মানুহে মানুহৰ বাবে

লেখক- পংকজ কুমাৰ নেওগ

২০০১ চনৰ ১১ চেপ্তেম্বৰ পুৱা মঙলবাৰে ফ্লাইট ডেল্টা-১৫ আছিল ফ্ৰাঙ্কফ’ৰ্টৰ পৰা প্ৰায় ৫ ঘণ্টামান আঁতৰত আটলাণ্টিক মহাসাগৰৰ ওপৰত। অকস্মাতে পেছেঞ্জাৰ কেবিনৰ পৰ্দাবোৰ খোল খালে আৰু মূখ্য পৰিচাৰিকা গৰাকীক কেপ্টেইনৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। বিমান চালকসকলৰ মুখবোৰ যথেষ্ট চিন্তান্বিত হৈ আছিল। কেপ্টেইনে ‘প্ৰিন্ট’ হৈ অহা কাগজ এটুকুৰা পৰিচাৰিকাগৰাকীৰ হাতত দিয়ে। তেওঁ চকু ফুৰাই দেখে আটলাণ্টাৰ ডেল্টা এয়াৰলাইন্সৰ প্ৰধান কাৰ্যালয়ৰ পৰা জৰুৰী বাৰ্তা এটা আহিছে। বাতৰিটো আছিল – “আমেৰিকা মহাদেশলৈ অহা সকলোবোৰ বাণিজ্যিক উৰাজাহাজ বন্ধ কৰা হৈছে। অনতিপলমে আটাইতকৈ ওচৰৰ বিমানকোঠত অৱতৰণ কৰা আৰু কোন ঠাইত নামিবা আমালৈ খবৰ পঠাবা।” খবৰটোৰ নেপথ্যৰ কথা বা ঘটনা কোনেও বিমান কৰ্মচাৰীসকলক জনোৱা নাছিল। তেওঁলোক সকলোৱে বিপদৰ এটা গোন্ধ পালে আৰু বুজিলে যে ততালিকে বিমানখন কোনোবা এঠাইত অৱতৰণৰ ব্যৱস্থা কৰিব লাগে। কেপ্টেইনে প্ৰায় ৪০০ মাইল দূৰৈত এৰি থৈ অহা নিউফাউণ্ডলেণ্ডৰ ‘গেণ্ডাৰ বিমানকোঠ’টোৱেই আটাইতকৈ নিকতৱৰ্তী বুলি ঠাৱৰ কৰে।

পথ পৰিৱৰ্তনৰ বাবে কানাডাৰ ট্ৰেফিক কন্ট্ৰল টাৱাৰৰ পৰা কেপ্টেইনে অনুমতি বিচাৰে আৰু লগে লগে অনুৰোধ গ্ৰাহ্য হ’ল। ওলোটাই কোনো ধৰণৰ প্ৰশ্ন কৰা হোৱা নাছিল। কিহৰ বাবে সেয়াও তেওঁলোকে নুসুধিলে৷ পিছতহে গম পোৱা গৈছিল। কেপ্টেইনে বিমানখন নমাবলৈ যো-জা কৰোঁতে আৰু এটা বাৰ্তা আহে আৰু কিছুমান সন্ত্ৰাসবাদীয়ে নিউইয়ৰ্ক চহৰ আক্ৰমণ কৰা বুলি কৰ্মচাৰীসকলে গম পায়। অলপ পৰৰ পিছত ৱৰ্ল্ড ট্ৰেড চেন্টাৰত ঘটা শোকাৱহ ঘটনাটোৰ খবৰটোও আহে। সেই সময়ত বিমান পৰিচাৰক/পৰিচাৰিকা সকলে যাত্ৰীসকলক সঁচা কথা নোকোৱাতোকে সিদ্ধান্ত লয়। যাত্ৰীসকলক উৰাজাহাজৰ যন্ত্ৰ এটা পৰীক্ষা কৰাবলৈ ওচৰৰ নিউফাউণ্ডলেণ্ডৰ গেণ্ডাৰ বিমানকোঠত অৱতৰণ কৰাৰ কথা জনোৱা হ’ল। গেণ্ডাৰত নমাৰ পাছত বিতংকৈ সকলো কথা জনোৱা হ’ব বুলি ঘোষণা কৰা হয়। যাত্ৰীসকলৰ মাজত অসন্তুষ্টিৰ ভাৱ দেখা গ’ল, কিন্তু ই যিকোনো বিশেষ নতুন কথা নাছিল। ৪৫ মিনিটৰ পাছত উৰাজাহাজ গেণ্ডাৰত অৱতৰণ কৰে। গেণ্ডাৰৰ স্থানীয় সময় আছিল তেতিয়া দুপৰীয়া ১২:৩০ আৰু ইষ্টাৰ্ণ ষ্টেণ্ডাৰ্ড টাইম (EST) দুপৰীয়া ১১:০০।

পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আমেৰিকালৈ অহা কিন্তু পথ সলনি কৰি ইতিমধ্যে গেণ্ডাৰত অৱতৰণ কৰা প্ৰায় ২০খন মান উৰাজাহাজ আছিল। ৰেম্পত প্লেনখন ৰৈ যোৱাৰ পাছত কেপ্টেইনে এইদৰে ঘোষণা কৰে – “শ্ৰদ্ধেয় যাত্ৰীসকল, আমাৰ চাৰিওফালে ৰৈ থকা এই উৰাজাহাজবোৰ দেখি সেইবোৰৰো কিবা বিজুতি ঘটা বুলি নাভাৱে যেন! দৰাচলতে আমি ইয়াত এটা বিশেষ কাৰণৰ বাবে অৱতৰণ কৰিব লগা হৈছে।” ইয়াৰ পাছতে আমেৰিকাত অলপ আগতে ঘটি যোৱা ঘটনালানিৰ কথা পৰিচাৰক/পৰিচাৰিকা সকলে যিখিনি গম পায় যাত্ৰীসকলক জনায়। ঘটনাবোৰ শুনি সকলো যাত্ৰী আশ্চৰ্যচকিত আৰু ভীতিবিহ্বল হৈ পৰিল। গেণ্ডাৰ বিমানকোঠৰ নিৰাপত্তা কৰ্তৃপক্ষই কোনো যাত্ৰীকে বিমানৰ বাহিৰলৈ ওলাবলৈ দিয়া নাছিল আৰু বাহিৰৰ পৰা কাকো যানখনৰ ওচৰ চাপিবলৈ দিয়া নাছিল। অকল বিমানকোঠৰ পুলিচে মাজে মাজে যাত্ৰীসকলক চাই গৈছিল আৰু প্ৰত্যেকখন বিমানলৈ গৈছিল। এঘন্টামানৰ ভিতৰত চাওঁতে চাওঁতে আৰু বহুকেইখন উৰাজাহাজ গেণ্ডাৰত অৱতৰণ কৰে। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অহা মুঠ ৫৩ খনৰ ভিতৰত ২৭ খন আছিল আমেৰিকাৰ বাণিজ্যিক উৰাজাহাজ।

যাত্ৰীসকলে চেল ফোনৰ জৰিয়তে নিজৰ পৰিয়ালৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰে যদিও কানাডাৰ মোবাইল ফোনৰ ব্যৱস্থা বেলেগ বাবে ‘কল’ সংযোগ হোৱা নাছিল। যিসকলে টেলিফোন অপাৰেটৰক সংযোগ কৰিবলৈ সক্ষম হয় তেওঁলোকে আমেৰিকাৰ সকলো টেলিফোন লাইন ব্যস্ত বা বন্ধ বুলি খবৰ পাইছিল। লাহে লাহে ৱৰ্ল্ড ট্ৰেড চেন্টাৰৰ ধ্বংসৰ বিতং খবৰবোৰ বিমানৰ ৰেডিঅ’ৰ যোগেৰে আহিবলৈ আৰম্ভ কৰে। গধূলিলৈকে যাত্ৰীসকল মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল যদিও আচৰিতভাৱে শান্ত হৈ বহি আছিল। মাজে মাজে খিৰিকীৰে বাকীবোৰ যানলৈ চাই সকলোৱে সান্ত্বনা লভিছিল যে অন্ততঃ এই বিপদত তেওঁলোক অকলশৰীয়া নহয়।

