মানসিক ৰোগ, অন্ধবিশ্বাস, সাহিত্য ইত্যাদি

লেখক- আৰাধনা বৰুৱা

প্ৰচণ্ড গৰমত কম্বলখন গাত মেৰিয়াই মানুহজন পদুম পুখুৰীটোৰ পাৰত ৰৈ থাকে। কেতিয়াবা পদপথত শুই বা বহি নতুবা পুখুৰীৰ ৰেইলিঙত আউজি মুখেৰে বিৰবিৰাই তেওঁ নিজৰ লগতে আলাপত ব্যস্ত। চেঙেলীয়া ল’ৰা কেইজনমানে কেতিয়াবা শিলগুটি দলিয়াই ৰং চায়। সিহঁত দৌৰে। তেওঁ পিছে পিছে খেদি যায়। নিৰাপদ দূৰত্বত অৱস্থান কৰি ল’ৰাহঁতে পুনৰ সিঁয়াৰে, কিৰিলিয়াই। শতছিন্ন, দাগভৰ্তি চোলাটো হাতেৰে আঁজুৰি মানুহজনে বকি থাকে, অসংলগ্ন কিছুমান কথা।
**
বিষাদ ওলমি থকা চকুৰ ল’ৰাটিয়ে বৰ সুন্দৰকৈ ছবি আঁকে। ফুল পুলিৰ যতন লয়। তাৰ আপডালত ঘৰখনৰ চাৰিওকাষ ফুলেৰে ভৰি পৰে। ল’ৰাটিৰ মাতষাৰহে অস্পষ্ট। শব্দবোৰ লেবা লেথেপাকৈ ওলায়। পাঠবোৰ বাৰে বাৰে বুজাব লগা হয় বাবে শিক্ষকে আমনি পায়, বেঞ্চত কাণত ধৰি থিয়দি থকা তাক চাই লগৰ বোৰে সিঁয়াৰে ‘ঐ বেঙা…’ সাতে সোতৰই মিলি সি স্কুল এৰিলে। এতিয়া অৱশ্যে ‘বেঙা’ বুলি কোনোবাই নামাতিলেহে ল’ৰাজনৰ অখজা লাগে। তাৰ মাকে থোৱা নামটোৰ ঠাই কাহানিবাই ‘বেঙা’ই ল’লে।
**
কেইবছৰমানৰ আগতে ভ্ৰাম্যমাণৰ নাট এখন চাইছিলোঁ। কলাকুশলীৰ বলিষ্ঠ অভিনয়ে দৰ্শকক মুহি ৰখা নাটকখনৰ শেষৰ দৃশ্যত বাৰুকৈয়ে আশ্চৰ্যচকিত হ’লোঁ। দৃশ্যটোত দেখুওৱা হৈছিল মানসিক ভাৰসাম্য হেৰুওৱা নায়কক হাত ভৰি বান্ধি ‘পগলা ফাটেক’লৈ নিয়া হৈছিল, সেই পগলা ফাটেক য’ত ৰোগীক ‘কাৰেণ্টৰ শ্বক্‌’ দিয়া হয়, ৰোগীক শাস্তি দিয়া হয়, য’ৰ অন্ধকাৰ কুঠৰীৰ পৰা ঘূৰি অহাটো অসম্ভৱ! সম্পূৰ্ণ নাটখনৰ আটাইবোৰ ভাল দিশ বাদ দি মূল বাৰ্তাটো ‘মানসিক ৰোগত ভোগা আৰু তাৰ চিকিৎসা জীৱনৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডী’ তেনে যেনহে লাগিল।
**
এনেবোৰ কথাত মানসিক ৰোগৰ বিষয়ে আমাৰ সচেতনতা আৰু দায়বদ্ধতাৰ ওপৰত প্ৰশ্ন জাগে।

শৰীৰত কেতিয়াবা আঁচোৰ লাগে। আমি সেই ক্ষতস্থান চকুৰে দেখা পাওঁ। সাধাৰণ আঁচোৰ শৰীৰৰ ঈশ্বৰ প্ৰদত্ত শক্তিৰে নিজেই ভাল হয়। ঘাঁ টুকুৰা গভীৰ হোৱা যেন দেখিলে চিকিৎসকক কাষ চাপোঁ। শুকাবলৈ মলম সানো বা প্ৰয়োজন সাপেক্ষে চিলাব লগাও হয়। গভীৰ ক্ষত স্থানক অৱহেলা কৰি অপৰিষ্কাৰ কৰি ৰাখিলে বা প্ৰয়োজনীয় নিদানৰ ব্যৱস্থা নকৰিলে ঘাঁ পঁচি বহল হৈ যায়, কোনো ক্ষেত্ৰত হয়তো অংগটো কাটিবলগীয়াও হ’ব পাৰে। মনৰ ক্ষেত্ৰতো কথাবোৰ একেই। মনত আঘাত লাগে। নিজস্ব শক্তিৰে মনৰ আঘাত সময়ে শুকুৱায়। কিন্তু সেই আঘাত যদি গভীৰ হয় চিকিৎসাৰ প্ৰয়োজন নিশ্চয় অতি জৰুৰী হ’ব। মানসিক স্বাস্থ্যকৰ্মী হিচাপে জীৱনত বহু মানসিক স্বাস্থ্য বিষয়ক অভিজ্ঞতাৰ মুখা মুখি হৈছোঁ। জটিল মানসিক ৰোগৰ উপৰিও মানসিক চাপ, হতাশা, এংজাইটি, ফ’বিয়া, আত্মহত্যাৰ প্ৰৱণতা, নিচাসক্তি আদিয়ে মানুহৰ জীৱনক কেনেদৰে আছন্ন কৰি আগবাঢ়ি যোৱাত বাধা দিয়ে সেয়া বা একো একোটা জীৱন, একো একোটা পৰিয়াল ধংসস্তুপত পৰিণত কৰে তাক নিচেই ওচৰৰ পৰা দেখা পাইছোঁ। মানসিক ৰোগ অন্য শাৰীৰিক ৰোগীৰ দৰেই স্বাভাৱিক কথা। কিন্তু সঠিক সময়ত ৰোগ নিৰ্ণয় আৰু চিকিৎসা অতি গুৰুত্বপূৰ্ণ। তাৰ বাবে প্ৰয়োজন সজাগতা।

প্ৰাণখুলি হঁহা-কন্দা উশাহ লোৱাৰ দৰেই দৰকাৰী কথা বুলি মই ভাবোঁ। পৃথিৱীখনত সকলো কথা জটিল দৃষ্টিৰে নাচাই সৰল সুস্থ তথা সন্তুলিতভাৱে জিৰণি আৰু কৰ্মৰ মাজেৰে জীৱন যাপন কৰা সকলহে প্ৰকৃততে মানসিক সুস্বাস্থ্যৰ অধিকাৰী। আজিৰ ব্যস্ত জীৱন তথা জিলমিলিয়া পৃথিৱীখনৰ লগত খোজ মিলাবলৈ গৈ আমি আমাৰ আৱেগসমূহ প্ৰাণখুলি প্ৰকাশ কৰিবলৈ পাহৰি গৈছোঁ। ফলত মানসিক সমস্যাত ভোগা মানুহৰ সংখ্যা বাঢ়িছে।

প্ৰকৃততে মানসিক স্বাস্থ্যৰ অসুস্থতা বুলিলে নিউৰ’ছিছ আৰু চাইক’ছিছ দুয়োধৰণৰ সমস্যাক বুজা যায়। সাধাৰণতে নিউৰ’ছিছে সাধাৰণ অসুবিধা আৰু চাইক’ছিছে জটিল মানসিক সমস্যাবোৰক সামৰি লয়। লিংগ, বয়স, জাতি, পেছা নিৰ্বিশেষে সকলোৰে মানসিক ৰোগ হ’ব পাৰে।

পৃথিৱীখনত আমাৰ মন মগজু আৰু জ্ঞানেন্দ্ৰিয়সমূহে যেনেদৰে পৰিৱেশৰ উদ্দীপকসমূহ সংগ্ৰহ, বিশ্লেষণ কৰি স্বাভাৱিকভাৱে কাৰ্য কৰে, জটিলতাত ভোগা ৰোগীসকলৰ এই সন্তুলিত কাৰ্যপ্ৰণালী বিভিন্ন কাৰণে বাধাগ্ৰস্ত হয়। সেয়ে হাঁহি, কান্দোন, খং, ৰাগ আদি আৱেগিক প্ৰকাশসমূহ খেলি মেলি হয়, ভ্ৰান্ত ধাৰণা, ভ্ৰান্ত প্ৰত্যক্ষ, স্থান কাল পাত্ৰৰ উমান নোহোৱা হোৱা আদি পৰিলক্ষিত হয়। তদুপৰি বহুতো জটিল মানসিক ৰোগ যেনে স্কিজ’ফ্ৰিনিয়া আদিত অমুল প্ৰত্যক্ষ(Hallucination)অৰ্থাৎ এনে কিছুমান বস্তুৰ উপস্থিতি অনুভৱ কৰা যাৰ কোনো প্ৰকৃত বা মূল উপস্থিতি নাথাকে(সহজভাষাত উপস্থিত নথকা বস্তু অনুভৱ কৰা) দেখা যায়। এইবোৰ দৃশ্য, শ্ৰাব্য, স্পৰ্শ, স্বাদ, গোন্ধ এই সকলো হ’ব পাৰে। উদাহৰণস্বৰূপে ৰোগীয়ে কোনোবাই মাতি থকা যেন বা মৰিবলৈ কোৱা যেন শুনিব পাৰে, ভূত-প্ৰেত, দেৱতা, কোনোবাই মাৰিবলৈ খেদি অহা আদি দেখিব পাৰে, গাত কিবা পোক বগাই ফুৰা যেন অনুভৱ কৰিব পাৰে, অদ্ভুত সোৱাদ মুখত পোৱা যেন পাব পাৰে, বিশেষ কিবা গোন্ধ পাই থকা ইত্যাদি। আৰু এই সকলোবোৰ ৰোগীৰ ক্ষেত্ৰত অতি স্বাভাৱিকভাৱে পৰিষ্কাৰ কৈ ঘটে যেনেকৈ আমি বাস্তৱ ক্ষেত্ৰত মানুহৰ লগত কথা পাতোতে ইজনে সিজনক দেখোঁ বা শুনো। সেয়ে তেওঁলোকে নিজৰ লগতে কথা পতা, হঁহা কন্দা, খং উঠা, ভয় খোৱা আদি দেখা যায়। মানসিক ৰোগীৰ ক্ষেত্ৰত আমি হাঁহি, টিটকাৰি মাৰি জোকোৱাটো আমাৰ সুস্থ মানসিকতাৰ পৰিচয় কেতিয়াও হ’ব নোৱাৰে। আটাইতকৈ ডাঙৰ ভুলটো বহুতে কৰে ৰোগীৰ ক্ষেত্ৰত ‘পাগল’ বা ‘বলিয়া’ শব্দৰ ব্যৱহাৰ কৰি। চিনেমা, ধাৰাবাহিক, নাটক আদিতো ‘পাগলখানা’ শব্দটো ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান এয়া আইনমতেও অসংগত। গতিকে শব্দৰ ব্যৱহাৰ সম্পৰ্কে সচেতন হওক। এয়া কেৱল মানসিক স্বাস্থ্যকৰ্মীৰে দায়িত্ব নহয়। ৰোগৰ পৰিৱৰ্তে ৰোগীৰ ওপৰত গুৰুত্ব দিয়ক। কাৰণ তেৱোঁ আপোনাৰ বা মোৰ দৰে এজন ব্যক্তি। আৰু হয়তো কাইলৈ মই বা আপুনিও এনে ৰোগী হৈ পৰিব পাৰোঁ। কিয়নো সকলো মানসিক ৰোগ হ’বৰ বাবে নিৰ্দিষ্ট বয়স, বংশগতি, পৰিৱেশ পৰিস্থিতি বা আন বিশেষ কাৰণ বাধ্যতামূলক নহয়। তেওঁলোকৰ স্থানত নিজক ৰাখি চালেহে এই আচৰণ সমূহৰ অৰ্থ প্ৰকৃততে অনুভৱ কৰিব পৰা যায়।
মানসিক ৰোগ আৰু চিকিৎসাৰ বিষয়ে আমাৰ সমাজত সজাগতা এতিয়াও বহুত কম। এই জটিল ৰোগসমূহ সম্পূৰ্ণ নিৰাময় নহ’লেও নিয়মীয়া চিকিৎসা আৰু ঔষধ সেৱনৰ দ্বাৰা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। লেখাটোৰ প্ৰথম অংশত উল্লেখ কৰা ধৰণৰ আচৰণ প্ৰদৰ্শন কৰা ৰোগীসকলো চিকিৎসালয়ত ভৰ্তি কৰি ৰখাৰ পাছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

