ধোঁৱা

লেখক- হেমেন নাথ

জেঠৰ সূৰ্যটোৱে যেন আকাশৰ পৰা জুই বৰষি আছে। নেত্ৰৰ মাগুৰ বৰণীয়া দেহটো ঘামেৰে তিতি উঠিছে আৰু ৰ’দ পৰি তাৰ পিঠিত ঘামৰ কণিকাবোৰ তিৰবিৰ কৰিছে। নেত্ৰৰ অৱশ্যে সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। ডোখৰ-ডোখৰকৈ কটা কলগছৰ পৰা সি পটুৱা এৰুওৱাত ব্যস্ত। ‘কেতিয়াবালৈ কলপটুৱাৰ বিকল্প ওলাবনে’- ভাবিবলৈ ধৰে নেত্ৰই। তাৰ লগত ফুকলীয়া ভতিজাককেইটাও আছিল। কিন্তু কোন তলকত সিহঁতে ফালৰি কাটিলে সি তলকিবই নোৱাৰিলে। বিড়ি এটা মুখত ল’বলৈ তীব্ৰ ইচ্ছা গৈছে তাৰ। পিছে এয়া পণ্ডিতৰ ঘৰ, গাঁওখনৰ ভিতৰতেই কটকিনা মানুহ, বিড়ি এটা ওলাই পৰিব যে সন্দেহ।

‘হোঁ, ল।’

পদুমী আহি তাৰ চিন্তাত যতি পেলালে। সি মূৰ তুলি দেখে- তাই গিলাচ এটা তাৰফালে আগবঢ়াই দিছে।

‘কি? ’

‘কি, কি? নেমু চৰ্বত আকৌ! তই সেই গছৰ ছাঁলৈ গৈ কামখিনি কৰিব পৰা নাইনে, ৰ’দত এনেকৈ কষ্ট খাই আছ যে!’

‘ছাঁতে আছিলোঁ অ’, বেলা সিফালে গ’ল নহয়। কামটো শেষ কৰি লওঁ ৰহ। ’

‘অইনৰ বিয়াত দেহা মাৰি থাক। নিজে বুঢ়া হ’লে কইনা বিচাৰিবি, নহয়নে? ’

‘এনেও আমালৈ কোনো নাহে দে। ’

‘ইহ ইহ, গাঁৱত তোৰ দৰে ডেকা কেইটা আছে অ’। লাগ বুলিলেই দহজনী গাভৰু পাবি…’- কৈ জিভা কামুৰি ৰৈ গ’ল পদুমী।

ৰঙাচিঙা পৰি তাই ফৰিং চিটিকা দিলে। বাৰীৰ সিপাৰৰ পৰা এটা চৰায়ে সিঁয়াৰি উঠিল। ঘোট ঘোটকৈ চৰবতখিনি খাই নেত্ৰই শূন্য দৃষ্টিৰে বাৰীলৈ চালে। এইবাৰ আৰু তাৰ পটুৱাত মন নবহা হ’ল। পদুমীৰ কথাইহে তাক আচ্ছন্ন কৰি তুলিলে। তাই কোৱাৰ দৰে তাক দহগৰাকী গাভৰুৰ দৰকাৰ নাই, বৰং সি বিচাৰে পদুমীক।

কিমান সময় জানো বহি আছিল সি তেনেকৈ, ভতিজাককেইটাই আহি আকৌ পটুৱা এৰুওৱাত লাগি গৈছে। সি ধমকিৰ সুৰত সুধিলে সিহঁতক-

‘ক’লৈ গৈছিলি তহঁত হাঁ? মোক পণ্ডিতৰ বান্দা পাইছ নেকি? ’

সিহঁতে একেমুখে উত্তৰ দিলে- ‘খাবলৈয়ে নিদিয়েচোন ককাই। আমাৰ ভোক লাগিছিল। মৌজাদাৰৰ বাৰীত আম খাই আহিলোঁ। ’

