জীৱন বিলাস

লেখক- পল্লৱ বৰুৱা

আজি ৰাতিপুৱা মই জন্ম লাভ কৰিছোঁ
কালিৰ প্ৰাপ্তি আৰু কালিৰ স্মৃতিক ৰাতিটোৰ কোলাতেই কবৰ দিছোঁ ৷
স্মৃতিৰ বৰপেৰা খুলি শেৱালী বুটলা জোনাকী নিশাৰ ছবি বেৰতেই ওলোমাই থৈছোঁ
কহুৱা কোমল মৃদু মলয়াৰ পৰশ লীণ গৈছে সীমনাৰ বুকুত
লিহিৰি আঙুলী আৰু হৰিণী চকুৱে বুকুত তোলা অনামী ঢৌৰ শিহৰণ বিলীন হৈছে বতাহৰ সোতত
কালিৰ ছবি,ৰঙৰ প্ৰীতি সূৰ্যাস্তৰ হেঙুলীয়াই সামৰিছে বুকুত৷
আজি ৰাতিপুৱা মই জন্ম লাভ কৰিছোঁ৷
শুনিছোঁ কাইলৈ হেনো বৰষুণ পৰিব মৰমৰ
জোনাক বৰষিব চেনেহৰ ৷
কাইলৈ পৃথিৱীয়েও হেনো বৰণ ল’ব সাতোৰঙৰ ৷
মই কিন্তু দেখা নাই কাইলৈৰ পৃথিৱীৰ স্বৰ্ণীল আভা কিম্বা
বৰষুণে ধোৱা জোনাকী নিশা ৷
মোৰ নৱজীৱনৰ দূৰদৃষ্টিতাত কাইলৈৰ ছবি তেনেই ধূসৰ৷
কাৰণ আজি ৰাতিপুৱা মই জন্ম লাভ কৰিছোঁ ৷
মোৰ দৃষ্টিত,মোৰ সৃষ্টিত,মোৰ প্ৰাপ্তিত
আজিৰ পৃথিৱীয়েই জোনাক ৰঙীন
মোৰ সত্বাত,মোৰ চেতনাত
আজিৰ সময়েই প্ৰেমভৰুণ
আজিৰ প্ৰতিপলেই চিৰতৰুণ ৷
কালিৰ স্মৃতি আৰু কাইলৈৰ স্বপ্ন
একো একোটি তেজহীন,ৰঙহীন অচিন অৰুণ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!