আজিৰ জনগণ স্বাস্থ্য বিমুখ

লেখক- ডাঃ উম্মে বিলকিছ আহমেদ

আজিৰ দিনত আমি অবিৰত মানুহৰ সমাগম চিকিৎসালয়তহে দেখিবলৈ পাওঁ। আমি মানুহবোৰ চিকিৎসাকেন্দ্ৰীক হৈ পৰিছোঁ। আমি স্বাস্থ্য সম্পদ ৰক্ষা কৰি কেনেকৈ নিৰোগী হৈ থাকিব পাৰোঁ তাতোকৈ বেছি ৰোগী হৈ চিকিৎসা লোৱাৰ ফালে বেছি মনোনীত হৈছোঁ। মধুমেহ ৰোগ হোৱাৰ পাছতহে আমি ৰাতিপুৱা খোজ কাঢ়িবলৈ আৰম্ভ কৰিছোঁ, যকৃতৰ অৱস্থা কাহিল নোহোৱালৈকে কিন্তু আমি সুৰাপান কৰিবলৈ এৰা নাই, মুখৰ কৰ্কট ৰোগ হৈ আধাখিনি মুখ কাটি নেপেলোৱা লৈকে কিন্তু আমি ধপাত এৰা নাই, এনেধৰণৰ উদাহৰণ অগণন। আমি নিজকে নিৰোগী কৰি ৰাখিবলৈ অনুপ্ৰেৰণাৰ অভাৱত ভুগিব লগা হৈছে। ওৰে দিনটো আমি কম্পিউটাৰৰ সন্মুখত বহি, বাৰ্গাৰ, পিজ্জা জাতীয় fast food খাদ্যাভ্যাসত লিপ্ত, নতুবা weekend ত ওৰে ৰাতি পাৰ্টী কৰাত ব্যস্ত, নতুবা পৰীক্ষা আহি পালেহি বুলি ৰাতিপুৱা শুই উঠি পঢ়াতকৈ বেছি গুৰুত্ব ওৰে ৰাতি নিশাচৰ প্ৰাণীৰ দৰে পঢ়াৰ ফালেহে। পিছে আমি চিকিৎসকসকল আনক কেনেকৈ নিৰোগী হৈ থাকিব লাগে উপদেশ দি নিজে হয়তো সেইখিনি পালন কৰা নাই বা পালন কৰিবলৈ সময়ৰ অভাৱ ঘটিছে। মুঠৰ ওপৰত গোটেই বিশ্ব আজি প্ৰকৃতিৰ বিপৰীতে যাত্ৰা কৰিছে।

আচাৰ্য্য সুশ্ৰুত (আয়ুৰ্বেদৰ এজন বিশিষ্ট বৈজ্ঞানিক, ঋষি তথা আধুনিক প্লাষ্টিক চাৰ্জাৰীৰ পিতৃ (father of plastic surgery) তাহানিৰ কালতে (1200-600BC) স্বাস্থ্যৰ সংজ্ঞা ব্যাখ্যা কৰিছিল। তেওঁৰ মতে “স্বাস্থ্য হৈছে আমাৰ দৈহিক মৌলিক উপাদানৰ (বায়ু, পিত্ত, কফ) সাম্যতা, বিপাক তথা পাচন ক্ৰিয়াৰ সাম্যতা আৰু শাৰীৰিক গঠনৰ মূল উপাদানৰ (যেনে- ৰস( body fluids/plasma), তেজ, মেদ, মাংস, অস্থি, মজ্জা আৰু শুক্ৰ) সাম্যতা, লগতে মলবৰ্জন প্ৰক্ৰিয়াৰ স্বাভাৱিক অৱস্থা আৰু ইন্দ্ৰিয়, মন আৰু আত্মাৰ প্ৰসন্ন ৰূপ। অৰ্থাৎ আমি ক’ব পাৰোঁ যে স্বাস্থ্য মানে কেৱল শাৰীৰিক সুস্থতা নহয়, মানসিক দিশৰ কথাওঁ আঙুলিয়াই দিয়া হৈছে। আচাৰ্য্য সুশ্ৰুতৰ এই সংজ্ঞা আজিৰ দিনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰায় একে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে স্বাস্থ্য মানে হৈছে “Health is a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity.”

আয়ুৰ্বেদ শাস্ত্ৰত স্বাস্থ্য ৰক্ষাৰ কাৰণে বিভিন্ন উপায়ৰ কথা বিস্তৃতভাৱে বৰ্ণিত আছে। যেনেকৈ দিনচৰ্যা মানে আমি শুই উঠাৰ পৰা শোৱাপাটী লোৱালৈকে কেনেদৰে দিনটো কটাব লাগে তাৰ বিৱৰণ পোৱা যায়। সূৰ্য্য উদয়ৰ ৪৫ মিনিটৰ ভিতৰত (যাক ব্ৰহ্মমুহুৰ্ত বুলি কোৱা হৈছে) শুই উঠাৰ হিতৰ বিৱৰণ বা দুপৰীয়াৰ আহাৰত যে আমি দিনটোৰ আটাইতকৈ বেছি পৰিমানৰ আহাৰ গ্ৰহণ কৰিব লাগে বা ৰাতিৰ আহাৰটো কম পৰিমাণে গ্ৰহণ কৰিব লাগে ইত্যাদিৰ বিৱৰণ; লগতে প্ৰত্যেকটো ঋতু অনুসৰি খাদ্যাভ্যাস তথা জীৱনশৈলী পৰিচালনা কৰাৰ নিয়মাৱলী; নিজৰ বাসস্থানৰ জলবায়ু অনুসৰি খাদ্যাভ্যাসৰ পৰিৱৰ্তন ইত্যাদি বিস্তৃতভাৱে বৰ্ণিত আছে। মুঠৰ ওপৰত আয়ুৰ্বেদ শাস্ত্ৰৰ মূলমন্ত্ৰ হৈছে “स्वास्थ्यस्य स्वास्थ्य रक्षणम्, आतुरस्य विकार प्रसमनम्” অৰ্থাৎ সুস্থ ব্যক্তিৰ শৰীৰৰ সুস্থ অৱস্থাৰ পালন কৰা আৰু অসুস্থ ব্যক্তিৰ ৰোগ নিৰ্ণয় কৰি তাৰ চিকিৎসা দিয়া।

স্বাস্থ্যৰ সংজ্ঞা ইয়াতকৈ ধুনীয়া হ’ব পাৰেনে? মই আশ্বৰ্য্য হৈ ৰওঁ প্ৰত্যেকবাৰ এই সংজ্ঞাৰ বিৱৰণ পঢ়ি। আমাৰ ভাৰতীয় চিকিৎসা বিজ্ঞান কিমান চহকী, আমাৰ পৌৰাণিক কিতাপ সমূহৰ তথ্যবোৰ কিমান ভাৱগধুৰ, আমাৰ ঋষি-মুনিসকলৰ চিন্তাধাৰা কিমান বৈজ্ঞানিক সেয়া হয়তো আমাৰ কল্পনাতীত! আমি সকলোৱে আমাৰ ভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে আৰু লগতে এই বিজ্ঞান শাস্ত্ৰত নিৰোগী অৰ্থাৎ স্বাস্থ্যসম্পন্ন হৈ থাকিবলৈ যিখিনি দিনচৰ্যা, ৰাত্ৰিচৰ্যা, ঋতুচৰ্যা বা নিজৰ দৈহিক প্ৰকৃতি, বাসস্থান আদিৰ জলবায়ুৰ মতে খাদ্যাভ্যাসৰ বিৱৰণ আছে সেইখিনি পালন কৰি আমি প্ৰকৃতিৰ পৰা বিমুখে গতি নকৰি প্ৰকৃতি অভিমুখী হৈ থাকিলে ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ লগতে গোটেই বিশ্ববাসীয়ে চিৰনিৰাময়ৰ সুখ উপভোগ কৰিবলৈ সক্ষম হ’ব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!