ইতিমধ্যে সকলোৱে খবৰ পায় যে এখন এখনকৈ উৰাজাহাজৰ যাত্ৰীসকলক নামিবলৈ দিয়া হ’ব। ডেল্টা-১৫ৰ যাত্ৰী সকলে পিচদিনা ১১:০০ বজাতহে বাহিৰলৈ ওলাবলৈ অনুমতি পাব বুলি গধূলি ৬ বজাত ঘোষণা কৰা হ’ল। এই ঘোষণা শুনি যাত্ৰী সকল অলপো সুখী নহ’ল৷ কিন্তু ৰাতিটো ভিতৰতে কটোৱাৰ বাহিৰে কাৰো একো উপায় নাছিল। ডাক্তৰ তথা নাৰ্ছৰ সেৱা, খোৱাপানী, টয়লেট ইত্যাদিৰ সকলো সু-ব্যৱস্থা ক’ৰা হৈছিল। সৌভাগ্যক্ৰমে বিমানত কাৰো কোনো ধৰণৰ স্বাস্থ্যজনিত জৰুৰী অৱস্থা হোৱা নাছিল। এগৰাকী কমবয়সীয়া ৩৩ সপ্তাহৰ গৰ্ভৱতী মহিলা আছিল আৰু পৰিচাৰিকাসকলে তেওঁক ভালকৈ চোৱা-চিতা ধৰে। সকলোৰে শোৱাত অসুবিধা হ’ল যদিও নিশাটো নিৰ্বিঘ্নে পাৰ হ’ল। চেপ্তেম্বৰৰ ১২ তাৰিখ ৰাতিপুৱা ১০:৩০ মান বজাত বিমানখনৰ কাষলৈ এলানি স্কুল বাছ আহে। সকলো যাত্ৰী বাছত উঠি টাৰ্মিনেললৈ যায় আৰু ‘ইমিগ্ৰেশ্যন আৰু কাষ্টমচ’ পাৰ হৈ ‘ৰেডক্ৰছ চ’চাইটি’ত নিজৰ নিজৰ নাম পঞ্জীয়নভুক্ত কৰে। বিমান কৰ্মচাৰীসকলক যাত্ৰীসকলৰ পৰা পৃথক কৰি সৰু হোটেল এখনলৈ লৈ যোৱা হৈছিল। যাত্ৰীসকলক কৰ্তৃপক্ষই ক’লৈ নিব কাৰো কোনো ধাৰণা নাছিল। ৰেডক্ৰছ চ’চাইটিয়ে দিয়া হিচাপমতে গেণ্ডাৰ চহৰখনৰ জনবসতি আছিল মাত্ৰ ১০,৪০০জন আৰু তেওঁলোকে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আহি পোৱা ১০,৫০০ গৰাকী যাত্ৰীক সেৱা-শুশ্ৰূষা আগবঢ়াবলগীয়া পৰিস্থিতি আহি পৰিছিল।

বিমানৰ কৰ্মচাৰীসকলক হোটেললৈ গৈ বিশ্ৰাম ল’বলৈ কোৱা হ’ল। আমেৰিকাৰ বিমানকোঠবোৰ সক্ৰিয় হৈ উঠিলে কৰ্তৃপক্ষই যথাসময়ত সকলোকে অৱগত কৰিব বুলি খবৰ দিলে যদিও দুই-এদিনতে কিবা এটা হৈ উঠাৰ আশা আছিল অতি ক্ষীণ। চৌব্বিশ ঘণ্টাৰ পাছত হোটেলৰ টিভিত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত সংঘটিত সেই বৰ্বৰ আক্ৰমণ প্ৰত্যক্ষ কৰিহে বিমান কৰ্মচাৰীসকলে আমেৰিকাৰ সংকটজনক অৱস্থা ভালকৈ বুজি পায়। দুদিনৰ পাছত বিমান কৰ্মচাৰীসকলে পুনৰ বিমান চলাচল আৰম্ভ হোৱা শুভ বাতৰিটো লাভ কৰি গেণ্ডাৰ বিমানকোঠলৈ ওভতে। বিমানত যাত্ৰীসকলক লগ পাই যোৱা দুদিন তেওঁলোকে কিভাৱে কটালে সেই সকলোবোৰ কথা-বতৰা আৰম্ভ হ’ল। তেওঁলোকৰ কাহিনী শুনি বিমানৰ কৰ্মচাৰীসকলৰ বিস্ময়ৰ সীমা নাছিল।

গেণ্ডাৰ আৰু ওচৰে-পাঁজৰে ৭৫ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰৰ সকলো ঠাইৰ স্কুল, কলেজ, সভাঘৰ, টুৰিষ্ট ল’জ, ষ্টেডিয়াম আৰু তেনে ধৰণৰ বৃহৎ সংখ্যক মানুহ গোট খাব পৰা ৰাজহুৱা স্থান বন্ধ কৰি ১০,৫০০জন যাত্ৰীৰ থকাৰ ব্যৱস্থা কৰি দিয়া হৈছিল। কিছুমান ঠাইত বিছনা আৰু কোনো ঠাইত মজিয়াতে তোচক আৰু শ্লিপিং বেগ, গাৰু, ব্লেঙ্কেট ইত্যাদিৰ ব্যৱস্থা কৰা হৈছিল। হাইস্কুলৰ সকলো ছাত্ৰ-ছাত্ৰীকে এই দুদিন অতিথি সকলক চোৱাচিতা কৰিবলৈ সেৱাকৰ্মীৰূপে নিয়োগ কৰা হৈছিল। ডেল্টা-১৫ ফ্লাইটৰ ২১৮ গৰাকী যাত্ৰী আছিল গেণ্ডাৰৰ পৰা ৪৫ কিঃমিঃ নিলগত লিৱিচপ’ৰ্ট নামৰ টাউন এখনৰ হাইস্কুলত। কোনো অকলশৰীয়া মহিলাই যদি মহিলাৰ গোটত থকাৰ ইচ্ছা কৰে তাৰ ব্যৱস্থা কৰা হৈছিল। পৰিয়ালৰ লোকক একেলগে থকাৰ সুবিধা কৰি দিছিল আৰু বয়সীয়া লোকসকলক স্থানীয় বাসিন্দাসকলে নিজ নিজ ঘৰত সন্মানীয় অতিথিৰূপে ৰাখিছিল। গৰ্ভৱতী কম বয়সীয়া মহিলাগৰাকীৰ কথা সকলোৰে মনত আছে নিশ্চয়। সেই মহিলাগৰাকী এটা পৰিয়ালৰ সৈতে আছিল আৰু তেওঁলোকৰ ঘৰৰ সন্মুখতে জৰুৰীকালীন চিকিৎসা ল’ব পৰা আৰু ৰোগী ভৰ্তি হ’ব পৰা ২৪ ঘণ্টীয়া ক্লিনিক এটা আছিল। ‘অন কল’ ভিত্তিত এজন দন্ত চিকিৎসক আৰু অতিথিসকলৰ মাজত সকলো সময়তে পুৰুষ আৰু মহিলা নাৰ্ছসকলক পোৱা গৈছিল।

সকলো অতিথিৰ বাবে দিনটোত এবাৰ আমেৰিকা বা নিজৰ দেশলৈ টেলিফোন কৰা আৰু ই-মেইল পঠিওৱাৰ ব্যৱস্থা আছিল। দিনৰ বেলা অভ্যাগতসকলৰ বাৰে প্ৰমোদ ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছিল। কিছু লোক হ্ৰদ বা সমুদ্ৰলৈ নৌকা ভ্ৰমণৰ বাবে আৰু আনবোৰে ওচৰৰ অৰণ্যলৈ ‘হাইকিঙ’ৰ বাবে ওলাই গৈছিল। অতিথিসকলক সতেজ পাওৰুটি, বান, কেক ইত্যাদি যোগাৰ ধৰিবলৈ বেকাৰীবোৰ দিনে-নিশাই খোলা আছিল। বাসিন্দাসকলে স্কুললৈ বিধে বিধে খোৱাবস্তু প্ৰস্তুত কৰি নিছিল আৰু টাউনৰ হোটেল আৰু ৰেষ্টুৰেণ্টলৈ নি অতিথিসকলে যি খাব খোজে সেই আহাৰ পৰিৱেশন কৰা হৈছিল। সকলো যাত্ৰীৰে কাপোৰ-কানি বা বস্তু-বাহানি বিমানতে থাকি অহা বাবে পিন্ধি থকা কাপোৰ-কানি ধুই ল’বলৈ লণ্ড্ৰীৰ ব্যৱস্থা আছিল।

মুঠতে ক’বলৈ গ’লে আবদ্ধ হৈ থকা যাত্ৰীসকলৰ প্ৰতিটো সৰু সৰু কথা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বাসিন্দাসকলে হিয়া উজাৰি সেৱা আগবঢ়ায়। যাত্ৰীসকলে বিমান পৰিচাৰক/পৰিচাৰিকাসকলক এই কাহিনীবোৰ বৰ্ণনা কৰোঁতে কান্দোনত ভাঙি পৰিছিল। অৱশেষত যেতিয়া আমেৰিকাৰ সকলোবোৰ বিমানকোঠ সক্ৰিয় হৈ উঠা বুলি খবৰ ওলাল, সময়ৰ অলপো হীন-দেঢ়ি নঘটাকৈ আৰু কোনো এজন যাত্ৰীক বাদ নিদিয়াকৈ স্থানীয় ৰাইজে যাত্ৰীসকলক গেণ্ডাৰ বিমানকোঠলৈ আগবঢ়াই নি তেওঁলোকক বিদায় জনায়। স্থানীয় ৰেডক্ৰছ চ’চাইটিয়ে প্ৰত্যেকজন যাত্ৰীৰ বিতং খবৰ ৰখাৰ উপৰি কোনখন ফ্লাইটত কোনকেইজন যাত্ৰী উঠিব বা কোনখন বিমানৰ বাবে কি উৰণৰ সময় ধাৰ্য কৰা হৈছে সেই সকলোবোৰ কথা খুঁটি-নাটি পৰ্যবেক্ষণ কৰিছিল। ৰেডক্ৰছ চ’চাইটিৰ এই নিখুঁত পৰিকল্পনা আৰু ব্যৱস্থাপনা আছিল অবিশ্বাস্য!

বিমানত যেতিয়া সকলো যাত্ৰী আহি বহিল, ভাৱ হৈছিল তেওঁলোক যেন কোনোবা এখন সৰগৰ পৰাহে উভতি আহিছে! অধীৰ হৈ ইজনে সিজনক যোৱা দুদিনৰ অভিজ্ঞতা আৰু কাহিনী শুনাবলৈ ধৰিলে! কোনে কিমান আনন্দ উপভোগ কৰিলে তাকে প্ৰমাণ কৰিবলৈ যেন প্ৰতিযোগিতাহে আৰম্ভ হ’ল। আটলাণ্টালৈ যাবলগীয়া ডেল্টা-১৫ ফ্লাইটখন ভাড়া কৰি নিয়া এটা ‘পাৰ্টী ফ্লাইট’ ষেন ভাৱ হ’বলৈ ধৰিলে। যাত্ৰীসকলৰ মাজত প্ৰগাঢ় বন্ধুত্ব স্থাপিত হ’ল আৰু ইজনে সিজনক নাম কাঢ়ি মাতিবলৈ ধৰাৰ লগতে ঠিকনা, টেলিফোন নম্বৰ আৰু ই-মেইল ইত্যাদি সাল-সলনি কৰিবলৈকো নাপাহৰিলে। ঠিক তেনে সময়তে অগতানুগতিক ঘটনা এটা ঘটে। যাত্ৰী এজন আগুৱাই আহি বিমানত ব্যৱহাৰ কৰা মাইক্ৰ’ফোনটো ব্যৱহাৰ কৰিবলৈ অনুমতি বিচাৰে। সাধাৰণতে যাত্ৰীসকলক বিমানৰ মাইক্ৰ’ফোনটো ব্যৱহাৰ কৰিবলৈ দিয়া নহয় কিন্তু এইবাৰৰ কথা আছিল কিছু সুকীয়া। অনুমতি লাভ কৰি যাত্ৰীগৰাকীয়ে মাইকত সহযাত্ৰী সকলক উদ্দেশি ক’বলৈ ধৰে – “বন্ধু-বান্ধৱী সকল, যোৱা তিনিদিন আমি কেনে এটা পৰিস্থিতিৰ সন্মুখীন হ’লো পুনৰ দোহৰাৰ আৱশ্যক নাই। গেণ্ডাৰৰ সম্পূৰ্ণ অচিনাকী অথচ অতিথিবৎসল বাসিন্দাসকলে আমাক যি মৰম-চেনেহ দেখুৱালে তাৰেই প্ৰতিদান স্বৰূপে লিৱিছপ’ৰ্টবাসী সকলৰ বাবে মই কিবা এটা কৰিব খোজোঁ। মই আমাৰ এই ফ্লাইট ডেল্টা-১৫ৰ নামত এটা ন্যাসনিধি (Trust Fund) খুলিব বিচাৰোঁ যাতে ইয়াৰ দ্বাৰা লিৱিছপ’ৰ্টৰ স্কুলীয়া ছাত্ৰসকলক কলেজত পঢ়িবলৈ স্কলাৰশ্বিপ আগবঢ়াব পাৰি। এই কাৰ্যৰ বাবে আপোনালোকে নিজ ইচ্ছামতে যি কোনো পৰিমাণৰ টকা বৰঙণি আগবঢ়াব পাৰে।”

কিছু সময়ৰ পাছতে বৰঙণি আগবঢ়াবলৈ ৰাজী হোৱা যাত্ৰী সকলৰ নাম, ঠিকনা, টেলিফোন নম্বৰ, বৰঙণিৰ পৰিমাণ ইত্যাদি সম্বলিত এখন কাগজ পৰিচাৰিকা এগৰাকীৰ হাতত পৰেহি। মাত্ৰ অলপ সময়ৰ ভিতৰতে ১৪,০০০ ডলাৰৰ অধিক ধন গোট খায়। ন্যাসনিধি খুলিবলৈ আগবাঢ়ি অহা ভদ্ৰলোকজন আছিল ভাৰ্জিনিয়াৰ এজন পৰিচালন সঞ্চালক আৰু তেওঁ নিজৰ ফালৰ পৰা এই গোটখোৱা বৰঙণিৰ সৈতে সম পৰিমাণৰ ধন যোগ দিব বুলি ঘোষণা কৰে। তেওঁ ইয়াকো উল্লেখ কৰে যে ডেল্টা কৰ্তৃপক্ষলৈ তেওঁ এই বিষয়ে এটা প্ৰস্তাৱ পঠিয়াই তেওঁলোককো অনুদান আগবঢ়াবলৈ অনুৰোধ জনাব।

এতিয়ালৈকে এই ন্যাসনিধিত ১.৫ নিযুত ডলাৰতকৈয়ো অধিক ধন জমা হোৱাৰ উপৰি লিৱিছপ’ৰ্টৰ ২৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কলাৰশ্বিপ লাভ কৰি কলেজ শিক্ষা সাং কৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments