প্ৰস্তুতি

লেখক- সুৱাগমণি

গপগপকৈ দালিখিনি উতলি উঠিল।

কেৰাহীটোত দিয়া অকমানি তেলখিনি গৰম হোৱাৰ পিছত, বুঢ়া আৰু তৰ্জনী আঙুলিৰ চেপাত উঠি অহা পাঁচফোৰণ খিনি অলপ তেলত ডুবি গোন্ধ অহাৰ লগে লগে সৰু সৰুকৈ কাটি থোৱা পিয়াজখিনি তাত পেলাই দিলে। পিয়াজখিনি অলপ দ যোৱা কৈ ভাজি একেবাৰে কম হালধিৰে তিনিটাকৈ হুছেইল দিয়া দালিখিনি মিঃ দাসে তাত ঢালি দিলে। আৰু লগে লগে ——

প্ৰতিটো ঘটনা-পৰিঘটনাৰে এটা নিজস্ব সময় থাকে, নাই যদি কাৰেণ্টৰ, কেতিয়া যায় কেতিয়া আহে একো হিচাপ নাথাকে। লগে লগে বাহিৰৰ এন্ধাৰজাক ভিতৰ সোমাই আহিল। লগতে উটুৱাই লৈ আহিল এন্ধাৰ আৰু জিলিৰ মিশ্ৰিত শব্দ আৰু সম্পূৰ্ণ নীৰৱ, নিস্তব্ধ। মিঃ দাসৰ অলপ ভয় লাগিল। এন্ধাৰৰ গহীন শব্দত উদাসীনতাৰ পাতল বতাহ এজাকে মিঃ দাসক চুই গ’ল, সিঁহৰি উঠিল সম্পূৰ্ণ দেহ। খৰধৰকৈ কেণ্ডেল এডাল জ্বলাই মিঃ দাসে পাকঘৰৰ পৰা নিজৰ ৰুমলৈ আগবাঢ়ি যাবলৈ ওলাওঁতেই কাৰেণ্টটো আহিল।

ভয় এটা নতুনকৈ গাত সোমাইছে মিঃ দাসৰ। প্ৰায় দহ দিনৰ মানৰ পৰা। ভয়টো কেতিয়া আহি চুই যায় দাসে সঠিক নাজানে। কিন্তু ভয়টো লগাৰ পৰা মানুহজন সচেতন হৈ পৰিছে। অৱহেলাতে পৰি থকা বহু কেইটা কাম হাতত দিছে। নচলা হৈ পৰি থকা ৱাল ঘড়ীটোৰ বাবে দুটা বেটাৰী আনি এটা লগাই আনটো থৈ দিছে। টিভিৰ ৰিম’টৰ বাবেও আগতীয়া কৈ দুটা আনি থৈছে। হঠাতে লাগিব বুলি দুটা বাল্বও কিনি থৈছে। পুৰণি বেয়া হ’বলৈ ধৰা বাল্টি দুটাও সলাই নতুন কিনিছে। মানুহ দুজন লগাই ঘৰটোৰ চাৰিওকাষ চাফা কৰিছে, নতুনকৈ বাঁহৰ বেৰখন দিছে। বৰুৱাক সেইদিনা লগ পাই কৈছে ঘৰটোত চূণপানী দিব লাগিব বুলি। মুঠতে এই দহদিনৰ ভিতৰত ঘৰটোত থকা বহুকেইটা কাম মানুহজনে কৰিছে। এতিয়া ইনভাৰ্টাৰ এটাও কিনিম বুলি ঠিক কৰিছে।

জিৰাগুড়ী দিব পাহৰিছিল। এই দুদিনও পাহৰি আছিল। আজি মনত পৰাত অকমাণি দি দালি খিনি লৰাই গেছটো বন্ধ কৰি দিলে। এখন প্লেটৰ ওপৰত বাটি এটা লৈ দালি অলপ লৈ চামুচ আৰু নেমু এপিছৰ সৈতে নিজৰ ৰুমটোলৈ গ’ল। মিছেছ দাস বিচনাতে শুই আছে। কাষত ডায়েৰীটো। সৰু টেবুল এখন টানি প্লেটখনৰ সৈতে দালিৰ বাটিটো থ’লে।

“আপুনি কিনো এইবোৰ নতুনকৈ কৰা আৰম্ভ কৰিছে। নকৰিব লগা কাম কিছুমান হাতত দিছে। মই দেখি আছোঁ এই কেইদিনমানৰ পৰা আপুনি সলনি হৈছে। ইমান চিন্তা, ভয় কৰিব লগা নো কি আছে।”

ভয়টো যে কেবল মিঃ দাসৰ লাগিছে তেনেকুৱা নহয়। মিছেছ দাসকো সেই একেটা ভয়ে চুইছে। নহ’লেনো এই কেইদিন মানৰ পৰা প্ৰতি দিনে মিঃ দাসৰ হাতেৰে সেন্দুৰ লয়নে। নহ’লেনো তিতা পকা চুলি কেইডাল মচিব দিয়েনে, নহ’লেনো মিঃ দাসৰ পুৰণি ডায়েৰী পঢ়েনে, নহ’লেনো জোৰ কৰিলেও মানুহজনক পাকঘৰত সোমাব দিয়ে নে।

“আৰু ইনভাৰ্টাৰ এটাৰ নো এতিয়া কি প্ৰয়োজন! ইমান দিনৰ পৰা কৈ থাকিলো নুশুনিলে। দৰব কিনোটেই পেঞ্চনৰ পইচা কেইটা শেষ হৈ বুলি ফাঁকি দি থাকিল। এতিয়া ইমানবোৰ পইচা কৰ পৰা নো আহিল।”

দুদিনৰ বাবেও মানুহজনৰ বেমাৰ হ’লে মানুহজনীৰ কিমান কষ্ট হয় দাসে জানে। এতিয়া নৰিয়া হৈ বিচনাত পৰি থাকিলে মানুহজনীৰ কম কষ্ট হ’বনে। লাগ বুলিলেই বস্তু এটা কৰ পৰা নো পাব। অতি সহজে হাত এখন কাষত পাব জানোঁ। আৰু কোনোবা এজন নাথাকিলেই শূন্য হৈ পৰা ঘৰটোত হঠাতে মানুহজন নাইকিয়া হৈ গ’লে মানুহজনীৰ জীৱনটো শূন্য হৈ নপৰিব নে। কথা কিছুমান ভাবিয়েই কিছু কাম মিঃ দাসে কৰিব লৈছে। আগতিয়াকৈ কৰি থ’লেনো কি যায়!

মিঃ দাসে একো নক’লে। কঁপা কঁপা হাতেৰে দালিত নেমু আটি চামুচেৰে দালি অলপ খুৱাই দিলে।

“তোমাৰ দৰে হৈছে নে আজি!” – – মিঃ দাসে সুধিলে

“ডাক্টৰে মোক ভালকৈ খাব দিয়া নাই অ’, আপোনাক দিছে। ৰিপৰ্টখনত দেখা দিয়া বেমাৰটো আপোনাৰ। আপুনিহে ——— !”

চামুচ খন মিঃ দাসৰ পৰা লৈ কঁপা কঁপা মাতটোৰ সৈতে কঁপি থকা হাতখনেৰে দালি দুচামোচ খুৱাই দিলে মিছেছ দাসে।

“আস্! আজি তোমাৰ দৰে হৈছে।”

কিবা এটা সফল হোৱাৰ হাঁহিৰে মিঃ দাসে কঁপা মাতটোৰে ক’লে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!