বৰ্তমান Mental Health Care Act ৰ জৰিয়তে ৰোগীৰ স্বাভাৱিক জীৱন যাপন আৰু স্বাস্থ্য ৰক্ষাৰ অধিকাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। এতিয়া Mentally ill শব্দটোৰ সলনি আমি Person with mental illness ব্যৱহাৰ কৰোঁ। তেনেকৈ Mental asylum বা Mental Hospital বুলি কোনো শব্দ নাই, তাৰ পৰিৱৰ্তে মানসিক স্বাস্থ্য কেন্দ্ৰ বা প্ৰতিষ্ঠান। এই চিকিৎসা কেন্দ্ৰবোৰত ৰোগীক বান্ধি ৰখা নহয়। আন সাধাৰণ চিকিৎসালয়ৰ দৰেই মুক্তভাৱে সকলো যাৱতীয় সুবিধা প্ৰদান কৰি ৰখা হয়। বিভিন্ন চিনেমা আদিত দেখুওৱাৰ দৰে শ্বক দিয়া নহয়, তাৰ পৰিৱৰ্তে অতি কম ৰোগীৰ ক্ষেত্ৰত এনাস্থেচিয়াৰ প্ৰয়োগ কৰি সংজ্ঞাহীন কৰিহে ই চি টি ( Electroconvulsive Therapy) দিয়া হয়। ভাৰতৰ কেউখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানতে আধুনিক অতি উন্নত মানৰ শাৰীৰিক পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসাৰ বিনামূলীয়া ব্যৱস্থা আছে। চিকিৎসা প্ৰতিষ্ঠান সমূহৰ ভিতৰত খেলা-ধূলা, পুথিভঁৰাল, দূৰদৰ্শন আদি মনোৰঞ্জনৰ সুব্যৱস্থা আছে। তদুপৰি মানসিক চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ‘ৰিহেবিলিটেচন’ কেন্দ্ৰবোৰত ‘ট’কেন ইক’নমি’ অৰ্থাৎ বিশেষ পুৰস্কাৰ প্ৰদানৰ কৌশল প্ৰয়োগ কৰি ৰোগীসকলৰ দ্বাৰা সুন্দৰ হাতৰ কাম আদি কৰোৱাই স্বাভাৱিক কৰ্মস্পৃহা ঘূৰাই অনাৰ চেষ্টা কৰা হয়।

সেয়ে এনে ৰোগত ভুগি থকা ব্যক্তি চকুত পৰিলে সদায় চিকিৎসাৰ বাবে উৎসাহিত কৰা উচিত। সামাজিক দায়বদ্ধতা হিচাপেও বহুসময়ত প্ৰশাসনৰ সহায়ত ঠিকনাহীন ৰোগীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব পৰা যায়।

সাহিত্য এনে এক মাধ্যম যাৰ জৰিয়তে সমাজ, জন-জীৱনৰ যিকোনো বিষয় সহজ ৰূপত বৃহৎ সংখ্যক সাধাৰণ মানুহৰ মাজলৈ লৈ যাব পাৰি। সাহিত্য চৰ্চা কৰা বা কলা সংস্কৃতিৰ লগত জড়িত ৰাইজে মানসিক স্বাস্থ্যক সুস্থ ৰূপত পাঠক, দৰ্শক সন্মুখত তুলি ধৰিলে বহু পৰিমাণে এইক্ষেত্ৰত সমাজত প্ৰচলিত কুসংস্কাৰ, ভ্ৰান্তি বা অন্ধবিশ্বাস আঁতৰাব পৰা যাব বুলি বিশ্বাস। সাহিত্য, নাটক বা সংগীতক মাধ্যম হিচাপে লৈ এই ক্ষেত্ৰত কিবা কৰিবলৈ যাওঁতে কিন্তু কিছু কথা আমি মনত ৰাখিব লাগিব। কল্পনা আৰু বাস্তৱ সত্যতাৰ সন্তুলন বজাই ৰাখিহে বিষয়বস্তুটোক ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াটো এই ক্ষেত্ৰত জৰুৰী। কল্পনাৰ ৰহণ সানিবলৈ যাওঁতে বা জনপ্ৰিয়তাৰ স্বাৰ্থত ভুল আৰু বিকৃত তথ্য যাতে বাৰ্তা হিচাপে নাযায় তাক লেখক বা কলা-কুশলীসকলে সামাজিক দায়বদ্ধতা হিচাপে গণ্য কৰা উচিত। ‘মানসিক স্বাস্থ্য’ ক মূল বিষয় হিচাপে লোৱা এই সংখ্যাৰ সাহিত্য ডট অৰ্গৰ সংখ্যাটিয়ে মানসিক স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও বৰঙনি যোগাব পাৰিলেই আমাৰ উদ্দেশ্য আৰু শ্ৰম সাৰ্থক হ’ব।

কৃতজ্ঞতা আৰু বিনম্ৰতাৰে
আৰাধনা বৰুৱা
সম্পাদক, সাহিত্য ডট অৰ্গ, একাদশ বৰ্ষৰ চতুৰ্থ সংখ্যা

এই সংখ্যাটোৰ আঁৰত-

সাহিত্য ডট অৰ্গৰ একাদশ বৰ্ষৰ দ্বিতীয় সংখ্যাটিৰ আঁৰত থাকি সহায়সহযোগিতা আগবঢ়াই যোৱা সকলো সদাশয় ব্যক্তিলৈকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

এই সংখ্যাটিৰ বাবে সাক্ষাৎকাৰটি লিপিবদ্ধ কৰাত বিশেষ সহযোগিতা আগবঢ়ালে অভিজিত দত্ত, বিকাশ দত্ত, তুষাৰ ৰঞ্জন কাশ্যপ, উজ্জ্বল দীপ্লু গগৈ , শিৰোমণি ভুঞা আৰু আৰাধনা বৰুৱাই৷

লেখাসমূহৰ বৰ্ণাশুদ্ধিৰ বিষয়ত সহযোগিতা আগবঢ়ালে মৃদুল কুমাৰ শৰ্মা, ° মৃণাল জ্যোতি গোস্বামী, মিতালী বৰ্মন, কলচুম বিবি, দ্বীপজ্যোতি বৰা, মণ্টু কুমাৰ বৰঠাকুৰ আৰু মাধুৰ্য্য গোস্বামীয়ে৷

কাৰিকৰী দিশত সহায়সহযোগিতা আগবঢ়ালে ক্ৰমে মৃদুল কুমাৰ শৰ্মা, অভিজিত দত্ত, ° দ্বীপজ্যোতি বৰা আৰু  ° মনোজ মন কলিতাই৷

সৰ্বোপৰি বিশেষ কৃতজ্ঞতাৰ পাত্ৰ হৈছেঅসমীয়াত কথা বতৰাগোটৰ আমাৰ শ্ৰদ্ধেয় লেখকলেখিকাসকল যাৰ সহায়সমৰ্থন অবিহনে এই ইআলোচনীখনি নিৰ্ধাৰিত সময়ত পঢ়ুৱৈ ৰাইজৰ সমুখলৈ আমি উলিয়াই দিব নোৱাৰিলোঁহেঁতেন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments