আফগানিস্থানৰ ক্ৰিকেট দলটি

লেখক- সঞ্জীৱ সন্দিকৈ

আফগানিস্থানৰ ক্ৰিকেট দলটোক আমি চেল্যুট জনাবলৈ বাধ্য৷  দলটোৰ কোনোবা এজন সদস্য জীৱিকাসূত্ৰে ৰাজমিস্ত্ৰী, কোনোবা এজন ৰিক্সাচালক, কোনোবা এজনৰ চাইকেল মেৰামতিৰ সৰু দোকান আছে   কেইজনমানৰ সমগ্ৰ শৈশৱ শৰণাৰ্থী শিবিৰত অতিবাহিত হয়তো জীৱন সংগ্ৰামৰ এই কঠোৰ অনুশীলনে তেওঁলোকক ক্ৰীড়াক্ষেত্ৰতো একোজন দুৰ্দান্ত সৈনিকলৈ ৰূপান্তৰিত কৰিছে যাৰবাবে তেওঁলোকে অতি শক্তিশালী প্ৰতিদ্বন্দীৰ বিৰুদ্ধে হাৰিলেও যুঁজি যুঁজি হাৰে। শেহতীয়া টুৰ্ণামেণ্টৰ অন্যতম ফেভাৰিট পাকিস্থানেও নিজৰ লীগ মেচত যেনেতেনেহে আফগানিস্থানৰ বিৰুদ্ধে বিজয় লাভ কৰিবলৈ সক্ষম হয়। আফগান বেটছমেনবোৰে উইকেট পতনৰ পাছতো আক্ৰমণাত্মক ভংগীমাৰে যুঁজ অব্যাহত ৰাখে বলিঙতো একেই যুঁজাৰু মনোভাৱ প্ৰদৰ্শন কৰে।

হামিদ হাছান নামৰ বলাৰজনে ১৪৫ কি.মি. স্পীডত দুৰ্দান্ত বলিং কৰিব পাৰে৷ তাৰকা স্পীনাৰঅলৰাউণ্ডাৰ ৰছিদ খান আৰু উইকেটকীপাৰ বেটছমেন মহম্মদ ছাহজাদ দুয়োৰে শৈশৱ শৰণাৰ্থী শিৱিৰত অতিবাহিত হৈছিল। ৰছিদ খান সম্প্ৰতি এজন বিশ্বমানৰ স্পীনাৰ৷ ভাৰতৰ মহেন্দ্ৰ সিং ধোনীক নিজৰ আদৰ্শৰূপে গ্ৰহণ কৰা আফগান উইকেটকীপাৰ বেটছমেন মহম্মদ ছাহজাদে অপেনিং কৰিবলৈ আহি আক্ৰমণাত্মক ভংগিমাৰে ভাৰতৰ ধোনীৰ দৰেই হেলিকপ্টাৰ শ্বট খেলে অলৰাউণ্ডাৰ মহম্মদ নবি পৃথিৱীৰ সকলো প্ৰীমিয়াৰ লীগত খেলিবলৈ আমন্ত্ৰিত হয়

তেওঁলোকৰ ৰাষ্ট্ৰভক্তিও অতুলনীয় এইবছৰ টুৱেণ্টি টুৱেণ্টি টুৰ্ণামেণ্টত দলটোৰ সমগ্ৰ খৰচ বহন কৰিছে কেপ্তেইন মহম্মদ নবিয়ে নিজৰ ব্যক্তিগত সাঁচতীয়া ধনেৰে, যিহেতু তালিবান প্ৰশাসনে টিমটোৰ খৰচ বহন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে  

আটাইতকৈ উল্লেখনীয় দিশটো কি জানেনে? তেওঁলোকে তালিবানৰ পূৰ্বৰ কাৰ্জাই চৰকাৰৰ শাসনকালতো প্ৰয়োজনীয় অৰ্থৰ অভাৱত চুবুৰীয়া পাকিস্থানৰ ক্লাৱ পৰ্য্যায়ৰ খেলুৱৈসকলে ব্যৱহাৰ কৰি পেলনীয়া সামগ্ৰীৰূপে পেলাই দিয়া দিয়া ক্ৰীড়াসামগ্ৰীবোৰ সংগ্ৰহ কৰি কঠোৰ অনুশীলন কৰি আহি আজি এই পৰ্য্যায় পাইছেহি

যুদ্ধবিধ্বস্ত তথা আৰ্থিকভাৱে পৃথিৱীৰ অন্যতম দৰিদ্ৰ ৰাষ্ট্ৰ বুলি পৰিচিত এই দেশখনৰ ক্ৰিকেট দলটো প্ৰশংসাযোগ্য কেৱল এইবাবে নহয় যে তেওঁলোকে অতি দুৰ্দান্ত ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে, বৰঞ্চ এইবাবেহে যে চৌপাশৰ অতি প্ৰতিকূল পৰিস্থিতি সত্বেও ক্ৰীড়াজগতত তেওঁলোকৰ অগ্ৰগতিৰ কাহিনী অন্যান্য দলসমূহৰ বাবেও অতি প্ৰেৰণাদায়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!