বিশ্ব এইডছ দিৱস

লেখক- ডা: পাৰ্থসাৰথি ভূঞা

প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। ১৯৮১ চনত প্ৰথম ধৰা পৰা আৰু ১৯৮২ চনৰ পৰা এইডছ ( Acquired Immuno Deficiency Syndrome, AIDS) নামেৰে জনাজাত হোৱা এই ৰোগৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ১৯৮৮ চনৰ পৰা এই দিৱস বিশ্বৰ সকলো প্ৰান্ততে পালন কৰি অহা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই পালন কৰা বিশ্বজনীন আঠটা জনস্বাস্থ্য সম্পৰ্কীয় সজাগতা দিৱসৰ ভিতৰত ইয়ো এটা।

২০২০ চনলৈকে যুগুত কৰা এক তথ্য মতে প্ৰায় ৩৬.৩ মিলিয়ন মানুহৰ ইতিমধ্যেই এইডছৰ ফলত মৃত্যু হৈছে আৰু ২০২০ চনতে মৃত্যু হৈছে প্ৰায় ৬ লাখ ৮০ হাজাৰ লোকৰ। বৰ্তমান প্ৰায় ৩৮ মিলিয়ন লোকএইছ আই ভিভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ আছে। ইয়াৰ পৰাই বুজা যায় যে বৰ্তমান ই এটা গুৰুত্বপূৰ্ণ বিশ্বজনীন স্বাস্থ্য সম্পৰ্কীয় সমস্যা হৈ পৰিছে। বিশ্ব এইডছ দিৱস পালনৰ যথেষ্ঠ গুৰুত্ব আছে কাৰণ সজাগতা আৰু লগতে এণ্টি ৰেত্ৰভাইৰেল দৰৱৰ ব্যৱহাৰৰ ফলতেই আগতকৈ বৰ্তমান সময়তএইছ আই ভিআক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে কমি আহিছে। সেয়েএইছ আই ভিদ্বাৰা আক্রান্ত হলেই যে এইডছ নহয় আৰু বৰ্তমান নিয়মীয়া চিকিৎসাৰ দ্বাৰা ইয়াক বহুদিনলৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি, এনে তথ্য বিলাকৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিত এই দিৱসৰ যথেষ্ট ভূমিকা আছে।

এইডছ কৰেএইছ আই ভি’- য়ে( Human Immuno deficiency Virus) শৰীৰতএইছ আই ভি  কঢ়িয়াই ফুৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এই ৰোগ বিয়পে। এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ যোৱাৰ  আটাইতকৈ সুলভ পথ হৈছে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন আৰু আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা একেটা বেজীৰ ব্যৱহাৰ। বেজীৰ দ্বাৰা শৰীৰত নিষিদ্ধ ঔষধ প্ৰয়োগ কৰা অৰ্থাৎ ড্ৰাগছ লোৱা বহুলোকে একেটা বেজীকেই ব্যৱহাৰ কৰাৰ ফলত এজনৰ পৰা আনজনলৈ এই ভাইৰাছ বিয়পিব পাৰে। বৰ্তমান অসমত ড্ৰাগছ আসক্ত লোকৰ মাজত এই ভাইৰাছৰ উপস্থিতি যথেষ্ট পৰিমাণে দেখা গৈছে।

