সাক্ষাৎকাৰ: ডা° কমল নাৰায়ণ কলিতা

সাহিত্য ডট অৰ্গৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে এইবাৰ সাক্ষাৎ কৰা হৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যাপক, বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা° কমল নাৰায়ণ কলিতাক। এগৰাকী মনোৰোগ চিকিৎসক হিচাপে সুপৰিচিত ডা° কমল নাৰায়ণ কলিতাই শিশুসকলৰ মানসিক স্বাস্থ্য, বৃদ্ধসকলে সন্মুখীন হোৱা বিভিন্ন মানসিক সমস্যা, বিভিন্ন মানসিক ৰোগ আৰু ইয়াৰ আশু সমাধানৰ বাবে আৱশ্যকীয় উপায় আদি সম্পৰ্কে এই সাক্ষাৎকাৰটিত বিতংভাৱে উল্লেখ কৰিছে।সাহিত্য ডট অৰ্গৰ এই মাহৰ সাক্ষাৎকাৰটিত ডা° কলিতাই মনোৰোগ চিকিৎসক হিচাপে তেখেতে লাভ কৰা বিভিন্ন অভিজ্ঞতা সম্পৰ্কেও এই সাক্ষাৎকাৰটিত বৰ্ণনা কৰিছে।

সাহিত্য ডট অৰ্গৰ হৈ উক্ত সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰীআৰাধনা বৰুৱা তথাঅসমীয়াত কথা বতৰাগোটৰ সদস্য ক্ৰমে শ্ৰীমৃদুল কুমাৰ শৰ্মা, শ্ৰীবিকাশ দত্ত আৰু শ্ৰীঅভিজিত দত্তই।

সাক্ষাৎকাৰৰ অনুলেখন কৰিছে সৰ্বশ্ৰী উজ্জ্বল দিপ্লু গগৈ, তুষাৰ ৰঞ্জন কাশ্যপ, আৰাধনা বৰুৱা, অভিজিত দত্ত আৰু ডঃ শিৰোমণি ভূঞাই।ইয়াক বাণীবদ্ধ ৰূপত প্ৰকাশ কৰিছে শ্ৰীবিকাশ দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি আৰু সংশোধিত ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰীমৃদুল কুমাৰ শৰ্মাই। সাহিত্য ডট অৰ্গৰ অন্যান্য শিতানৰ দৰেই এই সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডঃ মনোজ মন কলিতা আৰু ডঃ দ্বীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গ: নমস্কাৰ মহাশয়। আমাক এই সাক্ষাৎকাৰৰ বাবে সময় দিয়া হেতুকেসাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। 

বিগত দীৰ্ঘ সময় ধৰি আপুনি মানসিক ৰোগীসকলক যথেষ্ট সেৱা প্ৰদান কৰি আহিছে। তদুপৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক প্ৰতিষ্ঠানৰ সকলো কামকাজতে আপুনি যথেষ্ট আন্তৰিকতাৰে সক্ৰিয়ভাৱে জড়িত হৈ আছে। মানসিক ৰোগীসকলক আপুনি দীৰ্ঘ দিন ধৰি ওচৰৰ পৰা পাইছে, তেওঁলোকক চিকিৎসা প্ৰদান কৰিছে। বিশেষভাৱে এই বিষয়টোক অধ্যয়নৰ বাবে বাচি লবলৈ আপুনি কেনেদৰে অনুপ্ৰাণিত হল সেই বিষয়ে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে? 

ডা° কমল নাৰায়ণ কলিতা: নিশ্চয়। চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্থাৎ MBBS পাছ কৰাৰ পাছত স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰিবলৈ এটি পৰীক্ষাত অৱতীৰ্ণ হব লাগে। সেই পৰীক্ষা দিয়াৰ পিছত সামগ্ৰিক বিষয়ৰ ফলাফলৰ ভিত্তিত এটি বিষয় চয়ন কৰিবলগীয়া হয়। আমাৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত কেৱল গুৱাহাটী মেডিকেল কলেজত এই বিষয়ত মাত্ৰ দুখন আসন আছিল। পিছত ডিব্ৰুগড়, শিলচৰ, তেজপুৰ মেডিকেল কলেজ বা আমাৰ চিকিৎসালয় আদিতো এই বিষয়টোত স্নাতকোত্তৰ মহলা আৰম্ভ কৰা হৈছে। 

মোৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হৈছিল। মই আগৰ পৰা সাহিত্যৰ ক্ষেত্ৰখনৰ সতে জড়িত হৈ আছিলোঁ। স্কুলত থাকোঁতে আলোচনীৰ সম্পাদক আছিলোঁ, মেডিকেল কলেজত থাকোঁতেও সম্পাদক আছিলোঁ। সেই সময়ত বেলেগ বেলেগ ধৰণেৰে কাম কিছুমান কৰিছিলোঁ। MBBS পঢ়ি থাকোঁতে আমি মেডিকেল কলেজত এক সাহিত্য চৰা গঠন কৰিছিলোঁ। সেই সময়তেই মই ডঃ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক নিবিড়ভাবে লগ পাইছিলোঁ। আন এজন আছিল আমাৰ মেডিকেল কলেজৰ শিক্ষাগুৰু ডাঃ পুণ্যধৰ দাস ছাৰ। মেডিকেল কলেজৰ ছাত্ৰ একতা সভাৰ সম্পাদকসকলৰ একোজন তত্ত্বাৱধায়ক শিক্ষক থাকে। মোৰ বিভাগটোৰ তত্ত্বাৱধায়ক শিক্ষক আছিল মানসিক ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ পুণ্যধৰ দাস ছাৰ। পুণ্যধৰ দাস ছাৰৰ নাম সাহিত্যত পুৰণি মানুহখিনিয়ে খুব ভালকৈ জানে। আশীৰ দশকত তেখেতৰ বেচ ভাল ভাল গল্প প্ৰকাশ হৈছিল। মই নিজেও জনা নাছিলোঁ যে তেখেতে ইমান ভাল লিখে। মোৰ জীৱনত ছাৰৰ কথা আৰু কামৰ অলপ প্ৰভাৱ পৰিছিল। মোৰ এইক্ষেত্ৰত আন এটা অভিজ্ঞতা হল মামণি ৰয়ছম গোস্বামী বাইদেউৰ পৰা পোৱা সান্নিধ্য। বাইদেৱে যিদিনা জ্ঞানপীঠ বঁটা পাইছিল, সেই সময়ত মই আৰু মোৰ লগৰ নৱ বুলি এজন (তেওঁ এতিয়া নিউৰছাৰ্জন) বাইদেউৰ ঘৰত বহি আছিলোঁ। বাইদেৱে খবৰটো পোৱাৰ পিছতেই তেখেতে নিজ মুখে খবৰটো দিয়া আমি দুজন প্ৰথম মানুহ। বাইদেউৰ প্ৰথম বাক্যটো আছিলমই বোলে জ্ঞানপীঠ পালোঁ। 

মোৰ জীৱনত প্ৰভাৱ পেলোৱা আন এজন ব্যক্তি আছিল অসম সাহিত্য সভাৰ সভাপতি ডা° ধ্ৰুৱজ্যোতি বৰা ছাৰ। মই ছাৰৰ লগত একেলগে কাম কৰিছিলোঁ। ছাৰেও নিশ্চয় কিছুমান কথা লক্ষ্য কৰিছিল।  সেয়েহে হয়তো ছাৰে মোক প্ৰায়েই কৈছিল, “মানসিক ৰোগটোৰ অসমত চিকিৎসক বহু কম আছে। তুমি এই বিষয়টো পঢ়িব লাগিব। মই মেডিচিন পঢ়ি বহুত ভুল কৰিলোঁ। মই আচলতে Psychiatry পঢ়িব লাগিছিল। তুমি এইটো ভুল নকৰিবা। 

আমাৰ যেতিয়া PG ৰ ৰিজাল্ট দিলে তেতিয়া ছাৰজইণ্ট DME’ আছিল। ছাৰে সকলোকে বিষয় একোটা চয়ন কৰাৰ অধিকাৰ দিলে। মই যোৱাৰ লগে লগে ছাৰেতুমি আহিছা নহয়? তুমি Psychiatry তে দিয়াবুলি মোক পৰামৰ্শ দিলে। তেনেকৈয়ে মই Psychiatry ত সোমাই পৰিলোঁ। 

সাহিত্য ডট অৰ্গ: মানসিক ৰোগৰ এগৰাকী চিকিৎসক হবলৈ আপুনি আপোনাৰ পৰিয়ালৰ পৰা কেনেধৰণে অনুপ্ৰেৰণা লাভ কৰিছিল? 

ডা° কমল নাৰায়ণ কলিতা:  মই যেতিয়াচাইকিয়াট্ৰিপঢ়িছিলোঁ, তেতিয়া গোটেইনৰ্থইষ্টত এই বিভাগত মাত্ৰ দুখন আসন আছিল। মোৰ আগতে এই ক্ষেত্ৰখনত প্ৰায় বাৰজন চিকিৎসকহে আছিল। এতিয়া পিছে চিকিৎসকৰ সংখ্যা যথেষ্ট বাঢ়িছে। এতিয়া অসমতে প্ৰায় ১২০জন মনোৰোগ চিকিৎসক আছে। 

আচলতে মই মানুহৰ মানসিক স্থিতি সম্পৰ্কত চিন্তা চৰ্চা কৰি ভাল পাইছিলোঁ। মানে একধৰণৰ ৰাপ আছিল। আমি আকৌএম বি বি এছচাইকিয়াট্ৰিবৰ বেছি পঢ়িব নালাগে।  সেয়েহে এই বিষয়টো বহুতৰ বাবে পছন্দৰ বিষয় নহয়গৈ। বাকী বিভাগবোৰ যেনে মেডিছিন, গাইনি(প্ৰসূতি), শিশুৰোগ, অৰ্থপেডিক, ছাৰ্জাৰী আদিৰ বিস্তৃত পঢ়াশুনা থাকে। আচলতে চাইকিয়াট্ৰি প্ৰথম পৰ্যায়ত বেছিকৈ পঢ়িবলৈ নাপায় বাবেও বহুতৰে বিষয়টোৰ প্ৰতি ৰাপ এটা নাহেগৈ। কিছুমানে লবলৈ ভয়ো কৰে। মোৰ ক্ষেত্ৰত আন এটা কথাই ক্ৰিয়া কৰিছিল অৱশ্যে। মোৰ আচল গাঁও হল মিৰ্জাৰ ওচৰৰ পাৰাকুছি নামৰ গাঁওখন। মোৰ দেউতা সৰুতেই ঢুকাইছিল। মা অকলে আছিল। আমাৰ সময়ত এনে এটা কথা আছিল যে যিয়ে এই চাইকিয়াট্ৰি বিষয়টো পঢ়ে তেওঁ নিজেও পাগল হোৱাৰ আশংকা থাকে। তেনেকুৱা কথাবোৰ শুনি মোৰ মাৰ মনতো সংশয় সোমাইছিল হয়তো। মায়ে কৈছিল, “তই যি পঢ়িবলৈ বিচাৰি আছ, সেয়াই পঢ়। কিন্তু এই বিষয়টো নপঢ়িবি।আন এটা কথা এইখিনিতে মোৰ মনত পৰে। মোৰ এজন সম্বন্ধীয় পেহীৰ লৰা আছিল। সি আত্মহত্যা কৰিছিল। কথাটোৱে মোক হয়তো ৰেখাপাত কৰিছিল তেতিয়া। 

সাহিত্য ডট অৰ্গ: এগৰাকী চিকিৎসক হিচাপে লাভ কৰা অভিজ্ঞতাসমূহ সম্পৰ্কে আমাক অলপ জনাবনে? 

ডা° কমল নাৰায়ণ কলিতা:  অভিজ্ঞতা ভালেখিনি হৈছে। অভিজ্ঞতাসমূহ অলপ হাস্যৰসৰো হয়। এইখিনিতেই আপোনালোকক জনাবলৈ ভাল পাম যে ডাক্তৰৰ ক্ষেত্ৰত communication skillটো ভাল হোৱাটো বহুত প্ৰয়োজনীয়। মানসিক ৰোগৰ ক্ষেত্ৰত এইটো বেছ দৰ্কাৰী। আন এটা কথা হল এই যে মানুহৰ আচাৰব্যৱহাৰ সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত। উত্তৰ পূৱ অঞ্চলত প্ৰতি ৬০১০০ কিলোমিটাৰৰ মূৰে মূৰে বেলেগ বেলেগ সংস্কৃতি আছে। ভাষাও বেলেগ বেলেগ আছে। গতিকে এইটো এটা আমাৰ বাবে ডাঙৰ চেলেঞ্জ হৈ পৰেগৈ। বহুত ক্ষেত্ৰত এনেকুৱাও হয় যে ধৰি লওক লখিমপুৰ, মাজুলীৰফালৰ মিচিং জনগোষ্ঠীৰ মানুহখিনিৰ উচ্চাৰণৰপৰা আমি যিখিনি বুজোঁ, কোকৰাঝাৰ বা চিৰাঙৰ পৰা অহা বড়ো লোকসকলৰ কথাখিনি বেলেগ ধৰণৰ হয়। কেতিয়াবা তাকেই লৈ আমাৰো খেলিমেলি হয় যে ৰোগীয়ে আচলতে কি কথা কব বিচাৰিছে। এই ক্ষেত্ৰত বেলেগ ভাষাৰ মানুহ হলেতো কথাই নাই। গতিকে তেনেকুৱাকৈ দৈনন্দিন জীৱনত বহু অভিজ্ঞতাই লগ দিয়ে। মই যেতিয়া ইয়ালৈ প্ৰথম আহিছিলো, চিকিৎসালয়ত বহুত দিনৰপৰা থকা প্ৰায় ৫০৬০ জনমান থকা ৰোগীৰ দল এটা আছিল।  মই ২০০৬ চনত এইখন মানসিক চিকিৎসালয়ত যোগদান কৰোঁতে পুৰণা বিল্ডিঙৰ পগলা ফাটেকখন আছিল। সেই সময়ত ফাটেকলৈ একেবাৰে কাৰাগাৰৰ দৰে গেটেৰে সোমাই যাব লাগে। যোৱা দুবছৰ মানৰ পৰা কথাবোৰ সলনি হৈছে। সম্পূৰ্ণ হস্পিটেলৰ দৰে কৰা হৈছে। আগৰ দৰে তলাচাবিৰ ব্যৱস্থাবিলাক নাই এতিয়া। সেইকাৰণে মানুহ লগত থাকিবও লাগে আজিকালি। আগতে বেমাৰীজন থৈ মানুহ গুচি গৈছিল, আজিকালি অন্য বেমাৰ হলে এটেনডেণ্ট থকাৰ দৰে ইয়াতো এটেনডেণ্ট থাকিব লাগে। আগতে এটা কথা হৈছিল এই চিকিৎসালয়ত থকা ৰোগীসকলৰ পৰিয়ালৰ মানুহ প্ৰায় নোহোৱাৰ দৰেই হৈছিলগৈ। তেওঁলোক এতিয়া এই হস্পিটেলৰপৰা ওলাই গৈ চৰকাৰে চিনাক্ত কৰা NGO সমূহত থাকিব পৰা হলগৈ। সেইটো এটা ভাল লগা কথা। বহুতদিন যদি মানুহ এজন ভিতৰতে সোমাই থাকে তেন্তে তেওঁৰ বহুখিনি দক্ষতা নোহোৱা হৈ পৰে। আৰু এটা কথা। দৰিদ্ৰতাৰ লগত মানসিক ৰোগৰ সম্পৰ্ক আছে। মানুহ বেমাৰটোৰ কাৰণেও দুখীয়া হয় আৰু বহুত দুখীয়া মানুহৰো বেমাৰটো হয়গৈ। গতিকে বেমাৰটোৰ চিকিৎসা কৰি থকা বহুতো মানুহক পুনৰ সংস্থাপন কৰিবলগীয়া হয়। কৰিবপৰা সকলো এতিয়ালৈকে হোৱাগৈ নাই। 

কেতিয়াবা আকৌ বহুত হিংস্ৰ প্ৰকৃতিৰ ৰোগী পোৱা যায়। কিন্তু আগতকৈ এনেধৰণৰ ৰোগীৰ সংখ্যা কমিছে, ৰোগীক পৰিয়ালপৰিজনে আগতীয়াকৈ চিকিৎসাৰ বাবে লৈ অহা হৈছে। মানসিক ৰোগৰ চিকিৎসক হিচাপে এনেধৰণৰ বহু অভিজ্ঞতা মই সঞ্চয় কৰিছোঁ। 

সাহিত্য ডট্ অৰ্গ:  আমাৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন হৈছে আমাৰ সম্পূৰ্ণ অঞ্চলটোৰ ভিতৰত একমাত্ৰ মানসিক স্বাস্থ্যৰ প্ৰতিষ্ঠান। ইয়ালৈ বিভিন্ন অঞ্চলৰ পৰা মানুহ অহা দেখা যায়। এই প্ৰতিষ্ঠানটোৰ লগত আপুনি ওতপ্ৰোতভাৱে জড়িত। আপোনাৰ দীৰ্ঘদিনীয়া কৰ্ম অভিজ্ঞতাৰ পৰা আমি জানিব বিচাৰিম কোনটো অঞ্চলৰ পৰা সাধাৰণতে এই প্ৰতিষ্ঠানটোলৈ সৰহসংখ্যক ৰোগী অহা দেখা যায়। 

ডা° কমল নাৰায়ণ কলিতা:  হয়। আচলতে উত্তৰ পূবৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ এইখনেই একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান। অৱশ্যে ৰাজ্যিক পৰ্যায়তো আৰু দুই এখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠান আছে। বৰ্তমান আমাৰ অসামৰিক চিকিৎসালয়সমূহতো ইয়াৰ এটা এটা ইউনিট খোলা হৈছে। তদুপৰি নেচনেল মেণ্টেল হেলথ্‌ প্ৰগ্ৰেম বুলি এখন চৰকাৰী আচনি আছে যিখন ভাৰতৰ প্ৰায় ৫০০ৰো অধিক জিলাত প্ৰণয়ন কৰা হৈছে। ১৯৮২ চনত আৰম্ভ হোৱা নেচনেল মেণ্টেল হেলথ্‌ প্ৰগ্ৰেম আচনিৰ এটা উপাদান আছিল ডিষ্ট্ৰিক্ট মেণ্টেল হেলথ্‌ প্ৰগ্ৰেম। এই প্ৰগ্ৰেমটো ভাৰতত প্ৰথম তিনিখন জিলাত আৰম্ভ কৰা হৈছিল। তাৰে এখন আছিল নগাঁও। বৰ্তমান অসমৰ মৰিগাঁও, গোৱালপাৰা, ধুবুৰী, দৰং, লক্ষ্মীমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাতো এই আচনিখন প্ৰণয়ন কৰা হৈছে। তদুপৰি মেঘালয়, আগৰতলা, কহিমা আদিতো ৰাজ্যিক পৰ্যায়ৰ মানসিক চিকিৎসালয় আছে। তেজপুৰৰ মানসিক চিকিৎসালয়খন বেছ পুৰণি। ১৮৭৬ চনতে প্ৰতিষ্ঠা লাভ কৰা এইখন মানসিক চিকিৎসালয় ভাৰতৰ ভিতৰতে পুৰণি। অৱশ্যে ইয়াত বৰ্তমান বিছনাৰ সংখ্যা কমিছে। আৰু ইয়ালৈ ৰোগী উত্তৰ পূবৰ প্ৰায় সকলো অঞ্চলৰ পৰাই আহে। ইয়াৰ উপৰিও উত্তৰ বংগ, বিহাৰ, শিলিগুৰি আদিৰ পৰাও ৰোগী অহা আমি দেখা পাওঁ। লগতে নেপালৰ পৰাও ইয়ালৈ ৰোগী আহে। আমি যদি জিলাবোৰৰ ক্ষেত্ৰত পাৰিসাংখ্যিক হিচাপত চাওঁ তেতিয়া দেখা পাওঁ যে নগাঁৱৰ পৰা ইয়ালৈ সৰ্বাধিক ৰোগী আহে। নগাঁৱৰ জনসংখ্যা আন জিলাসমূহতকৈ বেছি বাবে ই এটা কাৰণ হব পাৰে। ঠিক তেনেকৈ শিলচৰ, কৰিমগঞ্জ আদিৰ পৰা পাৰিসাংখ্যিক হিচাপত আন জিলাতকৈ কম ৰোগী আহে। একেদৰে উত্তৰ পূবৰ ক্ষেত্ৰত আইজলৰ পৰা অহা ৰোগীৰ সংখ্যা আন ৰাজ্যতকৈ তুলনামূলকভাৱে কম। 

সাহিত্য ডট্ অৰ্গ: আমাৰ তেজপুৰৰ মানসিক চিকিৎসালয়খনৰ চিকিৎসা সম্পৰ্কে মানুহৰ মনত এটা সাংঘাতিক ভুল ধাৰণা আছে। যেনে ধৰক ইয়াৰ চিকিৎসাসমূহ খুব কষ্টদায়ক হয়, ৰোগীক বন্ধ কোঠাত আবদ্ধ কৰি ৰখা হয় ইত্যাদি ধৰণৰ এট ভ্ৰান্ত ধাৰণা মানুহৰ মনত আছে। তদুপৰি আমাৰ চিনেমা, নাটক আদিতো ইয়াক এক ভয়ংকৰ চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হয় বুলি প্ৰায়েই দেখুওৱা হয়। এনেধৰণৰ ভ্ৰান্ত ধাৰণাসমূহ নিৰ্মূল কৰিবলৈ মানসিক চিকিৎসালয়খনৰ ভিতৰভাগত কেনেধৰণে ৰোগীক চিকিৎসা প্ৰদান কৰা হয় সেই সম্পৰ্কে আমাক জনাব নেকি? 

ডা° কমল নাৰায়ণ কলিতা:  কল্পনা আৰু বাস্তৱৰ এটা সামঞ্জস্য অনাটো খুবেই প্ৰয়োজনীয়। যিহেতু মানুহৰ মনত চিনেমা, নাটক আদিৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা যায়, তাৰফলত এনেধৰণৰ উপস্থাপনে মানুহৰ মাজলৈ এটা ভুল বাৰ্তা কঢ়িয়াই নিয়ে। হয়, মানসিক চিকিৎসালয়খন পূৰ্বতে এখন পগলা ফাটেকেই আছিল। অৱশ্যে যিটো সময়ত ইয়াক পগলা ফাটেক বুলি কোৱা হৈছিল, তেতিয়া দৰৱৰ আৱিষ্কাৰ হোৱা নাছিল। সেইসময়ত যিসকল মানুহ উন্মাদ হৈ পৰে, তেওঁলোকক বেলেগকৈ ৰখাৰ বাহিৰে আৰু বেলেগ উপায় নাছিল। তেতিয়াৰ সময়ত তেওঁলোকক বেলেগকৈ ৰাখিবলৈ তেজপুৰৰ মানসিক চিকিৎসালয়খনেই একমাত্ৰ স্থান আছিল। সেই সময়ৰ কথাবোৰেই মানুহৰ মুখ বাগৰি আজিকোপতি সকলোৰে মুখে মুখে থাকি গল। তাৰে কিছুমান মুখৰোচক কথা যেনে ফুটা বাল্টিৰে পানী কঢ়িয়াবলৈ দিয়া ইত্যাদি ইত্যাদিবোৰ বৰ্তমানলৈকে মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছে। কিন্তু বৰ্তমান সময়ত চিকিৎসা ব্যৱস্থা উন্নত হ, মানসিক বেমাৰসমূহৰ বাবে দৰৱৰ আৱিষ্কাৰ হল। ইয়াৰ লগে লগে আইনসমূহৰ যথেষ্ট পৰিবৰ্তন হল। যোৱা দুবছৰৰ পৰা এই আইনখনকমেণ্টেল হেলথ্‌ কেয়াৰ এক্টনামেৰে ৰূপায়ণ কৰা হল। এই আইনখনে ৰোগীৰ অধিকাৰৰ পৰা আদি কৰি চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন আনিছে। এইবোৰ কথা আচলতে সমাজৰ নব্বৈ শতাংশ মানুহেই নাজানে। বৰ্তমান ইয়াত চিকিৎসা সম্পূৰ্ণ আধুনিক পদ্ধতিৰেই হয়। দৰৱৰ মাধ্যমৰেও হয়, ৰোগীক কাউন্সেলিং কৰা হয়। তদুপৰি কিছুমান বিশেষ ৰোগীক চাইকথেৰাপী প্ৰদান কৰা হয়। বৰ্তমান সময়ত ঠিক লক্‌ডাউনৰ পাছৰে পৰা কিছু ক্ষেত্ৰত ডিজিটেল সেৱাও আৰম্ভ হৈছে। ইয়াৰোপৰি ৰোগীৰ সুবিধাৰ বাবে আজিকালি টেলিফোনিক হেল্পলাইন সেৱাও উপলব্ধ হৈছে। 

সাহিত্য ডট অৰ্গ:  মানুহৰ মাজত মানসিক স্বাস্থ্য সজাগতাৰ অভাৱ প্ৰায়েই দেখা যায়। মানুহে সাধাৰণতে ‘Mental Health Professional’ ৰ ওচৰলৈ বহু দেৰিকৈ আহে। যদি আমি চাবলৈ যাওঁ তেন্তে দেখা পাওঁ যে অতি কম সংখ্যক মানুহে ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত মনোৰোগ বিশেষজ্ঞৰ কাষ চাপে। গতিকে এই ক্ষেত্ৰত মানসিক স্বাস্থ্য সম্বন্ধীয় কেনেধৰণৰ সজাগতা সমাজখন বা ইয়াৰ বাসিন্দাসকলে সৃষ্টি কৰা উচিত বুলি আপুনি ভাবে? 