হয়তো কথাটো। এই অকণ অকণ ল’ৰাকেইটাৰ ভোক নালাগিব জানো? গৃহস্থই খবৰ ৰাখিব লাগে কথাবোৰ। কিবা এটা ভাবি সি ভৱেশ মিস্ত্ৰীৰ পুতেক লিটিকাক ওচৰলৈ মাতি ক’লে-

‘শুন, আমাৰ ঘৰৰ কাঁথিত বেটাৰী তিনিটা ৰ’দত দিয়া আছে, ৰেডিঅ’টো খুটাটোত আছে, লৈ আহ যা। দৌৰ মাৰ।’

লিটিকা দৌৰ মাৰিবলৈ ওলোৱাত তাৰ হাতত ধৰি এইবাৰ নেত্ৰই সৰুকৈ ক’লে-

‘হেৰি…..কি বোলে…… এই পদুমীক মাতি দিবি।’

পদুমীৰ নাম শুনি ল’ৰাটোৱে মিচিকি হাঁহি এটা মাৰিলে। নেত্ৰই খঙত ক’লে-

‘নেউলমুৱা, দাঁত নিকটাব নালাগে, যি কৈছোঁ তাকেই কৰগৈ। ফুট।’

সি লৰ দিলে।

ইহঁতেও বাৰু কিবা ভূ পায়নেকি! লিটিকাই এনেকৈ হাঁহিলে যে পদুমীৰ নাম শুনি? বিড়িৰ ধোঁৱাৰে ভিতৰখন ভৰাই পেলাবলৈ খুব ইচ্ছা হৈছে নেত্ৰৰ। পিছে খোচনাত বিড়ি অনা নহ’ল যে!

‘সোনকাল কৰ। মই তহঁতৰ খোৱাৰ ব্যৱস্থা কৰি আছোঁ। ’- ল’ৰাবোৰক তাগিদা দি নেত্ৰই কঁকালটো পোন কৰি বহিল।

সি দেখিলে দেওৰাম পণ্ডিত আহিছে লাখুটিত ভৰ দি। পণ্ডিত কইনাৰ ককাক, অত্যন্ত একাচেকা আৰু মহা কৰাইচ। কিন্তু পণ্ডিতে নেত্ৰক বৰ ভাল পায়। টাউনৰ পৰা পণ্ডিতক হাঁপানিৰ দৰৱ আনি দিবলৈ নেত্ৰ একমাত্ৰ ভৰষা। চাৰিওফালে চকু ফুৰাই পণ্ডিতে ক’লে-

‘আচ্ছা বাপু নেত্ত (পণ্ডিতৰ মুখত ‘নেত্ত’ হৈ যায়), তই কোৱামতেই ইহঁতে ৰভাৰ খুটাবোৰ পুতিলে। কলপাতবোৰ কাইলৈ উঠাই দিবি। নে কি? নে…..’-আধা কোৱাকৈ পণ্ডিতে কাহিবলৈ‌ ধৰিলে।

‘কাইলৈ উঠাই দিম দে’তা। চিন্তা নকৰিবি। দৰাঘৰীয়া দুপৰীয়াৰ আগত তেলৰ ভাৰ লৈ আহি নাপায়হি।’

‘হঠাতে এনেকৈ বিয়াখন পতা- এইটো কি ধেমালি …’- আকৌ পণ্ডিতে কাহিলে।

‘একো নাই দে’তা। আমি আছোঁ। চম্ভালি ল’ম। ’

‘আমি মানে তোৰ বাহিৰে আৰু কোন আছে? গোটেইমখাইতো তাছপাত আৰু মদত ধৰিছে। দে দে কাম কৰ। পটুৱাবোৰ ঢেঁশালত থ’বি। ’

পণ্ডিত কাহি কাহি গ’লগৈ। ধিতিঙালি কৰি হ’লেও ল’ৰাহঁতে পটুৱা এৰুৱাই আছে। ৰেডিঅ’ আনিবলৈ গৈ লিটিকাৰ খবৰেই নাই। পণ্ডিতৰ কথাই নেত্ৰৰ মনটো চুই গ’ল। সঁচাই, মদ আৰু জুৱাই ক্ৰমশঃ গিলি আহিছে আজিকালিৰ সমাজ।

‘…..ঢৌ তুলি নাচিলে বুকু…’- গীত বাজি থকা নেত্ৰৰ ৰেডিঅ’টো হাতত লৈ পদুমী আহিল। কোনেও নজনাকৈয়ে নেত্ৰৰ ভিতৰখন মুখৰ হৈ পৰিল। নেত্ৰই পটুৱা এৰুওৱাত মিছাকৈয়ে মনোযোগ দিয়াৰ চেষ্টা কৰিলে। পদুমীয়ে ৰেডিঅ’টোৰ টিউনাৰ পকাই পকাই চেণ্টাৰ মিলালে।

‘নকওঁ নকওঁ মই কাকো….’ গীত বাজি থকা ৰেডিঅ’টো পদুমীয়ে নেত্ৰৰ কাষত থৈ ক’লে- ‘এয়া, তোৰ বৰ ঘৈণীয়েৰজনী।’

‘মানুহতকৈ ৰেডিঅ ভাল, অন্ততঃ নঠগায়। ’- নেত্ৰই পটুৱা জাপি জাপি ক’লে।

‘আই ঔ মোৰ সোণটো! কোনেনো এনেকৈ ঠগালে হয়নে! ’

‘ৰেডিঅ’ই মনৰ ভাৱ বুজি পায়। গীতবোৰ খাজে খাপে খোৱাকৈ বজায়, শুনা নাই? ’

‘আৰু আমি হ’বলা নুবুজোঁ। আমি যে গাঁৱৰ ভেবেলী! ’

নেত্ৰই নামাতিলে একো। নুবুজেইতো সঁচাকৈ। সকলো কথা জানো মুখ খুলি ক’ব পাৰি, নিজেও বুজিব লাগিব। চৰবতৰ খালী গিলাচটো লৈ পদুমী যাবলৈ ওলাল। বুজাব নোৱাৰা এক ক্ষোভেৰে নেত্ৰৰ বুকুখন গধূৰ হৈ উঠিল।

পণ্ডিত আকৌ ওলালহি কাহি কাহি।

‘চা নেত্ত। কথা কেনেকৈ পাহৰোঁ। গোহালিৰ পৰা কাঠৰ তক্তাবোৰ উলিয়াই থ’বি। ভাত খোৱা মানুহ বহিবলৈ লাগিব নহয়। সাপ-বেং কিবা সোমাই থাকিবও পায়। চাবি। ’- একেৰাহে কথাখিনি কৈ পণ্ডিতে ফোঁপাবলৈ ধৰিলে। তাৰপিছত খোচনাৰ পৰা এটা বিড়ি উলিয়াই তাক যাচিলে।

পণ্ডিতে যাওঁতে দুয়োৰে ফালে অৰ্থপূৰ্ণভাৱে চাই যোৱাটো নেত্ৰৰ চকুৰ পৰা সাৰি নগ’ল। আচৰিত লাগিল নেত্ৰৰ। ভূ-ভাৰস্তৰ সকলোৱে তাৰ মনৰ খবৰ জানে, নাজানে কেৱল পদুমীয়ে।

‘কি দিলেনো কৰাইচ পণ্ডিতে সেইটো? ’- পদুমীৰ চকু বিড়িটোত।

‘বিড়ি অ’। পুৱাৰ পৰা এটাও মুখত ল’বলৈ পোৱা নাই। পণ্ডিতে ভাল মনৰ কথা বুজে দেও। ’

‘চাওঁ দেচোন। ’- পদুমীয়ে এপাকত বিড়িটো তাৰ হাতৰ পৰা লৈ এফালে দলিয়াই দিলে।

‘পেলাই দিলি যে? ’- নেত্ৰৰ দস্তুৰমত খং উঠিল।

‘তই কি পণ্ডিতৰ মতন কঁকাল পৰা বুঢ়া নেকি যে বিড়ি মুখত ল’বি! কাম নাই! ’

‘এহ, মাজে মধ্যেহে…’

‘দৰকাৰ নাই। শুন, আয়ে বিচাৰিছিল তোক। গধূলি ঘৰলৈ যাওঁতে এপাক মাত দি যাবি। ’

‘কিয়? ’

‘মই কি জানো? একমাত্ৰ জী বুঢ়ী হৈছে ঘৰত, কিজানি দৰা বিচাৰি হায়ৰাণ হৈছে। হিঃ হিঃ …. মই যাওঁ। তই সোমাবি দেই। ’- কৈ তাই তাৰ হাতখন থাপ মাৰি বিড়িটো হাতত গুজি দি দামুৰি পোৱালিৰ দৰে দৌৰিলে। আচলতে তাই বিড়িটো পেলাই দিয়া নাছিল মানে।

নেত্ৰৰ আৰু কামত একেবাৰেই মন নবহিল। বিড়িটো সি কিবা এটা ভাবি এফালে দলিয়াই দিলে। মনটো তাৰ দুলি থাকিল ভাল লগা আৰু বেয়া লগাৰ মাজৰ এক অস্থিৰ অৱস্থাত। ৰেডিঅ’ৰ গীতৰ লগে লগে সি গুণগুণাবলৈ খুজিলে-
‘… জাঁজীৰ দৰে হেৰাওঁ যদি জীৱন নদীৰ সোঁতত…’

পদুমীক যে সি ল’ৰাহঁতৰ খোৱাৰ ব্যৱস্থা এটা কৰাৰ কথা ক’বলৈহে মাতিছিল, সেয়া আৰু মনলৈ নাহিল।

******

বাঁহচোৱা হাতত লৈ চালে নেত্ৰই। চেৰেকীৰ কাৰণে উপযুক্ত।

‘হ’বনে ইয়াৰে? ’- পদুমীৰ মাকে সুধিলে।

‘হ’ব বৌটি। ভাল হ’ব। ’

‘দে তেন্তে। কোনদিনা পাৰ চেৰেকীটো সাজি দিবি। তই কাঁথিত বহ, মই গোঁসাইঘৰত চাকিগজ দি লওঁ। ’

কাঁথিত বহোঁতে পদুমীয়ে তাক এবাটি চাহ আৰু এডোখৰ গুৰ দি ক’লে- ‘আন্ধাৰেই হ’ল, সেয়ে দৈ নিদিলোঁ। ৰাতি দৈ খালে হেনো আয়ুস ক্ষয় হয়। তোৰ আয়ুস কমিলে যে মোৰেই সমস্যা হয়।’- পদুমীৰ কিছুমান কথাই নেত্ৰক সাংঘাতিক দোমোজাত পেলায়। লগে লগে বিষয় সলাই আব্দাৰ ধৰে তাই- ‘কাইলৈ মোক টাউনলৈ নিব লাগিব। যাম আৰু আহিম।’

‘ইহ, কাইলৈ দেখোন তেলৰ ভাৰ। ’

‘আই ঐ মোৰ কইনাজনী, তোক সেন্দূৰ দিবলৈ দৰাঘৰীয়া কিমানপৰত আহিবনো? যাম আৰু আহিম অ’! মোৰ ভাল ব্লাউজ নাই পৰহি বিয়াত পিন্ধিবলৈ। ’

‘তাৰমানে চেৰেকী বাহানাহে। টাউনলৈ যাবলৈহে মাতিছিলি মোক। ’

‘কিয় হ’ব, বেলেগ কথাও আছে। ’- পদুমীৰ মুখত লাজৰ আভা টিপচাকিৰ কঁপি থকা পোহৰতো স্পষ্ট।

আকৌ সেই দোদুল্যমান অৱস্থাত পৰি যায় নেত্ৰ। ‘বেলেগ কথা’নো কি আকৌ! মুহূৰ্তৰ ভিতৰতে লিটিকাৰ মুখৰ হাঁহি, পণ্ডিতৰ সেই অৰ্থপূৰ্ণ চাৱনি, পদুমীৰ ব্যংগ- সকলো মিলি নেত্ৰৰ মনটো খেলিমেলি লাগি যায়। পদুমীয়ে তাক বাৰু…… আৰু সি ভাবিব নোৱাৰা হৈ যায়। অজানা ভাললগা ভাৱ এটাই তাক অৱশ কৰি পেলায়। সি যাবলৈ ওলায়, পদুমীয়ে টিপচাকিটো লৈ পদুলীলৈ আহে।

…শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা…. বৰগীত গুণগুণাই মায়াময় জোনাকৰ মাজেৰে নেত্ৰই ঘৰলৈ বুলি খোজ লয়।
পদুমী বহুপৰলৈ এটা মূৰ্তিৰ দৰে তাতেই থিয় হৈ ৰয়।

এটা চিন্তিত মূৰ্তি।

******

কেৰ কেৰ কেৰ কেৰ….

বৰ পুৰণি নেত্ৰৰ চাইকেলখন। তেনেকৈ শব্দ নকৰে। কিন্তু দুজন উঠিলে অলপ শব্দ কৰে। গৰমত ঘামিছে নেত্ৰ, তথাপি তাক কিবা এটা ভাল লগাই আচ্ছন্ন কৰি ৰাখিছে, সেয়ে গৰমলৈ সি গ্ৰাহ্য নকৰিলে। কেৰিয়াত বহা পদুমীয়ে তাৰ কঁকালত সহজভাৱে ধৰি আছে। ইমান সুন্দৰ সময়খিনি তাইৰ নীৰৱতাই গধূৰ কৰি তুলিছে। অথচ কথা পাতিবলৈ পাব বুলি ভাবিয়েইতো সি বিনাদ্বিধাই তাইক টাউনলৈ আনিবলৈ ৰাজী হৈছিল।
মথাউৰিৰ ৰাস্তাটো নিৰ্জন। নৈত পানী বাঢ়িছে। পদুমীয়ে তাইৰ মূৰটো তাৰ পিঠিত পেলাই দিছে। আকৌ এক অৱশ ভাৱে নেত্ৰক কাবু কৰি পেলাইছে।

‘কি হ’ল, গা বেয়া লাগিছে নে কি? ’- নেত্ৰৰ চিন্তা হয়। তাইৰ মাকে যে তাৰ বাহিৰে কাকো বিশ্বাস নকৰে। সূতা আদি আনিবলৈ টাউনলৈ আহিব লগা হ’লেতো কেৱল তাৰ লগতে পদুমীক পঠিয়ায়।

‘ওহোঁ, মনহে বেয়া। ’

‘ইহ, বিয়া কাৰোবাৰ, তোৰ মন বেয়া হ’বলৈ কি হ’ল? ’

‘তই নুবুজিবি দে।’

‘সেইবোৰ থ, টাউনত বেছি সময় নকৰোঁ দেই, দৰাঘৰীয়া আহি পোৱাৰ আগতে মই বিয়াঘৰ নাপালে পণ্ডিতে খাব মোক।’

‘নিজৰ বিয়াৰ কথা কেতিয়ালৈ চিন্তা কৰিবি, অইনৰ বিয়াত যে মূৰৰ ঘাম মাটিত পেলাই আছ?’

‘কইনা পাবও লাগিব নহয়। ’

‘মোৰ সোণামুৱা, তোকনো কোন বাপেকে ছোৱালী নিদিব? পছন্দ কৰচোন আগতে। ’

‘কৰিছোঁ এজনী। ’- মাতটো সৰু হ’ল নেত্ৰৰ।

‘কি? সঁচাই? ’- পদুমীয়ে তাক কঁকালত জোৰে চিকুটি দিলে।

নেত্ৰৰ চাইকেলৰ গতিবেগ কমি গ’ল। এবাৰ তাৰ পদুমীৰ চকুলৈ চাবলৈ বৰ ইচ্ছা গ’ল। তাইৰ চকুত সি নিজকে দেখে নে নেদেখে সেয়া চাবলৈ। এই নৈ, নিৰ্জন ৰাস্তাটো, ৰাস্তাটোৰ প্ৰেমত পৰি হাউলি অহা গছৰ ডালবোৰ- সকলো নেত্ৰৰ সপোন যেন লাগিল। তাৰ ভাৱ হ’ল আজিয়েই যেন সি তাইক ক’ৰবালৈ লৈ যাব।

‘কি হ’ল, প্ৰেয়সীলৈ মনত পৰি দেহত বল কমি গ’ল নে কি? ’- পদুমী আকৌ স্বাভাৱিক হৈ উঠিছে।

‘তই আছই, আৰু কালৈনো মনত পৰিব’- এনেকৈ ক’বলৈ তাৰ মন গ’ল। পিছে মুখ ফুটি ওলাল অন্য কথাহে।

‘কিবা যে ক’ম বুলি কৈছিলি? ’

‘ক’ম ব’ল। তোৰ বাহিৰেতো কাকো ক’ব নোৱাৰোঁ। ’- আকৌ পদুমীৰ মাত দুৰ্বল হৈ গ’ল।

‘মানুহ হেনো একমাত্ৰ কথা ক’ব পৰা জীৱ। সেয়ে ক’বলগীয়া থাকিলে কৈ দিব লাগে। ’- মুঠতে আকাংক্ষিত কথাটো শুনাৰ খুব ইচ্ছা নেত্ৰৰ।

‘তই আজি মোক বৰ ডাঙৰ উপকাৰ কৰিলি। ’- কৈ পদুমীয়ে নেত্ৰক পিছফালৰ আলফুলকৈ ধৰিলে। চাইকেলৰ হেণ্ডেল থৰক-বৰক হৈ গ’ল তাৰ। কিন্তু তাই এৰি নিদিলে।

‘ঘূৰাই পকাই কোৱাতকৈ চিধা কথাটো কচোন কি! ’

‘মই আজি যামগৈ। ’

‘যামগৈ মানে? ’

পদুমী মনে মনে থাকিল। নেত্ৰৰ‌ মনোজগতখন বিড়িৰ ধোঁৱাই যেন চানি পেলাইছে। সেই ধোঁৱাত সি একো মনিব নোৱাৰা হৈ গৈছে। আৰু প্ৰশ্ন কৰিবলৈ তাৰ সাহসে নুকুলোৱা হৈছে। জানোচা সেই প্ৰশ্নৰ উত্তৰত তাৰ স্বপ্নভঙ্গৰ বেদনা অঁকা থাকে! পদুমীয়ে তাক পিছফালৰ পৰা ধুনীয়াকৈ ধৰি আছে। অথচ পদুমী যেন বহু দূৰৈত আছে, সি যেন পদুমীক চিনিয়েই নাপায়।

মৰসাহ কৰি মাতটো যিমান পাৰি সহজ কৰাৰ চেষ্টা কৰি নেত্ৰই সোধে- ‘যাবি মানে…ক’লৈ? ’

কঁপি উঠে নেত্ৰৰ মাতটো। নিজৰ মাতটো তাৰ অচিনাকি লাগে।

কেৰ…কেৰ…কেৰ…

এটা নিৰ্দিষ্ট লয়ত ওলাই থকা চাইকেলখনৰ শব্দই নিৰ্জন ৰাস্তাটোত এডাল বিষাদৰ ৰেখা টানি গৈছে। পদুমীয়ে তাৰ পিঠিত আঙুলিৰে কিবা অঁকাৰ নিচিনা কৰি কয়- ‘সিপাৰৰ মহাজনৰ পুতেক যে ঘনকান্ত….’

‘উপেন মহাজনৰ পুতেক? ’

‘ওঁ…তাৰ লগতে যামগৈ…’

তাৰপিছত তাই নিজৰ মূৰটো তাৰ পিঠিত পেলাই দিলে। নেত্ৰৰ মনটো ঠিক কেনেকুৱা লাগিল সি নিজেই বুজিব নোৱাৰিলে। এতিয়া সি ৰাস্তাটোও বিড়িৰ ধোঁৱাই আগুৰি ধৰা যেন দেখিছে। ঘনকান্তহঁত বহু পুৰণি ধনী মানুহ। নেত্ৰই সিহঁতৰ ঘৰত কেবাদিনো হাজিৰা কৰিবলৈ গৈছে। ঘনকান্ত ওখ-পাখ সুন্দৰ ডেকা। বৰ খেলিমেলি লাগিল নেত্ৰৰ মনটো। সিহঁতচোন উচ্চবৰ্ণৰ মানুহ! তেন্তে পদুমী আৰু ঘনকান্ত… অবিশ্বাস্য! ইহঁতে ক’ত কেনেকৈ লগ পাইছিল? কেতিয়া?

একো ভাবিবলৈ মন নগ’ল নেত্ৰৰ। একোৱেই। মাজতে এনে লাগিল চাইকেলেৰে সৈতে নৈৰ ফালে নামি যাব। বহুদূৰ সি অত্যন্ত লাহে লাহে পেডেল মাৰি থাকিল। গোটেই গা তাৰ নিষ্প্ৰাণ হৈ আহিছে, হাত ভৰি অৱশ হৈ পৰিছে। তাৰ এতিয়া ক’লৈকো যাবলৈ মন নোযোৱা হ’ল, আনকি ঘৰলৈয়ো।

‘কেন্দুগুৰিৰ বাছখন কেইবজাত যাব টাউনৰ পৰা? ’- মূৰ পেলাই থকাৰ পৰাই পদুমীয়ে সোধে।

‘এঘাৰ বজাত। ’- নিস্পৃহভাৱে উত্তৰ দিয়ে নেত্ৰই।

‘সেইখনতে আমি যাম। সি বাছ কাউণ্টাৰতে ৰৈ থাকিব। ’

‘মানে কেন্দুগুৰিলৈ? ’

‘অঁ। ঘৰলৈ নিব নোৱাৰে নহয়। সিহঁতৰ ঘৰত মানি নলয়। ’

আকৌ নীৰৱতা। নেত্ৰই ভাবি আছে- এতিয়া সি কি ভবা উচিত! ঘনকান্তই তেন্তে পদুমীৰ বাবে নিজৰ ঘৰ-সমাজ সকলো এৰিব! কেতিয়াবালৈ জানো ইহঁতক সমাজে আৰু আদৰি ল’ব?

‘মা আৰু সৰু বাপুৰ খবৰ কৰি থাকিবি। গৈ বুজাই ক’বি সিহঁতক গোটেই কথাবোৰ। ক’বি যে তই বৰ জোৰ কৰিছিলি মোক যাব নিদিবলৈ। আৰু… মোক পাহৰি নাযাবি আকৌ। ’ – পদুমীয়ে তাৰ পিঠিখন চুই চুই কৈ থাকে। কৈ উঠি তাক আকৌ পিছফালৰ পৰা আলফুলকৈ ধৰে।

নেত্ৰই হঠাতে গাৰ বলেৰে পাগলৰ দৰে পেডেল মাৰিবলৈ ধৰে। বাছখন সময়ত গৈ ধৰিব লাগিব। তাত পদুমীৰ বাবে ঘনকান্ত ৰৈ আছে। আকৌ সি সময়ত উভতি আহি তেলৰ ভাৰ লৈ অহা দৰাঘৰীয়াক চম্ভালিব লাগিব; কাইলৈ বিয়া- কাইলৈতো তাৰ উশাহ ল’বলৈয়ো সময় নাই। পদুমী পলাই যোৱা বুলিতো আৰু বিয়াখন থমকি নৰয়!

নৈপাৰৰ নিৰ্জনতা ভেদি কৰ্কশ শব্দ কৰি নেত্ৰৰ চাইকেল সপোন আৰু বেদনাৰ ভাৰ লৈ তীব্ৰ গতিত আগবাঢ়িল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Manaswee Sarmah
2 months ago

ভাল লাগিল