বৰ্তমান সময়ত এইডছৰ বিষয়ে সকলোৰে কিছু পৰিমানে হলেও জ্ঞান আছে। ই কেনেকৈ বিয়পে, ইয়াৰ  লক্ষণ কি কি (শৰীৰৰ ওজন কমা, বহুদিন ভাল নোহোৱা কাঁহ, জ্বৰ আদি) ইত্যাদিৰ বিষয়ে কম বেছি পৰিমানে সকলোৰে ধাৰণা এটা আছে। কিন্তু অসুৰক্ষিত সম্পৰ্কৰ ক্ষেত্ৰত সকলো সচেতন হোৱাৰ প্ৰয়োজন। আজিৰ দিনত আধুনিক চিন্তাধাৰাৰ প্ৰভাৱত বিবাহ নোহোৱাকৈয়ে শাৰীৰিক সম্পৰ্ক বহুতৰে হয় আৰু হয়তো দুজন প্ৰাপ্তবয়স্ক লোকৰ মাজতো বিবাহ বহিৰ্ভূত এনে সমন্ধ হব পাৰে। কিন্তু, এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা এয়ে যেএইছ আই ভিৰ দ্বাৰা সংক্ৰমিত হলেই এজন ব্যক্তিৰ এইডছ (সেই সময়লৈকে) নহবও পাৰে আৰু তেওঁ দেখাত সম্পূৰ্ণ সুস্থ সবল হৈয়ে থাকিব পাৰে।  কিন্তু, সেই ব্যক্তিজনে আনলৈ এই ভাইৰাছ সংক্ৰমিত কৰিব পাৰে। গতিকে, দেখাত সম্পূৰ্ণ সুস্থ এজন মানুহে যদি এই ভাইৰাছ কঢ়িয়াই ফুৰিছে, সেয়া বেলেগে ধাৰণা কৰিব নোৱাৰে। সেয়ে, অসুৰক্ষিত সম্পৰ্ক যাতে কেতিয়াও স্থাপন কৰিবলৈ দিয়া নহয়। এইক্ষেত্ৰত যুৱতী বা মহিলাসকলৰ মনোবল বেছি হোৱাটো দৰকাৰী। স্পষ্ট আৰু দৃঢ়তাৰে প্ৰতি গৰাকীয়ে এই কথা কব পাৰিব লাগিব যে, ‘ কনডম নচেক্স আজিকালিআই পিলৰ দৰে ইমাৰজেন্সি কনট্ৰাছেপ্টীভ ঔষধ ওলোৱাৰ পাছত গৰ্ভধাৰণৰ দুঃচিন্তাৰ পৰা মুক্ত হৈ বহুতে এইবিলাক কথা চিন্তা নকৰে। কিন্তু, অসুৰক্ষিত এনে ভুল কৰি জীৱনলৈ যাতে অনুতপ্ত হব লগীয়া নহয়, তাৰ বাবে সদা সচেতন হোৱাৰ অত্যন্ত প্ৰয়োজন।

আমি চিকিৎসক হিচাপে আৰু এটা বিপজ্জনক কথাৰ বিষয়ে প্ৰায়ে অৱগত হওঁ। কাৰোবাৰ সৈতে অসুৰক্ষিত সম্পৰ্ক হৈ যোৱাৰ পিছত বহু যুৱকে ভয় খায় যে তেওঁৰ এইডছ হব নেকি, যিহেতু কোনোবা লেবৰেটৰিলৈ গৈএইছ আই ভি টেষ্টকৰিবলৈ কবলৈ তেওঁৰ সংকোচ হয়। সেয়ে, এনে যুৱকে কোনো ব্লাড বেংকলৈ ৰক্তদান কৰিবলৈকে আহে। তেওঁলোকে ভাবে যে ৰক্তদান কৰিবলৈ গলে সকলো টেষ্ট কৰিবই। তেওঁৰ শৰীৰত কিবা অসুখ থাকিলে তেতিয়াই গম পাই যাব। আৰু যদি ব্লাড বেংকৰ পৰা তেওঁক একো নজনায়, তেওঁতো বাছি গল! এই কাৰ্য কিন্তু বৰ ভয়ানক কাৰণ এজন ব্যক্তিএইছ আই ভিৰ দ্বাৰা সংক্ৰমিত হলেও ৩ মাহলৈকে তেওঁৰ ৰক্ত পৰীক্ষাত এইবিধ ভাইৰাছৰ উপস্থিত ধৰা নপৰিবও পাৰে। এই সময়খিনিকৱিন্দপিড়িয়দ’ (Window Period) বুলি কোৱা হয়। কিন্তু, এই সময়তো যদি তেওঁ তেজ আন এজনক দিয়ে, তেওঁৰ শৰীৰৰ পৰা ভাইৰাছ সেই মানুহজনলৈ যাব পাৰে। গতিকে, কাৰোবাৰ যদি কিবা সন্দেহ থাকে, সেই সময়ৰ পৰা ৩ মাহ ৰৈহে টেষ্ট কৰোৱা উচিত কাৰণ তাকে নকৰিলে মাজতে ব্লাড দিবলৈ আহি তেওঁ আনক বিপদত পেলাব পাৰে বা তিনিমাহৰ আগত টেষ্ট কৰাই একো হোৱা নাই বুলি ভাবি আকৌ আনকো সংক্ৰমিত কৰিব পাৰে। আজিকালি অতি উন্নত পদ্ধতিত পিছে সাতৰ পৰা চৈধ্য দিনৰ ভিতৰতে বা আন কিছু পদ্ধতিৰ দ্বাৰা সংক্ৰমণ হোৱাৰ চাৰি সপ্তাহৰ পিছতে ভাইৰাছবিধৰ উপস্থিত ধৰা পেলাব পৰা যায়।

প্ৰতিবছৰে এটাথিমবা উদ্দেশ্য আগত ৰাখি এই দিৱস পালন কৰা হয়। এই বছৰ অৰ্থাৎ ২০২১ চনৰথিমহৈছে, ‘End inequalities, end AIDS’ ১৯৮৮ চনৰ পৰা আজিলৈকে চিকিৎসা বিজ্ঞানে যথেষ্ট উন্নতি কৰিছে আৰু বৰ্তমান প্ৰতি চাৰিজনএইছ আই ভিপজিটিভ ব্যক্তিৰ তিনিজনে তেওঁৰ শৰীৰতএইছ আই ভিৰ অৱস্থিতিৰ কথা জানে। কিন্তু, এতিয়াও বহুলোকে এইডছৰ লগত জড়িত হৈ থকা সামাজিক গ্লানিৰ বাবে মনত সন্দেহ থাকিলেও এইডছৰ পৰীক্ষা নকৰে। আকৌ আন কিছুমানে কাৰোবাৰ লগত অসুৰক্ষিত সম্পৰ্ক স্থাপন হলেও, আনজন ব্যক্তিক সুস্থ যেন দেখি এইবিলাক একো নহয় বুলি ভাৱে। আগতেও কৈছোঁএইছ আই ভিৰ বীজাণু শৰীৰত থাকিলেই এইডছ নহয়। কিন্তু, ই লাহে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা একেবাৰে কমাই আনে আৰু তাৰ ফলত বিভিন্ন ৰোগে আক্ৰমণ কৰি মানুহজনক এটা সময়ত মৃত্যুৰ মুখলৈকে ঠেলি দিব পাৰে। কিন্তু, আজিকালি এণ্টি ৰেত্ৰভাইৰেল ঔষধ ব্যৱহাৰ কৰিএইছ আই ভিপজিটিভ ব্যক্তি এজনৰ শৰীৰত থকা ভাইৰাছক দমাই ৰাখিব পাৰি আৰু তেনেদৰেই সেই ব্যক্তিজন বহু বছৰলৈ সুস্থসবলভাৱে জীয়াই থাকিবলৈ সক্ষম হয়। বৰ্তমান ঔষধ ব্যৱহাৰ কৰি প্ৰায় ৭৫% লোকে সুস্থ জীৱন যাপন কৰি আছে। গতিকে বাকী প্ৰায় ২৫ % লোকৰ বাবেও যাতে চিকিৎসা উপলব্ধ হব পাৰে, তাৰ ওপৰত এই বছৰ বিশেষ গুৰুত্ব দিবলৈ সংকল্প লোৱা হব।

কিবা কথাত অলপো শংকা থাকিলেওএইছ আই ভিৰ টেষ্ট কৰাই নিজৰ স্থিতিৰ বিষয়ে অৱগত হওক আৰু ইয়াৰ দ্বাৰা নিজৰ লগতে আপোনাৰ লগত জড়িত আন ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি আহিব পৰা ভাবুকিকো প্ৰতিহত কৰক। আজিকালি প্ৰতিখন জিলাতে সম্পূৰ্ণ গোপনীয়ভাৱে পৰীক্ষা কৰাৰ বাবে চৰকাৰী ICTC বোলা কিছু কেন্দ্ৰ আছে সাধাৰণতে প্ৰতিখন জিলাৰ অসামৰিক চিকিৎসালয়ৰ লগতে এই কেন্দ্ৰ থাকে।

মনত ৰাখিব, ‘সজাগতাই আনে সুৰক্ষাআৰু অসমীয়াত কোৱাৰ দৰেসাৱধানীৰ মৰণ নাই

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!