ডা°কমল নাৰায়ণ কলিতা:  হয় কথাটো। মানসিক ৰোগৰ ক্ষেত্ৰত কোৱা যায় যে গোটেই জীৱনত যিমান মানসিক ৰোগ হয় তাৰে আশী শতাংশ ৰোগৰে কিবা এটা লক্ষণ আমাৰ কিশোৰ অৱস্থাৰ আগতেই দেখা পোৱা যায়। হয়তো মানুহজনৰ ডিপ্ৰেছনটো বা আমি আন যিবোৰ বেমাৰৰ কথা কওঁ যেনে স্কিজফ্ৰিনিয়া, পেনিক ডিজঅৰ্ডাৰ, বিক ডিজঅৰ্ডাৰ বা এডিকশ্যন, বাইপলাৰ ইলনেছ, সৰু লৰাছোৱালীৰ ক্ষেত্ৰত যেনে ADHD, Conduct Disorder এইবোৰৰ কিছুমান লক্ষণ শিশু অৱস্থাতেই দেখা পোৱা যায়। বিশেষকৈ প্ৰাপ্তবয়স্ক অৱস্থাত দেখা দিয়া ৰোগসমূহৰ আগজাননীটো প্ৰায় আশী শতাংশৰ ক্ষেত্ৰত কিশোৰ অৱস্থাৰ আগতেই পোৱা যায়। বহুত ক্ষেত্ৰত এইটোও হয়তো এনে এটা বিষয় যাক ৯৯% মানুহেই ভালকৈ নাজানে। আনকি আমাৰ বহুত Mental health professional ৰ মাজতো এই বিষয়ে সজাগতাৰ অভাৱ আছে বুলি মই ভাবো। মানসিক ৰোগ সম্পৰ্কে সচেতনতা সৃষ্টি কৰিবলৈ বিদ্যালয় এটি ভাল মাধ্যম হব পাৰে। একেদৰে এই ক্ষেত্ৰত সচেতনতা সৃষ্টি কৰাৰ ক্ষেত্ৰত ঘৰখনৰো এক বিশেষ ভূমিকা আছে। চৰিত্ৰ গঠনত বা কিবা এটা সমস্যা হলে সেই সমস্যাটো কেনেকৈ মষিমূৰ কৰিব সেই বিষয়ে আচলতে নিজৰ ঘৰখনতেই শিকা হয়। আৰু বহুত ক্ষেত্ৰত এনেকুৱা হৈ যায়গৈ যে আমি আচলতে parenting কি, এই বিষয়ে কথাবোৰ ভালকৈ নাজানো। আমি বহুতেই সাধাৰণতে হব লাগে কাৰণেহে পিতৃ মাতৃ হিচাপে দায়িত্ব পালন কৰোঁ। কিন্তু অভিভাৱকৰ কি দায়িত্ব থাকে, কেনে ধৰণৰ কথাবোৰ আহে, শিশুৰ স্বাভাৱিক অনুসন্ধিৎসা বা নিজৰ আচাৰ ব্যৱহাৰ অনুসৰি কেতিয়াবা বিশেষভাৱে গুৰুত্ব বিচাৰে নেকি আদি কথাবোৰ অভিভাৱক সকলে বিচাৰ কৰি চোৱা উচিত। আনহাতে আগৰ দিনৰ অকণিৰ মেল, মইনা পাৰিজাত আদিৰ দৰে কিছুমান প্ৰকল্পৰ যোগেদিও এই সচেতনতা গঢ় দি তুলিব পাৰি।  আমাৰ সমাজত আন এটা গুৰুত্বপূৰ্ণ বিষয় হল নামঘৰৰ সংস্কৃতি। নামঘৰত মানুহবোৰ লগ হৈ বিভিন্ন ধৰণৰ আলোচনা কৰে। সেইয়াও হয়তো আমাৰ সমাজখনক একেলগে কৰি ৰখাৰ বা মানুহৰ মনৰ ক্ষমতা (Resilience) অটুট ৰখাত যথেষ্ট গুৰুত্বপূৰ্ণ।  আচলতে পুৰণা কিছুমান ভাল বস্তু আমি যেন হেৰুৱাই পেলাইছো। গোলকীকৰণৰ বাবে আমি পশ্চিমীয়া জীৱনৰ প্ৰতি আকৰ্ষিত হৈ পৰিছো। পিছে আমাৰ সমাজ ব্যৱস্থাৰ উপাদানসমূহক যদি সাৰ পানী দিয়া হয়,  বোধকৰোঁ তেন্তে অহা দহ পোন্ধৰ বছৰত আহিবলগীয়া প্ৰজন্মৰ কাৰণে আমি অৱদান আগবঢ়াই যাবলৈ সক্ষম হম। তাৰ লগতে মানুহে মানসিক ৰোগত আক্ৰান্ত হলে প্ৰথমে যিখিনি মানুহৰ ওচৰলৈ যায়, তেওঁলোককো আমি সজাগ কৰি তুলিব লাগিব। একেদৰে সমাজৰ আন কিছুমান মানুহ সমস্যাত পৰিলে তেওঁলোক আশা কৰ্মী, গাঁৱৰ মুখিয়াল, শিক্ষক আদিৰ ওচৰলৈ যোৱা দেখা যায়। এনেধৰণৰ লোকসকলৰ মাজতো আমি সচেতনতা গঢ় দি লোৱাটো একান্তই বাঞ্ছনীয়। 

সাহিত্য ডট অৰ্গ:  তাহানিৰ শৈশৱ হয়তো আজিৰ সময়ৰ শৈশৱতকৈ অধিক আকৰ্ষণীয় আছিল। সেই ৰেডিঅৰ গীতিমালিকাৰ গান শুনি, আকৌ আবেলি স্কুলৰ পৰা আহি খেলাধূলা কৰি সন্ধ্যা প্ৰাৰ্থনা কৰি আমি এক প্ৰণালীবদ্ধ জীৱন শৈলী আহৰণ কৰিছিলোঁ। পিছে এতিয়া এটা ডাঙৰ সমস্যা দেখা পোৱা যায়। লৰা ছোৱালীৰ যিখিনি হোমৱৰ্ক সেইখিনি কৰে, আমি সিহঁতক খেলিবলৈ লৈ যাও।  কিন্তু আগৰ দিনবোৰত লৰা ছোৱালীৰ দিনটোৰ কাৰ্যপ্ৰণালীৰ লগত এতিয়া যথেষ্ট পাৰ্থক্য আহিছে। শৈশৱত জীৱনশৈলী গঢ়ি তোলা সম্পৰ্কে আপুনি কি ভাবে অনুগ্ৰহ কৰি আমাক জনাবনে? 

ডা° কমল নাৰায়ণ কলিতা: মই কেতিয়াবা ভাবো এই গোটেই কথাখিনি। যিখিনি চৰ্চা হৈ থাকে। মোৰো এটা চাৰি বছৰীয়া লৰা আছে। এই বয়সতে সিহঁতে অনলাইন ক্লাছ কৰিবলগা হৈছে। আকৌ এই কভিদৰ সময়তে বহু পুৰণি স্বাস্থ্যমূলক অভ্যাস পুনৰ আহিছে। যেনে বাহিৰৰ পৰা অপৰিষ্কাৰ কাপোৰকানি বাহিৰতে থৈ গা পাই ধুই ঘৰ সোমোৱা ইত্যাদি কথাবোৰ। এই কামবোৰটো আমি সৰুতে সদায় কৰিছিলোঁ। আমি যেতিয়া খেলিবলৈ গৈছিলো ঘূৰি আহি কাপোৰ কানি সলাই গা পা ধুই ঘৰত সোমাইছিলো। লেতেৰাকৈ থাকিব নিদিছিল কিন্তু। এই যে কভিদ প্ৰতিৰোধৰ কামবোৰৰ দৰে অভ্যাসবোৰ সৰুতে দেখোন আমি নিয়মীয়াকৈ কৰিছিলোঁ। সৰু লৰা ছোৱালীৰ কাৰণে যিবোৰ নৈমিত্তিক কাম বা আপুনি কোৱাৰ দৰে সেই যে ৰেডিঅত আজিৰ পুৱা শুনি, গীতিমালিকা শুনি স্কুল যাওঁ ইত্যাদিবোৰত এটা বিশেষ গাঁথনি আছিল। সৰহসংখ্যক কামত কিন্তু সমূহীয়া ধৰণৰ কিবা এটা আছিল। আচলতে প্ৰতিটো কামতে একধৰণৰ সামুহিক অংশগ্ৰহণ আছিল। খেলাধূলাতো সেই একেধৰণৰ শ্বেয়াৰিং আছিল। এতিয়া কিন্তু বহু একাকিত্ব বাব্যক্তিগতহৈ পৰিছে। ঘৰতো আনকি টিভিটো চাওঁতে অকলেই চাই থাকে। একেলগে বা সমান অংশগ্ৰহণ নাথাকে। ৰাপবোৰো বেলেগ বেলেগ। যেনে সৰুখিনিয়ে কাৰ্টুন চাব। দেউতাকে বাতৰিটো চাব। এনে ধৰণৰ কথাবোৰ।মইকেন্দ্ৰিক হৈ পৰেগৈ কথাবোৰ। খেলিবলৈ যাওঁতেও সমনীয়া গোটখাই যোৱাৰ পৰিৱেশটোৱে ক্ৰমশঃ হেৰাই গৈছে। আমাকটো সৰুতে এনেকৈ অভিভাৱকে লৈ যাব লগা হোৱা নাছিল। এতিয়া পৰিৱেশ সম্পূৰ্ণ পৃথক হৈ পৰিছে। এতিয়া অকলে যাবলৈকে দিব নোৱাৰি। সমস্যাৰো অন্ত নাই। লৰা ছোৱালীৰ সামাজিক নিৰাপত্তাটোও কমি গৈছে। এইবোৰ ভয়ো আছে। কিন্তু কথাটো হৈছে মাটি আৰু মানুহৰ লগত ডাঙৰ হোৱা প্ৰজন্ম এটাৰ সামাজিক অভিজ্ঞতাৰে যথেষ্ট সৱল। আমি সেইটো বিচাৰো। ৰেডিমেড কাৰবাৰ এটা দেখা যায় আজিকালি। লৰা ছোৱালীৰ হোমৱৰ্ক এটাত লৰা ছোৱালীতকৈ মাক দেউতাকে বেছি জড়িত হব লগা হয় আজিকালি। কিন্তু লৰা ছোৱালীৰ দায়বদ্ধতাৰ দিশটো ইয়াত কমি যায়। গতিকে কথাবোৰ আমি নিজে সলনি কৰিছো। এই কথাবোৰ ভাবি চাবৰ বাবে এক সামাজিক জাগৰণ হব লাগিব। চৰকাৰৰ ফালৰ এইটোত কিবা কৰিব পৰা অৱস্থা এটা অহাতকৈ সামাজিক জাগৰণৰ মাজৰ পৰা অহাটোহে বেছি শ্ৰেয়। কেতিয়াবা এনে নালাগেনে যে চাৰি পাঁচ বছৰীয়া লৰা এটাই স্কুলত গৈ যিমানখিনি পঢ়িব লগা হয়, সিমানখিনি যেন সেই অৱস্থাত নকৰিলেও হয়। বা সিমানখিনি যেন প্ৰয়োজন নাই এনে ভাবো হয়। নতুন শিক্ষানীতিত এইবোৰ অলপমান চাইছে অৱশ্যে। ইয়াৰ ফলাফল ২০২৮২৯ চন মানতহে গম পোৱা যাবগৈ। আগতকৈ এই শিক্ষানীতিখনত অলপ প্ৰতিজ্ঞাবদ্ধতা আছে যেন লাগিছে। অলপমান সলনি এটা হবগৈ লাগে। 

সাহিত্য ডট অৰ্গ: বৰ্তমানৰ জীৱন যাত্ৰা প্ৰণালী বহু পৰিমাণে জটিল হৈ পৰিছে।  আমাৰ জীৱনটো আমাৰ পূৰ্বপুৰুষ বা দেউতাহঁতৰ দৰে নহয়। আমাৰ দায়বদ্ধতাও হয়তো বাঢ়িছে। কিছুমান কথা যদিও আমি স্বাভাৱিক বুলি ভাবি থাকো কিন্তু গম নোপোৱাকৈয়ে আমি কিছুমান উৎকণ্ঠাৰ চিকাৰ হৈছো। এইক্ষেত্ৰত মধ্যবয়স্ক বা যুৱক এজনৰ বা বয়স্ক মানুহ এজনৰ মানসিক স্বাস্থ্য অটুট আছে বুলি কোনবিলাক কথাৰ পৰা লক্ষ্য কৰিব পাৰি সেই সম্পৰ্কে আমাক অলপ জনাবনে? 

ডা° কমল নাৰায়ণ কলিতা: আচলতে এই সমস্যাবোৰৰ যিবোৰ আগতীয়া লক্ষণ থাকে সেইবোৰৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। কেতিয়াবা এনেকুৱা হয় যে যিটো কাম আগতে মই কৰিবলৈ ভাল পাইছিলোঁ, সেই কামটো কিবা কাৰণত এতিয়া কৰিবলৈ মই ভাল নোপোৱা হলোঁ। এনেকুৱা অস্বাভাৱিকতা এটা এসপ্তাহমানতকৈ বেছিকৈ চলিছে নেকি? এদিন দুদিনৰ অস্বাভাৱিকতাৰ কথাটো বাৰু অলপ কিবা কিবি কাৰণত হব পাৰে। ধৰি লওক মই ১০ বজাত সাধাৰণতে শুই দিওঁ কিন্তু কেতিয়াবা ধৰি লওক ১ বজালৈকে টোপনি অহা নাই। এদিন দুদিন ঠিকে আছে কিন্তু যদি এইটো এসপ্তাহত বেছি বা সদায় হবলৈ আৰম্ভ কৰে তেন্তে সি এটা সমস্যালৈ পৰ্যৱসিত হব। এইবোৰো একো একোধৰণৰ আগতীয়া লক্ষণৰে অংশবিশেষ। তেনেকুৱাত মানুহ এজন খিংখিঙীয়া হোৱা, মনোযোগ নথকা, মানুহৰ সংগৰ পৰা ফালৰি কাটি থকা, বেলেগ কিবা আচহুৱা ব্যৱস্থাৰ সৈতে নিজক বেছিকৈ জড়িত কৰাই থকা বা নিচাগ্ৰস্ত হোৱা, ইলেক্টনিক মাধ্যমৰ স্ক্ৰীণ আসক্তি আদি লক্ষণ দেখিলে অলপমান কাৰোবাৰ সহায় লৈ বা নিজেও চিকিৎসকৰ সাহচৰ্য লব লাগে। এনে অসুবিধাবোৰ প্ৰথম অৱস্থাত দৰৱৰ ব্যৱহাৰ নকৰাকৈ সুস্থতালৈ আনিব পাৰি। সেয়ে আগতীয়া লক্ষণ বা তেনে কথাৰ প্ৰতি সজাগ হব লাগে। 

সাহিত্য ডট অৰ্গ: আজিকালি প্ৰায়েই দেখিবলৈ পোৱা যায় যে সাধাৰণ লোকসকলে পৰিবৰ্তন অবিহনেই সমগ্ৰ জীৱনটো কটায়। এনেধৰণৰ জীৱন কটাই তেওঁলোকে জীৱনটো একঘেয়েমি হৈ যোৱা বুলি অনুভৱ কৰি কিছু পৰিমাণে হতাশ হৈ পৰে। এনেধৰণৰ একঘেয়েমি জীৱনৰ পৰা মুক্তি পোৱাৰ আমোঘ মন্ত্ৰ আপুনি কি বুলি ভাবে? 

ডা° কমল নাৰায়ণ কলিতা:  নিজৰ অভিৰুচিবিলাক ঠিকমতে ৰখাটো আচল কথা। সকলোৰে অভিৰুচি হয়তো বেলেগ বেলেগ হব পাৰেকোনোবাই হয়তো খেলি ভাল পায়, কোনোবাই আড্ডা মাৰি ভাল পায়, কোনোবাই গাৰ্ডেনিং কৰি ভাল পায়, কোনোবাই ৰান্ধি ভাল পায়।  ফোনৰ মাধ্যেমেৰে হওক বা যেনেকৈ নহওক কিয়, এইয়া অতি আৱশ্যকীয় বিষয়। গতিকে যেতিয়াই এই সজাগতাটো আহে যে মোৰ অলপ দিগদাৰি হবলৈ ধৰিছে, এই বিষয়ে অলপ কথা পাতিব লাগে। এইটো টাইপ অৱ্ হেল্প ফ্ৰম এপ্ৰপ্ৰিয়েট পাৰ্চন। আমি কেতিয়াবা কিছুমান মানুহৰ লগত অন্তৰংগ হৈ উঠোঁ, কিয় হৈ পৰোঁ হয়তো আমি নিজেই নাজানো। তেনেধৰণৰ মানুহৰ সতে কথাবোৰ আলোচনা কৰা ভাল।  

সাহিত্য ডট অৰ্গ: আজিৰ সমাজখনত নিচাগ্ৰস্ততা বহু পৰিমাণে বাঢ়ি যোৱা দেখা গৈছে। নিচাগ্ৰস্ততাৰ পৰা কেনেদৰে হাত সাৰিব পাৰি সেই সম্পৰ্কে অলপমান জনাবনে? 

ডা° কমল নাৰায়ণ কলিতা: মানে নিচাটো এনেকুৱা কথা যত মানুহ এজনে এদিন দুদিন মদ ভাং খোৱাটো আসক্তি বুলি আমি সাধাৰণতে নকওঁ। কিন্তু যি দৈনিক এইবোৰ বস্তু ব্যৱহাৰ কৰে বা এইবোৰৰ কাৰণে অন্য সমস্যাবোৰ হবলৈ ধৰে। যেনে মানুহৰ লগত সম্বন্ধ বেয়া কৰে, সামাজিক আচৰণৰ পাৰ্থক্য আহে, অৰ্থনৈতিক সমস্যা আহে আদি। এইবোৰ আসক্তিৰ ভিতৰুৱা কথা বুলি ধৰা হয়। আসক্তিৰ সমস্যাটো অকলে নাথাকে, লগত বহু বেমাৰে সহাৱস্থান কৰা আৰম্ভ কৰে। কিছু বেমাৰ মানসিক হয়, আসক্তি নিজেই এক মানসিক ৰোগ, বহুত শাৰীৰিক সমস্যাও হয়। আচলতে এইবোৰৰ প্ৰভাৱ বহু দুৰলৈকে পৰে। গতিকে চিকিৎসাবোৰ সমস্যাৰ গভীৰতাৰ সাপেক্ষে কৰা হয় কিছু মুহূৰ্তৰ কাৰণে কিছুমান দৰৱ ব্যৱহাৰ কৰিব লগা হয়। তাৰ পাছত জীৱনশৈলীটো সলনি কৰিবৰ কাৰণে বিভিন্ন মাধ্যম লোৱা হয়। কিছুমান সমস্যা ঘৰতে থাকি ভাল কৰাব পাৰি, কিছু ক্ষেত্ৰত সমস্যা গুৰুতৰ হলে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়। এনেবোৰ ঘটনাত পৰিয়ালৰ ভূমিকা কিন্তু বহুত গুৰুত্বপূৰ্ণ হয়। সমাজৰো ভূমিকাও বহুত বেছি থাকে। 

সাহিত্য ডট অৰ্গ:  বৰ্তমান আত্মহত্যাৰ প্ৰৱণতা বাঢ়ি যোৱা দেখা গৈছে। কোনখিনি বয়সৰ লোকৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বেছি তথা ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে আমি আপোনাৰ পৰা অলপমান জানিবলৈ বিচাৰিম। লগতে আত্মহত্যা কৰিবলৈ ওলোৱা মানুহজনৰ বিশেষ ব্যৱহাৰ সম্পৰ্কেও আমি আপোনাৰ পৰা অলপ জানিবলৈ বিচাৰিম। 

ডা° কমল নাৰায়ণ কলিতা: আত্মহত্যাৰ পৰিসংখ্যাটো শেহতীয়াকৈ এক লাখৰ ভিতৰত ১০১২জন লোকৰ মাজত দেখা গৈছে। ভাৰতত যোৱা ১০ বছৰ মানৰ পৰা এয়া বাঢ়িছে। আত্মহত্যা দুই ধৰণৰ। কিছুমানত আত্মহত্যাৰ চেষ্টা কৰা দেখা যায়, আনবিধ সম্পূৰ্ণ নিজৰ প্ৰাণনাশ কৰা কাৰ্য। যি আত্মহত্যাৰ চেষ্টা কৰে তেওঁৰ আত্মহত্যা সম্পূৰ্ণ কৰাৰ প্ৰৱণতাটো বেছি হয়। সম্পূৰ্ণ কাৰবাৰটো ডেকা বয়সৰ যেনে ২৪২৫ বয়সীয়াসকলৰ তলৰখিনিৰ বেছি। আৰু এটা আছে বয়োজ্যেষ্ঠখিনিৰ মাজত। দুয়োটাৰ কাৰণখিনি বেলেগ বেলেগ ধৰণৰ হয়। এটা বৰ গুৰুত্বপূৰ্ণ কথা হল এই যে বহনক্ষম বিকাশৰ লক্ষ্য যে চলি আছে। আত্মহত্যাৰ পৰিমাণ হ্ৰাস হলে এই বিকাশৰ লক্ষ্য সাধন কৰাটোৱেই সূচাব। আত্মহত্যা কেৱল ব্যক্তিগত কাৰণত নহয়। সমাজৰো বহু কাৰণ ইয়াত জড়িত থাকে। দেশ এখনৰ লোকৰ স্বাস্থ্যৰ ভাল বেয়াৰ কিছুমান সূচক আছে। প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰএই ধৰণৰ কথাবোৰ স্বাস্থ্য ব্যৱস্থাৰ অৱস্থাটোক বুজাই। ঠিক একেদৰে মানসিক স্বাস্থ্যৰ উন্নয়ন কিমান হৈছে সেইটো আত্মহত্যাৰ হাৰটোৰ লগত বিশেষভাবে সম্পৰ্কিত। এতিয়া প্ৰতিৰোধৰ দিশলৈ আহো। ধৰ্মজনিত কিছুমান কথা আছে যেনে এই কামটো কৰিলে পাপ হব গতিকে মই এইটো নকৰো। আচলতে আধ্যাত্মিকতাই আত্মহত্যাৰ প্ৰৱণতা হ্ৰাস কৰাত কাম কৰে কিছুসংখ্যক লোকৰ মাজত। আন এটা কাম হল এই ঘটনাবোৰৰ সম্পৰ্কত অন্য মানুহক ভালদৰে শিকোৱাটো অতীব প্ৰয়োজনীয়। কাৰণ বহু লোকে মানে শতকৰা ৯০ শতাংশ আত্মহত্যা কৰিব বিচৰা মানুহেই নিজৰ মনৰ অৱস্থাটোৰ কথা নিজৰ কোনোবা মানুহক ১০১৫ দিন আগত হলেও কৰবাত কেনেবাকৈ কয়। বহুক্ষেত্ৰত এই মেচেজটো বা সংকেতটো হয়তো আমি পঢ়িবলৈ নাজানো। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মানুহে এই বিপদ সংকেতবোৰৰ বিষয়ে জনা হোৱাটো বৰ দৰকাৰী। এই কথাৰ প্ৰতি সজাগ হলে বহু লোকক এনে অপঘাতৰ পৰা বচাবলৈ আগতীয়া প্ৰতিৰোধ গঢ়ি তুলিব পাৰি। বহুক্ষেত্ৰত আত্মহত্যাৰ চিন্তাটোইম্পালছত অহা বা ক্ৰিয়াত্মক ৰূপত অহাধৰণৰ। কিছুমান দুৰ্বল মুহূৰ্তত এনে কাম হয়। সেয়ে তেনে মুহূৰ্তত কোনোবাই যদি মানসিক সাহচৰ্য দিয়ে তেন্তে মানুহজনক ঘূৰাই আনিব পৰা যায়। ইতিমধ্যে কিছুমান হেল্পলাইন আৰম্ভ হৈছে এইক্ষেত্ৰত। যোৱা দেৱালীৰ সময়ত ভাৰতৰ মানসিক ৰোগ চিকিৎসকসকলৰ এক বেচৰকাৰী সংস্থাই ৰাতি কল কৰিব পৰা এটা সৰ্বভাৰতীয় হেল্পলাইন ব্যৱস্থা এটা আৰম্ভ কৰিছে। কিছুমান এন জি অয়ো এইক্ষেত্ৰত কাম কৰি আছে। মূল কথা হল মানসিক স্বাস্থ্য সম্পৰ্কত ঘৰ এখন সজাগ হব লাগিব, বন্ধু মহলে জনা আৰু বুজা হব লাগিব। আত্মহত্যাৰ প্ৰতিৰোধ কৰাত সমাজৰ প্ৰত্যেকজনৰে বিশেষ ভূমিকা আছে। বহল ক্ষেত্ৰতটো বহুত কথাই আহি পৰে যেনে শিক্ষা, সংস্থাপন আদিবোৰ। এইবোৰ সামাজিক বিকাশৰ সূচকেই হয়। গতিকে সামাজিক বিকাশ হোৱাৰ লগে মানসিক স্বাস্থ্যৰ সজাগতা বাঢ়িব লাগিব। সামাজিক উন্নয়ন শুদ্ধ ৰূপত হলে আত্মহত্যাৰ প্ৰৱণতা কমিব বুলি ধাৰণা কৰিব পাৰি। 

আত্মহত্যাৰ আগতে মানুহজনৰ মনটোত উগুলথুগুল অৱস্থাৰ সৃষ্টি হোৱা দেখা যায়। বহু মানুহৰ এনেকুৱা হৈ থাকে যে আত্মহত্যা কৰাৰ আগেয়ে নিজৰ বস্তুবিলাক বিলাই ফুৰেগৈ। বহুতে একেবাৰে গুহা এটালৈ যোৱাৰ নিচিনা হৈ পৰে, মানুহৰ লগত কোনো যোগাযোগ নকৰে। এইবিলাক অলপপ্লেনড চুইচাইডহয়গৈ। বহুতে আকৌ আত্মহত্যা কৰাৰ আগেয়ে মনৰ ভাবক লৈ চচিয়েল মিডিয়াত পষ্ট দিয়া আৰম্ভ কৰে। মই আমাৰ ঘৰৰ ওচৰৰে ছোৱালী এজনীৰ কথা জানো। পোন্ধৰ দিনমানৰ আগৰেপৰাই পষ্ট দিছিল কিবাকিবি, পাছত তাই একেবাৰে ফেচবুক লাইভ কৰি চুইচাইড কৰিছিল। অলপমান এইবিলাক কথাও আহি পৰে, গতিকে ইয়াৰে আৰ্লি ডেঞ্জাৰ চাইন বহুতো আছে। কিন্তু সামগ্ৰিক আচাৰব্যৱহাৰৰ সলনি হোৱাটো আটাইতকৈডেঞ্জাৰাচ চাইন এইবিষয়ে কিন্তু যদি কোনোবাই কাৰোবাক কথাটো কয়, বহুতে ভুল কথাও ভাবে যে যিয়ে আত্মহত্যা কৰিম বুলি ভাবে সি আচলতে আত্মহত্যা নকৰে। আচলতে সেইটো কথা নহয়, যিয়ে কয় সেইবিলাক মানুহেই আচলতে আত্মহত্যা কৰে। 

সাহিত্য ডট অৰ্গ: আজিকালি অসহিষ্ণুতা বহুত বাঢ়িবলৈ ধৰিছে। দেখা পোৱা যায় যে মবাইল আৰু মৰেল পুলিচিঙৰ নামত গুণ্ডাগিৰি, চেক্সুৱেলিটী, ধৰ্মীয় সংঘাতক লৈ বিভিন্ন বাতৰি খুব সঘনাই পোৱা যায়। এই ক্ষেত্ৰত আপোনাৰ অভিমত সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে? 

ডা° কমল নাৰায়ণ কলিতা: হয়, মৰেল পুলিচিং, জেণ্ডাৰ ভায়লেঞ্চ আৰু ধৰ্মৰ ক্ষেত্ৰত অসহিষ্ণুতাএই তিনিওটা শব্দই যথেষ্ট বহল শব্দ। ঠিক এনেকুৱা নহয় যে আগতে এইবোৰ নাছিল। এইবোৰ মানুহৰ সভ্যতাৰ লগত বহুত আগৰেপৰাই আছে আৰু এই গোটেইবোৰে মানুহৰ এগ্ৰেচিভ ব্যৱহাৰটোকেই বুজায়। এইএগ্ৰেচনটো আচলতে বিৱৰ্তনৰ হিচাপত মানুহৰছাৰ্ভাইভেলৰ লগত জড়িত। এতিয়া এই গোটেইখিনি বহুত বেছিকৈ প্ৰকাশ পোৱাৰ বা আনুষংগিক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। আনহাতে এনেধৰণৰ ঘটনাৰ বাতৰিবোৰ কেনেকৈ আহে, কি দৰে আহে সেইটোও এটা কথা। এই মৰেল পুলিচিং বা ধৰ্মীয় উন্মাদনাবোৰ সত্তৰ চনত নাছিল নেকি? আছিল।  মই বেছি আগৰ কথা নকলোৱেই যেনিবা। এতিয়া ধৰ্মৰ ক্ষেত্ৰত হোৱা অসহিষ্ণুতা যোৱা এহেজাৰ বছৰত ভাৰতে বহুত দেখিছে আৰু তাৰ লগত বাকীবোৰ চলি আছে তেনেদৰেই। এতিয়া বহুত ক্ষেত্ৰত বাণিজ্যিক দিশ এটাত বাতৰি পৰিৱেশন কৰা কথাখিনিৰ লগত বাতৰিৰ ক্ষেত্ৰতএথিকচকি হোৱা উচিত কি অনুচিত, এইবিলাক লৈ বহুত কথা আহি পৰেগৈ। সংবাদসেৱীসকলেও কৰিবলগা বহুত কাম আছে। কিছুমান কথা চাবলগা আছে, বহুত ক্ষেত্ৰত এজনে আনজনৰ লগত মিলাই গোটেইখন চক্ৰাকাৰ কৰি পেলায়গৈ। আনটো কথা হৈ পৰিছে গোলকীকৰণ বা এখন দেশৰপৰা আনখনলৈ প্ৰভাৱ নতুবা সভ্যতাৰপৰা সভ্যতালৈ তথ্যবিলাক সহজে পোৱাৰ ব্যৱস্থা হৈ পৰিছে আৰু তাৎক্ষণিকভাৱে আমি সিদ্ধান্ত লোৱা হৈ পৰিছোঁ। এই গোটেইখিনি কথা একেলগে চালে দেখা গৈছে যে আমি তথ্যবোৰৰ প্ৰতিও অসহিষ্ণু হৈ পৰিছোঁ। আজিকালি বহুত মানুহক এনেকুৱাও দেখো যে বাতৰি কাকতৰ হেডলাইনটো পঢ়িয়েই নিজে এটা ধাৰণা তৈয়াৰ কৰি লয়। সাংবাদিকজনে কি চাই লিখিছে, কিমান সত্যঅসত্য কথা লিখিছে সেয়া নোচোৱাকৈয়ে পঢ়ি থকা মানুহজনে নিজা ধাৰণা গঢ়ি তথ্যবোৰক লৈ অসহিষ্ণু হৈ পৰে। গতিকে এই গোটেইবোৰৰ সমাজৰ পৰিৱৰ্তনৰ লগতো সম্পৰ্ক হৈছেগে। কথাবিলাক বিশ্লেষণ কৰাৰ যি এটা প্ৰয়োজন, আমি যিটো ‘Lateral Thinking’ বা ‘Analytic Capacity’ বুলি কওঁ, এইবিলাক শিক্ষা ব্যৱস্থাৰে একোটা কথা। আমাৰ শিক্ষাত ‘Lateral thinking’ বিষয়টোত বৰ এটা প্ৰাধান্য দিয়া নহয়গৈ। সদায় প্ৰশ্নবিলাক পোনপটীয়াকৈ সুধিবলৈহে যায়, গতিকে উত্তৰবিলাকো মুখস্থ কৰি দিয়া উত্তৰেই হয়গৈ। কিবা এটা ভাবি অন্যধৰণেও যে উত্তৰ দিব পাৰি, সেই কথাটো আমাৰ শিক্ষা ব্যৱস্থাই বৰ এটা প্ৰাধান্য এতিয়ালৈকে দিয়া নাই। কিন্তু অনাগত দিনত এইবোৰ বস্তু Cultivate কৰাৰ প্ৰয়োজন আছে। কাৰণ যেতিয়া এই Analytic আৰু Lateral Thinkingৰ কথা আহি পৰিব, তেতিয়াই সেই তথাকথিত মৰেল পুলিচিং আৰু অসহিষ্ণুতাৰ কথাবোৰ আমি অলপ বেলেগকৈ চিন্তা কৰিবলৈ বাধ্য হম। গোটেই কথাবিলাক ৰিয়েকচনতকৈ ৰেচপন্স হোৱাটো বেছি দৰকাৰ। বহু ক্ষেত্ৰত ৰেচপন্সবিলাকে মানুহক অলপ সৌম্য শান্ত স্বভাৱৰ কৰি তোলে ৰিয়েকচনবিলাক অলপ তাৎক্ষণিকভাৱে জোকাৰ খাই উঠা বস্তুৰ দৰে হয়গৈ। এইখিনিত শিক্ষা ব্যৱস্থাটোৰ কৰিবলগা কাম আছে। এইবোৰ এদিনৰ কথা নহয়। ইয়াৰ বাবে সময় লাগিব। 

সাহিত্য ডট্ অৰ্গ: বিগত বৰ্ষ তথা এই সময়তো লকডাউনে আমাৰ জীৱন যাত্ৰাৰ বহুত সালসলনি কৰি পেলালে। বিশেষকৈ শিশুসকলে যেন লকডাউনৰ বাবে তেওঁলোকৰ শৈশৱটোৱেই হেৰুৱাই পেলালে। যদিহে তেওঁলোকে স্বাভাৱিক বিদ্যালয়ত সামাজিক আচৰণ আৰু অন্যান্য বিভিন্ন বিষয় শিকাৰ পৰা তেওঁলোক এতিয়া বঞ্চিত হৈ আছে। এটা বন্ধ ৰুমৰ ভিতৰতে শিশুসকলে অনলাইন ক্লাছৰ মাজত সময় পাৰ কৰিব লগা হৈছে। যেন এটা যান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত তেওঁলোক আৱদ্ধ হব লগা হৈছে। তাৰ লগতে বহুত পিতৃমাতৃয়ে কোৱালিটি পেৰেণ্টিং সম্পৰ্কেও বুজি নাপায়। এই সময়ছোৱাত পিতৃমাতৃসকলে সন্তানৰ কেনেদৰে যতন লব লাগে বা কেনেদৰে তেওঁলোকক সময় দিব লাগে এই সম্পৰ্কে অলপ জনাব নেকি? 

ডা° কমল নাৰায়ণ কলিতা: আচলতে মাকদেউতাকসকলে শিশুসকলৰ লগত যিমান পাৰি সিমান সময় খৰচ কৰিব লাগে। নহলে পাছলৈ উদ্বিগ্নতা, দুশ্চিন্তা আদিৰ দৰে সমস্যাই দেখা দিব পাৰে। কাৰণ শিশুসকল প্ৰায় তিনিবছৰ মান বয়সলৈকে মাকদেউতাকৰ ওপৰতেই নিৰ্ভৰশীল হোৱা দেখা যায়। আকৌ ইয়াৰ লগত আৰবানাইজেচনৰো এক ওতপ্ৰোত সম্পৰ্ক আছে। আজিকালি বহুতো পৰিয়ালৰ ক্ষেত্ৰত দেখা যায় যে পিতৃমাতৃ দুয়োজনেই চাকৰিয়াল। এনে পৰিয়ালবোৰত শিশুৰ লালনপালনৰ বাবে আন কাৰোবাৰ সহায় লোৱা দেখা যায়। এই ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিয়ে। কিয়নো সেই বাহিৰৰ মানুহজনৰ এই কৰ্মৰ প্ৰতি থকা ইচ্ছা আৰু আগ্ৰহক ভালদৰে বুজি পোৱাতো বৰ কঠিন। আকৌ বিভিন্ন কাৰণত বেলেগ বেলগে সময়ত সেই মানুহজন সলনি হৈ থাকে। আগতে যৌথ পৰিয়ালৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিয়া নাছিল। কাৰণ পিতৃমাতৃ ব্যস্ত হৈ থাকিলেও পৰিয়ালৰ আন কোনোবা এজন ব্যক্তিয়ে শিশুটিক সময় দিব পাৰিছিল। তাৰ পিছৰ সময়ছোৱা অৰ্থাৎ প্ৰাইমেৰী স্কুলত পঢ়াৰ সময়ছোৱা শিশুটিৰ বাবে খেলাৰ সময়। এই সময়ছোৱাত শিশুসকলে বিভিন্ন পৰ্যায়ৰ মানুহৰ লগত খেলিবলৈ বিচাৰে। যেনে ধৰক মাকদেউতাক, নিজৰ বয়সৰ আন আন শিশুসকল। এই খেলাধূলাৰ মাধ্যমটো শিশুসকলৰ বাবে এটা উপযুক্ত মাধ্যম যাৰ জৰিয়তে শিশুসকলে কি কৰা উচিত বা কি কৰা অনুচিত তাক ভালদৰে শিকাব পাৰি। তাৰ পিছত ঠিক আঠ বছৰৰ পৰা বাৰ বছৰমান বয়সলৈকে লাহে লাহে শিশুটোক কিশোৰ অৱস্থাৰ কাৰণে প্ৰস্তুত কৰি তোলা হয়। গতিকে বহু ক্ষেত্ৰত বহু কথা বেলেগ বেলেগ মাধ্যমৰ জৰিয়তে শিকাবলগীয়া হয়। গতিকে এনেধৰণৰ কথাত কৰিবলগীয়া কাম বহুখিনিয়েই থাকে। আৰু প্ৰয়োজন সাপেক্ষে পেৰেণ্টিংৰ ক্ষেত্ৰত কিবা জানিবলগীয়া থাকিলে যিসকল মেণ্টেল হেলথ্‌ পাৰ্চনেল আছে তেওঁলোকৰো সহায় লব পাৰি। 

সাহিত্য ডট্ অৰ্গ: লকডাউনৰ পাছত দেখা গলে যে যিসকল আমাৰ সমাজৰ বয়োজেষ্ঠ ব্যক্তি, তেওঁলোক ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিব লগা হল। যিটোৰ কাৰণে বহুতৰে কিছুমান মানসিক সমস্যাই দেখা দিছে। তাৰে মাজৰে বহুতেই হয়তো হতাশাৰো চিকাৰ হৈছে। তেওঁলোকক সকাহ দিব পৰাকৈ আপোনাৰ পৰা আমি পৰামৰ্শ আশা কৰিছোঁ। 

ডা° কমল নাৰায়ণ কলিতা: অতিমাৰীৰ এই সময়ছোৱাত বিশেষকৈ ষষ্ঠমানলৈকে পঢ়ি থকা লৰাছোৱালীখিনি আৰু এই বয়োজেষ্ঠ ব্যক্তিসকল, এওঁলোকৰ ওপৰতেই হয়তো এই সময়ছোৱাৰ আটাইতকৈ বেয়া প্ৰভাৱ পৰিছে। ইয়াৰে চহৰ অঞ্চলত বাস কৰাসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছিকৈ পৰিছে। গাঁৱৰ পৰিৱেশত সাধাৰণতে মানুহ মুকলিমুৰীয়াকৈ থাকিব পাৰে। কিন্তু চহৰৰ পৰিবেশত ইমানবোৰ মানুহৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি লগ হোৱাতো সম্ভৱপৰ নহয়। ইয়াৰ ফলত সঁচাকৈয়ে বহুতো লোক ডিপ্ৰেছন, ডিমেনছিয়া আদিত ভোগা দেখা গৈছে। আমি এতিয়া বহু ৰোগী পাইছোঁ যাৰ এনেধৰণৰ সমস্যাবোৰ নতুনকৈ হবলৈ আৰম্ভ কৰিছে বা যিসকলৰ আগৰ পৰাই এনে সমস্যা আছিল তেওঁলোকৰ পূৰ্বতকৈ এই সমস্যাসমূহ বৃদ্ধি হৈছে। এওঁলোকৰ বাবে কোনো বিশেষ সহায় মূলতঃ চহৰ অঞ্চলৰ ক্ষেত্ৰত আছে বুলি আচলতে কৈ দিব নোৱাৰি। অৱশ্যে বহু ক্ষেত্ৰত কিছুমান প্ৰচাৰ চলোৱা দেখা পোৱা গৈছিল যে যদিও মানুহবোৰ ফিজিকেলি কানেক্ট হব নোৱাৰে, তেওঁলোক ডিজিটেলি কানেক্ট হব পাৰিব। কিন্তু এই বয়সৰ মানুহখিনিৰ কাৰণে ডিজিটেলি কানেক্ট হোৱাতোও একপ্ৰকাৰৰ সমস্যা। এই ক্ষেত্ৰত দায়িত্ব আহি পৰে সমাজৰ বাকীখিনি মানুহৰ। ব্যক্তিগত ভাবে মোৰ ধাৰণা যে সঠিককৈ গঢ় দিয়া বৃদ্ধাশ্ৰমসমূহে তেওঁলোকক কিছু সকাহ দিব পাৰে। কিছুমান দেশতটাইম বেংকবুলি এটা ধাৰণা আছে। এই ধাৰণা মতে যিসকল লোকৰ শাৰীৰিক সমস্যা নাই, সাধাৰণতে উঠি অহা চামৰ লোকসকলে এই বয়োজেষ্ঠ লোকসকলৰ লগত সময় অতিবাহিত কৰে, কাৰোবাৰ লগত মনৰ কথা পাতে। আমাৰ ইয়াতো আনক অলপমান সময় দিব পৰা মানুহ যথেষ্ট আছে। আমাৰ সমাজত সকলোৰে সকলোৰ প্ৰতি এক দায়িত্ব আছে। আমাৰ বয়োজেষ্ঠসকলৰ নতুন চামৰ প্ৰতি যেনেদৰে দায়িত্ব আছে, নতুন চামৰো তেনেকৈ বয়োজেষ্ঠসকলৰ প্ৰতি কিছু দায়িত্ব আছে। মোৰ বোধেৰে এইধৰণৰ সমস্যাসমূহৰ সমাধানৰ বাবে এইটো এটা ভাল পদক্ষেপ হব পাৰে। যদি আমাৰ উঠি অহা চামৰ কোনোবাই তেওঁলোকৰ লগত কিছু সময় অতিবাহিত কৰে, তেওঁলোকে অলপ হলেও এনেধৰণৰ সমস্যাৰ পৰা সকাহ পাব। 

সাহিত্য ডট অৰ্গ: সাধাৰণতে কথাছবিসমূহত আমি বায়পলাৰ ডিজঅৰ্ডাৰ থাকে। আপুনি এনেধৰণৰ ৰোগী পাইছেনে? 

ডা° কমল নাৰায়ণ কলিতা: এইয়া এক মানসিক ব্যাধি। এনেধৰণৰ বহু ৰোগীৰ সতে মই সৌ তাহানিৰ পৰাই জড়িত হৈ আছোঁ। এই ব্যাধিৰ সতে দুই ধৰণৰ মানসিক অৱস্থা জড়িত হৈ থাকে। কেতিয়াবা মানুহজন অধিক আনন্দত থাকে। সেই সময়ত কমকৈ টোপনি মাৰিলেও মানুহজনৰ বৰ ভাগৰ নালাগে। পিছলৈ আকৌ মানুহজন হতাশাগ্ৰস্ত হৈ পৰে। সেইবাবে এইবিধ মানসিক ব্যাধিক দ্বৈতমুখী মানসিক ব্যাধি বুলি অভিহিত কৰা হৈছে। এয়া এক বিৰল ব্যাধি নহয়। 

সাহিত্য ডট অৰ্গ: যিসকল মানুহ সাহিত্য সংস্কৃতিৰ লগত জড়িত সেইসকলৰ বাবে মানুহৰ মাজলৈ যিকোনো বিষয়ক বাৰ্তা লৈ যোৱাৰ বাবে সাহিত্য বা কলা সংস্কৃতিৰ মঞ্চখন শক্তিশালী মাধ্যম। আপুনি বহুদিন ধৰি সাহিত্য তথা মানসিক স্বাস্থ্যৰ লগত জড়িত হৈ আছে। সাহিত্য, কলা সংস্কৃতিৰ লগত জড়িত মানুহখিনিয়ে কিবা বিশেষ কাম সম্পাদন কৰি মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত থকা অসচেতনতা সমূহ আঁতৰ কৰাত সহায় কৰিব পাৰে বুলি আপুনি ভাবেনে? 

ডা°কমল নাৰায়ণ কলিতা: হয়, নিশ্চয় ভাবোঁ।  Mental Health is Everybody’s Responsibility বুলি এটি জনপ্ৰিয় শ্লোগান আছে। আচলতে সাহিত্যিক, কলা কুশলী বুলিয়েই নহয়, বৰং প্ৰত্যেকৰে মনত সজাগতা অনাৰ ক্ষেত্ৰত কিবা কৰাৰ দায়িত্ব এটা সদায়ে আছে। আচলতে মনটোৱেই একমাত্ৰ বস্তু যি আমাক অন্য জীৱৰ পৰা পৃথক কৰে। মই জীৱ শ্ৰেষ্ঠ বুলি কবলৈ বৰ এটা ভাল নাপাওঁ। বহুত সময়ত জীৱ শ্ৰেষ্ঠ নাম লৈ আমি কিছুমান নিকৃষ্ট কামহে কৰোঁ। কিন্তু কথাটো হল যে কলা কুশলী বা সাহিত্যৰ ক্ষেত্ৰত জড়িত মানুহখিনিয়ে এই বিষয়ে কৰিব পৰা কাম বহুত আছে। এনেধৰণৰ ৰোগ বা সমস্যাখিনিৰ এটা যে বিৱৰণ আছে সেই বিৱৰণক লৈ কিবা এটা কৰিব পৰা যায়। সেইটো হয়তো গল্পও হব পাৰে, সৰু নাট এখনো হবগৈ পাৰে বা চিনেমাও হব পাৰে। এনে ধৰণৰ বহু কেইখন চিনেমা আছেও। পিছে ইয়াতে এটা কথা আহি পৰে যে গল্প, চিনেমা, নাটক, কবিতা, গান এই গোটেইবিলাকত এটা কল্পনাৰ প্ৰয়োজন আছে। একেবাৰে বাস্তৱ কথা এটা লিখিলেও সাহিত্যৰ যে এটা সুকীয়া স্বভাৱ সেইটো অলপমান গুচি যোৱাৰ নিচিনা হয়। গতিকে ইয়াত সেইবেলেন্সটো কেনেকৈ আনিব পৰা হয়, সেই ক্ষেত্ৰত চকু ৰখা আৱশ্যক। আচলতে সমাজ গতিশীল, একেদৰে মানসিক ব্যাধিও কিছুপৰিমাণে গতিশীল, চবৰে সৃষ্টিৰ ধাৰাটোও গতিশীল। গতিকে এটা অৱিৰত যাত্ৰা আৰম্ভ কৰিবলৈ সকলোৱে এই দিশত আগবাঢ়ি গৈয়েই থাকিব লাগিব আৰু নতুন নতুন উপাদান সৃষ্টি কৰি যাব লাগিব। 

সাহিত্য ডট অৰ্গ: আপোনাৰ দ্বাৰা বিবৃত এই সমগ্ৰ বিষয়টোৰ দ্বাৰা আমি আৰু আমাৰ পাঠকসকল উপকৃত হলোঁ। আমাক আপোনাৰ বহুমূলীয়া সময় দিয়া বাবে আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 

ডা° কমল নাৰায়ণ কলিতা:  হয় ধন্যবাদ। আপোনালোকৰ ইআলোচনীৰ সতে জড়িত সকলোকে তথা আলোচনীখনৰ পঢ়ুৱৈসকলক ময়ো শুভেচ্ছা জনালোঁ। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments