ সমূহৰ পৰা এজন শ্লীপিং পিল ব্যৱহাৰ কৰি থকা ব্যক্তিক ইয়াৰ addiction হৈছে বুলি চিনিব পৰা যায়

দিনক দিনে টোপনি আহিবলৈ শ্লীপিং পিলৰ পৰিমাণ বাঢ়ি অহা

শ্লীপিং পিল এৰিবলৈ চেষ্টা কৰি বাৰে বাৰে বিফল হোৱা

সামাজিক ভাৱে অলপ অকলশৰে থাকিবলৈ ভাল পোৱা

মাজে সময়ে অলপ ভ্ৰম (confused) হোৱা যেন দেখা

শ্লীপিং পিল ব্যৱহাৰ নকৰিলে প্ৰত্যাহাৰৰ লক্ষণ (withdrawal symptoms) দেখা দিয়া

বৃত্তিগত, পাৰিবাৰিক আৰু সামাজিক দায়িত্ব পালনত বাধা জন্মা ইত্যাদি

মাজে সময়ে আপোনাৰো টোপনিৰ সমস্যা দেখা দিব পাৰে, যিটো স্বাভাৱিক কথা। ইয়াৰ মানে এইটো নহয় যে আপোনাৰ মানসিক ৰোগ বা অনিদ্ৰা ৰোগ হৈছে। আমি নিজেও কিছুমান নিয়ম মানি চলি সুচাৰুভাৱে টোপনি আনিব পাৰোঁ। এইবোৰকে Sleep hygiene বোলে। যেনে,—

) সদায় এক নিৰ্দিষ্ট সময়ত শুবলৈ যোৱাৰ আৰু শোৱাৰ পৰা উঠাৰ অভ্যাস কৰক৷

) নিশা সোনকালে শোৱাৰ আৰু সোনকালে জগাৰ চেষ্টা কৰক৷

) শোৱাৰ বাহিৰে বাকী সময়ত বিছনাৰ ব্যৱহাৰ নকৰিব। 

) শুবলৈ লোৱাৰ সময়ত কোঠাটো যিমান পাৰি অন্ধকাৰ কৰি লব। কোঠাটো আছুতীয়া, নিজান আৰু না গৰম না ঠাণ্ডা হোৱাটো বাঞ্ছনীয়। বিছনাপত্ৰ যাতে সুকোমল, আৰামদায়ক হয় তাক লক্ষ্য ৰাখিব। 

) টোপনিৰ মাজত ঘড়ী চাই নাথাকিব। 

) শোৱাৰ আগতে কুহুমীয়া পানীৰে গা ধুব৷

) শোৱাৰ আগতে কিতাপ পঢ়িলে ভাল টোপনি হয়৷

) শুবলৈ যোৱাৰ সময়ত নিম্নস্বৰত লঘু সংগীত শুনিলে টোপনি সোনকালে আহে৷

) ৰাতিৰ সাজ আহাৰ পাতলীয়াকৈ আৰু সোনকালে খাব। 

১০) ৰাতি পানী খোৱাৰ পৰিমাণ কমাই ৰাখক৷

১১) চাহ, কফি কমকৈ খোৱাৰ অভ্যাস কৰক। আবেলিৰ পাছত এইবোৰক যিমানদূৰ সম্ভৱ পৰিহাৰ কৰক। 

১২) মদ, ধঁপাত, বিড়ি, চিগাৰেট আদি সম্পূৰ্ণৰূপে পৰিহাৰ কৰক৷

১৩) নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰক৷

১৪) মানসিক ব্যায়াম, যেনে ধ্যান, যোগাভ্যাস, প্ৰাৰ্থনা আদি নিয়মিতভাৱে কৰক৷

১৫) ৰাতি মোবাইল, টিভি, কম্পিউটাৰ আদি ব্যৱহাৰ কৰাটো পৰিহাৰ কৰক। 

১৬) দিনত টোপনি যোৱাটো পৰিহাৰ কৰক৷

১৭) যদি নিশা টোপনি নাহে, বিছনাত পৰি নাথাকিব। নিজকে কিতাপ পঢ়া, মৃদু সংগীত শুনাত ব্যস্ত ৰাখিব। 

১৮) দিনত যাতে শৰীৰটোৱে বেলিৰ পোহৰ পায় সেইটো লক্ষ্য ৰাখক। 

  

শেষত, এজন মনোচিকিৎসক আৰু নিচাসক্তি বিশেষজ্ঞ হিচাপে হোৱা অভিজ্ঞতাৰ পৰা মোৰ এটাই কবলগীয়া আছে— “সদায় sleep hygiene মানি চলিবলৈ চেষ্টা কৰক। মাজে সময়ে টোপনিৰ ব্যাঘাত জন্মাটো স্বাভাৱিক। সেইবুলি শ্লীপিং পিল ব্যৱহাৰ কৰি টোপনি অনাবলৈ চেষ্টা নকৰিব। অনুগ্ৰহ কৰি চিকিৎসকক পৰামৰ্শ নকৰাকৈ কেতিয়াও শ্লীপিং পিল ব্যৱহাৰ নকৰিব। আৰু যদি ঘনাই নিদ্ৰাহীনতাত ভুগিছে তেন্তে নিশ্চয়কৈ এজন মনোচিকিৎসকৰ পৰামৰ্শ লওক। 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

Thanks sir, am sharing it with my colleagues and students

Don`t copy text!